দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে৷ অহা ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব পাঁচখন ৰাজ্যৰ ভোটগ্রহণ প্রক্রিয়া। সেই মাহৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ হ’ব লাগে৷ এই কথা আয়োগে উল্লেখ কৰিছে। এই পাঁচখন ৰাজ্যত ভোটগণনা ৩ ডিচেম্বৰত একেলগে অনুষ্ঠিত হ’ব। উল্লেখ্য যে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰাম – পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। এই পাঁচখন ৰাজ্যৰ ভিতৰত ছত্তীশগড়ত কেৱল দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সোমবাৰে এখন সংবাদমেলত পাঁচখন ৰাজ্যত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। পাঁচখন ৰাজ্যত ভোটগ্ৰহণ ৭ নৱেম্বৰত আৰম্ভ হ’ব। সেই দিনা ছত্তীশগড় আৰু মিজোৰামত নিৰ্বাচন অনুষ্ঠিত হ’ব। উত্তৰ-পূবৰ ৰাজ্যখনত নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হ’ব বুলি আয়োগে কয়। ছত্তীশগড়ত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব। ৰাজস্থান, মধ্য প্ৰদেশ আৰু তেলেংগানা—এই তিনিখন ৰাজ্যত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মধ্য প্ৰদেশত ১৭ নৱেম্বৰত, ৰাজস্থানত ২৩ নৱেম্বৰত আৰু তেলেংগানাত ৩০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত প্ৰকাশ কৰা হ’ব।
মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অক্টোবৰৰ শেষৰ পৰা আৰম্ভ হ’ব। উল্লেখ্য যে নাগালেণ্ডৰ এখন বিধানসভা আসনৰ উপনিৰ্বাচনো ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগৰ মতে, পাঁচখন ৰাজ্যত ৮.২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰে ভোটদান কৰিব। ইয়াৰে ৬০ লাখতকৈও অধিক ভোটাৰে প্ৰথমবাৰৰ বাবে ভোট দান কৰিব। পাঁচখন ৰাজ্যত মুঠ ১.৭৭ লাখ ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। এই ৰাজ্যকেইখনৰ ভিতৰত মিজোৰামত ১,২৭৬টা ভোটকেন্দ্ৰৰ থাকিব৷ আনহাতে ছত্তীশগড়ত ২৪,১০৯ টা, মধ্য প্ৰদেশত ৬৪,৫২৩ টা, ৰাজস্থানত ৫১,৭৫৬ টা আৰু তেলেংগানাত ৩৫,৩৫৬ টা ভোটকেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ৰাজস্থানত ২০০ টা বিধানসভা সমষ্টিত মুঠ ৫.২৫ কোটি ভোটাৰ আছে৷ মধ্য প্ৰদেশত ২৩০ টা বিধানসভা সমষ্টিত মুঠ ৫.৬ কোটি, তেলেংগানাত ১১৯ টা বিধানসভা সমষ্টিত মুঠ ৩.১৭ কোটি, মিজোৰামত ৪০টা বিধানসভা সমষ্টিত মুঠ ৮.৫২ লাখ আৰু ছত্তীশগড়ত ৯০ টা বিধানসভা সমষ্টিত প্ৰায় ৩ কোটি ভোটাৰ আছে৷
মনকৰিবলগীয়া যে ২০২৪ চনত লোকসভা নিৰ্বাচন। তাৰ আগতে, পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৰাজনৈতিক দলসমূহৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। পাঁচখন ৰাজ্যৰ মুঠ ৮৩ খন লোকসভা আসনৰ ভিতৰত কেৱল মধ্য প্ৰদেশত 29 খন আসন আছে৷ কংগ্ৰেছে ৰাজস্থানত ক্ষমতা বজাই ৰাখিবলৈ কঠোৰ যুঁজ দিব আৰু আন ৰাজ্যতো কঠোৰ চেষ্টা কৰিব।
সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠকখন দেওবাৰে ইয়াৰ স্থানীয় লাচিত পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকাই সঞ্চালনা কৰা সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য বাখ্যা কৰে সভাৰ সম্পাদক উৎপল শইকীয়াই। সভাত সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি ভবেন দাস আৰু সাতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুলুমনি বৰঠাকুৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। চলিত মাহৰ সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠক সাহিত্য চৰাৰ বিশেষ বিষয় আছিল – কহুৱা ফুলা শৰত , আহিন আৰু দুৰ্গোৎসৱৰ অনুভৱ।
