Home Blog Page 1245

কম বয়সতে হঠাতে বহু লোকৰ মৃত্যু ঘটাৰ বাবে কোভিড ভেকচিন দায়ী নহয় ! আই চি এম আৰৰ গৱেষণাত প্ৰকাশ…

কম বয়সতে হঠাতে বহু লোকৰ মৃত্যু ঘটাৰ বাবে কোভিড ভেকচিন দায়ী নহয়ঃ আই চি এম আৰৰ গৱেষণাত প্ৰকাশ

কম বয়সৰ লোকে হঠাতে মৃত্যু ঘটাৰ ঘটনা বৃদ্ধি পাইছে৷ ইয়াৰ বাবে বহুতে কোভিড ভেকচিনকেই দায়ী কৰি আহিছে৷ কিন্তু এনে অভিযোগৰ কোনো ভিত্তি নাই বুলি এক গৱেষণাত প্ৰকাশ পাইছে৷ কোভিডৰ আতংক আৰু ইয়াৰ পৰৱৰ্তী সময়ত বহুক্ষেত্ৰত যুৱক-যুৱতীৰ আকস্মিক মৃত্যু হোৱা দেখা গৈছে।এই অকাল মৃত্যু কোভিড ভেকচিনৰ ফলত হৈছে নেকি? আই চি এম আৰে এই প্ৰশ্নৰ উত্তৰ লৈ হাজিৰ হৈছে৷

আই চিএম আৰৰ অধ্যয়ন অনুসৰি কোভিড ভেকচিনে কম বয়সৰ লোকসকলৰ মাজত আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰা নাছিল। ইয়াৰ সলনি ভেকচিনে এনে মৃত্যুৰ আশংকা হ্ৰাসহে কৰিছে।অধ্যয়ন অনুসৰি ভেকচিনৰ কমেও এটা পালি গ্ৰহণ কৰিলেও আকস্মিক মৃত্যুৰ আশংকা হ্ৰাস হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
এনে দাবীৰ মাজতে প্ৰশ্ন হয় কম বয়সৰ লোকসকলৰ আকস্মিক মৃত্যু কিয় হৈ আছে? আই চিএম আৰৰ অধীনস্থ ইচমৰৰ গৱেষণাই ইয়াৰো উত্তৰ দিছে। গৱেষণাই কয় যে যদি পৰিয়ালৰ কাৰোবাৰ আকস্মিক মৃত্যুৰ ইতিহাস থাকে, যদি কাৰোবাৰ সুৰাপান কৰাৰ অভ্যাস থাকে, নিৰন্তৰ বহি থকা কাম থাকে, তেন্তে ই আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) এই অধ্যয়ন অনুসৰি দেশৰ ৪৭ খন চিকিৎসালয়ক সামৰি কৰিছিল। দেখা গৈছে যে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ বহু স্বাস্থ্যৱান লোক কোনো কাৰণ নোহোৱাকৈয়ে হঠাতে মৃত্যুমুখত পৰিছে। ১ অক্টোবৰ, ২০২১ ৰ পৰা ৩১ মাৰ্চ, ২০২৩ ৰ ভিতৰত এনে বহু ঘটনা ঘটা দেখা গৈছে।

ধূমপান, সুৰাপান আৰু ড্ৰাগছৰ ব্যৱহাৰে যুৱক-যুৱতীসকলৰ মাজত হঠাতে মৃত্যুৰ আশংকা বৃদ্ধি কৰিছে বুলি অধ্যয়নটোত প্ৰকাশ পাইছে৷ ইয়াৰ উপৰি কম শাৰীৰিক পৰিশ্ৰমো আকস্মিক মৃত্যুৰ কাৰণ হ’ব পাৰে৷

মহানগৰীৰ আঠগাঁৱৰ MS ৰোডত আৰক্ষীৰ অভিযানত উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ…

মহানগৰীৰ আঠগাঁৱৰ MS ৰোডত আৰক্ষীৰ অভিযান ৷

অভিযানত উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ, অভিযানত আটক দুজন অভিযুক্তক ৷ ২ কোটিৰো অধিক নগদ ধন জব্দ আৰক্ষীৰ ৷

