Home Blog Page 1499

৫০ বছৰ বয়সতো জাপানী মানুহক ২৫ বছৰীয়া যেন কিয় লাগে? ইয়াৰ ৰহস্য জানক…

যদি আপুনি জাপানীসকলৰ দৰে ধুনীয়া হৈ থাকিব বিচাৰে তেন্তে আজি আমি আপোনাৰ বাবে লৈ আহিছো জাপানীজ ডায়েট। যি পদ্ধতি চেষ্টা কৰি আপুনিও আপোনাৰ ছালত বয়স বৃদ্ধিৰ প্ৰভাৱ বন্ধ কৰি দীৰ্ঘদিনলৈ ধুনীয়া হৈ থাকিব পাৰে। খাদ্য আৰু জীৱনশৈলীৰ বাবে সমগ্ৰ বিশ্বতে জাপানী মানুহ বিখ্যাত। তেওঁলোকৰ খাদ্যাভ্যাস অতি সুষম। সেইবাবে তেওঁলোকৰ ছালখন সদায় ধুনীয়া আৰু জিলিকি থকা দেখা যায়। সেইবাবেই জাপানী মানুহক দেখি এই প্ৰশ্নটো আমাৰ মনলৈ আহে যে তেওঁলোকৰ কাদ্যৰ বাবে ৫০ বছৰ বয়সতো তেওঁলোকক ২৫ বছৰীয়া যেন লাগে। আপুনিও যদি জাপানীসকলৰ দৰে ধুনীয়া দেখাব বিচাৰে তেন্তে আজি আমি আপোনাৰ বাবে লৈ আহিছো জাপানীজ ডায়েটৰ বিষয়ে…

লাহে লাহে খাব আৰু চোবাই খাব-
জাপানী মানুহে সদায় সময় উলিয়াই পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে খাদ্য খাবলৈ বহে। যাতে তেওঁলোকে লাহে লাহে, চোবাই খাই আৰু খাদ্য উপভোগ কৰে। ইয়াৰ দ্বাৰা খোৱা খাদ্য ভালদৰে হজম হয়।

কেৱল পেট ভৰোৱাৰ বাবে খোৱা-
জাপানী মানুহৰ এটা বিশেষ কথা হ’ল তেওঁলোকে কেৱল পেট ভৰোৱাৰ বাবেহে খাদ্য খায়। এই কাৰণে তেওঁলোকৰ প্লেটবোৰ খুব সৰু। ইয়াৰ ফলত তেওঁলোকৰ খাদ্য অতিৰিক্ত কেলৰিৰ বাবে সম্পূৰ্ণ হয়।

দুপৰীয়া আৰু ৰাতিৰ আহাৰতকৈ ব্ৰেকফাষ্ট বেছি গুৰুত্বপূৰ্ণ বুলি বিশ্বাস কৰে তেওঁলোকে। সেইবাবেই আপুনি দিনটোৰ আৰম্ভণিতে স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব লাগে। জাপানীসকলে কম স্বাস্থ্যকৰ খাদ্যৰ সম্পূৰ্ণ যত্ন লয়।

জাপানী মানুহে অতি স্বাস্থ্যকৰ আৰু ভাল বস্তু খায়। কিন্তু মিঠা খাদ্য প্ৰায় এৰাই চলে। সেইবাবেই অতি কম সংখ্যক জাপানী লোকে মিঠাই বা মিঠা ব্যঞ্জন খাইহে ভাল পায়।

জাপানী মানুহে সদায় কম সময়ত ৰন্ধা খাদ্য সামগ্ৰী খাবলৈ ভাল পায়। এনে খাদ্য সহজে হজম হয়। সেইবাবেই জাপানী মানুহে ৰন্ধা-বঢ়াৰ বাবে ভাপত দিয়া, ব্ৰইলিং কৰা আৰু য়েষ্টিৰ ফ্ৰাই কৰা আদি পদ্ধতি গ্ৰহণ কৰে। একে সময়তে তেওঁলোকৰ খাদ্যত প্ৰায় তেল নাথাকে।

