Home Blog Page 1240

দেৰগাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

দেৰগাঁও নেঘেৰিটিং কালি মন্দিৰ সমীপৰ পুৰণি বাংল’ৰ ওপৰৰ চিলিঙত আৱদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ।

অঞ্চলটোৰ স্থানীয় লোকসকলে খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।

উদ্ধাৰ হোৱা প্ৰায় ১৫ ফুট দৈৰ্ঘ্য আৰু প্ৰায় ২০ কিলোগ্ৰাম ওজনৰ অজগৰডাল চাবলৈ উপস্থিত হয় অসংখ্য স্থানীয় ৰাইজ।

পাছত দেৰগাঁও খণ্ড বন বিষয়া গোলাপ সোনোৱালৰ পৰ্যবেক্ষণত অজগৰডাল নামবৰ সংৰক্ষিত বনাঞ্চলত এৰি দিয়াৰ কথা জানিবলৈ দিয়ে।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল বলেৰ’ বাহন

শনিবাৰে সন্ধ্যা ৭-৩০ মান বজাত জাঁজী হাঁহচৰাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বলেৰ’ বাহন চলন্ত অৱস্থাতে ভস্মীভূত হয়।

জানিব পৰা মতে চৰাইদেও জিলাৰ ভজোৰ পৰা যোৰহাট জিলাৰ লাদৈগড়লৈ আহি থাকোঁতে যান্ত্ৰিক বিজুটিৰ বাবেই সংঘটিত হয় এই অগ্নিকাণ্ড।

উক্ত ঘটনাত একমাত্ৰ আৰোহী হিচাপে থকা গাড়ী খনৰ চালক হৰি দাসৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অভিযান, সীমান্তত ৫৪ টা গৰু উদ্ধাৰ

ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ ফালৰ পৰা তেওঁলোকক অৰ্পণ কৰা সীমান্তত যাতে কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হ’ব নোৱাৰে তাৰ ওপৰত সদা – সতৰ্ক দৃষ্টি ৰাখি আহিছে।

ইয়াৰ অংশ হিচাপে শনিবাৰে ৭৫ বেটেলিয়ানৰ দল এটাই নিদিষ্ট তথ্যৰ ভিত্তিত অসমৰ ধুবুৰীৰ পৰা কিছু নিলগৰ কোচবিহাৰ জিলাৰ গোপালপুৰ ধুমাৰকাটা গাঁৱত বাংলাদেশ সীমান্তত বাংলাদেশলৈ নিবলৈ চেষ্টা কৰা ৫৪ টা গৰু উদ্ধাৰ কৰা হয়।

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি উদ্ধাৰ কৰা গৰু সমূহ পাছত সংশিষ্ট কৰ্তৃপক্ষক গতাই দিয়া হয় ।

উল্লেখযোগ্য যে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ লগতে গৰুসহ কোনো ধৰনৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী যাতে সৰবৰাহ হ’ব নোৱাৰে তাৰ বাবে অহৰহ পহৰা দি অহাৰ লগতে এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে।

বিশ্বকাপ শেষ হোৱাৰ পাছতে ইউটিউবাৰ স্বতী আস্থানৰ সৈতে বিবাহত বহিল এজন ভাৰতীয় ক্ৰিকেটাৰ

এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিয়া । বৃহস্পতিবাৰে নিশা তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে এই কথা জানিবলৈ দিয়ে । নৱদীপ ছাইনীয়ে নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকাক বিয়া কৰিলে । দীৰ্ঘদিনীয়া প্ৰেমিকা স্বতী আস্থানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে নৱদীপ ।

২০১৯ চনত ভাৰতৰ হৈ অভিষেক ঘটোৱা সত্ত্বেও নৱদীপক শেহতীয়াকৈ কোনো দলেই আমন্ত্ৰণ জনোৱা নাই । তেওঁৰ পত্নী স্বতী পেছাত এগৰাকী ‘ভ্লগাৰ’ অৰ্থাৎ ভিডিঅ’ৰ জৰিয়তে ব্লগ বনায় । ফেশ্বন, ভ্ৰমণ আৰু জীৱনশৈলীৰ বিষয়ে তেওঁ ব্লগ নিৰ্মাণ কৰে ।

