Home Blog Page 1430

চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বৃহত্তৰ অঞ্চলটো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি…

ৰাজ্যত পুনৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বানপানী। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বৃহত্তৰ অঞ্চলটো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি।

মঙ্গলবাৰে নিশা অহা এজাক বৰষুণতে মথুৰাপুৰৰ বৃহত্তৰ অঞ্চল বানক কবলত পৰা পৰিলক্ষিত হৈছে।

নিশাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত এফালৰ পৰা বুৰিছে মথুৰাপুৰৰ বাট-পথকে ধৰি বিস্তৃত এলেকাৰ কৃষিভূমি ৷

পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া…

আজি পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া।

পুৱা ১০ বজাত STFৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে চলাব জেৰা।

চৌৰাছিয়াৰ বিৰুদ্ধে ১০০ কোটিৰো অধিক টকাৰ কৰফাঁকিৰ অভিযোগ।

ৰঙিয়াৰ এখন আদৰ্শ চৰকাৰী বিদ্যালয় ! অঞ্চলটোৰ কোনো ল’ৰা-ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নপঢ়ে…

ৰঙিয়াৰ এখন আদৰ্শ চৰকাৰী বিদ্যালয় । এই বিদ্যালয়খন হৈছে ৰঙিয়াৰ বৰকুকুৰীয়া নোনাপাৰ প্ৰাথমিক বিদ্যালয় । এইখন আদৰ্শ বিদ্যালয়ৰ বাবে এই অঞ্চলটোৰ কোনো ল’ৰা-ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নপঢ়ে ।

এই বিদ্যালয়খনৰ সুন্দৰ চৌহদত আছে শাকনিবাৰী আৰু ফুলৰ বাগিচা । ইয়াৰ উৎপাদিত পাচলি ছাত্র-ছাত্ৰী সকলক মধ্যাহ্ন ভোজনত খুওৱা হয় ।

শ্ৰেণীকোঠাৰ ভিতৰত ছাত্র-ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ সুন্দৰকৈ চিত্ৰাংকন কৰা হৈছে । বিদ্যালয়খনত আছে ১০০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু দুগৰাকী শিক্ষক । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাই এইখন চৰকাৰী বিদ্যালয়ে অভিভাৱকৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে ।

কঁঠাল যদি নাখাই তেন্তে শৰীৰে কি কি পুষ্টিৰ পৰা বঞ্চিত হয় জানক…

কঁঠাল সুস্বাদু ৰসাল ফল। ইয়াৰ গাত খঁহু বা কাঁইট থাকে। কঁঠাল সৰুও আছে, ডাঙৰো আছে। লিচু, জামু, পনিয়ল, লেটেকু আম, কুঁজী-কাউ আদি গ্ৰীষ্মকালৰ ফলৰ দৰে কঁঠালো বৰ্ষা কালৰ ফল। এই ফলবোৰ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়। জীৱ-জন্তুয়ে পকা কঁঠাল খাই বিষ্ঠা ত্যাগ কৰাৰ পিছত গুটিৰ কঁঠালৰ গছ হয়। মানুহে নিজৰ বাৰীত বা পথৰ কাষত কঁঠালৰ গছ ৰুই সংৰক্ষণ কৰে। হাবি-জংঘলতো কঁঠাল আপোনা-আপুনি গজে।

কঁঠালৰ বৃহৎ গছ হয়। সাধাৰণতে মাঘ-ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ আৰম্ভ কৰে, যাক মুচি পেলোৱা বা মুচি ধৰা বুলি কয়। কঁঠালৰ মুচি নিমখ-জলকীয়াৰে খাই মজা লাগে। কঁঠালৰ মুচি ডাঙৰ হ’লে ই ভাল ব্যঞ্জন হয়। কঁঠাল ডাঙৰ হোৱাৰ লগে লগে ফলৰ ভিতৰত কোঁহ হয় আৰু কোঁহৰ কেউকাষে পাতল ঢাকনি হয়, যাক কঁঠালৰ বাদু বুলি কোৱা হয়।

