Home Blog Page 1346

অ’ এন জি চি , অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে লঘূ যান – বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ…

অ’ এন জি চি , অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে লঘূ যান – বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ
মহাৰত্ন তৈল – গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি )অসম সম্পদৰ একাংশ অনা অসমীয়া বিষয়াৰ থলুৱা বিৰোধী নীতি তথা শোষণ – প্ৰৱঞ্চনাৰ বিৰুদ্ধে বিভিন্ন সময়ত বহু দল – সংগঠন আৰু ৰাইজৰ প্ৰতিবাদৰ স্বত্তেও কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰালয় , অসম চৰকাৰ আৰু নিগম কৰ্তৃপক্ষই কোনো গুৰুত্বাৰোপ কৰা পৰিলক্ষিত হোৱা নাই ।

শেষতীয়াকৈ অ’ এন জি চি অসম সম্পদৰ অধীনত লঘু যান – বাহনৰ এক নিবিদা আহ্বান কৰে । শ শ ক্ষুদ্ৰ ঠিকাদাৰে হাজাৰ হাজাৰ টকা ব্যয় কৰি এই নিবিদাত অংশগ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত থলুৱাক পেটে ভাতে মাৰি বহিৰাগত অনাঅসমীয়া পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থৰ ৰক্ষাৰ কাৰণে আৰু অনাঅসমীয়া একাংশ শীৰ্ষ বিষয়াৰ গোপন কমিচনৰ অংকৰ বাবেই থলুৱাক বঞ্চিত কৰি নিবিদা বাতিল কৰে । অ’ এন জি চিৰ এনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে সম্প্ৰতি সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত আছে । আজি অ’ এন জি চি , অসম সম্পদৰ মূখ্য কাৰ্যালয়ৰ সন্মূখত লঘূ যান বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

অ’ এন জি চিৰ লঘূ যান বাহন নিবিদা প্ৰক্ৰিয়াত এজন ভেন্দৰক এখনকৈ লঘু বাহন প্ৰদান কৰা, প্ৰস্তাৱিত লটাৰী প্ৰক্ৰিয়া বন্ধ কৰা, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ নিৱনুৱা সকল অগ্ৰাধিকাৰ প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰা, এই তিনি দফীয়া দাবী উত্থাপন কৰি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে লঘূ যান বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই। পিছত অ’ এন জি চি, অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকক লঘু যান – বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই যৌথ ভাৱে এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । অহা ২৭ ছেপ্টেম্বৰৰ ভিতৰত দাবী সমূহ অ’ এন জি চি কতৃপক্ষই বিবেচনা নকৰিলে ২৮ ছেপ্তেম্বৰত লঘূ যান বাহনৰ ক্ষেত্ৰত অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে এই দুই সন্থাই।

নগৰবেৰা গাওঁ পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি ! দুৰ্নীতিগ্ৰস্ত সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ…

নগৰবেৰা গাওঁ পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি, দুৰ্নীতিগ্ৰস্ত সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ, তদন্তৰ দাবী

কামৰূপৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰা গাওঁ পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়নৰ নামত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতি অনিয়ম আৰু লুন্ঠনৰাজৰ বিৰুদ্ধে আজি পঞ্চায়তটোৰ স্থানীয় প্ৰায় শতাধিক পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰি পঞ্চায়তৰ সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, নগৰবেৰা গাঁও পঞ্চায়তৰ দুৰ্নীতি পৰায়ন সভাপতি দিপাংকৰ কলিতাই পঞ্চায়ত খনত এম জি এনৰেগা, চতুৰ্থ বিত্তীয় আয়োগ আঁচনি, প্ৰধান মন্ত্ৰী আৱাস যোজনা আদি বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি সোঁৱে বাঁৱে লুন্ঠন চলোৱাত ৰাইজ অতীষ্ঠ হৈ পৰিছে। অভিযোগ অনুসৰি, পঞ্চায়ত খনৰ এলেকাধীন ১নং আৰু ২ নং পলাহৰটাৰী গাওঁৰ ক্ৰমে খদেজা খাতুন পৰা দহ হেজাৰ,
মনোৱাৰা খাতুনৰ পৰা পাঁচ হাজাৰ,


