Home Blog Page 1432

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীৰ সেউজনগৰত বন বিভাগৰ উচ্ছেদ অভিযান; ৭ টা ঘৰ উচ্ছেদ; বেদখলকাৰীৰ পলায়ন

ঘৰ-দুৱাৰ ভাঙি বেদখলকাৰীক উচ্ছেদ কৰাৰ পাছতো চেগ বুজি গুৱাহাটীৰ পাহাৰ, সংৰক্ষিত বনাঞ্চলত একাংশ বেদখলকাৰীয়ে কৌশলেৰে অব্যাহত ৰাখিছে বেদখল কার্য।

আনকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল সমূহ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ বন বিভাগক নিৰ্দেশ দি আহিছে। আনকি মুখ্যমন্ত্ৰীয়ে বনাঞ্চলত নতুনকৈ যাতে বেদখলৰ ঘটনা সংঘটিত নহয় তাৰ ওপৰতো চকু ৰাখিবলৈ বন বিভাগক নিৰ্দেশ দিছে ।

ইফালে পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই খণ্ড বন বিষয়া সকলক নিজ নিজ এলেকাত নতুনকৈ হোৱা বেদখল সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দি আহিছে। ডি এফ অৰ নিৰ্দেশনাৰ পাছতেই গুৱাহাটীৰ বশিষ্ঠ খণ্ড বন কাৰ্যালয়ে পূৰ্বৰ দৰে বৃহস্পতিবাৰে কিছুদিনৰ বিৰতিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বেহাৰবাৰীত (সেউজ নগৰ) অঞ্চলত এক উচ্ছেদ অভিযান চলায়।

বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি বশিষ্ঠৰ খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত খণ্ড বন কাৰ্যালয়ৰ এটা বনকর্মীৰ দলে দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকর্মী আৰু অসম বন সুৰক্ষা বাহিনীৰ সশস্ৰ জোৱানৰ সহযোগত চলোৱা অভিযানত নতুনকৈ নিৰ্মাণ কৰা ৭ টা টিনৰ চালিৰ কেঁচা ঘৰ উচ্ছেদ কৰা হয় ।

অৱশ্যে বন বিভাগৰ অভিযানকাৰী দলটো তাত উপস্থিত হোৱাৰ পাছতেই বেদখলকাৰী সকল কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় । ফলত এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে কোনো বেদখলকাৰীক আটক কৰিব নোৱাৰিলে ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত বৰ্ষত কেবাবাৰো খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত বনকর্মীৰ দলে ভালেকেইটা নতুনকৈ নিৰ্মাণ কৰা টিনৰ চালিঘৰ উচ্ছেদ কৰিছিল । আনহাতে উচ্ছেদ অভিযানৰ নেতৃত্ব দিয়া খণ্ড বন বিষয়া পুলিন মহন্তই জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে প্ৰায় ৩ হেক্টৰ মাটি বেদখলমুক্ত কৰা হয়। শীঘ্ৰে তাত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হব।

লেংডন বার্তালোচনীৰ উন্মোচন

অসমৰ সংবাদ জগতত নতুনকৈ সংযোজন হ’ল লেংডন বার্তালোচনী। যোৱা ২ আগষ্টত গুৱাহাটীৰ কাহিলিপাৰাত লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাজীৱ পানীফুকনে সম্পাদনা কৰা লেংডন নামৰ বাৰ্তালোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰা হয়।

লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইয়ে জনাই যে লেংডনৰ প্রস্তাৱনা সংখ্যাটোত বিগত সময়ছোৱাত যিখিনি কার্য সমাপন কৰিছে সেইখিনি সন্নিৱিষ্ট কৰা হৈছে অর্থাৎ এখন দলিল ৰূপত প্ৰকাশ কৰা হৈছে।

পৰৱৰ্তী সংখ্যটোৰ পৰা ‘লেংডন’ এখন পূৰ্ণাংগ বাতৰি কাকত প্ৰকাশ হ’ব। মাত্র ৰাজনৈতিক কার্যকলাপৰ বাতৰি বাদ দি অন্যান্য সকলো শিতানেই সন্নিৱিষ্ট কৰা হ’ব। লেংডন ফাউণ্ডেশ্যন তথা লেংডন বাতৰি কাকতে অসমৰ সকলো জাতি জনগোষ্ঠীক সামৰি কাম কৰিব তথা ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাকৈ কাম কৰিব।

