Home Blog Page 1329

দিল্লী-NCRসহ উত্তৰ ভাৰতত প্ৰবল ভূমিকম্প…

দিল্লী-NCRসহ উত্তৰ ভাৰতত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৪.৪৬ আৰু ৬.২।

ভূমিকম্পৰ অভিকেন্দ্ৰ নেপাল। একেৰাহে ৪টাকৈ ভূমিকম্পত নেপালত ব্যাপক ক্ষয়-ক্ষতি।

দিল্লীৰ লগতে উত্তৰাখণ্ডসহ কেইবাখনো ৰাজ্যত অনুভূত জোকাৰণি। ভূমিকম্পৰ বাবে দিল্লী আৰক্ষীয়ে জাৰি কৰিছে সতৰ্কতামূলক জাননী।

বৰক্ষেত্ৰীত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শিলান্যাস জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ…

বৰক্ষেত্ৰীত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শিলান্যাস জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ ৷
য’তেই আদৰ্শ অংগনবাড়ী স্থাপন হৈছে তাতেই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে – আয়ুক্ত বৰ্ণালী ডেকা


নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বামুনবড়ী গাঁৱত আজি এটি আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শিলান্যাস কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷ বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলী, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীকে ধৰি বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ৭১নং আদৰ্শ মূলাঘাটা অংগনবাদী কেন্দ্ৰটিৰ আধাৰশিলা স্থাপন কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷ ৩১১নং বামুনবড়ী মিলন প্ৰাথমিক বিদ্যালয় চৌহদত স্থাপন কৰা অংগনবাদী কেন্দ্ৰটিৰ শিলান্যাস কৰি আয়ুক্ত বৰ্ণালী ডেকাই কয় যে- য’তেই আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হৈছে তাতেই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

উন্নতমানৰ আন্তগাঁঠনিৰে নিৰ্মাণ কৰিবলগীয়া কেন্দ্ৰটোৰ আন্তগাঁঠনি যাতে অতি নিখুঁতভাৱে নিৰ্মাণ কৰা হয় তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায় আৰু ৰাইজক নিৰ্মাণৰ ওপৰত চকু ৰাখিবলৈ কয় ৷ হাজো-দৌলাশাল পথৰ দাঁতিৰ ওচৰতে নিৰ্মাণ কৰিবলগীয়া আদৰ্শ অংগনবাদী কেন্দ্ৰটো অসমৰ ভিতৰতে লেখতলবলগীয়া কেন্দ্ৰ হ’ব বুলি আশা প্ৰকাশ কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷

তদুপৰি অংগনবাদী কেন্দ্ৰটোলৈ যাতে অঞ্চলটোৰ কণ কণ শিশুসকলে আহি এটা সুস্থ তথা শৈক্ষিক পৰিৱেশ লাভ কৰিব পাৰে তাৰ বাবেও সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায় ৷ অংগনবাদী কেন্দ্ৰটোৰ শিলান্যাস অনুষ্ঠানত ৫৬নং মুগদি-ৰামপুৰ গাঁও পঞ্চায়তৰ সচিব আতিকুৰ ৰহমান, মুগদি-ৰামপুৰ গাঁও পঞ্চায়তৰ কণিষ্ঠ অভিযন্তা আব্দুল ফাৰুক আলী, ফাইজুৰ ৰহমান, বিজেপি নেতা অৰূপ ডেকা, অচ্যুৎ নাথ, শিক্ষক জিঞ্জাৰ আলী, ৰামপুৰ বজাৰ সমিতিৰ সভাপতি কল্প তালুকদাৰ, সম্পাদক আনোৱাৰ হুছেইনকে প্ৰমুখ্য কৰি অৰ্ধশতাধিক লোক উপস্থিত থাকে ৷

(ফটো আছে)

জয়ন্ত ডেকা ৷ মুকালমুৱা

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন…

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ব্যঘ্ৰ প্ৰকল্পৰ সৌজন্যত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়।প্ৰতি বছৰৰ দৰে এই বছৰো উদ্যান খনত ২ অক্টোবৰ পৰা ৮ অক্টোবৰলৈ উদযান কৰা হব বন্যপ্ৰাণী সপ্তাহ।প্ৰতি দিনাই থাকিব এক সুকীয়া কাৰ্যসূচী।প্ৰথম দিনা ২ তাৰিখ সোমবাৰে উদ্যানখনৰ গাতে লাগি থকা মুছলিম চাপৰি গাওঁত এখনি সজাগতা সভা অনুষ্ঠিত কৰে।

