Home Blog Page 1310

নুনমাটি ঘটনাৰ ভয়ংকৰ তথ্য ! ড্ৰাগছ আসক্ত বন্ধুৰ হাতত প্ৰাণ গ’ল বন্ধুৰ…

নুনমাটিৰ ঘটনাই উদঙাই দিলে গুৱাহাটী মহানগৰীত এতিয়াও মুক্ত ভাবে চলি আছে ড্ৰাগছৰ বেহা। নুনমাটিত স্কুটিত মৃতদেহ ওলোমাই পেলাবলৈ স্হান বিচাৰি থকা যুবকজন হৈছে শুভ্ৰজিত বৰা। অঞ্চলটোৰ ১৪ নং গনেশ মন্দিৰ পথৰ বিজয়া জ্যোতি এপাৰ্টমেন্টৰ তৃতীয় মহলাৰ কাকলি বৰাৰ কনিষ্ঠ পুত্ৰ হৈছে শুভ্ৰজিত বৰা। মৃত ৰোহিত দৰ্জি আৰু শুভ্ৰজিত দুয়ো বন্ধু আছিল ড্ৰাগছ আসক্ত। আৰক্ষীয়ে জানিবলৈ দিয়ামতে দুই বন্ধু পৃথকে পৃথকে আছিল নিচামুক্তি কেন্দ্ৰত।

কিছুদিন পূৰ্বে দুয়ো স্বগৃহলৈ আহিছিল নিচামুক্তি কেন্দ্ৰৰ পৰা। মৃত্যুৰ দিনটোত ৰোহিতে শুভ্ৰজিতক সাক্ষাৎ কৰিবলৈ গৈছিল ফ্লেটলৈ। সম্ভবত কিবা কথাত দুয়োৰে তৰ্ক বিতৰ্কৰ সৃষ্টি হোৱাত শুভ্ৰজিতে হত্যা কৰে ৰোহিতক। আৰক্ষীয়ে সন্দেহ কৰামতে দুয়ো ফ্লেটত ড্ৰাগছ সেৱন কৰিছিল। হত্যাকাণ্ড সংঘটিত কৰি নিজকে দোষমুক্ত কৰিবলৈ লিফটেৰে ৰোহিতৰ মৃতদেহ নমাই আনি স্কুটিৰ ভৰিথোৱা স্হানত মৃতদেহটো লৈ শুভ্ৰজিতে পেলাবলৈ সুবিধাজনক ঠাই বিচাৰি ফুৰিছিল। কিন্তু পথাচাৰীৰ বাবে গনেশ মন্দিৰ পথত পেলাই পলায়ন কৰে শুভ্ৰজিতে। আৰক্ষীয়ে ঘটনাস্হলীত উপস্হিত হৈ ওচৰৰ চিচি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি শুভ্ৰজিতে হত্যা কৰা নিশ্চিত হৈছিল।

নুনমাটি অঞ্চলৰ পৰাই শুভ্ৰজিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কিছুদিন পূৰ্বে হেঙেৰাবাৰী অঞ্চলৰ পৰিত্যক্ত গৃহটো দুই ড্ৰাগছ আসক্তৰ মৃতদেহ উদ্ধাৰ হৈছিল। আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰাৰ পিছতো কি উৎসৰ পৰা ড্ৰাগছৰ বেহা চলি আছে সেয়া ৰহস্যজনক। একেদৰে নিজৰ সন্তানক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিবলৈ অভিভাৱকে নিচামুক্তি কেন্দ্ৰত ৰাখিলেও ড্ৰাগছ আসক্তই সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠা পৰিলক্ষিত হোৱা নাই। সৰ্বসাধাৰণ ৰাইজে অধিক কঠোৰ ৰূপত আৰক্ষীক অভিযান চলাই ড্ৰাগছ দৰে বিহবৃক্ষক পুলিয়ে পোখাই ধ্বংস কৰিবলৈ আহ্বান জনাইছে।

যুদ্ধভূমিত ভূলুণ্ঠিত মানৱতা! ইজৰাইলে ৰাজহুৱা কৰিলে হামাছ সন্ত্ৰাসবাদীয়ে হত্যা কৰা পৰিয়ালৰ ফটো…

