Home Blog Page 1324

ৰণবীৰৰ সন্মুখত দীপিকাৰ সৈতে ফ্লাৰ্ট পাকিস্তানী অভিনেতাৰ…

বৰ্তমান ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰিছে। এইবোৰত কেতিয়াবা নতুন আৰু কেতিয়াবা পুৰণি ভিডিঅ’ও থাকে। বৰ্তমান সময়ত দীপিকা পাডুকনৰ সৈতে এটা জনপ্ৰিয় পাকিস্তানী ভিডিঅ’ ভাইৰেল হৈছে। য’ত ৰণবীৰ সিঙকো উপস্থিত থকা দেখা গৈছে। পাকিস্তানী অভিনেতা ফাৱাদ খানে নিজৰ অভিনয় দক্ষতা আৰু আকৰ্ষণীয় শৈলীৰ বাবে ভাৰতীয় কিছুমান ছবিত শিৰোনাম দখল কৰিছে। কিন্তু ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্কৰ সংঘাতৰ বাবে সীমান্তৰ সিপাৰৰ পৰা অহা শিল্পীসকলক এতিয়া ভাৰতত কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু আজিকালি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত ফাৱাদ খানক বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে ফ্লাৰ্ট কৰা দেখা গৈছে। ভাৰতত তেওঁৰ বিপুল ফেন ফ’ল’ৱাৰ আছে আৰু বলীউডৰ সকলো অভিনেতা-অভিনেত্ৰীৰ সৈতে তেওঁৰ কেমিষ্ট্ৰীও ভাল।


ভাইৰেল হৈ থকা এই পুৰণি ভিডিঅ’টোত ফাৱাদ খানে এৱাৰ্ড শ্ব’ত মঞ্চত দীপিকা পাডুকনৰ সৈতে ফ্লাৰ্ট কৰা দেখা গৈছে। আমোদজনক কথাটো হ’ল এই ভিডিঅ’টোত ৰণবীৰ সিঙেও মঞ্চৰ সন্মুখত বহি ফাৱাদৰ ষ্টাইল চাই আছিল। ফাৱাদৰ এই ফ্লাৰ্টত ৰণবীৰৰ প্ৰতিক্ৰিয়া চাবলগীয়া আৰু ছচিয়েল মিডিয়াত এই সন্দৰ্ভত ৰাইজে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। আচলতে পাঠান অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰি ফাৱাদে কবিতাৰ শৈলীত এটা পুৰণি গীত গাইছিল। তেওঁ গাইছে : ৰূপ তেৰা মস্তানা, প্যাৰ মেৰা দীৱানা।

এটা সময়ত অনুৰাগীয়ে ফাৱাদ খান আৰু দীপিকা পাডুকনক একেলগে চিনেমাত চাবলৈ বিচাৰিছিল। কিন্তু এয়া সম্ভৱ নহ’ল। লগতে কোৱা হৈছিল যে সেই সময়ত প্ৰযোজক-পৰিচালক কৰণ জোহৰে ফাৱাদ খানৰ সৈতে বহু ছবিৰ চুক্তিবদ্ধ হৈছিল। তেওঁলোকে ফাৱাদক ভাৰতত ডাঙৰ তাৰকা হিচাপে দেখিছিল যদিও তেতিয়া পাকিস্তানী শিল্পীক বলীউডত কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। পাকিস্তানে ভাৰতীয় ছবি আৰু শিল্পীকো নিষেধাজ্ঞা আৰোপ কৰিছে। ইফালে শেহতীয়াকৈ দীপিকা পাডুকনক শ্বাহৰুখ খানৰ সৈতে ছবি জৱানত সৰু কিন্তু গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। তেওঁৰ পৰৱৰ্তী ছবি হ’ল হৃতিক ৰোশনৰ সৈতে ফাইটাৰ। পাকিস্তানৰ প্ৰথমটো নেটফ্লিক্স প্ৰজেক্টত মহিৰা খানৰ সৈতে দেখা যাব ফাৱাদ খানক।