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে তিনি দিনত দহখন বাটৰ নাট প্ৰদৰ্শন, সাত শতাধিক লোকৰে স্বাক্ষৰিত পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ সহযোগত ২৩ জুনৰ পৰা কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত তিনিদিনীয়া সজাগতামূলক বাটৰ নাট কাৰ্যসূচীৰ দেওবাৰে বিয়লি সামৰণি পৰে।

‘ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰি ৰাইজৰ জীৱন ৰক্ষা কৰক’ শীৰ্ষক বার্তাৰে ২৩ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত বাটৰ নাট কাৰ্যসূচী ২৩ জুনৰ পুৱা হেঙেৰাবাৰীস্থিত স্বাস্থ্য সেৱা সঞ্চালকালয় চৌহদত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, অতিৰিক্ত সঞ্চালক ডাঃ ৰূপলাল নুনিচা, যুটীয়া সঞ্চালক ডাঃ ভানু শইকীয়া আৰু ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ৰাজ্যিক নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকাই।

উদ্বোধনী ভাষণত সঞ্চালক ডাঃ দাসে উদ্বিগ্নতা প্ৰকাশ কৰি কয় – ‘ধঁপাত কোম্পানী বিলাকে অতি কৌশলপূৰ্ণ আৰু পৰিকল্পিতভাৱে কিশোৰ আৰু যুৱ প্ৰজন্মক লক্ষ্য হিচাপে লৈ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ এখন বিশাল বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে। ধঁপাত সেৱনৰ ফলত কৰ্কট, হাওঁফাওঁ আৰু হৃদজনিত ৰোগীৰ সংখ্যা ভয়াবহ ভাবে বৃদ্ধি পাই আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ধঁপাত নিয়ন্ত্ৰণ আইনক অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে’।

এই তিনিদিনীয়া কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ ডাউন-টাউন, হেঙেৰাবাৰী, গুৱাহাটী ৰেলৱে ষ্টেচন, ধীৰেনপাৰা, আদাবাৰী বাছ আস্থান, জালুকবাৰী, লখৰা, বামুনিমৈদাম বজাৰ, নাৰেংগী বজাৰ আৰু ফাঁচীবজাৰত ১০ খন সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

বাটৰ নাট কাৰ্যসূচীৰ সময়ছোৱাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই ধঁপাত সেৱনৰ ফলত মানৱ দেহত পৰা ভয়াবহ প্ৰভাৱৰ বিষয়ে উপস্থিত দৰ্শকৰ মাজত সজাগতা চলোৱাৰ উপৰিও ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ বাবে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিবেশনত বিষয়টো জৰুৰী ভাৱে বিবেচনা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়।

তিনিদিনীয়া বাটৰ নাট কাৰ্যসূচীৰ সময়চোৱাত ফৰামৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ড লৈ ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবী জনায়।

বাটৰ নাট কাৰ্যসূচীৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত সাত শতাধিক লোকে স্বাক্ষৰ কৰা এখন পত্ৰ দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ প্ৰেৰণ কৰা হয়। এই পত্ৰ খনৰ জৰিয়তে ধঁপাতৰ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান জনোৱা হয়।

বাটৰ নাট কাৰ্যসূচীৰ সময়চোৱাত ফৰামৰ উদ্যোগত তিনিদিন ধৰি সৰ্বসাধাৰণ লোকৰ মাজত এই স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হয়।

তেজপুৰত নতুন শৈলীৰ ইন্টিমেট থিয়েটাৰৰ শীত তাপ নিয়ন্ত্ৰিত ষ্টুডিঅৰ শুভাৰম্ভ, জে বি প্ৰডাকচনৰ উদ্যোগত “মহবুব ষ্টুডিঅ” ৰ শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট ব্যক্তিৰ অংশ গ্ৰহণ 