যুদ্ধভূমিত ভূলুণ্ঠিত মানৱতা! ইজৰাইলে ৰাজহুৱা কৰিলে হামাছ সন্ত্ৰাসবাদীয়ে হত্যা কৰা পৰিয়ালৰ ফটো

মানৱতাৰ অপমৃত্যু ঘটিছে গাজাত। বহু ইজৰাইলী নাগৰিক হামাছ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিছে। তেওঁলোকৰ মাজৰে বহুতকে হামাছে নৃশংসভাবে হত্যা কৰিছে। নিহতসকলৰ ভিতৰত বহু কেইটা শিশুও আছে। শেহতীয়াকৈ ইজৰাইলৰ প্ৰশাসনে প্ৰকাশ কৰিছে এটা পৰিয়ালৰ ছবি। ইজৰাইলৰ মতে পৰিয়ালটোক হামাছে অপহৰণ কৰি নি হত্যা কৰিছে। হামাছে হত্যা কৰা পৰিয়ালটোত তিনিটি শিশুও আছে। তেওঁলোকৰ আটাইৰে বয়স ৭ বছৰৰ তলত।

ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে শনিবাৰে ইজৰাইলৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ পিছতে হামাছে কেইবাজনো ইজৰাইলীক বন্দী কৰিছে। যিহেতু ইজৰাইলী সৈন্য আৰু অসামৰিক লোকক হামাছে অপহৰণ কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।ইফালে ইজৰাইলীসকলৰ বহুতে তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ ফটো শ্বেয়াৰ কৰিছে । দাবী কৰা অনুসৰি সেইসকল লোকক হামাছে অপহৰণ কৰি নিছে।

তেওঁলোকক সুৰক্ষিতভাৱে ঘূৰাই পোৱাৰ আশাতে বহুতে সন্ধানহীন হৈ পৰা লোকসকলৰ ছবি প্ৰচাৰ কৰাত সহায় কৰিবলৈ ৰাইজক আহ্বান জনাইছে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰিছে যে দেশখন “যুদ্ধৰ মাজত” আছে। ইজৰাইলৰ এজন বিষয়াই জনোৱা মতে এই অভূতপূৰ্ব আক্ৰমণত ইজৰাইলত কমেও ৭০০ জন লোক নিহত হৈছে আৰু ইজৰাইলৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি কমেও ১,৫০০ জন লোক আহত হৈছে।

গাজাৰ পেলেষ্টাইনী স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে শনিবাৰে গাজাত কমেও ২৩২ জন পেলেষ্টাইনী নিহত হৈছে আৰু ১,৬৯৭ জন আহত হৈছে।

নাৰীৰ উপাৰ্জন আৰু লিংগ ব্যৱধানৰ বিষয়ত কৰা গৱেষণাৰ স্বীকৃতি ! ক্লাউডিয়া গোল্ডেনলৈ অৰ্থনীতিৰ নোবেল বঁটা…

সোমবাৰে ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা। নাৰীৰ উপাৰ্জন আৰু লিংগ ব্যৱধানৰ বিষয়ত কৰা গৱেষণাৰ স্বীকৃতি স্বৰূপে অৰ্থনীতিবিদ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল৷ ষ্টকহ’মৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে সোমবাৰে ঘোষণা কৰে যে অধ্যাপিকা শ্ৰম অৰ্থনীতিবিদ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনক ২০২৩ চনৰ অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

আনুষ্ঠানিকভাৱে আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনৈতিক বিজ্ঞানৰ প্ৰদান কৰা বঁটাটোত ১ কোটি ১০ লাখ কোটি টকাৰ ধনৰাশি আগবঢ়োৱা হয়৷১৯৪৬ চনত নিউয়ৰ্কত জন্মগ্ৰহণ কৰা ক্লাউডিয়া গোল্ডিন কেম্ব্ৰিজৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা।