সভাত বন্যপ্ৰাণী সমূহক কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি আৰু দাঁতি-কাষৰীয়া ৰাইজৰ ভূমিকাৰ ওপৰত বিতংকৈ আলোচনা কৰা হয়।৩ তাৰিখ মঙ্গলবাৰে উদ্যান গাতে লাগি থকা নলবাৰী প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী ৰ মাজত অনুষ্ঠিত হয় ছবি অঙ্কন প্ৰতিযোগীতা। ইয়াত সহযোগীতা কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক ছেকান্দৰ আলী সহকাৰী শিক্ষক আতিকুৰ ৰহমান, আশ্ৰাফুল হুছেইন আৰু লগতে থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক বিচিত্ৰ ৰায়, মৌচুমী দাস আৰু বনকৰ্মী সীতা পৌডেল,দীপা ঠাকুৰ, সোনপাহী ৰায় আৰু বিশ্বজীৎ ৰাভা।

অনাগত পাঁচ দিনৰ কাৰ্যসূচী সম্পৰ্কে আমাৰ আগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক প্ৰানজিৎ ডেকাই কয় যে ৪ তাৰিখ বুধবাৰে ৰঙাগড়া শান্তিময় একাডেমিত ছাত্ৰ-ছাত্ৰী মাজত ছবি অঙ্কন প্ৰতিযোগীতা হ’ব।৫ তাৰিখ বৃহস্পতিবাৰে ফাটাশিমুল নতুন বজাৰ,৬ তাৰিখ শুক্ৰবাৰে কাচোম মাৰী চোনাৰী গাওঁত, ৭ তাৰিখ শনিবাৰে নলবাৰী গাওঁত আমি বন্যপ্ৰাণী সজাগতা সভা অনুষ্ঠিত কৰিম আৰু অন্তিম দিনা ৮ তাৰিখ দেওঁবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া গাওঁৰ গাওঁ প্ৰধান, গাওঁ ৰক্ষী বাহিনী,ই.ডি সমিতিৰ বিষয়ববীয়াৰ, স্থানীয় সচেতন ৰাইজক লৈ আমি বৃহৎ বাবে উদ্যান খনৰ সভাগৃহত এক সভা অনুষ্ঠিত কৰিম যত হৈ যোৱা বিদ্যালয় সমূহত ছবি প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক পুৰস্কাৰে সন্মানিত কৰিব।‍

শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা…

শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা।

কনভয়ৰ বাহনত খুন্দা আন এখন বাহনৰ। দুৰ্ঘটনাত আহত মহিলাসহ ৭গৰাকী কংগ্ৰেছ কৰ্মী।

দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ বাহনসহ প্ৰায় ১০খন বাহন। অৱশ্যে দুৰ্ঘটনাত আঘাত পোৱা নাই সাংসদগৰাকীয়ে।

মালেছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ শাখাৰ পাঞ্জা খেল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব পাৰছ লিম্বুৰ ৰূপৰ পদক অৰ্জন…

মালেছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ শাখাৰ পাঞ্জা খেল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল অসমৰ শোণিতপুৰ জিলাৰ তৰাজান বঙালী গাঁৱৰ যুৱক পাৰছ লিম্বুৱে। উক্ত পাঞ্জা খেলত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় পাৰছ লিম্বুৱেঃআজি মালেছিয়াৰ পৰা পাৰছ লিম্বু শোণিতপুৰ জিলাৰ নিজ গৃহত আহি উপস্থিত হয়৷ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জনেৰে অসমৰ লগতে অঞ্চলটোলৈ গৌৰব কঢ়িয়াই অনাত আজি উৎফুল্লিত অঞ্চলবাসী৷

পাৰছ লিম্বু ঘৰত আহি পোৱাৰ পিছত আজি অঞ্চলটোত আনন্দৰ বন্যা,পাৰছ লিম্বুক লগতলৈ আজি বিভিন্ন দল সংগঠনে উলিয়ালে আনন্দ যাত্ৰা,সমান্তৰালভাৱে পাৰছ লিম্বুক আজি সম্বৰ্ধনা জনায় অসম লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ গড়মাৰা আঞ্চলিক সমিতিয়ে৷আজিৰ উক্ত কাৰ্যসূচীত অসম লিম্বু মহাসভাৰ শোণিতপুৰ জিলাৰ উপ সভাপতি চুৰেন লিম্বু আৰু গোৰ্খা ছাত্ৰ সন্থাৰ গড়মাৰা আঞ্চলিকৰ সভাপতি জগত লিম্বুৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ৷

আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি মৰিয়নিত বৃহৎ জনসজাগতা সভা…

আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰনৰ ওপৰত ৰাজ্যৰ চাহ বাগিচা অঞ্চলত মাহজোৰা জন সজাগতা অভিযানৰ আজি মৰিয়নি হোনোৱাল চাহ বাগিচাত আৰম্ভ হয়। অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত হোনোৱাল চাহ বাগিচা সভাগৃহত অনুষ্ঠিত হোৱা সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্ত, মহিলা আৰু শিশু কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।

মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ মহিলা সকলক নিজৰ স্বাস্থ্যক লৈ সজাগত হবলৈ আহ্বান জনায়। বাগিচা অঞ্চলত সুৰা আৰু বিভিন্ন মাদক দ্ৰব্যৰ বিৰুদ্ধে গন আন্দোলন গঢ়ি তুলিবলৈ মহিলা সকলক ওলাই আহিবলৈ কয়। বাল্য বিবাহ হ’ল চাহ বাগিচাৰ আন এক মূল সমস্যা। সেয়ে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত মাতৃ সকলৰ ভূমিকা অনস্বিকাৰ্য। মাতৃ সকলে বাল্য বিবাহৰ বিৰুদ্ধে বাগিচাই বাগিচাই মহিলা সকলে গনসচেতনা গঢ়ি তুলিবলৈ বাগিচা অঞ্চলৰ ৰাইজৰ প্ৰতি আহ্বান জনায়। সভাত সাংসদ তপন গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰুপজ্যোতি কুৰ্মী, ভাস্কৰ বৰুৱা যোৰহাট জিলাৰ আয়ুক্ত পূলক মহন্ত উপস্থিত থাকে।

শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা

শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা।

কনভয়ৰ বাহনত খুন্দা আন এখন বাহনৰ।

দুৰ্ঘটনাত আহত মহিলাসহ ৭গৰাকী কংগ্ৰেছ কৰ্মী।

দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ বাহনসহ প্ৰায় ১০খন বাহন।

অৱশ্যে দুৰ্ঘটনাত আঘাত পোৱা নাই সাংসদগৰাকীয়ে।

শ শ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ…

অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ তামুলপুৰ জিলা সমিতিয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে সন্মুখীন হৈ থকা সমস্যা সমাধানৰ দাবীত আজি তামুলপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।অংগনবাড়ী কৰ্মীক ১২ হাজাৰ আৰু সহায়িকাক ১০ হাজাৰ টকা পাৰিশ্ৰমিক প্ৰদান কৰা, অৱসৰীসকলৰ এক কালীন সাহায্য ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা কৰা, অসমৰ অংগণবাদী কৰ্মী সহায়িকাক গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা , সহায়িকাক পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লোৱা , কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা , অসম ৰাজ্যিক অঙ্গনবাদী কেন্দ্ৰৰ গৃহ উন্নতমান বিশিষ্ট কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

তিক্ততা বাঢ়িল! কানাডালৈ ভাৰতৰ পৰা প্ৰায় ৪০ জন কানাডিয়ান কূটনীতিবিদক ঘূৰাই নিয়াৰ নিৰ্দেশ নতুন দিল্লীৰ

ভাৰত-কানাডাৰ সম্পৰ্কত দূৰত্ব আৰু অধিক বৃদ্ধি পালে। নতুন দিল্লীয়ে ভাৰতৰ পৰা প্ৰায় ৪০ জন কানাডিয়ান কূটনীতিবিদক ঘূৰাই নিয়াৰ নিৰ্দেশ দিয়ে। মঙলবাৰে “দ্য ফাইনেন্সিয়েল টাইমছ”ত প্ৰকাশিত খবৰ অনুসৰি ১০ অক্টোবৰৰ ভিতৰত কানাডাই নতুন দিল্লীৰ পৰা নিজৰ কূটনীতিবিদসকলক স্থানান্তৰ কৰিব লাগিব।

কানাডাত খালিস্তান সমৰ্থক নেতাৰ হত্যাকাণ্ডক লৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্কত ব্যাঘাত জন্মিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত নতুন দিল্লীৰ এই নিৰ্দেশৰ বাবে দুয়োখন দেশৰ সম্পৰ্ক অধিক তিক্ত হোৱাৰ সম্ভাৱনা আছে।

খালিস্তান সমৰ্থক নেতা হৰদীপ সিং নিজ্জাৰক যোৱা জুন মাহত কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত হত্যা কৰা হৈছিল। শেহতীয়াকৈ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সেই দেশৰ সংসদত মন্তব্য কৰিছিল যে হৰদীপৰ হত্যাৰ আঁৰত ভাৰত চৰকাৰেই হ’ব পাৰে। কানাডাৰ প্ৰধানমন্ত্ৰীৰ এই অভিযোগ নতুন দিল্লীয়ে পোনপটীয়াকৈ নাকচ কৰিলে আৰু এই ঘটনাৰ লগে লগে দুয়োখন দেশৰ মাজত কূটনৈতিক হেঁচা আৰম্ভ হৈছে। ভাৰত চৰকাৰে ভাৰতত বাস কৰা বা ভাৰত ভ্ৰমণ কৰা কানাডাৰ নাগৰিকৰ বাবে কিছু ভ্ৰমণ নিৰ্দেশনা জাৰি কৰিছে।

আনহাতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাত বসবাস কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলৰ বাবে অত্যন্ত সাৱধানতাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। ভাৰত চৰকাৰে কানাডাৰ নাগৰিকক ভিছা প্ৰদান স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। দুয়োখন দেশৰ মাজত যেতিয়া দ্বিপাক্ষিক সম্পৰ্ক অশান্ত হৈ পৰিল, তেতিয়া ট্ৰুডোৱে পুনৰ ভাৰতৰ ওপৰত নিজাৰ হত্যাৰ বাবে আঙুলিয়াই দিলে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কানাডাৰ বিৰুদ্ধে আন্দোলন কৰে। শেহতীয়াকৈ ৱাশ্বিংটনত জয়শংকৰে কয় যে এটা বাধ্যবাধকতা আছিল।

আমাৰ কূটনীতিবিদ, দূতাবাসৰ বিৰুদ্ধে হিংসা বিয়পি পৰিছিল। ভিছা দিবলৈ কেনেকৈ অফিচলৈ যাব? ই আইন-শৃংখলাৰ প্ৰশ্ন। ভিয়েনা সন্মিলনৰ প্ৰশ্ন। ভিয়েনা সন্মিলনৰ মতে আমি আমাৰ কূটনীতিবিদ, দূতাবাসক নিৰাপত্তা প্ৰদান কৰিব লাগিব।

অযোধ্যাৰ ৰাম মন্দিৰ আক্ৰমণৰ বৃহৎ পৰিকল্পনা কৰা পাকিস্তানৰ মাষ্টাৰমাইণ্ড, আইছিছ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ বিশেষ কোষে মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী শ্বাহ নৱাজকে ধৰি তিনি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰকাশ কৰিছে যে তেওঁলোকৰ হেণ্ডলাৰ আন কোনো নহয়, পাকিস্তানত থকা ফাৰহাতুল্লা গোৰী নামৰ সন্ত্ৰাসবাদী।

ভাৰতৰ পৰা পাকিস্তানলৈ পলায়ন কৰা ফাৰহাতুল্লাহ গোৰীয়ে আইছিছৰ নামত ভাৰতৰ যুৱক-যুৱতীসকলক অনলাইন জেহাদৰ বাবে প্ৰস্তুত কৰি আছে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীৰ জেৰাত এক চাঞ্চল্যকৰ ষড়যন্ত্ৰ উন্মোচিত হয় – অযোধ্যাৰ ৰাম মন্দিৰটোও সন্ত্ৰাসবাদীৰ টাৰ্গেট লিষ্টত আছিল – দিল্লীৰ অক্ষৰ্ধম মন্দিৰ, জনবহুল বজাৰ, ৰে’ল ষ্টেচনসমূহো সন্ত্ৰাসবাদীৰ হিট লিষ্টত আছিল – বিজেপি আৰু আৰএছএছৰ ডাঙৰ ডাঙৰ নেতাক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনাও আছিল।

২০০২ চনত গুজৰাটৰ অক্ষৰধম মন্দিৰত সংঘটিত হোৱা আক্ৰমণৰ সৈতে জড়িত আছিল ফাৰহাতুল্লাহ গোৰী।২০০২ চনত গৰি হায়দৰাবাদৰ এছটিএফৰ কাৰ্যালয়ত আত্মঘাতী আক্ৰমণৰ আয়োজন কৰিছিল। হায়দৰাবাদৰ নিবাসী ফাৰহাতুল্লাহ গোৰীয়ে ভাৰতৰ পৰা পাকিস্তানলৈ পলায়ন কৰি তাতেই আত্মগোপন কৰি আছে। ভাৰত চৰকাৰে ফাৰহাতুল্লাহ গোৰীক নিৰ্দিষ্ট সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে।