Home Blog Page 1429

আপকু-জাফাৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়া-প্ৰয়াত ভবেশ শইকীয়াৰ স্মৃতিচাৰণ সভা

বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ কামৰূপ জিলা সমিতি আৰু জাৰ্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম (জাফা)ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ যৌথ উদ্যোগত অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যক মৃত্যু তিথি আৰু সদ্য প্ৰয়াত আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াৰ এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে ৰাতিপুৱা ১১ বজাত শ্বহীদ সাংবাদিক কমলা শইকীয়া আৰু প্ৰয়াত সাংবাদিক ভৱেশ শইকীয়াৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জাৰ্ণালিষ্ট ইউনিয়ন অৱ আসামৰ কেন্দ্ৰীয় সভাপতি ছেমিম চুলতানা আহমেদ আৰু অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা অসম বিধান সভাৰ প্ৰেছ ৰিপোৰ্টাৰ্চ কমিটিৰ সভাপতি ভবেন দত্তই।

জাফাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰয়ে আঁতধৰা অনুষ্ঠিত অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট সাংবাদিক আৰু সংবাদকৰ্মীয়ে উপস্থিত থাকি দুয়োগৰাকী সাংবাদিকক প্ৰদ্ধাৰে সোঁৱৰণ কৰে।

স্মৃতিচাৰণ অনুষ্ঠানটিত জাৰ্ণালিষ্ট ইউনিয়ন অৱ আসামৰ কেন্দ্ৰীয় সভাপতি ছেমিম চুলতানা আহমেদে ভাষণত শ্বহীদ সাংবাদিক কমলা শইকীয়া আৰু প্ৰয়াত সাংবাদিক ভবেশ শইকীয়াক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি সাংবাদিকসকলৰ একতাৰ ওপৰত বিশেষভাবে গুৰুত্বাৰোপ কৰে।

তেও সাংবাদিক সকলৰ সুৰক্ষা আৰু স্বাৰ্থত সকলো সাংবাদিকক ঐক্যবদ্ধভাৱে থিয় দিবলৈ আহ্বান জনায়। অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে ভাষণত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক আৰু সংবাদপত্ৰৰ আৰ্থিক আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ গুৰুত্বাৰোপ কৰে।

অনুষ্ঠানটিত আপকুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্যই ভাষণত কয় নিহত সাংবাদিক সকলৰ পৰিয়ালসমূহে দুৰ্ভাগ্যজনকভাৱে এতিয়াও ন্যায় নাপালে।

গতিকে ৰাজ্য চৰকাৰে সাংবাদিক হত্যাৰ ক্ষেত্ৰত বিভিন্ন আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা গোচৰ সমূহ পুনৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে।

অনুষ্ঠানটিত সদৌ অসম ফটো সাংবাদিক সন্থাৰ কোষাধ্যক্ষ ধনীৰাম কলিতা, জাফাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু আপকুৰ কামৰূপ জিলা সমিতিৰ সভাপতি হাছানুল আহমেদ আৰু সম্পাদক নিৰেন চন্দ্র মালীয়ে আদিকে ধৰি আন বহু কেইগৰাকী সাংবাদিকে উপস্থিত থাকে ।

ছহিদ আৰু বীৰ যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি; পশ্চিম গুৱাহাটীৰ মাজিৰগাঁৱত শিলাফলকম অনুষ্ঠান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী কাৰ্যসূচীৰ সুচনাৰে ছহিদ আৰু বীৰ যোদ্ধা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বুধবাৰৰ পৰা দেশজুৰি সপ্তাহযোৰাকৈ আৰম্ভ হৈছে “শিলাফলকম” নামৰ এক দেশপ্ৰেমমুলক অনুষ্ঠান।

এই কাৰ্যসূচীৰ প্ৰথম দিনটোত স্থানীয় পঞ্চায়ত, পৌৰ এলেকাৰ স্বাধীনতা সংগ্ৰামী, স্বতন্ত্ৰতা আন্দোলনৰ ছহিদ, কৰ্তব্যৰত অৱস্থাত দেশৰ বাবে প্ৰাণ আহুতি দিয়া সেনা, অৰ্ধসামৰিক বাহিনী বা আৰক্ষী বিষয়াক স্মৰণৰ বাবে স্মৃতিফলক উৎসৰ্গিত কৰা হৈছে ।