তেওঁৰ এটা ইউটিউব চেনেল আছে । তাত তেওঁ নিয়মিতভাৱে ভিডিঅ’ পোষ্ট কৰে । ইয়াৰ উপৰি তেওঁ বিভিন্ন সময়ত ইনষ্টাগ্ৰামত ভিডিঅ’ আৰু ছবিও পোষ্ট কৰে । কিছুদিন পূৰ্বে নৱদীপে ছৈয়দ মুস্তাক আলী ট্ৰফীত খেলিছিল । ছেমি ফাইনেলত তেওঁৰ দল দিল্লী পঞ্জাৱৰ হাতত পৰাস্ত হয় ।

সেই মেচত তিনি অভাৰত ৩২ ৰাণ ব্যয় কৰে ছাইনীয়ে । সমগ্ৰ প্ৰতিযোগিতাখনৰ সাতখন খেলত তেওঁ মাত্ৰ ৪ টা উইকেটহে লাভ কৰে । ইৰাণী কাপত অৱশিষ্ট ভাৰতীয় দলৰ হৈ খেলিছে তেওঁ ।

মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মাজত ডাঙৰ চুক্তি; আই পি এলত ‘ নিজ ঘৰ’লৈ ঘূৰি আহিব নেকি হাৰ্দিক পাণ্ডিয়া?

১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ৰ নিলাম । নিলামৰ আগতে কিছু ডাঙৰ খবৰ ওলাইছে । খবৰ অনুসৰি, গুজৰাট টাইটানছৰ বৰ্তমানৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছলৈ উভতি যাব । ২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল হাৰ্দিকে । হাৰ্দিকৰ বাবে কিমান খৰচ কৰিব মুম্বাই ইণ্ডিয়ানে ?

এক সূত্ৰ মতে, এই বদলি সম্পূৰ্ণৰূপে নগদ ধনেৰে কৰা হ’ব । ইয়াৰ বাবে মুম্বাই ইণ্ডিয়ানছ দলে একালৰ চেম্পিয়ন গুজৰাট টাইটানছক ১৫ কোটি টকা দিব । যদিহে এই চুক্তি সফল হয়, তেন্তে ই সম্ভৱতঃ আই পি এলৰ ইতিহাসত আটাইতকৈ ডাঙৰ ‘প্লেয়াৰ ট্ৰেডিং’ হ’ব ।

অৱশ্যে দুয়োটা ফ্ৰেঞ্চাইজিয়ে এই সন্দৰ্ভত এতিয়াও কোনো ৰাজহুৱা বিবৃতি প্ৰকাশ কৰা নাই । আই পি এল ২০২৩ ৰ নিলামৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ হাতত মাত্ৰ ০.০৫ কোটি টকাহে বাকী আছিল । অনাগত নিলামৰ বাবে অতিৰিক্ত ৫ কোটি টকা লাভ কৰিব ফ্ৰেঞ্চাইজিয়ে । অৰ্থাৎ মুম্বাই ইণ্ডিয়ানছে হয়তো হাৰ্দিক পাণ্ডিয়াক দলত অন্তৰ্ভুক্ত কৰিবলৈ কিছুমান খেলুৱৈক এৰি দিব পাৰে । খেলুৱৈ পঞ্জীয়নৰ অন্তিম সময় ২৬ নবেম্বৰৰ সন্ধিয়া ৪ বজালৈ।

২০২২ চনত তেওঁৰ অধিনায়কত্বতে হাৰ্দিক পাণ্ডিয়াই গুজৰাট টাইটানছক অভিষেক ছিজনতে খিতাপ আনি দিছিল । ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ফাইনেলত হাৰ্দিক পাণ্ডিয়া ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত হয় । ২০২৩ চনত গুজৰাট টাইটানছ দ্বিতীয়বাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছিল । তাত তেওঁলোকে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হাতত পৰাস্ত হৈ ৰানাৰ্ছ আপ হয় ।

উল্লেখ্য যে এই দুয়োটা ছিজনতে হাৰ্দিকৰ নেতৃত্বত গুজৰাট টাইটানছে লীগ পৰ্যায়ত পইণ্ট তালিকাৰ শীৰ্ষত আছিল । গুজৰাট টাইটানছৰ হৈ হাৰ্দিক পাণ্ডিয়াই ৩০ টা ইনিংছত গড়ে ৪১.৬৫ ৰাণ সংগ্ৰহ কৰে । ১৩৩.৪৯ ষ্ট্ৰাইক ৰেটৰ সৈতে ৮৩৩ ৰাণ কৰিছিল । ইয়াৰ উপৰি তেওঁ ৪.১ ইকনমি ৰেটত ১১ টা উইকেট দখল কৰে । বৰ্তমান আহত অৱস্থাত আছে হাৰ্দিক পাণ্ডিয়া । ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপত তেওঁ মাত্ৰ চাৰিখন খেলহে খেলিবলৈ সক্ষম হৈছিল ।

