Home Blog Page 1244

কবিতাৰ ছন্দৰে জীপাল অসম গ্ৰন্থমেলা, শিৱসাগৰ

গ্ৰন্থৰ সুবাস বিয়পাই উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিৱসাগৰত প্ৰতিদিনে পৰিলক্ষিত হৈছে পঢ়ুৱৈৰ ভিৰ ৷ ইয়াৰ ঐতিহ্যমণ্ডিত ব’ৰ্ডিং খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ৷

ইয়াত শিক্ষাৰ্থীৰ উপস্থিতি উৎসাহজনক হোৱাটো শুভবাৰ্তা বুলি অভিহিত কৰিছে বিদ্বৎ সমাজে ৷ তদুপৰি প্ৰতিদিনে গ্ৰন্থমেলাৰ বাকৰিত আয়োজিত বিভিন্ন আলোচনা-সত্ৰই আকৰ্ষিত কৰিছে বৌদ্ধিক মহলক ৷ বুধবাৰে বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় এখনি কবি সন্মিলন ৷ কবি সন্মিলন উদ্বোধন কৰে বিশিষ্ট কবি-লেখক প্ৰেম গগৈয়ে ৷ উদ্বোধনী ভাষণত তেওঁ কয়—“বৰ্তমান পৃথিৱীৰ অন্যতম চৰ্চিত বিষয় কৃত্ৰিম বুদ্ধিমত্তা ৷ হয়তো এনে দিনো আহিব যে মানুহে আৰু চিন্তা কৰাৰ প্ৰয়োজন নাথাকিব ৷ তেতিয়া জানো কবিতা থাকিব ? সেয়ে কামনা কৰিম যেন এনে দিন কোনোদিনে নাহক যিয়ে কৃত্ৰিমতাৰ চৰম উত্তৰণ ঘটাই মানুহৰ হৃদয়ানুভূতি আৰু মগজুৰ চিন্তাস্ৰোত ৰুদ্ধ কৰিব পাৰে ৷” তেওঁ লগতে কয় যে কবিসকলে মনৰ দুৱাৰ খিৰিকী সদায় মুকলি কৰি ৰাখিব লাগিব ৷ তেতিয়াই নতুনত্বৰে কবিতা সমৃদ্ধ হ’ব ৷ ব্যক্তি জীৱন আৰু সমাজ-জীৱন এই দুয়োটা ক্ষেত্ৰৰ চেতনাৰে উৰ্বৰ হৈ থাকিলে অসমীয়া কাব্য ক্ষেত্ৰখনো জাতিস্কাৰ হৈ থাকিব সদায় ৷

ইয়াত সঞ্চালকৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-সমালোচক ৰাজীৱ বৰাই ৷ তেওঁ সঞ্চালকৰ বক্তব্যত কয়—“কবিতাৰ আধাৰ অনুভৱ হ’ব পাৰে কিন্তু সুনিৰ্মাণ হ’লে কবিতাই কাব্য সাহিত্যক সমৃদ্ধ কৰে ৷ ইয়াৰ বাবে গভীৰ অনুশীলন আৰু অধ্যয়নৰ প্ৰয়োজন আছে ৷ আজিকালি সমাজিক মাধ্যম কবিতাৰে ভৰি থাকে; কিন্তু কবিতাৰ উত্তৰণ কেনেধৰণৰ হৈছে এয়া বিচাৰ্যৰ বিষয় ৷ তদুপৰি কবিতা লিখা মানুহবোৰ কবি নে কবিয়ে কবিতা লিখে — এয়া চিন্তা কৰিবলগীয়া বিষয় ৷ যদি কবিতা আৰু পাঠকৰ মাজত কিবা পৃথকতা বা কেৰোণ আহি পৰিছে তেন্তে কবিসকলে এইক্ষেত্ৰত সচেতন হ’ব লাগিব ৷ সমালোচনা প্ৰশংসা অথবা নিন্দা পৰ্যায়ৰ হোৱা উচিত নহয় ৷ সমালোচনাই সাহিত্যৰ উত্তৰণ ঘটাব পাৰিলে ভাল ৷”

তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰে বিভিন্ন ক্ষেত্ৰত বহু কাম হ’ব পাৰে ৷ সেইবুলি কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ মগজু নিসৃত সৃষ্টিশীলতাৰ সেই স্তৰ পাব নোৱাৰে ৷ কবি সন্মিলনখনত কবিতা পাঠ কৰে গংগামোহন মিলি, হৰেন গগৈ, বিজয় ৰবিদাস, ভূপেন গগৈ, শোভেন হাজৰিকা, জয়ন্ত দত্ত, মানসী গগৈ, প্ৰাঞ্জল প্ৰতীম বড়া, পুঞ্জন বৰুৱা,মেঘালী হাজৰিকা কাকতি, কিশোৰ মনজিৎ বৰা, সত্যজিৎ নাথ, জয়জ্যোতি গগৈ, কৃষ্ণকায় মাঝিয়ে ৷

ইয়াৰ পাছত সন্ধিয়া ৫ বজাৰ পৰা প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত হয় মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা ,শিৱসাগৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক এখনকৈ উপহাৰ কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ এই কুপনৰ লটাৰীৰ জৰিয়তে গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানৰ দিনা সন্ধিয়া ৬ বজাত ১ লাখ টকাৰ নগদ পুৰস্কাৰ বিতৰণ কৰা হ’ব ৷

প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি ৰাহুলৰ ‘পনৌটি’, পকেটমাৰৰ উদাহৰণ; ৰাহুলৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰ চাপিল বিজেপি

পনৌটি, যাৰ আভিধানিক অৰ্থ অশুভ লক্ষণ৷ এই এটা শব্দ ব্যৱহাৰ কৰিয়েই এতিয়া বিজেপিৰ ৰোষত পৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী৷ বিশ্বকাপ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছতে ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে পনৌটিৰ বাবেই অষ্ট্ৰেলিয়াই খেল খন জিকিল, নহ’লে ভাৰতেই খেল খনত বিজয়ী হ’লহেঁতেন৷

বিজেপিয়ে মোদীক উপহাস কৰি ৰাহুলে পৌনটিৰ কথা উল্লেখ কৰা বুসলি ধাৰণা কৰিয়েই এতিয়া ৰাহুলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷ বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ‘পনৌটি’ (অশুভ লক্ষণ) শব্দ তথা পকেটমাৰ আখ্যাৰে উপহাস কৰাৰ অভিযোগ কৰি নিৰ্বাচন আয়োগৰ ওচৰলৈ গৈছে৷

ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে।” আজি ৰাজস্থানৰ ভৰতপুৰত এক নিৰ্বাচনী জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, “পকেটমাৰে কেতিয়াও অকলে নাহে, তিনিজন লোক থাকে। এজনে সন্মুখৰ পৰা আহে, এজনে পিছফালৰ পৰা আৰু এজনে দূৰৈত ৰৈ অপেক্ষা কৰে… প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম হৈছে মানুহৰ মনোযোগ আঁতৰ কৰা । তেওঁ সন্মুখৰ পৰা টিভিত আহে আৰু হিন্দু-মুছলমান, বিমুদ্ৰাকৰণ তথা জিএছটিৰ দৰে বিষয়সমূহ উত্থাপন কৰি ৰাইজক বিচলিত কৰে। ইফালে, আদানীয়ে পিছফালৰ পৰা আহি টকা খিনি লৈ যায়।”

ৰাহুলৰ এনে মন্তব্যৰ পিছতে নিৰ্বাচনী আয়োগলৈ লিখা এখন পত্ৰত বিজেপিয়ে লিখিছে, “এজন প্ৰধানমন্ত্ৰীক পকেটমাৰ আৰু ‘পনৌটি’ৰ সৈতে তুলনা কৰাটো এজন জ্যেষ্ঠ নেতাৰ বাবে আটাইতকৈ অশোভনীয় কথা আৰু ই ৰাজনৈতিক ক্ষেত্ৰ খনত অশুভ প্ৰভাৱ পেলাব৷ ” যিকোনো ব্যক্তিক পকেটমাৰ বুলি কোৱাটো ব্যক্তিগত আক্ৰমণৰ সমান হোৱাৰ লগতে সেই ব্যক্তিজনৰ চৰিত্ৰহননৰো অপচেষ্টা বুলি বিজেপিয়ে উল্লেখ কৰে৷