জহিৰন নেছাৰ পৰা পাঁচ হাজাৰ, শাহাৰভানুৰ পৰা পাঁচ হাজাৰ, জহুৰা খাতুনৰ পৰা পাঁচ হাজাৰ, জমু নেছাৰ পৰা ৮ হাজাৰ টকা লোৱাৰ লগতে একাংশ দৰিদ্ৰ মহিলাক প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ নামত ৫ পৰা ৮/ ১০ হাজাৰকৈ টকা সংগ্ৰহ কৰি আজিলৈকে সেই দৰিদ্ৰ হিতাধিকাৰী সকলক ঘৰ নিদিয়াত ক্ষুব্ধ হৈ পৰিছে হিতাধিকাৰী সকলে ৷ হিতাধিকাৰীয়ে অভিযোগ কৰা মতে, পঞ্চায়ত সভাপতি দিপাংকৰ কলিতাই দৰিদ্ৰ হিতাধিকাৰী সকলৰ ঘৰে ঘৰে গৈ ঘৰ দিয়া, অৰুনদয় দিয়াৰ নামত সংগ্ৰহ কৰিছে বৃহৎ পৰিমাণৰ উৎকোচ। বিগত এবছৰ পাৰ হোৱাৰ পিছতো আজিলৈ সভাপতি গৰাকীয়ে দৰিদ্ৰ হিতাধিকাৰী সকলক ঘৰ নিদিয়াত ক্ষোভিত হৈ পৰিছে পলাহৰটাৰী গাওঁৰ একাংশ বিধৱা আৰু দৰিদ্ৰ মহিলাই। ইয়াৰ উপৰিও পঞ্চায়ত খনত ষ্ট্ৰীট লাইট বহুৱাৰ নামত সভাপতি গৰাকীয়ে সংঘটিত কৰিছে বিয়াগোম কেলেংকাৰী। অভিযোগ অনুসৰি, পঞ্চায়ত খনৰ বিভিন্ন ঠাইত নিম্নমানৰ ষ্ট্ৰীট লাইট স্থাপন কৰাৰ বাবেই আজি অধিকাংশ লাইটেই বিকল হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।চতুৰ্থ বিত্তীয় আয়োগ আঁচনি ধনেৰ এনে নিম্নমানৰ ষ্ট্ৰীট লাইট স্থাপন কৰাৰ ক্ষেত্ৰত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰি আঁচনিৰ ধন লুটি পুটি খোৱা অভিযোগ উত্থাপিত হৈছে দুৰ্নীতি পৰায়ন সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে । বিজেপিৰ দলৰ পঞ্চয়ত সভাপতিগৰাকীয়ে ইপিনে তাৰাপাম টিউৱেল বহুৱাৰ নামত সংঘটিত কৰিছে আন এক ভয়ংকৰ কেলেংকাৰী। প্ৰতিটো তাৰা পামৰ মজিয়া পকী কৰিব লাগে যদিও পকী নকৰি বৃহৎ পৰিমাণৰ ধন ৰাইজক অন্ধকাৰত আত্মসাৎ কৰিছ বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। দিপাংকৰ কলিতাই পঞ্চায়ত সভাপতি হোৱাৰ পিছৰে পৰা বিভিন্ন কুট কৌশল অৱলম্বন কৰি উন্নয়ন মূলক আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি আঁচনিৰ বৃহৎ পৰিমাণৰ ধন কুক্ষিগত কৰাত আৱন্টিত ধন অনুপাতে পঞ্চায়ত খনত উন্নয়ন নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ।শেহতীয়াকৈ মেধিপাৰা প্লেগৰাউণ্ডত এম জি এনৰেগা আঁচনিৰ কামত জেচিবি ট্ৰেক্টৰেৰে মাটি কাটি প্ৰায় তিনি লাখ পঞ্চাশ হাজাৰ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