অসমীয়া আৰক্ষী বিষয়াক গৃহমন্ত্ৰালয়ৰ পদক। কৰ্মনিষ্ঠাৰে জিলিকিল শংকৰব্ৰত ৰায় মেধি…

নিষ্ঠা আৰু একাগ্ৰতাৰে দেশত জিলিকিল এগৰাকী অসমীয়া আই পি এছ বিষয়া। নতুন দিল্লীত আয়োজিত সন্ত্ৰাসবিৰোধী সন্মিলনত এই গৰাকী আই পি এছ বিষয়া শংকৰব্ৰত ৰায় মেধিক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পদক প্ৰদানেৰে সন্মানিত কৰে। উল্লেখযোগ্য যে ২০২১ চনত দক্ষিন ভাৰতত ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছৰ বিৰুদ্ধে দিয়া নেতৃত্বৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে পদক প্ৰদান কৰে।

উল্লেখ্য যে নগাঁৱৰ আৰক্ষী অধীক্ষক হৈ কাৰ্যনিৰ্বাহ কৰা সময়তো গৃহমন্ত্ৰালয়ৰ পৰা পাৰদৰ্শিতাৰ পদকেৰে সন্মানিত হৈছিল ৰায় মেধি। বটদ্ৰবাৰ এক ধৰ্ষন কাণ্ডৰ চাৰ্জশ্বিট সোনকালে আদালতত দাখিল কৰিবলৈ সক্ষম হৈছিল আৰক্ষী বিষয়া গৰাকী। আনকি তেওঁৰ কাৰ্যকালত বাগৰি আৰু বুঢ়াপাহাৰ অঞ্চলত গড় হত্যাৰ ঘটনা শূন্য হৈ পৰিছিল। যাৰ বাবে সকলোৱে তেওঁক শ্ৰদ্ধা আৰু সন্মান কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ পৰা পদক পাই সন্মানিত হোৱা ৰায় মেধি প্ৰথম গৰাকী অসমীয়া আৰক্ষী বিষয়া। নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা সময়তে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সন্হা চমুকৈ নিয়াত যোগদান কৰা শংকৰব্ৰত ৰায় মেধি সম্প্ৰতি নিয়াত কৰ্মৰত।

আপৰ সাংসদ ৰাঘৱ চাদ্ধাক চৰকাৰী বাংলো খালী কৰাৰ নিৰ্দেশ আদালতৰ…

আপ নেতা ৰাঘৱ চাদ্ধাই তেওঁৰ চৰকাৰী টাইপ-৭ বাংলোটো খালী কৰিব লাগিব। আদালতে ৰাঘৱ চাদ্ধাক টাইপ ৭ বাংলোটো খালী কৰিবলৈ নিৰ্দেশ দিছে। আম আদমী পাৰ্টিৰ (আপ) নেতা ৰাঘৱ চাদ্ধাই তেওঁৰ টাইপ ৭ চৰকাৰী বাংলোটো খালী কৰিবলগীয়া হোৱাত পৰিণীতিয়ে এতিয়া সেই ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। আনহাতে, ৰাঘৱ চাদ্ধাই কয় যে কোনো কাৰণ অবিহনেই তেওঁৰ চৰকাৰী আৱাসৰ আৱণ্টন বাতিল কৰা হৈছে। উল্লেখ্য চাদ্ধাৰ উক্ত চৰকাৰী আবাসৰ আবণ্টন বাতিল কৰাৰ পিছত চাদ্ধাই সকাহ বিচাৰি আদালতৰ কাষ চাপিছিল। চাদ্ধাক ২০২২ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ পাণ্ডাৰা ৰোডত থকা টাইপ ৭ চৰকাৰী বাংলোটো আবণ্টন কৰা হৈছিল।

