Home Blog Page 1431

অনাস্থা প্ৰস্তাৱৰ সময়ত প্ৰধানমন্ত্ৰী মোদীলৈ ৩ টা প্ৰশ্ন গৌৰৱ গগৈৰ…

অনাস্থা প্ৰস্তাৱত প্ৰধানমন্ত্ৰী মোদীলৈ ৩ টা প্ৰশ্ন কংগ্ৰেছৰ। লোকসভাত অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ সময়ত গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৩টা প্ৰশ্ন কৰে ১০ আগষ্টলৈকে। আলোচনাৰ শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ দিব। ইয়াৰ পূৰ্বে আজি দিনৰ ১২ বজাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ কৰে, তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে আমি ৰাহুল গান্ধীৰ কথা শুনিবলৈ আহিছো। অনাস্থা প্রস্তাৱ সন্দর্ভত আলোচনাৰ সময়ত গৌৰৱ গগৈয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীক পোনপটীয়াকৈ লক্ষ্য কৰি কয় যে অনাস্থা প্রস্তাৱটো অনাটো আমাৰ বাধ্যবাধকতা৷ আমি মণিপুৰত ন্যায়ৰ বাবে অনাস্থা প্ৰস্তাৱ আনিছোঁ। আমি কেৱল মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য বিচাৰো। তেওঁ কয়, ‘প্ৰধানমন্ত্ৰীয়ে মানি ল’ব লাগিব যে মণিপুৰত তেওঁৰ ডাবল ইঞ্জিন চৰকাৰ বিকল হৈছে। সেইবাবেই তাত ১৫০ জন লোকৰ মৃত্যু হৈছে, প্ৰায় ৫ হাজাৰ ঘৰ জ্বলি গৈছে, প্ৰায় ৬০ হাজাৰ লোক সাহায্য শিবিৰত আছে। আনহাতে ৬৫০০ এফআইআৰ পঞ্জীয়ন হৈছে। গৌৰৱ গগৈয়ে আৰু কয়, ‘মুখ্যমন্ত্ৰীয়ে আলোচনা, শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰিব লাগিছিল, কিন্তু যোৱা ২-৩ দিনত তেওঁ উত্তেজক পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত সমাজত উত্তেজনাৰ সৃষ্টি হৈছে।’

লোকসভাত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ সময়ত গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তিনিটা প্ৰশ্ন কৰে। তেওঁ প্ৰশ্ন কৰে- ‘আজিলৈকে প্ৰধানমন্ত্ৰী মোদী কিয় মণিপুৰলৈ যোৱা নাই? কিয় ৮০ দিনৰ পাছত এই বিষয়ত কথা পাতিলে? কিয় প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীক অপসাৰণ নকৰিলে?

আলোচনাৰ সময়ত গৌৰৱ গগৈয়ে কয়, ‘প্ৰধানমন্ত্ৰী তেওঁৰ ভাবমূৰ্তিৰ লগত আকৃষ্ট, সেইবাবেই তেওঁ নিমাত। ভাৰত চৰকাৰৰ গৃহ বিভাগ মণিপুৰত ব্যৰ্থ হৈছে, যাৰ বাবে প্ৰধানমন্ত্ৰী মৌন।

দেৰগাঁৱৰ ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি…

দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত কৰাইখোৱা চকলা পথাৰ গাঁৱত দেৰগাঁৱৰ অন্যতম এক অগ্ৰণী সাংস্কৃতিক গোষ্ঠী ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । এই কৰ্মশালাত প্ৰায় ৪০ জন ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে , এই কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰছাত্ৰীক ঢোল , খোল,বিহু নাচ , আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয় । সামৰণি অনুষ্ঠানত বিহু নৃত্য, খোল বাদন , সংগীত , আধুনিক নৃত্য পৰিৱেশন কৰে ছাত্ৰছাত্ৰী সকলে। সামৰণি অনুষ্ঠানত বিহুৰ সাধক মুনীন গগৈ,শিক্ষাবিদ ড°ৰমানন্দ দাসকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ বিশেষকৈ ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ মুখ্য প্ৰশিক্ষক প্ৰবীণ সাংস্কৃতিক কৰ্মী বিনোদ ৰাজখোৱাৰ নেতৃত্বত এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হয়। সহ প্ৰশিক্ষক হিচাপে আছিল অনুপম বৰা ,ৰাধিকা ৰাণী দাস ,প্ৰেৰণা শইকীয়া, পূবালী বৰুৱা আদি।