দীৰ্ঘদিনে গুৱাহাটীত বাহৰ পাতি চলাই আহিছিল হাৱালা চক্ৰ, জমিৰ আহমেদৰ বাসগৃহত চলে এই অভিযান৷ অভিযুক্ত দুজন দেৱকৰণ সেন আৰু মনোজ কুমাৰ৷

হোজাইত বৃহৎ পৰিমাণ হেৰইন জব্দ…

👉 হোজাইত বৃহৎ পৰিমাণ হেৰইন জব্দ ।

👉 লামডিঙৰ 1 নং হাতী খুলিৰ 48 বছৰীয়া অৰ্জুন দাস নামৰ এজনক হোজাইত গ্ৰেপ্তাৰ।

👉 982 গ্ৰাম হেৰইন খিনি বজাৰৰ মূল্য প্ৰায় 20 লাখ টকা

👉 হেৰইন খিনি ৰেল যুগে লামডিংৰ পৰা হোজাইত বিক্ৰী বাবে আনিছিল

👉 *DIG পাৰ্থ সাৰথি মহন্ত নেতৃত্বত গুৱাহাটীৰ পৰা অহা STFৰ এটা 10 জনীয়া দলে হোজাই পুৰণা বজাৰ উৰণীয়া সেতু তলতে গ্ৰেপ্তাৰ কৰে।

ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী উপলক্ষে শোণিতপুৰৰ বিশিষ্ট গদ্য সাহিত্যিকক কথা সাহিত্যসৱী বৰণ প্ৰদান…

ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী উপলক্ষে

শোণিতপুৰৰ বিশিষ্ট গদ্য সাহিত্যিকক কথা সাহিত্যসৱী বৰণ প্ৰদান।

মহাপ্ৰভু দেৱদামোদৰ দেৱৰ প্ৰপন্ন শিষ্য, গদ্য সাহিত্যৰ জনক মহাপুৰুষ ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী উপলক্ষে ২০ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত জিলা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

অনুষ্ঠিত হোৱাৰ লগতে বিয়লি শোনিতপুৰ জিলাৰ অন্তৰ্গত পাঁচ গৰাকীকৈ সাহিত্যিক ক্ৰমে ড° ভূপেন শইকীয়া, ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য, ঐশ্বয্য কাকতি, শান্তনু বৰুৱা আৰু প্ৰিয়েন্দ্ৰ তামুলীক ২০২৩ বৰ্ষৰ বাবে

‘মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱ কথা সাহিত্যসেৱী বৰণ’ প্ৰদান কৰা হয়।

জিলা সমিতিৰ প্ৰশসনিক উপ সংঘাধিকাৰ ভূপেন বৰদলৈ আৰু সংঘাধিকৰ্তা ডা: যুগল কৃষ্ণ ডেকাৰ

নেতৃত্বত এটি দলে প্ৰত্যেক জন বিশিষ্ট সাহিত্যিকক এখনি গল বস্ত্ৰ , অংগ বস্ত্ৰ আৰু এখন বৰণ পত্ৰ প্ৰদান কৰে।

অসমৰ গদ্য সাহিত্যৰ জনক গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ২০ নৱেম্বৰৰ সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা ! এজনৰ থিতাতে মৃত্যু…

মঙ্গলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰীপাৰা বাহঁবজাৰৰ সমীপত ৰাতিপুৱা ৫:৪৫ বজাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তিনিজন কিশোৰ ঘৰৰ পৰা টিউচনলৈ মটৰ চাইকেলেৰে গৈ থকাৰ সম‌য়ত বিপৰীত মূখী ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ ।

এজন থিতাতে নিহত হয় আৰু আন দুজনক সংকত জনক অবস্থাত বৰ্তমান মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। জানিব পৰা মতে মটৰ চাইকেল খনত তিনিজন কিশোৰ আছিল, তিনিওজন নৱম শ্ৰেণীৰ ছাত্ৰ ।