আনহাতে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত বুধবাৰে দিনৰ ১১ বজাত গাঁও পঞ্চায়ত আৰু পৌৰ এলেকা ভিত্তিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ৩৫ নম্বৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ ১০ নম্বৰ কৃষ্ণৰাম সোঁৱৰণী প্ৰাথমিক বিদ্যালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

উল্লেখ্য যে পশ্চিম গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচী হিচাপে মাজিৰগাঁও গাঁও পঞ্চায়তত উদযাপন কৰা এই কাৰ্যসূচীত “শ্বহীদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ লগতে দেশমাতৃৰ গৌৰৱ আৰু স্বতন্ত্ৰতা ৰক্ষাৰ বাবে আত্মবলিদান দিয়া বীৰ সকলোলৈ সশ্ৰদ্ধ প্ৰণাম” শীৰ্ষক শিলাফলকম স্থাপন কৰা হৈছে।

আনহাতে এই উপলক্ষে ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আজিজা চাবেনুৰ বেগমে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত সকলোকে পঞ্চ সংকল্পৰ শপত বাক্য পাঠ কৰোৱায় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

অনুষ্ঠানত শ্বহীদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মাতৃ ৰাজুবালা কলিতা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা, মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি ববিতা বৈশ্য, সচিব পবিত্ৰ চৌধুৰী, ৰাণী উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা নৱ কুমাৰ লহকৰ, পলাশবাৰী আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক খগেন মেধি, কৃষ্ণৰাম সোঁৱৰণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী প্ৰেমদা কলিতা, বৰঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অক্ষয় দাস, ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ সমিতিৰ উপ সভাপতি ৰঞ্জন দাস , তত্বাৱধায়ক সীমান্ত দাসকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি, মাজিৰগাঁও গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন দল – সংগঠনৰ প্ৰতিনিধি আৰু শতাধিক ৰাইজ উপস্থিত থাকে। শেষত কৃষ্ণৰাম সোঁৱৰণী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলে দেশপ্ৰেমমূলক সংগীত পৰিবেশন কৰে।

ভুৱা বাতৰি প্ৰচাৰৰ বাবে ২৩নিযুত চাবস্ক্ৰাইবাৰ সৈতে ৮ টা ইউটিউব চেনেল হ’ল ডিলিট

ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে ২.৩ কোটি চাবস্ক্ৰাইবাৰ থকা ৮টা ইউটিউব চেনেল হ’ল ডিলিট৷

মঙলবাৰে চৰকাৰে কয় যে ভুৱা বাতৰি বিয়পোৱাৰ বাবে মুঠ প্ৰায় ২.৩ কোটি গ্ৰাহক থকা আঠটা ইউটিউব চেনেল বন্ধ কৰিছে।

চেনেল কেইটা হৈছে ইয়াহান সচ দেখো, কেপিটেল টিভি, কেপিএছ নিউজ, চৰকাৰী ভিলগ, আৰ্ন ইণ্ডিয়া টেক, এছপিএন৯ নিউজ, এডুকেচনেল দোষ্ট আৰু ৱৰ্ল্ড বেষ্ট নিউজ।

‘কেপিটেল টিভি’ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ ভুৱা বাতৰি প্ৰচাৰ কৰিছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

গৰ্ভৱতী মহিলা  আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সুৰক্ষাৰ বাবে ডালিম অতিকে সুষম ফলাহাৰ…

গুণাগুণ –


১। ডালিম ৰক্ত বৃদ্ধিকাৰক । সেয়ে ৰক্তহীনতাত ভোগা সকলো ৰোগীৰ বাবে উত্তম পথ্য । যিকোনো ৰোগত শাৰিৰীক দুৰ্বলতা গুচাবলৈ ডালিম খুবেই উপকাৰী ।
২। ডালিমৰ ৰস বা জুচ উৎকৃষ্ট শীতল পানীয় । গৰমত ইয়াৰ ৰসে দেহ জুৰ পেলোৱাই নহয় ই শক্তি বৰ্ধক, স্মৃতি শক্তি তথা হিমোগ্লোবিন বৃদ্ধিকাৰক, বায়ু ,পিত্ত,কফ জনীত ৰোগ নাশক ।
৩। ডালিমে পাচন ক্ৰিয়া মজবুত কৰে।