আশাহত আশা কৰ্মী; উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ‘অসম চৰকাৰ হায় হায়’ ধ্বনিৰে উত্তাল প্ৰতিবাদ

১৬ বছৰে নুন্যতম মজুৰিৰে সেৱা আগবঢ়াই অহাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযেগ চৰকাৰৰ বিৰুদ্ধে। পুনৰ ৰাজপথলৈ আহিল ওদালগুৰিৰ আশা কৰ্মীসকল।


আশা কৰ্মীৰ কামৰ সময় সীমা নিৰ্ধাৰণ কৰা,‍ NHMকৰ্মীৰ দৰে সমমৰ্যাদা প্ৰদান কৰা আৰু মাহিলী মজুৰী ১৫ হেজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবীত আশা কৰ্মীসকলে বুধবাৰে ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

চৰকাৰে আশা কৰ্মীসকলক নূন্যতম মজুৰীৰে অধিক সময় ব্যৱহাৰ কৰি আহিছে যদিও প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা বুলি অভিযোগ কৰে আশা কৰ্মীসকলে।

বিলাসীপাৰাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰিৰ বেতন বিনাচৰ্তে সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে বুধবাৰে বিলাসীপাৰা শিক্ষা খণ্ড কাৰ্যালয়ত গনতান্ত্ৰিক ভাৱে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

লগতে বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু বিলাসীপাৰা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

-জিয়াৰুল আলম, বিলাসীপাৰা

প্ৰথাগত নিয়ম ভাঙি কথা সাহিত্যৰ ৰচনাৰ সাহস কৰিছিল ভট্টদেৱেঃ অনুৰাধা শৰ্মা পূজাৰী

‘মহাপুৰুষ ভট্টদেৱ আছিল এগৰাকী বিদগ্ধ পণ্ডিত। ছন্দবদ্ধ পদ্যৰ পৰম্পৰাৰ বিপৰীতে গৈ ভট্টদেৱে প্ৰথাগত নিয়ম ভাঙি গদ্য সাহিত্য ৰচনাৰ সাহস কৰিছিল। এই ক্ষেত্ৰত তেখেতৰ প্ৰেৰণাৰ উৎসৱ আছিল গুৰু শ্ৰীমৎ দেৱদামোদৰ দেৱ। ভাৰতীয় প্ৰান্তিয় ভাষাৰে প্ৰথম গৰাকী কথা সাহিত্যিক ভট্টদেৱ দক্ষিণ-পূৱ এচিয়াৰো প্ৰথম কথা সাহিত্যিক বুলি গৰ্ব কৰিব পৰাটো জাতীৰ বাবে গৌৰৱৰ বিষয়। তেখেত সম্পৰ্কে চৰ্চা বন্ধ হোৱাটো দুৰ্ভাগ্যজনক।’ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ উদ্যোগত মহাপুৰুষ ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী উপলক্ষে ২০২৩ বৰ্ষৰ বাবে “মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱ কথা-সাহিত্যিক সন্মান’ গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে।

বুধবাৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ গুৱাহাটীৰ চান্দমাৰীস্থিত কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সন্মান প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাদিন-প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাৰ লগতে সাদিন, সাতসৰী, নন্দিনী আৰু অসমীয়া প্ৰতিদিন কাকতৰ বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক।

মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁত ধৰে সংঘাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপে। সংঘৰ হৈ উপস্থিত থাকে কেন্দ্ৰীয় অৰ্থ সংঘাধিকাৰ ৰতন দাস, কামৰূপ (মহানগৰ) জিলা সমিতিৰ সংঘাধিকাৰ প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়া, সংঘাধিকৰ্তা বাবুল ৰাজবংশী আৰু উত্তৰ কামৰূপ জিলা সমিতিৰ সহঃ সংঘাধিকৰ্তা মহেশ চন্দ্ৰ ডেকা।