উন্মোচনী সভাত ডঃ মনোৰঞ্জন বৰগোহাঁই, ড° প্রশান্ত মাধৱ গোস্বামী, হৰেণ বৰগোহাঁই, বিষ্ণু ডেকা, সুভাষ শর্মা, মতি নাথ, ইন্দ্ৰেশ্বৰ বৰগোহাঁই, ৰেখা বৰগোহাঁই, বিতুমনি গোস্বামী, প্ৰেমলতা ফুকন, জিতুৰাজ শ‍ইকীয়া, কবী বৰগোহাঁই উপস্থিত থাকি লেংডন বার্তালোচনী খনৰ দীর্ঘায়ু কামনা কৰে।

উদ্যোগ বিভাগৰ দিনজোৰা পৰ্যালোচনা সভা

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ এখন দিনজোৰা পৰ্যালোচনা সভা বৃহস্পতিবাৰে গুৱাহাটী খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

এই সভাখন অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই উদ্বোধনী ভাষন প্ৰদান কৰি কয় যে, ‘ৰাজ্যখনৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ ক্ষেত্ৰত দ্ৰুত উদ্যোগীকৰণে প্ৰধান ভূমিকা পালন কৰে’। কোনো এটা অঞ্চল সম্পদশালী বুলি ক’বলৈ হ’লে উদ্যোগীকৰণ হ’বই লাগিব বুলিও মন্ত্ৰী গৰাকীয়ে ভাষণত মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে লগতে ইয়াকো কয় যে অসমৰ উদ্যোগিক বিকাশ আৰু উত্তৰণত নতুন গতি প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু উদ্যোগিক আন্তঃ গাঁ‌থনি নিৰ্মাণৰ ক্ষেত্ৰতো দৃঢ়প্ৰতিজ্ঞ।

মন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত আমাৰ ৰাজ্যখনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম এচ এম ই) সমূহে প্ৰধান ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ( ডি আই চি চি) সমূহে মূখ্য দায়িত্ব আছে বুলিও মন্তব্য কৰে। এম এচ এম ই উদ্যোগ স্থাপন বাবে উঠি অহা যুৱ-প্ৰজন্মক বৃত্তিমূখী কৰাৰ ক্ষেত্ৰত ডি আই চি চি ৰ মহাপ্ৰবন্ধক সকলে নিজ নিজ জিলা সমুহত সক্রিয় ভূমিকা পালন কৰিব লাগে বুলিও তেওঁ ব্যক্ত কৰে।

এম এছ এম ই ৰ বাবে নতুন উদ্যোগীসকলক উৎসাহিত কৰিবলৈ ডি আই চি চি ৰ মহাপ্ৰবন্ধক সকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে, তদুপৰি মন্ত্ৰী গৰাকীয়ে উদ্যোগ বিভাগৰ দ্বাৰা কেইমাহমান পূৱে অনুষ্ঠিত “উদ্যম -২০২৩” শীৰ্ষক কাৰ্যসূচীৰ ফলাফলৰ সৰ্ন্দভত ডি আই চি চিৰ মহাপ্ৰবন্ধক সকলৰ সৈতে পৰ্যালোচনা কৰে আৰু প্ৰবন্ধক সকলৰ পৰা মতামত বিচাৰে।

সভাত মন্ত্ৰী বড়াই প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী(পি ম ই জি পি) , প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশাধন উদ্যোগ আনুষ্ঠানিকীকৰণ আঁচনি (পি এম এফ এম ই) ৰ লগতে অন্যান্য আঁ‌চনি সমূহৰ কাৰ্যকৰীকৰণ ৰ সন্দৰ্ভতো বিষয়া সকলৰ সৈতে পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “ভ’কেল ফৰ ল’কেল” ধ্বনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ সকলোৰে সক্ৰিয় সহযোগ মন্ত্ৰী বড়াই কামনা কৰে।