পেটৰ যিকোনো ৰোগ – অৰুচি,অজীৰ্ন,আমাশয়, অতিসাৰ ,হাগনি , তেজহাগনি , গেছ বা অম্লতা(acidity) পিত্তৰোগ , অৰ্শ(pilse), ভগন্দৰ আদিৰ বাবে ডালিমৰ ৰস, বীজ পাত,কলি, চাল আদি সকলো অংশই মহৌষধী ।

৪। পেটৰ কৃমি নাশ কৰাৰ বাবে ডালিম ফল , ফলৰ বাকলি , পাত,কলি, গাগছ বা শিপাৰ চাল ,, আদি সকলো অংশই মহৌষধ ।
৫। যকৃত(liver) , হৃদপিন্ড(heart) বৃক্ক(kidney) আদিৰ সুৰক্ষাৰ বাবে ডালিম উত্তম ফল ।


৬। সৰু বা ডাঙৰ লৰাছোৱালীৰ নাকেৰে তেজ যোৱা ৰোগ হলে ডালিমৰ এটা ৰঙা কলি (অভাৱত ডালিমৰ ৰস) আৰু কিছু দুবৰিবনৰ ৰস উলিয়াই কাপোৰেৰে চেকি নাকত দিব আৰু ১০টা পাত থেতেলাই গৰমপানী মিহলাই দিনটোত ২বাৰ খুৱাব। নিয়মিত ডালিম ফলৰ ৰস খুৱাব। গৰমৰ বাবে তেজ ওলালে উক্ত দিহাৰ উপৰি ডালিমৰ পাত বা ডালিমৰ বাকলি আৰু দুবৰি থেতেলাই তালুত লেপ দিব । সঘনাই তেজ গলে ৫০ -১০০মি:লি: ডালিমৰ ৰসত কিছু দুবৰিৰ ৰস, নাৰ্জীফুলৰ পাত আৰু ধনিয়া পাতৰ ৰস একেলগে মিহলাই দিনে দুবাৰ খুৱাব।
৭।গৰ্ভৱতী মহিলা  আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সুৰক্ষাৰ বাবে ডালিম অতিকে সুষম ফলাহাৰ ।
৯। মহিলাৰ অধিক ঋতুস্ৰাৱ সমস্যাত উপকাৰী ।
১০। পুৰুষ মহিলাৰ যৌন দুৰ্বলতাৰ বাবে নিয়মিত এটাকৈ ডালিম সেৱন অতি ফলপ্ৰদ ।

ভূমধ্য সাগৰত লাম্পেডুচা দ্বীপৰ পৰা যাত্ৰা কৰা দুখন জাহাজ সাগৰত ডুব যোৱাৰ ফলত শিশুসহ ভালেকেইগৰাকী যাত্ৰী নিহত…

ভূমধ্য সাগৰত লাম্পেডুচা দ্বীপৰ পৰা যাত্ৰা কৰা দুখন জাহাজ সাগৰত ডুব যোৱাৰ ফলত শিশুসহ ভালেকেইগৰাকী যাত্ৰী নিহত হয়। সাগৰত তীব্ৰ ঢৌ থকা বাবে এই যাত্ৰা নিষিদ্ধ আছিল যদিও যাত্ৰীসকলে একপ্ৰকাৰ মৰসাহ কৰিয়েই যাত্ৰা কৰে।

কিন্তু নিয়তিৰ ওচৰত এই সাহৰ কোনো অৰ্থ নাই। বিপদসংকুল পৰিস্থিতিৰ মাজেৰে যাত্ৰা কৰাৰ ফলত এখন জাহাজ ডুব যায় আৰু তাৰ কিছু সময় পিচতে আনখন জাহাজো সাগৰৰ লহৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰি ডুব যায়।

