Home Blog Page 1483

ছেইফৰ পূৰ্বে আন এজন বিবাহীত পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল অভিনেত্ৰী কৰীনা কাপুৰ…

ছেইফৰ পূৰ্বে আন এজন বিবাহীত পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল অভিনেত্ৰী কৰীনা কাপুৰ। সেই পুৰুষ জন আছিল হৃতিক ৰোচন। হৃতিকৰ প্ৰেমত ইমানেই অন্ধ আছিল কৰীণা, সমাজৰ প্ৰতিও গুৰুত্ব দিয়া নাছিল। বলীউডত এটা সময় আছিল যেতিয়া কৰীনা কাপুৰৰ চলচ্চিত্ৰ জগতত অতি জনপ্ৰিয় আছিল। প্ৰতিজন পৰিচালকৰ প্ৰথম পছন্দ আছিল কৰীণা। ২০০০ চনত ‘ৰেফিউজি’ ছবিৰ জৰিয়তে বলীউডত ভৰি দিছিল কৰীনাই। বহু ডাঙৰ ডাঙৰ তাৰকাৰ সৈতে বহু ছবিত অভিনয় কৰিছে কৰীনাই। বহুবাৰ কৰীনা আৰু হৃতিক ৰোশনে একেলগে বহু ছুপাৰহিট ছবি দৰ্শকক উপহাৰ দিছে। কিন্তু হৃতিকৰ পৰিয়ালে দুয়োকে পৃথক কৰি পেলাইছিল।

‘মুঝছে দোস্তি কৰোগে’, ‘মেইন প্ৰেম কি দীৱানী হুন’, ‘কভি খুশী কভি ঘাম’ আদি ছবিত একেলগে অভিনয় কৰিছিল কৰীনা আৰু হৃতিকে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি সেই সময়ত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কও চলিছিল। বিবাহিত হৃতিকৰ প্ৰতি বেবো ইমানেই প্ৰেমত পৰিছিল যে সমাজে কি ভাবিব তাক লৈ এবাৰো কল্পনা কৰা নাছিল কৰীণাই। কিন্তু হৃতিকৰ পৰিয়ালে হস্তক্ষেপ কৰি দুয়োকে পৃথক কিছিল। কিন্তু হৃতিক আৰু কৰীনাই তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি অস্বীকাৰ কৰে।

হৃতিক আৰু কৰীনাক যেতিয়া তেওঁলোকৰ প্ৰেমৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁলোকে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল। হৃতিকে কয় যে এয়া এক ভুৱা বাতৰি। আনহাতে কৰীনাই নিজৰ সাহসী ষ্টাইলত উত্তৰ দি কৈছিল যে তেওঁ কোনো বিবাহিত পুৰুষৰ প্ৰেমত নপৰে। কিন্তু বিয়া ছেইফ আলী খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

অতি সোনকালে তেওঁক ফাইটাৰ ছবিত দেখা যাব হৃতিকক। এই ছবিখনত প্ৰথমবাৰৰ বাবে হৃতিক আৰু দীপিকাক একেলগে দেখা যাব ডাঙৰ পৰ্দা।

নাগালেণ্ডত ভূমিস্খলন ! ২ জনৰ ব্যক্তিৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ। মৃতকৰ আত্মীয়ক প্ৰদান কৰিব ৪ লাখকৈ টকা…

নাগালেণ্ড ভূমিস্খলনৰ এটা ভয়ানক ভিডিঅ’। নাগালেণ্ডৰ ডিমাপুৰত ভূমিস্খলনৰ ফলত ৩ খন বাহনৰ ক্ষতি হয়। এই ঘটনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিটো ভিডিঅ’ দেখিলে আপোনাৰ বুকু কঁপি উঠিব। ডিমাপুৰ জিলাৰ চুমুকেডিমাত মঙলবাৰে বৰষুণৰ সময়ত পাহাৰৰ পৰা এটা শিলে পথত ৰখাই থোৱা দুখন গাড়ীক মহতীয়াই চেপেটা কৰি পেলাই। এই ঘটনাত ২ জন লোকৰ মৃত্যু হয় আৰু ৩ জন আহত হয়। এই ঘটনাৰ ৫ ছেকেণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। প্ৰথমে ভিডিঅ’টো চাওক…