তিনিওজনে মঙ্গলদৈ বাঘপৰিৰ বুলি জানিব পৰা গৈছে । মৃত কিশোৰ জনৰ নাম ৰফিকুল ইছলাম,(১৬) আহত দুজন ক্ৰমে আব্দুল গনি(১৬) আৰু ৰাজিদুল হক(১৬) ।

কাছাৰত দুৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ…

কাছাৰত দুৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ৷

কালাইন উন্নয়ন খণ্ডৰ পাইকান দীঘৰখাল গাঁও পঞ্চায়তৰ সচিব দত্ত ৷

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে কৃপাশংকৰৰ বিৰুদ্ধে তৰিছিল গোচৰ৷

সভা-সমিতি, ৰেলী উলিয়ালেও দিব লাগিব কৰ…

সভা-সমিতি, ৰেলী উলিয়ালেও দিব লাগিব কৰ

সাংস্কৃতিক সমদল, অনুষ্ঠান, বিহু, অনুষ্ঠান আদিৰ অনুমতিৰ বাবে ৩০০ টকা

ৰাজনৈতিক ৰেলী, অনুষ্ঠান আৰু সভাৰ অনুমতিৰ বাবে ২০০০ টকা

সকলো ধৰণৰ খেল-ধেমালিৰ অনুষ্ঠানৰ অনুমতিৰ বাবে ২০০০ টকা

বাটৰ নাট, সজাগতা ৰেলী, অনুষ্ঠানৰ অনুমতিৰ বাবে ৫০০ টকা

বাণিজ্য মেলা, খাদ্য মেলা, এক্সপ’, আদিৰ অনুমতিৰ বাবে ৫০০০ টকা

বাণিজ্যিক নিৰ্মাণৰ অনুমতিৰ বাবে গুৱাহাটীত ৫০ হাজাৰ টকাৰ মাচুল

ৰাজ্যৰ আন প্ৰান্তত ২৫ হাজাৰ টকাৰ মাচুল

পেট্ৰ’ল পাম্প আৰু গেছ এজেন্সীৰ অনুমতিৰ বাবে ১০ হাজাৰ টকা

প্রাইভেট এমপ্লয়মেন্ট ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

ভাড়াঘৰ আৰু PGৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

ঘৰৰ বনকৰা লোকৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

অসমৰ নাট্য আন্দোলনত শিৱসাগৰৰ অৱদান ! অসম গ্ৰন্থমেলাত আলোচনা সত্ৰ…

ভাষা-সাহিত্য-সংস্কৃতিৰ অন্যতম পীঠস্থান শিৱসাগৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা পুথিপ্ৰেমীৰ সমাৱেশত আকৰ্ষণীয় হৈ উঠিছে ৷ গ্ৰন্থপ্ৰেমীৰ এনে ইতিবাচক সঁহাৰিয়ে আশাবাদী কৰি তুলিছে লেখক-প্ৰকাশক আৰু বিক্ৰেতা সকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহাসিক ব’ৰ্ডিং খেলপথাৰত যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিৱসাগৰত প্ৰতিদিনে সাহিত্য-সংস্কৃতিৰ বিভিন্ন মনোজ্ঞ অনুষ্ঠানো আয়োজন কৰা হৈছে ৷ আজি বিয়লি ২ বজাত অনুষ্ঠিত হয় “অসমৰ নাট্য আন্দোলনত শিৱসাগৰৰ অৱদান” শীৰ্ষক আলোচনা সত্ৰ ৷ বিশিষ্ট নাট্যকাৰ-সাহিত্যিক ড° জগদীশ পাটগিৰিয়ে আলোচনা সত্ৰখন উদ্বোধন কৰি কয় যে অসমৰ নাট্য আন্দোলনলৈ শিৱসাগৰৰ অৱদান অপৰিসীম ৷ এই বিষয়কলৈ বিস্তৃত গৱেষণা হ’ব পাৰে ৷ কেৱল নাটক বুলিয়ে নহয় সামগ্ৰিকভাৱে পৰিৱেশ্য কলাৰ দিশত শিৱসাগৰৰ অৱদান অতুলনীয় ৷ অসমৰ আধুনিক নাট-চলচ্চিত্ৰ , গীতিসাহিত্যক শিৱসাগৰে নেতৃত্ব দিছিল ৷ ১৮৮৯ চনতে শিৱসাগৰত নাট্য সমাজৰ জন্ম হৈছিল ৷ সেই ধাৰা অব্যাহত ৰাখিব লাগিব তৰুণসকলে ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট নাট্যকৰ্মী-লেখক, সতি সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই ৷ তেওঁ কয়—“ নাট্য আন্দোলনৰ বিষয়কলৈ গ্ৰন্থমেলাত আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো বৰ ভাল লগা কথা৷ নাটক সদায়ে জনজীৱনৰ লগত জড়িত ৷ সেয়ে নাট্য সাহিত্যত জন-সমাজখন প্ৰতিফলিত হয় ৷ শিৱসাগৰৰ সত্ৰসমূহত প্ৰচীন কালৰে পৰা নাট-ভাওনা পৰিৱেশিত হৈ আহিছে ৷ আধুনিক কালচোৱাতো শিৱসাগৰৰ নাট্য ধাৰা অতি শক্তিশালী ৷ ১৯ শতিকাৰ মাজভাগৰ পৰা আজিৰ একৈশ শতিকালৈ শিৱসাগৰত যুগ সাপেক্ষ আৰু সামাজিক দায়ৱদ্ধতাপূৰ্ণ নাট্য ধাৰা অব্যাহত আছে ৷”