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে বিবৃত্তিযোগে জনায় যে,”এইবাৰৰ অৰ্থনৈতিক বিজ্ঞানৰ বঁটা বিজয়ী ক্লাউডিয়া গোল্ডিনে শতিকাজুৰি মহিলাৰ উপাৰ্জন আৰু শ্ৰম বজাৰত অংশগ্ৰহণৰ প্ৰথম বিস্তৃত বিৱৰণ আগবঢ়াইছিল। তেওঁৰ গৱেষণাই পৰিৱৰ্তনৰ কাৰণসমূহ উন্মোচন কৰিছে, লগতে বাকী থকা লিংগ ব্যৱধানৰ মূল উৎসসমূহো উন্মোচন কৰিছে।” উদ্ভাৱক আৰু উদ্যোগী আলফ্ৰেড নোবেলৰ ইচ্ছাত প্ৰতিষ্ঠিত অনুষ্ঠানটিত বিজ্ঞান, সাহিত্য আৰু শান্তিৰ মূল নোবেল বঁটা প্ৰদান কৰাৰ বিপৰীতে অৰ্থনীতি বঁটাটো পিছলৈ প্ৰৱৰ্তন কৰা হয়। ছুইডেনৰ কেন্দ্ৰীয় বেংকে ১৯৬৮ চনত ইয়াক আৰম্ভ কৰি পুঁজি আগবঢ়াইছিল।

Claudia Goldin speaks to a reporter on the phone in her home in Cambridge, Mass. after learning that she received the Nobel Prize in Economics, Monday, Oct. 9, 2023. The Nobel Prize in Economic Sciences has been awarded to Claudia Goldin for her work on the understanding of the gender gap in the labor market, it was announced on Monday, Oct. 9, 2023. (AP Photo/Josh Reynolds)

১৯৬৯ চনৰ পৰা অৰ্থনীতিৰ বঁটা প্ৰদান কৰা হয় আৰু এই বিজয়ীসকলৰ ভিতৰত ফ্ৰেড্ৰিখ আগষ্ট ভন হায়েক, মিল্টন ফ্ৰাইডমেন আৰু শেহতীয়াকৈ আমেৰিকাৰ অৰ্থনীতিবিদ পল ক্ৰুগমেনৰ দৰে ব্যক্তিকে ধৰি বহুতো প্ৰভাৱশালী পণ্ডিত আৰু চিন্তাবিদক সামৰি লৈছে।

উল্লেখ্য যে কাৰাবন্দী হৈ থকা ইৰাণৰ মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীক প্ৰদান কৰা শান্তিৰ নোবেল বঁটাৰ পাছতে অৰ্থনৈতিক নোবেল ঘোষণা কৰা হৈছে। নোবেল কমিটীয়ে তেওঁৰ দেশত “নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে” আৰু “সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতাক প্ৰসাৰিত কৰাৰ বাবে” শান্তি বঁটা আগবঢ়োৱা হৈছে।

উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত ! পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে…

উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত
পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে

উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত পৰিল। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ পাঁচ খন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দিন আজি ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে। দিল্লীত আয়োজিত এখন সংবাদমেলযোগে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে আয়োগে৷তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰো সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগে৷


সংবাদমেলযোগে সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগৰ৷ মধ্য প্ৰদেশত ১৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ একেদৰে মিজোৰামত ৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ ৰাজস্থানত ২৩ নৱেম্বৰত, তেলেংগানাত ৩০ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ ছত্তীশগড়ত ৭, ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ আনহাতে, ৫ ৰাজ্যৰ ফলাফল ঘোষণা হ’ব ৩ ডিচেম্বৰত৷ উল্লেখযোগ্য যে মধ্যপ্ৰদেশত ২৩০ আসন, ছত্তীশগড়ত ৯০ আসনত, ৰাজস্থানত ২০০, তেলেংগানাত ১১৯ আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন৷