কঁঠাল ডাঙৰ হোৱাৰ লগে লগে বিশেষকৈ ব’হাগ, জেঠ, আহাৰ মাহত পুৰঠ হৈ পকিবলৈ ধৰে। কিছুমান কঁঠাল আছে বছৰৰ বাৰমাহে লাগে। কঁঠাল পুৰঠ হ’লে কেঁচাই খাবলৈ ভাল। পকিলে অতি ৰসাল হয়।

কঁঠালৰ গুটিৰ চাহিদাও কম নহয়। কঁঠালৰ গুটি খাই ভাল লাগে। গুটি ডাঠ বাকলিৰে আৱৰা। ডাঠ বাকলি এৰুৱালে ৰঙা পাতল বাকলি আছে। তাতে  থাকে গুটিৰ সাহ। ইয়াক খাউ। কঁঠালৰ গুটি ভাজি, পুৰি বা নানান ধৰণেৰে সুবিধা অনুযায়ী খায়।

বড়ো লোকসকলে লাঙামাৰা পুজাত পকা কঁঠালৰ কোঁহ দি পুজা কৰে। কিছুমান লোকে মদ বনোৱা বাখৰ সানি মদ তৈয়াৰ কৰে। কঁঠাল বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিব পাৰি।

লেখক: জ্ঞানশংকৰ খাখলাৰী 

গোগামুখ মহাবিদ্যালয়ত কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা সম্পন্ন; তক্ষশীলা শিক্ষা প্ৰতিষ্ঠানে দিব ইউ পি এছ চিৰ পাঠদান

ধেমাজি জিলাৰ গোগামুখৰ  আগশাৰীৰ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ভাৰতৰ প্ৰখ্যাত চিভিল ছাৰ্ভিচৰ শিক্ষা প্ৰতিষ্ঠান  তক্ষশীলা এ স্কুল অব  চিভিল ছাৰ্ভিচৰ সহযোগত গোগামুুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে কেৰিয়াৰ কাউঞ্চেলিঙৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়।

বিশেষভাৱে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা  ইউ পি এছ চিৰ ওপৰত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয় ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক ইউ পি এছ চি পৰীক্ষাৰ লগতে অন্য প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ  মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই এই পদক্ষেপ গ্ৰহণ কৰে ৷

কেৰিয়াৰ কাউঞ্চেলিঙৰ সন্দৰ্ভত ড° ঝাই কয়, ’ইউ পি এছ চি ক’চিং মানেই সাধাৰণতে দিল্লীত ক’চিঙৰ কথাই চিন্তা কৰা হয় ৷ দিল্লীৰ ক’চিং কেন্দ্ৰবোৰত পৰ্যাপ্ত সুবিধা থাকে ৷ এই কাৰণে সৰ্বভাৰতীয় সংযুক্ত পৰীক্ষাৰ প্ৰস্তুতিৰ  বাবে দেশৰ ভিন্ন প্ৰান্তৰ ইউ পি এছ চি পৰীক্ষাৰ্থীয়ে দিল্লীত ক’চিং কৰিবলৈ ঢাপলি মেলে ৷ ইয়াৰ বিপৰীতে আমি গোগামুখ মহাবিদ্যালয়ৰ ফালৰ পৰা ইউ পি এছ চি পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বাবে গোগামুখতে ক’চিঙৰ ব্যৱস্থা কৰিছোঁ ৷ ইয়াত কেৱল গোগামুখ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক’চিং ল’ব পাৰিব এনে কথা নহয় ৷ যিসকলে ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচাৰে সকলোৱে গোগামুখ মহাবিদ্যালয়ত ক’চিং ল’ব পাৰিব’ ৷