বিষয়টো সন্দৰ্ভত ইতিমধ্যে নগৰবেৰা আৰক্ষী থানাত গোচৰ ৰুজু হোৱা বুলিও জানিবলৈ দিছে একাংশ ৰাইজে। সভাপতি দিপাংকৰ কলিতাৰ এনে একাধিক দুৰ্নীতি অনিয়মত ৰাইজ অতীষ্ঠ হৈ ১নং পলাহৰটাৰীত আজি প্ৰায় শতাধিক পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সভাপতি দিপাংকৰ কলিতাৰ দুৰ্নীতি বন্ধ কৰক, দিপাংকৰ কলিতা হায় হায়, ঘৰৰ নামত টকা লোৱা বন্ধ কৰক, আৰুণোদয় আঁচনিৰ নামত ধন লোৱা বন্ধ কৰক, ষ্ট্ৰীট লাইটৰ দুৰ্নীতিৰ তদন্ত লাগে, তাৰাপামত সংঘটিত দুৰ্নীতিৰ তদন্ত লাগে, এম জি এন ৰেগা কামত সংঘটিত দুৰ্নীতৰি তদন্ত লাগে আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ৰাইজে । সভাপতি দিপাংকৰ কলিতাৰ এনে একাধিক দুৰ্নীতি অনিয়মৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি সভাপতি গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে। তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে কতৃপক্ষই কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।

বকোৰ গামেৰিমুৰাত কোচ ৰাজবংশী পুৰুষ আৰু মহিলা সন্মিলনীৰ যৌথ বাৰ্ষিক অধিবেশন সম্পন্ন…

বকোৰ গামেৰিমুৰাত কোচ ৰাজবংশী পুৰুষ আৰু মহিলা সন্মিলনীৰ যৌথ বাৰ্ষিক অধিবেশন সম্পন্ন। অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান।

ৰাজ্যৰ থলগিৰি ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ অন্যতম জনগোষ্ঠী কোচ ৰাজবংশী সকলোৰ জাতীয় সংগঠন কোচ ৰাজবংশী সন্মিলনীৰ গামেৰিমুৰা শাখাৰ বাৰ্ষিক সভা খন আজি অনুষ্ঠিত হয়।

কোচ ৰাজবংশী সন্মিলনীৰ গুৱাহাটী জিলা সমিতিৰ অন্তৰ্গত গামেৰিমুৰা জাকুৱাপাৰাত পুৰুষ আৰু মহিলা সন্মিলনীৰ যৌথ বাৰ্ষিক সাধাৰণ সভা আৰু অধিবেশন অনুষ্ঠিত হয়। কোচ ৰাজবংশী সন্মিলনীৰ গামৰিমুৰা প্ৰাথমিক শাখাৰ সভাপতি পবিত্ৰ দাসৰ পৌৰহিত্যত আৰু সম্পাদক অৰুণ ( লীলা ) দাসৰ তৎপৰতাত গাওঁৰ ৰাজহুৱা ৰঙ্গমঞ্চত আয়োজন কৰা হয় অধিবেশন খন।

সভাত পুৰুষ আৰু মহিলা উভয় গোটৰ সাধাৰণ সভা অনুষ্ঠিত হয়। ইফালে বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি অমৰেন্দ্ৰ দাসৰ আহ্বানত আয়োজন কৰা অধিবেশনত জাতীয় সংগঠনৰ কেৱাগৰাকীও ৰাজ্যিক আৰু জিলা সমিতিৰ বিষয় ববীয়া উপস্থিত থাকে।

