শিক্ষকসকল হৈছে সমাজৰ মাৰ্গদৰ্শক, শ্ৰেষ্ঠ পৰামৰ্শদাতা। শিক্ষাগুৰুৰ পৰামৰ্শ আৰু আশীৰ্বাদে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখে। মঙলবাৰে পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোত এই কথাকেই স্মৰণ কৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে। ৫ ছেপ্তেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পৱিত্ৰ শিক্ষক দিৱস উপলক্ষে অসম তৃণমূল যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সহযোগত দিশপুৰ প্ৰেছ ক্লাৱত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্য জিলাবোৰতো তৃণমূল যুৱ কংগ্ৰেছে শিক্ষক দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে।
গুৱাহাটীৰ শিক্ষক দিৱসৰ এই বিশেষ অনুষ্ঠানটোত তৃণমূল কংগ্ৰেছ দলটোৱে ৬ গৰাকী কৃতী শিক্ষকক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে এখনকৈ মানপত্ৰ প্ৰদান কৰে। বিশেষ সম্বৰ্ধনা জনোৱা কৃতি শিক্ষককেইগৰাকী হৈছে শিক্ষাবিদ হিৰণ্য বৰা, ডঃ অপূৰ্ব কুমাৰ বৰুৱা, হিমানী দেৱী চক্ৰৱৰ্তী, মীৰা ভট্টাচাৰ্য, শিৱপ্ৰসাদ মাৰাৰ আৰু উৎপল চক্ৰৱৰ্তী।
অনুষ্ঠানটোত উপস্থিত থাকি শিক্ষাগুৰুসকলে সমাজত যুৱ প্ৰজন্মৰ ওপৰত অভিভাৱক হিচাপে শিক্ষকৰ দায়িত্বৰ কথা দোহাৰে আৰু লগতে এই কথাটোৰ ওপৰত গুৰুত্ব দি কয় যে বৰ্তমানৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থা তথা আৰ্থ-সামাজিক দিশৰ শুধৰণিৰ দায়িত্ব যুৱ প্ৰজন্মৰ, গতিকে ৰাজনৈতিক মঞ্চত থকা তৃণমূল কংগ্ৰেছ দলটোৰ যুৱ প্ৰতিনিধিসকলে এই কথাটো উপলব্ধি কৰি সমাজ সংস্কাৰৰ দায়িত্ব লোৱা উচিত।
সভাত উপস্থিত থকা অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই শিক্ষা আৰু শিক্ষকে কিদৰে সমাজত আমূল পৰিৱৰ্তন সাধন কৰে সেই বিষয়টো সন্দৰ্ভত মন্তব্য ৰাখে। দত্তই লগতে কয় যে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰা শিক্ষাগুৰুৰ গুৰুত্ব এই সমাজত অপৰিসীম আৰু শিক্ষগুৰুৰ পৰামৰ্শইহে যুৱ সমাজক সামাজিক দিশত শক্তিশালী কৰি তোলে। শিক্ষাগুৰুৰ আশীৰ্বাদ লৈ তৃণমূল কংগ্ৰেছ দলটোৰ যুৱ প্ৰতিনিধিসকলে বৰ্তমান সমাজত হৈ থকা অনীতি-অপশাসন দূৰ কৰি সমাজ সংস্কাৰৰ বাবে বদ্ধপৰিকৰ বুলি তেওঁ দোহাৰে।
দিশপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচীত অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ বিষয়ৱবীয়াসকলৰ লগতে মহানগৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সচেতন নাগৰিকসকল উপস্থিত থাকে।
শিক্ষক দিৱসৰ দিনটোতে আমি জনাব বিচাৰিছো এনে এগৰাকী শিক্ষকৰ কঠিন জীৱন গাঁথা, যিগৰাকী শিক্ষকে জীৱনৰ ৩৪ টা বৰ্ষ অতি নিষ্ঠা আৰু সততাৰে বিনা পাৰিশ্ৰামিকত শিক্ষাৰ পোহৰ বিলাই এতিয়া কঠিন জীৱন যুঁজত এখন সৰু-সাধাৰণ দোকান দি কোনোমতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে।