দুয়োখন জাহাজত প্ৰায় ৯০ গৰাকী যাত্ৰী আছিল। ইয়াৰে প্ৰথমখন জাহাজত ৪৮ জন আৰু আনখনত প্ৰায় ৪২জন যাত্ৰীয়ে যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাৰ ফলত শিশুসহ ভালেসংখ্যক লোক নিহত হয় বুলি জানিব পৰা গৈছে।

গুৱাহাটীত চোৰলৈ গুলিচালনা ! এটা সপ্তাহত আৰক্ষীৰ বেহু ফালি ৪ টাকৈ চোৰৰ পলায়নৰ চেষ্টা…

গুৱাহাটীত চোৰলৈ গুলিচালনা
এটা সপ্তাহত আৰক্ষীৰ বেহু ফালি ৪ টাকৈ চোৰৰ পলায়নৰ চেষ্টা
মহানগৰীত দিনে দিনে বৃদ্ধি অপৰাধমুলক ঘটনা
শীৰ্ষ আৰক্ষীৰ মবাইল চোৰৰ পাচতে তৎপৰ মহানগৰ আৰক্ষী

বুধবাৰে পুৱতি নিশা আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰোতে মহানগৰ আৰক্ষীয়ে আমীৰ আলী নামৰ এটা চোৰলৈ লক্ষ্য় কৰি গুলীচালনা কৰে । গুৱাহাটীৰ সমীপৱৰ্তী সোনাপুৰ আমচিঙত সংঘটিত হোৱা এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা চোৰটো সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন বুলি জিএমচিএইচৰ অধ্যক্ষই জানিবলৈ দিয়ে । আৰক্ষীৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ধৃত আমীৰ চেইন চুৰিৰ ঘটনাৰ সৈতে জড়িত । ইয়াৰ পূৰ্বে ক্ৰমে ৩ আৰু ৭ আগষ্টত তিনিটাকৈ পৃথক ঘটনাত আন তিনিটা চোৰ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল ।

৩ আগষ্টত মহিবুল হক নামৰ চোৰটো বিৰুবাৰী এলেকাত আৰু অভিজিত ৰাভা নামৰ চোৰটো পানীখাইতী এলেকাত গুলিবিদ্ধ হৈ চিকিতসাধীন হৈ আছে । আনহাতে, যোৱা ৭ আগষ্টত অৰ্জুন সাহা নামৰ আন এজন চোৰ চন্দ্ৰপুৰত আহত হৈছিল ।
বিগত এটা সপ্তাহতে চাৰিটাকৈ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পাচত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কেনেকৈ আৰক্ষীৰ নিৰাপত্তা বেহু ফালি পলাবলৈ সক্ষম হয় চোৰ । মহানগৰ আৰক্ষীৰ এই শিথিলতাই জনসাধাৰণৰ বাবে ভয়ংকৰ বিপদ মাতি আনিব পাৰে ।

কাৰণ আৰক্ষীৰ হাতৰ পৰা যদি ভয়ংকৰ অপৰাধী পলাই যাবলৈ সক্ষম হয় তেন্তে ই সমগ্ৰ ৰাজ্যৰ বাবেই হ’ব অশনি সংকেত ।
উল্লেখ্য যে, বিগত মাহত অসম আৰক্ষীৰ উপমহাপৰিদৰ্শক বিবেক ৰাজ সিঙৰ হাতৰ পৰা মবাইল থপিয়াইছিল চোৰে । মহানগৰীৰ উলুবাৰী এলেকাত প্ৰাত:ভ্ৰমণৰ সময়ছোৱাতে এই ঘটনা সংঘটিত হোৱা বুলি সূত্ৰত প্ৰকাশ । ইয়াৰ পাচতে মবাইল, চেইন থপিওৱা চোৰৰ বাবে তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী ।

তেজপুৰৰ ই-ৰিক্সা চলোৱা ছোৱালীজনী…

ই-ৰিক্সা চলোৱা ছোৱালী জনী

“””””””””””””””””””””””””””””””””””””””””””

