Home Blog Page 1487

গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাত পক্ষী দিৱস উদযাপন…

সমগ্ৰ দেশতে বিশ্ব পক্ষী দিৱস পালন কৰাৰ লগতে বিগত বর্ষৰ দৰে এইবাৰো আজি গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাৰ হাৰ বেৰীয়াম পেক্ষা গৃহত বৰ্ণাঢ্য দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পতাকা উত্তোলন, বন্তি প্ৰজলন, স্মৃতি তৰ্পন আদি অনুষ্ঠানৰ লগতে এই দিৱসটিৰ লগত সংগতি ৰাখি চিৰিয়াখানাৰ পক্ষীকূলক খাদ্য বিতৰণ কৰে। “পক্ষী সৱে হাবি গঢ়ে , হাবি খনে ধৰা তৰে ” শীৰ্ষত শ্ল’গানেৰ এক বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰে।

শোভাযাত্ৰা উদ্ধোধনী ভাষণত অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত সোমেশ্বৰ নাথে সমস্ত জীৱকুলৰ ৰক্ষাৰ বাবে গছপুলি ৰোপণ আৰু সংৰক্ষণ কৰিবলৈ আহ্বান জনায়। সেউজী ধৰণী গঢ়ি পক্ষীকূলক ৰক্ষা কৰি বিলুপ্ত যাতে নহয় তাৰ প্ৰতি সকলোৱে সজাগৰ বাবে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানতপৰিবেশ কৰ্মী গিৰিমল্লিকা শইকীয়া, সাহিত্য একাডেমি বঁটা বিজয়ী বিপুল দেউৰীৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

মুক্তি পালে ছবি OMG 2 ৰ নতুন পোষ্টাৰ। শিৱৰ ৰূপত অক্ষয় কুমাৰ। পোষ্টাৰ দেখি অনুৰাগীয়ে ক’লে – হৰ হৰ মহাদেৱ…

মুক্তি পালে ছবি OMG 2 ৰ নতুন পোষ্টাৰ। শিৱৰ ৰূপত অক্ষয় কুমাৰ। পোষ্টাৰ দেখি অনুৰাগীয়ে ক’লে – হৰ হৰ মহাদেৱ। মুক্তি লাভ কৰিলে অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি ‘OMG 2’ৰ নতুন পোষ্টাৰ। এই পোষ্টাৰত কুমাৰক ভগৱান শিৱৰৰ ৰূপত দেখা গৈছে। অভিনেতাগৰাকীয়ে এই পোষ্টাৰখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে তেওঁৰ শিৱৰ ৰূপত অক্ষয়ক দেখি অনুৰাগীসকল আপ্লুত হৈ অহৰহ মন্তব্য আগবঢ়াইছে। এই পোষ্টটোত অক্ষয় কুমাৰৰ ভগৱান ভোলেনাথৰ এই ৰূপটোৱে অনুৰাগীৰ মন জয় কৰিছে। ইয়াৰ উপৰিও অক্ষয় কুমাৰে ছ’চিয়েল মিডিয়াত আন এটা পোষ্টাৰ শ্বেয়াৰ কৰিছে। এই পোষ্টাৰত দেখা গৈছে পংকজ ত্ৰিপাঠীক। এই পোষ্টাৰখন শ্বেয়াৰ কৰি অক্ষয় কুমাৰে লিখিছে- ‘আহক সত্যৰ পথত লগ হওঁ’।

অহা ১১ আগষ্টত মুক্তি পাব ‘OMG 2’ ছবিখন। এই ছবিখনত অক্ষয় কুমাৰৰ উপৰিও পংকজ ত্ৰিপাঠী আৰু যমী গৌতমে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। খবৰ অনুসৰি এই ছবিখন শিক্ষা ব্যৱস্থাৰ ওপৰত আধাৰিত হ’ব। এই ছবিখনৰ যৌথ প্ৰযোজনা কৰিছে বিপুল শ্বাহ, ৰাজেশ শ্বাহ আৰু অশ্বিন বৰ্ডে আৰু স্বয়ং অক্ষয় কুমাৰে। আনহাতে ছবিখনৰ পৰিচালনা কৰিছে অমিত ৰায়ে। ‘OMG 2’ ৰ উপৰি ১১ আগষ্টত মুক্তি পাব ‘গাদৰ ২’ ছবিও। গতিকে বক্স অফিচত এক বৃহৎ সাফল্য হ’বলৈ গৈ আছে। এতিয়া চাব লাগিব কোনখন ছবি বক্স অফিচত সফল হ’ব।

অবিবাহিত লোকে পাব পেঞ্চন! কি কি নথি-পত্ৰ প্ৰয়োজন হ’ব জানিবলৈ পঢ়ক…

অবিবাহিত লোকে পাব পেঞ্চন! কি কি নথি-পত্ৰ প্ৰয়োজন হ’ব জানিবলৈ পঢ়ক! হাৰিয়ানা চৰকাৰে অবিবাহিত লোকৰ বাবে পেঞ্চন আঁচনি অনাৰ কথা চিন্তা কৰিছে। এই সন্দৰ্ভত কৰ্ণালত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘোষণা কৰিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে চৰকাৰে পেঞ্চন অনাৰ কথা চিন্তা কৰিছে অবিবাহিত লোকৰ বাবে। লগতে মুখ্যমন্ত্ৰী খট্টৰে কয় যে তেওঁৰ চৰকাৰে এমাহৰ ভিতৰত এই আঁচনি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত এজন ৬০ বছৰীয়া অবিবাহিত ব্যক্তিয়ে পেঞ্চন সন্দৰ্ভত কৰা অভিযোগৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে তেওঁৰ চৰকাৰে এখন আঁচনি আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। তাৰ পিছত ৪৫-৬০ বছৰ বয়সৰ অবিবাহিত লোক এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব।

অবিবাহিত আৰু বিধৱাৰ বাবে পেঞ্চনঃ ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘোষণা কৰিছে অবিবাহিত আৰু বিধৱাৰ বাবে পেঞ্চন। বৃদ্ধসকলৰ পেঞ্চন ৩ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী খট্টৰে। অহা ৬ মাহৰ বাবে এই প্ৰযোজ্য হ’ব। অৱশ্যে চৰকাৰৰ লগত জড়িত জেজেপিয়ে বৃদ্ধ পেঞ্চন ৫ হাজাৰ টকালৈ বৃদ্ধিৰ বাবে হেঁচা প্ৰয়োগ কৰা বুলিও শুনা গৈছিল। খট্টৰে কয় যে তেওঁ ৫১০০ টকা নহয়, ৩ হাজাৰ টকাৰ পেঞ্চনৰ প্ৰতিশ্ৰুতি দিছিল। তিনি হাজাৰ পেঞ্চন দি আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

তাৎপৰ্যপূৰ্ণভাৱে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ চৰকাৰে ৪৫-৬০ বছৰ বয়সৰ অবিবাহিত আৰু বিধৱাক পেঞ্চন দিয়াৰ কথা চিন্তা কৰিছে। স্বামীৰ মৃত্যুৰ পিছত ইতিমধ্যে বিধৱা মহিলাসকলক পেঞ্চন দিয়া হৈছে। যাতে তেওঁ আৰ্থিকভাৱে দুৰ্বল নহয়। কিন্তু এতিয়া হাৰিয়ানা চৰকাৰে এনে পুৰুষকো পেঞ্চন দিব।

হেৰাই গ’ল সেই সুমুধুৰ কণ্ঠ। বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ মৃত্যুত দৈনন্দিন বাৰ্তা গোষ্ঠী ফালৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ…

হেৰাই গ’ল সেই সুমুধুৰ কণ্ঠ। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ GMCHত শেষ নিশ্বাস ত্যাগ। ৮৫ বছৰ বয়সত GMCHত শেষ নিশ্বাস ত্যাগ কৰে সুদক্ষিণা শৰ্মাৰ। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা গীতিকাৰ, সুৰকাৰ দিলীপ শর্মাৰ পত্নী আছিল। শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ অজস্ৰ জনৰ। সুদক্ষিণা শৰ্মাৰ মৃত্যুত সংগীৰ ক্ষেত্ৰৰ লগতে সাংস্কৃতিক আৰু সামজাকি ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে। সামাজিক মাধ্যমত তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।


২০২২চনত আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত ৰবীন্দ্ৰ ভৱনত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী, সংগীতজ্ঞ সুদক্ষিণা শৰ্মাক দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে বঁটা আৰু সম্বৰ্ধনা জ্ঞাপন কৰোঁৱা হয়। তেখেতৰ মৃত্যুৰ খবৰে বাকৰুদ্ধ কৰিছে সকলোকে। দৈনন্দিন বাৰ্তা গোষ্ঠীৰ ফালৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