উল্লেখযোগ্য যে ভট্টদেৱ জয়ন্তী উপলক্ষে ১৮ নৱেম্বৰৰ পৰা সংঘৰ বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত নিজ নিজ এলেকাৰ অন্তৰ্গত বিশিষ্ট সাহিত্যিক সকলক ‘মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱ কথা-সাহিত্য সেৱী বৰণ’ আগবঢ়াই আছে আৰু অনুৰাধা শৰ্মা পূজাৰীৰ লগতে ২০২৩ বৰ্ষৰ কথা-সাহিত্যিক সন্মান ১৯ নৱেম্বৰত বিশিষ্ট সাংবাদিক কনক সেন ডেকালৈও প্ৰদান কৰা হৈছে।


-হৰ্ষবৰ্দ্ধন কাশ্যপ, সংঘাধিকৰ্তা, মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ
ফোনঃ 7002533892

মাত্র কেইটামান ঘন্টা বাকী; মুকলি আকাশৰ তললৈ আহিব সুৰংগত আবদ্ধ ৪১ শ্রমিক

আজি নিশা অথবা কালিলৈ পুৱা উদ্ধাৰ হ’ব পাৰে টানেলত আবদ্ধ শ্রমিক। মাত্র কেইটামান ঘন্টা বাকী! মুকলি আকাশৰ তললৈ আহিব সুৰংগত আবদ্ধ ৪১ শ্রমিক।

যিকোনো মুহূর্ততে শ্রমিক উদ্ধাৰ অভিযান সমাপ্ত হোৱাৰ সম্ভাৱনা। আজি নিশা বা কাইলৈ পুৱাৰ ভাগত আহিব পাৰে সুখবৰ। ইতিমধ্যে সুৰংগৰ ৩৯ মিটাত পর্যন্ত সোমালে পাইপ।

অতিশীঘ্রেই উত্তৰাখণ্ডৰ উত্তৰকাশীস্থিত চিল্কিয়াৰাত আবদ্ধ শ্রমিক হ’ব উদ্ধাৰ। NHIDCLৰ MD মহম্মদ আহমেদে কৰিলে এই ঘোষণা ।

আন্তঃ ৰাষ্ট্ৰীয় সুৰংগ বিশেষজ্ঞই আহি চলাইছে অভিযান। তেও জনাইছে যে শ্রমিকসকলক উদ্ধাৰৰ বাবে ৬টাকৈ বিখ্যাত এজেন্সীয়ে কাম কৰি আছে। প্রয়োজনীয় অক্সিজেন, আহাৰ, পানী পাইপেৰে প্রেৰণ কৰি থকা হৈছে। ড্রিলিং পাইপৰ সন্মুখত শিল নপৰিলে সহজ হৈ পৰিব ড্রিলিং প্রক্রিয়া।

গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব “ৰাষ্ট্ৰীয় দুগ্ধ দিৱস”…

ভাৰতৰ “শ্বেত বিপ্লৱ”ৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° ভাৰ্গিজ কুৰিয়েনৰ জন্মজয়ন্তী উপলক্ষে প্ৰতিবছৰে ২৬ নৱেম্বৰত উদযাপন কৰি অহা “ৰাষ্ট্ৰীয় দুগ্ধ দিৱস” এইবাৰ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব। এই ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ জৰিয়তে দুগ্ধ উৎপাদন বৃদ্ধিৰ লগতে সুস্বাস্থ্যৰ বাবে গাখীৰৰ উপকাৰিতা তথা ইয়াৰ পুষ্টিকৰ গুণসমূহৰ বিষয়ে জনসাধাৰণ মাজত জাগৰণ সৃষ্টিৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।


২৬ নৱেম্বৰত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটিৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত মন্ত্ৰী অতুল বৰা। অনুষ্ঠানটিৰ সফল আয়োজনত যাতে কোনো ত্ৰুটি নৰয়, তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৈঠকত বিষয়াসকলক নিৰ্দেশনা ।


মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarmaৰ নেতৃত্বাধীন আমাৰ চৰকাৰখনে দুগ্ধ উৎপাদন খণ্ডক সুসংগঠিত আৰু উদ্যোগীকৰণ কৰি ৰাজ্যখনত প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য লৈছে। অসমৰ দুগ্ধপালক আৰু অন্য ৰাজ্যৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিতব্য আগন্তুক অনুষ্ঠানটোৱে আমাৰ চৰকাৰখনৰ উক্ত লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টাৰ দিশত বিশেষ গতিশীলতা প্ৰদান কৰিব বুলি দৃঢ় বিশ্বাসী।
বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব শ্ৰী মনীষ ঠাকুৰ, সঞ্চালক শ্ৰী জাভিৰ ৰাহুল সুৰেশ প্ৰমুখ্যে বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

গোৱা ইণ্ডিয়ান পেনোৰমাত পাৰ্থ সাৰথি মহন্তৰ ‘লাচিত: দ্য ৱাৰিয়ৰ’ৰ প্ৰদৰ্শন; বঁটা প্ৰদান..