এইক্ষেত্ৰত তেওঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা-হেম বৰুৱাৰ পৰা সাম্প্ৰতিক সময়লৈ নাট্য আন্দোলনক তৰান্বিত কৰা নাট্যকাৰ-পৰিচালক, অভিনয় শিল্পীসকলৰ সাধনা আৰু ত্যাগৰ কথা দোহাৰে ৷ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট নাট্যকৰ্মী,লেখক প্ৰশান্ত শইকীয়াই কয়—“নাট ৰচনা ,পৰিৱেশন আৰু অভিনয় কলা এই আটাইকেইটা দিশ সামৰি শিৱসাগৰৰ নাট্য ইতিহাস সমৃদ্ধ হৈ আছে ৷” তেওঁ এইক্ষেত্ৰত শিৱসাগৰ নাট্য সমাজকে প্ৰমুখ্য কৰি সেউজীয়া সমাজ, আমোলাপট্টি নাট্য সমাজ, ৰংপুৰ জ্যোতি সংঘ, শিৱসাগৰ যুৱদল, শিৱসাগৰ শিল্পী সমাজ, জাগৃতি, মিলিত শিল্পী সমাজ, জোনালী চ’ৰা, জোনাকী চ’ৰা, চিত্ৰলেখা কলা পৰিষদ, ৰংপুৰ মহিলা চ’ৰা, মেলাচকৰ নামঘৰ সমাজ, শ্ৰীশ্ৰী শংকৰদেৱ সমাজ, জ্যোতি সংঘ, নৱজাগৰণ সংঘ, পাঞ্চজন্য, পূৰ্বজ্যোতি ক্লাৱ, নাট্যপীঠ, নাটকথা, সংকল্প, কলঞ্চুপাৰ চিনে আৰ্ট ছ’চাইটি আদি নাট্যানুষ্ঠান সমূহৰ নাম উল্লেখ কৰে ৷

