Home Blog Page 1413

শ্ৰেণীত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীক পুৰস্কাৰ প্ৰদান…

চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে এগৰাকী শিক্ষয়িত্ৰীৰ ব্যতিক্ৰমী প্ৰচেষ্টা। শ্ৰেণীত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীক পুৰস্কাৰ প্ৰদান। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে ওদালগুৰিৰ এগৰাকী শিক্ষয়ত্ৰীয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। শ্ৰেণীত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীক এশ শতাংশ উপস্থিতি পুৰস্কাৰ প্ৰদান কৰি শিক্ষাৰ্থীক বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থকাৰ বাবে অনুপ্ৰাণিত কৰিছে। ওদালগুৰি চহৰৰ মাজমজিয়াত অৱস্থিত শংকৰদেৱ মিছন মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত শিক্ষয়ত্ৰী পদ্মা দেৱীয়ে ২০২২-২৩ শিক্ষাবৰ্ষত বিদ্যালয়খনত পাঠদানৰ সময়ত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীসকলক এক আকৰ্ষণীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ তথা পূৰ্বতেই উল্লেখ কৰি শিক্ষাৰ্থীসকলক নিয়মীয়া উপস্থিতিৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছিল।

২০২২-২৩ শিক্ষাবৰ্ষত বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ধ্ৰুৱাৰ্ক ভূঞা নামৰ এগৰাকী ছাত্ৰক শ্ৰেণীত এশ শতাংশ উপস্থিত থকাৰ বাবে যোৱা ১৫ আগষ্ট তাৰিখে বিদ্যালয়ত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত শতাংশ উপস্থিতি পুৰস্কাৰ প্ৰদান কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনীন্দ্ৰ কুমাৰ দাসৰ কৰকমলৰ দ্বাৰা ছাত্ৰ ধ্ৰুৱাৰ্ক ভূঞাক পুৰস্কাৰটি প্ৰদান কৰা হয়। এই উপলক্ষে প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ৰ পাঠ গ্ৰহণৰ সময়ত এশ শতাংশ উপস্থিত থাকিবলৈ সক্ষম হোৱা ছাত্ৰ ধুৱাৰ্ক ভুঞাই পাঠগ্ৰহণৰ বাবে দেখুওৱা আদৰ্শৰ শলাগ লৈ প্ৰতিজন শিক্ষাৰ্থীয়ে বিদ্যালয়ত এশ শতাংশ উপস্থিত থাকি পাঠগ্ৰহণৰ চেষ্ঠা চলাবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিগৰাকী শ্ৰেণী শিক্ষকে শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এনে কিছুমান অভিনৱ পন্থা
গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

ওদালগুৰিৰ লালপুলত ২৩ নম্বৰ এছ এছ বিৰ হেড কোৱাৰ্টাৰৰ তৰফৰ পৰা গছ পুলি ৰোপন কাৰ্যসূচী…

ওদালগুৰি জিলাৰ লালপুলত ২৩ নম্বৰ এছ এছ বিৰ হেড কোৱাৰ্টাৰৰ তৰফৰ পৰা গছ পুলি ৰোপন কাৰ্যসূচী। আজি ১৮ আগষ্টত ভাৰতৰ চৰকাৰ গৃহ বিভাগে সমগ্র ভাৰতবৰ্ষত গছ পুলি ৰোপন কৰি সেউজীকৰণৰ উদ্যশ্যৰে গৃহ বিভাগে যি পদক্ষেপ গ্রহণ কৰে । তাৰে অংশ স্বৰূপে আজি ৰাতিপুৱা ৯ মান বজাত ২৩ নম্বৰ এছ এছ বিৰ লালপুলস্থ হেডকোয়ার্টাৰৰ তৰফৰ পৰা লালপুলৰ সপ্তাহিক বজাৰৰ ওচৰে পাজৰে প্ৰায় তিন শতাধিক বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপন কৰা দেখা যায়। ২৩ নম্বৰ এছ এছ বিৰ হেড কোৱাৰ্টাৰৰ কামান্ডেট এছ কে আৱধীয়ায় সপ্তাহিক বজাৰ চৌহদত মূল্যৱান গছ পুলি ৰোপন কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। অৱধীয়াই গছ পুলি ৰোপনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰি জনসাধাৰণক কয় যে ‘পৃথিৱী খনক বায়ু মুক্ত কৰিবলৈ হ’লে প্ৰত্যেক জন লোকে গছ পুলি ৰোপন কৰক’।

