Home Blog Page 1270

বৰেণ্য শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত উত্তৰ গুৱাহাটীৰ অগ্ৰণী সমাজ সাংস্কৃতিক সংস্হা জনকল্যান ছ’চাইটিৰ আৰু সাংস্কৃতিক বিদ্যালয় অসমৰ উদ্যোগত আৰু প্ৰতিষ্ঠিত সংগীত বিদ্যালয় সংগীত সুৰভী উত্তৰ গুৱাহাটীৰ সহযোগত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সুধাকন্ঠ ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই অনুষ্ঠানত সুধাকন্ঠ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী জয়ন্ত কুমাৰ নাথে,মাল্য অৰ্পণ কৰে জনকল্যান ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথ , সাংবাদিক উৎপল তামুলী, শিক্ষক গিৰিন্দ্ৰ কুমাৰ দাসৰ লগতে উপস্থিত ৰাইজে। উত্তৰ গুৱাহাটী অভয়পুৰৰ কৃষ্ণা সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশন কৰা সুধাকন্ঠ গৰাকীৰ এটি সমবেত সংগীতৰ দ্বাৰা আজিৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰা হয়।

সু-কন্ঠী গায়িকা কৃত্তিকা নাথে ভূপেন হাজৰিকা দেৱৰ গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।আজিৰ এই অনুষ্ঠানত সদৌ অসম ভিত্তিত ক আৰু খ দুটা শাখাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত কৃষ্ণা সংগীত বিদ্যালয়ৰ অধ্যক্ষা প্ৰানজীতা কৃষ্ণা তামুলী আৰু সা ৰে গা মা আৰ্ট অৱ মিউজিক একাডেমীৰ তত্তাবধায়ক মৌচুমী প্ৰভাত বড়াক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয। সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা বিচাৰক হিচাপে অংশগ্ৰহণ কৰে অসমৰ সংগীত জগতৰ প্ৰতিষ্ঠিত শিল্পী নিত্যানন্দ ডেকা আৰু অসীম জ্যোতি বৰুৱাই। বিচাৰক মণ্ডলীক আয়োজক সমিতিৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। আজিৰ এই ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ক শাখাত প্ৰথম স্থান লাভ কৰে যুটীয়া ভাবে গুণ গুণ কাশ্যপ আৰু প্ৰিয়াঞ্চী বৰ্মন, দ্বিতীয় স্থান যুটীয়া ভাৱে কংকনা মিলি আৰু নিবিড় কুমাৰ নাথ, আৰু তৃতীয় স্থান লাভ কৰে যুটীয়া ভাৱে অসীমা শৰ্মা আৰু ৰাবিজীতা কলিতাই। খ শাখাত প্ৰথম স্থান লাভ কৰে নিৰ্মালি দাস, দ্বিতীয় ভায়োলিনা ডেকা আৰু তৃতীয় স্থান যুটীয়া ভাৱে ভাস্বতী ৰাজবংশী আৰু মেঘাৰ্নব কলিতাই। সুধাকন্ঠ গৰাকীৰ স্মৃতিত অনুষ্ঠিত কৰা এই সংগীত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰতি গৰাকী প্ৰতিযোগীক বটাৰ লগতে নগদ ধন আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।আজিৰ এই অনুষ্ঠান সঞ্চালন কৰে সংগীত সুৰভী বিদ্যালয়ৰ সভাপতি বিজয়ানন্দ বৰুৱাই।

ঘৰত পুৰুষ নে মহিলাই বেছিকৈ ৰান্ধে? সমীক্ষাত প্ৰকাশ আচৰিত তথ্য…

এক নতুন সমীক্ষাত দেখা গৈছে যে ‘ঘৰতে ৰন্ধা-বঢ়া’ৰ ক্ষেত্ৰত লিংগৰ ব্যৱধান বৃদ্ধি পাইছে। বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে পুৰুষতকৈ মহিলাই বেছিকৈ ৰান্ধিছে। ২০২২ চনত মহিলাসকলে গড়ে প্ৰতি সপ্তাহত মাত্ৰ ৯টা আহাৰহে ৰান্ধিছিল আনহাতে পুৰুষসকলে প্ৰতি সপ্তাহত প্ৰায় চাৰিটা আহাৰ ৰান্ধিছিল। খবৰ অনুসৰি গ্যালাপ আৰু কুকপেডৰ বাৰ্ষিক সমীক্ষাৰ ফলাফলত এই পৰিসংখ্যা ওলাইছে। ই আচলতে বিশ্বৰ দেশসমূহত মানুহে ঘৰতে ৰন্ধা খাদ্য কিমান সঘনাই ৰান্ধে আৰু খায় সেইটো অনুসৰণ কৰে। এই সমীক্ষা ২০১৮ চনৰ পৰা আৰম্ভ হৈছিল। মহামাৰীৰ বছৰবোৰত সমীক্ষাৰ ফলাফলত দেখা গ’ল যে পুৰুষে মহিলাতকৈ অধিক ৰান্ধিছিল।