সভাত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব আদিল খান , আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং,অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সঞ্চালক মানবেন্দ্র প্রতাপ সিং, অসম ঔদ্যোগিক আন্তঃগাথঁনি উন্নয়ন নিগমৰ সঞ্চালক চিন্ময় ফুকনৰ লগতে বিভাগৰ বিভিন্ন উচ্চ পদস্থ বিষয়া আৰু জিলা পৰ্যায়ৰ বিষয়া সকল উপস্থিত আছিল।


উল্লেখযোগ্য যে অসম চৰকাৰে উদ্যোগ খণ্ডটোক নতুন গতি প্ৰদান কৰিবলৈ ইতিমধ্যে ৰাজ্যত মেগা ইণ্ডাষ্ট্রিয়েল প্ৰজেক্ট স্থাপনৰ বাবে ৮,২০০ কোটি টকা বিনিয়োগৰে ৮টা কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে । তদুপৰি ২,৯৬৩ কোটি টকা বিনিয়োগেৰে ৫টা কোম্পানীৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা ক্ষেত্ৰত বুধবাৰে কেবিনেট বৈঠকে অনুমোদন প্ৰদান কৰিছে।
উক্ত বৈঠকত অসমৰ উদ্যোগ খণ্ডটোৰ উত্তৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয়।

টংলাত দৰ্শন মনি আন্ত:ক্লাৱ ফুটবল লীগ চেম্পিয়নশ্বিপৰ সামৰণি

ওদালগুৰি জিলাৰ অন্যতম ক্ৰীড়া সন্থা টংলা ক্ৰীড়া সন্থাৰ উদ্যোগত টংলা ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা দৰ্শন মনি আন্ত:ক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপৰ বৃহস্পতিবাৰে সামৰণি পৰা টংলা ক্ৰীড়া সন্থা বনাম বটাকুছি এফ চিৰ মাজৰ চূড়ান্ত খেলখন শুভ উদ্বোধন কৰে টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰাজীৱ বড়োৱে।

তীব্র উত্তেজনাপূৰ্ণ খেলখন সমাপ্তিলৈকে গ’ল শূণ্যভাৱে ড্ৰ’ হোৱাত টংলা ক্ৰীড়া সন্থাই ট্ৰাইবেকাৰ পদ্ধতিৰ সহায়ত বটাকুছি এফ চিক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰি ৰাষ্ট্ৰীয় খেলুৱৈ দৰ্শন বড়ো সোঁৱৰণি চেম্পিয়ন ট্ৰফী লাভ কৰে।

আনহাতে ৰাণাৰ্ছআপ দল বটাকুছি এফ চিয়ে সুদক্ষ খেলুৱৈ মণি বড়ো সোঁৱৰণি ট্ৰফী লাভ কৰে।শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰা টংলা ক্ৰীড়া সন্থা ফুটবল দলৰ গলকীপাৰ বিগ্ৰায় বড়োক নৱীন চন্দ্ৰ ডেকা সোঁৱৰণি ট্ৰফী পৰিয়ালৰ হৈ প্ৰদান কৰে চাৰু ডেকায়।খেলখন পৰিচালনা কৰে বিকাশ শৰণীয়াই আৰু তেখেতক সহায় কৰে গণেশ বসুমতাৰী ,বিনন্দ ৰাভা আৰু নিশা দৈমাৰীয়ে।

বিজয়ী দলক টংলা এৱছু’ৰ সভাপতি ৰাজীৱ বড়ো আৰু ৰাণাৰ্ছআপ দলক টংলা মহাবিদ্যালয়ৰ অধ্যাপক সোমেশ্বৰ বড়োই ট্ৰফী প্ৰদান কৰে।

টংলা ক্ৰীড়া সন্থাৰ সভাপতি খৰ্গেশ্বৰ বড়াই সভাপতিত্ব কৰা বঁটা বিতৰণী সভাত উপদেষ্টা ধৰ্ম ৰামচিয়াৰী, দীলিপ বৰ্মন, আন্তৰ্জাতিক কাবাদী ৰেফাৰী নমল ৰাভা ,বহুতো প্ৰাক্তন খেলুৱৈ, দাতাৰ পৰিয়ালবৰ্গ উপস্থিত থাকে।টংলা ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰত চন্দ্ৰ ৰাভাই আঁত ধৰা আৰু ফুটবল বিভাগৰ সম্পাদক মৃদুল নাৰ্জাৰীয়ে শলাগৰ শৰাই যচা সভাত ৰেফাৰী, সন্মানীয় ব্যক্তিক ফুলাম আৰণাইৰে সম্ভাষণ জনায়।

