Home Blog Page 1426

গুৱাহাটীত চোৰলৈ গুলিচালনা ! এটা সপ্তাহত আৰক্ষীৰ বেহু ফালি ৪ টাকৈ চোৰৰ পলায়নৰ চেষ্টা…

গুৱাহাটীত চোৰলৈ গুলিচালনা
এটা সপ্তাহত আৰক্ষীৰ বেহু ফালি ৪ টাকৈ চোৰৰ পলায়নৰ চেষ্টা
মহানগৰীত দিনে দিনে বৃদ্ধি অপৰাধমুলক ঘটনা
শীৰ্ষ আৰক্ষীৰ মবাইল চোৰৰ পাচতে তৎপৰ মহানগৰ আৰক্ষী

বুধবাৰে পুৱতি নিশা আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰোতে মহানগৰ আৰক্ষীয়ে আমীৰ আলী নামৰ এটা চোৰলৈ লক্ষ্য় কৰি গুলীচালনা কৰে । গুৱাহাটীৰ সমীপৱৰ্তী সোনাপুৰ আমচিঙত সংঘটিত হোৱা এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা চোৰটো সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন বুলি জিএমচিএইচৰ অধ্যক্ষই জানিবলৈ দিয়ে । আৰক্ষীৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ধৃত আমীৰ চেইন চুৰিৰ ঘটনাৰ সৈতে জড়িত । ইয়াৰ পূৰ্বে ক্ৰমে ৩ আৰু ৭ আগষ্টত তিনিটাকৈ পৃথক ঘটনাত আন তিনিটা চোৰ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল ।

৩ আগষ্টত মহিবুল হক নামৰ চোৰটো বিৰুবাৰী এলেকাত আৰু অভিজিত ৰাভা নামৰ চোৰটো পানীখাইতী এলেকাত গুলিবিদ্ধ হৈ চিকিতসাধীন হৈ আছে । আনহাতে, যোৱা ৭ আগষ্টত অৰ্জুন সাহা নামৰ আন এজন চোৰ চন্দ্ৰপুৰত আহত হৈছিল ।
বিগত এটা সপ্তাহতে চাৰিটাকৈ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পাচত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কেনেকৈ আৰক্ষীৰ নিৰাপত্তা বেহু ফালি পলাবলৈ সক্ষম হয় চোৰ । মহানগৰ আৰক্ষীৰ এই শিথিলতাই জনসাধাৰণৰ বাবে ভয়ংকৰ বিপদ মাতি আনিব পাৰে ।

কাৰণ আৰক্ষীৰ হাতৰ পৰা যদি ভয়ংকৰ অপৰাধী পলাই যাবলৈ সক্ষম হয় তেন্তে ই সমগ্ৰ ৰাজ্যৰ বাবেই হ’ব অশনি সংকেত ।
উল্লেখ্য যে, বিগত মাহত অসম আৰক্ষীৰ উপমহাপৰিদৰ্শক বিবেক ৰাজ সিঙৰ হাতৰ পৰা মবাইল থপিয়াইছিল চোৰে । মহানগৰীৰ উলুবাৰী এলেকাত প্ৰাত:ভ্ৰমণৰ সময়ছোৱাতে এই ঘটনা সংঘটিত হোৱা বুলি সূত্ৰত প্ৰকাশ । ইয়াৰ পাচতে মবাইল, চেইন থপিওৱা চোৰৰ বাবে তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী ।

তেজপুৰৰ ই-ৰিক্সা চলোৱা ছোৱালীজনী…

ই-ৰিক্সা চলোৱা ছোৱালী জনী

“””””””””””””””””””””””””””””””””””””””””””

সভা এখনৰ পৰা ঘৰলৈ বুলি ওলাই আহিছোঁ । দুপৰীয়া ১২ বাজিছে । প্ৰচণ্ড ৰ’দ । গৰমৰ কথা নকওঁ বাৰু । বেগাবেগিকৈ খোজ দি ইফালে সিফালে ই-ৰিক্সা এখন অনুসন্ধান কৰি আহি আছোঁ । কিছু দূৰত্বত কেইখন,, মান ই-ৰিক্সা লাইন পাতি থকা দেখি আগুৱাই গলো । মই সাধাৰণতে ৰিক্সাত উঠোতে ৰিক্সাখনৰ অৱস্থাটো চাই উঠো। নতুন দেখিলেতো সেইফালেই ঢাপলি মেলো । আঁতৰৰ পৰা ৰঙা ৰঙৰ চিকচিকিয়া ই-ৰিক্সা খন মোৰ চকুত পৰিল । লৰালৰিকৈ আগবাঢ়ি গৈ দেখো যে চালকৰ আসনত হৃষ্টপুষ্ট এগৰাকী ছোৱালী বহি আছে ।

