আফগানিস্তান ভূমিকম্পঃ আজি আফগানিস্তানৰ কাবুলত ৪.১ প্ৰাবল্যৰ ভূমিকম্প সৃষ্টি হয়। আজি পুৱা ৩:১৪ বজাত সংঘটিত হয় এই ভূমিকম্প। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰৰ গভীৰতা মাটিৰ পৰা ৭৩ কিলোমিটাৰ তলত বুলি কোৱা হৈছে। ভূমিকম্পৰ ফলত কোনো ধৰণৰ হতাহতিৰ তথ্য লাভ কৰা নাই।
শেহতীয়াকৈ আফগানিস্তানত প্ৰবল ভূমিকম্পৰ তীব্ৰতা ৬.৩ জুখিছিল। প্ৰায় ২৫০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছিল। এই ভূমিকম্পটো যোৱা মাহৰ অক্টোবৰ মাহৰত সংঘটিত হৈছিল। এই সময়ছোৱাত প্ৰায় ৯ হাজাৰ লোকো আহত হৈছিল।
অনিতা দাসৰ প্রতিচবিৰ সন্মুখত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলী প্রদান কৰে মুখ্য অতিথি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰমানন্দ দাসে।
ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপ শইকীয়াই উদ্বোধন কৰা অনুষ্ঠানত জিলা সাহিত্য সভাৰ সভাপতি মোহন মৰাণ, উপসভাপতি দ্বীপেন কুমাৰ বড়া, ডিগবৈ লায়নচ ক্লাৱৰ সভাপতি আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ সাংবাদিক ,জিলা সাহিত্য সভা আৰু জিলা সাংবাদিক সংস্থাৰ প্রাক্তন সভাপতি অৰ্জুন বৰুৱাক সম্বৰ্ধনা জনোৱাৰ লগতে ১২ গৰাকী মেধাৱী আৰু শিক্ষা, সাহিত্য সংস্কৃতিৰ লগত জড়িত ছাত্র ছাত্রীক শৈক্ষিক ন্যাসৰ তৰফৰ পৰা উপযুক্ত মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তোলাৰ বাবে প্রেৰণা যোগোৱাৰ উদেশ্য বঁটা সমূহ প্রদান কৰে।