নাটশিল্প ক্ষেত্ৰখনত হৈ থকা নতুন নতুন পৰীক্ষা, সম্পৰীক্ষাৰ মাজতে শনিবাৰে সন্ধিয়া তেজপুৰত শুভাৰম্ভ হ’ল “ইন্টিমেট থিয়েটাৰ” ৰ এটি ষ্টুডিঅ। মূলতঃ নাট মঞ্চস্থৰ ক্ষেত্ৰত দেখা দিয়া ব্যয় বহুলতা দূৰ কৰি আধুনিক শৈলী উপস্থাপনেৰে বৰ্তমান সময়ৰ তৰুণ প্ৰজন্মৰ ছিৰিয়াছ নাট্যশিল্পী সমূহে অতি কম সময়ৰ ভিতৰত সীমিত ব্যয়েৰে নাট নিবেদন কৰিব পৰা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰত দীৰ্ঘদিন ধৰি ৰুচীশীলতাৰে পৰিশীলিত ৰূপত নাট্য চৰ্চা অব্যাহত ৰখা “জে বি প্ৰডাকচন” ৰ উদ্যোগত “মহবুব ষ্টুডিঅ” নামেৰে গঢ়ি উঠা এই ষ্টুডিঅটো শনিবাৰে সন্ধিয়া তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই।

উল্লেখ্য যে, জে বি প্ৰডাকচনৰ সম্পাদিকা, বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে প্ৰয়াত পিতৃ তথা নিজৰ অভিনয়ৰ প্ৰথম গুৰু, বিশিষ্ট নাট্যকাৰ মহবুবৰ ৰহমানৰ সোঁৱৰণত গঢ়ি তোলা “মহবুব ষ্টুডিঅ” ৰ শুভাৰম্ভণি অনুষ্ঠানটিতেই তিনিটা দৰ্শনীত জে বি প্ৰডাকচনে নিবেদন কৰে প্ৰসিদ্ধ নাট্যকাৰ নিৰ্মল বাৰ্মাৰ মূল কাহিনীৰ আধাৰত ডাঃ জাহানাৰা বেগমে অসমীয়া অনুবাদ কৰা আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ভাস্কৰ বৰুৱা পৰিকল্পিত আৰু পৰিচালিত নাটক” এচেৰেঙা ৰ’দ”।

বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তথা জে বি প্ৰডাকচনৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ২০১৭ চনৰ ১ মাৰ্চত পৰলোকপ্ৰাপ্তি ঘটা প্ৰয়াত নাট্যকাৰ তথা আৰ্টফেডৰ প্ৰতিষ্ঠাপক সঞ্চালক মহবুবৰ ৰহমানৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি “মহবুব ষ্টুডিঅ” শুভাৰম্ভ কৰাৰ লগতে ষ্টুডিঅটিৰ প্ৰথমখন অন্তৰংগ নাটক “এচেৰেঙা ৰ’দ” বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ক্ৰমে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ তথা লেখক ডাঃ কৰুণা হাজৰিকা, বিশিষ্ট নাট্যকাৰ – পৰিচালক ঐশ্বৰ্য্য কাকতি আৰু বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ।

জে বি প্ৰডাকচনৰ সভাপতি ডাঃ গোপেন্দ্ৰ মোহন দাসে আৰু সদস্য ডা: অংকুৰ গোপেন্দ্ৰ দাসে অতিথি সকলক একোখনকৈ গামোচাৰে আদৰণী জনোৱা শুভাৰম্ভণি অনুষ্ঠানটিত ভাষণ আগবঢ়াই শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই নাটক নিবেদন কৰিব পৰা এই “মহবুব ষ্টুডিঅ” ই তৰুণ প্ৰজন্মৰ নাটকৰ শিকাৰু তথা নাটশিল্পৰ প্ৰতি আগ্ৰহ থকা সকলক এক নতুন দিশৰ সন্ধান দিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰাৰ লগতে এই ষ্টুডিঅটিয়ে সাংস্কৃতিক নগৰী তেজপুৰৰ গৌৰৱৰ পথ আৰু অধিক প্ৰশস্ত কৰি তুলিব বুলি কয়।