সাৱধান! দৈনিক ৰঙা চাহ বা নেমুৰ চাহ খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা…

সাৱধান! দৈনিক ৰঙা চাহ বা নেমুৰ চাহ খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা। যদি কোনো ব্যক্তিয়ে দৈনিক ৫-৮ কাপ চাহ খাই, তেন্তে তেওঁ পেটৰ লগত জড়িত ৰোগ আৰু আন বহুতো শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আচলতে বেছিভাগ মানুহেই ভাবে যে চাহ খালে এলাহ ভাৱ নাইকিয়া হয়। যদি কোনো ব্যক্তিয়ে দিনটোত একাপ বা দুকাপ চাহ খাই, তেন্তে ইয়াৰ কোনো ক্ষতি নহয়। কিন্তু যদি কোনো ব্যক্তিয়ে দিনটোত ৫-৮ কাপ চাহ খায়, তেন্তে তেওঁ পেটৰ লগত জড়িত সমস্যা আৰু ৰোগৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে। কেৱল গাখীৰৰ চাহে নহয় নেমু চাহ, ৰঙা চাহেও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

ৰঙা চাহ আৰু নেমু চাহ সেৱনে শৰীৰত অক্সালেটৰ পৰিমাণ বৃদ্ধি কৰে। ভিটামিন চি শৰীৰৰ বাবে অপৰিহাৰ্য। শৰীৰৰ সঠিক বৃদ্ধিৰ বাবে ভিটামিন চি অতি প্ৰয়োজনীয়। আমাক প্ৰতিদিনে ৭৫ৰ পৰা ৯০ মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। যদি শৰীৰত ভিটামিন চিৰ অভাৱ হয়, তেন্তে চিকিৎসকে ১০০০ মিলিগ্ৰামলৈকে ভিটামিন চিৰ পৰিপূৰক গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।

মনত ৰাখিব যদি চিকিৎসকে আপোনাৰ শৰীৰ পৰীক্ষা কৰাৰ পিছত ভিটামিন চি খাবলৈ লিখিছে, তেতিয়াহে ৰঙা চাহ বা নেমু চাহ খাব। কিন্তু যদি আপুনি ভিটামিন চিৰ টেবলেট বা নেমু চাহ, ৰঙা চাহ ডাক্টৰৰ পৰামৰ্শৰ অবিহনে সেৱন কৰিছে তেন্তে ই আপোনাৰ শৰীৰৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ ভিটামিন চি ভাঙি অক্সালেট গঠন হয় আৰু যাৰ বাবে কেলচিয়ামৰ পৰিমাণ বাঢ়ি বৃক্কত পাথৰ হৈ পৰে। লগতে শৰীৰত ইয়াৰ পৰিমাণ বৃদ্ধি হ’লে যকৃতৰ ৰোগ, বাতবিষৰ দৰে সমস্যা হ’ব পাৰে।

বিশ্বৰ আটাইতকৈ ধুনীয়া আৰু দামী গৰুটোৰ বিষয়ে জানেনে? ভাৰতৰ সৈতে গৰুটোৰ আছে বিশেষ সম্পৰ্ক…

বিশ্বৰ আটাইতকৈ ধুনীয়া আৰু দামী গৰুটোৰ বিষয়ে জানেনে? ভাৰতৰ সৈতে গৰুটোৰ আছে বিশেষ সম্পৰ্ক। পৃথিৱীৰ বহুতো পোহনীয়া জন্তুৰ বিষয়ে বিভিন্ন ধৰণৰ বিশ্বাস আছে। কিছুমানক পোহনীয়া জন্তুক দেৱতাৰ লগত তুলনা কৰা হয়। ভাৰতত গৰুক ভগৱানৰ মৰ্যাদা দিয়া হৈছে। সেইবাবেই মানুহে গৰুক সেৱা আৰু পূজা কৰে। বিশ্বৰ বিভিন্ন প্ৰজাতিৰ গৰুৰ বিশেষ কিবা এটা আছে। লগতে এটা গৰু আছে যাৰ খৰচ সৰ্বাধিক। ইয়াক পৃথিৱীৰ আটাইতকৈ দামী গৰু হিচাপে জনা যায়। ব্ৰাজিলৰ এটা গৰু বৰ্তমান সময়ত বহু চৰ্চাৰ বিষয় হৈ পৰিছে। এই গৰুৰ দাম পৃথিৱীৰ আন জাতৰ গৰুতকৈ বহু বেছি। এই গৰুটোৰ দামত বিলাসী গাড়ী আৰু বাসগৃহ লগতে আন বহুতো বস্তু কিনিব পাৰিব। এই গৰুটোৰ ভাৰতৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। এই গৰু জাতৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ, সেয়েহে এই গৰু জাতক নেল্লোৰ জাতৰ নামেৰে ৰখা হৈছে। ইয়াৰ পৰা এই জাতটো ব্ৰাজিললৈ পঠিওৱা হৈছিল আৰু পিছলৈ পৃথিৱীৰ আন আন ঠাইলৈও বিয়পি পৰিছিল।

