Home Blog Page 1431

ছালৰ বাবে নাৰিকল অতি উপকাৰী। প্ৰতিদিনে ৰাতিপুৱা খোৱাৰ আৰম্ভ কৰক নাৰিকল…

যদি আপুনি উজ্বল ছালৰ গৰাকী হ’ব বিচাৰে তেন্তে প্ৰতিদিনে দৈনিক নাৰিকল খোৱাৰ আৰম্ভ কৰক। নাৰিকলত বহুতো পুষ্টিকৰ উপাদান থাকে। নাৰিকল পানী স্বাস্থ্যৰ বাবেও উপকাৰী। কেঁচা নাৰিকল খালে শৰীৰত প্ৰচুৰ পৰিমাণে লো, চেলেনিয়াম, আইৰণ, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ আৰু জিংক পোৱা যায়। কেৱল এয়াই নহয়, কিছু পৰিমাণে ভিটামিন চি আৰু ফোলেট নাৰিকলতো পোৱা যায়। গতিকে কেঁচা নাৰিকল সেৱনৰ ফলত শৰীৰে পোৱা আন আন উপকাৰৰ বিষয়ে জানো আহক…

যদি আপুনি ওজন কমাবলৈ চিন্তিত আৰু ৰাতিপুৱা আৰু গধূলি জিম কৰি ওজন কমোৱাৰ কথা ভাবিছে, তেন্তে কেঁচা নাৰিকল খোৱাৰ আৰম্ভ কৰক। খাদ্যত কেঁচা নাৰিকল অন্তৰ্ভুক্ত কৰক। এইখিনি খালে কলেষ্টেৰল স্বাভাৱিক হৈ থাকে। ইয়াৰ লগতে চৰ্বিও কমি যায়।

বাৰিষাৰ সময়ত চুলিৰ অৱস্থা বেয়া হৈ পৰে। এই সময়ত কেঁচা নাৰিকলে ছালখন ৰক্ষা কৰিব পাৰে। কেঁচা নাৰিকল খালে চুলি কোমল হয়। নাৰিকল খালে লাহে লাহে মুখৰ বলিৰেখাও কমিবলৈ আৰম্ভ কৰে। কেঁচা নাৰিকলত এন্টি অক্সিডেন্ট আৰু এন্টি ফাংগাল গুণ থাকে।

যিসকল লোকৰ পেটৰ লগত জড়িত সমস্যা আছে, তেওঁলোকে কেঁচা নাৰিকল খাবলৈ আৰম্ভ কৰিব লাগে। আচলতে ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। কোষ্ঠকাঠিন্যৰ সমস্যা ইয়াৰ দ্বাৰা নাইকিয়া হয়।

গতিকে, যদি আপোনাৰ এনে কিছু সমস্যা আছে তেন্তে নাৰিকল খোৱাৰ আৰম্ভ কৰক।

জনতা ভৱনত বিভাগীয় কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ…

জনসংযোগ অসম
প্ৰেছ বিজ্ঞপ্তি

৪ আগষ্ট, ২০২৩

জনতা ভৱনত বিভাগীয় কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দি পৰিকল্পিতভাৱে মথাউৰি-শ্লুইছগেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশ

দিছপুৰ, ৪ আগষ্টঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ এখন বিশেষ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে | বৈঠকখনত বিগত সময়ৰ বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰাৰ লগতে চলিত বৰ্ষত কৰিব লগা বিভিন্ন কামৰ বিষয়ে আলোচনা কৰা হয় |

মথাউৰি নিৰ্মাণ আৰু আন সুৰক্ষা ব্যৱস্থাৰ কামসমূহ কেনেধৰণৰ আঁচনিৰ অধীনত কৰা হ’ব সেই বিষয়ে আজি আলোচনা কৰাৰ লগতে প্ৰকল্পসমূহৰ আনুমানিক ব্যয়ৰ প্ৰাককলন প্ৰস্তুত বিষয়তো আলোচনা কৰা হয় | মন্ত্ৰীগৰাকীয়ে উপস্থিত থকা মুখ্য অভিযন্তা আৰু আন বিভাগীয় অভিযন্তাসকলক উদ্দেশ্যি কয় যে প্ৰাককলন প্ৰস্তুতৰ ক্ষেত্ৰত যাতে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ হয় আৰু অনাহকতে অধিক টকাৰ প্ৰাককলন প্ৰস্তুত কৰা নহয় তাৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰক | আজিৰ বৈঠকতে এই বৰ্ষত মথাউৰিসমূহ বহল কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি আলোচনা কৰি মাথো শেহতীয়াকৈ ওপৰেৰে নদীৰ পানী বৈ যোৱা মথাউৰিৰ অংশসমূহ ওখ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় |