বিশিষ্ট শিক্ষাবিদ ড° ভুবনেশ্বৰ চহৰীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,বিশিষ্ট শিক্ষাবিদ, বিজ্ঞান লেখক ড° ৰমেশ চন্দ্ৰ গোস্বামী,প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, বাণথিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, ভৱানন্দ দাস, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথ, প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী,বিশিষ্ট নাট্যকাৰ পৰিচালক কৰুণা শইকীয়া, দৰংমহাবিদ্যালয়ৰ অধ্যাপিকা ড° স্বপ্নালী কাকতি, প্ৰবীণ লেখিকা শশীপ্ৰভা মিশ্ৰ, বিশ্বনাথ চাৰিআলিৰ প্ৰগতিশীল নাট্যশিল্পী কুশল ডেকা, গৌতম পাঠক, সাংস্কৃতিক কৰ্মী শেখৰ বৰুৱা, ইন্দ্ৰানী তামুলী, দুলুমণি বৰা, স্তুতিমালা শইকীয়া, আদিৰ উপস্থিতিত এই শুভাৰম্ভণি অনুষ্ঠানত বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই নতুন শৈলীত কম খৰছতে, কম সময়তে নাটক কৰাৰ সুবিধা থকা এই ষ্টুডিঅটিয়ে গ্ৰাম্যাঞ্চলৰ তৰুণ প্ৰজন্মৰ নিষ্ঠাবান নাট্যশিল্পীৰ লগতে আধুনিক চিন্তা – চৰ্চাৰে নাটক কৰিবলৈ আগবাঢ়ি অহা তৰুণ প্ৰজন্মক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে এই শুভাৰম্ভণি অনুষ্ঠানৰ পিছতেই প্ৰথম দিনটোতে তেজপুৰৰ একাংশ ৰুচীশীল দৰ্শকে প্ৰথমবাৰৰ বাবে তিনিটা দৰ্শনীত দেশৰ প্ৰখ্যাত নাট্যকাৰ নিৰ্মল বাৰ্মাই ৰচনা কৰা “ধূপ কা এক টুকুৰা” শীৰ্ষক নাটকৰ অসমীয়া অনুবাদ “এচেৰেঙা ৰ’দ” নতুন শৈলীত উপভোগ কৰি আপ্লুত হৈ পৰে।উল্লেখ্য যে পৰিচালক ভাস্কৰ বৰুৱাৰ লগতে আন দুটি চৰিত্ৰত ময়ূৰ গোপেন্দ্ৰ দাস আৰু দিশা শইকীয়াই অভিনয় কৰা নাটকখনৰ সংগীত সংযোজনা আছিল বাদল কাকতিৰ, গীতত কণ্ঠদান কৰিছিল লক্ষ্যজ্যোতি বৰুৱা, পোহৰ নিয়ন্ত্ৰণত আছিল শিৱম শইকীয়া, সাজসজ্জা ইন্দ্ৰানী তামুলীৰ লগতে মঞ্চসজ্জাত পেইণ্টিং কৰিছিল বিৰাজ দাসে।

গুৱাহাটী ক্ৰীড়া সন্থাৰ আজীৱন সদস্য আৰু মুখ্য উপদেষ্টা হ’ল মুখ্যমন্ত্ৰী; ক্ৰীড়া উন্নয়নৰ পৰিকল্পনাত সহযোগিতাৰ আশ্বাস

গুৱাহাটী ক্ৰীড়া সন্থাৰ আজীৱন সদস্য হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দেৱজিত শইকীয়াৰ নেতৃত্বত সন্থাৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী ড° শৰ্মাক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে আজীৱন সদস্য পদৰ মানপত্ৰ প্ৰদান কৰে৷

মুখ্যমন্ত্ৰীয়ে এই আজীৱন সদস্য পদ লাভ কৰি অতিশয় আনন্দিত বুলি প্ৰকাশ কৰে আৰু নিজে এসময়ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গুৱাহাটী ক্ৰীড়া সন্থাই তেওঁক এই সন্মানৰ বাবে বাছনি কৰাটো গৌৰৱৰ কথা বুলি কয় ৷

উল্লেখ্য যে বিগত ৬ মে’ত সন্থাৰ সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰীক আজীৱন সদস্য পদ যঁচাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ আনহাতে, ১৮ জুনত হোৱা বিশেষ সাধাৰণ সভাই মুখ্যমন্ত্ৰীক সন্থাৰ মুখ্য উপদেষ্টা তথা পৃষ্ঠপোষকৰ পদো যঁচাৰ সিদ্ধান্ত লৈছিল ৷

দেওবাৰে এই বিষয়েও তেওঁক জনোৱা হয় আৰু তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ তেওঁ ক্ৰীড়াৰ উন্নতিৰ লগতে গুৱাহাটী ক্ৰীড়া সন্থাৰ পুৰণি গৌৰৱ ঘূৰাই অনাৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আৰু ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