গোৱা ইণ্ডিয়ান পেনোৰমাত পাৰ্থ সাৰথি মহন্তৰ ‘লাচিত: দ্য ৱাৰিয়ৰ’ৰ প্ৰদৰ্শন; বঁটা প্ৰদান
গোবাত অনুষ্ঠিত হোবা ৫৪ সংখ্যক আন্তর্জাতিক
চলচ্চিত্র মহোৎসৱৰ
ইণ্ডিয়ান পেনোৰমাত ২১ নবেম্বৰৰ সন্ধিয়া প্রদর্শিত হয় অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক, পার্থ সাৰথি মহন্তৰ এনিমেশ্যন ছবি ‘লাচিত : দ্যা বাৰিয়ৰ’। অসমীয়া জাতীয় জীৱনৰ শৌর্য-বীৰ্ষৰ প্রতীক মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক চুটি এনিমেশ্যন ছবি ‘লাচিত: দ্য বাৰিয়ৰ’-এ ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন মহোৎসৱত সুনাম অর্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ৫৪ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসব, ইণ্ডিয়াৰ নন ফিচাৰ শাখাত ‘লাচিত: দ্য বাৰিয়ৰৰে ৰাষ্ট্রীয় সম্মান লাভ কৰিছে।

পৰিচালক পার্থ সাৰথি মহন্ত আৰু প্রযোজক ইন্দ্রানী বৰুৱাই ২১ নৱেম্বৰত গোৱাৰ মহোৎসৱত উপস্থিত হৈ এই সন্মান গ্রহণ কৰে। শেহতীয়াকৈ বার্লিনত নিউবর্ন ছুটি ছবিৰ সমাৰোহলৈ নির্বাচিত হৈছে এই ছবিখন। চুটি ছবিখনৰ প্রযোজনা সাংস্কৃতিক কৰ্মী, সাহিত্যিক মীনা মহন্ত আৰু ইন্দ্রাণী বৰবাৰ। ছবিখনত ধাৰাভাষ্য প্রদান কৰিছে বিশিষ্ট শিক্ষাবিদ, প্রাক্তন উপাচার্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। সংগীত ৰূপম তালুকদাৰৰ।ইতিমধ্যে মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, চেন্নাইৰ উপৰিও জয়পুৰ ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, নর্থ-ইষ্ট ইণ্ডিয়া ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল,

চম্বল ইণ্টাৰনেশ্বনেল ফিল্ম ফেস্টিভেল, ছাউথ এছিয়ান চর্ট ফিল্ম ফেষ্টিভেল, দিল্লী চর্ট ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, ইণ্ডো ফ্রান্স ইন্টাবনেশ্বনেল ফিল্ম ফেষ্টিভেলকে ধৰি বিভিন্ন ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত লাচিত প্রদর্শিত হৈ পুৰস্কৃত হৈছে। অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, একেধাৰে কবি, সাহিত্যিক , সাংস্কৃতিক কর্মী, অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক হিচাপেও সুনাম অর্জন কৰা পাৰ্থ সাৰথি মহন্তই শৰাইঘাট যুদ্ধৰ মহানায়ক মহাবীৰ লাচিত বৰফুকনৰ জীবনৰ আধাৰত নিৰ্মাণ কৰা এনিমেশ্যন ছবি ‘লাচিত: দ্য বাৰিয়ৰ’-এ পুডুচেৰীত অনুষ্ঠিত ‘ইণ্ডো-ফ্রান্স আন্তঃবাষ্ট্রীয় ছবি মহোৎসব’ত শ্রেষ্ঠ এনিমেশ্যন চুটি ছবিৰ সন্মান লাভ কৰিছে।