ধেমাজি-লখিমপুৰ-মাজুলীৰ প্ৰাদেশিকৃত অনাশিক্ষক কৰ্মচাৰীৰ হুংকাৰঃ ফিক্সপে সলনি স্কেলপে ব্যৱস্থাৰ দাবী ৰাজ্য চৰকাৰলৈ…

ৰাজ্যখনৰ তিনিখন জিলা ক্ৰমে লখিমপুৰ-মাজুলী আৰু ধেমাজি জিলাৰ প্ৰাদেশিকৃত অনাশিক্ষক কৰ্মচাৰীৰ সকলৰ গণতান্ত্ৰিক ভাৱে ন্যায্য প্ৰাপ্তিৰ  দাবীত আজি দুই শতাধিক অনাশিক্ষক তথা কৰ্মচাৰীয়ে  গোগামুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজি জিলাৰ গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ প্ৰাঙ্গনত একত্ৰিত তেওঁলোকে এখন সাধাৰণ সভাৰ অনুষ্ঠিত কৰি প্ৰতিবাদমুখৰ হৈ উঠে ৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰে তিনিখন জিলাৰ অনা শিক্ষক তথা  কৰ্মচাৰী সকলে । তেওঁলোকে অভিযোগ কৰা মতে ২০২১ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী, ২০২২ চনৰ ২২ ছেপ্টেম্বৰ আৰু ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে বছৰ বছৰ ধৰি বিনা বেতনে কাম কৰি থকা কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰিছিল ।  The Assam Education (Provincialisation of services of Teachers and Re-organisation of Educational Institution)Act-2017 and (Amendment) Act-2018 অনুসৰি উপযুক্ত অৰ্হতা থকা শিক্ষকসকলক শিক্ষক আৰু অৰ্হতা নথকা শিক্ষকসকলক টিউটৰ হিচাপে লৈ  পদ প্ৰাদেশিকীকৰণ কৰিলে ।

কিন্তু ৰহস্যজনকভাৱে The Assam Education (Provincialisation of services of Non Teaching staff of Venture Educational Institution (Amendment) Act-2020 অনুসৰি স্নাতক মহাবিদ্যালয় (Senior College)ৰ কেৱল গ্ৰন্থাগাৰিক  পদতকৰ্মৰত কৰ্মচাৰীখিনিকহে ইউ জি নৰ্মছ্‌ অনুসৰি অসম চৰকাৰৰ পুৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীলৈ উন্নীত কৰিলে । কিন্তু The Assam Education (Provincialisation of services of Non Teaching staff of Venture Educational Institutions) Act-2018- ৰ অধীনত বিভিন্ন স্তৰৰ ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত অনা শিক্ষক তথা কৰ্মচাৰী  সকলৰ বাবে কোনো শিক্ষাগত আৰু বৃত্তিগত অৰ্হতাৰ কথা আইনখনত উল্লেখ নকৰি অসম চৰকাৰৰ অধীনস্থ বিভিন্ন পৰ্যাযৰ প্ৰদেশিকীকৃত শিক্ষানুষ্ঠানত অনাশিক্ষকহতথা কৰ্মচাৰী  হিচাপে কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ দৰে অর্হতা থকা  সত্বেও সদ্য প্রদেশিকীকৃত অনা শিক্ষক তথা কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীলৈ উন্নীত কৰাৰ বাবে বিগত সময়ছোৱাত আইনখনৰ কোনো ধৰণৰ সংশোধনী অনাৰ প্ৰয়াস নকৰি কিয় Fixed Pay দি পদসমূহ প্রদেশিকীকৰণ কৰিলে সেয়া এক নুবুজা সাথঁৰ হৈ থাকিল তেওঁলোকে অভিযোগ কৰে  ৷ তদুপৰি আইনখনত অনাশিক্ষকতথা কৰ্মচাৰীসকলে কেতিয়া কেনেকৈ কি উপায়েৰে পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীলৈ উন্নীত হ’ব পাৰিব তাৰো কোনো ধৰণৰ উল্লেখ নথকাটোও উদ্বেগ প্ৰকাশ কৰে ভূক্তিভোগী অনাশিক্ষকসকলে। এইক্ষেত্ৰত শিক্ষামন্ত্ৰীক   সদ্য প্ৰাদেশিকৃত বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত অনা শিক্ষক তথা কৰ্মচাৰী সকলক নিযুক্তিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনায়  ৷ ইয়াৰ অন্যথা