সন্থাৰ প্ৰতিনিধি দলটোৱে লগতে সন্থাই হাতত লোৱা পৰিকল্পনা, বিশেষকৈ ফুটবল লীগৰ পুনৰ্গঠনৰ বিষয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰে ৷ সাধাৰণ সম্পাদক শইকীয়াই বৰদলৈ ট্ৰফী পুনৰুজ্জীৱিত কৰাৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে আগবঢ়োৱা প্ৰস্তাৱৰ বিষয়ে জনায় ৷

মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তাৱ পৰীক্ষা কৰি সিদ্ধান্ত ল’ব বুলি জনায় আৰু সন্থাৰ সকলো উন্নয়নমূলক আঁচনিত সহযোগ আগবঢ়াব বুলি কয় ৷ সন্থাৰ প্ৰতিনিধি দলটোত উপ সভাপতি ভোলা বড়ো, কোষাধ্যক্ষ অমিয় কুমাৰ কলিতা আৰু যুটীয়া সম্পাদক কাজল পাল চৌধুৰীও উপস্থিত আছিল৷

মটক জনগোষ্ঠীৰ বিশিষ্ট বুৰঞ্জীবিদ, সমাজ বিজ্ঞানী তৰুণ গগৈক সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ প্ৰদান

অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ,কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শনিবাৰে বালিজান নাহৰণি জনকল্যাণ সংঘৰ খেলপথাৰত ’বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ প্ৰদান অনুষ্ঠানটি সুকলমে অনুস্থিত হৈ যায়।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই উক্ত অনুষ্ঠানৰ মুকলি সভাৰ আদৰণি ভাষণত কয় ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিচক্ষণ সেনাপতি আছিল বীৰপুৰুষ মতাটুকুৰা বৰুৱা।

এইগৰাকী মহান বিপ্লৱী নেতা অকল যোদ্ধাই নহয়, তেখেত আছিল একাধাৰে সেনাপতি,নিপুণ শিল্পী,সু-সংগঠক আৰু ধৰ্ম পৰায়ণ ব্যক্তি।কালৰ কুটিল গ্ৰাসত এই মহান বিপ্লৱী নেতাগৰাকীৰ মূল্যায়ণ তেনেই সীমিত। সেয়েহে বীৰপুৰুষ গৰাকীক সন্মান জনাই তেখেতৰ কৰ্মৰাজিক জগতসভাত চিনাকী কৰাই দিবলৈ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে প্ৰৱৰ্তন কৰিছিল ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’।


সেয়েহে বেংমৰা মটক ৰাজ্যৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগবঢ়োৱা বিচক্ষনতাৰ ফলশ্ৰুতিত যি বঁটা প্ৰদানৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ উক্ত বঁটাটি ‘বীৰ পুৰুষ মটাটুকুৰা বৰুৱা সমন্বয় বঁটা’ প্ৰদান অনুষ্ঠানটিৰ মুকলি সভাৰ শুভ মুহূৰ্তত অসমী আইৰ সুযোগ্য সন্তান ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ বিশিষ্ট লেখক,বুৰঞ্জীবিদ,সমাজ বিজ্ঞানী,চিন্তাবিদ তৰুণ গগৈক ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ৰ এখনি প্ৰশস্তিপত্ৰ সহ শৰাই ,চেলেং,স্মাৰক প্ৰদান কৰা হয়।