তেওঁ কয়, আজি আমি তক্ষশীলা ইউ পি এছ চি শিক্ষা প্ৰতিষ্ঠানৰ পৰা বিশেষজ্ঞ শিক্ষক আনি কৰ্মশালা পাতিছোঁ ৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা তক্ষশীলা এ স্কু অব চিভিল ছাৰ্ভিচে অনলাইনৰ যোগেদি এসপ্তাহত ৫ দিনকৈ পাঠদান দিব ৷ ইচ্ছ্যুক প্ৰাৰ্থীসকলৰ বাবে গোগামুখ মহাবিদ্যালয়ৰ ৱেবছাইটৰ  অনলাইন এডমিশ্যনৰ ব্যৱস্থা কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷  কৰ্মশালাত উপস্থিত থাকি ইউ পি এছ চি আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ ওপৰত বক্তব্য আগবঢ়াই তক্ষশীলা স্কুলৰ ব্যৱসায়িক সমন্বয়ক শশাংক সিং,  শৈক্ষিক মুৰব্বী এইচ এছ সিদ্ধু, তক্ষশীলা শৈক্ষিক প্ৰতিষ্ঠান প্ৰতিস্থাপক সঞ্চালক বিজু পেগুৱে ৷ কৰ্মশালাখনৰ আদৰণি ভাষণ দিয়ে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ  ঝাই ৷

কৰ্মশালাখনৰ আঁত ধৰে গোগামুখ মহাবিদ্যালয়ৰ  ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক দিগন্ত কাকতিয়ে ৷ উল্লেখনীয় যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা তক্ষশীলা শিক্ষা প্ৰতিষ্ঠানখনে গোগামুখ মহাবিদ্যালয়ত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অনলাইনযোগে পাঠদান আৰম্ভ কৰিব ৷

আৰ্তজনৰ কাষত গোগামুখৰ স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰণঃ জটিল ৰোগত আক্ৰান্ত যুৱকক চিকিৎসা সাহায্য

গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা উত্তৰণৰ সামাজিক-সাংস্কৃতিক কাৰ্যসূচী অব্যাহত আছে৷ তেওঁলোকৰ সামাজিক কামৰ অংশ হিচাপে ধেমাজি জিলাৰ  গোগামুখ চাউলধোৱা বলিগাঁৱৰ মহেন্দ্ৰ নাথ নামৰ এগৰাকী যুৱকক চিকিৎসা সাহায্য প্ৰদান কৰে ৷

মহেন্দ্ৰ নাথ  কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ  আছিল। সৰুতে দেউতাকক হেৰুৱাই  মাক আৰু দুগৰাকী ভগ্নী সৈতে জীৱন কটোৱা মহেন্দ্ৰ আছিল পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ ব্যক্তি।

ৰোগাক্ৰান্ত হৈ পৰাত বহু জটিল পৰিস্থিতিৰ মাজতে নিজৰ উন্নত চিকিৎসাৰ বাবেও সক্ষম নোহোৱাত গাঁৱৰে কেইজনমান যুৱকে তেওঁক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় । চিকিৎসা বাবে আৰ্থিক অভাৱৰ কথা সামাজিক মাধ্যম যোগে উত্তৰণৰ কৰ্মকৰ্তাই অৱগত হৈ কালি  লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ  মহেন্দ্ৰ নাথৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে  আৰ্থিক সহায় আগবঢ়ায়।

উত্তৰণ পৰিয়ালৰ হৈ সভাপতি প্ৰবীণ চেতিয়াৰ লগতে উত্তৰণ পৰিয়ালৰ জিতু বৰা, হীৰেন দাস, দীপক বৰগোহাঁই, জিতেন্দ্ৰ গগৈ আৰু মৃদুল শৰ্মা উপস্থিত থাকি তেখেতৰ দ্ৰুত আৰোগ্য কামনা কৰে। উল্লেখনীয় যে, উত্তৰণ হৈছে গোগামুখ আছু আৰু প্ৰাক্তন আছু কৰ্মী সকলৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী সংস্থা ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ…