লগতে আৰু কয় যে গছৰ পুলি ৰোপন কৰি দূষিত বায়ুৰ পৰা আপোনালোক বাচি থাকক। আজিৰ গছ পুলি ৰোপন কাৰ্য্যসূচীত উপস্থিত থাকে ২৩ নম্বৰ এছ এছ বিৰ সহ কামান্ডেট পভিন কুমাৰ, সহায়ক কামান্ডেট ৰজত পাণ্ডে,ইন্সপেক্টৰ গনেশ দাস, লালপুল হাইস্কুলৰ প্ৰধান শিক্ষক আবুল কালাম আজাদ,লালপুল মধ্য ইংৰাজী বিদ্যালয়ৰ প্রধান শিক্ষক নিজামুদ্দিন আহামেদ, সহ শিক্ষক আছাদুল্লা হক চৌধুৰী ,লালপুল ভি চি ডি চিৰ সভাপতি সুনন্দ খাকলাৰী , লালপুল সপ্তাহিক বজাৰ কমিটিৰ লগতে বিদ্যালয়ৰ ছাত্র ছাত্রী মহিলা, সচেতন নাগৰিকে কাৰ্য্যসূচীত অংশগ্রহণ কৰে বুলি ২৩ নম্বৰ এছ এছ বিৰ জোৱান চন্দন যেতিয়াই জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ বিগ বছ অ’টিটিৰ বিজয়ী এলভিছ যাদৱৰ…

বিজয়ৰ পিছত এলভিছ যাদৱক লগ পাই মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে টুইট কৰি সুখ প্ৰকাশ কৰে। বিগ বছ অ’টিটিৰ বিজয়ী এলভিছ যাদৱে শেহতীয়াকৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক অভিনন্দন জনায়।

হাৰিয়ানাৰ গুৰুগ্ৰামৰ বাসিন্দা এলভিছ যাদৱে শেহতীয়াকৈ বিগ বছ অ’টিটি ২ খিতাপ লাভ কৰিছে। বিজয়ৰ পাছত নিজৰ চহৰলৈ উভতি অহা এলভিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক জয়ৰ বাবে অভিনন্দন জনায়।

ধিঙৰ কান্ধুলীমাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা শিশু উদ্ধাৰ….

ধিঙৰ ১ নং কান্ধুলীমাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ শুক্ৰবাৰে দিনৰ প্ৰায় ১২ মান বজাত।


ব্ৰহ্মপুত্ৰ নদীৰ পাৰত খেলি থকা অৱস্থাত নদীত পৰি নিৰুদ্দেশ হৈছিল এগৰাকী দশ বছৰীয়া কণমানি শিশু।


নদীৰ কিনাৰত তিনিটা শিশুৱে খেলি থকা অৱস্থাত নিৰুদ্দেশ হৈছিল শিশুটি।


মাছমৰিয়া আৰু NDRF বাহিনীয়ে বহু সময় ধৰি ব্ৰহ্মপুত্ৰৰ নদীত নিৰুদ্দেশ হোৱা শিশুটি বিচাৰি অভিযান আৰম্ভ কৰিছিল যদিও শুক্ৰবাৰে দিনৰ প্ৰায় ৮ মান বজাত পানীত উপঙি থকা অৱস্থাত লাঠিয়ামাৰীত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।


স্থানীয় ৰাইজে পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰতক্ষ্য কৰে।


ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে।

জুকাৰবাৰ্গ-মাস্ক ছ’চিয়েল মিডিয়া যুদ্ধৰ মাজতে টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চেই ডিলিট কৰিলে ইনষ্টাগ্ৰাম একাউণ্ট…

টুইটাৰৰ প্ৰাক্তন সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চেই নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰিছে, কিয়নো মেটা প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ আৰু এক্স (পূৰ্বৰ টুইটাৰ)ৰ মালিক ইলন মাস্কে ছ’চিয়েল মিডিয়াত তীব্ৰ যুদ্ধৰ বাবে। এতিয়া ব্লকৰ চিইঅ’ ডৰ্চেই ঘোষণা কৰিছে যে তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰিছে।