ন্যায্যপ্ৰাপ্তিৰ বাবে একত্ৰিত হৈ  লখিমপুৰ,মজুলী  আৰু ধেমাজিৰ প্ৰাদেশিকৃত অনা শিক্ষকসকলে ৰাজপথত নামিবলৈও কুণ্ঠাবোধ নকৰে বুলি চৰকাৰক সকীয়াই দিয়ে ৷  অনাশিক্ষক তথা কৰ্মচাৰী সকলে একত্ৰিত হৈ কাম কৰিব পৰাকৈ আজি   গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ এখন অনাশিক্ষক সমিতিও গঠন কৰে ৷ উক্ত সমিতিত  সত্যধৰ চুংক্ৰাঙক সভাপতি, মাণিক নাথক কাৰ্যকৰী সভাপতি,  বিপুল শ‌ইকীয়া, প্ৰেমানন্দ হাজৰিকা, নবীন সোণোৱাল, লক্ষ্মন চুংক্ৰাঙক উপ-সভাপতি, ললিত শ‌ইকীয়াক সম্পাদক, ধনজিৎ দুৱৰা, বিবেকানন্দ লাগাছুক সহকাৰী সম্পাদক, মানিক পাতিৰ, অনিল দেউৰী, বাৰুল পেগু, চুখেন শ‌ইকীয়া, দুলাল পাদুনক প্ৰচাৰ সম্পাদক, নৰেন্দ্ৰ দেউৰী, ডিম্বেশ্বৰ চেতিয়া, প্ৰফুল্ল দিহিঙ্গীয়া,লাচিত নৰহক সাংগঠনিক সম্পাদক, তুলেশ্বৰ পেগুক কোষাধ্যক্ষ হিচাপে লৈ এক শক্তিশালী সমিতি গঠন কৰে ।  অসম চৰকাৰে যদিহে অচিৰেই অনা শিক্ষক তথা কৰ্মচাৰীসকলৰ  দাবী নামানে তেন্তে  আগন্তুক দিনত ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলিও ঘোষণা কৰে ৷

দলগাওঁৰ শিলবৰীত দুটা আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক মুজিবুৰ ৰহমানৰ লগতে দৰং জিলাৰ আয়ুক্ত মনিন্দ্ৰ নাথ নাটকে…

দলগাওঁৰ শিলবৰীত দুটা আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক মুজিবুৰ ৰহমানৰ লগতে দৰং জিলাৰ আয়ুক্ত মনিন্দ্ৰ নাথ নাটকে মহোদয়ে…
দৰঙ জিলাৰ দলগাওঁ সমষ্টিৰ শিলবৰী গাঁও পঞ্চায়তৰ মূল প্ৰবেশ দ্বাৰৰ ৰঙা ফিটা কাটি মুকলিৰ লগতে উদ্বোধন কৰে গাঁও পঞ্চায়ত খনৰ সভা গৃহ। ইয়াৰ লগে লগেই নতুনকৈ নিৰ্মিত সভা গৃহত অনুষ্ঠিত হয় মুকলি সভা ।সভাত উপস্থিত থকা প্ৰতি জন মান্য গন্য ব্যক্তিক জনোৱা হয় জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা। সভাৰ আৰম্ভণিতে বৃহত্তৰ শিলবৰী পঞ্চায়তৰ অধীনস্থ সকলো গাঁৱৰ সমস্যা প্ৰতিবেদন আকাৰে ৰাইজৰ আগত পাঠ কৰে স্থানীয় যুৱক আব্দুল মালেকে।