AJP নেতা দুলু আহমেদৰ পদত্যাগ

AJP নেতা দুলু আহমেদৰ পদত্যাগ।

উপ-সভাপতি পদ ত্যাগ দুলু আহমেদৰ।

ধুবুৰী জিলা তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰাও পদত্যাগ।

দলৰ আন আন দায়িত্বও এৰিলে দুলু আহমেদে।

কামৰূপ জিলাত সভাপতিৰ উপস্থিতিক লৈ তৃণমূলত ক্ষোভ।

তৃণমূলৰ ক্ষোভৰ বাবে পদত্যাগ কৰা বুলি উল্লেখ পত্ৰত।

লুড’ কাপ ফুটবল প্ৰতিযোগিতাত গোগামুখ  স্পৰ্ট একাডেমীৰ অগ্ৰগতি

লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্বন চমুকৈ লুড’ৰ উদ্যোগত ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক ভিত্তিত  শনিবাৰৰ পৰা আৰম্ভ  হৈছে লুড’ কাপ  ফুটবল প্ৰতিযোগিতা ৷

প্ৰতিযোগিতাখনৰ আজিৰ এখন খেলত গোগামুখ স্পৰ্ট একাডেমীয়ে ডিব্ৰুগড়ৰ শক্তিশালী ফুটবল দল চাবুৱা এফ চিক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছে ৷

আক্ৰমণ -প্ৰত্যাক্ৰমণেৰে পূৰ্ণ খেলখনত  গোগামুখ স্পৰ্ট একাডেমীৰ হৈ নিৰ্ভৰযোগ্য লেফ্ট উইংগাৰ নৱজ্যোতি টাৱে একমাত্ৰ গ’লটো দিবলৈ সক্ষম হয় ৷

খেলখন পৰিচালনা কৰে  কৰে লাকীৰঞ্জন বৰুৱাই ৷ তেওঁক লাইনত সহায় কৰে বিদ্যুত বিকাশ মিলি, মনোৰঞ্জন বৰগোঁহায়ে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে আব্দুল মজিদে ৷ মেছ কমিছনাৰ হিচাপে থাকে মনোজ পেগুৱে ৷

দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ বৰদলৈৰ দেহাৱসান।শনিবাৰে পুৱতিনিশা পৰলোকপ্ৰাপ্তি ঘটে সাংবাদিকগৰাকীৰ।

১৯৯৫ চনতেই সংবাদক্ষেত্ৰত খোজ দিয়া ভাস্কৰ জ্যোতি বৰদলৈ আছিল এজন জনপ্ৰিয় সাংবাদিক।

এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ দেৰগাঁৱৰ সাংবাদিক হিচাপে সংবাদ সেৱা আগবঢ়ায় আহিছিল ভাস্কৰজ্যোতি বৰদলৈয়ে। সমান্তৰালকৈ দেৰগাঁৱৰ পৰা কেইবাখনো বাতৰি কাকততো সেৱা আগবঢ়াইছিল বৰদলৈয়ে।

দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল বৰদলৈয়ে।বিগত কিছুদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি আহিছিল সাংবাদিকগৰাকী।

মৃত্যুৰ সময়ত বৰদলৈয়ে পিতৃ-মাতৃ, পত্নী আৰু দুই সন্তানক এৰি গৈছে। জেষ্ঠ্য সাংবাদিক জনৰ মৃত্যুৰ খবৰে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ দেৰগাঁৱত।

অভিযোগ প্ৰমাণিত হ’লে মৃত্যুদণ্ডৰ সন্মুখীন হ’বলৈ সাজু যোগগুৰু বাবা ৰামদেৱ

স্বঘোষিত যোগগুৰু বাবা ৰামদেৱৰ পুনৰ বিতৰ্ক। ‘কৰ’না ঔষধ’ হওক বা আয়ুৰ্বেদিক বনৌষধি হওক, ৰামদেৱৰ আয়ুৰ্বেদিক কোম্পানী ‘পতঞ্জলি’ৰ বিভিন্ন সামগ্ৰীয়ে বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে বিজ্ঞাপন প্ৰচাৰত ‘ভুল বাৰ্তা’ দিয়াৰ বাবে আদালতত গোচৰ ৰুজু হৈছিল। এইবাৰ উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পিছত ৰামদেৱেও প্ৰতিপক্ষৰ প্ৰত্যাহ্বান আৰম্ভ কৰিছে। তেওঁৰ সংগঠনৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ প্ৰমাণিত হ’লে তেওঁ মৃত্যুদণ্ডৰ সন্মুখীন হ’বলৈ সাজু বুলি দাবী কৰে।

