Home Blog Page 1504

শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা ৰথীন্দ্ৰ নাথ গোস্বামীদেৱলৈ…

শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা শ্ৰদ্ধাৰ ৰথীন্দ্ৰ নাথ গোস্বামীদেৱলৈ।তেখেতলৈ অভিনন্দন

শিশুৰ বাবে প্ৰথম ভ্ৰমণ কাহিনী, জনপ্ৰিয় শিশু গ্ৰন্থ “চিচিং”ৰ স্ৰষ্টা গোস্বামীয়ে বিজ্ঞান সাহিত্য জনপ্ৰিয় কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে।

তেখেত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যচাৰ্য যতীন্দ্ৰ নাথ গোস্বামীদেৱৰ পুত্ৰ।

কালৰূপী বানে ৰঙিয়াৰ বিভিন্ন ঠাইত সংহাৰী ৰূপ ধাৰণ কৰিছে…

কালৰূপী বানে ৰঙিয়াৰ বিভিন্ন ঠাইত সংহাৰী ৰূপ ধাৰণ কৰিছে । বিশেষকৈ উদিয়ানা গাঁওত বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ-দুৱাৰ, পথ সকলো ।

কোনোৱে যদি বিচনাৰ ওপৰত বিচনা জোৰা দি আশ্ৰয় লৈছে । আন কোনোৱে আকৌ নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলিছে ওখ স্থানলৈ । বৰলীয়া নৈৰ প্ৰলয়ংকাৰী বানত শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । বানত ককবকাই থকা দৰিদ্ৰ পৰিয়াল এতিয়া গৃহহাৰা হৈ পৰিছে । বিনষ্ট হৈছে কৃষিভূমি ।

মীন পালক সকলৰো বৃহৎ ক্ষতিসাধন হৈছে । যাৰ বাবে এতিয়া নানান সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ । কি খাব, কত থাকিব তাক লৈ চিম্তিত হৈ পৰিছে বন্যাৰ্তসকল । যাতায়ত কৰা পথত একাঠু অথবা একোকাল বান । বিপদ সংকুল যাতায়ত কৰিছে বানাক্ৰান্তই । যোৱা দুইদিনে বানত ককবকাই এতিয়া অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ…

মাজুলীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা।

নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে।

 এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক নিৰ্দেশনাও জাৰি কৰিছে।

নাজিৰাত ধন আত্মসাৎ তথা ডকাইতিৰ জাল ৰচা ছয় ব্যক্তিক আটক নাজিৰা আৰক্ষীৰ…

নাজিৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।নাজিৰাৰ এজন ব্যৱসায়ীৰ পৰা কোটি টকা আত্মাসাৎ তথা ডকাইত কৰাৰ মায়াজাল ৰচিছিল ছগৰাকীকৈ ব্যক্তিয়ে।যিকোনো উপায়েৰে ভয় ভাবুকিৰে ধন আত্মাসাৎ তথা ডকাইত কৰাৰ গোপন মায়াজাল ৰচিছিল ছগৰাকীকৈ ব্যক্তিয়ে।

কিন্তু সেই ছগৰাকীকৈ ব্যক্তিয়ে ধন আত্মসাত তথা ডকাইতৰ যি মায়াজাল ৰচিছিল সেইয়া যেন বাধা হৈ থিয় দিলে নাজিৰা আৰক্ষীয়ে।নাজিৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি নাজিৰা ব্যৱসায়ীজনৰ পৰা চল-চাতুৰিৰে ধন আতসাৎ তথা ডকাইত কৰিবলৈ ৰচা এই সকলো কুঅভিসন্ধিৰ কথা জানিব পাৰি ছয়গৰাকীকৈ ব্যক্তিৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ছয় ব্যক্তি ক্ৰমে চৰিফ আলি,সোণবৰ মেছ,মিৰাজুল হুছেইন,ভাইটি হুছেইন,চামচুৰ ৰহমান,পবিত্ৰ গগৈ।এই ছয় গৰাকী ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে গাড়ী চালক হিচাপে কাম কৰি গৈছিল ব্যৱসায়ী গৰাকীৰ ঘৰত।বৰ্তমান নাজিৰা আৰক্ষীয়ে আটক কৰি তিনি অভিযুক্ত ক জেল হাজোলৈ প্ৰেৰণ কৰে আৰু তিনিগৰাকী ব্যক্তিক তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীৰ তদন্তৰ পিছতহে এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপ’ৰ্ট।