বিভাগীয় অভিযন্তাসকলক সম্বোধন কৰি মন্ত্ৰী হাজৰীকাই কয় যে পৰিকল্পিত মথাউৰি আৰু শ্লুইছগেটে অঞ্চল সমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিগত সময়ত লাহৰীঘাটত নিৰ্মাণ কৰা মথাউৰি আৰু শ্লুইছ্ গেটে একোটা বৃহত্তৰ অঞ্চলক বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ ফলত মৰিগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলৰ লোকৰ বাবে এতিয়া কৃষি-কৰ্ম সহজ হৈ পৰা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে |

লগতে বিগত সময়চোৱাত মাজুলীত নিৰ্মিত প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিয়ে এক বৃহৎ অঞ্চলত কৃষি-কৰ্ম সূচল কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে । এনেদৰে মথাউৰি আৰু শ্লুইছগেটসমূহ পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰি তোলাৰ ফলত অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই এই বৰ্ষও ইয়াৰ প্ৰতি লক্ষ ৰাখি পৰিকল্পিতভাৱে মথাউৰি আৰু শ্লুইছ গেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে । আনহাতে বিভাগীয় কামৰ মানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ অভিযন্তাসকলক নিৰ্দেশনা প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কামত গাফিলতি কৰা ঠিকাদাৰসকলৰ ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে কঠোৰ হ’বলৈও আহ্বান জনায় |

মনিপুৰ কাণ্ডৰ নতুন মোৰ। কুকি সকল বাৰ্মাৰ প্ৰব্ৰজিত শৰনাৰ্থী !

মনিপুৰৰ কুকি সম্প্ৰদায়ৰ লোক সকল প্ৰকৃত ভাৰতীয় নাগৰিক হয় নে নহয় বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰাত সমগ্ৰ বিষয়টোৱে নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে। তথ্যমতে ১৯৬৮ চনৰ ৬ জুনত তদনান্তীন জিলা উপায়ুক্তই চৰকাৰক কুকি সকল বাৰ্মাৰ পৰা প্ৰব্ৰজিত শৰনাৰ্থী বুলি উল্লেখ কৰি এক পত্ৰ যোগ ( নং বি-আৰ/৬৭/ ডিচি/৩১৪-৬ তাং ৬ জুন ১৯৬৮) অবগত কৰিছিল। কিন্তু বিগত ৫৫ টা বছৰ শৰণাৰ্থী সকলৰ সমস্যা সমাধানত কেন্দ্ৰ তথা মনিপুৰৰ কোনো এখন চৰকাৰেই সমস্যাটোৰ সমাধানত ন্যুনতম গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল। বছৰ বছৰ ধৰি শৰণাৰ্থীৰ সমস্যা জীয়াই ৰখাৰ পৰিণতিত প্ৰকৃত ভাৰতীয় মেইটেই সকল অস্তিত্বৰ সংকটত ভোগাৰ অভিযোগ উত্থাপিত হৈছে।

মনিপুৰৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ মেইটেই সকলে জাতিটোৰ লগতে সাহিত্য, সাংস্কৃতিককে ধৰি সকলো দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। শেহতীয়াকৈ ৰাজ্যখনক অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজলৈ ঠেলি দিয়াত ৰাজনৈতিক দল সমূহৰ লগতে চৰকাৰ সমূহ দায়ী বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে অসমতো শৰণাৰ্থীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে যদিও একাংশ ৰাজনৈতিক দলে শৰণাৰ্থী সকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰাৰ অভিযোগ দীৰ্ঘদিনৰ। উল্লেখ্য যে শেহতীয়াকৈ কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক গনধৰ্ষন কৰি নগ্ন কৰি ৰাজপথত সমদল কৰাৰ ঘটনাই দেশে বিদেশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আনকি বৰ্তমান সংসদৰ অধিবেশন চলি থকা সময়ত বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ দাবী কৰি সদন অচল কৰি ৰাখিছে।