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল অসম আৰক্ষী। ৰিপুণ বৰাসহ প্ৰতিবাদীক আটক। তৃণমূলৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰক ৰিপুণ বৰাৰ গৰিহণা। খাদ্য সামগ্রী, শাক-পাচলি, ঔষধকে ধৰি সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত হেঙেৰাবাৰীস্হ কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত কেইবাশতাধিক দলীয় কর্মীয়ে বিশাল প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে ডিঙিত ভাত কেৰেলা, বিলাহী, গাজৰৰ মালা পিন্ধি ‘ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক’, ‘৫০ টকাৰ তলত নাই চাউল, জনতাৰ বাজেটত লাগিছে আউল’, ‘মূল্যবৃদ্ধিৰে জনতাক হাৰাশাস্তি দিয়া চৰকাৰ মুৰ্দাবাদ’, ‘হিমন্ত মামা তোমাৰ কাম নাই’, ‘সামগ্ৰীৰ জুই-চাই দাম, নিৰস্তৰে বোলো হৰি জয় শ্ৰীৰাম’, ‘শোষক চৰকাৰ মুৰ্দাবাদ’ আদি শ্ল’গান দি চৌপাশ কঁপাই তোলে। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মূল্যবৃদ্ধিৰে জনতাক হাৰাশান্তি দিয়াৰ বাবে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে।

বৰাই কয়,’সাম্প্রদায়িক ৰাজনীতিত ব্যস্ত চৰকাৰৰ দিনত জনতাৰ অৱস্হা তথৈবচ হৈ পৰিছে। খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত আজি ৰাইজৰ কঁকাল ভাঙিছে। চাউল, মিঠাতেল, দালি সকলো সামগ্ৰীৰ দাম বাৰে বাৰে বৃদ্ধি কৰি জীৱন দুর্বিসহ কৰি তুলিছে। ঔষধৰ দাম ২০ শতাংশকৈ বৃদ্ধি কৰি মানুহৰ জীয়াই থকাৰ অধিকাৰখিনিও কাঢ়ি নিব বিচাৰিছে । এয়াই হ’ল হিমন্ত বিশ্ব শৰ্মাৰ অসমক দেশৰ শীৰ্ষ ৫ ৰাজ্য কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কৰা কামৰ নমুনা। আনহাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় এয়া অষ্টলক্ষীৰ দেশ। আজি মোদীৰ ভাষণৰ অষ্টলক্ষ্মীৰ ৰাজ্যৰ জনতাই আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে ভালকৈ এসাজ খাব পৰা নাই। কিন্তু তেওঁলোকৰ এইবোৰলৈ ক্ৰক্ষেপ নাই। আগতে যোগানমন্ত্ৰীসকলে মূল্যবৃদ্ধি হ’লে বজাৰলৈ গৈ পৰিস্থিতিৰ বুজ ল’বলৈ প্ৰয়াস কৰিছিল। কিন্তু আজি বিজেপি চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে ‘ব্ৰেণ্ডেড চাউলৰহে দাম বাঢ়িছে, সাধাৰণ মানুহে খোৱা চাউলৰ দাম বঢ়া নাই! জাতীয় টুলুঙা মন্তব্যৰে ৰাইজক অপমানহে কৰিছে। ক্ষমতাই আজি তেওঁলোকৰ মূৰত ধৰিছে। কিন্তু ৰাইজৰ সন্মুখত অহংকাৰ কৰি লাভ নাই। ২০২৪ চনত এই বিজেপি চৰকাৰক ৰাইজে ওফোৰাব, ইণ্ডিয়াৰ জয় হ’ব। ইণ্ডিয়াৰ চৰকাৰ গঠন হ’ব। আৰু তেতিয়াই ৰাইজৰ এই সকলো সমস্যা দূৰ হ’ব।’ অসম তৃণমূল কংগ্ৰেছৰ এই ধর্ণা-বিক্ষোভ কাৰ্য্যসূচীত অংশ লোৱাৰ সময়ত অসম চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে সভাপতি ৰিপুণ বৰাৰ লগতে দলৰ সতীৰ্থসকলৰ ওপৰত অত্যাচাৰ চলাই টানি চোঁচৰাই আটক কৰি লৈ কাহিলীপাৰাত থকা চতুৰ্থ অসম বেটেলিয়নৰ চৌহদলৈ লৈ যায়।