উল্লেখ্য যে ৰাংঢালী সাংস্কৃতিক গোষ্ঠীয়ে সুদীৰ্ঘ প্ৰায় ২৩ টা বছৰে দেৰগাওঁৰ ইমুৰৰ পৰা সিমুৰলৈ ছাত্ৰছাত্ৰী সকলক বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ পৰাই নামজ্বলা বহুতো শিল্পীৰ জন্ম হৈছে।

“এগৰাকী কন্যাৰ দেউতাকলৈ উপহাৰ”। দেউতাকলৈ নতুন ব্ৰেণ্ডৰ গাড়ী উপহাৰ ‘কাচ্ছা বাদাম’ খ্যাত অঞ্জলি অৰোৰাৰ…

‘কাচ্ছা বাদাম’ খ্যাত অঞ্জলি অৰোৰাই এখন নতুন ব্ৰেণ্ডৰ গাড়ী উপহাৰ দিলে দেউতাকক। দেউতাকলৈ লিখিলে বিশেষ বাৰ্তা। ছ’চিয়েল মিডিয়াত জনপ্ৰিয় অঞ্জিল অৰোৰা আজি এক পৰিচিত মুখ। ‘লক আপ’ৰ পৰা অঞ্জলিয়ে বহু নাম-খ্যাতি লাভ কৰিছিল। এইবাৰ দেউতাকলৈ বিশেষ উপহাৰ দিয়াৰ পিছত লাইমলাইটলৈ আহে অঞ্জলি অৰোৰা। ইয়াৰ পিছত অঞ্জলিয়ে এ এল টি বালাজীৰ ৰিয়েলিটি শ্ব’ ‘লক আপ’ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে। অঞ্জলিৰ ছ’চিয়েল মিডিয়াত বিপুল ফেন ফ’ল’ৱাৰ। অনুৰাগীয়ে তেওঁৰ প্ৰতিটো পোষ্ট আৰু ৰিল বহুত ভাল পায়।

অলপতে অঞ্জলিয়ে কৰ্মসূত্ৰে শ্ৰীলংকালৈ গৈছিল আৰু ৭ আগষ্টত ঘৰলৈ উভতি অহাৰ পিছত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক আচৰিত কৰি তুলিছিল। আচলতে অঞ্জলি দেউতাকৰ বহুত ঘনিষ্ঠ আৰু তাই দেউতাকক এখন নতুন জিলিকি থকা গাড়ী এখন উপহাৰ দিছে। অঞ্জতীয়েও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ ভিডিঅ’।

ভিডিঅ’টোত অঞ্জলিয়ে লিখিছে, “এগৰাকী কন্যাৰ দেউতাকলৈ উপহাৰ।” আনহাতে, পিতৃৰ প্ৰতি অঞ্জলিৰ এই মৰম দেখি অনুৰাগীয়ে তীব্ৰ প্ৰশংসা কৰিছে।

বগা মধুৰী আমতকৈ ৰঙা মধুৰী আম স্বাস্থ্যৰ বাবে অতি উপকাৰী…

বগা মধুৰী আমতকৈ ৰঙা মধুৰী আম স্বাস্থ্যৰ বাবে অতি উপকাৰী। বগা মধুৰী আমৰ সলনি ৰঙা মধুৰী আম খাব লাগে। আজি আমি আপোনালোকক ৰঙা মধুৰী আমৰ উপকাৰিতাৰ বিষয়ে জনাম। ফলৰ ভিতৰত ৰঙা মধুৰী আম অতি সোৱাদযুক্ত আৰু উপকাৰী ফল। কিন্তু, বেছিভাগ বজাৰতে কেৱল বগা মধুৰী পোৱা যায়। পেটৰ বাবে মধুৰীক অতি উত্তম বুলি গণ্য কৰা হয়। খাদ্য খোৱাৰ পিছতহে মধুৰী খাব লাগে। ইয়াৰ ফলত হজম প্ৰক্ৰিয়া সঠিক হৈ থাকে। গতিকে ৰঙা মধুৰী আম খোৱাৰ পাঁচটা উপকাৰৰ বিষয়ে জানো আহক…


১) ৰঙা মধুৰী আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট গুণ থাকে। ডায়েবেটিছ ৰোগীৰ বাবে ৰঙা মধুৰী আম অতি উপকাৰী। ৰঙা মধুৰী আমত চেনি বহুত কম থাকে, যাৰ বাবে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