কিন্তু পিছত চৰকাৰে কৈছিল যে এগৰাকী সাংসদে সেই ঘৰ পাব নোৱাৰে। অৰ্থাৎ সেই ঘৰটোত থাকিব পৰাৰ যোগ্যতা চাদ্ধাৰ নাই। সেয়ে তেওঁক চৰকাৰে আন এটা ফ্লেট আবণ্টন দিছিল। ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁৰ সমগ্ৰ কাৰ্যকালত চৰকাৰী বাংলোৰ দখল বজাই ৰখাৰ সম্পূৰ্ণ অধিকাৰ তেওঁৰ আছে। কিন্তু তেওঁ তেওঁৰ পদমৰ্যদাৰ জোখাৰে বাংলো পাব। অতিৰিক্ত জিলা ন্যায়াধীশ সুধাংশু কৌশিকে ১৮ এপ্ৰিলত ৰাজ্যসভা সচিবালয়ক চৰকাৰী বাংলোৰ পৰা চাদ্ধাক উচ্ছেদ নকৰিবলৈ নিৰ্দেশ দিয়া অন্তৱৰ্তীকালীন আদেশ বাতিল কৰি এই মন্তব্য কৰিছিল। চাদ্ধাই ইয়াৰ পিছত পুনৰ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও আদালতে তেওঁক সকাহ নিদিলে। ইপিনে চৰকাৰে কৈছে যে পদ মৰ্যদা অনুসৰি চাদ্ধাই টাইপ ৭ৰ সলনি টাইপ ৬ শ্ৰেণীৰহে বাংলো লাভ কৰিব পাৰে।

আফগানিস্তানত ভয়ংকৰ ভূমিকম্পঃ ১২ খন গাঁও সম্পূৰ্ণৰূপে ধ্বংস, ৩২০ জন লোকৰ মৃত্যু…

আফগানিস্তানত ভয়ংকৰ ভূমিকম্পঃ ১২ খন গাঁও সম্পূৰ্ণৰূপে ধ্বংস, ৩২০ জন লোকৰ মৃত্যু। শনিবাৰে আফগানিস্তানত ভয়ংকৰ ভূমিকম্প সৃষ্টি হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি পশ্চিম আফগানিস্তানত ছটাকৈ ভূমিকম্প সংঘটিত হৈছিল, ইয়াৰে আটাইতকৈ ডাঙৰ ভূমিকম্প আছিল ৬.৩ প্ৰাবল্যৰ ভূমিকম্প। ইউ এছ জি এছৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত হেৰাটৰ ‘জিন্দা জান’ জিলাত ৭.৭ কিলোমিটাৰ গভীৰতাত ৫.৯ প্ৰাবল্যৰ শেহতীয়া ভূমিকম্প সংঘটিত হৈছে।

বিশেষকৈ ইউৰেছিয়ান আৰু ভাৰতীয় টেকটনিক প্লেটৰ অভিসৰণৰ ওচৰত অৱস্থিত হিন্দুকুছ পৰ্বতমালাত আফগানিস্তানত ভূমিকম্পৰ প্ৰৱণতা থাকে। পাঝ’ক আফগান নিউজৰ প্ৰতিবেদন অনুসৰি ২০২২ চনৰ জুন মাহত পূব আফগানিস্তানৰ পাহাৰীয়া অঞ্চলত এক শক্তিশালী ভূমিকম্পৰ ফলত ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ১৫০০ লোক আহত হৈছিল।


আজি গৌৰী খানৰ জন্মদিন: এদিন গৌৰীয়েও শ্বাহৰুখক ব্ৰেকআপ দিছিল। জানক তেওঁলোকৰ প্ৰেম কাহিনী আঁৰৰ কিছু কথা…