উত্তৰ-পূবত মিজোৰামত ৪০খন আসনত হ’ব নিৰ্বাচন৷ পাঁচ ৰাজ্যৰ মুঠ ৬৭৯ আসনৰ বাবে হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ পাঁচোখন ৰাজ্যৰ মুঠ ১৬ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ৷ তাৰে ৮ কোটি পুৰুষ ভোটাৰ, মহিলা ভোটাৰ ৭.৮ কোটি৷ এই নিৰ্বাচনত ৬০ লাখ নতুন ভোটাৰে ভোটদান কৰিব বুলিও ঘোষণা ভাৰতৰ নিৰ্বাচন আয়োগৰ৷ইপিনে পাঁচো খন ৰাজ্যত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগে সংশ্লিষ্ট ৰাজ্য কেইখনক নিৰ্দেশনা প্ৰদান কৰিছে।

৫০০ বছৰৰ পিছত ৰাম জন্মভূমি ঘূৰাই পাইছো !পাকিস্তানৰ পৰা সিন্ধুও ঘূৰাই পাম – যোগী আদিত্যনাথ…

৫০০ বছৰৰ পিছত ৰাম জন্মভূমি ঘূৰাই পাইছো,পাকিস্তানৰ পৰা সিন্ধুও ঘূৰাই পামঃ যোগী আদিত্যনাথ

পাকিস্তানৰ পৰা ভাৰতে এদিন সিন্ধু প্ৰদেশ ঘূৰাই পাবই। এই আশাই কৰিছে যোগী ঐআদিত্যনাথে। যদি ৫০০ বছৰৰ পিছত ৰাম জন্মভূমি পুনৰুদ্ধাৰ কৰিব পাৰি, সিন্ধু কিয় নোৱাৰিম? এই প্ৰশ্ন কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। সোমবাৰে লক্ষ্ণৌত সিন্ধি সম্প্ৰদায়ৰ এক সমাৱেশত সিন্ধু প্ৰদেশ, যি এতিয়া পাকিস্তানৰ অংশ, ভাৰতলৈ ঘূৰাই অনাৰ সপোনৰ কথা আদিত্যনাথে প্ৰকাশ কৰে। এই সন্দৰ্ভত মন্তব্য কৰি যোগীয়ে দেশ বিভাজনৰ বিষয়টোও উত্থাপন কৰে। কাৰো নাম নোলোৱাকৈ তেওঁ মহাত্মা গান্ধীক লক্ষ্য কৰি সমালোচনা কৰে।

লক্ষ্ণৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় সিন্ধি সন্মিলনত ১০ খন দেশ আৰু ১০ খন ৰাজ্যৰ মুঠ ২২৫গৰাকী অতিথি উপস্থিত থাকে। ভাষণত যোগীয়ে কয়, “লক্ষ্ণৌৰ পৰা অযোধ্যালৈ দূৰত্ব বেছি নহয়। ৫০০ বছৰৰ পিছত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। যদি ৰাম জন্মভূমি পুনৰুদ্ধাৰ কৰা সম্ভৱ হয়, সিন্ধু কিয় নহ’ব?’’ যোগীয়ে পৰামৰ্শ দিয়ে যে সিন্ধু সম্প্ৰদায়ৰ লোকসকলে বৰ্তমান প্ৰজন্মক তেওঁলোকৰ ইতিহাসৰ বিষয়ে ক’ব লাগে। যোগীয়ে কয় “১৯৪৭ চনৰ বিভাজন দুখজনক আছিল। যিটো সকলোৱে এৰাই চলিব পাৰিলেহেঁতেন।