জুবিন গাৰ্গে মুকলি কৰিলে যতীন বৰাৰ ‘ৰাঘৱ’ৰ টিজাৰ; ২৭ অক্টোবৰত মুক্তিৰ ঘোষণা যতীন বৰা-নৱনীতা শৰ্মা বৰাৰ

দীৰ্ঘ প্রতীক্ষাৰ অন্ত পেলাই অৱশেষত মুকলি হ’ল মুক্তিৰ পূৰ্বেই দৰ্শকৰ মাজত বিশেষ চৰ্চা লাভ কৰা অসমবাসীৰ বহু প্ৰত্যাশিত, বহু আকাংক্ষিত অসমীয়া চলচ্চিত্ৰ যতীন বৰাৰ ‘ৰাঘৱ’ৰ প্ৰথমটো টিজাৰ। জে বি প্ৰডাকচনৰ দ্বিতীয়খন পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ‘ৰাঘৱ’ৰ প্ৰথমটো টিজাৰ মুকলি কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিলে যতীন বৰাই।

যোৱা মঙ্গলবাৰে গুৱাহাটীৰ পল্টন বজাৰস্থিত ‘অসম ৰাজ্যিক পৰিবহণ নিগম’ৰ বাছ আস্থানৰ চৌহদত আয়োজিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত টিজাৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে ছবিখনৰ সংগীত পৰিচালকৰ দায়িত্বত থকা হাৰ্টথ্র’ব জুবিন গাৰ্গে। ভাষণত প্ৰসংগত তেওঁ কয় যে, ‘মিছন চাইনা’ৰ পৰা জ্বলা জুই জ্বলি আছে ‘ৰাঘৱ’ লৈ……আমি জ্বলাই থাকিম আৰু আপোনালোকে জ্বলক আমাৰ সৈতে’।

টিজাৰ মুকলিৰ লগে লগে উপস্থিত থকা বহু লোকে টিজাৰৰ তালে তালে নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো উৎসৱমুখৰ আৰু আকৰ্ষণীয় কৰি তোলে। সম্প্ৰতি সামাজিক মাধ্যমত টিজাৰটোৱে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে লগতে উচ্চ প্ৰশংসিতও হৈছে। বিশাল পৰিসৰত নিৰ্মাণ কৰা ছবিখনত ড্ৰাইভাৰৰ ৰূপত ভুমুকি মৰা অৰ্ধশতাধিক অসমীয়া ছবিৰ জনপ্ৰিয় নায়ক যতীন বৰাই ভাষণ প্ৰসংগত কয় যে, ‘ৰাঘৱ’ চালে চালক এগৰাকীয়ে নিজক দেখিব। আপোনালোকক আগবঢ়াই লৈ যোৱাত ‘ৰাঘৱে’ আপোনালোকক সহায় কৰিব’।

যতীন বৰাই কৰা এই মন্তব্যই অনুষ্ঠানটোত উপস্থিত থকা চালকসকলক দুগুণে উৎসাহিত কৰি তোলা পৰিলক্ষিত হ’ল । অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ছবিখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা অসমৰ যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাই। শশাংক সমীৰে আঁত ধৰা এই মনোমোহা অনুষ্ঠানটিত জুবিন গাৰ্গ, মৃদুলা বৰুৱা, যতীন বৰাৰ উপৰিও উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ, শ্যামকানু মহন্ত, ছবিখনৰ প্ৰযোজিকা নৱনীতা শৰ্মা বৰা, ছবিখনৰ কাহিনী/চিত্ৰনাট্যকাৰ অভিজিত ভট্টাচাৰ্য, ‘ৰাঘৱ’ৰ সমূহ কলা-কুশলী, অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী, কলা-কুশলী, বহুসংখ্যক অট’চালক, বাছ চালক, ট্ৰাক চালক প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি।