গৌৰী আৰু শ্বাহৰুখৰ প্ৰেম কাহিনী প্ৰেমৰ কিতাপতকৈ কম নহয় যদিও ইয়াত ব্ৰেকআপৰ সোৱাদও আছিল। আজি আপোনালোকক শ্বাহৰুখ-গৌৰীৰ প্ৰেম কাহিনীৰ বিষয়ে জনাম। ১৯৭০ চনৰ ৮ অক্টোবৰত জন্ম হৈছিল গৌৰী খানৰ। আজি গৌৰী খানৰ জন্মদিন। আজি এই বিশেষ দিনটোতে শ্বাহৰুখ আৰু গৌৰীৰ প্ৰেমৰ সম্পৰ্কৰ বহু কথা আপোনালোকক জনাম।

গৌৰী খানৰ প্ৰকৃত নাম গৌৰী ছিব্বৰ। সবিতা আৰু দিল্লীত বাস কৰা পাঞ্জাবী-হিন্দু ব্ৰাহ্মণ কৰ্ণেল ৰমেশ চন্দ্ৰ ছিব্বৰৰ কন্যা। গৌৰীয়ে লৰেটো কনভেণ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ বিপৰীতে লেডী শ্ৰী ৰাম কলেজৰ পৰা ইতিহাসত বি এ অনাৰ্ছ কৰে। ইয়াৰ উপৰিও নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিৰ পৰা ফেশ্বন ডিজাইনিঙৰ পাঠ্যক্ৰমো কৰিছিল। ইয়াৰ পিছত গৌৰীয়ে দেউতাকৰ কাপোৰৰ ব্যৱসায়ত যোগদান কৰে আৰু লগতে টেইলাৰিঙৰ কৌশল শিকিলে। শ্বাহৰুখ আৰু গৌৰীৰ প্ৰথম লগ হৈছিল দিল্লীৰ এটা ক্লাবত। কোৱা হয় যে তেওঁ গৌৰীক প্ৰথম দেখাতেই প্ৰেমত পৰিছিল। সেই সময়ত কিং খানৰ বৰ লাজ লগা আছিল, যাৰ বাবে গৌৰীক তিনিবাৰ লগ পোৱাৰ পিছত গৌৰীৰ নম্বৰ বিচাৰিবলৈ সক্ষম হৈছিল। গৌৰীয়ে পঞ্চশীলত বাস কৰিছিল, আনহাতে শ্বাহৰুখৰ বাসগৃহ হাউজ খাছ। এনে পৰিস্থিতিত তেওঁ প্ৰায়ে গৌৰীৰ ঘৰৰ কাষত ঘূৰি ফুৰিছিল আৰু গৌৰী তেৰা গাওঁ বদা প্যাৰা, মই তো গয়া মাৰা আ কে য়াহান ৰে…. অৱশ্যে গৌৰীয়ে এই গীতটো একেবাৰেই ভাল নাপালে।

আজি প্ৰতিজন ব্যক্তিয়ে গৌৰী আৰু শ্বাহৰুখৰ প্ৰেমৰ দৰে প্ৰেম পূৰণ কৰাৰ সপোন দেখে, কিন্তু গৌৰী আৰু শ্বাহৰুখৰ মাজতো যে ব্ৰেকআপ হৈছিল সেয়া জানেনে? শ্বাহৰুখ খানে এই কথা উল্লেখ কৰিছিল বিখ্যাত টিভি পৰিচালক ডেভিদ লেটাৰমেনৰ মাই নেক্সট গেষ্ট নিডছ ন’ ইনট্ৰ’ডাকচন অনুষ্ঠানত। কোৱা হয় যে যেতিয়া গৌৰী আৰু শ্বাহৰুখৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল তেতিয়া এটা সময় আহিছিল যেতিয়া গৌৰীয়ে শ্বাহৰুখৰ কিছুমান কথা ভাল নাপাইছিল। আচলতে শ্বাহৰুখ বৰ পজিটিভ আছিল। সি নিবিচাৰিছিল গৌৰীয়ে তাইৰ চুলিখিনি আন মানুহৰ আগত মেলি ৰাখিব। কিন্তু শ্বাহৰুখৰ এনে কিছুমান কথাত গৌৰী মুম্বাইলৈ গুচি আহিছিল। ইয়াৰ পিছত শ্বাহৰুখো মুম্বাইলৈ আহিল আৰু গোটেই চহৰখনৰ প্ৰতিটো স্থানতে ঘূৰি ফুৰিছিল গৌৰীক বিচাৰি। এদিন গৌৰীয়ে তেওঁক এনেদৰে লগ পালে যে তেওঁলোকৰ কেতিয়াও বিচ্ছেদ নহ’ল।