বহুদিনৰ পৰা শুনি আছিলোঁ তেজপুৰত কেইগৰাকীমান মহিলাই ই-ৰিক্সা চলায় । সচাকৈয়ে তেওঁক দেখি মনটো ভাল লাগি গল । মই ঠিৰাং কৰিলোঁ তেওঁৰ ৰিক্সাতে উঠি ঘৰলৈ যাম । তেওঁ চান্দমাৰী ফালে যাবনে নাযায় সোধাত , কলে যে বাইদেউ আপুনি অকলে যায় যদি ত্ৰিশ টকা দিব লাগিব । মই কলো হ’ব দিয়া বলা , ৰাস্তাত বেলেগ ভাড়াও পাবা । সচাকৈয়ে অলপ যোৱাৰ পিছতেই আৰু দুগৰাকী মহিলা উঠিল । ৰিক্সা চালক গৰাকীয়ে টপৰাই মাতিলে, বাইদেউ আপুনি বৰ lucky দেই । এই দুপৰীয়াখন বেছি ভাড়া নাপাওঁৱেই । মই তেওঁক কলো আজি মই সচাকৈয়ে lucky কিয়নো এগৰাকী ছোৱালীয়ে চলোৱা ই-ৰিক্সাত উঠি আহিছোঁ । আমাৰ মহিলাৰ বাবে এইটো যোগাত্মক দিশ । বৰ্তমান মহিলাই কামৰ ডাঙৰ-সৰু, পুৰুষ -মহিলাৰ ভাগ নকৰি ওলাই আহি নিজৰ সন্মান অটুট ৰাখি আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে । সেই ১৫-২০মিনিটৰ ৰাস্তাত তেওঁৰ লগত মই বহু কথাই পাতিলোঁ । তেওঁৰ নাম বৰ্ণালী কলিতা বুলি ক’লে । কথাই কথাই তেওঁৰ কথা মই ফেচবুকত লিখিম বুলি কোৱাত বৰ উৎসাহ দেখুৱাই মোক ক’লে, বৰ্ণালীৰ মুখেৰে শুনকচোন – ” মোৰ নামটো বাইদেউ বৰ্ণালী যদিও এইটো মোৰ আচল নাম নহয় । মই সৰুতে মানে ৮ বছৰ বয়সতে হেৰাই গৈছিলোঁ । মোৰ নিজৰ মা-দেউতা ক’ত আছে মই একো নাজানোঁ । মোক এহাল মানুহে হেৰোৱাৰ পিছত পাই তেওঁলোকৰ লগত ৰাখি স্কুলত নাম লগাই দিয়ে আৰু তেওঁলোকেই মোৰ নাম বৰ্ণালী ৰাখিছিল । মোৰ ১০বছৰমান হওতে সেই মানুহ হাল যাক মই মা-দেউতা বুলি মাতিছিলো তেওঁলোকৰো মৃত্যু হ’ল ।