অনুষ্ঠানত সাতগাঁও শাখা সাহিত্য সভাৰ প্ৰতিজন সদস্য তথা গুণমুগ্ধই তেওঁলোকৰ মন কোঠালিত সোমাই থকা শৰতৰ অনুভৱ সমূহ কবিতা, কথা আৰু ৰস ৰহস্যৰ মাজেৰে ব্যক্ত কৰি শাখাৰ কাৰ্যসূচী অধিক মননসিল আৰু উপভোগ্য কৰি তোলে। সভাৰ আৰম্ভণিতে সাতগাঁও শাখা সাহিত্য সভাৰ আজীৱন সদস্য হৰেশ্বৰ গোস্বামীয়ে ‘ শৰত ‘ শীৰ্ষক এটি কবিতা পাঠ কৰাৰ পিছতেই ক্ৰমে শাখাৰ উপ সভাপতি তুলতুল কুমাৰ দাসে ‘ ইষ্টাহাৰ ‘ আৰু উপদেষ্টা ভবেন চন্দ্ৰ দাসে ‘ মায়ে বই দিয়া এৰি চাদৰখন ‘ শীৰ্ষক কবিতা পাঠ কৰে।
তেওঁ লগতে সাতগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰতি তিনিমাহৰ মূৰে মূৰে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰতি সভাক আহ্বান জনায়। অনুষ্ঠানত দুলুমনি বৰঠাকুৰেও পুৰণি স্মৃতি ৰোমন্থনেৰে মন কোঠালিত সোমাই থকা শৰতৰ অনুভৱ ব্যক্ত কৰি উপস্থিত সাহিত্য প্ৰেমিক আহ্লাদিত কৰে। সভাপতিৰ ভাষণত ফুলেশ্বৰ ডেকাই উপস্থিত প্ৰতিজন ব্যক্তিৰ অন্তৰাত্মাত লুকাই থকা সাহিত্য প্ৰতিভাৰ দৃষ্টান্ত ডাঙি ধৰে আৰু প্ৰত্যেক জন ব্যক্তিয়েই যে একো একোজন সাহিত্যিক সত্তাৰে ৰঞ্জিত হৈ আছে সেই কথা উল্লেখ কৰে। তেওঁ লগতে অসমীয়া সাহিত্যই অতিক্ৰম কৰি অহা তিনিটা স্তৰ আৰু মহাপুৰুষ শঙ্কৰদেৱৰ দিনৰ পৰা ইয়াণ্ডাবু সন্ধি লৈকে অসমীয়া সাহিত্যৰ সোণালী যুগটোৰ কথা বৰ্ণনা কৰে।
অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই সম্পাদক উৎপল শইকীয়াই। তেওঁ লগতে উপস্থিত সাহিত্যপ্ৰেমী সকলক লৈ অনাগত সময়ত কোনো এক বিশেষ অঞ্চলত শাখা সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যসূচী অনুষ্ঠিত কৰাত উদ্যোগ গ্ৰহণ কৰিব বুলি মত পোষণ কৰে।
দৰং জিলাৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত শিলবৰী-ওৰাং সংযোগী পথে বহুদিন ধৰি নৰক যান্ত্ৰনাত ভূগাইছে পথচাৰিক। শিলবৰী বজাৰৰ পৰা ধেনুগুৰী তিনিআলী লৈ প্ৰায় এক কিলোমিটাৰ পথ বহুদিন ধৰি যাতায়ত অচল অৱস্থা হৈ আছে যদিও নৰক যন্ত্ৰনাত ভূগি দৈনিক প্ৰায় সহস্ৰাধিক সৰু বৰ গাড়ী অহা-যোৱা কৰিছে। কাৰণ পথছোৱা হৈছে দলগাওঁৰ পৰা নৱ নিৰ্মিত অসমমাঁলা পথেদি শিলবৰী বজাৰ হৈ ওৰাং,তেজপুৰলৈ যাবলৈ প্ৰায় বাৰ কিলোমিটাৰ পথ কম হোৱাৰ বাবে আজি কালি সৰু-ডাঙৰ ব্যক্তিগত বাহন,ট্ৰাক আদিয়ে এই পথছোৱাক বাচি লয়।যোৱা কালি ৰাতি শিলবৰী আৰু ধেনুগুৰীৰ মাজত থকা কালভাট খনৰ প্ৰায় আধা অংশ ভাঙি যায়।
যাৰ ফলস্বৰুপে যাতায়ত ব্যৱস্থাত বৰ কৈ ব্যাঘাত জন্মিছে।পথছোৱাত বহুদিন ধৰি দৈনিক সৰু-সুৰা দূৰ্ঘটনা সংঘটিত হৈ আছে।এই পথ খিনিৰ মেৰামতিক লৈ স্থানীয় ৰাইজ,দল-সংগঠনে বহু বাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু কান-সাৰ নাই লোকনিৰ্মান বিভাগৰ। কেতিয়াবা ভাঙা ঠাইত বেৰ দি,নামমাত্ৰ বালি পেলাইয়েই দায়িত্ব এৰা দিয়ে।
উল্লেখযোগ্য বিষয় হ’ল যে দৈনিক এই পথেদি চাৰি/পাচঁখন বিদ্যালয়, মহাবিদ্যালয়ৰ তিনি সহশ্ৰাধিক ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে আৰু তেজপুৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অহা মূলপথ। স্থানীয় সচেতন ৰাইজক আৰু যুৱক সকলে পথ পথছোৱাক লৈ চিন্তা প্ৰকাশ কৰিছে যে যিকোনো সময়ত হয়তো ডাঙৰ দূৰ্ঘটনা সংঘটিত হব পাৰে। সেই বাবে অতি সোনকালে শিলবৰী বজাৰৰ পৰা ধেনুগুৰী লৈ পথ খিনি মেৰামতিৰ দাবীৰ লগতে অনুৰোধ জনাইছে চৰকাৰ তথা লোকনিৰ্মান বিভাগক।