নেল্লোৰ জাতৰ ভিয়েটিনা-১৯ এফ আই ভি মাৰা ইমোভিছৰ চাৰে চাৰি বছৰীয়া গৰুটো বিশ্বৰ আটাইতকৈ দামী গৰু। এই প্ৰজাতিৰ শ শ গৰু ব্ৰাজিলত পোৱা যায়। খবৰ অনুসৰি শেহতীয়াকৈ ব্ৰাজিলৰ আৰাণ্ডুত অনুষ্ঠিত নিলামত গৰুটোৰ তৃতীয়টো মালিকীস্বত্ব ৬৯.৯ কোটি ৰিয়েল (১১ কোটি টকা)ত বিক্ৰী কৰা হৈছে। যাৰ বাবে ইয়াৰ মুঠ খৰচ ৪৩ লাখ ডলাৰ (৩৫ কোটি টকা) হৈ পৰে। ভিয়াটিনা-১৯ এফ আই ভি মাৰা ইমোভিছক যোৱা বছৰ বিশ্বৰ আটাইতকৈ দামী গৰু হিচাপে ঘোষণা কৰা হৈছিল। ব্ৰাজিলত এই জাতৰ প্ৰায় ১৬ কোটি গৰু আছে। এই গৰুৰ নোম চিকচিকিয়া, ছাল ঢিলা। নেল্লোৰৰ গৰুবোৰ উষ্ণ জলবায়ুৰ লগত ভালদৰে খাপ খাই পৰে।

২২ বছৰ পূৰ্বে শ্ৰীলংকাক উপহাৰ হিচাপে দিয়া হাতী ঘূৰাই বিচাৰিছে থাইলেণ্ডে…

দেওবাৰে বিয়লি থাইলেণ্ডত উপস্থিত হয় ২৯ বছৰীয়া আৰু ৪০০০ কেজি ওজনৰ থাইলেণ্ডৰ হাতী সাক ছুৰিন, যাক মুথু ৰাজা বুলিও কোৱা হয়। থাইলেণ্ডৰ ৰাজ পৰিয়ালে ২০০১ চনত শ্ৰীলংকা চৰকাৰক সাক চুৰিনক উপহাৰ দিছিল।থাইলেণ্ড আৰু শ্ৰীলংকাৰ মাজত এটা হাতীক লৈ কূটনৈতিক বিবাদ। এই হাতীটো দুটা দশকৰ পূৰ্বে থাইলেণ্ডে শ্ৰীলংকাক উপহাৰ হিচাপে দিছিল যদিও হাতীটোক কৰা অসৎ আচৰণৰ বাবে পুনৰ লৈ যোৱা হৈছে হাতীটোক। শ্ৰীলংকাৰ এটা মন্দিৰত সাক চুৰিনক উপহাৰ দিয়া হৈছিল, য’ত ই নতুন নাম লাভ কৰে আৰু ধৰ্মীয় শোভাযাত্ৰাৰে সন্মান জনোৱা হৈছিল। পিছলৈ হাতীটোক নিৰ্যাতন আৰু অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰেলী ফৰ এনিমেল ৰাইটছ এণ্ড এনভাইৰনমেণ্টৰ এটা কৰ্মী সংগঠনে।