সভা এখনৰ পৰা ঘৰলৈ বুলি ওলাই আহিছোঁ । দুপৰীয়া ১২ বাজিছে । প্ৰচণ্ড ৰ’দ । গৰমৰ কথা নকওঁ বাৰু । বেগাবেগিকৈ খোজ দি ইফালে সিফালে ই-ৰিক্সা এখন অনুসন্ধান কৰি আহি আছোঁ । কিছু দূৰত্বত কেইখন,, মান ই-ৰিক্সা লাইন পাতি থকা দেখি আগুৱাই গলো । মই সাধাৰণতে ৰিক্সাত উঠোতে ৰিক্সাখনৰ অৱস্থাটো চাই উঠো। নতুন দেখিলেতো সেইফালেই ঢাপলি মেলো । আঁতৰৰ পৰা ৰঙা ৰঙৰ চিকচিকিয়া ই-ৰিক্সা খন মোৰ চকুত পৰিল । লৰালৰিকৈ আগবাঢ়ি গৈ দেখো যে চালকৰ আসনত হৃষ্টপুষ্ট এগৰাকী ছোৱালী বহি আছে ।

বহুদিনৰ পৰা শুনি আছিলোঁ তেজপুৰত কেইগৰাকীমান মহিলাই ই-ৰিক্সা চলায় । সচাকৈয়ে তেওঁক দেখি মনটো ভাল লাগি গল । মই ঠিৰাং কৰিলোঁ তেওঁৰ ৰিক্সাতে উঠি ঘৰলৈ যাম । তেওঁ চান্দমাৰী ফালে যাবনে নাযায় সোধাত , কলে যে বাইদেউ আপুনি অকলে যায় যদি ত্ৰিশ টকা দিব লাগিব । মই কলো হ’ব দিয়া বলা , ৰাস্তাত বেলেগ ভাড়াও পাবা । সচাকৈয়ে অলপ যোৱাৰ পিছতেই আৰু দুগৰাকী মহিলা উঠিল । ৰিক্সা চালক গৰাকীয়ে টপৰাই মাতিলে, বাইদেউ আপুনি বৰ lucky দেই । এই দুপৰীয়াখন বেছি ভাড়া নাপাওঁৱেই । মই তেওঁক কলো আজি মই সচাকৈয়ে lucky কিয়নো এগৰাকী ছোৱালীয়ে চলোৱা ই-ৰিক্সাত উঠি আহিছোঁ । আমাৰ মহিলাৰ বাবে এইটো যোগাত্মক দিশ । বৰ্তমান মহিলাই কামৰ ডাঙৰ-সৰু, পুৰুষ -মহিলাৰ ভাগ নকৰি ওলাই আহি নিজৰ সন্মান অটুট ৰাখি আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে । সেই ১৫-২০মিনিটৰ ৰাস্তাত তেওঁৰ লগত মই বহু কথাই পাতিলোঁ । তেওঁৰ নাম বৰ্ণালী কলিতা বুলি ক’লে । কথাই কথাই তেওঁৰ কথা মই ফেচবুকত লিখিম বুলি কোৱাত বৰ উৎসাহ দেখুৱাই মোক ক’লে, বৰ্ণালীৰ মুখেৰে শুনকচোন – ” মোৰ নামটো বাইদেউ বৰ্ণালী যদিও এইটো মোৰ আচল নাম নহয় । মই সৰুতে মানে ৮ বছৰ বয়সতে হেৰাই গৈছিলোঁ । মোৰ নিজৰ মা-দেউতা ক’ত আছে মই একো নাজানোঁ । মোক এহাল মানুহে হেৰোৱাৰ পিছত পাই তেওঁলোকৰ লগত ৰাখি স্কুলত নাম লগাই দিয়ে আৰু তেওঁলোকেই মোৰ নাম বৰ্ণালী ৰাখিছিল । মোৰ ১০বছৰমান হওতে সেই মানুহ হাল যাক মই মা-দেউতা বুলি মাতিছিলো তেওঁলোকৰো মৃত্যু হ’ল ।