নাগালেণ্ডৰ এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই। তেওঁ টুইট কৰি কয় যে, মঙলবাৰে সন্ধিয়া ৫ বজাত ডিমাপুৰ-কহিমাৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। সেই ঠাইৰ নাম ‘পকলা পাহাদ’, য’ত ভূমিস্খলন আৰু শিল বাগৰা ঘটনা সংঘটিত হৈয়েই থাকে। মঙলবাৰৰ এই ঘটনাত ২জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩জন লোক আহত হয়। প্ৰতিজন মৃতকৰ আত্মীয়ক ৪ লাখ টকা দিয়া হয় আৰু আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰোৱা হ’ব।

কুখ্যাত শিশু সৰবৰাহৰ ৰেকেট আটক, হোজাইত গ্ৰেপ্তাৰ ৬ জন

মঙলবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ শিশু সৰবৰাহকাৰীৰ কবলৰ পৰা ১০টা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ডুমডুমা আৰক্ষীৰ এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশত অভিযান আৰম্ভ কৰি শিশুকেইটাক উদ্ধাৰ কৰে।

এজন অভিযুক্ত শিশু সৰবৰাহকাৰীকো সোধা-পোছাৰ বাবে আটক কৰা হৈছে।

তিনিচুকীয়া আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) দিলীপ দাসৰ তত্বাৱধানত চলা এই অভিযান।

বিগত বৰ্ষৰ জুলাই মাহত অসম আৰক্ষীয়ে পশ্চিমবংগত ভিত্তি কৰি আন্তঃৰাজ্যিক শিশু সৰবৰাহৰ ৰেকেটৰ পৰা চাৰিগৰাকী মহিলাকে ধৰি প্ৰায় ৪৮টা শিশুক উদ্ধাৰ কৰিছিল।

খবৰ অনুসৰি অসমৰ পৰা পশ্চিমবংগলৈ সৰবৰাহ কৰি শিশুকেইটাক শিশু শ্ৰমিকৰ বাবে বাধ্য কৰাইছিল।

উল্লেখযোগ্য যে শিশু সৰবৰাহ শিশু শ্ৰমৰ সৈতে জড়িত আৰু ইয়াৰ ফলত সদায় শিশু নিৰ্যাতন হয়।শাৰীৰিক, মানসিক, যৌন আৰু আৱেগিক আদি সৰবৰাহ কৰা শিশুৱে সকলো ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হয়।

সৰবৰাহ কৰা শিশুসকলক বেশ্যাবৃত্তিৰ বলি কৰা হয়, জোৰকৈ বিয়া কৰাই দিয়া হয় বা অবৈধভাৱে দত্তক লোৱা হয়; তেওঁলোকে সস্তীয়া বা বিনা বেতনে শ্ৰম প্ৰদান কৰে, ঘৰৰ চাকৰ বা ভিক্ষাৰী হিচাপে কাম কৰিবলৈ বাধ্য হয় আৰু সশস্ত্ৰ গোটত নিযুক্তি দিব পাৰে।

শৰীৰৰ বাবে কোনবোৰ ফল উপকাৰী? ওজন কমাবলৈ কি ফল খাব…

শৰীৰৰ বাবে কোনবোৰ ফল উপকাৰী? ওজন কমাবলৈ কি ফল খাব জানেনে এই বিষয়ে। প্ৰায়ে চিকিৎসক বা স্বাস্থ্য বিশেষজ্ঞ সকলে কয় যে প্ৰতিদিনে এটা ফল বা ফলৰ ৰস খাব লাগে।কিন্তু আপুনি আপোনাৰ শৰীৰৰ বাবে উফযোগী ফল খাইছেনে। কাৰণ বহুতৰে ফল খোৱাৰ পিছত এলাৰ্জি হয় আৰু ফলৰ উপকাৰিতাৰ বিষয়েও নাজানে। ফলমূলত এনেধৰণৰ ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট থাকে। আজি আমি আপোনালোকক জনাম ওজন কমাবলৈ কোনবোৰ ফল খাব…

ফল-মূল খালে শৰীৰৰ বহু উপকাৰ হয়। ফলত থকা ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট আৰু ফাইটোকেমিকেল শৰীৰৰ দীৰ্ঘদিনীয়া ৰোগ দূৰ কৰাত অতি ফলপ্ৰসূ। জামু, আপেল, ছাইট্ৰাছ ফল আৰু আঙুৰ খাব পাৰে। আপোনাৰ স্বাস্থ্যৰ বাবে আপুনি সুষম খাদ্য গ্ৰহণ কৰিব লাগিব, তিয়হ আৰু শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে।