যোৱা ২১ নৱেম্বৰত সেই সংগঠনটোক কঠোৰ সতৰ্কবাণী দিছিল। শীৰ্ষ আদালতে কয় যে তেওঁৰ কোম্পানীয়ে বিভিন্ন ৰোগৰ নিৰাময় হিচাপে বিজ্ঞাপনত “মিছা আৰু বিভ্ৰান্তিকৰ দাবী” কৰা বন্ধ কৰিবলগীয়া হৈছে। অন্যথা ৰামদেৱৰ কোম্পানীয়ে প্ৰতিটো দাবীৰ জৰিমনা হিচাপে ১ কোটি টকা দিবলৈ সাজু হ’ব লাগে।

উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ আহছানুদ্দিন অমানুল্লাহ আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে ভাৰতীয় চিকিৎসা সংস্থাৰ আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰি আছিল। আদালতৰ মতে, ভুৱা বিজ্ঞাপন বিয়পোৱাৰ বাবে ৰামদেৱৰ কোম্পানীটোক ১ কোটি টকাৰ জৰিমনা বিহা হ’ব পাৰে। আদালতে মৌখিকভাৱে খবৰ দিয়াৰ পিছতে ৰামদেৱৰ সংগঠনটোৱে উন্মাদনাত নামি পৰে।

একাংশ চিকিৎসকে উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁৰ সংগঠনক কলংকিত কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে ৰামদেৱে। আৰু সেইটোৱেই তেওঁলোকে অবিৰতভাৱে কৰিবলৈ চেষ্টা কৰি আছে। কেৱল তেওঁৰ সংগঠনেই নহয়, ৰামদেৱৰ দাবী, সেই চিকিৎসকসকলে আচলতে আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। ৰামদেৱৰ প্ৰতি-অভিযোগ হৈছে যে তেওঁৰ সংগঠনৰ নামত মিছা প্ৰচাৰ কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ আৰু মন্তব্যৰ পিছতে উত্তৰাখণ্ডৰ হৰিদ্বাৰত এখন সংবাদমেল অনুষ্ঠিত কৰে ৰামদেৱে। তাতে স্বঘোষিত যোগগুৰুজনে ক’লে, “এতিয়া বিভিন্ন মাধ্যমত এটা খবৰ ভাইৰেল হৈছে।” অৰ্থাৎ উচ্চতম ন্যায়ালয়ে পতঞ্জলিক ধমক দিলে। উচ্চতম ন্যায়ালয়ে কয় যে, যদি মিছা অপপ্ৰচাৰ কৰা হয় তেন্তে জৰিমনা ভৰিব লাগে।”

সংবাদমেলত ৰামদেৱে দাবী কৰে যে, তেওঁলোকে কোনো মিছা কথা প্ৰচাৰ কৰা নাছিল। একাংশ চিকিৎসকে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। তাৰ পাছত ৰামদেৱে ক’লে, “আমি যদি মিছলীয়া, তেন্তে ১০০০ কোটি টকা জৰিমনাৰ লগতে আমিও মৃত্যুদণ্ডৰ সন্মুখীন হ’বলৈ সাজু।”

যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় ২ মাহৰ পিছত হামাছে মুকলি কৰি দিলে ২৫ জন পণবন্দী

ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় ২ মাহৰ পিছত শুকুৰবাৰে গাজাত চাৰিদিনীয়া যুদ্ধবিৰতি আৰম্ভ হয়।

ইজৰাইলৰ সংবাদ মাধ্যমৰ মতে, তেৰজন ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়া হয় আৰু ১২ জন থাই পণবন্দীকো মুকলি কৰি দিয়া হয়।

এই চুক্তিত উগ্ৰপন্থী আৰু ইজৰাইলৰ কাৰাগাৰত বন্দী পেলেষ্টাইনীৰ হাতত থকা কেইবাজনো পণবন্দীক মুকলি কৰি দিয়া হৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁ যুদ্ধখন আগুৱাই নিব।