মুকলি সভাৰ সভাপতি কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্য গোঁহাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা ,সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোঁহাই,মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোঁহাই,তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা উদয় শংকৰ মহন,উপ সভাপতি নিযুত বৰা আৰু বিজু বৰুৱা,সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ধৰণী গোঁহাই,সহ: সম্পাদক দেৱজীত বৰুৱা,মটক স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সৰুজ গোঁহাই,উপাধ্যক্ষ দেৱঋষি চেতিয়া,আটাছুৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাই,টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভিগু হাতীমূৰীয়া,বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সভাপতি হেমন্ত বৰা,সচিৱ ৰণ্টু পানী ফুকণ,অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত সচিৱ দিপক কুমাৰ বৰুৱা,বিশিষ্ট সাংস্কৃতিক কৰ্মী শৈলেন কুমাৰ বৰুৱা,বিশিষ্ট কবি,লেখক অমৃত ৰাজখোৱা,আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহ: সম্পাদক লাজাৰ নন্দ,সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী বিজয়া বৰুৱা,সমাজ সেৱিকা ঝৰণা গগৈ, দিনজয় জিলা পৰিষদৰ সদস্য অমল শইকীয়া,পানীতোলাৰ সমাজ সংগঠক মৃদুপৱন চেতিয়া,বালিজান নাহৰণিৰ জনকল্যাণ সংঘৰ সভাপতি বিনোদ কাকতি,সম্পাদক হৰিশ বড়া,উদ্‌যাপন সমিতিৰ সভাপতি ক্ষিৰোদ কাকতি,যুটীয়া সম্পাদক চানজ্যোতি বৰুৱা, মটক জনগোষ্ঠীৰ সমাজ সেৱক বলীন চেতিয়া।

৯১ গৰাকী নিকটাত্মীয়লৈ পেন্সন, লোকতন্ত্ৰ সেনানীক স্মৰণ অসম চৰকাৰৰ

৪৮ বছৰ পূৰ্বে অৰ্থাৎ ১৯৭৫ চনৰ আজিৰ দিনটোত দেশত ঘোষণা কৰা হৈছিল জৰুৰীকালীন অবস্থা। লোকতন্ত্ৰৰ সেনানী সকলক দেওবাৰে অসম চৰকাৰে শ্ৰদ্ধাৰে সোৱঁৰণ কৰাৰ লগতে ৯১ গৰাকী নিকটাত্মীয়লৈ মাহিলী পেন্সন ঘোষণা কৰে৷

উল্লেখযোগ্য যে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অবস্থা ঘোষণা কৰি প্ৰয়াত মোৰাৰজী দেশাই, অটল বিহাৰী বাজপেয়ী, জৰ্জ ফাৰ্ণাণ্ডেজ আদি ৰাজনৈতিক নেতাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ২১ মাহৰ বাবে বলবৎ হোৱা জৰুৰীকালীন অৱস্থাই দেশত লোকতন্তৰ ধ্বংসৰ আখৰা বুলি চৰ্চিত হৈ আহিছিল। কিন্তু একাংশ দেশভক্তৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।

বৰং ভাৰতত গৌৰৱেৰে উৰিছিল লোকতন্ত্ৰৰ বিজয় ধ্বজা। চলিত বৰ্ষৰ ১৯ এপ্ৰিলত অসম চৰকাৰৰ কেবিনেট বৈঠকত লোকতন্ত্ৰৰ সেনানী সকলক সোৱঁৰণ কৰাৰ লগতে যি সকলৰ পত্নী অথবা অবিবাহিতা কন্যা আছে তেওঁলোকক মাহিলী পেন্সন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

সেই মৰ্মে দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৩০০ গৰাকী লোকতন্ত্ৰৰ সেনানীক শ্ৰদ্ধা সহকাৰে সোৱঁৰণ কৰাৰ লগতে তেওঁলোকৰ নিকটাত্মীয় ৯১ গৰাকীক মাহিলী ১৫ হাজাৰ টকাকৈ পেন্সন প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ড° শৰ্মাই প্ৰয়াত লোকতন্ত্ৰৰ সেনানী সকলক গভীৰ শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ ত্যাগ আৰু অবদান সোৱঁৰণ কৰে।

আনহাতে তেওঁলোকৰ জীবিত পত্নী আৰু অবিবাহিতা কন্যাক এতিয়াৰে পৰা মাহিলী ১৫ হাজাৰ টকাকৈ পেন্সন প্ৰদানৰ বিষয়েও ঘোষণা কৰে।

ভৱিষ্যতৰ চিকিৎসকসকলে গাঞ্জা খেতি কৰে, গ্ৰাহক আন ছাত্ৰ-ছাত্ৰী! গ্ৰেপ্তাৰ ৫ জন

ভাং খেতি আৰু ভাং ব্যৱসায়ৰ অভিযোগত ৫ জন চিকিৎসা বিজ্ঞানৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