সমান্তৰালভাৱে ১৮৯৯ চনৰ পৰা বৰ্তমানলৈকে শিৱসাগৰৰ নাট্যক্ষেত্ৰক সমৃদ্ধিশালী কৰা বৰেণ্য ব্যক্তিসকলৰ বিষয়ে আলোচনাত উল্লেখ কৰে ৷ আন এগৰাকী আলোচক অতিথি, নাট্যকাৰ ডাঃ ৰিপুণ বৰপূজাৰীয়ে বিষয় প্ৰসংগত কয় যে শিৱসাগৰ বিভিন্ন ঐতিহ্যৰে পৰিপূৰ্ণ হৈ আছে ৷ ইয়াৰ নাট্য ঐতিহ্যও অতি উচ্চস্তৰৰ ৷ প্ৰাক্ স্বাধীনতাৰ কালৰে পৰা ইয়াত নব্য নাট্যধাৰাৰ বাট মুকলি হয় ৷ স্বাধীনতাৰ পৰৱৰ্তী কালতো ৫০ দশকৰ পৰা এতিয়ালৈ শিৱসাগৰৰ নাট্য আন্দোলনৰ ধাৰাটো অতি সজীৱ আৰু স্ৰোতস্বিনী হৈ আছে ৷ এই ধাৰাই অসমৰ নট্য ইতিহাসক সমৃদ্ধ কৰি ৰাখিছে ৷একেদৰে আলোচক অতিথি, নাট্যকাৰ নিৰোদ গোঁহাইৰ মতে—“ মহাপুৰুষ শংকৰদেৱৰ সময়ৰ পৰাই শিৱসাগৰত নাট্য ধাৰা অব্যাহত আছে ৷ ইয়াৰ পাছত মুকলি মঞ্চত বুৰঞ্জীমূলক নাটৰ প্ৰচলন আছিল ৷ পৰৱৰ্তী পৰ্যায়ত প্ৰচেনিয়াম থিয়েটাৰৰ ধাৰণাৰে বিশ্ব-নাট্য ধাৰাৰ বাটেৰে শিৱসাগৰেও বাট বুলিছে ৷ এই ধাৰা এতিয়াও অক্ষুণ্ণ আছে ৷” সন্ধিয়া ৫ বজাৰ পৰা প্ৰবোধ দাসৰ পৰিচিলনাত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷ ইয়াত যোগদান কৰে শিৱসাগৰৰ হোলি নেইম হায়াৰ ছেকেণ্ডাৰী স্কুল, আৰ্যভট্ট একাডেমী চিনিয়’ৰ ছেকেণ্ডাৰী স্কুল আৰু বেতবাৰীস্হিত শংকৰদেৱ শিশু নিকেতনে ৷

নিৰ্দেশ মনা নাই কিয় ! প্ৰদূষণ সন্দৰ্ভত কেজৰিৱাল চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ…

নিৰ্দেশ মনা নাই কিয়? প্ৰদূষণ সন্দৰ্ভত কেজৰিৱাল চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

প্ৰদূষণৰ প্ৰসংগত দিল্লী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কথা শুনা নাই।এই কথাতে এতিয়া দিল্লী চৰকাৰক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে। দিল্লীৰ চৰকাৰে প্ৰদূষণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে। মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে কৃষকসকলক ইচ্ছাকৃতভাৱে টানি অনা হৈছে। উচ্চতম ন্যায়ালয়ে দিল্লী আৰু পঞ্জাৱ চৰকাৰক কৃষকসকলক কেনেদৰে সহায় কৰিব পাৰি সেয়া শিকিবলৈ পৰামৰ্শ দিছে। উল্লেখ্য দিল্লীত নৱেম্বৰৰ আৰম্ভণিৰ পৰা প্ৰদূষণৰ সমস্যা অতি ভয়াৱহ হৈ পৰেছে। প্ৰদূষণক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।


মঙলবাৰে শীৰ্ষ ন্যায়ালয়ে প্ৰদূষণ সম্পৰ্কীয় গোচৰবোৰৰ শুনানি আৰম্ভ কৰে। আদালতে কয় “যোৱা ছবছৰৰ ভিতৰত ২০২৩ চনৰ নৱেম্বৰতেই দিল্লীত আটাইতকৈ বেছি প্ৰদূষণ হৈছে। সকলোৱে জানে এইটো কিয় এটা সমস্যা হৈ পৰিছে। চৰকাৰে এই সমস্যাটো সমাধান কৰা উচিত।’’ লক্ষণীয় কথাটো হ’স শস্যৰ অৱশিষ্ট জ্বলাই দিয়াৰ ফলত সমগ্ৰ উত্তৰ ভাৰত শীতকালৰ আৰম্ভণিতে প্ৰদূষণৰ কবলত পৰে।উচ্চতম ন্যায়ালয়ে কৃষকসকলক প্ৰদূষণৰ মুখ্য কাৰণ হিচাপে দোষাৰোপ কৰাৰ প্ৰৱণতাক আওকাণ কৰে।