গ্যালাপৰ গৱেষণা সঞ্চালক এণ্ড্ৰু ডুগানে বুজাইছে, ‘অধ্যয়ন আৰম্ভ হোৱাৰ পৰাই প্ৰতি বছৰে লিংগৰ ব্যৱধান কমি আহিছে।’ ডুগানে এই জৰীপৰ আৰম্ভণিৰে পৰাই কাম কৰি আহিছে। কিন্তু সমীক্ষাৰ শেহতীয়া ফলাফলত এই ধাৰা সলনি হয়। ২০২২ চনত মহিলাসকলে আগৰ দৰে ৰান্ধলে আৰু পুৰুষে কম ৰান্ধিবলৈ আৰম্ভ কৰিলে। দেশ অনুসৰি লিংগ ব্যৱধানৰ ভিন্নতা পোৱা গৈছিল। আমেৰিকাত পুৰুষতকৈ মহিলাসকলে গড়ে প্ৰতি সপ্তাহত দুগুণ বেছি খাদ্য ৰান্ধে।

সমীক্ষা অনুসৰি ইথিওপিয়া, তাজিকিস্তান, ইজিপ্ত, নেপাল আৰু য়েমেনত লিংগ ব্যৱধান আটাইতকৈ বেছি। ইয়াত মহিলাসকলে পুৰুষতকৈ প্ৰতি সপ্তাহত প্ৰায় আঠগুণ বেছি খাদ্য ৰান্ধে। ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত লিংগৰ ব্যৱধান আটাইতকৈ কম থকা দেশসমূহ হৈছে ইউৰোপ, য’ত স্পেইন, ব্ৰিটেইন, ছুইজাৰলেণ্ড, ফ্ৰান্স আৰু আয়াৰলেণ্ড আদি অন্তৰ্ভুক্ত। সমীক্ষা অনুসৰি ইটালী হৈছে বিশ্বৰ একমাত্ৰ দেশ য’ত প্ৰকৃততে মহিলাতকৈ পুৰুষে বেছি ৰান্ধিছে। ইটালীত এই ধাৰা কিয় দেখা গ’ল বা আমেৰিকাকে ধৰি আন সকলো দেশতে লিংগৰ ব্যৱধান কিয় বৃদ্ধি পালে সেয়া স্পষ্ট হোৱা নাই।

বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা, হাৰিয়ানাৰ তিনিখন জিলাত বিদ্যালয় বন্ধ…

দিল্লী-এনচিআৰত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণে জনসাধাৰণৰ জীৱন অতি কষ্টকৰ কৰি তুলিছে। দিল্লীৰ পিছতে শিশুসকলক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ হাৰিয়ানাৰ তিনিখন জিলাৰ বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।গুৰুগ্ৰাম আৰু ফৰিদাবাদ প্ৰশাসনে নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে। ফৰিদাবাদৰ উপ আয়ুক্ত বিক্ৰম সিঙে মঙলবাৰৰ পৰা ১২ অক্টোবৰলৈকে ১ম শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ শিশুৰ বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে।


যোৱা এসপ্তাহ ধৰি জিলাখনৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ‘অতি বিপজ্জনক’ হৈ পৰিছে। সোমবাৰে ই ৪১২ নম্বৰত উপনীত হোৱাৰ বিপৰীতে ঔদ্যোগিক জিলাখনে দেশৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছে। সোমবাৰে এই সন্দৰ্ভত গুৰুগ্ৰাম জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা উপ আয়ুক্ত (ডি চি) নিশান্ত কুমাৰ যাদৱে এক নিৰ্দেশ জাৰি কৰে। ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা যাতে ব্যাহত নহয় তাৰ বাবে বিদ্যালয়সমূহক অনলাইন পঢ়া-শুনা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। এই আদেশ অহা ৭ নৱেম্বৰৰ পৰা জিলাখনৰ সকলো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠানত প্ৰযোজ্য হ’ব আৰু পৰৱৰ্তী আদেশ পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব।