কৰ্ণাটক আৰক্ষীৰ তথ্য অনুসৰি নিষিদ্ধ ড্ৰাগছৰ খেতি আৰু ব্যৱসায়ৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা পাঁচজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আটাইকেইজনেই ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত পঢ়ে। এম বি বি এছৰ চূড়ান্ত বৰ্ষৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বিঘ্নাৰাজ, বিনোদ কুমাৰ, পাণ্ডিদোৰাই আৰু অৰ্পিতা। ছাত্ৰ ছাত্ৰী কেইজন তামিলনাডু আৰু কৰ্ণাটক ৰাজ্যৰ বাসিন্দা।

গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰি শুকুৰবাৰে কৰ্ণাটক আৰক্ষীয়ে এটা বাসগৃহত অভিযান চলায়। গুৰপুৰা অঞ্চলত অৰ্পিতা আৰু আব্দুল খায়্যাম নামৰ দুজনক সন্দেহজনক কাম কৰাৰ অভিযোগত জেৰা আৰম্ভ কৰে। ইয়াৰ পিছত তাৰ পৰা প্ৰায় ২০ হাজাৰ টকাৰ গাঞ্জা উদ্ধাৰ কৰা হয়। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ দুজনক জেৰা কৰাৰ পিছত তদন্তকাৰীয়ে আন একাংশ অভিযুক্তক উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ বিঘনাৰাজে ভাড়াঘৰত গাঞ্জাৰ খেতি আৰম্ভ কৰিছিল। ভাং খেতিৰ বিষয়ে অধ্যয়ন কৰিছিল। ইণ্টাৰনেটত এই বিষয়ে তথ্য সংগ্ৰহ কৰাৰ পিছত অনলাইনত ভাংৰ গুটি কিনিছিল। অভিযুক্তই বিশেষ বাল্ব ব্যৱহাৰ কৰি কৃত্ৰিম সূৰ্যৰ পোহৰত এই ভাঙৰ খেতি আৰম্ভ কৰে। তাৰ বন্ধু দুই বিনোদ আৰু পাণ্ডিডোৰাই গাঞ্জা কিনিছিল।

তদন্তকাৰীৰ মতে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা প্ৰায় ডেৰ কেজি ভাং, ১০ গ্ৰাম হাছিছ, ভাংৰ গুটি, বৈদ্যুতিক ৱাশ্বিং মেচিন, ৬টা টেবুল ফেন, দুটা ষ্টেবিলাইজাৰ, এল ই ডি লাইট আৰু ১৯ হাজাৰ টকা নগদ ধন জব্দ কৰে। গ্ৰেপ্তাৰ কৰা ছাত্ৰ ছাত্ৰী খেইজনৰ বিৰুদ্ধে ৰুজু হৈছে ড্ৰাগছৰ গোচৰ।

খোৱা পানী বিচাৰি ভাৰত- ভূটান সীমান্তত হাহাকাৰ

জল জীৱন মিছনৰ গুৰুত্বহীন কাৰুকাৰ্যত ক্ষোভিত ভাৰত ভূটান সীমান্তৰ শশীপুৰৰ ৰাইজ। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ অভাৱত হাহাকাৰ।

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ প্ৰায় ৫০০ পৰিয়ালৰ একমাত্ৰ খোৱাপানীৰ ব্যৱস্থা হ’ল ৪০ বছৰ পুৰণি শশীপুৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি।

বিগত কেইবাদিন ধৰি অঞ্চলটোৰ লগতে ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উক্ত খোৱাপানীৰ যোগান আঁচনি বিকল হৈ পৰাৰ পিছতেই অঞ্চলটোৰ ৰাইজে ভূটানৰ লগতে বহু দূৰ দূৰণিৰ পৰা পানী আনিবলগীয়া হৈছে।

এইক্ষেত্ৰত অঞ্চলবাসীয়ে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনোধৰণৰ কাণসাৰ নিদিয়াত দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে।

প্ৰতিবাদকাৰী সকলে আমাক পানী লাগে পানী দিয়ক, আঁচনি ফলপ্ৰসু ভাৱে ৰূপায়ণ কৰক, বিজেপি চৰকাৰ হায় হায়, ইউপিপিএল চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।