ছিকিমৰ বান বিভীষিকাত ৫৬ জন লোকৰ মৃত্যু, নদীত ওপঙি আছে বহু মৃতদেহ…

বুধবাৰে (৪ অক্টোবৰ) ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ বানপানী হোৱাৰ লগতে ছিকিমৰ চাৰিখন জিলা বহু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ছিকিমত এই পৰিস্থিতিৰ সৃষ্টি হয়। বৰ্তমানো মৃত্যুৰ সংখ্য়া বৃদ্ধি হৈ আছে। পৰিস্থিতি এনেকুৱা যে এতিয়াও বোকা আৰু ধ্বংসাৱশেষৰ পৰা মৃতদেহ উলিয়াই আনিব পৰা নাই। তথ্য অনুসৰি ছিকিমৰ বানপানীত এতিয়ালৈকে ৫৬টা মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হোৱা ৬২জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। শনিবাৰে সন্ধিয়া ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, এতিয়া নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ৮১ জনলৈ হ্ৰাস পাইছে, যাৰ বাবে অনুসন্ধান অভিযান পূৰ্ণগতিত চলি আছে।

এক প্ৰতিবেদন অনুসৰি ছিকিমৰ বানপানীত এতিয়ালৈকে ৫৬টা মৃতদেহ উদ্ধাৰ। ইয়াৰে পশ্চিমবংগৰ তীস্তা নদী অৱবাহিকাৰ পৰা উদ্ধাৰ হৈছে ৩০ টাতকৈও অধিক মৃতদেহ। ২২ জন সেনা জোৱান নিৰুদ্দেশ হৈ থকাৰ বিপৰীতে ৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। একে সময়তে এছ এছ ডি এম এয়ে জনোৱা মতে, বুধবাৰে পুৱতি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ সৃষ্টি হোৱা বানপানীৰ বাবে ৰাজ্যৰ চাৰিখন জিলাত ৪১,৮৭০ জন লোক ক্ষতিগ্ৰস্ত হৈছে, মংগন জিলাই দুৰ্যোগৰ বোজা বহন কৰিবলগীয়া হৈছে, য’ত প্ৰায় ৩০,৩০০ লোকে ক্ষতিগ্ৰস্ত হৈছে দুৰ্যোগৰ ফলত প্ৰভাৱিত হৈছে। বিষয়াসকলৰ মতে, সেইদিনা নিৰুদ্দেশ হোৱা সেনাবাহিনীৰ ৩৯খন বাহনৰ ভিতৰত ১৫খন কেইবা ফুট দ বোকাত উদ্ধাৰ কৰা হৈছে।

তথ্য অনুসৰি ছিকিমৰ মংগন জিলাৰ লাচেন আৰু লাচুঙত ক্ষন্তেকীয়া বানপানীৰ ফলত আবদ্ধ হৈ থকা ৩ হাজাৰৰো অধিক পৰ্যটক নিৰাপদ বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ভাৰতীয় বায়ুসেনাই মি-১৭ হেলিকপ্টাৰেৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ কেইবাবাৰো চেষ্টা চলাইছিল যদিও বতৰ বেয়াৰ বাবে বাগডোগ্ৰাৰ লগতে চাটেনৰ পৰাও বিমান সেৱা চলাব পৰা নাছিল। স্থানীয় প্ৰশাসনৰ লগতে সেনাই আৱদ্ধ পৰ্যটক আৰু স্থানীয় ৰাইজক খাদ্য, চিকিৎসা সাহায্য আৰু চেটেলাইট টাৰ্মিনেলৰ জৰিয়তে টেলিফোন সংযোগৰ ব্যৱস্থা কৰি সাহায্য প্ৰদান কৰি আছে।