আৰম্ভ হ’ল অম্বুবাচী মেলা ! নিশা ২ বাজি ৩০মিনিট ৪২ ছেকেণ্ডত আৰম্ভ অম্বুবাচীৰ প্রবৃত্তি…

 আৰম্ভ হ’ল অম্বুবাচী মেলা। নিশা ২ বাজি ৩০মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হয় অম্বুবাচীৰ প্রবৃত্তি। লগে লগে পৰাম্পৰাগত ৰীতি-নীতি অনুযায়ী বন্ধ হয় মা কামাখ্যা মন্দিৰৰ দুৱাৰ।

২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব কামাখ্যা ধামৰ দুৱাৰ। ২৬ জুনৰ পুৱা পুনৰ খোল খাব মন্দিৰৰ দুৱাৰ। 

আৰক্ষী প্ৰশাসনৰ লগতে মন্দিৰ কৰ্তৃপক্ষই সকলোকে অম্বুবাচী মেলা সুকলমে পাৰ কৰাই নিয়াৰ বাবে সহযোগিতা বিচাৰিছে।

ৰাতিপুৱা শুই উঠি কফি খোৱাতো স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানক…

পুৱা শুই উঠি কফিৰ কাপত চুমুক নিদিলে যেন টোপনিয়ে নাভাঙে । গোটেই দিন কামৰ মাজত ক্লান্তি দূৰ কৰিবলৈ চাহ বা কফি নাখালে যেন তাজা অনুভৱ নহয় । কফিপ্রেমী হ’লেতো দিনে কেই কাপ কফি খাই পেলাই তাৰ খবৰ নাথাকে ।

কফি যে শৰীৰৰ বাবে ক্ষতিকৰ তেনে একেবাৰে নহয় । মানসিক চাপ দূৰ কৰাৰ পৰা আৰম্ভ কৰি ওজন কমোৱা পর্যন্ত— কফিৰ গুণৰ বাহুল্য আছে । অৱশ্যে মাত্রাধিক কফি খোৱাৰ অভ্যাসে মাতি আনিব পাৰে বিপদ ।

১) অধিক কফি খালে তাৰ প্রতি আসক্তি বাঢ়ি থাকে । নির্দিষ্ট সময়ৰ ব্যৱধানত কফি নখপালে মেজাজ বেয়া হৈ থাকে । মানসিক অবসাদ হ’ব পাৰে ।

২) কেফিনে হৃদ্‌যন্ত্রতো প্রভাৱ পেলায় । ইয়াৰ প্রভাৱত হৃদস্পন্দন বাঢ়ি যায় । এনেকি ৰক্তচাপো নিয়ন্ত্রণত নাথাকে ।

৩) যিসকলে প্রচুৰ পৰিমাণে কফি খাৰ, তেওঁলোকৰ অনেকৰ টোপনি কমি যায় । ফলত মস্তিষ্কৰ কামো ব্যাহত হয় । টোপনিৰ নাটনিয়ে অন্যান্য আৰু বহু শাৰীৰিক সমস্যা মাতি আনে । সেয়ে সুস্থ থাকিবলৈ কফি খোৱাৰ পৰিমাণ নিয়ন্ত্রণত ৰখা প্রয়োজন ।

তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা আৰক্ষী কনিষ্টবল সন্তোষ দাসৰ মৃতদেহ উদ্ধাৰ

গোৱালপাৰা চহৰৰ কাছাৰীঘাটৰ ব্ৰক্ষ্মপুত্ৰ নদীত উদ্ধাৰ কনিষ্টবল সন্তোষ কুমাৰ দাসৰ মৃতদেহ। ডুবাপাৰা আৰক্ষী চকীত কৰ্মৰত সন্তোষে লৈছিল ৬ দিনৰ ছুটী , ছুটিলৈ ঘৰতে আছিল দাসে।