যোৱা বছৰ ৰেয়াৰে থাইলেণ্ড কৰ্তৃপক্ষক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছিল, সেই সময়লৈকে মুথু ৰাজা কাণ্ডে বিহাৰয়া মন্দিৰত বাস কৰিছিল। যোৱা নৱেম্বৰ মাহত মন্দিৰটোৱে হাতীটোক শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰাণীবিজ্ঞান উদ্যানলৈ স্থানান্তৰিত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।ৰেইৰে দাবী কৰে যে হাতীটোৰ ভৰিখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ ঘাঁ বহুদিনৰ পৰা আওকাণ কৰা হৈছিল। চিৰিয়াখানাৰ পশু চিকিৎসক মাদুছা পেৰেৰাই এএফপিক জনোৱা মতে, যোৱা বছৰ বৌদ্ধ মন্দিৰৰ পৰা উদ্ধাৰ কৰাৰ সময়ত মুথু ৰাজা বিষত ভুগিছিল। শ্ৰীলংকাত হাতীক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু আইনৰ দ্বাৰাও সুৰক্ষিত। কিন্তু মুথু ৰাজা মন্দিৰৰ পৰা আঁতৰি যোৱাত অসন্তুষ্টি প্ৰকাশ কৰি ৰেয়াৰে কয় যে জন্তুটোক অৱহেলা কৰাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে গোচৰ চলাব লাগে।

অৱশেষত ৭ লাখ ডলাৰ খৰচেৰে বিমানেৰে থাইলেণ্ডলৈ লৈ যায় মুথু ৰাজাক।

শ্ৰীলংকা চৰকাৰৰ আগত মুথু ৰাজাৰ স্বাস্থ্যৰ বিষয়টো উত্থাপন কৰাত ব্যৰ্থ হোৱাৰ বাবে থাইলেণ্ড চৰকাৰৰ কাষ চাপিবলগীয়া হৈছে। এই গোটটোৱে লগতে কয় যে শ্ৰীলংকাৰ বন্যপ্ৰাণী কৰ্তৃপক্ষই সময়মতে হস্তক্ষেপ নকৰাৰ বাবেই দেশখনক বদনাম কৰা হৈছে।

প্ৰভাস-দীপিকাৰ ছবিৰ কাহিনী ফাদিল! আধুনিক যুগৰ ভগৱানৰ ৰূপত দেখিব প্ৰভাসক…

আদিপুৰুষ মুক্তিৰ পিছত নায়ক প্ৰভাসৰ কোনো খবৰ নাই। আচলতে ছবিখনৰ মুক্তিৰ পিছৰে পৰা সকলো অভিনেতা নিমাত হৈ আছে। ইফালে প্ৰভাসৰ পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা হৈছে। প্ৰথমে সাহো, তাৰ পিছত ৰাধেশ্যাম আৰু শেহতীয়াকৈ মুক্তি পোৱা আদিপুৰুষ। এই তিনিওখনতে প্ৰভাসে বক্স অফিচত সফলতাৰ মুখ নেদেখিলে। ইয়াৰ পিছত এতিয়া সকলোৰে দৃষ্টি প্ৰভাসৰ আগন্তুক ছবিৰ ওপৰত। প্ৰভাসৰ আগন্তুক ছবি দুখনৰ নাম হৈছে ছালাৰ আৰু প্ৰজেক্ট কে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত তেলেগু, হিন্দী, তামিল, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি পাব ছালাৰ। প্ৰজেক্টত আছে দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু দিশা পাটানীৰ দৰে বলীউডৰ তাৰকা। শেহতীয়াকৈ এই অভিলাষী ছবিখনত কমল হাছানৰো এণ্ট্ৰি হৈছে।

কোৱা হৈছে যে নাগ অশ্বিনৰ প্ৰজেক্টটো আচলতে কল্কী অৱতাৰৰ কাহিনী। সংবাদ মাধ্যমত অহা এই আলোচনা অনুসৰি নাগ অশ্বিনে হলিউডৰ মাৰ্ভেল ছবিৰ ধাৰাৰে এই কল্পবিজ্ঞান-কল্পকাহিনীৰ সৃষ্টি কৰিছে। য’ত কল্পনা, অতিপ্ৰাকৃতিক আৰু একচন অন্তৰ্ভুক্ত। অশুভৰ ওপৰত শুভ জয়ৰ সহজ কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন।