চি চি আৰ টি গুৱাহাটীৰ উদ্যোগত লোক চিত্ৰ আৰু টেৰাকাটা শিল্পৰ কৰ্মশালা…

চি চি আৰ টি গুৱাহাটীৰ উদ্যোগত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিগাৰুৰ আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত ৩ অক্টোবৰৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন লোক চিত্ৰ আৰু টেৰাকাটা শিল্পৰ বিষয়ে কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনত সমল ব্যক্তি হিচাপে মাজুলীৰ পৰা অহা চিত্ৰ শিল্পী মৃদুল হাজৰিকাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সময়ত সাঁচিপাতত হেঙুল-হাইতালেৰে কিদৰে চিত্ৰ অঙ্কণ কৰিছিল সেই বিষয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক সুন্দৰভাৱে বিৱৰি কয় ।

লোক চিত্ৰ বিভাগত অংশ গ্ৰহণ কৰা পঞ্চাশ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰং তুলিকাৰে সাঁচিপাতত অঙ্কিত ছৱিৰ প্ৰশিক্ষণ প্ৰদান কৰে । টেৰাকাটা বিভাগত সমল ব্যক্তি হিচাপে উপস্থিত থকা শিল্পী দেৱ হাজৰিকাই কুমাৰৰ মাটিৰ দ্বাৰা বিভিন্ন দেৱ-দেৱতাৰ মূৰ্তি চৰাই আদি নিৰ্মানৰ প্ৰশিক্ষণ প্ৰদান কৰে । কৰ্মশালাৰ সমাপ্তিত দুয়োটা শাখা মিলি প্ৰায় এশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অঙ্কণ আৰু নিৰ্মাণ কৰা চিত্ৰ আৰু শিল্পসমূহৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। কৰ্মশালাখন অনুষ্ঠিত কৰাত সহযোগিতা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামী আৰু শিক্ষয়িত্ৰী মুনমী বৰুৱাই।

টীয়কত চাকৰিৰ অনলাইন কৰিবলৈ গৈ নিৰুদ্দেশ এগৰাকী যুৱতী…

টীয়কৰ হাঁহচৰা চিৰাখুন্দা গাঁৱৰ নিবাসী ৰিপু দত্তৰ ২০ বছৰীয়া কন্যা পুৰবী দত্ত যোৱা ২ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যোৱা অক্টোবৰৰ ২ তাৰিখে টীয়ক নগৰলৈ চাকৰিৰ অনলাইন কৰিব বুলি ঘৰৰ পৰা স্কুটিৰে ওলাই আহিছিল আৰু পৰৱৰ্তী সময়ত স্কুটিখন এগৰাকী বান্ধৱীৰ হাতত ঘৰলৈ পঠিয়াই দি তেওঁৰ কিছু পলম হ’ব বুলি বান্ধৱীৰ যোগে ঘৰত অৱগত কৰিছিল। কিন্তু গধুলিলৈকে ছাত্ৰীগৰাকী ঘৰলৈ ঘূৰি নহা দেখি পৰিয়ালৰ লোক চিন্তিত হৈ বন্ধু-বান্ধৱী, আত্মীয় সকলোকে খবৰ কৰে আৰু কোনো সম্ভেদ নাপাই নিশা টীয়ক আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।অৱশ্য আজি পাঁচদিন উকলি যোৱাৰ পাছতো ছাত্ৰীগৰাকীৰ কোনো সম্ভেদ নাপাই এতিয়া পৰিয়ালটো আৰু চিন্তিত হৈ পৰিছে।