তাৰপিছত একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ । কেতিয়াবা কান্দি কান্দি ভাগৰি পৰো । লাহে লাহে এখন বিউটিপাৰ্লাৰত মোক সৰু-সুৰা কামৰ বাবে ৰাখিলে । এইদৰেই দিনবোৰ বাগৰি মই ডাঙৰ হলো । এদিন মই এটা ল’ৰাৰ লগত মন মিলাত সংসাৰ কৰিম বুলি বিয়া হলোঁ । কিন্তু তাতো মোৰ ভাগ্য সলনি নহ’ল । সেইটো এটা মহা বদমাচ ল’ৰা আছিল । বিয়াৰ পিছৰ পৰাই সি মোক মাৰধৰ কৰিছিল । এবাৰটো সি মোক গাঁত খান্দি পুতিবলৈ ধৰিছিল । তেতিয়া প্ৰাণৰ ভয়ত মই পলাবলৈ বাধ্য হলোঁ । পুনৰ সংসাৰ কৰা কথা নাভাবি মোৰ ছোৱালীজনীক কেনেকৈ ভালদৰে ডাঙৰ কৰিব পাৰোঁ তাৰ চিন্তা কৰিলোঁ । মোক এজন সুহৃদয় মানুহে এই ৰিক্সাখন কিনি দিলে । মই অলপ অলপ কৈ তেখেতৰ পইচা ঘূৰাই আছোঁ । সেই মানুহজনে কিন্তু মোৰ পৰা এটকাওঁ সুদ লোৱা নাই । ইতিমধ্যে মই সেই তোলনীয়া মা-দেউতাৰ ঘৰ পালোহি । বৰ্ণালীৰ কথা শুনাৰ আৰু আগ্ৰহ আছিল যদিও পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ফোনৰ নম্বৰটো লৈ তেওঁক আগবাঢ়ি যাবলৈ উৎসাহ জনাই বিদায় ললোঁ । বৰ্ণালীৰ সাহস সচাকৈয়ে প্ৰশংসনীয় আৰু এগৰাকী মহিলা হিচাপে তেওঁৰ এই পদক্ষেপ আদৰণীয় ।

কাঞ্চন শইকীয়া তেজপুৰ

কনিষ্ঠতম মডাৰ্ণ ৱৰ্ল্ড চেম্পিয়ন অদিতি গোপিচন্দ স্বামীয়ে বাৰ্লিনত অনুষ্ঠিত হোৱা হুণ্ডাই বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত খিতাপ দখল…

অদিতি গোপিচণ্ড স্বামীয়ে বিশ্বকাপ যুগৰ (২০০৬ আৰু তাৰ পিছত) আটাইতকৈ কম বয়সীয়া বিশ্ব আৰ্চাৰী চেম্পিয়ন হোৱাৰ লগতে বাৰ্লিনত অনুষ্ঠিত হোৱা হুণ্ডাই বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথমটো ব্যক্তিগত খিতাপ দখল কৰি ইতিহাস ৰচনা কৰে।

শুকুৰবাৰে কম্পাউণ্ড মহিলা দলীয় সোণৰ পদক লাভ কৰি শ্ব’পিছত আন্দ্ৰেয়া বেচেৰাক ১৪৯-১৪৭ গ’লত পৰাস্ত কৰি ডাবল ৱৰ্ল্ড চেম্পিয়ন হয়।

ই স্বামীৰ চমৎকাৰ বছৰটোক অব্যাহত ৰাখিছিল, য’ত যোৱা মাহত লিমেৰিকত অনুষ্ঠিত ২০২৩ চনৰ বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত ব্যক্তিগত আৰু দলীয় সোণৰ পদক লাভ কৰাৰ পিছত তেওঁ ডাবল ইউথ বিশ্ব চেম্পিয়নও হৈছিল।

নেদাৰলেণ্ডৰ ছানে ডি লাটক উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল শ্বুট অফত পৰাস্ত কৰি ২০১৯ চনত ব্ৰঞ্জৰ পদক আৰু ২০২১ চনত ৰূপৰ পদক লাভ কৰি সোণৰ পদক লাভ কৰাৰ আশাত ছেমিফাইনেলত কম্পাউণ্ড সতীৰ্থ জ্যোতি সুৰেখা ভেনামৰ বিৰুদ্ধে খেলিছিল।