অতিৰিক্ত ওজন, মদ্যপান আৰু কিছুমান ঔষধে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে…

উচ্চ ইউৰিক এচিডঃ ইউৰিক এচিড বৃদ্ধি হোৱাটো আজিৰ দিনত এক সাধাৰণ সমস্যা। খাদ্যৰ পৰিৱৰ্তন, অতিৰিক্ত ওজন, মদ্যপান আৰু কিছুমান ঔষধে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। ইউৰিক এচিড হৈছে শৰীৰৰ কোষবোৰ ভাঙি যোৱাৰ সময়ত সৃষ্টি হোৱা পেলনীয়া পদাৰ্থ। সাধাৰণতে ই তেজৰ পৰা বৃক্কৰ জৰিয়তে শৰীৰৰ পৰা ওলাই যায়। কিন্তু কিছুমান ক্ষেত্ৰত শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বেছি হ’ব পাৰে, যাৰ ফলত হাইপাৰ ইউৰিচেমিয়া হ’ব পাৰে। আজি আমি আপোনালোকক জনাম এটা আচৰিত পদ্ধতিৰ বিষয়ে, যাৰ সহায়ত তেজৰ পৰা ইউৰিক এচিড ফিল্টাৰ হৈ শৰীৰৰ পৰা ওলাই আহিব।


মেথি আৰু ধনীয়া গুটিৰ পানী ইউৰিক এচিড কমোৱাৰ এক ফলপ্ৰসূ ঘৰুৱা ঔষধ। ইয়াৰ বাবে এগিলাচ পানীত এচামুচ মেথি গুটি আৰু এচামুচ ধনীয়া গুটি দি ৰাতি তিয়াই থব। এই পানী ৰাতিপুৱা ফিল্টাৰ কৰি খালী পেটত খাব লাগে। এই পানীত থকা পুষ্টিকৰ পদাৰ্থই ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। মেথি গুটিত থকা আঁহ আৰু এন্টিঅক্সিডেন্টে শৰীৰৰ পৰা ইউৰিক এচিড আঁতৰোৱাত সহায় কৰে। ধনীয়া গুটিত থকা প্ৰদাহ নিবাৰণকাৰী গুণে গাঁঠিৰ ফুলা আৰু বিষ কমোৱাত সহায় কৰে। এই পানী দৈনিক কেইসপ্তাহমানৰ বাবে সেৱন কৰিলে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস পোৱা দেখা যায়।

খালী পেটত এইবোৰ সেৱনৰ উপকাৰিতা-

  • কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। মেথি আৰু ধনীয়া গুটিত থকা আঁহে হজম শক্তি উন্নত কৰাৰ লগতে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।
  • ওজন কমাবলৈ সহায় কৰে। মেথি আৰু ধনীয়া গুটিত থকা আঁহে ভোক কমোৱাত সহায় কৰে, যিয়ে ওজন কমাবলৈ সহায় কৰিব পাৰে।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মেথি আৰু ধনীয়া গুটিত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।
  • ছালখন সুস্থ কৰি ৰাখে। মেথি আৰু ধনীয়া গুটিত থকা এন্টিঅক্সিডেন্টে ছালখনক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

আজি ছত্তীশগড় আৰু মিজোৰামত ভোটদান…

ছত্তীশগড় আৰু মিজোৰামত বিধানসভা নিৰ্বাচন আজি অৰ্থাৎ ৭ নৱেম্বৰ মঙলবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত।

ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যখনৰ ৪০,৭৮,৬৮১ গৰাকী ভোটাৰে ২২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

আনহাতে, মিজোৰামতো বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৰাজ্যখনত মুঠ বিধানসভা আসনৰ সংখ্যা ৪০খন।

৮,৫১,৮৯৫গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৭৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

বাংলাদেশী মুলৰ মিঞাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আগ্ৰাসন, অসমীয়াৰ সংস্কৃতিক ধ্বংসৰ পৰিকল্পনাঃ ভুৱন পেগু…

প্ৰসংগঃ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্য

বাংলাদেশী মুলৰ মিঞাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আগ্ৰাসন, অসমীয়াৰ সংস্কৃতিক ধ্বংসৰ পৰিকল্পনাঃ ভুৱন পেগু