আনকি শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে বিৰোধী দলসমূহে। শৰণাৰ্থীৰ সমস্যা জীয়াই ৰখা একাংশ ৰাজনৈতিক দলে ভোটবেংকৰ ৰাজনীতি পৰিহাৰ নকৰিলে মনিপুৰৰ দৰে ঘটনাৰ পুনৰাবৃত্তি চলি থাকিব বুলি ৰাজনৈতিক মহলে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

শিক্ষক নিযুক্তিত বৃহৎত সিদ্ধান্ত। টেটৰ পৰিবৰ্তে অনুষ্ঠিত হ’ব নিয়োগ পৰীক্ষা…

পদ অনুযায়ী কৰা হব উৰ্ত্তীণ। হাইস্কুল-স্নাতকোত্তৰ টেট বাতিল। চৰকাৰী প্ৰাদেশিকীকৰণৰ বিদ্যালয়ৰ বাবে হব প্ৰযোজ্য। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি টেট পৰীক্ষাৰ সলনি নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰিব। ৰাজ্যিক কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

চৰকাৰে গ্ৰহণ কৰা নীতি মৰ্মে এতিয়াৰে পৰা হাইস্কুল আৰু স্নাতকোত্তৰ টেট পৰীক্ষা অনুষ্ঠিত নকৰে শিক্ষা বিভাগে। ইয়াৰ বিপৰীতে পদ অনুযায়ী নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰি সম পদৰ প্ৰাৰ্থীক উৰ্ত্তীণ কৰাব। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰটো ভৱিষ্যতে টেট পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। পূৰ্বে দুটা পদ্ধতিত শিক্ষক নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈছিল বুলি মন্ত্ৰী পেগুৱে উল্লেখ কৰি এতিয়াৰে পৰা পূৰ্বৰ দৰে টেট পৰীক্ষাৰ সলনি পোনপটীয়াকৈ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰা হব বুলি জানিবলৈ দিয়ে।

লেপটপ, টেবলেট আৰু কম্পিউটাৰৰ আমদানিত প্ৰতিবন্ধকতা লগালে কেন্দ্ৰই, কিন্তু কিয়?


ভাৰত চৰকাৰে এইচএছএন ৮৭৪১ শ্ৰেণীৰ অন্তৰ্গত লেপটপ, টেবলেট আৰু ব্যক্তিগত কম্পিউটাৰ আমদানিৰ ক্ষেত্ৰত তাৎক্ষণিক নিষেধাজ্ঞা আৰোপ কৰিছে। এই সন্দৰ্ভত জাৰি কৰা চৰকাৰী অধিসূচনা অনুসৰি সীমাবদ্ধভাবে এনে সামগ্ৰীৰ আমদানি কেৱল বৈধ অনুজ্ঞাপত্ৰৰ বিপৰীতেহে অনুমোদিত হ’ব। অৱশ্যে, বেগেজ নিয়মৰ অধীনত আমদানিৰ ক্ষেত্ৰত এই নিয়ন্ত্ৰণ প্ৰযোজ্য নহ’ব।ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে জাৰি কৰা জাননীত এনে সীমাবদ্ধ নিষেধাজ্ঞাৰ কথা কোৱা হৈছে।কেন্দ্ৰই লেপটপ, টেবলেট আৰু কিছুমান প্ৰকাৰৰ কম্পিউটাৰ আমদানি সীমিত কৰাৰ এটা কাৰণ হিচাপে ঘৰুৱা উৎপাদনৰ প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হৈছে। চৰকাৰে লেপটপ, টেবলেট আৰু কম্পিউটাৰআমদানি কিয় সীমিত কৰিছে?কেন্দ্ৰই লেপটপ, টেবলেট আৰু কিছুমান প্ৰকাৰৰ কম্পিউটাৰ আমদানি সীমিত কৰাৰ এটা কাৰণ হিচাপে ঘৰুৱা উৎপাদনৰ প্ৰসাৰৰ প্ৰয়োজনীয়তা উল্লেখ কৰা হৈছে। এজন চৰকাৰী বিষয়াই কৈছে যে সুৰক্ষাৰ কাৰণে এনে সামগ্ৰীৰ আমদানিও সীমিত কৰা হৈছে। কিয়নো আমদানি কৰা সঁজুলিবোৰে “সংবেদনশীল আৰু ব্যক্তিগত তথ্যৰ সৈতে আপোচ কৰিব পাৰে”।