কান্দোনত ভাগি পৰিছে পিতৃ ৰিপু দত্ত। সেয়ে কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীৰ কিবা সম্ভেদ পালে ততাতৈয়াকৈ টীয়ক আৰক্ষী অথবা 8822338242 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃয়ে।

সৰুপথাৰত সদৌ অসম আন্ত:মহাবিদ্যালয়, বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা ৷ শ্ৰেষ্ঠ তাৰ্কিক মনোজ কুমাৰ বৰুৱা…

সোণালী জয়ন্তী বৰ্ষ গড়কা ঐতিহ্য মণ্ডিত সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ষযোৰা অনুষ্ঠানৰ আৰু সৰুপথাৰত অনুষ্ঠিত হ’ব লগা সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ সপ্তম দ্বি বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি শনিবাৰে অসম ভিত্তিত আন্ত:মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় ভিক্তিত সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ উদ্যোগত সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ বিষয় হৈ “এক দেশ ,এক নিৰ্বাচনৰ জৰিয়তেহে ভাৰতৰ গণতন্ত্ৰ অধিক শক্তিশালী আৰু ফলপ্ৰসূ হ’ব ” বিষয়ক লৈ দিনযোৰা কাৰ্যসুচীৰে সৰুপথাৰ মহাবিদ্যালয়ৰ স্বৰ্গীয় মুহীকান্ত তামুলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিৰ বন্তি প্ৰজ্বলন কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধক্ষ্যা ড° প্ৰাপ্তি ঠাকুৰে , তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰে চুতীয়া ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু চুতীয়াই ৷

সৰুপথাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী বিভাগৰ অধ্যাপক সত্যব্ৰত দত্তই আঁত ধৰা তৰ্ক প্ৰতিযোগিতাখনিৰ অধক্ষ্যতা কৰে বিশিষ্ঠ স্তম্ভ লেখক , দৈনিক জনমভূমি কাকতৰ সাপ্তাহিক বসুন্ধৰা আলোচনী সম্পাদক শান্তৱ কৌশিক বৰুৱা আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপীকা ড° মহেশ্বেতা দেবী , বিশিষ্ঠ তাৰ্কিক , সাংবাদিক অংশুমান ভৰদ্বাজ , সদৌ অসম তাৰ্কিক সন্হাৰ সম্পাদক বিশিষ্ঠ তাৰ্কিক প্ৰাঞ্জল প্ৰতীম ডেকাই বিচাৰকৰ আসন অলংকৃত কৰে ৷ তৰ্ক প্ৰতিযোগিতাখনি সদৌ অসম ভিক্তিত অনুষ্ঠিত কৰা হৈছিল যদিও চুবুৰীয়া মেঘালয়ৰ প্ৰতিযোগীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ বিশ্ব বিদ্যালয় আৰু মহাবিদ্যালয় ২৩গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা গাম্ভীৰ্যপূৰ্ণ প্ৰতিযোগিতাখনিত শ্ৰেষ্ট তাৰ্কিক হিচাপে গুৱাহাটীৰ (IMCMS) মনোজ কুমাৰ বৰুৱা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিৱাশীষ শৰ্মা , তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বানন্দ নেওগে জয় লাভ কৰিবলৈ সক্ষম লগতে দলীয় শাখাত প্ৰথম জগন্নাথ বৰুৱা মহাবিদ্যালয় (যোৰহাট)ৰ ৰৌনৰ ৰূপম পৰাশৰ আৰু জ্যাজ্ঞত্ৰী চুতীয়া আৰু দ্বিতীয় দল দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ দিব্যজ্যোতি নাথ আৰু উৎপল বৰাৰ দলে জয়লাভ কৰে ৷