‘আজি বিজেপিৰ নেতাসকলে ভয় খাব নালাগে, মই আদানিৰ সন্দৰ্ভত মন্তব্য নকৰোঁ’ -লোকসভাত এই মন্তব্য ৰাহুল গান্ধীৰ…

‘আজি বিজেপিৰ নেতাসকলে ভয় খাব নালাগে, মই আদানিৰ সন্দৰ্ভত মন্তব্য নকৰোঁ’।

লোকসভাত এই মন্তব্য ৰাহুল গান্ধীৰ। পূৰ্বে আদানি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে অধ্যক্ষক ক্ষমা খুজিলে ৰাহুল গান্ধীয়ে।

লগতে সাংসদ পদ পুনৰ লাভ কৰি ধন্যবাদ জ্ঞাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

কৰ’না মহামাৰীৰ পিছত চীনৰ অৰ্থনীতিৰ ওপৰত মুদ্ৰাস্ফীতিৰ ভাবুকিৰ সৃষ্টি…

কৰ’না মহামাৰীৰ পিছত চীনৰ অৰ্থনীতিৰ ওপৰত মুদ্ৰাস্ফীতিৰ ভাবুকিৰ সৃষ্টি হৈছে।

ভাৰতকে ধৰি বিশ্বৰ অধিকাংশ দেশেই বৰ্তমান মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে, আনহাতে বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিৰ ওপৰত চীনত এক নতুন সমস্যা আহি পৰিছে। দেশত মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ পিছত, য’ত সাধাৰণ জনতাই সকাহ পাইছে, কিন্তু দেশৰ অৰ্থনীতিৰ ওপৰত ‘মুদ্ৰাস্ফীতি’ৰ বিপদৰ সৃষ্টি হৈছে।

চীনে প্ৰকাশ কৰা মুদ্ৰাস্ফীতিৰ তথ্যই দেখুৱাইছে যে জুলাই মাহত গ্ৰাহক মূল্য সূচকাংক (চিপিআই) আৰু উৎপাদক মূল্য সূচকাংক (পিপিআই)ত এক বৃহৎ হ্ৰাস পঞ্জীয়ন কৰা হৈছে। তেতিয়াৰ পৰা দেশত ‘মুদ্ৰাস্ফীতি’ৰ আশংকা বৃদ্ধি পালে। মন কৰিবলগীয়া যে যোৱা ২ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীনত মুদ্ৰাস্ফীতিৰ ইমান বৃহৎ হ্ৰাস পোৱা গৈছে।

জুলাই মাহত হ্ৰাস পাইছে পাইকাৰী আৰু খুচুৰা মুদ্ৰাস্ফীতি
ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি চীনৰ নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে ২০২৩ চনৰ জুলাই মাহৰ মুদ্ৰাস্ফীতিৰ তথ্য মঙলবাৰে প্ৰকাশ কৰিছে। জুলাই মাহত চীনৰ গ্ৰাহক মূল্য সূচকাংকত পূৰ্বৰ বছৰৰ তুলনাত ০.৩ শতাংশৰ ডাঙৰ হ্ৰাস পঞ্জীয়ন কৰা হৈছে।

যদিও ব্লুমবাৰ্গৰ সমীক্ষাত চীনৰ চিপিআই ০.৪ শতাংশ হ্ৰাস পাব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল। মন কৰিবলগীয়া যে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত প্ৰথমবাৰৰ বাবে চিপিআই হ্ৰাস পোৱা দেখা গৈছে।

পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰৰ কথা ক’বলৈ গ’লে অৰ্থাৎ উৎপাদক মূল্য সূচকাংক (পিপিআই)ৰ কথা ক’বলৈ গ’লে একেৰাহে দশম মাহৰ বাবে ইয়াৰ হ্ৰাস অব্যাহত আছে। যোৱা বছৰৰ জুলাই মাহৰ তুলনাত ৪.৪ শতাংশ হ্ৰাস পঞ্জীয়ন হৈছে যদিও আশা কৰাতকৈ কিছু কম। মন কৰিবলগীয়া যে ২০২০ চনৰ নৱেম্বৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে চিপিআই আৰু পিপিআইৰ অৱনতি ঘটিছে।