তাৰপিছত একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ । কেতিয়াবা কান্দি কান্দি ভাগৰি পৰো । লাহে লাহে এখন বিউটিপাৰ্লাৰত মোক সৰু-সুৰা কামৰ বাবে ৰাখিলে । এইদৰেই দিনবোৰ বাগৰি মই ডাঙৰ হলো । এদিন মই এটা ল’ৰাৰ লগত মন মিলাত সংসাৰ কৰিম বুলি বিয়া হলোঁ । কিন্তু তাতো মোৰ ভাগ্য সলনি নহ’ল । সেইটো এটা মহা বদমাচ ল’ৰা আছিল । বিয়াৰ পিছৰ পৰাই সি মোক মাৰধৰ কৰিছিল । এবাৰটো সি মোক গাঁত খান্দি পুতিবলৈ ধৰিছিল । তেতিয়া প্ৰাণৰ ভয়ত মই পলাবলৈ বাধ্য হলোঁ । পুনৰ সংসাৰ কৰা কথা নাভাবি মোৰ ছোৱালীজনীক কেনেকৈ ভালদৰে ডাঙৰ কৰিব পাৰোঁ তাৰ চিন্তা কৰিলোঁ । মোক এজন সুহৃদয় মানুহে এই ৰিক্সাখন কিনি দিলে । মই অলপ অলপ কৈ তেখেতৰ পইচা ঘূৰাই আছোঁ । সেই মানুহজনে কিন্তু মোৰ পৰা এটকাওঁ সুদ লোৱা নাই । ইতিমধ্যে মই সেই তোলনীয়া মা-দেউতাৰ ঘৰ পালোহি । বৰ্ণালীৰ কথা শুনাৰ আৰু আগ্ৰহ আছিল যদিও পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ফোনৰ নম্বৰটো লৈ তেওঁক আগবাঢ়ি যাবলৈ উৎসাহ জনাই বিদায় ললোঁ । বৰ্ণালীৰ সাহস সচাকৈয়ে প্ৰশংসনীয় আৰু এগৰাকী মহিলা হিচাপে তেওঁৰ এই পদক্ষেপ আদৰণীয় ।

কাঞ্চন শইকীয়া তেজপুৰ

কনিষ্ঠতম মডাৰ্ণ ৱৰ্ল্ড চেম্পিয়ন অদিতি গোপিচন্দ স্বামীয়ে বাৰ্লিনত অনুষ্ঠিত হোৱা হুণ্ডাই বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত খিতাপ দখল…

অদিতি গোপিচণ্ড স্বামীয়ে বিশ্বকাপ যুগৰ (২০০৬ আৰু তাৰ পিছত) আটাইতকৈ কম বয়সীয়া বিশ্ব আৰ্চাৰী চেম্পিয়ন হোৱাৰ লগতে বাৰ্লিনত অনুষ্ঠিত হোৱা হুণ্ডাই বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথমটো ব্যক্তিগত খিতাপ দখল কৰি ইতিহাস ৰচনা কৰে।

শুকুৰবাৰে কম্পাউণ্ড মহিলা দলীয় সোণৰ পদক লাভ কৰি শ্ব’পিছত আন্দ্ৰেয়া বেচেৰাক ১৪৯-১৪৭ গ’লত পৰাস্ত কৰি ডাবল ৱৰ্ল্ড চেম্পিয়ন হয়।

ই স্বামীৰ চমৎকাৰ বছৰটোক অব্যাহত ৰাখিছিল, য’ত যোৱা মাহত লিমেৰিকত অনুষ্ঠিত ২০২৩ চনৰ বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত ব্যক্তিগত আৰু দলীয় সোণৰ পদক লাভ কৰাৰ পিছত তেওঁ ডাবল ইউথ বিশ্ব চেম্পিয়নও হৈছিল।

নেদাৰলেণ্ডৰ ছানে ডি লাটক উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল শ্বুট অফত পৰাস্ত কৰি ২০১৯ চনত ব্ৰঞ্জৰ পদক আৰু ২০২১ চনত ৰূপৰ পদক লাভ কৰি সোণৰ পদক লাভ কৰাৰ আশাত ছেমিফাইনেলত কম্পাউণ্ড সতীৰ্থ জ্যোতি সুৰেখা ভেনামৰ বিৰুদ্ধে খেলিছিল।

‘আজি বিজেপিৰ নেতাসকলে ভয় খাব নালাগে, মই আদানিৰ সন্দৰ্ভত মন্তব্য নকৰোঁ’ -লোকসভাত এই মন্তব্য ৰাহুল গান্ধীৰ…

‘আজি বিজেপিৰ নেতাসকলে ভয় খাব নালাগে, মই আদানিৰ সন্দৰ্ভত মন্তব্য নকৰোঁ’।

লোকসভাত এই মন্তব্য ৰাহুল গান্ধীৰ। পূৰ্বে আদানি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে অধ্যক্ষক ক্ষমা খুজিলে ৰাহুল গান্ধীয়ে।

লগতে সাংসদ পদ পুনৰ লাভ কৰি ধন্যবাদ জ্ঞাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

