যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ।
ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৫৫টাকৈ গো-ধন।
চোৰাং গৰুসহ আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী।
ধৃত হাৰমান লইংড, কিমি ডাকহাৰ, চোনিক তাৰিয়ং।

নগাঁৱৰ পৰা বৰ্ণিহাট অভিমুখী আছিল ট্ৰাক দুখন।
যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ।
ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৫৫টাকৈ গো-ধন।
চোৰাং গৰুসহ আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী।
ধৃত হাৰমান লইংড, কিমি ডাকহাৰ, চোনিক তাৰিয়ং।

নগাঁৱৰ পৰা বৰ্ণিহাট অভিমুখী আছিল ট্ৰাক দুখন।
শিশু সকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে সাম্প্ৰতিক সময়ত এক বিশেষ পদক্ষেপ লোৱাৰ মানসেৰে
মহিলা আৰু শিশু কল্যান বিভাগ নগাঁৱৰ অধীনত সোমবাৰে শিশু অধিকাৰ দিৱসটি উদযাপন কৰা হয়।
এই বিশেষ দিৱসটিৰ লগত সংগতি ৰাখি নগাঁও মহাবিদ্যালয় (অ’টনমাছ্)ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) ৰ সহযোগত উক্ত দিৱসটি উদযাপনৰ অৰ্থে বেটি বছাও বেটি পঢ়াও আঁচনিৰ অধীনত দিনৰ ১০:৩০ বজাত নগাঁও চহৰৰ মাজেৰে এটি সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয়।
উক্ত শোভাযাত্ৰাটি শুভ উদ্ধোধন কৰে নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পুলিন চন্দ্ৰ বৰা আৰু নগাঁও জিলা মহিলা ও শিশু বিকাশ বিষয়া বিদ্যুৎ হাজৰিকাই।
অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে নগাঁও মহাবিদ্যালয় (অ’টনমাছ্)ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ তত্বৱধায়ক তথা অধ্যাপক ড°ভূৱন চন্দ্ৰ চুতীয়া,জিলা মহিলা সবলিকৰণ কেন্দ্ৰৰ জিলা কাৰ্যক্ৰম সম্বনয়ক কুইন বৰা,পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন বিষয়া অঞ্জলি দাস, জিলা মিছন সম্বনয়ক বৰ্ণালীকা গোস্বামী,সমাজ কল্যাণ বিভাগৰ লিংগ বিশেষজ্ঞ সুৰজিত বৰঠাকুৰকে প্ৰমুখ্যে কৰি সমাজ কল্যাণ বিভাগৰ বিষয়া- কৰ্মচাৰী সকল আৰু নগাঁও মহাবিদ্যালয় (অ’টনমাছ্)ৰ প্ৰায় দুই শতাধিক ছাত্ৰছাত্ৰী উপস্থিত থাকে ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছত দেওবাৰে (১৯ নৱেম্বৰ) ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ চুক্তি আনুষ্ঠানিকভাৱে সমাপ্ত হয়।
বিচিচিআইত এতিয়ালৈকে ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত কোনো আলোচনা হোৱা নাই বুলি বাতৰি প্ৰকাশ পাইছে।
ফাইনেলৰ পিছত দ্ৰাবিদে কয় যে তেওঁ টীম ইণ্ডিয়াৰ সৈতে নিজৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা নাই।