বিষয়াজনে কৈছে যে সুৰক্ষা হৈছে কেন্দ্ৰৰ “সৰ্বাধিক অগ্ৰাধিকাৰ”ৰ বিষয়। উল্লেখ্য ভাৰত চৰকাৰে আত্মনিৰ্ভৰশীলতাত অধিক গুৰুত্ব দিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰ খনত ভাৰত এতিয়া ভালেখিনি আত্মনিৰ্ভৰ হ’বলৈ সমৰ্থ হৈছে। বহু প্ৰতিৰক্ষা সামগ্ৰী ভাৰতে নিদৰ দেশতে সাজিবলৈ সক্ষম হৈছে। ভাৰতলৈ চীন, আমেৰিকা, জাপান আদিৰ পৰা কম্পিউটাৰ, লেপটপ, টেবলট আদি আমদানি কৰা হয়। ভাৰতে এনে সামগ্ৰীৰ ক্ষেত্ৰত বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছে।

পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৮৭ গৰাকীৰ। অসমত মৃত্যুক সাবটিলে ২৮ গৰাকীয়ে…

দন্তৰ নামত আদালতৰ অনুমতি সাপেক্ষে আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা অভিযুক্তই মৃত্যুক সাবটি লোৱা কাৰ্যই আৰক্ষীৰ অত্যাচাৰী চৰিত্ৰ উদঙাই দিয়া বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।বিভিন্ন অপৰাধত অভিযুক্তক তদন্তৰ খাটিৰত আৰক্ষীয়ে নিজৰ জিম্মাত লয় আদালতৰ অনুমতি সাপেক্ষে। লোকসভাত কেন্দ্ৰীয় চৰকাৰে দাঙি ধৰা তথ্যমতে ২০১৮ চনৰ পৰা ২০২৩ চনলৈ দেশৰ বিভিন্ন ৰাজ্যত আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লোৱা ব্যক্তিৰ সংখ্যা ৬৮৭ গৰাকী। কেন্দ্ৰীয় চৰকাৰৰ তথ্যমতে ২০১৮-১৯ বৰ্ষত আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লোৱা ব্যক্তিৰ সংখ্যা আছিল ১৩৬ গৰাকী। একেদৰে ২০১৯-২০ বৰ্ষত ১১২ গৰাকী, ২০২০-২১ বৰ্ষত ১০০ গৰাকী, ২০২১-২২ বৰ্ষত ১৭৫ গৰাকী আৰু ২০২২-২৩ বৰ্ষত ১৬৪ গৰাকী সৰ্বমুঠ ৬৭৮ গৰাকীয়ে আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লয়। উল্লেখ্য যে এই সময়চোৱাত অসমত আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লৈছিল ২৮ গৰাকী ব্যক্তিয়ে।

তথ্যমতে ২০১৮-১৯ বৰ্ষত ৫ গৰাকী ব্যক্তিয়ে আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লোৱাৰ লগতে ২০১৯-২০ বৰ্ষত ২ গৰাকী, ২০২০-২১ বৰ্ষত ১ গৰাকী, ২০২১-২২ বৰ্ষত ৯ গৰাকী আৰু ২০২২-২৩ বৰ্ষত ১১ গৰাকী মুঠ ২৮ গৰাকী ব্যক্তিয়ে মৃত্যুক সাবটি লয়। উল্লেখ্য যে বিভিন্ন সময়ত অপৰাধত অভিযুক্তক তদন্তৰ প্ৰয়োজনত আৰক্ষীয়ে জিম্মাত লোৱাটো এক নিয়ম। কিন্তু একাংশ আৰক্ষীৰ অমানুষিক অত্যাচাৰ বাবে সন্দেহযুক্ত অভিযুক্তই আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লোৱাৰ বিষয়ে দীৰ্ঘদিনৰ পৰাই অভিযোগ উত্থাপিত হৈ আহিছে যদিও সংলিষ্ট ৰাজ্য চৰকাৰ সমূহে বিষয়টোৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। তাৎপৰ্যপূৰ্ণ যে বিগত পাঁচটা বছৰত চণ্ডীগড়, দাদৰ নগৰ হাৱেলী, দমন ডিউ, লাডাখ, লাক্ষাদ্বীপ আৰু পুণ্ডুচেৰীত আৰক্ষীৰ জিম্মাত এগৰাকীও অভিযুক্তৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা নাই।