২০২৪ চনৰ জানুৱাৰীৰ ভিতৰত অসমত মুঠ ২৭৫ কোটি টকাৰ আভ্যন্তৰীণ জলপথ আৰু আয়ুষ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ’ব :কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

২০২৪ চনৰ জানুৱাৰীৰ ভিতৰত অসমত মুঠ ২৭৫ কোটি টকাৰ আভ্যন্তৰীণ জলপথ আৰু আয়ুষ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ’ব:কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুয়োটা মন্ত্ৰালয়ৰ অধীনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চলিত প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিবলৈ গুৱাহাটীত অনুষ্ঠিত দুখন বৈঠকত সভাপতিত্ব কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০২৪ চনৰ জানুৱাৰী মাহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰে।

পৰ্যালোচনাৰ সময়ত দুয়োটা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে সমগ্ৰ অঞ্চলটোত চলি থকা প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি উপস্থাপন কৰে। উত্তৰ-পূব অঞ্চলৰ আভ্যন্তৰীণ জলপথত ২৫টা প্ৰকল্পৰ বিকাশৰ বাবে কেন্দ্ৰই ইতিমধ্যে ১,১০০ কোটিতকৈও অধিক টকাত অনুমোদন জনাইছে, যাৰ ভিতৰত আছে ৮৫০ কোটি টকা ব্যয়সাপেক্ষে অসমৰ ১৫টা প্ৰকল্প। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়াসকলক যোগীঘোপা, পাণ্ডু, বিশ্বনাথ, নিমাতী, বিন্ধাকটা, উৰিয়ামঘাট আৰু শদিয়াত মুঠ সাতটা ফ্ল’টিং জেটি তৎপৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি, ডিব্ৰুগড়ৰ বগীবিলত স্থায়ী জেটি, কৰিমগঞ্জৰ বদৰপুৰত জেটিৰ নৱীকৰণো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিব লাগিব বুলি সোণোৱালে কয়।

তদুপৰি, ত্ৰিপুৰাৰ সোণামূৰাত নিৰ্মীয়মান এটা স্থায়ী জেটিও শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ ১৫টা ফ্ল’টিং জেটি আৰু বৰাক নদীৰ ১৫টা জেটিৰ কামৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। তদুপৰি, জাহাজ, ফেৰী তথা ক্ৰুজৰ মসৃণ যাত্ৰা নিশ্চিত কৰাৰ বাবে সোণোৱালে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিষয়াসকলক ইতিমধ্যে চিনাক্ত কৰা ব্ৰহ্মপুত্ৰৰ ৮৮টা অগভীৰ স্থানত নিয়মীয়াকৈ খননকাৰ্য চলাবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত উত্তৰ-পূব ভাৰতক দেশৰ অৰ্থনৈতিক বিকাশৰ নতুন ইঞ্জিন হিচাপে গঢ়ি তোলাৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰালয়ে বিভিন্ন প্ৰকল্প হাতত লৈ নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। আজি আমি উত্তৰ-পূবৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত দুয়োটা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ফলপ্ৰসূ পৰ্যালোচনা বৈঠকত মিলিত হৈছোঁ। পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগীক আগুৱাই লৈ যোৱাৰ বাবে আমি উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প চিনাক্ত কৰিছোঁ যিবোৰ অহা বৰ্ষৰ জানুৱাৰীৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব। আভ্যন্তৰীণ জলপথৰ ছয়টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ভিতৰত বগীবিলত স্থায়ী জেটি, ত্ৰিপুৰাৰ সোণামূৰাত স্থায়ী জেটি, বগীবিল আৰু পাণ্ডুত ফ্ল’টিং জেটিৰ নিৰ্মাণ আৰু কৰিমগঞ্জ তথা বদৰপুৰত জেটিৰ নৱীকৰণ সম্পূৰ্ণ কৰা হ’ব। আমি ২০২৪ চনৰ জানুৱাৰীৰ ভিতৰত অসমত ১৫০ কোটি টকাৰ মূল্যৰ প্ৰকল্পসমূহ আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