গোৱালপাৰা চহৰৰ পূৱ পাহাৰতলীত ঘৰ কনিষ্টবল সন্তোষৰ। যোৱা ১৯ জুনৰ সন্ধীয়া বৰষুণৰ সময়ত ঘৰৰ পৰা ওলাই গৈছিল সন্তোষে। কিন্তু তাৰ পিচত আৰু ঘৰলৈ উভতি নগল সন্তোষ।

ঘটনাৰ দিনাখন হাতত লৈ অহা নাছিল মোবাইল ফোনটো। সন্তোষৰ নিৰুদ্দেশৰ পিচতে পৰিয়ালে গোৱালপাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ।

তিনিদিনৰ অন্তত আজি ব্ৰক্ষ্মপুত্ৰ নৈত উদ্ধাৰ হয় সন্তোষৰ মৃতদেহ । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাৱে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত লৈ যায়।

বিশ্বনাথৰ জিনজিয়াকে ধৰি তিনিখন চাহ বাগিছাত মুখ্যমন্ত্ৰীয়ে  মুকলি কৰিলে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়

বৃহস্পতিবাৰে বিশ্বনাথৰ বিহালী সমষ্টিৰ জিনজিয়াকে ধৰি তিনিখন  চাহ বাগিছাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰে।

বিহালীৰ জিনজিয়া চাহ বাগিছা আদৰ্শ  উচ্চ মাধ্যমিক বিদ্যালয়, কেটেলা চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু  বিশ্বনাথৰ পাভৈ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়াৰে পৰা চাহ বাগিছাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ পোহৰ পাবলৈ দুৰলৈ বাটকুৰি বাব নালাগিব বুলি ব্যক্ত কৰে ।

লগতে ইতিমধ্য  ৰাজ্যত চাহ বাগিছা সমুহত ১১৯ খন আদৰ্শ বিদ্যালয়  হৈছে আৰু অনাগত দিনবোৰত আৰু ১০০ খন আদৰ্শ  বিদ্যালয় হ’ব বুলিও  জানিবলৈ দিয়ে। জিনজিয়া চাহ বাগিছা আদৰ্শ মাধ্যমিক বিদ্যালয় মুকলি অনুষ্ঠানত আদৰণি ভাষণত বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই বৰ্তমানৰ চৰকাৰে চাহ বাগিছাৰ উণ্ণয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে।

এই অনুষ্ঠান সমূহত মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱ লোচন দাস, গহপুৰ,বিহালী আৰু বিশ্বনাথৰ বিধায়ক উৎপল বৰা, ৰণ্জিত দত্ত আৰু প্ৰমোদ বৰঠাকুৰে ও অংশ গ্ৰহণ কৰে।

চতিয়াৰ ডিপলোঙা ছয়গাওঁ উন্নয়ণ সমিতিৰ সৌজন্যত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন

চতিয়া উত্তৰ অঞ্চলৰ ডিপলোঙা ছয়গাওঁ উন্নয়ন সমিতিৰ সৌজন্যত জনতা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে৷ কাৰ্যক্ৰমণিকা অনুসৰি ৰাভা দিৱসৰ মূলসভাত
সভাপতিত্ব কৰে জনতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংকেশ্বৰ বৰুৱাই।


বিশিষ্ট অতিথি হিচাবে শিক্ষক ভাৰত ৰাজখোৱা, সোনাৰাম নাথ, গোলাপ কলিতা, বুধন শৰ্মা, বাবুলাল দাস, পূৰ্ন দাস, দিলীপ গোশ্বামী, শিব পূৰাণ উপস্থিত থকা মূল সভাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।

মুল সভাৰ পাছত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধ্যা কাৰ্যসুচীৰ শুভ উদ্ধোধন কৰে শিক্ষক সমাজ সেৱক অৰুন বৰদলৈয়ে।
সাংস্কৃতিক সন্ধ্যা কাৰ্যসূচীত আমন্ত্ৰিত শিল্পীৰ লগতে বিভিন্ন জাতি জনজাতিৰ বাৰে ৰহনীয়া গীত- নৃত্য পৰিবেশন কৰা হয়।