২) ৰঙা মধুৰী আম খালে শৰীৰত আইৰণৰ অভাৱ দূৰ হয়। ৰঙা মধুৰী আমত প্ৰচুৰ পৰিমাণে পোৱা যায় আইৰণ। ৰঙা মধুৰী আম খালে প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। শৰীৰত টিউমাৰ গঠন প্ৰক্ৰিয়া বন্ধ কৰাত ৰঙা মধুৰী আম সহায়ক।

৩) ৰঙা মধুৰী আমতো পটাছিয়াম অধিক পৰিমাণে পোৱা যায়। সেইবাবেই বি পি ৰোগীৰ বাবে ই অতি উপকাৰী হ’ব পাৰে।

ইয়াৰ উপৰিও ৰঙা মধুৰী আম খালে ছালৰ লগত জড়িত সকলো ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়।

নিৰাপত্তাৰক্ষীৰ বেৰিকেড ভাঙি তমন্নাহ ভাটিয়াক সাক্ষাৎ অনুৰাগীৰ…

নিৰাপত্তাৰক্ষীৰ বেৰিকেড ভাঙি তমন্নাহ ভাটিয়াক সাক্ষাৎ অনুৰাগীৰ। তমন্না ভাটিয়াৰ শেহতীয়া এটা ভিডিঅ’য়ে লাভ কৰিছে চৰ্চা। এই ভিডিঅ’টোত তমন্না ভাটিয়াৰ নিৰাপত্তা বেৰিকেড ভাঙি এজন ব্যক্তি অভিনেত্ৰীগৰাকীৰ ওচৰলৈ আহে। ইয়াৰ পিছত তেওঁ এনেকুৱা এটা কাম কৰে যে মিনিটৰ ভিতৰতে এই ভিডিঅ’টো ভাইৰেল হৈ পৰে।

বলীউডৰ অভিনেত্ৰী তমন্নাহ ভাটিয়া পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ বাবে লাইমলাইটত থাকে। এফালে অভিনেত্ৰীগৰাকীৰ নৃত্য ‘কাৱালা’ শিৰোনামত থকাৰ বিপৰীতে আনফালে বিজয় ভাৰ্মাৰ সৈতে তেওঁৰ ডেটক লৈ অহৰহ চৰ্চা চলি আছে। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তমন্নাৰ এটা ভিডিঅ’। এই ভিডিঅ’টোত তামানাহৰ অনুৰাগীয়ে বেৰিকেড ভাঙি অভিনেত্ৰীগৰাকীৰ সৈতে ল’লে চেল্ফি।



ইয়াৰউপৰিও অনুৰাগীগৰাকীয়ে অভিনেত্ৰীগৰাকীৰ হাতত ধৰে। অনুৰাগীয়ে হাতখন ধৰাৰ লগে লগে তমন্নাৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক আঁতৰাই লৈ য়ায়। ইয়াৰ পিছত তমন্নাই নিৰাপত্তাৰক্ষীক কয় যে তাইক লগ কৰিবলৈ দিয়ক। ইয়াৰ লগে লগে তেওঁ অভিনেত্ৰীগৰাকীৰ সৈতে চেলফি লয়। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তমন্নাৰ এই ভিডিঅ’টো।

আৰম্ভ হ’ব অনাস্থা প্ৰস্তাৱৰ, আজি সংসদত ভাষণ দিব ৰাহুল গান্ধীয়ে…

আৰম্ভ হ’ব অনাস্থা প্ৰস্তাৱৰ, আজি সংসদত ভাষণ দিব ৰাহুল গান্ধীয়ে। আজি লোকসভাত অনাস্থা প্ৰস্তাৱৰ আলোচনা আৰম্ভ হ’ব আৰু দুপৰীয়া ১২ বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই আলোচনা আৰম্ভ কৰিব। দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’ব অনাস্থা প্ৰস্তাৱৰ আলোচনা আৰু সন্ধিয়া ৭ বজালৈ চলিব। ৰাহুল গান্ধীয়ে দুপৰীয়া ১২ বজাৰ পৰা এই আলোচনা আৰম্ভ কৰিব। সংসদলৈ ঘূৰি অহাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীয়ে বিতৰ্কত অংশগ্ৰহণ কৰিব।