ভাৰত তথা অসমৰ মুছলমান মোগল নহয়। ইতিহাস বিকৃতিকৰণেৰে গোষ্ঠীগত সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্য বিজেপি-আৰ এছ এছৰ…

বিজেপি আৰু আৰু আৰ এছ এছেছে ইতিহাস বিকৃত কৰি অসম তথা ভাৰতত গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাই আহিছে। এই গুৰুত্বপূৰ্ণ মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ। এক সংবাদমেলত এই বিস্ফোৰক মন্তব্য কৰি ৰহমানে কয় যে মংগোলীয় বীৰ চেংগীজ খাঁৰ বংশধৰ আছিল বাবৰ। বাবাৰ সৈতে এমুঠিমান ইছলাম ধৰ্মালম্বীৰ লোক ভাৰতলৈ আহি বিভিন্ন জনগোষ্ঠীৰ যুবতীক বিয়া পাতি বংশ বৃদ্ধি কৰিছিল। ভাৰতৰ সম্ৰাটজনক বুৰঞ্জীত মোঘল অথবা মোংগল বুলি কোৱা হৈছে। মতিউৰ ৰহমানে আজিৰ তাৰিখত ভাৰতত এক শতাংশ মঙ্গোলীয় মূলৰ অবশিষ্ট নাই বুলি উল্লেখ কৰি অসমত খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ বিজেপি আৰু আৰ এছ এছ দলে এই কাৰ্য কৰি থকাৰ অভিযোগ উত্থাপন কৰে।

তেওঁ গৰীয়া-মৰিয়া-দেশী সকল বিভিন্ন জনজাতীয় আৰু হিন্দু অসমীয়া সমাজ সৈতে একাত্ম হৈ থকা বুলি উল্লেখ কৰি এই সকলক পৃথক কৰিলে অসমীয়া সমাজ বাচি থাকিবনে বুলি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। অসমৰ হাজাৰ বছৰীয়া ইতিহাসত সাম্প্ৰদায়িকতাৰ তিলমানো স্হান নাই যদিও একাংশই সাম্প্ৰদায়িকতাক আদৰি ৰাজ্যখন ধ্বংস কৰিবলৈ আগবঢ়া বুলি মত প্ৰকাশ কৰে। সংবাদমেলত ৰহমানে সকলো খিলঞ্জীয়াক এনে নিকৃষ্ট সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে একগোট হৈ থিয় দিবলৈকো আহ্বান জনায়। আজিৰ সংবাদমেলত টাই সাহিত্য সভাৰ সভাপতি ডাঃ হেমন্ত গগৈও উপস্থিত থাকে।

লোকসভাত অমিত শ্বাহৰ উদাত্ত ভাষণ। ‘বিৰোধীৰ মিত্ৰতা ‘অৰ্থহীন’, পুনৰ প্ৰধানমন্ত্ৰী হ’ব মোদীয়েই…

বিৰোধী মিত্ৰজোঁটক আজি লোকসভাৰ মজিয়াত উভতি ধৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে বিৰোধী মিত্ৰজোঁট আই এন ডি আই এক তীব্ৰ আক্ৰমণ চলাই কয় যে তেওঁলোকৰ মিত্ৰতাই কোনো উদ্দেশ্য পূৰণ নকৰে, কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ নিৰ্ণায়ক সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ উভতি আহিবলৈ সাজু হৈছে। দিল্লী চৰকাৰৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) বিধেয়ক, ২০২৩ক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিতৰ্কৰ মাজতে শ্বাহে এনেদৰে কয়।এই বিধেয়কৰ উদ্দেশ্য হৈছে দিল্লীৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্ৰদান কৰা। বিধেয়কখনৰ সমৰ্থনত বক্তব্য প্ৰদান কৰি শ্বাহে বিৰোধীপক্ষক তীব্ৰ সমালোচনা কৰে।