অনুষ্ঠানটি পৰিচালনা কৰে চন্দ্ৰ নাথে। কাৰ্যসূচীভাগ সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে উদযাপন সমিতিৰ সভানেত্ৰী জয়া দাস আৰু সম্পাদিকা নিৰ্মলা দেবীৰ লগতে বিষয়ববীয়া সকলে ৷

– ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

ৰহাৰ খলিহামাৰীত গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত দম্পত্তিৰ কৰুণ মৃত্যু

ৰহাৰ খলিহামাৰীত গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত এহাল দম্পত্তিৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ ৰহা। দুখন চিতাত একেসময়তে জ্বলি উঠিল পতি-পত্নীৰ মৃতদেহ। বুধবাৰে নিশা সংঘটিত এই নিৰ্মম ঘটনাত প্ৰাণ হেৰুৱালে খলিহামাৰীৰ ভদ্ৰেশ্বৰ নাথ(৬০) আৰু তেওঁৰ পত্নী সীমা দেৱীয়ে(৫৫)।

নিশা প্ৰায় বাৰ বজা চাৰিজনীয়া চোৰৰ দলে AS 11 L 7795 নম্বৰৰ ফৰ্ড ইক’ স্পৰ্ট বিলাসী বাহনখনেৰে আহিছিল গৰু চোৰ কৰিবলৈ। খলিহামাৰীত এঘৰ লোকৰ গোহালিৰ পৰা এজনী গাই চুৰ কৰি বাহনখন ভৰাই পলায়ন কৰিবলৈ চেষ্টা কৰোতেই গৃহস্থই সাৰ পাই চিঞৰ-বাখৰ কৰে।

সেই মুহূৰ্ততে স্থানীয় ৰাইজ ওলাই আহি পলায়ন কৰিব খোজা গাড়ীখন ৰখাবলৈ চেষ্টা কৰোতেই তীব্ৰ বেগী বাহনখনে মহতিয়াই নিয়ে পথৰ কাষত ৰৈ থকা দুই পতি-পত্নীক। লগে লগে চোৰৰ ফৰ্ড ইক’ স্পৰ্ট বাহনখনো বাগৰি পৰে দ খাৱৈত।

পিচত গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰা হয় ভদ্ৰেশ্বৰ নাথৰ মৃতদেহ। গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় ভদ্ৰেশ্বৰৰ পত্নী সীমা দেৱী। আহত মহিলাগৰাকীক পিচত ১০৮ৰে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱতে সীমা দেৱীয়ে।

ইপিনে দুৰ্ঘটনাৰ পিচতে চোৰ কেইটা পলায়ন কৰে যদিও জংঘলত লুকাই থকা অৱস্থাত ৰাইজৰ হাতত কৰায়ত্ব হয় এটা চোৰ। অৱশ্য আন তিন চোৰ পলায়ন কৰে। পিচত উত্তেজিত ৰাইজে চোৰটোক উত্তম-মধ্যম দি নিশাই আৰক্ষীক গতাই দিয়ে। ধৃত চোৰটোৰ নাম নগাঁৱৰ ৰূপহীৰ নাজিৰ হুছেইন।

ইপিনে পুৱতি নিশা আৰক্ষীয়ে ৰহাৰ কামগাঁৱৰ পৰা চামগুৰিৰ খাইৰুল ইছলাম নামৰ আন এটা চোৰক আটক কৰে। দুটা চোৰ এতিয়াও পলাতক হৈ আছে। ইপিনে ৰাইজে উত্তম-মাধ্যম শোধোৱা নাজিৰ হুছেইন নামৰ চোৰটোৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ইপিনে মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুই পতি-পত্নীৰ মৃতদেহ ঘৰলৈ অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। পিচত ৰাইজে দুখন চিতাত দুই পতি-পত্নীক সৎকাৰ কৰে। ৰাইজে আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীক তীব্ৰ সমালোচনা কৰি কেৱল জীৱ-জন্তুৰেই নহয়, জনসাধাৰণ আজি চোৰৰ পৰা চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে বুলি কঠোৰ সমালোচনা কৰি গাঁওৰক্ষী বাহিনীক সক্ৰিয় কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ লগতে শোকস্তব্ধ কৰি তুলিছে অঞ্চলবাসীক।

-বুলন নাথ, ৰহা