এজন ব্যক্তিৰ একচেটিয়া অধিকাৰৰ বাবে দেশখনে বিভাজনৰ ট্ৰেজেডী প্ৰত্যক্ষ কৰিব লগা হৈছিল। ফলস্বৰূপে, লাখ লাখ লোক নিহত হৈছিল। ভাৰতৰ এটা ডাঙৰ অংশ পাকিস্তান হৈ পৰিছিল।’’ এনেদৰে যোগীয়ে মহাত্মা গান্ধীৰ নাম নোলোৱাকৈ তেওঁক সমালোচনা কৰে। পাকিস্তানৰ সিন্ধু প্ৰদেশ সিন্ধি সম্প্ৰদায়ৰ আদি বাসস্থান আছিল। ইয়াৰ পূৰ্বে এল কে আদৱানীয়ে কৈছিল, “সিন্ধু ভাৰতৰ সৈতে সংযুক্ত নোহোৱালৈকে ভাৰত অসম্পূৰ্ণ হৈ ৰ’ব।’’ উল্লেখ্য আদৱানীৰ জন্ম অবিভক্ত ভাৰতৰ কৰাচীত হৈছিল। তেওঁ পাকিস্তানৰ হাতলৈ সিন্ধু প্ৰদেশ গুচি যোৱাৰ বাবে দুখ প্ৰকাশ কৰিছিল। এসময়ত আদৱানীয়েও কৈছিল “বিভাজনৰ সময়ত, যেতিয়া মই শুনিছিলো যে সিন্ধু , কৰাচী ভাৰতৰ অংশ হৈ নাথাকিব, মই গভীৰভাৱে দুখিত হৈছিলোঁ।’’

‘মোক নামাৰিবা’: কাতৰ আহ্বানৰ পিছতো হামাছে মটৰ চাইকেলত তুলি লৈ গ’ল ইজৰাইলী যুৱতীক…

‘মোক নামাৰিবা’: কাতৰ আহ্বানৰ পিছতো হামাছে মটৰ চাইকেলত তুলি লৈ গ’ল ইজৰাইলী যুৱতীক , গাজাত শ শ ইজৰাইলীক হত্যা

এক ভাবিব নোৱাৰা দৃশ্য এতিয়া বিৰাজ কৰিছে গাজাত।গাজা ষ্ট্ৰীপ এতিয়া মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে। হামাছ সন্ত্ৰাসবাদীয়ে গাজাত বহু ইজৰাইলী লোকক অতি নিষ্ঠুৰ ভাবে হত্যা কৰিছে। যুৱতীগৰাকীয়ে কেইদিনমান পূৰ্বে শ্ৰীলংকা ভ্ৰমণৰ কৰি ঘৰলৈ উভতি আহিছিল। বহু দিনৰ মূৰত তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে ট্ৰেন্স মিউজিক ফেষ্টিভেললৈ গৈছিল। সেই ঠাইখনক কিবুটজ-ই-ৰিম বুলি কোৱা হয়, ঠিক গাজা ষ্ট্ৰিপৰ দৰে। কিন্তু হামাছৰ সন্ত্ৰাসবাদীৰ এটা দলে সকলোৰে চকুৰ সন্মুখতে ২৫ বছৰীয়া ইজৰাইলী যুৱতী নোহ আৰ্গামনিক অপহৰণ কৰি নিয়ে। নোহৰ অপহৰণৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। “মোক হত্যা নকৰিব,” যুৱতীগৰাকীয়ে ভিডিঅ’টোত কান্দি কান্দি কোৱা দেখা গৈছে ।

সন্ত্ৰাসবাদীয়ে যুৱতীগৰাকীৰ এজন বন্ধুকো হত্যা কৰাৰ উদ্দেশ্য লৈ যোৱা দেখা গৈছে। প্ৰেমিক আভি নাথনে যুৱতীগৰাকীক মটৰ চাইকেলত উঠাই লৈ যোৱাৰ দৃশ্য অসহায়ভাৱে মাথো চাই ৰৈছে…
এই ঘটনাৰ পিছতে নাথনৰ ভাতৃয়ে কৈছে “মই ফোনত কাকো বিচাৰি পোৱা নাই। আমি এতিয়া বহুত চিন্তিত। ”
কেৱল নোহ বা নাথনেই নহয়, ইজৰাইলে অভিযোগ কৰিছে যে হামাছে শ শ ইজৰাইলী নাগৰিকক অপহৰণ কৰিছে। তেওঁলোকক অকথ্যভাৱে নিৰ্যাতন চলোৱা হৈছে। ছ’চিয়েল মিডিয়াত আন এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত হামাছৰ অত্যাচাৰৰ আন এখন ছবি বন্দী হৈছে।