“মই মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ডিলিট কৰিলোঁ। কিয় ইমান সময় লাগিল নাজানো। মই ভাবো যে মই প্লেটফৰ্মটোৰ প্ৰথম ১০টা একাউণ্টত আছিলো, আৰু প্ৰথম এঞ্জেল বিনিয়োগকাৰীৰ ভিতৰত এজন আছিলো।’ ডৰ্চেই নষ্ট্ৰ নামৰ বিকেন্দ্ৰীকৃত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰে।

“কেভিন (চিষ্ট্ৰম) আমাৰ অডিঅ’ত ইন্টাৰ্ণ আছিল। যেতিয়া সেইবোৰ FB ত বিক্ৰী কৰা হ’ল, তেতিয়া মই ব্যৱহাৰ কৰা বন্ধ কৰি দিলোঁ। @name ৰ সৈতে কি হয় সেয়া চাবলৈ আকৰ্ষণীয় হ’ব।’-ডৰ্চেই লগতে কয়।

মাইক ক্ৰীগাৰৰ সৈতে চিষ্ট্ৰমে ইনষ্টাগ্ৰামৰ সহ-প্ৰতিষ্ঠাপক আছিল। ২০১৮ চনৰ ২৪ ছেপ্টেম্বৰত তেওঁ ইনষ্টাগ্ৰামৰ চিইঅ’ৰ পদৰ পৰা পদত্যাগ কৰে।

মেটাই (তেতিয়াৰ ফেচবুক) ২০১২ চনত ১ বিলিয়ন ডলাৰত ইনষ্টাগ্ৰাম ক্ৰয় কৰিছিল।২০০৫ চনত নোয়া গ্লাছ আৰু ইভান উইলিয়ামছে প্ৰতিষ্ঠা কৰা সংস্থাটোৱেই আছিল অডিঅ’, যিটোৱে পিছলৈ অব্ভিয়াছ কৰ্প’ৰেশ্যন হিচাপে সংস্কাৰ সাধন কৰে আৰু শেষত টুইটাৰৰ জন্মস্থান হিচাপে পৰিগণিত হয়।

ইফালে, মেটাই ইনষ্টাগ্ৰামত নিজৰ টুইটাৰ প্ৰতিদ্বন্দ্বী থ্ৰেডছ মুকলি কৰাৰ সময়তে ডৰ্চি সমৰ্থিত ব্লুস্কিয়ে ঘোষণা কৰে যে তেওঁলোকে নিজৰ মিছন আৰু বৃদ্ধিৰ সমৰ্থনত ৮০ লাখ ডলাৰ সংগ্ৰহ কৰিছে।

ব্লুস্কিয়ে এটা পেইড সেৱাও আগবঢ়াব যিয়ে শেষ ব্যৱহাৰকাৰীসকলৰ বাবে কাষ্টম ডমেইন প্ৰদান কৰে যিসকলে সেৱাৰ হেণ্ডেল হিচাপে এটা অনন্য ডমেইন ল’ব বিচাৰে।

টুইটাৰ প্ৰতিযোগীগৰাকীয়ে আলী পাৰ্টোভি আৰু চুজেন জিৰ দৰে অংশীদাৰৰ সৈতে সম্প্ৰদায়ৰ নেতৃত্বত নিৰ্মিত প্ৰতিষ্ঠান নিঅ’ৰ নেতৃত্বত ছিড ৰাউণ্ডত ৮০ লাখ ডলাৰ সংগ্ৰহ কৰে।

মাস্ক আৰু জুকাৰবাৰ্গ দুয়োজনেই পিঞ্জৰাৰ যুঁজক লৈ ছ’চিয়েল মিডিয়াত কাজিয়াত লিপ্ত হোৱাৰ সময়তে ডৰ্চেই ইনষ্টাগ্ৰাম এৰিছে।

পাকিস্তানৰ মন্ত্ৰী কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিনৰ চিত্ৰশিল্পী পত্নী এখন চিত্ৰৰ বাবে সমালোচনাৰ সন্মুখীন…