লগতে প্ৰতিলিপি খিনি জিলা আয়ুক্ত আৰু বিধায়ক মহোদয়ৰ হাতত অৰ্পন কৰে স্থানীয় বিশিষ্ট সমাজ সেৱক হেবজুৰ ৰহমানে।সভাত উপস্থিত থাকি দৰং জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ে শিক্ষাৰ উপৰিও স্থানীয় সমস্যাৰ সমাধান পথ আৰু ভাৰত চৰকাৰৰ “মেৰী মাটি মেৰা দেশ” অভিযানৰ বিষয়ে বিতংকৈ আলোচনাৰ লগতে অইন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সভান প্ৰদান কৰে। দলগাওঁৰ স্থানীয় বিধায়ক মজিবুৰ ৰহমানে আজিৰ উদ্বোধনী হোৱা দুটা আঁচনিৰ কাম সুন্দৰ কৈ সুচাৰুৰূপে কৰাৰ বাবে শিলবৰী গাওঁ পঞ্চায়তৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কামৰ কথা উল্লেখ কৰে …শিলবৰীৰ পৰা ধেনুগুৰি লৈ যোৱা মূল পথচোৱাৰ কাম অতি কম দিনৰ ভিতৰত আৰম্ভ হ’ব,শিলবৰী শিমুল তলাৰ পৰা প্ৰধান মন্ত্ৰী সড়ক যোজনাৰ অধীনত ২.৬ কি:মি:পকী পথ নিৰ্মাণ কাম চলি আছে।

ছিৰাজুল হক হাইস্কুলত ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ অধীনত ৭১.৬ অতিৰিক্ত বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে মুঞ্জৰি দিয়া হৈছে আৰু বিদ্যালয় খন উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ বাবে ও শিক্ষা বিভাগৰ লগত আলোচনা কৰা হৈছে।শিলবৰীত থকা প্ৰাথমিক চিকিৎসালয় খন CHC লৈ উন্নীত কৰাৰ বাবে মই চেষ্টা কৰি আছোঁ।শিলবৰীৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সদায় মই প্ৰধান্য দিও। মোৰ দুবছৰীয়া কাৰ্যকালত চৰকাৰৰ সহযোগত মই মোৰ সমষ্টিত প্ৰায় পঞ্চাশ কিলোমিটাৰ পকী ৰাস্তা নিৰ্মাণ কৰিব পাৰিছোঁ। এই গুৰুত্ব পূৰ্ন সভাখনত উপস্থিত থাকে শিলবৰী পঞ্চায়তৰ সভানেত্ৰী ছুফিয়া খাতুন,সচিব আছাদুদ জামান,শ্বাহানুৰ আলম,নজৰুল ইছলাম,ফুৰকান আলী,ডি.পি.এম ফাৰুখ আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক হাইদৰ আলী, স্বাস্থ্য কৰ্মী ৰজৱ আলী তথা অঞ্চলখনৰ বিশিষ্ট মান্য গন্য ব্যক্তি আৰু পাচঁ শতাধিক ৰাইজ।

অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলিনাৰায়ণ ফুকনলৈ “উচ্চ শিক্ষাৰ অগ্ৰণী, ২০২২” বঁটা প্ৰদান…

ইটানগৰৰ ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলিনাৰায়ণ ফুকনক তেওঁৰ অনবদ্য অৱদানৰ বাবে উচ্চ শিক্ষাৰ আটাইতকৈ সন্মানীয় আৰু শীৰ্ষতম বঁটা “উচ্চ শিক্ষাৰ অগ্ৰণী, ২০২২” প্ৰদান কৰা হয়।

অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ পৰা এই বঁটা গ্ৰহণ কৰে।

হাঠিনাপুৰ আঞ্চলিক শাখা সাহিত্যৰ সভাৰ বৰ্ষপূতি অনুষ্ঠান…

আজি হাঠিনাপুৰ আঞ্চলিক শাখা সাহিত্যৰ সভাৰ বৰ্ষপুতি অনুষ্ঠান অনুষ্ঠীত কৰা হয়। অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে গছপুলি ৰোপন আৰু অনুষ্ঠানৰ লগত সংগতি ৰাখি হাতেলিখা আলোচনী ‘শাৰদিকা’ উন্মোচন কৰে।

স্থানীয় বিভিন্ন গণ্য-মান্য ব্যক্তি তথা কবি, সাহিত্যিক উপস্থিত থাকি অনুষ্ঠানটো জীপাল কৰি তোলাৰ লগতে অনাগত সময়ত প্ৰতিজন সদস্যই স্বচ্ছ আৰু সু-পৰিকল্পনাৰে শাখা সাহিত্য সভাখন আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰে।

ঝাৰখণ্ডক পৰাস্ত কৰি বি চি মহান্তি ট্ৰফী জয় অসম দলৰ…

আই পি এলৰ পূৰ্বে আন্তঃৰাজ্যিক ক্ৰিকেটত শক্তি প্ৰদৰ্শন ৰিয়ান পৰাগৰ। ঝাৰখণ্ডক পৰাস্ত কৰি বি চি মহান্তি ট্ৰফী জয় অসম দলৰ। ফাইনেলত শতকৰ বাবে ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ সন্মান ৰিয়ানলৈ। চলিত ছিজনৰ আই পি এলৰ পূৰ্বে স্বমহিমাৰে উজলি উঠিল ৰিয়ান পৰাগ । ৰিয়ান পৰাগৰ শতকেৰে ঝাৰখণ্ডক ৫৩ ৰাণত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বি চি মহান্তি সোঁৱৰণী টি- টুৱেন্টী টুৰ্ণামেণ্টৰ খিতাপ জয় কৰিছে অসমে। কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত শনিবাৰৰ ফাইনেলত প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰিলে অসমে । দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২১৯ ৰাণ ।

ৰিয়ান পৰাগে ৫৬ টা বলত ৯ টা ছিক্সাৰ, ১১ টা বাউণ্ডেৰীৰে ১১৯ আৰু পল্লৱ কুমাৰ দাসে ২৮ টা বলত ৫১ ৰাণ সংগ্ৰহ কৰে । ঝাৰখণ্ডৰ সুশান্ত মিশ্ৰ আৰু বিকাশ সিঙে দুটাকৈ উইকেট লাভ কৰে । ২২০ ৰাণৰ জয়ৰ লক্ষ্য আগত লৈ খেলি ঝাৰখণ্ডে আঠটা উইকেটৰ বিনিময়ত ১৬৬ ৰাণতে ইনিংছ সামৰে । বেটে- বলে উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ৰিয়ানক ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ ট্ৰফী প্ৰদান কৰা হয় । এয়া আছিল যিকোনো আন্তঃৰাজ্যিক ক্ৰিকেট টুৰ্ণামেণ্টত অসমৰ প্ৰথমটো খিতাপ জয়।

গোলাঘাটৰ “চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ”ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী অতুল বৰাই…

সুদীৰ্ঘ দিন ৰাজ্য শাসন কৰা চুতীয়া জনগোষ্ঠীটোৰ ঐতিহ্য, গৰিমা অসম বুৰঞ্জীৰ পাতত সগৌৰৱেৰে জিলিকি আছে। চহকী সংস্কৃতিৰে পূৰ্ণ জনগোষ্ঠীটোৱে অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান অনস্বীকাৰ্য।

চুতীয়া জাতি যুৱ সন্মিলন, অসমৰ উদ্যোগত, চুতীয়া উন্নয়ন পৰিষদ আৰু গোলাঘাটবাসীৰ আতিথ্যত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজিত “চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ”ৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি আনন্দিত মন্ত্ৰী অতুল বৰা । এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে প্ৰদৰ্শন কৰা জনগোষ্ঠীয় বিভিন্ন সাংস্কৃতিক প্ৰতীকপটৰ উপস্থাপনে অত্যন্ত আকৰ্ষিত কৰিলে।