‘ৰত্নাকৰ’ৰ অকল্পনীয় সাফল্যৰ পাছত জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত তথা ছুপাৰষ্টাৰ যতীন বৰা অভিনীত, পৰিচালিত দ্বিতীয়খন বিগ বাজেটৰ ছবি ‘ৰাঘৱ’ৰ প্ৰযোজনা যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাৰ। দুখ-কষ্ট আৰু দুৰ্ভাগ্যৰে যুঁজি জীৱন সংগ্ৰামৰ এক নতুন অধ্যায় লিখা এজন যুৱকৰ প্ৰেম, বিৰহ, মৰম, ঘৃণা, ৰোমাঞ্চ, একশ্যনৰ আধাৰত সম্পূৰ্ণ ব্যৱসায়িক গণ্ডিত নিৰ্মিত ছবিখনৰ কাহিনী, চিত্ৰনাট্য অভিজিত ভট্টাচাৰ্যৰ ।

গুৱাহাটী, মেঘালয়, যোৰহাট আৰু হায়দৰাবাদৰ ৰামুজী ফিল্ম চিটি ষ্টুডিঅ’ৰ মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ কৰা ‘ৰাঘৱ’ৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰী(ধন)য়ে । প্ৰতীম খাউণ্ড(ৰাজা) ৰ সম্পাদনাৰে নিৰ্মিত ছবিখনৰ আৱহ সংগীত অজয় সিনহাৰ । দক্ষিণ ভাৰতৰ বিখ্যাত একচন ডাইৰেক্টৰ ৰাজেশ কন্ননৰ ১৬ জনীয়া একচন টীমৰ দ্বাৰা পৰিচালিত ছবিখনত বহুকেইটা শিহৰণকাৰী একচনৰ দৃশ্য দেখিবলৈ পোৱা যাব। ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে । সম্প্ৰতি মুম্বাইত এই সকলোবোৰ কাম পূৰ্ণগতিত চলি আছে ৷

উল্লেখ্য যে, পোনপ্ৰথমবাৰৰ বাবে অসমৰ ছবিত অত্যাধুনিক ফেণ্টম কেমেৰা ব্যৱহাৰ কৰা হৈছে। তিনিটা গীত সন্নিৱিষ্ট ছবিখনৰ গীতসমূহ লিখিছে জুবিন গাৰ্গ, দিগন্ত ভাৰতী আৰু ৰাহুল গৌতম শৰ্মাই। গীত সমূহত কণ্ঠ নিগৰাইছে জুবিন গাৰ্গ, শান্তা উজীৰ, বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মহালক্ষ্মী আয়াৰ, জুবলী আৰু প্ৰবীন বৰাই। গীতসমূহ কৰিঅ’গ্ৰাফী কৰিছে দীপক দে আৰু পংকজ ইংতিয়ে । উল্লেখ্য যে, ছবিখনৰ ‘চিলমিল টোপনিতে’ শীৰ্ষক এটি ৰোমাণ্টিক গীত কাশ্মীৰ আৰু লাডাখৰ মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ কৰা হৈছে।

লগতে বিশ্বকৰ্মা পূজাক লৈ ‘চাৰি চকা ঘূৰিলেহে’ শীৰ্ষক আন এটি ব্যয়বহুল গীত নিৰ্মাণ কৰা হৈছে। যিটো অসম তথা সৰ্বভাৰতীয় চিনেমাত বিশ্বকৰ্মা পূজাক লৈ কৰা এনেধৰণৰ গীত প্ৰথম সৃষ্টি হৈছে । য’ত ড্ৰাইভাৰ সকলৰ জীৱন সংগ্ৰামৰ সকলো কথা প্ৰকাশ পাইছে। ইতিপূৰ্বেই মুক্তি পোৱা ‘মা’ শীৰ্ষক গীতটিয়েও দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে।