ভিডিঅ’টোত এটা ইজৰাইলী পৰিয়ালক হামাছৰ জিম্মাত থকা দেখুওৱা হৈছে। দেউতাক, মাতৃ আৰু তিনিটা সন্তান। ভিডিঅ’টোত, উগ্ৰপন্থীসকলক সকলোৰে চকুৰ সন্মুখত দুগৰাকী ছোৱালীৰ এগৰাকীক গুলীয়াই হত্যা কৰা দেখা গৈছে। কনিষ্ঠ কন্যাগৰাকীয়ে কান্দি কান্দি দেউতাকক সুধিছে, “দেউতা, আপোনাৰ হাতত তেজ কিয় লাগিছে?” ।
হৃদয়বিদাৰক ভিডিঅ’টো ইজৰাইলৰ সাংবাদিক ইণ্ডিয়া নাফটালিয়ে এক্স-হেণ্ডেলত পোষ্ট কৰিছে। সাংবাদিকগৰাকীয়ে লিখিছে “ইজৰাইলী পৰিয়ালটোক হামাছ উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল আৰু কেমেৰাৰ আগলৈ লৈ আহিছিল। পৰিয়ালটোৰ এজন সন্তানক সকলোৰে চকুৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাটোৱে বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰিছে। পৃথিৱীৰ সকলোৱে জানিব লাগে যে ইয়াত কি হৈ আছে। পৃথিৱীৰ সকলোৱে এই নিষ্ঠুৰতা বন্ধ কৰিবলৈ আগবাঢ়ি আহক। ”

বিপদ আহে এনেদৰেও ! ৰেফ্ৰিজেৰেটৰৰ কম্প্ৰেচাৰ বিস্ফোৰণ ঘটি জলন্ধৰত একেটা পৰিয়ালৰ পাঁচজনৰ মৃত্যু…

বিপদ আহে এনেদৰেও…ৰেফ্ৰিজেৰেটৰৰ কম্প্ৰেচাৰ বিস্ফোৰণ ঘটি জলন্ধৰত একেটা পৰিয়ালৰ পাঁচজনৰ মৃত্যু

বিপদ আহে এনেদৰেও…।ঘৰৰ ৰেফ্ৰিজেৰেটৰটোৱেও কেতিয়াবা বিপদ ঘটাব পাৰে। ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ বিস্ফোৰণ ঘটি একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু হৈছে। ঘৰৰ ভিতৰত থকা ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰটো হঠাতে শব্দ কৰি বিস্ফোৰিত হৈছিল। । এই শোকাৱহ ঘটনাটো পঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে। বাতৰি অনুসৰি ফ্ৰিজটো বিস্ফোৰণ ঘটাৰ পিছতে গোটেই ঘৰটোত জুই লাগিছিল। ফলত তাত থকা তাত পাঁচজন লোকৰ মৃত্যু ঘটে । কেনেকৈ এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে সেই বিষয়ত আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

ঘটনাটো দেওবাৰে নিশা সংঘটিত হৈছে। জলন্ধৰৰ অৱতাৰ নগৰ অঞ্চলৰ এটা ঘৰত ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ বিস্ফোৰিত হয়। ৭০ বছৰীয়া যশপাল ঘাই আৰু ৪০ বছৰীয়া ৰুচি ঘাই সেই সময়ত ঘৰত আছিল। ইয়াৰ উপৰি ঘটনাটোৰ সময়ত ১৪, ১২ আৰু ১০ বছৰ বয়সৰ তিনিগৰাকী শিশু- কিশোৰো ঘৰত আছিল। হঠাতে ফ্ৰিজত থকা কম্প্ৰেচাৰটো ফাটি যোৱাৰ পিছতে গোটেই ঘৰটোত জুই লাগে। জুই লগাৰ খবৰ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।

ঘৰৰ ভিতৰৰ পৰা পাঁচজন লোকক উদ্ধাৰ কৰি তেওঁলোকক এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসালয়তে সময়ত পাঁচোজন লোকৰ মৃত্যু ঘটে। জলন্ধৰ আৰক্ষীৰ লগতে ফৰেনচিক দলে ফ্ৰিজৰ কম্প্ৰেচাৰটো কেনেকৈ ফাটিছিল আৰু তাৰ পৰা জুই কেনেকৈ বিয়পিছিল জানিবলৈ নমুনা সংগ্ৰহ কৰি আছে।