কোৱা হৈছে যে পৰিচালকে প্ৰকল্পটোত হিন্দু শাস্ত্ৰত লিপিবদ্ধ কৰা ভগৱান বিষ্ণুৰ দশম অৱতাৰ কল্কিৰ কল্পনা উপলব্ধি কৰিছে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি ভগৱান বিষ্ণুৱে অশুভ ধ্বংস কৰিবলৈ প্ৰতিটো যুগত অৱতাৰ লয়। প্ৰকল্পটোত প্ৰভাক কলিযুগৰ ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে দেখা যাব। এই অৱতাৰজন হ’ব আধুনিক নায়ক, যিয়ে আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিৰে এই যুগৰ খলনায়কসকলৰ সৈতে যুঁজিব। সকলো আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিৰে সজ্জিত কল্কি অৱতাৰ দেখুৱাব পৰিচালকে। প্ৰজেক্ট কেৰ কাহিনীয়ে ক’ব যে প্ৰজেক্ট কেত কেনেকৈ কল্কি অৱতাৰ আমন্ত্ৰণ কৰা হৈছে আৰু ঈশ্বৰৰ এই অৱতাৰে এই পৃথিৱীখনক খলনায়কৰ পৰা ৰক্ষা কৰে।

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ…

অৱশেষত ভাৰতীয় জাতীয় দলত স্থান কৰিলে এগৰাকী অসম কন্যাই। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰগৰাকী হৈছে উমা ছেত্ৰী।

উমা ছেত্ৰীয়ে টী-২০ আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে ।

তেওঁ বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া তিনিখনকৈ টী-২০ আৰু এদিনীয়াত খেলিব।

দেওবাৰ বিচিচিআয়ে ঘোষণা কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলৰ নাম।

উমা এগৰাকী প্ৰতিভাৱান উইকেটকীপাৰ আৰু বেটাৰ।

প্ৰতিদিনে ৰাতিপুৱা খোজ কাঢ়ক। দূৰ হ’ব শৰীৰৰ এই তিনি সমস্যা…

ব্যস্ততাপূৰ্ণ জীৱনত মানুহে খোজ কাঢ়িবলৈ সময়ে নাপায়। কিন্তু যদি আপুনি ৰাতিপুৱা খোজ কঢ়াৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আপুনি নিশ্চয় ইয়াৰ বাবে সময় উলিয়াব। এয়া এক ব্যায়াম, বহু স্বাস্থ্য বিশেষজ্ঞই দৈনিক ৫০০০ খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়ে । স্বাস্থ্য সচেতন লোকসকলে প্ৰায়ে ৰাতিপুৱা সোনকালে খোজ কাঢ়ে। কিন্তু ব্যস্ত জীৱনশৈলীৰ বাবে বহুতে এই কাম কৰিবলৈ সময় উলিয়াব নোৱাৰে। সুস্বাস্থ্যৰ বাবে দৈনিক ৰাতিপুৱা ২০ৰ পৰা ৩০ মিনিট খোজ কাঢ়িব লাগে।

ৰাতিপুৱা খোজ কঢ়াৰ সুবিধা-

যদি আপুনি দৈনিক ৰাতিপুৱা আধা ঘণ্টা খোজ কাঢ়ে, তেন্তে হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি হ’ব। লগতে আপোনাৰ শ্বাস-প্ৰশ্বাসৰ ফলত আপোনাৰ ষ্টেমিনা বহুত বাঢ়ি যায়, তাৰ পিছত আপুনি বহুতো কঠিন কাম কৰিব পাৰিব।

২) ওজন কমোৱাত সহায় কৰে
বৰ্তমান বিশ্বৰ বহু লোক মেদবহুলতাৰ বাবে সমস্যাৰ সন্মুখীন হয়। আনহাতে কঁকালৰ চৰ্বি কমোৱাটো কঠিন হৈ পৰিছে। ইয়াৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱাই খোজ কাঢ়িবলৈ সময় উলিয়াব লাগিব। ইয়াৰ ফলত মেদবহুলতা হ্ৰাস পাব আৰু লগতে উচ্চ কলেষ্টেৰল, ডায়েবেটিছ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনাও হ্ৰাস পাব।

৩) হৃদৰোগ প্ৰতিৰোধ
নিয়মীয়াকৈ মৰ্নিং ৱাক কৰা লোকসকলে ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ, ট্ৰিপল ভেছেল ডিজিজ, হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে, কাৰণ ই তেজত জমা হোৱা চৰ্বি হ্ৰাস কৰে।