আজিৰে পৰা লোকসভাত মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱক লৈ আলোচনা আৰম্ভ হৈছে। ৮ আগষ্টৰ পৰা ১০ আগষ্টলৈ লোকসভাত অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা হ’ব আৰু আলোচনাৰ শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ দিব। দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’ব অনাস্থা প্ৰস্তাৱৰ আলোচনা আৰু সন্ধিয়া ৭ বজালৈ চলিব। ইয়াৰ পিছত পুনৰ ৯ আগষ্টত দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৭ বজালৈকে আলোচনা চলিব। ১০ আগষ্টত পুনৰবাৰ দিনৰ ১২ বজাৰ পৰা আলোচনা আৰম্ভ হ’ব আৰু বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিব। লোকসভাত অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হস্তক্ষেপ কৰিব পাৰে। ৯ আগষ্টত অমিত শ্বাহে হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে, কিন্তু আজি ৰাহুল গান্ধীয়ে যদি বিতৰ্ক আৰম্ভ কৰে, তেন্তে আজি নিজেই অমিত শ্বাহে হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে।

ঘৰুৱা উপায়ৰ দ্বাৰা ৰোধ কৰক চকুৰ সংক্ৰমণ…

ঘৰুৱা উপায়ৰ দ্বাৰা ৰোধ কৰক চকুৰ সংক্ৰমণ। বহুলোকৰ চকুত খজুৱতি সৃষ্টি হয়, তেওঁলোকে কিছুমান চকুৰ বিশেষ যত্ন ল’ব লাগে, নহ’লে সমস্যা বাঢ়িব পাৰে। আজি আপোনালোকক জনাম চকুৰ সংক্ৰমণ ৰোধ কৰা কিছু ঘৰুৱা উপায়ৰ বিষয়ে…

চকুত খজুৱতি হ’লে বেছি চিন্তা নকৰিব। এনে সময়ত পৰিষ্কাৰ আৰু ঠাণ্ডা পানী ছটিয়াই দিব চকুত। এনে কৰিলে চকুৰ বিষৰ পৰা তৎক্ষণাত সকাহ পাব আৰু বাৰে বাৰে চকু খজুৱাব নালাগে।

যদি আপুনি ৰাসায়নিক মুক্ত গোলাপৰ পানী ব্যৱহাৰ কৰে তেন্তে ই চকুৰ বাবে ঔষধতকৈ কম নহয়। ইয়াৰ বাবে কপাহৰ বলৰ সহায়ত চকুত গোলাপ পানী লগাই কিছু সময়ৰ পিছত পৰিষ্কাৰ পানীৰে ধুব লাগে।

আমি সাধাৰণতে ছালৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে এলোভেৰা জেল ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ থকাৰ বাবে ই চকুৰ খজুৱতিও দূৰ কৰিব পাৰে। ইয়াৰ বাবে এলোভেৰা গছৰ পাত লৈ তাৰ পৰা জেল উলিয়াই লওক। এতিয়া কপাহৰ সহায়ত চকুৰ চাৰিওফালে লগাব। কিছু সময়ৰ পিছত চকু দুটা পৰিষ্কাৰ পানীৰে ধুব।


ওদালগুৰিৰ সোনাই বটাবাৰী গেৰেঞ্চিত গৰু চুৰি চক্ৰৰ ভয়ংকৰ কাণ্ড

ওদালগুৰিৰ সোনাই বটাবাৰীত গৰু চুৰি গেঙৰ ভয়ংকৰ কাণ্ড। দিন দুপৰতে পথাৰত এৰাল দিয়া গৰু চুৰি কৰি নি কৰিলে
হত্যা। আৰক্ষীক খবৰ নিদিবলৈ গৰুৰ গৰাকীক চোকা অস্ত্ৰ লৈ ভাবুকি প্ৰদান গৰু চুৰি গেঙৰ।

দীৰ্ঘ দিন ধৰি এটা অসাধু চক্ৰই কৃষকৰ গৰু চুৰি কৰি নি গো মাংসৰ অবৈধ ব্যৱসায় চলাই নিয়াৰ অভিযোগ স্থানীয় লোকৰ। গৰু চুৰি গেঙৰ সন্ত্ৰাস নিয়ন্ত্ৰণ বাবে চৰকাৰ আৰু প্ৰশাসনক কাতৰ অনুৰোধ স্থানীয় গোপালকসকলৰ।