শ্বাহে কয় ” এয়া উপযুক্ত সময় যে আমি কেৱল মিত্ৰতাৰ বাবে ৰাজনীতিত জড়িত হোৱাৰ পৰিৱৰ্তে দিল্লীৰ কল্যাণৰ বি?ত গুৰুত্ব দিব লাগে। আইন আৰু বিধেয়কসমূহ দেশৰ লাভালাভৰ বাবে উত্থাপন কৰা হয়, ক্ষমতাৰ খেলৰ বাবে নহয়,” । শ্বাহে বিৰোধী সাংসদসকলক গুৰুত্বপূৰ্ণ বিষয়বোৰকলৈ ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক আহ্বান জনাই কয় -তেওঁলোকে “সঠিক পথত কাম” কৰক। শ্বাহে জোৰ দি কয় যে ৰাইজে বিৰোধীৰ কাৰ্যকলাপ নিবিড়ভাৱে লক্ষ্য কৰি আছে আৰু আগন্তুক নিৰ্বাচনত তেওঁলোকক জবাবদিহি কৰিব।

দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) বিধেয়ক, ২০২৩ সন্দৰ্ভত শ্বাহে স্পষ্ট কৰি দিয়ে যে ইয়াৰ উদ্দেশ্য অধিকাৰ উলংঘন কৰা নহয়, বৰঞ্চ দুৰ্নীতিৰ মোকাবিলা কৰা। বিধেয়কখনে কেন্দ্ৰীয় চৰকাৰক দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ চৰকাৰৰ সৈতে সম্পৰ্কিত নিয়ম-কানুন প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰিব , যাৰ ভিতৰত আছে বিষয়া আৰু কৰ্মচাৰীসকলৰ সেৱাৰ কাৰ্য আৰু চৰ্তাৱলী।” শ্বাহে কয় যে কেৱল ৰাজনৈতিক মিত্ৰতা গঠন কৰি জনসাধাৰণৰ বিশ্বাস জিকিব নোৱাৰি; এয়া দেশৰ সমৃদ্ধিৰ প্ৰতি প্ৰকৃত সমৰ্পণৰ জৰিয়তে অৰ্জন কৰা সম্ভৱ। তেওঁ বিৰোধীৰ মিত্ৰতাৰ পিছতো মোদীয়েই পুনৰ প্ৰধানমন্ত্ৰী হ’ব বুলি দৃঢ়তাৰে কয়।

দেশবাসীক সাজু থকাৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। ভাৰত পাকিস্তান যুদ্ধৰ দামামা !

আহি আছে জম্মু কাশ্মীৰ সংশোধনী বিল। এল অ’ চি পাৰ হোৱাৰ হুংকাৰ মন্ত্ৰ ৰাজনাথ সিঙৰ। ভাৰতৰ স্হিতিত পাকিস্তানত হাহাকাৰ। ভাৰত পাকিস্তানৰ মাজত পুনৰ যুদ্ধ হব নেকি। পাক অধিকৃত কাশ্মীৰৰ পৰা মাত্ৰ ৯ কিলোমিটাৰ দূৰত্বত তিনিওটা সেনা বাহিনীৰ মুৰব্বীৰ সম্মুখত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ হুংকাৰ আমি এল অ’ চি পাৰ হব পাৰো।

যিকোনো মূহুৰ্তত ভাৰতীয় সেনাই এল অ’ চি অতিক্ৰম কৰি পাকিস্তানে অবৈধ ভাবে দখল কৰি থকা কাশ্মীৰ ভাৰতৰ অংগ কৰাৰ প্ৰতিশ্ৰুতিয়ে কম্পমান কৰি তুলিছে পাকিস্তানক। মন্ত্ৰী সিঙৰ হুংকাৰৰ পিছতেই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ঘোষনা কৰি কয় যে ভাৰতে পাকিস্তানৰ সৈতে এতিয়াৰে পৰা মাত্ৰ পাক অধিকৃত কাশ্মীৰ সম্পৰ্কেহে আলোচনা কৰিব। তাৎপৰ্যপূৰ্ণ বিষয় যে কেন্দ্ৰই এইবাৰ সদনত আনিব জম্মু কাশ্মীৰ সংশোধনী বিল।

কেন্দ্ৰই ইতিমধ্যে ঘোষনা কৰি কৈছে যে পাক অধিকৃত কাশ্মীৰৰ জনতাক কাশ্মীৰৰ নাগৰিকৰ মৰ্যদা দিব। আনহাতে পাক অধিকৃত কাশ্মীৰৰ সংখ্যাগৰিষ্ঠ নাগৰিকে পাকিস্তানৰ সৈতে চামিল নহবলৈ প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি ৰাখিছে পি অ’কে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশবাসীক প্ৰত্যক্ষ ভাবে যুদ্ধৰ বাবে সাজু থাকিবলৈ জনোৱা আহ্বানে ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ সম্ভবনা প্ৰকট কৰি তোলা পৰিলক্ষিত হৈছে।

পাবজীৰ পৰা প্ৰেম, প্ৰেমৰ পৰা ৰাজনীতিলৈঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাকিস্তানৰ পৰা অহা সমা হায়দৰে!