অসম তৃণমূল কংগ্ৰেছৰ ওপৰত চলা এই অত্যাচাৰক সভাপতি বৰাই ধিক্কাৰ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত দলৰ ৰাজ্যিক সমিতিৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক (প্রশাসন) গজেন্দ্র প্রসাদ উপমন্যু, সাধাৰণ সম্পাদকদ্বয় অৰূপজ্যোতি ভূঞা আৰু ইক্ৰামুল হুদা, অসম তৃণমূল যুব কংগ্ৰেছৰ সভাপতি বন্দীপ দত্ত, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতা, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকাদ্বয় স্মৃতি শৰ্মা হাজৰিকা আৰু অঞ্জলি ব্ৰহ্মৰ লগত অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছ, কামৰূপ তৃণমূল কংগ্ৰেছ, কামৰূপ তৃণমূল মহিলা কংগ্ৰেছ আৰু কামৰূপ তৃণমূল যুৱ কংগ্ৰেছৰ ভালেসংখ্যক বিষয়ববীয়াই অংশ লয়।

কোন হ’ব ৰাহুল গান্ধীৰ কইনা? চৰ্চালৈ আহিছে এটা ভিডিঅ’…

ৰাহুল গান্ধীৰ বিয়াৰ চৰ্চাৰ মাজতে শ্বাৰলিন চোপ্ৰাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। শ্বাৰলিন ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। শ্বাৰলিনে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল যিটো ভাইৰেল হৈ পৰিছে। শ্বাৰলিনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ বিবৃতি দিছিল। শ্বাৰলিনে কৈছিল যে তেওঁ ৰাহুল গান্ধীক বিয়া কৰাব পাৰে। শ্বাৰলিন চোপ্ৰাই পাপাৰাজীৰ সন্মুখত প্ৰায়ে পোজ দিয়ে। শেহতীয়াকৈ তেওঁ পাপাৰাজীৰ বাবে পোজ দিছিল আৰু তেওঁৰ অনুৰাগীৰ সৈতে ফটো ক্লিক কৰিছিল। এই সময়ত এজন পাপাৰাজীয়ে তেওঁক ৰাহুল গান্ধীৰ সৈতে বিবাহৰ কথা সুধিছিল। তেওঁ ক’লে- ৰাহুল গান্ধীক বিয়া কৰাব পাৰিবানে?

এই প্ৰশ্নৰ উত্তৰত শ্বাৰলিনে ক’লে- হয় মই কিয় নোৱাৰিম। কিন্তু, বিয়াৰ পিছত মই মোৰ উপাধি সলনি নকৰো। এই ভিডিঅ’টোত শ্বাৰলিনৰ এই বক্তব্যৰ ভাইৰেল হৈ পৰিছে। আনহাতে ৰাহুল গান্ধীয়ে ইয়াৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে শ্বাৰলিনে ডাঙৰ পৰ্দাৰ পৰা আঁতৰি থাকে যদিও বহুদিনৰ পাছত তেওঁ পুনৰ উভতি আহিছে। পৌৰুষপুৰ ছিজন ২ত অভিনয় কৰিছে ছানীয়ে। এই ৱেব ছিৰিজখন ২৮ জুলাইত প্ৰচাৰ কৰা হৈছে। এই ধাৰাবাহিকখনত শ্বাৰলিনে মহাৰাণী স্নেহলাটাৰ চৰিত্ৰত অভিনয় কৰিছে।

৩৫ হাজাৰ টকীয়া কাপত কফি খাই শ্বাহৰুখ খানে…

শ্বাহৰুখ খানৰ বিলাসী জীৱনৰ বিষয়ে প্ৰায়ে চৰ্চা হৈ থাকে। কিন্তু কিং খানে কফি খোৱা কফি কাপটোৰ দাম কিমান জানেনে? ২০১৭ চনত কিং খানৰ এটা ভিডিঅ’ প্ৰকাশ পাইছিল। কোনোৱে দামী বাহনৰ প্ৰতি আকৰ্ষিত, কোনোৱে ঘড়ীৰ বাবে আৰু কোনোবাই ফোনৰ বাবে। কিন্তু আপুনি জানেনে যে এই সকলোবোৰ কথাৰ বাহিৰেও চিনেমাট’গ্ৰাফীৰ ৰজা খানৰ দামী কফি কাপত কফি খোৱাৰ অভ্যাসও আছে। শ্বাহৰুখ খানে ২০১৭ চনত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এই ভিডিঅ’টোত তেওঁক কফি কাপ এটাত চুমুক দি থকা দেখা গৈছে।