পাকিস্তানৰ নতুন কেয়াৰটেকাৰ চৰকাৰী মন্ত্ৰী হৈছে জে কে এল এফৰ নেতা ইয়াচিন মালিকৰ পত্নী মুছাল হুছেইন মালিক। মুছালক অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী আনোৱাৰ-উল-হক-কাকাৰৰ নেতৃত্বত চৰকাৰৰ মানৱ অধিকাৰ পৰিক্ৰমা বিভাগৰ উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। যিটো তত্বাৱধান চৰকাৰৰ মন্ত্ৰীৰ পদ।

মুছালৰ জন্ম হৈছিল পাকিস্তানৰ ৰাৱালপিণ্ডিত। তেওঁৰ মাতৃ ৰেহানা হুছেইন আছিল পাকিস্তান মুছলিম লীগ মহিলা সংগঠনৰ সদস্য। পিছলৈ তেওঁ মহিলা সংগঠনৰ মহাসচিব হয়।মুছালৰ পিতৃ এম এ হুছেইন অৰ্থনীতিৰ অধ্যাপক আছিল। নোবেল বঁটা জুৰি কমিটীৰ সদস্যও আছিল। নোবেল বঁটা জুৰী কমিটীৰ সদস্য হিচাপে তেওঁ প্ৰথম পাকিস্তানী আছিল। মুছালৰ দাদাই আমেৰিকাত পঢ়ুৱাইছিল।

বৰ্তমান মুছালে নিজকে চিত্ৰশিল্পী বুলি পৰিচয় দিছে। তেওঁৰ ছবিত মহিলা চৰিত্ৰই অধিক স্থান লাভ কৰিছিল। তেওঁৰ বিশেষত্ব হৈছে নাৰী শৰীৰৰ ছবি অংকন কৰা। মুছালে নিজৰ কেনভাছত বাৰে বাৰে কাশ্মীৰক স্থান দিছে।

পাৱাৰ উইদাৰ ক্ৰয়ৰ নামত ৰাজ্যত আন এক ভয়ংকৰ কেলেংকাৰি ! কেলেংকাৰিৰ মূল খলনায়ক IAS আশীষ ভূটানী…

পাৱাৰ উইদাৰ ক্ৰয়ৰ নামত ৰাজ্যত আন এক ভয়ংকৰ কেলেংকাৰি
কেলেংকাৰিৰ মূল খলনায়ক IAS আশীষ ভূটানী


ছুকুন নামৰ হাৰিয়ানাৰ এটা কোম্পানীক ঠিকা দিয়াৰ অভিসন্ধি
১৫ হাজাৰ টকীয়া উইদাৰ ১ লাখ ৮০ হাজাৰ টকাত ক্ৰয় কৰাৰ ফন্দি
নির্দিষ্ট ঠিকাদাৰক ঠিকা দিয়াৰ ষড়যন্ত্ৰ আশীষ ভূটানীৰ


ষড়যন্ত্ৰ কৰি কোটি কোটি চৰকাৰী ধন লুটপাটৰ ফন্দি
বেটেৰীচালিত উইদাৰ দিয়াৰ গইনা লৈ ৰচিছে নাটক

মুম্বাইত অনুষ্ঠিত সংসদৰ বিত্ত সমিতিৰ স্থায়ী সমিতিৰ বৈঠকত অংশগ্ৰহণ গৌৰৱ গগৈৰ…

মুম্বাইত অনুষ্ঠিত সংসদৰ বিত্ত সমিতিৰ স্থায়ী সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে।

বৈঠকত ব্যক্তিগত খণ্ডৰ বিভিন্ন বেংকৰ মুৰব্বীসকল উপস্থিত আছিল।

মই উত্তৰ-পূব ভাৰতৰ উদ্যোগী, চাহ উদ্যোগ, আতিথ্য, শিক্ষা, স্বাস্থ্যসেৱা আৰু চি আৰ এছ প্ৰকল্পৰ বাবে ব্যক্তিগত বেংক সমুহক অধিক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে।