ফলৰ ৰস খোৱাৰ সময়ত কিছুমান বস্তুৰ প্ৰতি বিশেষ যত্ন লওক। কেৱল এটা ফলৰ পৰা তৈয়াৰ কৰা ফলৰ ৰস খাব লাগে।বহুতো ফল মিহলি কৰি ফলৰ ৰস খাব নালাগে। পেকেটত ভৰোৱা ফলৰ ৰস খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

শ্ৰদ্ধাৰ জীৱনলৈ প্ৰেমৰ প্ৰৱেশ! ৰাহুল মোদীৰ সৈতে প্ৰেমৰ সম্পৰ্কত শ্ৰদ্ধা…

শ্ৰদ্ধাৰ জীৱনলৈ প্ৰেমৰ প্ৰৱেশ! ৰাহুল মোডীৰ সৈতে প্ৰেমৰ সম্পৰ্কত শ্ৰদ্ধা। আকৌ এবাৰ প্ৰেমত পৰিছে শ্ৰদ্ধা কাপুৰ। টু ঝুঠি মেইন মক্কাৰৰ কাহিনী লেখক ৰাহুল মোদীৰ সৈতে ডেটিং কৰি আছে শ্ৰদ্ধাই। বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে নিজৰ সৌন্দৰ্য্য আৰু অভিনয়ৰ বাবে শিৰোনাম দখল কৰি আহিছে। কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱন ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। টু ঝুঠি মেইন মক্কাৰৰ লেখক ৰাহুল মোদীৰ সৈতে চিনেমা চাবলৈ গৈছিল অভিনেত্ৰীগৰাকী। ইয়াৰ পিছত নেটিজেনসকলৰ মনত প্ৰশ্ন হৈছে যে আকৌ এবাৰ প্ৰেমত পৰিছে শ্ৰদ্ধ আৰু এই প্ৰেমিক জন হৈছে ৰাহুল মোদী।

আচলতে শ্ৰদ্ধা কাপুৰে অলপতে ৰাহুল মোডীৰ সৈতে চিনেমা চাবলৈ আহিছিল, য’ত অভিনেত্ৰীগৰাকীক পাপাৰাজীয়ে কেমেৰাত বন্দী কৰিছিল। চলচ্চিত্ৰ লেখক ৰাহুল মোদীৰ সৈতে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভিডিঅ’ ছবি ভাইৰেল হোৱাৰ পিছতে ৰাইজে মন্তব্য কৰিছে শ্ৰদ্ধা কাপুৰৰ জীৱনত পুনৰবাৰ প্ৰেমে প্ৰৱেশ কৰিছে। খবৰ অনুসৰি, শ্ৰদ্ধা কাপুৰৰ পূৰ্বে প্ৰায় চাৰি বছৰ ধৰি চেলিব্ৰিটি ফটোগ্ৰাফাৰ ৰোহন শ্ৰেষ্ঠৰ সৈতে সম্পৰ্ক আছিল। ২০২২ চনত দুয়োৰ সম্পৰ্ক বিচ্ছেদ হয়।

লুভ ৰঞ্জনৰ পৰিচালনাত শ্ৰদ্ধা কাপুৰৰ শেহতীয়া ছবি টু ঝুঠি তু মক্কাৰৰ লেখক আছিল ৰাহুল মোদী। ৰাহুল মোদী আৰু শ্ৰদ্ধা কাপুৰে তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিক ৰূপ দিয়া নাই যদিও ৰাহুলে প্ৰায়ে শ্ৰদ্ধা কাপুৰৰ কুকুৰৰ সৈতে ফটো শ্বেয়াৰ কৰে। ৰাহুল আৰু শ্ৰদ্ধাৰ এই ঘনিষ্ঠতাৰ লগে লগে অনুৰাগীয়ে বহু আশা কৰিছে যাতে তেওঁলোকৰ সম্পৰ্ক দীৰ্ঘদিনীয়া হয়।

দৈনিক কেইবাৰ ব্ৰাছ কৰে? ৰাতি ব্ৰাছ নকৰা লোকৰ হৃদৰোগৰ আশংকা বেছি…

দৈনিক কেইবাৰ ব্ৰাছ কৰে? ৰাতি ব্ৰাছ নকৰা লোকৰ হৃদৰোগৰ আশংকা বেছি। এক অধ্যয়নত প্ৰকাশ পাইছে যে যিসকল লোকে ৰাতি ব্ৰাছ নকৰে, তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি। এক অধ্যয়নত স্পষ্টকৈ কোৱা হৈছে যে যিসকল লোকে ৰাতি ব্ৰাছ নকৰে, তেওঁলোকে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।Scientific Reports of Nature Journal ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ৰাতি ব্ৰাছ নকৰাৰ ফলত হৃদৰোগ হ’ব পাৰে। এই অধ্যয়নত ২০ বছৰ আৰু তাতকৈ অধিক বয়সৰ ১৬৭৫ জন লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। এই অধ্যয়নত প্ৰকাশ পাইছে যে যিসকল লোকে ৰাতি ব্ৰাছ নকৰে, তেওঁলোকৰ হৃদযন্ত্ৰৰ ৰোগ অৰ্থাৎ হৃদৰোগ হোৱাৰ সম্ভাৱনা অতি বেছি। এই অধ্যয়নৰ ফলাফল অনুসৰি দৈনিক ব্ৰাছ কৰা ফলত পিৰিয়ডন্টাল ৰোগ, দাঁতৰ ক্ষয় আৰু মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত সমস্যাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

যদি আপুনি মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা নাই, তেন্তে হৃদৰোগৰ লগতে আন বহুতো ৰোগ হোৱাটোও সম্ভৱ। নেচাৰ জাৰ্নেলৰ বৈজ্ঞানিক প্ৰতিবেদন অনুসৰি এই অধ্যয়নৰ লগত জড়িত লোকসকলক ২০১৩ চনৰ পৰা ২০১৬ চনৰ ভিতৰত অস্ত্ৰোপচাৰ, পৰীক্ষা আৰু চিকিৎসাৰ বাবে জাপানত অৱস্থিত ওছাকা বিশ্ববিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল।

এম এন গ্ৰুপত ৪০৯ জন লোকে দিনটোত দুবাৰকৈ (ৰাতিপুৱা আৰু ৰাতি) ব্ৰাছ কৰিছিল। ৰাতি ব্ৰাছ কৰা নাইট গ্ৰুপত ৭৫১ জন লোক আছিল। মৰ্নিং গ্ৰুপৰ ১৬৪ জন লোকে ৰাতিপুৱা সাৰ পাইহে দাঁত ব্ৰাছ কৰিছিল। ইয়াৰ উপৰিও এটা গ্ৰুপ আছিল None, যিয়ে ৰাতিপুৱাও ব্ৰাছ কৰা নাছিল, ৰাতিও ব্ৰাছ কৰা নাছিল। ‘আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যন’ই দৈনিক দুবাৰকৈ ফ্ল’ৰাইডযুক্ত টুথপেষ্টেৰে ব্ৰাছ কৰাৰ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও দিনটোত অন্ততঃ এবাৰ ফ্লছ কৰিলে মুখত জমা হোৱা বেক্টেৰিয়া আৰু প্লেক আঁতৰোৱাত সহায় কৰে।

টংলা কবি সন্মিলনৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যু তিথি পালন

ওদালগুৰি জিলাৰ এক কাব্য আন্দোলন টংলা কবি সন্মিলনৰ উদ্যোগত আৰু বতিয়মাৰী জ্যোতি স্মৃতি সংঘৰ আতিথ্যত “শইচৰ পথাৰ মানুহ” শীর্ষক এটি কাব্য আবেলি কথা, কবিতা ,গীত নৃত্যৰে এক বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যু তিথিৰ লগতে গণশিল্পী সুদক্ষিণা শৰ্মালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

উক্ত অনুষ্ঠান সাহিত্য সাধক হৰেশ্বৰ কলিতা, সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক মাইনাওশ্ৰী দৈমাৰী, শিক্ষাবিদ দেৱজিৎ কুমাৰ ডেকা, কবি অৰ্জুন দাস, জয়ন্ত দাস, সমাজ সেৱক পুষ্পৰাম নাথক সম্বৰ্ধনা জনোৱা হয়।

-অৰূপ বড়ো, টংলা

এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে জিম্বাবুৱে

একেৰাহে দ্বিতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই জিম্বাবুৱে।

স্কটলেণ্ডৰ বিৰুদ্ধে শেষবাৰৰ বাবে এদিনীয়া বিশ্বকাপ কোৱালিফায়াৰ ২০২৩ ছুপাৰ ছয় পৰ্যায়ৰ মেচত পৰাস্ত হোৱাৰ পিছত এই কথা প্ৰকাশ পাইছে।

ইতিমধ্যে শ্ৰীলংকাই এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

শেষটো খালী অৰ্হতাৰ স্থানৰ বাবে স্কটলেণ্ড আৰু নেদাৰলেণ্ডৰ মাজত প্ৰতিদ্বন্দ্বিতা!