উল্লেখ্য যে, শনিবাৰে ওদাললগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰক্ষী চকী অন্তৰ্গত সোনাই বটাবাৰী গাওঁৰ জনাৰ্দ্ধন ৰাজভৰ নামৰ এগৰাকী কৃষকৰ এজনী গাভিনী গাই পথাৰত এৰাল দিয়া ঠাইৰ পৰা চুৰ কৰি নিছিল কোনো অজ্ঞাত লোকে।

পিছত গাইজনীৰ সন্ধান বিচাৰি যাওঁতে বিশ্ব বাগ্লাৰী নামৰ লোক এজনৰ ঘৰৰ পিছফালে গাইজনীক মাৰি চাল এৰাই থকা অৱস্থাত গৃহস্থই প্ৰত্যক্ষ কৰাত গৰু চুৰিৰ গেংটোৱে গাইজনী তেওঁ কিনি অনা বুলি দাবী কৰাৰ লগতে ওলোটাই গৰাকীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰে।

গৰু চুৰি চক্ৰৰ ভয় ভাবুকিত উক্ত স্থানৰ পৰা আঁৰি আহি গৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত গৰু চুৰি গেংটোৱে গাইজনীৰ কটা মূৰটো লৈ তাৰ পৰা উধাও হয়। এই সন্দৰ্ভত গৰুৰ মালিক জনাৰ্দ্ধন ৰাজভৰে ভৈৰৱকুণ্ড আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে এজন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে যদিও এনে এক সংবেদনশীল বিষয়ত আৰক্ষী যেনেকৈ সষ্টম হব লাগিছিল সেয়া নোহোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।

ইপিনে, অঞ্চলটোত দীৰ্ঘদিন ধৰি গৰু চোৰৰ গেং এটাই সাধাৰণ কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰা আৰু আন এটা অসাধু চক্ৰই গো মাংসৰ অবৈধ ব্যৱসায়ৰ অভিযোগ তুলি এই সমগ্ৰ ঘটনা ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে।

অমৃত ভাৰত ষ্টেচন আঁ‌চনিৰে আধুনিকীকৰণ কৰা হ’ব ঐতিহ্যমণ্ডিত মৰিয়নি ৰে’লৱে ষ্টেচন

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত দেশৰ ৫০৮ টা ৰে’লৱে ষ্টেচনৰ পুনৰ নির্মাণ হ’ব৷ এই ৰে’ল ষ্টেচনৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে ১৩৯ বছৰীয়া মৰিয়নি ৰেল ষ্টেচন। মৰিয়নি ষ্টেচনক আটকধুনীয়াকৈ অত্যাধুনিক ৰূপ দিয়াৰ বাবে ৩৩,৮ কোটি টকা আবণ্টন দিছে ৰেল মন্ত্ৰালয়ে।

এই সন্দৰ্ভত দেওবাৰে মৰিয়নি ৰে’লৱে ষ্টেচনত অনুষ্ঠিত শিলান্যাস কাৰ্যসূচীত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক ৰুপজ্যোতি কুৰ্মী, তিতাবৰ মহকুমাৰ মহকুমাধিপতি ৰাহুল গুপ্তা, ৰাজহ চক্ৰ বিষয়া কুইন গগৈ, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালা, তিনিচুকীয়া ৰেল সংমণ্ডলৰ উপ বানিজ্য প্ৰবন্ধক এছ চন্দ্ৰ শেখৰ ৰাও, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া আদি গণ্য মান্য ব্যক্তি সকলে মঞ্চৰ আসন শুৱনি কৰে।

এই সভাখনত বিজেপি নেতা কামাখ্যা মোহন দাস, মৰিয়নি পৌৰসভাৰ উপ পৌৰপতি প্রদীপ দাস, জেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি ধীৰেন্দ্ৰ নাথ দত্তৰ লগতে ৰে’ল কৰ্মচাৰীসকল উপস্থিত থাকে।


প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰিমট কণ্ট্ৰোলেৰে দেশৰ ৫০৮ টা অমৃত ভাৰত ষ্টেচনৰ শিলান্যাস কৰাৰ লগে লগে মৰিয়নি ষ্টেচন অমৃত ভাৰত ষ্টেচনৰ শিলান্যাষৰ ফলক উন্মোচন কৰে বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে।