নিৰ্বাচনত আজমল বাহিনীক প্ৰতিহত কৰিব অসমৰ খিলঞ্জীয়া জণগনে 

সাম্প্ৰদায়িক মন্তব্য কৰি অসমত বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলোৱা এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলক এইবাৰ উভতি ধৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগুয়ে। বদৰুদ্দিন আজমলৰ এনে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ মন্তব্যই অসমৰ থলুৱা খিলঞ্জীয়া অসমীয়া ৰাইজক অপমান কৰিছে। আই চি চি  বা জেহাদীৰ মনোভাব লৈ আজমলে এনে মন্তব্য কৰাৰ বাবে আচলতে অসমত বাংলাদশী মুলৰ মিঞা মুচলমান সকলে আজিলৈকে মুলসূতিৰ অসমীয়া মানুহৰ লগত খাপ খাব নোৱাৰিলে। গণতান্ত্ৰিক দেশ এখনত ৰাইজে ভোট দি নিৰ্বাচিত কৰা এজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ক ব্ৰহ্মপুত্ৰত উটোৱাই দিয়া বুলি যি অপমানসূচক মন্তব্য কৰিছে তেনে জেহাদী মন্তব্যবোৰক অসমৰ জনগনে অহা নিৰ্বাচনত আজমলক প্ৰতিহত কৰিব। এইটোৱেই শৰাইঘাটৰ শেষ ৰণ হ’ব ।

শৰাইঘাটৰ যুদ্ধ অসমৰ খিলঞ্জীয়া যুৱ সমাজে এনে বদৰুদ্দিন আজলম, চিৰাজৌদ্দিন আজমল আৰু বাংলাদেশী মুলৰ মিঞাৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আগ্ৰাসন কেতিয়াও সহ্য নকৰে  চিলাপথাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰেই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ উঠে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগু। 

অসমৰ খিলঞ্জীয়া জনগনে বজাৰ -পথাৰ দখল কৰাৰ প্ৰক্ৰিয়া উজনি অসমৰ কেবাখনো জিলাত ইতিমধ্যে ই আৰম্ভ কৰিছে।  অনাগত দিনত অসমত তেনে মিঞা বাংলাদেশীৰ আগ্ৰসন উপৰাই পেলাই অসমত খিলঞ্জীয়াৰ শাসন বিজেপি দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজমলৰ এনে ৰাজনীতি উপৰাই পেলোৱা হ’ব বুলিও কয়। অহা হাজাৰ বছৰলৈকে অসমত বাংলাদশী মিঞা মুছলমানৰ শাসন কৰাৰ যি সপোন, আই চি চি, জেহাদীৰ মনোভাৱেৰে অসম দখল কৰাৰ যি পৰিকল্পনা কৰিছিল আজমল বাহিনীয়ে এই সকলো সপোন হৈয়ে থাকিব।

বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে এই সম্পৰ্কত বিৰোধী কংগ্ৰেছ দলকো  কটু সমালোচনা কৰি কয় আজমলৰ এনে সাম্প্ৰদায়িক মন্তব্যবোৰক কংগ্ৰেছে যুগ যুগ ধৰি কম্প্ৰমাইজ কৰাৰ বাবেই আজমলৰ দৰে এজন ব্যক্তিয়ে অসমৰ খিলঞ্জীয়াৰ ভূমিত অসমীয়াৰ জনজীৱনক ধ্বংস কৰাৰ এনে সাম্প্ৰদায়িক মন্তব্য কৰিব পাৰিছে। ইফালে কংগ্ৰেছৰ নেতৃত্বত গঠিত ১৫ টাকৈ ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চকো সমালোচনা কৰি কয়  অসমৰ খিলঞ্জীয়া জনগন বিজেপি দলৰ লগতে আছে বাংলাদেশী মুলৰ মিঞাৰ সকলক লৈয়ে বিৰোধীয়ে ৰাজনীতি কৰি আছে । কংগ্ৰেছৰ প্ৰতিদ্বন্দিতা বিজেপি দলৰ সৈতে নহয় বদৰুদ্দিন আজমলৰ লগতে আছে  গতিকে অসমত আৰু ১০ বছৰ বিজেপিৰ চৰকাৰ ৰাইজে আনিলে  এনে মিঞা বাংলাদেশী মুচলমানৰ চিন্তা চৰ্চা মূৰৰ পৰা ওপৰাই পেলোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগুয়ে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰল ঘটনা ! টাইম আউটৰ বলি হৈ পেভিলিয়নমুখী হ’ল এঞ্জেলো মেথিউছ…

১৪৬ বছৰীয়া ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰল ঘটনা।

টাইম আউটৰ বলি হৈ পেভিলিয়নমুখী হ’ল এঞ্জেলো মেথিউছ। এটাও বলৰ মুখামুখি নোহোৱাকৈ আউট দিলে আম্পায়াৰে।