কৰ’না মহামাৰীৰ পিছত চীনৰ অৰ্থনীতিৰ ওপৰত মুদ্ৰাস্ফীতিৰ ভাবুকিৰ সৃষ্টি…

কৰ’না মহামাৰীৰ পিছত চীনৰ অৰ্থনীতিৰ ওপৰত মুদ্ৰাস্ফীতিৰ ভাবুকিৰ সৃষ্টি হৈছে।

ভাৰতকে ধৰি বিশ্বৰ অধিকাংশ দেশেই বৰ্তমান মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে, আনহাতে বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিৰ ওপৰত চীনত এক নতুন সমস্যা আহি পৰিছে। দেশত মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ পিছত, য’ত সাধাৰণ জনতাই সকাহ পাইছে, কিন্তু দেশৰ অৰ্থনীতিৰ ওপৰত ‘মুদ্ৰাস্ফীতি’ৰ বিপদৰ সৃষ্টি হৈছে।

চীনে প্ৰকাশ কৰা মুদ্ৰাস্ফীতিৰ তথ্যই দেখুৱাইছে যে জুলাই মাহত গ্ৰাহক মূল্য সূচকাংক (চিপিআই) আৰু উৎপাদক মূল্য সূচকাংক (পিপিআই)ত এক বৃহৎ হ্ৰাস পঞ্জীয়ন কৰা হৈছে। তেতিয়াৰ পৰা দেশত ‘মুদ্ৰাস্ফীতি’ৰ আশংকা বৃদ্ধি পালে। মন কৰিবলগীয়া যে যোৱা ২ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীনত মুদ্ৰাস্ফীতিৰ ইমান বৃহৎ হ্ৰাস পোৱা গৈছে।

জুলাই মাহত হ্ৰাস পাইছে পাইকাৰী আৰু খুচুৰা মুদ্ৰাস্ফীতি
ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি চীনৰ নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে ২০২৩ চনৰ জুলাই মাহৰ মুদ্ৰাস্ফীতিৰ তথ্য মঙলবাৰে প্ৰকাশ কৰিছে। জুলাই মাহত চীনৰ গ্ৰাহক মূল্য সূচকাংকত পূৰ্বৰ বছৰৰ তুলনাত ০.৩ শতাংশৰ ডাঙৰ হ্ৰাস পঞ্জীয়ন কৰা হৈছে।

যদিও ব্লুমবাৰ্গৰ সমীক্ষাত চীনৰ চিপিআই ০.৪ শতাংশ হ্ৰাস পাব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল। মন কৰিবলগীয়া যে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত প্ৰথমবাৰৰ বাবে চিপিআই হ্ৰাস পোৱা দেখা গৈছে।

পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰৰ কথা ক’বলৈ গ’লে অৰ্থাৎ উৎপাদক মূল্য সূচকাংক (পিপিআই)ৰ কথা ক’বলৈ গ’লে একেৰাহে দশম মাহৰ বাবে ইয়াৰ হ্ৰাস অব্যাহত আছে। যোৱা বছৰৰ জুলাই মাহৰ তুলনাত ৪.৪ শতাংশ হ্ৰাস পঞ্জীয়ন হৈছে যদিও আশা কৰাতকৈ কিছু কম। মন কৰিবলগীয়া যে ২০২০ চনৰ নৱেম্বৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে চিপিআই আৰু পিপিআইৰ অৱনতি ঘটিছে।

চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বৃহত্তৰ অঞ্চলটো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি…

ৰাজ্যত পুনৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বানপানী। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বৃহত্তৰ অঞ্চলটো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি।

মঙ্গলবাৰে নিশা অহা এজাক বৰষুণতে মথুৰাপুৰৰ বৃহত্তৰ অঞ্চল বানক কবলত পৰা পৰিলক্ষিত হৈছে।

নিশাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত এফালৰ পৰা বুৰিছে মথুৰাপুৰৰ বাট-পথকে ধৰি বিস্তৃত এলেকাৰ কৃষিভূমি ৷

পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া…

আজি পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া।

পুৱা ১০ বজাত STFৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে চলাব জেৰা।