আদালতে কয় “কৃষকসকলে তেওঁলোকৰ শস্যৰ অৱশিষ্ট জ্বলাই দিয়াৰ কাৰণ আছে। কিন্তু আমি সেই বিষয়ে একো জানিব নোৱাৰো। কাৰণ ইয়াত তেওঁলোকৰ কোনো প্ৰতিনিধি নাই। পঞ্জাৱ চৰকাৰে হাৰিয়ানাৰ পৰা কৃষকসকলক কেনেদৰে অতিৰিক্ত লাভ প্ৰদান কৰিব পাৰি সেয়া শিকিব লাগে। চৰকাৰে দৰিদ্ৰ কৃষকসকলৰ বাবে সকলো প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰা উচিত। “

প্ৰদূষণ সম্পৰ্কীয় গোচৰৰ উপৰি উচ্চতম ন্যায়ালয়ে পৰিবহন আৱণ্টনত পলম হোৱাৰ গোচৰৰ শুনানিও গ্ৰহণ কৰে। একে সময়তে, শীৰ্ষ ন্যায়ালয়ে আপ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, “আপোনালোকে আমাৰ আদেশ পালন কৰা নাই। দিল্লী আৰু উত্তৰ প্ৰদেশক প্ৰদূষণৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা ল’বলৈ কোৱা হৈছিল। প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব।’’

বিচাৰিছিলো চাকৰি, পালো আটা – দাইল ! নিজৰ দলৰ চৰকাৰৰ পুনৰ সমালোচনা সাংসদ বৰুণ গান্ধীৰ…

নিজৰ দলৰ চৰকাৰৰ পুনৰ সমালোচনা সাংসদ বৰুণ গান্ধীৰ। নিৱনুৱা সমস্যা সন্দৰৰ্ভত চৰকাৰৰ উদাসীন মনোভাৱক বৰুণ গান্ধীয়ে তীব্ৰ সমালোচনা কৰে। বৰুণ গান্ধীয়ে এইবুলি অভিযোগ কৰে যে দেশৰ নিৱনুৱাই চাকৰি এটা বিচাৰিছিল যদিও চৰকাৰে চাকৰি দিয়াৰ সলনি তেওঁলোকক আটা, দাইল আদিহে দিলে। এক্স হেণ্ডেলত বৰুণ গান্ধীয়ে লিখিছে-“তেৰি মহব্বত মে হো গয়ে ফানা, মাংগি থি নৌকৰী , মিলা আটা দাল চানা”। এনে মন্তব্যৰ জৰিয়তে বৰুণ গান্ধীয়ে নিজৰ দলৰ চৰকাৰৰ ব্যৰ্থতাকেই পুনৰবাৰ উদঙাই দিলে। বিজেপি সাংসদ বৰুণ গান্ধীয়ে ইয়াৰ পূৰ্বেও নানান বিষয়ত নিজৰ দলৰ চৰকাৰকেই সমালোচনা কৰিছিল। কিছুদিন পূৰ্বে মূল্যবৃদ্ধিকে ধৰি আন কেইবাটাও বিষয়ত নিজৰ দলৰে চৰকাৰক সমালোচনা কৰা বৰুণ গান্ধীয়ে মোদীৰ চৰকাৰক সমালোচনা কৰি প্ৰশ্ন কৰিছিল চৰকাৰী কোষাগাৰৰ ওপৰত প্ৰথম অধিকাৰ কাৰ ?