বৰপেটা জিলাৰ ঐতিহাসিক ব্যাসকুছিৰ ক্ষুদ্ৰ ফালাদি গাঁও নিবাসী এইগৰাকী মহান শিক্ষক হ’ল ছোহৰাব আলী আহমেদ। শিক্ষাৰ প্ৰসাৰৰ বাবে একনিষ্ঠভাৱে নিজকে নিস্বাৰ্থতাৰে দেহ-মনেৰে আত্মনিয়োগ কৰি বিগত ২০২০ বৰ্ষত অৱসৰ গ্ৰহণ কৰা ত্যাগী শিক্ষক ছোহৰাব আলী আহমেদ চৰকাৰী অনুকম্পা, স্বীকৃতিৰ পৰা বঞ্চিত।
১৯৮৬ চনত বি এ উত্তীৰ্ণ ছোহৰাব আলী আহমেদে বগৰীট্টাৰীস্থিত কে বি চি মিলন এম ই মাদ্ৰাছাত প্ৰধান শিক্ষক হিচাপে ১৯৮৭ চনত যোগদান কৰিয়েই সেই সময়ত বাট-পথৰ কোনো সুবিধা নথকা তথা শিক্ষাৰ তেনে কোনো ব্যৱস্থা নথকা বগৰীট্টাৰী, কমলাবাৰী আদি অতি ভিতৰুৱা গাঁও সমূহত ঘৰে ঘৰে ঘুৰি শিক্ষাৰ প্ৰয়োজনীয়তা, গুৰুত্ব সম্পৰ্কে অভিভাৱকক বুজাই শিক্ষাৰ প্ৰসাৰত নামি পৰিছিল।
শিক্ষাদানেৰে ভিতৰুৱা গাঁৱত মানৱ সম্পদ গঢ়াত নিজৰ জীৱনৰ মূল্যবান ৩৪ টা বছৰ, আনকি গাঁঠিৰ ধনো খৰছ কৰা শিক্ষক ছোহৰাব আলী আহমেদে অৱসৰ গ্ৰহণ কৰা সময়লৈ তেওঁৰ শিক্ষক পদৰ লগতে ১৯৮৫ চনত স্থাপিত তথা তেওঁ কৰ্ম সম্পাদন কৰা বিদ্যালয়খন আজি পৰ্যন্ত প্ৰাদেশীকৰণ নহ’ল।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে শিক্ষক ছোহৰাব আলী আহমেদে বগৰীট্টাৰীস্থিত কে বি চি মিলন এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰাৰ সময়ত বিদ্যালয় খনৰ নিজা ভূমি নথকাৰ লগতে অতি জৰাজীৰ্ণ বিদ্যালয় গৃহ আছিল। কিন্তু শিক্ষাদানৰ বাবেই যেন নিজকে উৎসৰ্গিত কৰা ছোহৰাব আলী আহমেদে নিজৰ আধাশুধীয়া প্ৰচেষ্টাৰে সেই সময়ত বিদ্যালয় খনত কৰ্মৰত অন্যান্য শিক্ষকৰ লগতে ৰাইজৰ সহযোগত তেওঁ নিজৰ গাঁঠিৰ ধনেৰে বিদ্যালয় খনৰ বাবে ভূমি ক্ৰয় কৰাই নহয় বিদ্যালয় গৃহও নিৰ্মাণ কৰিছিল।
শিক্ষাদানক নিজৰ জীৱনৰ ব্ৰত হিচাপে গণ্য কৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদে চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত হ’লেও বিগত ৩৪ বছৰ তেওঁ শিক্ষাদান কৰি শ শ, হাজাৰ হাজাৰ মানৱ সম্পদ গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ বাবে অতি আনন্দিত বুলি আৱাজ দ্যা ভয়চৰ আগত অতি আৱেগিকভাৱে প্ৰকাশ কৰে। তেওঁ কয, বিগত ৩৪ বছৰত মই শিক্ষাদান কৰা বহু মেধাৱী ছাত্ৰ-ছাত্ৰী সমাজত আজি প্ৰতিষ্ঠিত।
বহুতেই চৰকাৰী চাকৰিও কৰে। যদিও মই চৰকাৰী দা-দৰমহা নাপালো তথাপি কিন্তু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে মোক দেখা পালে যিমানখিনি আদৰ-সন্মান কৰে, সেয়াই মোৰ বাবে যথেষ্ঠ। আজিৰ সময়ৰ শিক্ষা ব্যবস্থা সন্দৰ্ভদ প্ৰায় তিনিটা যুগ শিক্ষাদানৰ লগত জড়িত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে আজিৰ সময়ত শিক্ষানুষ্ঠান সমূহৰ পৰিৱেশ পূৰ্বৰ পৰিৱেশৰ মাজত বৃহৎ তফাত দেখিবলৈ পোৱা যায়।
এই কাৰ্যসূচীত শিক্ষক শিক্ষয়িত্ৰী সকলে ভাৰতীয় যোগ,বৈদিক গণিত,ভাৰতীয় নৃত্য – গীত, ভাৰতীয় সংস্কৃতি, ভাৰতৰ পৌৰাণিক শিক্ষা ইত্যাদি সম্পৰ্কে পাঠদান কৰাৰ লগতে জাপানৰ শিক্ষা ব্যৱস্থাত জাপানৰ শিক্ষকসকলৰ সৈতে শ্ৰেণীকোঠাত উপস্থিত থাকিব।