২০২১ চনৰ নৱেম্বৰ মাহত দ্ৰাবিড়ক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল
অনুষ্কা শৰ্মা-বিৰাট কোহলীৰ বাহিৰেও বলীউডৰ বহু অভিনেত্ৰীয়ে ক্ৰিকেটাৰক নিজৰ জীৱন সংগী হিচাপে গঢ়ি তুলিছে। আহকচোন, কোনবোৰ অভিনেত্ৰীয়ে ক্ৰিকেটাৰৰ লগত বিয়া হৈছে জানো এই বিষয়ে। বলীউডৰ গ্লেমাৰ আৰু ক্ৰিকেটৰ সম্পৰ্ক বহু পুৰণি। ক্ৰিকেটাৰ আৰু অভিনেতাসকলৰ প্ৰায়ে পাৰ্টি আৰু অনুষ্ঠানত লগ হয়। এনে পৰিস্থিতিত বহু সময়ত তেওঁলোকৰ সাক্ষাৎকাৰ ভাল বন্ধুত্বলৈ পৰিণত হয় আৰু তাৰ পিছত প্ৰেমলৈ পৰিণত হয়। আজি আমি সেই অভিনেত্ৰীসকলৰ কথা ক’ম যিসকলে ক্ৰিকেটাৰৰ প্ৰেমত পৰিছিল আৰু তাৰ পিছত বিবাহত আৱদ্ধ হৈছিল।
বিৰাট কোহলী-অনুষ্কা শৰ্মাঃ প্ৰতিদিনে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ প্ৰেম কাহিনী। বিৰাট আৰু অনুষ্কা প্ৰথমবাৰৰ বাবে এড শ্বুটৰ সময়ত লগ হৈছিল। তাৰ পিছত বহু বছৰ ধৰি বন্ধুত্ব, প্ৰেম আৰু ডেটিংৰ পিছত ২০১৮ চনত বিৰাট-অনুষ্কাৰ বিয়া হৈছিল।
হৰভজন সিং-গীতা বছৰাঃ ‘দ্য ট্ৰেইন’ আৰু ‘দিল দিয়া হায়’ৰ দৰে ছবিত কাম কৰা গীতা বছৰাৰ ২০১৫ চনত ক্ৰিকেটাৰ হৰভজন সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
কে এল ৰাহুল-আথিয়া শ্বেট্টীঃ সুনীল শ্বেট্টীৰ কন্যা তথা অভিনেত্ৰী আথিয়া শ্বেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুলে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০২৩ চনত বিবাহপাশত আবদ্ধ হয়।
হাৰ্দিক পাণ্ডিয়া-নাতাছা ষ্টানকভিচঃ ‘সত্যগ্ৰহ’ৰ দৰে ছবিত কাম কৰা নাটাছা ষ্টেনকভিচেও কিছুদিন প্ৰেমৰ সম্পৰ্কৰ অন্তত বিবাহপাশত আবদ্ধ হয়।
জহীৰ খান-সাগৰিকা ঘাটগেঃ ‘চাক দে ইণ্ডিয়া’ৰ দৰে বহু ছবিত কাম কৰা সাগৰিকা ঘাটগে ২০১৭ চনত বিখ্যাত ক্ৰিকেটাৰ জহীৰ খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
যুৱৰাজ সিং-হেজেল কিচঃ খবৰ অনুসৰি ২০১১ চনত বন্ধুৰ জন্মদিনৰ পাৰ্টিৰ সময়ত প্ৰথমবাৰৰ বাবে যুৱৰাজ সিং আৰু হেজেল কিচৰ লগ হৈছিল। তাৰ পিছত কিছু দিনৰ পাছত যুৱৰাজ আৰু হেজেলৰ বিয়া হ’ল।
মনছুৰ আলী খান পটৌদি-শৰ্মিলা ঠাকুৰ: বিখ্যাত অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ বিবাহ ক্ৰিকেটাৰ মনছুৰ আলী খান পটৌদিৰ সৈতে। অভিনেত্ৰী আৰু ক্ৰিকেটাৰগৰাকীয়ে বিয়াৰ পূৰ্বে কিছুদিন ডেটিং কৰিছিল আৰু তাৰ পিছত ১৯৬৮ চনত বিবাহপাশত আবদ্ধ হৈছিল।
সংগীতা বিজলানী-মহম্মদ আজহাৰুদ্দিন: ৯০ৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানীয়ে ১৯৯৬ চনত ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অৱশ্যে ২০১০ চনত এই দম্পতীহালে বিচ্ছেদ ঘটে।
বিশ্বকাপ জয় কৰাৰ পিছত বিশ্বকাপৰ ট্ৰফীৰ মৰ্যাদা পাহৰি গ’ল নেকি মিচেল মাৰ্ছে? যি ট্ৰফীৰ বাবে খেলুৱৈসকলে গোটেই জীৱন অপেক্ষা কৰি থাকে, সেই ট্ৰফীৰ ওপৰত দুয়ো ভৰি তুলি ফটো এখন তুলিলে। আৰু দলৰ অধিনায়ক পেট কামিন্সেও সেইটো দেখুৱাই দিলে। এই ঘটনাৰ পাছতে আৰম্ভ হৈছে সমালোচনা। মাৰ্ছৰ উল্লাসৰ শৈলী কোনেও বুজি নাপায়। কিয় এনে কৰিলে? প্ৰশ্ন উত্থাপন হয়।
বিশ্বকাপ জয় কৰাৰ পিছত কামিন্সে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দলটোৰ উদযাপনৰ কেইবাখনো ছবি পোষ্ট কৰে। তাত এখন ছবিত মাৰ্ছক ট্ৰফীত দুভৰি লৈ হাঁহি হাঁহি বহি থকা দেখা যায়। এই ছবিখনৰ পৰাই আৰম্ভ হৈছিল সমালোচনা।