বৰুণ গান্ধীয়ে তেওঁৰ চৰকাৰক ‘ফ্ৰী কি ৰেৱৰী’ সন্দৰ্ভত সমালোচনা কৰিছিল৷বৰুণ গান্ধীয়ে এই বুলি টুইট কৰিছল যে দৰিদ্ৰ লোকসকলক ৫ কিলোগ্ৰাম ৰেচন দিয়াৰ বাবে ‘ধন্যবাদ’ বিচৰা চৰকাৰ খনে পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলক ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই দিছে৷ পিলিভিটৰ সাংসদজনে তেওঁৰ নিজৰ দলৰ সাংসদ নিশিকান্ত দুবেৰ বক্তব্যকো সমালোচনা কৰিছিল। উল্লেখ্য পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক সমাৱেশত কৈছিল যে বিনামূলীয়াকৈ বস্তু দিয়া লোকৰ পৰা সাৱধান হোৱা উচিত। মোদীয়ে মূলতঃ আম আদমী পাৰ্টীক লক্ষ্য কৰিয়েই কথা খিনি কৈছিল৷ কাৰণ আপে বিদ্যুতকে ধৰি আন বহু সেৱা জনতাক বিনামূলীয়াকৈ দিছে৷এই ক্ষেত্ৰত বৰুণ গান্ধীয়ে মোদীক তেওঁৰ মন্তব্যৰ বাবে সমৰ্থন জনোৱাৰ সলনি তেওঁৰ নিজৰ দলক কাঠগড়াতহে তুলিছে৷ পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলৰ ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই দিয়াৰ প্ৰসংগতে মোদীৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছিল বৰুণ গান্ধীয়ে৷মোদীৰ চৰকাৰক কটাক্ষ কৰি বৰুণ গান্ধীয়ে কৈছিল যে মেহুল চোকচি আৰু ঋষি আগৰৱালাৰ নাম ’ফ্ৰীৰ ৰেৱাৰী’ৰ তালিকাত শীৰ্ষস্থানত আছে।

চৰকাৰী ধনৰ অপচয় কৰাৰ অধিৰকাৰ কাৰো নাই বুলিও তেওঁ কৈ আহিছে৷বৰুণ গান্ধীয়ে বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কে কাৰাডে সদনত উপস্থাপন কৰা তথ্য উল্লেখ কৰি এই কথা বুজাবলৈ চেষ্টা কৰিছিল যে চৰকাৰে যোৱা কেইবছৰমানত বিলিয়নেয়াৰসকলক কোটি কোটি টকাৰ ঋণ দিছিল আৰু তেওঁলোকে সুকলমে সেই ধন লৈ দেশৰ পৰা পলাই গৈছিল। বৰুণ গান্ধীৰ এনে আক্ৰমণত স্বাভাৱিকতে শলঠেকত পৰিছে মোদীৰ চৰকাৰ৷ইয়াৰ পূৰ্বে ‘অগ্নিপথ’ৰ বিষয়টোকলৈ চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছিল বৰুণ গান্ধী। অগ্নিবীৰৰ বাবে পেঞ্চনৰ দাবী উত্থাপন কৰি বৰুণ গান্ধীয়ে কৈছিল যে যদি অগ্নিবীৰৰ বাবে পেঞ্চন প্ৰৱৰ্তন কৰা নহয় তেন্তে তেঁৱো পেঞ্চন এৰি দিবলৈ সাজু আছে।বৰুণ গান্ধীয়ে এইবুলি টুইট কৰিছিল, “যদি হ্ৰস্বম্যাদী সেৱাত নিয়োজিত অগ্নিবীৰসকল পেঞ্চনৰ বাবে যোগ্য নহয়, তেন্তে জনপ্ৰতিনিধিসকলক এই ‘লাভালাভ’ কিয় দিয়া উচিত? ৰাজ্যৰ ৰক্ষকসকলে পেঞ্চনৰ অধিকাৰ এৰি নিদিলেও মই মোৰ পেঞ্চন এৰি দিবলৈও সাজু। বিধায়ক,সাংসদসকলে তেওঁলোকৰ পেঞ্চন এৰি দিব নোৱাৰে আৰু এয়াও নিশ্চিত কৰিব নোৱাৰে যে অগ্নিবীৰসকলক পেঞ্চন দিয়া হ’ব“।