শ্ৰীলংকা বনাম বাংলাদেশৰ মেচত ঘটিল এই অঘটন। বাংলাদেশৰ খেলুৱৈৰ আপীলৰ পাছতে এই সিদ্ধান্ত আম্পায়াৰৰ।

আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত প্ৰশিক্ষণ শিবিৰত “আদৰ্শ জনপ্ৰতিনিধি, কাৰ্যালয়, জনসংবাদ, ভ্ৰমণ আৰু সামাজিক মাধ্যম” ৰ ওপৰত বক্তব্য ৰাখে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ…

আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ দ্বাৰা আয়োজিত

পৌৰসভাৰ পাৰিষদ সকলৰ প্ৰশিক্ষণ শিবিৰত “আদৰ্শ জনপ্ৰতিনিধি, কাৰ্যালয়, জনসংবাদ, ভ্ৰমণ আৰু সামাজিক মাধ্যম” ৰ ওপৰত বক্তব্য ৰাখে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

এই প্ৰশিক্ষণ শিবিৰে পৌৰসভাৰ পাৰিষদসকলক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত নিশ্চিত ৰূপত উপকৃত কৰিব বুলি দৃঢ়বিশ্বাস মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি ! ৫ ডিচেম্বৰত ধাৰ্য কৰিছে পৰৱৰ্তী শুনানিৰ দিন…

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি। ৫ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য।

Supreme court of India building in New Delhi, India.

৭ নৱেম্বৰত আছিল শুনানিৰ দিন। উচ্চতম ন্যায়ালয়ে ৫ ডিচেম্বৰত ধাৰ্য কৰিছে পৰৱৰ্তী শুনানিৰ দিন।

ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেলৰ আবেদনৰ ভিত্তিত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য।

এই ৫টা অভ্যাস গ্ৰহণে বাৰ্ধক্যৰ প্ৰভাৱ হ্ৰাস কৰিব…

ব্যস্ত জীৱনত আমি স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰাখিব পৰা নাই, যাৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে আৰু অকাল বাৰ্ধক্যৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। য’ত ভাগৰ, বলিৰেখা, দুৰ্বলতা আৰু হাড়ৰ বিষ আদিও দেখা যায়। নিজকে সৰু কৰি ৰাখিবলৈ আপুনি কোনবোৰ দৈনন্দিন অভ্যাস গ্ৰহণ কৰিব লাগে জানো আহক-

ফল-মূল, শাক-পাচলিৰ দৰে সুষম খাদ্যই ছালৰ স্বাস্থ্য উন্নত কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু শৰীৰক ভালদৰে কাম কৰাত সহায় কৰা অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে।

ডেকা হৈ থকাৰ অন্যতম ফলপ্ৰসূ উপায় হ’ল ব্যায়াম। নিয়মিত শাৰীৰিক কাৰ্য্যকলাপে পেশীৰ শক্তি, নমনীয়তা আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ই এণ্ড’ৰ্ফিন উৎপাদনত সহায় কৰে, যিয়ে মেজাজ উন্নত কৰে আৰু মানসিক চাপ হ্ৰাস কৰে।

ছাল আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ হাইড্ৰেটেড হৈ থকাটো গুৰুত্বপূৰ্ণ। পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে, ছালখনক জলসিঞ্চিত কৰি ৰাখে আৰু শৰীৰৰ বিভিন্ন কাৰ্য্যত সহায় কৰে। দিনটোত কমেও ৮ গিলাচ পানী খাওক।

আমাক টোপনিৰ প্ৰয়োজন। টোপনিৰ অভাৱত অকাল বয়স বৃদ্ধি, মানসিক চাপ বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে। প্ৰতি নিশা ৭-৯ ঘণ্টা জিৰণি লোৱাৰ লক্ষ্য ৰাখক যাতে আপুনি সতেজ হৈ থাকে আৰু দৈনন্দিন জীৱনটো আগবঢ়াই নিব পাৰে।

দীৰ্ঘম্যাদী মানসিক চাপে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰে। ধ্যান, গভীৰ উশাহ বা যোগাসনৰ দৰে মানসিক চাপ বাষ্টাৰ কৌশলৰ অভ্যাসে মানসিক চাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে। মানসিক চাপ কমালে কেৱল যৌৱন অনুভূতি বৃদ্ধি কৰাই নহয়, মানসিক আৰু আৱেগিক ভাৰসাম্যও গঢ়ি তুলিব পাৰে।