চৌৰাছিয়াৰ বিৰুদ্ধে ১০০ কোটিৰো অধিক টকাৰ কৰফাঁকিৰ অভিযোগ।

ৰঙিয়াৰ এখন আদৰ্শ চৰকাৰী বিদ্যালয় ! অঞ্চলটোৰ কোনো ল’ৰা-ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নপঢ়ে…

ৰঙিয়াৰ এখন আদৰ্শ চৰকাৰী বিদ্যালয় । এই বিদ্যালয়খন হৈছে ৰঙিয়াৰ বৰকুকুৰীয়া নোনাপাৰ প্ৰাথমিক বিদ্যালয় । এইখন আদৰ্শ বিদ্যালয়ৰ বাবে এই অঞ্চলটোৰ কোনো ল’ৰা-ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নপঢ়ে ।

এই বিদ্যালয়খনৰ সুন্দৰ চৌহদত আছে শাকনিবাৰী আৰু ফুলৰ বাগিচা । ইয়াৰ উৎপাদিত পাচলি ছাত্র-ছাত্ৰী সকলক মধ্যাহ্ন ভোজনত খুওৱা হয় ।

শ্ৰেণীকোঠাৰ ভিতৰত ছাত্র-ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ সুন্দৰকৈ চিত্ৰাংকন কৰা হৈছে । বিদ্যালয়খনত আছে ১০০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু দুগৰাকী শিক্ষক । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাই এইখন চৰকাৰী বিদ্যালয়ে অভিভাৱকৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে ।

কঁঠাল যদি নাখাই তেন্তে শৰীৰে কি কি পুষ্টিৰ পৰা বঞ্চিত হয় জানক…

কঁঠাল সুস্বাদু ৰসাল ফল। ইয়াৰ গাত খঁহু বা কাঁইট থাকে। কঁঠাল সৰুও আছে, ডাঙৰো আছে। লিচু, জামু, পনিয়ল, লেটেকু আম, কুঁজী-কাউ আদি গ্ৰীষ্মকালৰ ফলৰ দৰে কঁঠালো বৰ্ষা কালৰ ফল। এই ফলবোৰ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়। জীৱ-জন্তুয়ে পকা কঁঠাল খাই বিষ্ঠা ত্যাগ কৰাৰ পিছত গুটিৰ কঁঠালৰ গছ হয়। মানুহে নিজৰ বাৰীত বা পথৰ কাষত কঁঠালৰ গছ ৰুই সংৰক্ষণ কৰে। হাবি-জংঘলতো কঁঠাল আপোনা-আপুনি গজে।

কঁঠালৰ বৃহৎ গছ হয়। সাধাৰণতে মাঘ-ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ আৰম্ভ কৰে, যাক মুচি পেলোৱা বা মুচি ধৰা বুলি কয়। কঁঠালৰ মুচি নিমখ-জলকীয়াৰে খাই মজা লাগে। কঁঠালৰ মুচি ডাঙৰ হ’লে ই ভাল ব্যঞ্জন হয়। কঁঠাল ডাঙৰ হোৱাৰ লগে লগে ফলৰ ভিতৰত কোঁহ হয় আৰু কোঁহৰ কেউকাষে পাতল ঢাকনি হয়, যাক কঁঠালৰ বাদু বুলি কোৱা হয়।

কঁঠাল ডাঙৰ হোৱাৰ লগে লগে বিশেষকৈ ব’হাগ, জেঠ, আহাৰ মাহত পুৰঠ হৈ পকিবলৈ ধৰে। কিছুমান কঁঠাল আছে বছৰৰ বাৰমাহে লাগে। কঁঠাল পুৰঠ হ’লে কেঁচাই খাবলৈ ভাল। পকিলে অতি ৰসাল হয়।

কঁঠালৰ গুটিৰ চাহিদাও কম নহয়। কঁঠালৰ গুটি খাই ভাল লাগে। গুটি ডাঠ বাকলিৰে আৱৰা। ডাঠ বাকলি এৰুৱালে ৰঙা পাতল বাকলি আছে। তাতে  থাকে গুটিৰ সাহ। ইয়াক খাউ। কঁঠালৰ গুটি ভাজি, পুৰি বা নানান ধৰণেৰে সুবিধা অনুযায়ী খায়।

বড়ো লোকসকলে লাঙামাৰা পুজাত পকা কঁঠালৰ কোঁহ দি পুজা কৰে। কিছুমান লোকে মদ বনোৱা বাখৰ সানি মদ তৈয়াৰ কৰে। কঁঠাল বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিব পাৰি।