আয়ুষ মন্ত্ৰালয়ে বৰ্তমান সমগ্ৰ উত্তৰ-পূবত ২৮৬ কোটি টকাৰ মূল্যৰ প্ৰকল্প ৰূপায়ণৰ কাম কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়ুষ বিষয়াসকলক এই প্ৰকল্পসমূহ দ্ৰুতগতিত ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। ডিব্ৰুগড়ত ৮০.৬৬ কোটি টকা মূল্যৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন আৰু গুৱাহাটীত ৩৪.৩৩ কোটি টকাৰ ব্যয়েৰে আজাৰাত হোমিঅ’পেথিৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱন আৰু সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত উদ্বোধন হ’বলগীয়া ১০.৪৫ কোটি টকাৰ ব্যয়সাপেক্ষ গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ জি+৩ আৰু জি+২ ভৱনৰ কাম সম্পূৰ্ণ কৰিবলৈও নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ চৰকাৰৰ বাবে আয়ুষ হৈছে এক মুখ্য আগ্ৰহৰ ক্ষেত্ৰ। উত্তৰ-পূবৰ এই ক্ষেত্ৰত আৰু বহুত বেছি কাম কৰাৰ এক সমৃদ্ধ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি বিভিন্ন প্ৰকল্পৰ কাম চিনাক্ত আৰু আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। উত্তৰ-পূবৰ আয়ুষ খণ্ডৰ সৰ্বোত্তম সম্ভাৱনা উপলব্ধি কৰিবলৈ আমি দ্ৰুতগতিত কামবোৰ আগবঢ়াই নি আছোঁ।”

ইতিহাসৰ পাঠ্যক্ৰমত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ এন.চি.ই.আৰ.টি.ৰ বিশেষ সমিতিৰ…

ইতিহাসৰ পাঠ্যক্ৰমত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ এন.চি.ই.আৰ.টি.ৰ বিশেষ সমিতিৰ

দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰত হয়তো ইতিহাসৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ’ব৷ এনচিইআৰটিৰ সমাজ বিজ্ঞান সমিতিয়ে এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমে এই দাবী কৰিছে।

উচ্চ পৰ্যায়ৰ পেনেলৰ শীৰ্ষ বিষয়া অধ্যাপক চি.আই. আইজাকে এই প্ৰস্তাৱৰ সৈতে পাঠ্যক্ৰমৰ বাবে আন কেইবাটাও প্ৰস্তাৱ দিছে। তাৰে এটা হ’ল ইতিহাসৰ নতুন বিভাজন। মুঠ চাৰিটা খণ্ডত ইতিহাস বিভক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ অৰ্থাৎ ধ্ৰুপদী, মধ্যযুগীয়, ব্ৰিটিছ আৰু আধুনিক ভাৰতৰ ইতিহাস। বেদ আৰু আয়ুৰ্বেদৰ পাঠ্যপুথিসমূহো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰা হৈছে।

ইয়াৰ উপৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে ৰাষ্ট্ৰীয় নায়কসকলকো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে। এনচিইআৰটিয়ে প্ৰস্তাৱটোৰ প্ৰতি সঁহাৰি দিব নে নাই সেয়া লক্ষ্যণীয় হ’ব ৷
চি.আই. আইজাকে কয়, “পৰম্পৰাগত ইতিহাসত ৰামায়ণ-মহাভাৰত আছে । আমি এই প্ৰস্তাৱ দিছো যাতে শিক্ষাৰ্থীসকলে জানিব পাৰে যে ৰাম কোন আছিল আৰু তেওঁ কি কৰিছিল৷ পাঠ্যক্ৰমত মহাকাব্যৰ কেৱল এটা সৰু অংশহে শিকোৱা হ’ব। “

লক্ষণীয় কথাটো হ’ল পূৰ্বে এনচিইআৰটিৰ পাঠ্যক্ৰমৰ পৰিৱৰ্তনক লৈ যথেষ্ট বিতৰ্ক হৈছিল। মোগল যুগ, ডাৰউইনৰ বিৱৰ্তন, নাৰী আন্দোলনৰ ইতিহাসৰ দৰে গুৰুত্বপূৰ্ণ অধ্যায়বোৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিছিল। ইতিহাসৰ কিতাপত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰিলে কোনো বিতৰ্ক হয় নেকি তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