মাৰ্ছৰ আচৰণ বা কথা-বতৰা নতুন নহয়। বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে তেওঁ ভৱিষ্যদ্বাণী কৰিছিল। ফাইনেলত ভাৰতক চেপি ধৰিব বুলিও কয়। প্ৰথমে বেটিং কৰি ৪২০ ৰান সংগ্ৰহ কৰিব। ইয়াৰ পিছত ভাৰতে ৬৫ ৰানত বল আউট হ’ব। তেওঁলোকে ভাৰতক হৰুৱাইছে। কিন্তু এনে শব্দৰ অৰ্থ এইটো নহয়নে যে ইমান ভাল খেলি থকা দলটোৰ বিৰুদ্ধে অতিমাত্ৰা আত্মবিশ্বাস! দলৰ বাকীসকলতকৈ মাৰ্ছ বেলেগ! য’ত কামিন্স, লাবুচেন, স্মিথে বিশ্বকাপ জয় কৰাৰ পিছত আৱেগেৰে ভাঁহি আছে, মাৰ্ছ আন এখন পৃথিৱীত।
বিশ্বকাপ ২০২৩ৰ খেলখনত ভাৰতীয় দলটো পৰাস্ত হোৱাৰ পাছত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিৰাট আৰু অনুষ্কাৰ ফটো। এই ফটোখনত এই দম্পতীক অতি আৱেগিক যেন লাগিছিল। কাষতে বহি থকা আঠিয়া শ্বেট্টীয়েও চকুলো টুকিলে। ভাৰতৰ হাতৰ পৰা বিশ্বকাপ ২০২৩ৰ ট্ৰফী অষ্টেলিয়াই লৈ যোৱাৰ লগে লগে কোটি কোটি মানুহৰ হৃদয় ভাঙিল। কাৰোবাৰ চকুত চকুলো ওলোৱা দেখা গ’ল আন কোনোৱে নিজৰ দুখ লুকুৱাবলৈ আৱেগ নিয়ন্ত্ৰণ কৰা দেখা গ’ল। ইফালে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ফটো। এখন ফটোখনত অনুষ্কাক আবেগিক বিৰাটক সাৱটি ধৰা দেখা গৈছে।ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে এই ফটোখন। কাষতে বহি থকা আঠিয়াই চকুলো টুকিলে।
এই ভাইৰেল ফটোখনৰ উপৰিও এটা ভিডিঅ’ও ওলাইছিল। এই ভিডিঅ’টোত অনুষ্কা শৰ্মাৰ মুখত পৰাজয়ৰ বেদনা স্পষ্টকৈ দেখা গ’ল। ভিডিঅ’টোত অনুষ্কাক দুখী আৰু মুখখন দুখী যেন লাগিছে। অনুষ্কা শৰ্মাৰ কাষত বহি থকা অথিয়া শেট্টীক চকুলো টুকিবলৈ লাগিল। ইয়াৰউপৰিও শ্বাহৰুখ খানৰ উপৰিও অমিতাভ বচ্চন, কাজললেও ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। এই পোষ্টটোত তেওঁলোকে টিম ইণ্ডিয়াক উৎসাহিত কৰি কয় যে ক্ৰীড়াত সদায় জয় আৰু পৰাজয় থাকে।
সমগ্ৰ শিক্ষা, নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত নিপুণ অসমৰ অধীনত নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দেওপানী, বৰুৱা আলি, বৰছিলা, লোণপুৰীয়া, নামতি- আলি, নামতি দ’ল, নামতি চাৰি আলি আৰু বৰাহীবাৰীকে ধৰি আঠটা মণ্ডল সমল কেন্দ্ৰৰ মুঠ ৮৪ গৰাকী শিক্ষক- শিক্ষয়িত্ৰীক নামতি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰথম পৰ্যায়ত ৫ দিনীয়াকৈ প্ৰদান কৰা হৈছে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ।
উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত সমল শিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে ব্ৰজ বল্লভ দত্ত, হেমন্ত কুমাৰ ফুকন,অৰূপ দাস আৰু ধীৰাজ চাহুৱে।
৫ দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ কাইলৈ অন্ত পৰিব। সমান্তৰালকৈ নাজিৰাৰ লিগিৰী পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়, হাতীপটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু কেন্দুগুৰী উচ্চ মাধ্যমিক বিদ্যালয়তো চলি আছে এই প্ৰশিক্ষণ কাৰ্যসূচী।

