এই সন্দৰ্ভত কামৰূপ মেট্ৰৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ডিচিপি, এডিচি, চাইল্ডলাইন আদি বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈ সকলো অংশীদাৰক পুনৰ্বাসন অভিযানত অংশগ্ৰহণ অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিয়ে।
বৈঠকত সিদ্ধান্ত লোৱা হয় যে অহা দহ দিনৰ ভিতৰত পথত বসবাস কৰা লোকসকলক উদ্ধাৰ কৰি নৈশ আশ্ৰয় শিবিৰলৈ অনাৰ বাবে নিয়মীয়া অভিযান চলাব পৰাকৈ এটা টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব।
এম আৰ আই আদি কৰাৰ পিছত দেখা যায় যে তেওঁৰ ভৰিৰ লিগামেণ্টবোৰ আঘাতপ্ৰাপ্ত হৈছে। কঁকালতো আঘাতপ্ৰাপ্ত হৈছে। আচলতে ডাক্তৰে তেওঁক ভৰ্তি কৰিব বিচাৰিছিল। কিন্তু মমতা ৰাতি কালিঘাট ঘৰলৈ উভতি গ’ল। বুধবাৰলৈ ঘৰতে জিৰণি লৈ আছে।
প্ৰভাস আৰু কৃতি শ্বেনন অভিনীত ছবি ‘আদিপুৰুষ’ৰ বিতৰ্ক, বহু বাধা অতিক্ৰম কৰি চলিত মাহত মুক্তি লাভ কৰিলে ছবিখনে৷ বিপুল খৰছত নিৰ্মিত ‘ৰামায়ণ’ৰ আধুনিক সংস্কৰণ ছবিখন। মুক্তিৰ পূৰ্বেও দৰ্শক আৰু অনুৰাগীৰ উন্মাদনা স্পষ্ট হৈ পৰিছিল। কিন্তু ছবিগৃহত মুক্তি পোৱাৰ পাছত বিশেষ সঁহাৰি নাপালে ‘আদিপুৰুষ’ ছবিয়ে।