শিশু সুৰক্ষা সুনিশ্চিত কৰিবলৈ ওদালগুৰিত ছাত্র ছাত্ৰীৰ চাইকেল ৰেলি

অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতি, মহিলা আৰু শিশু বিকাশ বিভাগৰ আহ্বান মৰ্মে মঙলবাৰে ওদালগুৰি জিলা শিশু সুৰক্ষা গোট আৰু জিলা প্ৰশাসনৰ উদ্যোগত “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক শিশু সুৰক্ষা ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ অংশস্বৰূপে চাইকেল ৰেলি কাৰ্যসূচী ৰূপায়ন কৰে।

ওদালগুৰি জিলা উপায়ুক্ত ড° সাদনেক সিঙে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰা ৰেলিত এছুবফোৰ্ড একাডেমী চিনিয়ৰ চেকণ্ডাৰী স্কুল আৰু ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছৰ ছাত্র ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

ৰেলিৰ লগত সংগতি ৰাখি শিশু সুৰক্ষা সম্পৰ্কীয় বাৰ্তা পত্ৰ বিতৰণ কৰা হয়।

ছাত্র ছাত্ৰী সকলে শিশু সুৰক্ষা সু নিশ্চিত কৰক, বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক আদি শ্লোগানেৰে উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি জিলা শিশু সুৰক্ষা গোটৰ কাৰ্যালয়লৈ চাইকেল ৰেলিৰে শিশু অধিকাৰ সম্পৰ্কে ৰাইজক সজাগ কৰে।

জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই অনুষ্ঠান আঁত ধাৰাৰ প্ৰসংগত কয় যে সকলোৰে মানসিক, বৌদ্ধিক বিকাশ হ’লেহে শিশু সুৰক্ষা হ’ব, শিশু সকল দেশৰ ভবিষ্যত,এই ভৱিষ্যতক সুৰক্ষা দিয়া, সমাজ পৰিৱৰ্তন কৰা আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব।

অনুষ্ঠানটোত জিলা সহকাৰী আয়ুক্ত পংখী হাজৰিকা, জিলা শিশু সুৰক্ষা গোটৰ সুৰক্ষা বিষয়া ড° পল্লৱী শৰ্মা, কোষাধ্যক্ষ প্ৰণৱ তালুকদাৰ উপস্থিত থকাৰ লগতে এম আৰ এছ ডি এনজিঅৰ অধ্যক্ষ মিলন দাস, ফেৰেঙ্গাদাউ এন জি অৰ সম্পাদক হেমন্ত শৰ্মা,চাইল্ড লাইন,দত্তক গ্ৰহণ কেন্দ্ৰৰ বিষয় ববীয়াই সহযোগ কৰে।

-অৰূপ বড়ো, টংলা

সমষ্টি পুনৰ নিদ্ধাৰণৰ খচৰা সম্পৰ্কে বিলাসীপাৰাত বিভিন্ন দল-সংগঠনৰ বিশেষ পৰ্যালোচনা সভা

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃ বৃন্দৰ উপস্থিতিত ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰা সম্পৰ্কে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, সচেতন নাগৰিক তথা বিজ্ঞ ব্যক্তিৰ লগত বিলাসীপাৰাত এখন বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধি দলপতি দেৱব্ৰত শইকীয়া , ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, জাকিৰ হুছেইন শিকদাৰ, ওৱাজেদ আলী চৌধুৰীৰ লগতে দলটোৰ বিভিন্ন নেতা-কৰ্মী আৰু কেইবাটাও দল-সংগঠনৰ বিভিন্ন পৰ্যায়ৰ নেতাৰ ওপৰিও বিজ্ঞ মহল।

উক্ত পৰ্যালোচনা সভা খনত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰা খনৰ বিৰোধিতাৰে পুংখানুপুংখ আলোচনাৰ লগতে কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা দেখা যায়।

আনহাতে উক্ত খচৰা খন যাতে পুনৰ বিবেচনা কৰা হয় তাৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত সমূহীয়াভাৱে দাবী জনাব বুলি সভাত উপস্থিত সকলোৱে মতপোষণ কৰে।

-জিয়াৰুল আলম, বিলাসীপাৰা