-দিলীপ হাজৰিকা, নাজিৰা
জামুগুৰিহাটৰ বালিচাপৰিৰ ৰাবাৰ বাগানত উদ্ধাৰ কৰা হয় এটি আঘাতপ্ৰাপ্ত হৰিণা।
বনাঞ্চলৰ পৰা নিশাৰ ভাগত ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰা আঘাতপ্ৰাপ্ত হৰিণাটোক স্থানীয় ৰাইজে উদ্ধাৰ কৰি জামুগুৰি আৰক্ষীক গতাই দিয়ে।
আৰক্ষীয়ে পিছত আঘাতপ্ৰাপ্ত হৰিণাটো বনবিভাগক চমজাই দিয়ে।

বনবিভাগৰ ফালৰ পৰা বৰ্তমান আঘাতপ্ৰাপ্ত হৰিণাটো চিকিংসা প্ৰদান কৰা হৈছে আৰু সুস্থ হৈ উঠিলে হৰিণাটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত এৰি দিয়াৰ কথা জানিবলৈ দিছে বনবিভাগৰ কৰ্মচাৰীয়ে।
-জোন বৰা, জামুগুৰিহাট
আমগুৰিৰ পৌৰসভাৰ সভাকক্ষত লেখিকা সংস্থা অসমৰ ম’ৰাবজাৰ শাখাৰ আতিথ্যত এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট লেখিকা বনশ্ৰী নেওগৰ কাব্য সংকলন “অসম্পূৰ্ণতাত জ্বলি থাকে সূৰ্য” উন্মোচন কৰা হয়। পেচাত শিক্ষকতা কৰা বনশ্ৰী নেওগৰ প্ৰথমখনি কাব্য সংকলন “অসম্পূৰ্ণতাত জ্বলি থাকে সূৰ্য” উন্মোচন কৰে কবি প্ৰেম গগৈয়ে। ম’ৰাবজাৰ শাখা লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তোষেশ্বৰী নেওগ ফুকনে বন্তি প্ৰজ্বলন কৰে।

লেখিকা সংস্থা অসমৰ ম’ৰাবজাৰ শাখাৰ সম্পাদিকা অঞ্জনা গগৈয়ে আঁত ধৰা উন্মোচনী সভাৰ সভাপতিত্ব কৰে শাখাৰ সভানেত্ৰী মীৰা গগৈয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ‘ক্ৰান্তিকাল’ৰ কবি যোগেশ কিশোৰ ফুকন, নৱপ্ৰজন্মৰ কবি প্ৰাঞ্জল প্ৰতিম বড়া আৰু সাংস্কৃতিক কৰ্মী তথা শিক্ষক বিমান শইকীয়া উপস্থিত থাকে। অনুষ্ঠানত আমগুৰি আৰু ম’ৰাবজাৰ অঞ্চলৰ বিভিন্নজন গন্যমান্য ব্যক্তি উপস্থিত থাকে।
শীতকালত প্ৰতিদিনে খাব লাগে এটাকৈ বিলাহী। কেঁচা বিলাহী খালে শৰীৰত বহু উপকাৰ পোৱা যায়। আচলতে বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। কেঁচা বিলাহী খালে শৰীৰত বহু উপকাৰ পোৱা যায়। শীতকালত কেঁচা বিলাহীখোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক…
বিলাহীত প্ৰচুৰ পৰিমাণে লাইকোপেন পোৱা যায়। ইয়াত পোৱা এন্টিঅক্সিডেন্ট হৃদৰোগৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা ১৪ শতাংশ হ্ৰাস পায়। ই তেজত থকা কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰে। লগতে শৰীৰত এইচ ডি এল কলেষ্টেৰল বৃদ্ধি কৰে। হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।
এজন ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে ১টাকৈ কেঁচা বিলাহী খাব লাগে। বিলাহীত পোৱা লাইকোপেনে ইনচুলিন কোষৰ উন্নতি সাধন কৰে। ই কোষবোৰক ভাঙি যোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী হৈ পৰে।
বিলাহীৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত বিটা-কেৰটিন থাকে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এক গৱেষণাৰ মতে বিলাহীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা কোষ বৃদ্ধি কৰে।
বিলাহীত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। য’ত প্ৰচুৰ পৰিমাণে আঁহ থাকে। বিলাহীত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা যৌগ থাকে যিয়ে বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। সেয়েহে প্ৰতিদিনে এটাকৈ বিলাহী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।