Home Blog Page 1284

এটি বিশেষ ঘোষণা ! সমগ্ৰ দেশত কোনো জৰুৰী অৱস্থা বা দুৰ্যোগ হ’লে বাজি উঠিব মোবাইল…

এটি বিশেষ ঘোষণা

দূৰসংযোগ বিভাগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দুৰ্যোগৰ সময়ত জৰুৰীকালীন যোগাযোগ বৃদ্ধিৰ বাবে আৰু নাগৰিকসকলৰ সুৰক্ষা তথা কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে “চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম” পৰীক্ষণ আৰম্ভ কৰিছে। টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিটো প্ৰতিষ্ঠানে “চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম”ৰ পৰীক্ষা সম্পন্ন কৰিব। “চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম” হৈছে এক অত্যাধুনিক প্ৰযুক্তি যি একোটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ ভিতৰত থকা সকলো মোবাইল ফোনলৈ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰাৰ অনুমতি দিয়ে।

ইয়াৰ দ্বাৰা জৰুৰীকালীন সময়ত গুৰুত্বপূৰ্ণ তথ্যসমূহ সময়মতে জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো সুনিশ্চিত কৰা হয়। চৰকাৰী সংস্থা আৰু জৰুৰীকালীন সেৱাই জনসাধাৰণক সম্ভাব্য ভাবুকিৰ বিষয়ে অৱগত কৰিবলৈ আৰু জৰুৰীকালীন সতৰ্কবাণী যেনে প্ৰতিকুল বতৰৰ সতৰ্কবাণী, চুনামি, কৃত্ৰিম বান, ভূমিকম্প আদিকে ধৰি সুৰক্ষাজনিত বাৰ্তা, জাননী আৰু অন্যান্য জৰুৰীকালীন তথ্য যোগানৰ বাবে “চেল ব্ৰডকাষ্ট” ব্যৱহাৰ কৰে।

পৰীক্ষাৰ সময়ছোৱাত জনসাধাৰণে নিজৰ মোবাইল ফোনত জৰুৰীকালীন সতৰ্কবাণী লাভ কৰিব পাৰে। ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে এই সতৰ্কবাণীসমূহ পৰিকল্পিত পৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ আৰু ই প্ৰকৃত জৰুৰীকালীন অৱস্থাৰ ইংগিত নিদিয়ে। আজি অসমত এই পৰীক্ষা সম্পন্ন কৰা হ’ব। এনে সতৰ্কবাণী পৰীক্ষামূলকহে। সেয়েহে আপোনাৰ মোবাইল ফোনত এনে সতৰ্কবাণী আহিলে শংকাৰ কোনো কাৰণ নাই।

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন অগ্ৰাহ্য…

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন অগ্ৰাহ্য৷

উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰিলে ছিছ’দিয়াৰ জামিন আবেদন৷

দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰি সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল ছিছ’দিয়াক৷ ২৬ ফেব্ৰুৱাৰীত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’দিয়াক৷

ৰাজ্যিক মৰ্যাদাৰে সোণাৰিত সম্পন্ন কৰা হ’ব প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী শৰৎ বৰকটকীৰ অন্ত্যেষ্টিক্ৰিয়া…

ৰাজ্যিক মৰ্যাদাৰে সোণাৰিত সম্পন্ন কৰা হ’ব প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী শৰৎ বৰকটকীৰ অন্ত্যেষ্টিক্ৰিয়া৷

মৃত্যুৰ পূৰ্বে নেত্ৰ দান কৰিছিল শৰৎ বৰকটকীয়ে৷

ইতিমধ্যে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বৰকটকীৰ কৰ্ণিয়া সংগ্ৰহ কৰিছে GMCHয়ে৷

ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে ৰাছিয়াৰ বিমানবন্দৰত ইজৰাইলৰ বিমান আক্ৰমণ…

ৰাছিয়াৰ দাগেস্তান বিমানবন্দৰত মাজনিশা এক বৃহৎ কাণ্ড সংঘটিত। এয়া কোনো বিমান দুৰ্ঘটনাৰ নহয়। ইজৰাইলৰ পৰা এখন বিমান অৱতৰণ হোৱাৰ খবৰ বিয়পি পৰিল ৰাছিয়াত। ইয়াৰ পিছতে আল্লাহ হু আকবৰৰ শ্লোগান দি বিমানবন্দৰত আক্ৰমণ কৰে একাংশই। আল্লাহ হু আকবৰৰ শ্লোগানেৰে ইহুদীসকলক আক্ৰমণ কৰিব বিচাৰিছিল। কম সময়ৰ ভিতৰতে পেৰা মিলিটাৰী আহি উপস্তিত হয় ঘটনাস্থলীত। শেহতীয়া তথ্য অনুসৰি কোনো যাত্ৰীৰ ক্ষতি হোৱা নাই। ৰাছিয়াই দাগেস্তানৰ এই মূল বিমানবন্দৰটো বন্ধ কৰি দিছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’বোৰ ভয়ংকৰ। প্ৰতিটো বাধা অতিক্ৰম কৰি বিমানবন্দৰত আগবাঢ়িছে তেওঁলোক। কিছুমানে হাতত লৈ আছে পেলেষ্টাইনৰ পতাকা। বিমানৰ পৰা নামি অহা যাত্ৰীসকলে ভয় খাইছিল। পিছুৱাই যাবলৈ কৈছিল নিৰাপত্তাৰক্ষীয়ে।


মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত গংগা চৌধুৰীৰ মৃত্যু…

মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত আহত গংগা চৌধুৰীৰ মৃত্যু৷

GMCHত মৃত্যু হয় মহিলাগৰাকীৰ৷ সুৰামত্ত চালকে মহটিয়াই নিছিল মহিলাসহ এখন বাহন৷

চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন৷

আজি অভিশপ্ত ৩০ অক্টোবৰ…

এটা ক’লা দিন! আজি অভিশপ্ত ৩০ অক্টোবৰ। অভিশপ্ত দিনটোৰ সম্পূৰ্ণ হ’ল ১৫টা বছৰ।যি বিস্ফোৰণে কঁপাই থৈ গৈছিল ৰাজ্য। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল অৰ্ধশতাধিকে৷ মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীত সংঘটিত হৈছিল বিস্ফোৰণ৷

একেসময়তে বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰতো হৈছিল বিস্ফোৰণ৷ থান-বান হৈছিল বহু পৰিয়ালৰ সপোন, কিন্তু আজিও ন্যায় নাপালে নিহত-আহতৰ পৰিয়ালে৷ এই বিস্ফোৰণৰ ফলত মৃত্যু হোৱা সকলক সুঁৱৰি আজি গনেশগুৰিত ৰাজ্য চৰকাৰৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।

বাক্সাৰ জালাহত স্থাপন হ’ব বড়োলেণ্ড গ্ৰাম্য উদ্যোগ কেন্দ্ৰ – প্ৰমোদ বড়ো…

“বাক্সা জিলাৰ জালাহত বডোলেণ্ড গ্ৰাম্য উদ্যোগ কেন্দ্ৰ এটি আমি আৰম্ভ কৰিম। ইয়াৰ লগতে ড০ ভূপেন হাজৰিকাৰ প্ৰকল্প এটা আছেই। আৰু জালাহ বি বি কিষাণ মহাবিদ্যালয়ৰ বিভিন্ন উন্নয়নৰ কাম আমি হাতত লৈছো।” বাক্সা জিলাৰ জালাহত ১০ দিনীয়াকৈ চলি থকা ৯৪ সংখ্যক শ্ৰীশ্ৰীলক্ষ্মী পূজা উদযাপন স্থলীত কালি সন্ধিয়া বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োই ইয়াত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে। বিটিআৰ প্ৰধান বড়োই জালাহত আৱশ্যক হৈ থকা ড্ৰেইনৰ পৰা স্মশাণলৈকে অভাৱৰ কথা ব্যক্ত কৰি এই সমস্যা সমূহ দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োই জালাহ আঞ্চলিক শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰত উপস্থিত হৈ ইয়াৰ আন্তৰ্গাঠনি উন্নয়নৰ বাবে বিটিচি উন্নয়ন পুঁজিৰ পৰা ৫০ লাখ টকাৰ আঁচনি এটিৰো ঘোষণা কৰে। আমাৰ অঞ্চলেই হ’ল গ্ৰামাঞ্চল বুলি উল্লেখ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই পুনৰ কয়, “ইয়াত আমি খেতি বাতি কৰো। আমাৰ জীৱিকাই হ’ল খেতি।

খেতি কৰাৰ পিছত সকলোৱে লক্ষ্মী পূজা কৰে আৰু বড়ো সকলে মাইনাও পূজা কৰে। ইয়াৰ জড়িয়তেই উপাৰ্জন যাতে ভাল দৰে হয় তাৰ বাবে মা লক্ষ্মীক প্ৰাৰ্থনা কৰে। পূজাৰ জড়িয়তে মিলা প্ৰীতি ভাৱ বিনিময় কৰা হয়।” বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োক সংগ দিয়ে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু পাৰিষদ মন্টু বড়োৱে।

কেদাৰনাথ যাত্ৰাত ভক্তিত মগ্ন চাৰা আলী খান, অনুৰাগীয়ে সোঁৱৰাই দিলে সুশান্ত সিং ৰাজপুতৰ কথা…

কেদাৰনাথ যাত্ৰাত ভক্তিত মগ্ন চাৰা আলী খান। বলীউডৰ অভিনেত্ৰী চাৰা আলী খান গৈছে কেদাৰনাথ যাত্ৰাত। তেওঁ এই যাত্ৰাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত ছাৰাই কেদাৰনাথ যাত্ৰাৰ বহু মুহূৰ্ত দেখুৱাইছে।কেতিয়াবা ভক্তিত মগ্ন হোৱা দেখা গৈছে আৰু কেতিয়াবা আনন্দ-ফূৰ্তি কৰা দেখা গৈছে।

অনুৰাগী সকলে ছাৰাৰ এই ভিডিঅ’টোৰ প্ৰতি অতি আকৰ্ষিত। ছচিয়েল মিডিয়াত এই ভিডিঅ’টোৰ ওপৰত ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। এজন অনুৰাগীয়ে লিখিছে, সুশান্ত সিং ৰাজপুতৰ কথা। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, যিমানেই ট্ৰল নকৰক কিয়, ভক্তি বন্ধ নহয়। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, এই গীতটোৱে মোক সদায় ছবিখনৰ ছাৰা আৰু সুশান্তৰ দৃশ্যটোৰ কথা মনত পেলাই দিয়ে। অমৃতা সিঙৰ লালন-পালনৰ প্ৰশংসা কৰি এজন অনুৰাগীয়ে লিখিছে, ছাৰা এগৰাকী সম্পূৰ্ণ ভাৰতীয় ছোৱালী যিয়ে মাকৰ পৰা উৎকৃষ্ট লালন-পালন লাভ কৰিছে। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, বলীউডৰ একমাত্ৰ ছাৰা যিয়ে ভগৱানৰ প্ৰতিটো স্থান ভ্ৰমণ কৰিবলৈ যায়। বাকী অভিনেতাসকলে কেৱল ছ’চিয়েল চাইটত নিজৰ শৰীৰটো দেখুৱাব বিচাৰে।

স্কুললৈ যোৱা শিশুক পুৱা এই ৫টা স্বাস্থ্যকৰ বস্তু খাবলৈ দিয়ক…

স্কুললৈ যোৱা শিশুৰ বাবে স্বাস্থ্যকৰ ব্ৰেকফাষ্ট: ব্ৰেকফাষ্ট আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ খাদ্য, আপুনি ৰাতিপুৱা যিয়েই নাখাওক কিয়, কিন্তু কি খাইছে সেইটো গুৰুত্বপূৰ্ণ। সন্তানৰ বাবে স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট আৰু অধিক গুৰুত্বপূৰ্ণ।

এভোকেডো এবিধ অতি স্বাস্থ্যকৰ ফল য’ত ভাল পৰিমাণৰ ভাল চৰ্বি থাকে। এইয়া খালে শিশুৰ পেট বহুদেৰি ধৰি ভৰি থাকিব, যাৰ বাবে বেছি খাদ্য নাখাব আৰু ওজন বজাই ৰাখিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত গোটেই দিনটো শক্তিৰ যোগান ধৰা হ’ব আৰু শিশুৰ একাগ্ৰতাও বৃদ্ধি পাব।

কণীত প্ৰটিন আৰু আন বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। সিজোৱা কণীৰ পৰা আৰম্ভ কৰি ভজা কণীলৈকে শিশুৰ পছন্দ অনুসৰি বিভিন্ন ধৰণে ৰান্ধিব পাৰে। ইয়াৰ ফলত শিশুৰ শৰীৰ শক্তিশালী হ’ব।

আমি সকলোৱে জানো যে দৈ স্বাস্থ্যৰ বাবে কিমান উপকাৰী, যদি আপুনি ইয়াত জামু যোগ কৰে, তেন্তে ই আপোনাৰ শিশুৰ বাবে এক উত্তম ব্ৰেকফাষ্ট আৰু দিনটোৰ এক সুন্দৰ আৰম্ভণি হ’ব। সন্ধিয়ালৈকে শিশুৱে নিজকে শক্তিৰে ভৰপূৰ অনুভৱ কৰিব।

আমাৰ বহুতেই ওটছ স্বাস্থ্যকৰ ব্ৰেকফাষ্ট হিচাপে গ্ৰহণ কৰে। ৰাতিপুৱা শিশুক খুৱাবও পাৰে, কাৰণ ইয়াত স্বাস্থ্যকৰ চৰ্বি, স্বাস্থ্যকৰ কেলৰি, প্ৰটিন, আঁহ আৰু কাৰ্ব আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে তেওঁলোকৰ গোটেই দিনটোৰ বাবে বহু প্ৰয়োজনীয়তা পূৰণ কৰে।


পুনৰ ৰে’ল দুৰ্ঘটনা! ৯ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা…

পুনৰ ৰে’ল দুৰ্ঘটনা।

অন্ধ্ৰপ্ৰদেশৰ ৰে’ল দুৰ্ঘটনাত ৯ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা৷

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২৯ গৰাকী যাত্ৰী৷

দুখন ৰে’লৰ মাজত সংঘটিত এই ভয়ানক সংঘৰ্ষ৷

বিজিয়ানাগৰাম জিলাত যাত্ৰীবাহী ৰে’লৰ ৩টাকৈ দবা লাইনচ্যুত।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অন্ধ্ৰ ৰে’লৰ দুৰ্ঘটনাক লৈ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক তীব্ৰ সমালোচনা কৰি প্ৰশ্ন কৰে।