জলন্ধৰৰ অতিৰিক্ত উপায়ুক্তই কয়, “এটা ঘৰত বিস্ফোৰণৰ খবৰ পোৱাৰ পিছত আমি ঘটনাস্থলীত উপস্থিত হৈছিলো। অৱশ্যে, আমি বিস্ফোৰণৰ কাৰণ অনুসন্ধান কৰি আছো। এটা বিশেষ ফৰেনচিক দলে ইতিমধ্যে নমুনা সংগ্ৰহ কৰা আৰম্ভ কৰিছে। “

ইজৰাইলত হামাছ ৰকেটৰ আঘাতত আহত কেৰালাৰ নাৰ্ছ শ্বীজা আনন্দ…

হামাছ সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণত এগৰাকী ভাৰতীয় আহত হোৱাৰ খবৰ আহিছে। শেহতীয়া খবৰ অনুসৰি ইজৰাইলত হামাছৰ ৰকেটৰ আক্ৰমণত আহত হৈছে কেৰালাৰ পৰা যোৱা এগৰাকী নাৰ্ছ । শ্বীজা আনন্দ নামৰ নাৰ্ছ গৰাকী ৰকেটৰ আক্ৰমণত আহত হোৱা বুলি জানিব পৰা গৈছে। পৰিয়ালৰ মতে, ৪১ বছৰীয়া শ্বীজাই ইজৰাইলৰ এটা পৰিয়ালৰ বাবে কাম কৰি আছিল,

তেতিয়াই চলি থকা সংঘাতৰ মাজতে তেওঁ আহত হয়। সংঘাত সৃষ্টি হোৱাৰ সময়ত শ্বীজাই প্ৰথমতে পৰিয়ালৰ সৈতে যোগাযোগ কৰি নিজৰ নিৰাপত্তাৰ কথা জনাইছিল আৰু তাৰ পৰবৰ্তী সময়ত স্বামীৰ সৈতে ভিডিঅ’ কল কৰিছিল যদিও স্বামীৰ সৈতে কথা পাতি থকাৰ সময়তে হঠাতে ফোন লাইনটো বিচ্ছিন্ন হৈ পৰিছিল।

পিছত ইজৰাইলত থকা এজন ভাৰতীয় ব্যক্তিৰ পৰা তেওঁৰ পৰিয়াললৈ ফোন কৰা হৈছিল যে শ্বীজা আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইয়াৰ মাজতে শ্বীজাক চিকিৎসাৰ মাজতে আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

বৰ্তমান সময়ত শ্বীজা আনন্দৰ অৱস্থা সংকটজনক, বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। উল্লেখযোগ্য যে শ্বীজাই বিগত সাত বছৰ ধৰি ইজৰাইলত কাম কৰি আহিছে, আনহাতে তেওঁৰ পৰিয়াল ভাৰতত থাকে। উল্লেখ্য ইজৰাইলত থকা ভাৰতীয় লোকসকলক শনিবাৰেই ইজৰাইলৰ ভাৰতীয় দূতাবাসে সতৰ্ক কৰি দিছিল। জৰুৰী কাম নাথাকিলে ভাৰতীয় লোকসকলক ঘৰৰ বাহিৰলৈ নোলাবলৈ সতৰ্ক কৰি দিয়া হৈছিল।

ভেটাপাৰা চাৰিআলিত নতুনকৈ মুকলি হ’ল অত্যাধুনিক ডায়েগ্নষ্টিক চেন্টাৰ…

মহানগৰবাসীৰ বাবে সু-খবৰ, ভেটাপাৰা চাৰিআলিত নতুনকৈ মুকলি হ’ল অত্যাধুনিক ডায়েগ্নষ্টিক চেন্টাৰ

_ ডায়েগ্নষ্টি চেন্টাৰ মুকলি কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক’লে, ‘দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীৰ বাবে ৰখা আঁচনিৰ ব‍‍াবে জনসমাদৃত হ’ব এই লেবখনি