সাম্পতিক সময়ৰ আলোচনাৰ খুবেই প্ৰয়োজনীয় বিষয়ক লৈ অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিত জুৰীৰ বিশেষ বঁটা সৰুপথাৰ মহাবিদ্যালয়ৰ সঞ্জীৱ দত্ত আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয় মেঘালয়ৰ ল’ৰেটৌ কনভেন্টৰ দৰ্শনা পাটোৱাৰীয়ে ৷ সদৌ অসম চুতীয়া ছাত্ৰ সন্হাই দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাদীশ প্ৰীয়ম ফুকন , সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰা , সাধাৰণ সম্পাদক ৰাজু চুতীয়া , সহকাৰী সম্পাদক অৱন বৰা , গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মানস জ্যোতি শইকীয়া , জিলা সহকাৰী সম্পাদক দীপ শইকীয়া , ধনশিৰি মহকুমা সমিতিৰ সভাপতি অভিজিৎ শইকীয়া , সাধাৰণ সম্পাদক ৰক্তিম হাজৰীকাৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰ সকল উপস্হিত থাকে ৷

বেবী কৰ্ণে বহু ৰোগৰ পৰা ৰক্ষা কৰে, আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক বেবী কৰ্ণ…

বেবী কৰ্ণ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। বেবী কৰ্ণত বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে আমাক বহুতো ৰোগৰ পৰা ৰক্ষা কৰে। বেবী কৰ্ণ ইমানেই ছুপাৰফুড হয়, সেইবাবে আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত বেবী কৰ্ণক। বেবী কৰ্ণত ভিটামিন, মিনাৰেল, এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে যিয়ে আমাক কেন্সাৰ, হৃদৰোগ, মেদবহুলতা আৰু ডায়েবেটিছৰ দৰে গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰে। ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু ছাল, চুলি আৰু চকুৰ বাবেও অতি উপকাৰী। আমি সহজেই আমাৰ খাদ্যত বেবী কৰ্ণ চালাড, শাক-পাচলি, চূপৰ ৰূপত অন্তৰ্ভুক্ত কৰিব পাৰো।

বেবী কৰ্ণত এন্টিঅক্সিডেন্ট থাকে যিয়ে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰে। অন্যান্য ফল-মূলৰ সৈতে ৰন্ধা-বঢ়া কৰিলে শিশু এন্টিঅক্সিডেন্ট আৰু অধিক বৃদ্ধি পায়। ইয়াৰ উপৰিও ইয়াত ফেৰুলিক এচিড থাকে যিয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ই স্তন কেন্সাৰ আৰু লিভাৰ কেন্সাৰ আদি কেন্সাৰ প্ৰতিৰোধ কৰে। বেবী কৰ্ণ সেৱন কৰিলে আমি কেন্সাৰৰ দৰে ৰোগৰ পৰা হাত সাৰিব পাৰো।

বেবী কৰ্ণে ৰক্তহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। বেবী কৰ্ণত অধিক পৰিমাণৰ আইৰণ থাকে যিয়ে হিম’গ্লবিন গঠনত সহায় কৰে। হিম’গ্লবিনে ৰক্তকণিকাত অক্সিজেন কঢ়িয়াই নিয়াৰ কাম কৰে। গতিকে বেবী কৰ্ণ সেৱনে ৰক্তহীনতাত আক্ৰান্ত লোকক উপকৃত কৰিব পাৰে। ই তেওঁলোকৰ তেজত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰি ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।

বেবী কৰ্ণৰ গ্লাইচেমিক ইনডেক্স কম যাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। ই লাহে লাহে হজম হয় আৰু তেজৰ চেনি স্থিৰ কৰি ৰখাত সহায় কৰে। শিশু কুঁহিয়াৰত থকা আঁহে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে বেবী কৰ্ণক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ তেজৰ গ্লুক’জ ভাৰসাম্য ৰক্ষা কৰাত সহায়ক হ’ব।

বেবী কৰ্ণত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন ই থাকে যি ছালৰ লগত জড়িত সমস্যাত উপকাৰী। ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে, ব্ৰণ, বলিৰেখা আদিৰ পৰা সকাহ দিব পাৰে।