এসপ্তাহত বক্স অফিচত ৩০০ কোটি সংগ্ৰহ ‘গাদৰ ২’ৰ…

বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ছানি দেওলৰ গাদাৰ ২ ছবিয়ে। মুক্তিৰ সপ্তমটো দিনতো ছবিখনে এক বৃহৎ উপাৰ্জন সংগ্ৰহ কৰিছে। এতিয়া এই ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত ৩০০ কোটিৰ ভৰত প্ৰৱেশ কৰিছে। ছানী দেওলৰ শেহতীয়া মুক্তি পোৱা ছবি ‘গাদাৰ ২’ই সঁচাকৈয়ে ভাৰতীয় বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে, লগতে এই ‘গাদাৰ ২’য়ে প্ৰতিদিনে উপাৰ্জনৰ নতুন অভিলেখ গঢ়িছে।

সমগ্ৰ দেশৰ চিনেমাগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘গাদৰ ২’ মুক্তিৰ মাত্ৰ ৬ দিনৰ ভিতৰতে ২৫০ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। একে সময়তে ছবিখন মুক্তিৰ সপ্তমটোৰ দিনত অৰ্থাৎ বৃহস্পতিবাৰৰ উপাৰ্জনৰ প্ৰাৰম্ভিক পৰিসংখ্যা অনুসৰি ২৩.২৮ কোটি টকা সংগ্ৰহ কৰিছে। ‘গাদৰ ২’ ছবিখনৰ মুঠ উপাৰ্জন এতিয়া ২৮৪.৬৩ কোটি টকালৈ বৃদ্ধি। ‘গাদৰ ২’ আৰু ছবিখনে এতিয়া ৩০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিবলৈ অলপ বাকী। এই সপ্তাহৰ শেষৰ ফালে ছবিখনে এই সংখ্যা অতিক্ৰম কৰিব আশা কৰা হৈছে।

আপোনালোকক কওঁ যে ‘গাদৰ ২’ ‘পাথান’ৰ পিছতে ২০২৩ বৰ্ষৰ দ্বিতীয় সৰ্বাধিক ঘৰুৱা উপাৰ্জনকাৰী হিচাপে পৰিগণিত হৈছে।


এমাহৰ বাবে ত্যাগ কৰক মিঠাই! চাওক আপুনি আপোনাৰ শৰীৰৰ পৰিৱৰ্তন…

এমাহৰ বাবে ত্যাগ কৰক মিঠাই! চাওক আপুনি আপোনাৰ শৰীৰৰ পৰিৱৰ্তন। মিঠা নোহোৱাকৈ জীয়াই থকাটো বহুতৰে বাবে অসম্ভৱ, কিন্তু যদি আপুনি মাত্ৰ এমাহ চেনি নোখোৱাকৈ থাকে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। বহুতৰে দুৰ্বলতা, বহুতে ইচ্ছা কৰিও মিঠাই, আইচক্ৰীম, পেষ্ট্ৰি কেকৰ লোভ এৰিব নোৱাৰে। আজি আমি আপোনালোকক জনাম এমাহৰ বাবে বগা চেনি আৰু চেনীৰ পৰা তৈয়াৰী বস্তু খোৱা বন্ধ কৰিলে শৰীৰৰ কি পৰিৱৰ্তন হ’ব-


আমি সকলোৱে এই কথা জানো যে অধিক চেনি খালে আপোনাৰ ওজন বৃদ্ধি হয়, গতিকে যেতিয়া আপুনি চেনি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব তেতিয়া পেটৰ চৰ্বি কমিবলৈ আৰম্ভ কৰিব।


ডায়েবেটিছ ৰোগীৰ বাবে চেনি অতি অপকাৰী।


চেনি খালে অতিৰিক্ত শক্তি পোৱা যায় যদিও অতিৰিক্তভাৱে সেৱন কৰিলে ই শৰীৰৰ বাবে অপকাৰী হ’ব।

এমাহৰ বাবে বগা চেনি এৰি দিলে আপোনাৰ শৰীৰলৈ পৰিৱৰ্তন আহিব পাৰে। কিন্তু ই মাত্ৰ আৰম্ভণিহে হ’ব। সুস্থ জীৱনশৈলী আৰু সুষম খাদ্যৰ দ্বাৰা এই পৰিৱৰ্তন দীৰ্ঘদিন ধৰি বজাই ৰাখিব পাৰি। যদি আপুনি আপোনাৰ শাৰীৰিক স্বাস্থ্য উন্নত কৰিব বিচাৰে তেন্তে বগা চেনিৰ সেৱন কমাই স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিবলৈ চেষ্টা কৰক।