অতিশীঘ্ৰে এই আঁচনিৰ যোগেদি পানী যোগান দিবলৈ তথা অঞ্চলটোত নতুনকৈ আৱন্টন হোৱা জল জীৱন মিছনৰ অভাৰ হেড স্কীমটো ৰূপায়ণ কৰিবলৈ দাবী উত্থাপন কৰে।

দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ, মণিপুৰৰ বিৱৰ্তনশীল পৰিস্থিতিৰ ওপৰত মূল্যায়ন

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্যখনৰ বিকাশশীল পৰিস্থিতিৰ বিষয়ে মূল্যায়ন কৰে।

বীৰেণ সিঙৰ মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে কেন্দ্ৰই ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিব।

টুইটাৰত বীৰেণ সিঙে কয়, ‘আজি নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী @AmitShah জীক ফোন কৰি মণিপুৰৰ স্থলভাগৰ বিকাশশীল পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। অমিত শ্বাহজীৰ ঘনিষ্ঠ তত্বাৱধানত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিগত সপ্তাহত বহু পৰিমাণে হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।”

উল্লেখযোগ্য যে ১৩ জুনৰ পৰা হিংসাত্মক পৰিস্থিতিৰ বাবে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে। ইয়াৰ উপৰিও অমিত শ্বাহজীয়ে আমাক চিৰন্তন শান্তি অৰ্জনৰ দিশত আমাৰ কাম-কাজ শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়ে আৰু লগতে ৰাজ্যখনত যাতে শান্তি বিৰাজ কৰে তাৰ বাবে মণিপুৰৰ প্ৰতিজন অংশীদাৰৰ সহযোগিতাও বিচাৰে।’-তেওঁ লগতে কয়।

এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ, মহাৰাজা সনাজাওবা লেইচেম্বা আৰু ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ থকচোম সত্যব্ৰত সিংও উপস্থিত থাকে।

অসমৰ বান পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে তেওঁক ফোন কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে।

লগতে তেওঁ কয় যে গৃহমন্ত্ৰীয়ে কোনো জৰুৰীকালীন অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্যখনলৈ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মোক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক ষ্টেণ্ড বাই ৰখা হৈছে আৰু যিকোনো জৰুৰী পৰিস্থিতিত সহায়ৰ বাবে কেন্দ্ৰটো সাজু আছে।”

মুখ্যমন্ত্ৰী শৰ্মাই, টেলিফোনিক বাৰ্তালাপৰ সময়ত অমিত শ্বাহকো কয় যে ৰাজ্যৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে।

“মই তেওঁক কৈছো যে এতিয়ালৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অৱশ্যে বিপদসীমাৰ ওপৰেৰে বৈ আছে দুই এখন নদী। পৰিস্থিতিৰ ওপৰতো অহৰহ নিৰীক্ষণ চলি আছে আৰু প্ৰয়োজন হ’লেই আমি গৃহমন্ত্ৰীৰ ওচৰলৈ উভতি যাম।’-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।

লক্ষণীয়ভাৱে অসমৰ বান পৰিস্থিতি শনিবাৰে উন্নত হয় যদিও আৰু এজন লোকৰ মৃত্যু হয় আৰু ১৫ খন জিলাত এতিয়াও ৪ লাখৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈ আছে বুলি এক চৰকাৰী বুলেটিনে প্ৰকাশ কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক প্ৰতিবেদন অনুসৰি নলবাৰী জিলাৰ এজন লোকৰ বানপানীৰ ফলত মৃত্যু হোৱাত এই বছৰ মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে।

বজালী, বাকছা, বৰপেটা, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰ জিলাৰ বানপানীৰ বাবে এতিয়াও ৪,০৭,৭৭১ জন লোক দুৰ্দশাগ্ৰস্ত হৈ আছে।

বাকছাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২,২১,৫৮৭ জন, তাৰ পিছতে বৰপেটাত ১,০৩,৯৯৬ জন, নলবাৰীত প্ৰায় ৪০,৬৬৮ জন আৰু লখিমপুৰত ২২,০৬০ জন লোক ক্ষতিগ্ৰস্ত হৈছে।