নিজৰ ভাষণ প্ৰসংগত বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে কয় শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত মৰিয়নি ৰে’ল ষ্টেচনক
আধুনিক ৰূপ দিয়াৰ লগতে মৰিয়নিৰ ইতিহাস আৰু বৰ্তমান প্ৰতিফলিত হ’ব লাগিব লগতে পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বন জনায়। আনহাতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই নিজৰ ভাষণত কয় বৰ্তমানৰ কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে দেশৰ সকলো প্ৰান্তকে ৰে’ল সেৱাৰ লগত সংযুক্ত কৰাৰ লগতে ৰে’ল সেৱাক বিশ্ব মানৰ কৰি তুলিবলৈ ব্যাপক আঁ‌চনি প্ৰস্তুত কৰিছে।

অমৃত ভাৰত ষ্টেচন আঁ‌চনিৰে দেশৰ প্ৰতিটো প্ৰান্তৰ ৰে’ল ষ্টেচনক আধুনিক ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। উল্লেখ্য যে অমৃত ভাৰত ষ্টেচন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বটাঁ‌ সমূহ প্ৰদান কৰা হয়। অনুষ্ঠানটো আঁত ধৰে ৰেল কৰ্মচাৰী ৰীমা মহন্তই।

লোকসভাত গৃহীত ডিজিটেল তথ্য সুৰক্ষা বিধেয়ক ২০২৩, বিধেয়কখনৰ বৈশিষ্ট্যসমূহ চাওক

লোকসভাই ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন বিল, ২০২৩ গৃহীত কৰিছে। এই আইনত ভাৰতত ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰাৰ লগতে ডিজিটেল ডাটা চম্ভালা আৰু প্ৰক্ৰিয়াকৰণ কৰা সত্তাসমূহৰ দায়িত্ব নিৰ্ধাৰণ কৰা হৈছে। ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন বিল, ২০২৩ত চৰকাৰী আৰু ব্যক্তিগত সত্তাসমূহে নাগৰিকৰ ব্যক্তিগত ডাটা কেনেকৈ সংগ্ৰহ আৰু ব্যৱহাৰ কৰিব পাৰে তাৰ পদ্ধতি নিৰ্ধাৰণ কৰিছে।

ইয়াত কোৱা হৈছে যে নাগৰিকৰ ব্যক্তিগত তথ্য তেওঁলোকৰ সন্মতি সাপেক্ষে কেৱল বৈধ উদ্দেশ্যৰ বাবেহে প্ৰক্ৰিয়াকৰণ কৰিব পাৰিব। ইয়াত ভাৰতীয় ডাটা প্ৰটেকচন ব’ৰ্ড গঠনৰ নিয়ম আছে আৰু বিধান উলংঘা কৰিলে বাবে ৫০ কোটিৰ পৰা ২৫০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ প্ৰস্তাৱ দিয়া হৈছে।

ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিল, ২০২৩ৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিগত তথ্য সুৰক্ষাৰ বাবে এক বিস্তৃত কাঠামো স্থাপন কৰা। এই কাঠামোৱে ভাৰতৰ ভিতৰত সংগ্ৰহ কৰা ব্যক্তিগত তথ্য, অনলাইন আৰু অফলাইন দুয়োটা তথ্যলৈকে ইয়াৰ অধিকাৰক্ষেত্ৰ সম্প্ৰসাৰিত কৰে যিবোৰ পৰৱৰ্তী সময়ত ডিজিটেলাইজ কৰা হৈছে।

তদুপৰি যদি ডাটা প্ৰচেছিং ভাৰতৰ বাহিৰত হয় কিন্তু দেশৰ ভিতৰত ব্যক্তিক সামগ্ৰী বা সেৱা আগবঢ়োৱাৰ কথা জড়িত হৈ থাকে তেন্তে বিধেয়কখনৰ নিয়ম প্ৰযোজ্য হ’ব।

কেন্দ্ৰীয় যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৩ আগষ্টত লোকসভাত বিধেয়কখন উপস্থাপন কৰিছিল। বিৰোধীয়ে বিধেয়কখন পৰৱৰ্তী পৰীক্ষাৰ বাবে স্থায়ী সমিতিলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা স্বত্বেও, বৈষ্ণৱে ইয়াৰ প্ৰকৃতিক “স্বাভাৱিক বিধেয়ক” হিচাপে প্ৰতিৰোধ কৰিছিল আৰু ইয়াক আলোচনাৰ বাবে স্থানান্তৰ কৰিছিল।