মৃদুলা বৰুৱা, যতীন বৰাৰ উপৰিও ছবিখনত অভিনয় কৰিছে নিশিতা গোস্বামী, হিৰণ্য ডেকা, মন্মথ বৰুৱা, বিভূতিভূষণ হাজৰিকা, চিন্ময় কটকী, পৱিত্ৰ বৰুৱা, বিভাস সিনহা, ৰাজীৱ ৰাজনীশ, ডাঃ জয়ন্ত দাস, ডাঃ চিন্ময় চক্ৰৱৰ্তী, মিতালী বৈশ্য, অন্তৰীক্ষ চহৰীয়া, পংকজ বৰা, অৱতোষ ভূঞা, ৰূপম চক্ৰৱৰ্তী, মানস শৰ্মা, দ্বিজেন লহকৰ, বংকিম শইকীয়া, জ্যোতিষ্মান কাশ্যপ, চন্দন চৌধুৰী, প্ৰিয়াংকু বৰুৱা, নৱাগত অভিনেতা-অভিনেত্ৰীদ্বয় জীৱিতেশ মজুমদাৰ-চুমি বৰা, শিশুশিল্পী নভম আশীষ গোস্বামী, মনিষ ভূঞা, প্ৰিয়াংক জ্যোতি কলিতাৰ লগতে বহু কেইগৰাকী ন-পুৰণি শিল্পী ।

কোনো ক্ষেত্ৰতে কোনোধৰণৰ আপোচ নকৰাকৈ উন্নত মান বিশিষ্ট ছবি এখন নিৰ্মাণ কৰি দৰ্শকক উপহাৰ দিয়াৰ সংকল্পৰে নিৰ্মিত ছবিখন চলিত ২০২৩ বৰ্ষৰ ২৭ অক্টোবৰ তাৰিখে মুক্তি দিয়া হ’ব বুলি প্ৰযোজক যতীন বৰা আৰু প্ৰযোজিকা নৱনীতা শৰ্মা বৰাই আমাক জানিবলৈ দিয়ে ।

৫৭ বছৰ বয়সত শ্বাহৰুখ খানৰ নৃত্য দেখি টুইট কৰিলে আনন্দ মহিন্দ্ৰাই…


শ্বাহৰুখ খানৰ ছবি ‘জোৱান’ৰ শেহতীয়া এটি গীতে মুক্তি লাভ কৰে । গীতটিত তেওঁৰ নৃত্য দেখি ব্যৱসায়িক আনন্দ মহিন্দ্ৰা যথেষ্ট আপ্লুত হয়। বয়সৰ কথা উল্লেখ কৰি তেওঁ শ্বাহৰুখ খানক প্ৰশংসা কৰে। শেহতীয়াকৈ এই ছবিখনৰ ‘জিন্দা বান্দা’ গীতটো মুক্তি পাইছে। য’ত ৫৭ বছৰ বয়সত কিং খানৰ নৃত্য দেখি সকলোৱে আচৰিত হয়। তাকে দেখি ব্যৱসায়িক আনন্দ মহিন্দ্ৰাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। শেহতীয়াকৈ তেওঁ এই বয়সত শ্বাহৰুখ খানে কৰা এই নৃত্যৰ প্ৰশংসা কৰিছে।

আনন্দ মহিন্দ্ৰক টুইটৰ উত্তৰো দিলে কিং খানে।

অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব জৱান ছবিখনে। ​

‘৪৫ বছৰ হৈ গ’ল বৈবাহিক জীৱনৰ, কেতিয়াও খং কৰা নাই’! অধ্যক্ষৰ কথাত হাঁহি বিৰিঙিল ৰাজ্যসভাত…


দৰাচলতে ৰাজ্যসভাত বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে মণিপুৰৰ সৈতে জড়িত স্থগিতকৰণৰ জাননীৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ কৰিছিল অধ্যক্ষ জগদীপ ধনখৰক। সংসদত চলি আছে বৰ্ষাকালীন অধিৱেশন। আনহাতে মণিপুৰৰ হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ দাবীত অটল বিৰোধী নেতাসকল। কিন্তু অধ্যক্ষ জগদীপ ধনখৰৰ এটা কথাত ৰাজ্যসভাত হাঁহিৰ জোৱাৰ উঠে।