গুৱাহাটী, ৯ অক্টোবৰঃ আজি গুৱাহাটী মহানগৰীত উন্নত আৰু অত্যাধুনিক সেৱাৰ এক ব্যক্তিগত খণ্ডৰ ডায়েগ্নষ্টিক প্ৰতিষ্ঠান শুভ উদ্বোধন কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই দিনৰ প্ৰায় ১০ বজাত এই প্ৰতিষ্ঠানখনি মুকলি কৰি কয় যে, ‘ডায়গ্নষ্টিক চেন্টাৰটোৱে ৰাইজৰ বাবে শুভ বাৰ্তা কঢ়িয়াই আনিছে। বিশষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীৰ বাবে ৰখা ২০% ৰেহাইৰ আঁচনিৰ ব‍‍াবে জনসমাদৃত হ’ব।’

মহানগৰীৰ ভেটাপাৰা চাৰিআলিত নতুনকৈ মুকলি কৰা ‘বি.এছ ডায়েগ্নষ্টিক চেন্টাৰ কাম ক্লিনিক’খনে দিনটোৰ সকলো সময়তে স্বাস্থ্যসেৱা আগবঢ়াব। লগতে এই কেন্দ্ৰটোত 3ডি আলট্ৰা চাউণ্ড , ডিজিটেল এক্সৰে, ই চি জি, এন্ডস্কোপী, কেমো থেৰাপি, তেজ, শৌচ, প্ৰসাৱৰ লগতে সকলো ধৰণৰ স্বাস্থ্য পৰীক্ষাৰ সু ব্যৱস্থা আৰু দন্ত চিকিৎসা বিভাগৰ বিশেষজ্ঞ চিকিৎসক উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে।

ৰোগাক্ৰান্তৰ দীৰ্ঘদিনীয়া অভাৱ সমস্যাৰ দূৰীকৰনেৰে গুণগত আৰু উৎকৃষ্ট মানৱ সেৱা আগবঢ়াবলৈ মুকলি কৰা এই ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৱে শুভ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰক্তদান শিবিৰৰ আয়োজন কৰে। প্ৰতিষ্ঠানখনৰ জৰিয়তে অঞ্চলটোত দীৰ্ঘদিনীয়া জৰুৰী সমস্যা আৰু দূৰ হ’ব বুলি স্বাস্থ্য সচেতন ৰাইজে মন্তব্য কৰে। কেন্দ্ৰটোত স্বাস্থ্য সেৱা ল’বৰ বাবে ৬০০১৫১২৮৮৯, ৯২৮৭৯৫৮১৯৫ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিব পাৰে বুলি বি.এছ ডায়েগ্নষ্টিক চেন্টাৰ কাম ক্লিনিকৰ কৰ্তৃপক্ষই জনায়।

হামাছৰ আক্ৰমণৰ মাজতে ইজৰাইলৰ দূতাবাস…

হামাছৰ আক্ৰমণৰ মাজতে ইজৰাইলৰ দূতাবাস, দিল্লীৰ চাবাদ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰিছে আৰক্ষীয়ে

ইজৰাইল পেলেষ্টাইন যুদ্ধ: হামাছ উগ্ৰপন্থীৰ ৰক্তাক্ত আক্ৰমণৰ প্ৰতিশোধ হিচাপে সোমবাৰে ইজৰাইলে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণ বৃদ্ধি কৰি খাদ্য,

ইন্ধন আৰু অন্যান্য যোগানৰ পৰা বন্ধ কৰি দিয়ে, কিয়নো যুদ্ধত দুয়োপক্ষৰ মৃত্যুৰ সংখ্যা প্ৰায় ১৬০০ লৈ বৃদ্ধি পাইছে। হামাছেও সংঘাত তীব্ৰতৰ কৰি তুলিছে,

যদিহে আক্ৰমণৰ ফলত সাধাৰণ নাগৰিকক কোনো সতৰ্কবাণী অবিহনে লক্ষ্য কৰি লোৱা হয় তেন্তে বন্দী ইজৰাইলীক হত্যা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।