লেখক: জ্ঞানশংকৰ খাখলাৰী 

গোগামুখ মহাবিদ্যালয়ত কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা সম্পন্ন; তক্ষশীলা শিক্ষা প্ৰতিষ্ঠানে দিব ইউ পি এছ চিৰ পাঠদান

ধেমাজি জিলাৰ গোগামুখৰ  আগশাৰীৰ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ভাৰতৰ প্ৰখ্যাত চিভিল ছাৰ্ভিচৰ শিক্ষা প্ৰতিষ্ঠান  তক্ষশীলা এ স্কুল অব  চিভিল ছাৰ্ভিচৰ সহযোগত গোগামুুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে কেৰিয়াৰ কাউঞ্চেলিঙৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়।

বিশেষভাৱে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা  ইউ পি এছ চিৰ ওপৰত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয় ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক ইউ পি এছ চি পৰীক্ষাৰ লগতে অন্য প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ  মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই এই পদক্ষেপ গ্ৰহণ কৰে ৷

কেৰিয়াৰ কাউঞ্চেলিঙৰ সন্দৰ্ভত ড° ঝাই কয়, ’ইউ পি এছ চি ক’চিং মানেই সাধাৰণতে দিল্লীত ক’চিঙৰ কথাই চিন্তা কৰা হয় ৷ দিল্লীৰ ক’চিং কেন্দ্ৰবোৰত পৰ্যাপ্ত সুবিধা থাকে ৷ এই কাৰণে সৰ্বভাৰতীয় সংযুক্ত পৰীক্ষাৰ প্ৰস্তুতিৰ  বাবে দেশৰ ভিন্ন প্ৰান্তৰ ইউ পি এছ চি পৰীক্ষাৰ্থীয়ে দিল্লীত ক’চিং কৰিবলৈ ঢাপলি মেলে ৷ ইয়াৰ বিপৰীতে আমি গোগামুখ মহাবিদ্যালয়ৰ ফালৰ পৰা ইউ পি এছ চি পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বাবে গোগামুখতে ক’চিঙৰ ব্যৱস্থা কৰিছোঁ ৷ ইয়াত কেৱল গোগামুখ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক’চিং ল’ব পাৰিব এনে কথা নহয় ৷ যিসকলে ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচাৰে সকলোৱে গোগামুখ মহাবিদ্যালয়ত ক’চিং ল’ব পাৰিব’ ৷

তেওঁ কয়, আজি আমি তক্ষশীলা ইউ পি এছ চি শিক্ষা প্ৰতিষ্ঠানৰ পৰা বিশেষজ্ঞ শিক্ষক আনি কৰ্মশালা পাতিছোঁ ৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা তক্ষশীলা এ স্কু অব চিভিল ছাৰ্ভিচে অনলাইনৰ যোগেদি এসপ্তাহত ৫ দিনকৈ পাঠদান দিব ৷ ইচ্ছ্যুক প্ৰাৰ্থীসকলৰ বাবে গোগামুখ মহাবিদ্যালয়ৰ ৱেবছাইটৰ  অনলাইন এডমিশ্যনৰ ব্যৱস্থা কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷  কৰ্মশালাত উপস্থিত থাকি ইউ পি এছ চি আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ ওপৰত বক্তব্য আগবঢ়াই তক্ষশীলা স্কুলৰ ব্যৱসায়িক সমন্বয়ক শশাংক সিং,  শৈক্ষিক মুৰব্বী এইচ এছ সিদ্ধু, তক্ষশীলা শৈক্ষিক প্ৰতিষ্ঠান প্ৰতিস্থাপক সঞ্চালক বিজু পেগুৱে ৷ কৰ্মশালাখনৰ আদৰণি ভাষণ দিয়ে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ  ঝাই ৷

কৰ্মশালাখনৰ আঁত ধৰে গোগামুখ মহাবিদ্যালয়ৰ  ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক দিগন্ত কাকতিয়ে ৷ উল্লেখনীয় যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা তক্ষশীলা শিক্ষা প্ৰতিষ্ঠানখনে গোগামুখ মহাবিদ্যালয়ত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অনলাইনযোগে পাঠদান আৰম্ভ কৰিব ৷