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ সকলো থলুৱা জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এইছেগতে চুতীয়া জাতি যুৱ সন্মিলনৰ লগতে জনগোষ্ঠীটোৰ অন্যান্য সংগঠনসমূহে জনগোষ্ঠীটো তথা অসমৰ জাতীয় জীৱনৰ সৰ্বাঙ্গীণ উত্তৰণ বাবে লৈ অহা পদক্ষেপৰ শলাগ লয়।

“চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ”ৰ সকলো কাৰ্যসূচীৰ সফল সামৰণি কামনাৰে উদ্যোক্তা চুতীয়া জাতি যুৱ সন্মিলনৰ প্ৰতিগৰাকী বিষয়ববীয়া তথা সদস্যলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে মন্ত্ৰী অতুল বৰাই ।

মোদীৰ নিজৰ সমষ্টি বাৰনসীতে ভংগ হ’ল নিৰাপত্তা ব্যৱস্থা। চাকৰি প্ৰাৰ্থী যুৱকে জঁপিয়ালে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত…

মোদীৰ নিজৰ সমষ্টি বাৰনসীতে ভংগ হ’ল নিৰাপত্তা ব্যৱস্থা। নিজৰ সমষ্টিতে নিবনুৱা যুৱকৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হ’ল প্ৰধানমন্ত্ৰী মোদী। পঞ্জাৱৰ পিছত এইবাৰ নিজৰ সমষ্টিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা ব্যৱস্থা পুনৰ উলংঘন হ’ল। ভাৰতীয় সেনাত চাকৰি প্ৰদানৰ দাবীত এজন যুৱকে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখতে জঁপিয়াই দিয়াৰ ঘটনাই প্ৰত্ৰিক্ৰিয়াৰ সৃষ্টি কৰিছে। যুৱকজনে প্ৰধানমন্ত্ৰীৰ গাড়ীৰ পৰা মাত্ৰ ২০ মিটাৰ দূৰত এনেদৰে জঁপিয়াই দিয়ে। লগে লগে হুৱা-দুৱা লাগে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বতত থকা নিৰাপত্তাৰক্ষীয়ে অৱশ্যে যুৱকজনক তৎক্ষণাৎ আঁতৰাই নিয়ে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচী হাতত লৈ বাৰাণসীলৈ গৈছে। তেওঁৰ কনভয় ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰৰ পৰা গৈ থকাৰ সময়তে এই এঘটন ঘটে। প্ৰধানমন্ত্ৰীৰ কনভয় তেতিয়া লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰ পোৱাৰ আগতে যুৱক জনে কনভয়ৰ সন্মুখত জঁপিয়াই দিয়ে। অৱশ্যে সৌভাগ্যক্ৰমে যুৱকজনৰ প্ৰাণ ৰক্ষা পৰে।

তেওঁক লগে লগে সুৰক্ষা কৰ্মীয়ে আটক কৰে। যুৱকজনক ইতিমধ্যে সোধা-পোছা কৰা হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি যুৱকজনক কৃষ্ণ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা। তেওঁ প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ বাৰাণসীলৈ আহিছিল। আৰক্ষীৰ জেৰাৰ সময়ত যুৱক জনে কয় যে তেওঁ ভাৰতীয় সেনাৰ চাকৰিৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু তেওঁ চিকিৎসা পৰীক্ষাত বিফল হৈছিল। তেতিয়াৰে পৰা তেওঁ কৰ্মসংস্থাপন বিচাৰি বিভিন্ন ব্যক্তিৰ ওচৰলৈ গৈছে। কিন্তু কোনো লাভ হোৱা নাই । যুৱকজনে কৰ্ম সংস্থাপন বিচাৰি প্ৰধানমন্ত্ৰীক লগ কৰিব বিচাৰিছিল।