অধ্যক্ষ জগদীপ ধনখৰে বৃহস্পতিবাৰে কয় যে তেওঁৰ বিবাহৰ ৪৫ বছৰতকৈ অধিক সময় হৈছে আৰু তেওঁ কেতিয়াও খং কৰি পোৱা নাই। তেওঁৰ বক্তব্যক লৈ সদনত হাঁহিৰ জোৱাৰ উঠিছিল। এই বিষয়ে খৰ্গে ক’লে, ‘আপুনি খং নকৰে, আপুনি খং দেখুৱাব নোৱাৰে কিন্তু ভিতৰৰ পৰা কৰে।’

কেৱল সকলো সদস্যই নহয় অধ্যক্ষ ধনখৰেও খৰ্গেৰ কথাত হাঁহিবলৈ ধৰিলে। আনহাতে, ৰাজ্যসভাত মণিপুৰ বিষয়ক লৈ সৃষ্টি হোৱা অচলাৱস্থাৰ অন্ত পেলাবলৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱাল আৰু প্ৰহ্লাদ যোশীয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু আন একাংশ বিৰোধী নেতাক সাক্ষাৎ কৰে।

ডায়েবেটিছ ৰোগীয়ে কণী খাব পাৰেনে ? জানি লওক…

ডায়েবেটিছ ৰোগীয়ে কি কি খাব পাৰে আৰু কি কি খাব নোৱাৰে এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন হয়। আজি আমি আপোনালোকক জনাম ডায়েবেটিছ ৰোগীয়ে কণী খাব পাৰেনে? আমেৰিকান ডায়েবেটিছ এছ’চিয়েচন আৰু অন্যান্য স্বাস্থ্য সংস্থাৰ মতে সীমিত পৰিমাণত কণী খোৱাৰ ফলত হৃদৰোগ স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে। যদি এই ৰোগৰ চিকিৎসা সঠিক সময়ত কৰোৱা নহয়, তেন্তে ই মৃত্যুৰ কাৰণো হ’ব পাৰে।

বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে মিঠা খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়। বেছিভাগ ডায়েবেটিছ ৰোগীয়ে কণী খোৱা দেখা যায়। কোৱা হয় যে কণীত ১০ টা প্ৰয়োজনীয় এমিনো এচিডৰ ভিতৰত ৯ টা এমিনো এচিড থাকে, যিয়ে উন্নত স্বাস্থ্য বজাই ৰখাৰ কাম কৰে। কণীৰ দ্বাৰা যথেষ্ট পৰিমাণৰ পুষ্টি লাভ কৰা হয়। ইয়াত বহুতো ভিন্ন প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যেনে প্ৰটিন, ভিটামিন ডি, বি ১২, বি ৬, কেলচিয়াম, ফলেট, ৰাইবোফ্লেভিন, জিংক আৰু আইৰণ।

ইমানবোৰ পুষ্টিকৰ উপাদানৰ উপস্থিতিৰ বাবে কণী বেছিভাগ মানুহেই খায়, আনকি ডায়েবেটিছ ৰোগীয়েও কণী খাই। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ডায়েবেটিছ ৰোগীয়ে কণী খোৱা উচিত নে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে কণী খোৱাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰাত কোনো বিৰূপ প্ৰভাৱ নপৰে। কণীত কলেষ্টেৰলৰ পৰিমাণ বেছি। মুঠতে ডায়েবেটিছ ৰোগীয়ে কণী সেৱন কৰিব পাৰে। কাৰণ ইয়াত কাৰ্বহাইড্ৰেট কম পৰিমাণে থাকে আৰু ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন অধিক পৰিমাণে থাকে। অৱশ্যে ডায়েবেটিছ ৰোগে অতিৰিক্তভাৱে কণী সেৱনৰ পৰা বিৰত থাকিব লাগে।

শিশু, নাবালকে মাত্ৰ দুঘণ্টাহে ব্যৱহাৰ কৰিব পাৰিব স্মাৰ্টফোন। স্মাৰ্টফোন ব্যৱহাৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা…