পাবজীৰ জড়িয়তে ভাৰতৰ শচীন নামৰ লোকজনৰ প্ৰেমত পৰি চাৰি সন্তানৰ সৈতে পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হায়দৰে হয়তো ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব! আপাততঃ তেনে এখন ছবিয়েই পৰিস্ফূট হৈছে। উল্লেখ্য কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আৰপিআই) শাসকীয় ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) সহযোগী এটা দল। শেহতীয়াকৈ জানিব পৰা মতে আৰপিআই দলেই সীমা হায়দৰৰ কাষ চাপিছে আৰু তেওঁক ৰাজনীতিত যোগদান কৰি আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুপ্ৰেৰণা দিছে। আৰপিআইৰ ৰাষ্ট্ৰীয় উপ-সভাপতি মাছুম কিশোৰে এই কথা নিশ্চিত কৰিছে। “সীমা হায়দৰ এগৰাকী পাকিস্তানী নাগৰিক আৰু তেওঁ ভাৰতলৈ আহিছে। যদি সীমাই নিৰাপত্তা সংস্থাৰ পৰা ক্লিন চিট লাভ কৰে আৰু ভাৰতীয় নাগৰিকত্ব লাভ কৰে, তেন্তে সীমাক আমাৰ দললৈ স্বাগতম জনোৱা হ’ব। ভাৰতীয় নাগৰিকত্ব থকা জনে যিকোনো ঠাইতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে,” মাছুম কিশোৰে কয়।
ইপিনে আৰপিআইৰ এই প্ৰস্তাৱ সীমা হায়দৰে গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে তেওঁ আৰপিআইৰ মহিলা শাখাৰ সভানেত্ৰী আৰু দলটোৰ সম্ভাৱ্য মুখপাত্ৰ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে বুলি আৰপিআই দলৰ বিশেষ সূত্ৰ এটাই প্ৰকাশ কৰিছে।


ইয়াৰ মাজতে গুজৰাটৰ এজন ব্যৱসায়ীয়ে সীমা হায়দৰ আৰু তেওঁৰ প্ৰেমিক শচীন মীনাক চাকৰিৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু তেওঁলোকক তেওঁলোকৰ বিত্তীয় পৰিস্থিতি উন্নত কৰাৰ এক লাভজনক সুযোগ প্ৰদান কৰিব বুলি কথা দিছে।সীমা আৰু শচীনে সন্মুখীন হোৱা আৰ্থিক অসুবিধাৰ মাজতে চলচ্চিত্ৰ প্ৰযোজক অমিত জানিয়েও এখন চলচ্চিত্ৰত সীমাক অভিনয় কৰাৰ প্ৰস্তাৱ দিছে।জানিব পৰা মতে সীমা হায়দৰে উদয়পুৰৰ দৰ্জী কানহাইয়া লালৰ হত্যাকলৈ নিৰ্মাণ হ’বলগীয়া ছবি’এ টেইলাৰ মাৰ্ডাৰ ষ্ট’ৰী’ত এজন ৰ’ৰ বিষয়াৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে। ছবিখন নিৰ্মাণ কৰি থকা সংস্থা জানি ফায়াৰফক্স প্ৰডাকচন হাউচৰ এটা দলে মঙলবাৰে গ্ৰেটাৰ নয়ডাত সীমাক লগ কৰিছে।ইপিনে ভাৰতীয় নাগৰিকত্বৰ বাবে সীমা হায়দৰে আবেদন জনাইছে।ভাৰতত আশ্ৰয় বিচাৰি সীমা হায়দৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো আবেদন দাখিল কৰিছে।ইয়াৰ মাজতে ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে সীমা দৰাচলতে পাকিস্তানৰ গুপ্তচৰ নেকি সেয়া জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে।