উল্লেখযোগ্য যে ভট্টদেৱ জয়ন্তী উপলক্ষে ১৮ নৱেম্বৰৰ পৰা সংঘৰ বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত নিজ নিজ এলেকাৰ অন্তৰ্গত বিশিষ্ট সাহিত্যিক সকলক ‘মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱ কথা-সাহিত্য সেৱী বৰণ’ আগবঢ়াই আছে আৰু অনুৰাধা শৰ্মা পূজাৰীৰ লগতে ২০২৩ বৰ্ষৰ কথা-সাহিত্যিক সন্মান ১৯ নৱেম্বৰত বিশিষ্ট সাংবাদিক কনক সেন ডেকালৈও প্ৰদান কৰা হৈছে।
গোৱা ইণ্ডিয়ান পেনোৰমাত পাৰ্থ সাৰথি মহন্তৰ ‘লাচিত: দ্য ৱাৰিয়ৰ’ৰ প্ৰদৰ্শন; বঁটা প্ৰদান গোবাত অনুষ্ঠিত হোবা ৫৪ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেনোৰমাত ২১ নবেম্বৰৰ সন্ধিয়া প্রদর্শিত হয় অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক, পার্থ সাৰথি মহন্তৰ এনিমেশ্যন ছবি ‘লাচিত : দ্যা বাৰিয়ৰ’। অসমীয়া জাতীয় জীৱনৰ শৌর্য-বীৰ্ষৰ প্রতীক মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক চুটি এনিমেশ্যন ছবি ‘লাচিত: দ্য বাৰিয়ৰ’-এ ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন মহোৎসৱত সুনাম অর্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ৫৪ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসব, ইণ্ডিয়াৰ নন ফিচাৰ শাখাত ‘লাচিত: দ্য বাৰিয়ৰৰে ৰাষ্ট্রীয় সম্মান লাভ কৰিছে।
পৰিচালক পার্থ সাৰথি মহন্ত আৰু প্রযোজক ইন্দ্রানী বৰুৱাই ২১ নৱেম্বৰত গোৱাৰ মহোৎসৱত উপস্থিত হৈ এই সন্মান গ্রহণ কৰে। শেহতীয়াকৈ বার্লিনত নিউবর্ন ছুটি ছবিৰ সমাৰোহলৈ নির্বাচিত হৈছে এই ছবিখন। চুটি ছবিখনৰ প্রযোজনা সাংস্কৃতিক কৰ্মী, সাহিত্যিক মীনা মহন্ত আৰু ইন্দ্রাণী বৰবাৰ। ছবিখনত ধাৰাভাষ্য প্রদান কৰিছে বিশিষ্ট শিক্ষাবিদ, প্রাক্তন উপাচার্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। সংগীত ৰূপম তালুকদাৰৰ।ইতিমধ্যে মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, চেন্নাইৰ উপৰিও জয়পুৰ ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, নর্থ-ইষ্ট ইণ্ডিয়া ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল,
চম্বল ইণ্টাৰনেশ্বনেল ফিল্ম ফেস্টিভেল, ছাউথ এছিয়ান চর্ট ফিল্ম ফেষ্টিভেল, দিল্লী চর্ট ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, ইণ্ডো ফ্রান্স ইন্টাবনেশ্বনেল ফিল্ম ফেষ্টিভেলকে ধৰি বিভিন্ন ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত লাচিত প্রদর্শিত হৈ পুৰস্কৃত হৈছে। অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, একেধাৰে কবি, সাহিত্যিক , সাংস্কৃতিক কর্মী, অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক হিচাপেও সুনাম অর্জন কৰা পাৰ্থ সাৰথি মহন্তই শৰাইঘাট যুদ্ধৰ মহানায়ক মহাবীৰ লাচিত বৰফুকনৰ জীবনৰ আধাৰত নিৰ্মাণ কৰা এনিমেশ্যন ছবি ‘লাচিত: দ্য বাৰিয়ৰ’-এ পুডুচেৰীত অনুষ্ঠিত ‘ইণ্ডো-ফ্রান্স আন্তঃবাষ্ট্রীয় ছবি মহোৎসব’ত শ্রেষ্ঠ এনিমেশ্যন চুটি ছবিৰ সন্মান লাভ কৰিছে।
ইতিহাসৰ পাঠ্যক্ৰমত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ এন.চি.ই.আৰ.টি.ৰ বিশেষ সমিতিৰ
দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰত হয়তো ইতিহাসৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ’ব৷ এনচিইআৰটিৰ সমাজ বিজ্ঞান সমিতিয়ে এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমে এই দাবী কৰিছে।
উচ্চ পৰ্যায়ৰ পেনেলৰ শীৰ্ষ বিষয়া অধ্যাপক চি.আই. আইজাকে এই প্ৰস্তাৱৰ সৈতে পাঠ্যক্ৰমৰ বাবে আন কেইবাটাও প্ৰস্তাৱ দিছে। তাৰে এটা হ’ল ইতিহাসৰ নতুন বিভাজন। মুঠ চাৰিটা খণ্ডত ইতিহাস বিভক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ অৰ্থাৎ ধ্ৰুপদী, মধ্যযুগীয়, ব্ৰিটিছ আৰু আধুনিক ভাৰতৰ ইতিহাস। বেদ আৰু আয়ুৰ্বেদৰ পাঠ্যপুথিসমূহো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰা হৈছে।
ইয়াৰ উপৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে ৰাষ্ট্ৰীয় নায়কসকলকো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে। এনচিইআৰটিয়ে প্ৰস্তাৱটোৰ প্ৰতি সঁহাৰি দিব নে নাই সেয়া লক্ষ্যণীয় হ’ব ৷ চি.আই. আইজাকে কয়, “পৰম্পৰাগত ইতিহাসত ৰামায়ণ-মহাভাৰত আছে । আমি এই প্ৰস্তাৱ দিছো যাতে শিক্ষাৰ্থীসকলে জানিব পাৰে যে ৰাম কোন আছিল আৰু তেওঁ কি কৰিছিল৷ পাঠ্যক্ৰমত মহাকাব্যৰ কেৱল এটা সৰু অংশহে শিকোৱা হ’ব। “
কম বয়সতে হঠাতে বহু লোকৰ মৃত্যু ঘটাৰ বাবে কোভিড ভেকচিন দায়ী নহয়ঃ আই চি এম আৰৰ গৱেষণাত প্ৰকাশ
কম বয়সৰ লোকে হঠাতে মৃত্যু ঘটাৰ ঘটনা বৃদ্ধি পাইছে৷ ইয়াৰ বাবে বহুতে কোভিড ভেকচিনকেই দায়ী কৰি আহিছে৷ কিন্তু এনে অভিযোগৰ কোনো ভিত্তি নাই বুলি এক গৱেষণাত প্ৰকাশ পাইছে৷ কোভিডৰ আতংক আৰু ইয়াৰ পৰৱৰ্তী সময়ত বহুক্ষেত্ৰত যুৱক-যুৱতীৰ আকস্মিক মৃত্যু হোৱা দেখা গৈছে।এই অকাল মৃত্যু কোভিড ভেকচিনৰ ফলত হৈছে নেকি? আই চি এম আৰে এই প্ৰশ্নৰ উত্তৰ লৈ হাজিৰ হৈছে৷
আই চিএম আৰৰ অধ্যয়ন অনুসৰি কোভিড ভেকচিনে কম বয়সৰ লোকসকলৰ মাজত আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰা নাছিল। ইয়াৰ সলনি ভেকচিনে এনে মৃত্যুৰ আশংকা হ্ৰাসহে কৰিছে।অধ্যয়ন অনুসৰি ভেকচিনৰ কমেও এটা পালি গ্ৰহণ কৰিলেও আকস্মিক মৃত্যুৰ আশংকা হ্ৰাস হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ এনে দাবীৰ মাজতে প্ৰশ্ন হয় কম বয়সৰ লোকসকলৰ আকস্মিক মৃত্যু কিয় হৈ আছে? আই চিএম আৰৰ অধীনস্থ ইচমৰৰ গৱেষণাই ইয়াৰো উত্তৰ দিছে। গৱেষণাই কয় যে যদি পৰিয়ালৰ কাৰোবাৰ আকস্মিক মৃত্যুৰ ইতিহাস থাকে, যদি কাৰোবাৰ সুৰাপান কৰাৰ অভ্যাস থাকে, নিৰন্তৰ বহি থকা কাম থাকে, তেন্তে ই আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰে।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) এই অধ্যয়ন অনুসৰি দেশৰ ৪৭ খন চিকিৎসালয়ক সামৰি কৰিছিল। দেখা গৈছে যে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ বহু স্বাস্থ্যৱান লোক কোনো কাৰণ নোহোৱাকৈয়ে হঠাতে মৃত্যুমুখত পৰিছে। ১ অক্টোবৰ, ২০২১ ৰ পৰা ৩১ মাৰ্চ, ২০২৩ ৰ ভিতৰত এনে বহু ঘটনা ঘটা দেখা গৈছে।