চীনত শিশুসকলৰ মাজত স্মাৰ্টফোন ব্যৱহাৰৰ নিচা বৃদ্ধি পাইছে। যাৰ বাবে চৰকাৰ চিন্তিত হৈ পৰিছে। এনে পৰিস্থিতিত নাবালক আৰু শিশুৰ বাবে আইন প্ৰণয়নৰ কথা চিন্তা কৰা হৈছে। বৰ্তমান সময়ত স্মাৰ্টফোন সাধাৰণ মানুহৰ প্ৰয়োজন হৈ পৰিছে। স্মাৰ্টফোন ব্যৱহাৰ কৰি আমি ঘৰতে বহি বহু গুৰুত্বপূৰ্ণ কাম সহজে কৰিব পাৰো। মুঠৰ ওপৰত স্মাৰ্টফোনৰ সঠিক ব্যৱহাৰ আমাৰ সকলোৰে বাবে অতি উপকাৰী। আনহাতে ইয়াৰ আনটো দিশ হ’ল স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ বাবে স্মাৰ্টফোন অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। এই সমস্যাৰ প্ৰতি চিন্তিত হৈ পৰিছে চীনত অভিভাৱকসকল। যাৰ বাবে এতিয়া চীনত নতুন ধৰণৰ আইন প্ৰণয়নৰ প্ৰস্তুতি চলাইছে।

চীনৰ চাইবাৰ স্পেচ ৰেগুলেটৰ (CAC)ই বুধবাৰে কয় যে শিশুসকলে স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিব লাগে। নিয়ন্ত্ৰকে শিশুসকলক ফোন সৰ্বাধিক দুঘণ্টা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। চীনৰ চাইবাৰ স্পেচ এডমিনিষ্ট্ৰেচনে প্ৰকাশ কৰিছে যে শিশুৰ ফোন ব্যৱহাৰৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে। এনে পৰিস্থিতিত শিশুসকলে দিনটোত দুঘণ্টাৰ বাবেহে ফোন ব্যৱহাৰ কৰিবলৈ দিয়া হয়। চিএচিয়ে দিয়া পৰামৰ্শ অনুসৰি ১৬ৰ পৰা ১৮ বছৰৰ ভিতৰৰ নাবালকৰ বাবে স্মাৰ্টফোন ব্যৱহাৰৰ সময়সীমা দুঘণ্টা নিৰ্ধাৰণ কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ আঠৰ পৰা ১৬ বছৰৰ ভিতৰৰ শিশুৰ বাবে এঘণ্টাৰ সীমা আৰোপ কৰিব লাগে, আনহাতে আঠ বছৰৰ তলৰ শিশুৰ বাবে মাত্ৰ আঠ মিনিটৰ সীমা আৰোপ কৰিব লাগে।

CAC য়ে সেৱা প্ৰদানকাৰী কোম্পানীসমূহক নিজৰ আত্মীয়ক সময়সীমা নিৰ্ধাৰণৰ অধিকাৰ দিবলৈ অনুৰোধ জনাইছে। চাইবাৰ স্পেচ ৰেগুলেটৰৰ এই পৰামৰ্শৰ পিছত এই সন্দৰ্ভত চৰকাৰে কোনো নিয়ম বনাব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে।

জ্ঞানবাপী মছজিদ চৌহদত পুৰাতত্ত্ব বিভাগৰ ছাৰ্ভে অব্যাহত ! কিন্তু আজি মুছলমান পক্ষৰ আবেদন খাৰিজ আদালতৰ…

জ্ঞানবাপী মছজিদ চৌহদত পুৰাতত্ত্ব বিভাগৰ ছাৰ্ভে অব্যাহত। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। অঞ্জুমন ইনতেজামিয়া মছজিদ কমিটীৰ আবেদন খাৰিজ আদালতৰ।

২১ জুলাইত জ্ঞানবাপী মছজিদ চৌহদত ছাৰ্ভেৰ দিছিল আদেশ।আদেশ দিছিল বাৰানসী জিলা ন্যায়াধীশে। তাৰ পূৰ্বেই মুছলমান পক্ষই কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ।

সেই ন্যায়ালয়ে প্ৰত্যাহ্বান আনিছিল ASIৰ ছাৰ্ভে প্ৰক্ৰিয়াত। কিন্তু আজি পুৱা মুছলমান পক্ষৰ আবেদন খাৰিজ আদালতৰ।