এই ভিডিঅ’টোত কিং খানে ব্যৱহাৰ কৰা দেখা পোৱা কফি কাপটোত হিটাৰ আৰু এল ই ডি লাইটিং ফিচাৰ আছে। এই ভিডিঅ’টোত শ্বাহৰুখ খানে যি কফি কাপ ব্যৱহাৰ কৰা দেখা গৈছে সেয়া হৈছে Emer Travel Mug 2 Plus। এই কাপটোত আপুনি যিকোনো পানীয় নিৰ্দিষ্ট উষ্ণতাত ৰাখিব পাৰে। মাত্ৰ ইয়াৰ বাবে আপুনি এই কাপটো এবাৰ চাৰ্জ কৰিব লাগিব। কেৱল এইটো নহয়, এই কাপটোৰ সৈতে এটা চাৰ্জিং ক’ষ্টাৰো আহিছে।

যদি আপুনিও বিশেষ বৈশিষ্ট্য থকা এই কফি কা৩পটো কিনিব বিচাৰে তেন্তে এই কফি কাপটোৰ অনলাইন মূল্য ৩৫, ৮৬২ টকা।

নৰ্থ ইষ্ট মডেলিংত নাম উজলিল গোসাইগাঁৱৰ কৰ্ত্তীমাৰী গাঁৱৰ জিয়ৰী মধুমিতা ভদ্ৰৰ…

নৰ্থ ইষ্ট মডেলিংত নাম উজলিল গোসাইগাওঁৰ কৰ্ত্তীমাৰী গাওঁৰ জিয়ৰী মধুমিতা ভদ্ৰৰ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কৰ্ত্তীমাৰী গাঁৱৰ স্বৰ্গীয় প্ৰশান্ত ভদ্ৰ আৰু মিঠু ভদ্ৰৰ একমাত্ৰ কনমানী জীয়ৰী মধুমিতা ভদ্ৰ।কাশ্যপ ইন্টাৰটেণ্টমেণ্ট গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটীৰ হোটেল গ্ৰেণ্ড ভবেন্দ্ৰ আলয়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগীতাত প্ৰথম স্থান পাবলৈ সক্ষম হয়। মিচ এণ্ড মিচেছ ইণ্ডিয়ান নেশ্বনেল দিবা ২০২৩ দ্বিতীয় মঞ্চৰ “নৰ্থ ইষ্ট উইনাৰ” বিজয়ী মধুমীতাই নিজৰ মাকৰ লগতে প্ৰশিক্ষন দিয়া শিক্ষয়িত্ৰী সমৰীয়া বৰ্মনৰ অশেষ কৃপাত এই স্থান পাবলৈ সক্ষম হয় বুলি সদৰী কৰে।

সৌন্দৰ্য প্ৰতিযোগীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নৰ্থ ইষ্টৰ ভিন্ন ৰাজ্যৰ প্ৰতিযোগীয়ে অনুষ্ঠানত ভাগ লোৱা পৰিলক্ষিত হয়।কোকৰাঝাৰ জিলাৰ লগতে সমগ্ৰ গোসাইগাঁও মহকুমালৈ সুনাম কঢ়িয়াই অনা মধুমিতা ভদ্ৰলৈ ৰাইজ তথা বিভিন্নজনে প্ৰশংসা কৰে।সাপটগ্ৰাম কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত অধ্যায়ন কৰি থকা ছাত্ৰী মধুমিতা ভদ্ৰই ভৱিষ্যতোত ভাল মডেলিং হৈ অভিনেত্ৰী হোৱাৰ সপোন পুহি ৰাখিছে। তেওঁৰ ভাল দিনত দেউতাকক কাষৰত নাপাই দুখ প্ৰকাশ কৰাৰ লগতে বিজয়ী হোৱাত সুখী অনুভৱ কৰে। আগন্তুক দিনত মধুমিতাই আৰু আগুৱাই যাব বুলি তাৰ বাবে ৰাইজৰ সহায়,মৰম আৰু আশীৰ্বাদ বিচাৰিছে।