Home Blog Page 1513

‘যোগ ভাৰতৰ মহান উপহাৰ’ – ৰাষ্ট্ৰপতি মুৰ্মুৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনালে…

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে যোগাসন কৰি থাকোঁতে তেওঁৰ ছবিও টুইটাৰত প্ৰকাশ কৰে। সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ভাৰতৰ লগতে অসমতো বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। য’ত ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি চেলিব্ৰিটিলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে। সকলোৱে টুইটাৰযোগে দেশবাসীক যোগ দিৱসৰ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও যোগ দিৱস উদযাপন কৰি ৰাইজৰ সৈতে যোগাসন কৰে। টুইটাৰত নিজৰ ছবি পোষ্ট কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে যে যোগ সমগ্ৰ বিশ্বৰ বাবে এক বৃহৎ উপহাৰৰ দৰে।

যোগ দিৱস সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে টুইটাৰত লিখিছে, “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সকলোকে অভিনন্দন! যোগ আমাৰ সভ্যতাৰ অন্যতম মহান কৃতিত্ব, আৰু সমগ্ৰ বিশ্বক ভাৰতৰ এক মহান উপহাৰ। ইয়াৰ মাজত ভাৰসাম্য প্ৰতিষ্ঠা কৰে। যোগে আমাৰ সকলোকে আমাৰ জীৱনৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ অধিক সক্ষম কৰি তোলে।”

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোডী, য’ৰ পৰা তেওঁ যোগাসনৰ বহু তথ্য ভাৰতৰ জনসাধাৰণৰ আগত ভাগ-বতৰা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি যোগাসনেৰে সকলো সাধন কৰিব পাৰো। যোগে ১৮০ খনতকৈও অধিক দেশক একত্ৰিত কৰাৰ কাম কৰিছিল। ২১ জুনৰ সন্ধিয়া ৰাষ্ট্ৰসংঘত আয়োজন কৰা যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জনায়।

দৈনিক বগা চাউলৰ ভাত খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। শৰীৰে লাভ কৰে বহু উপকাৰিতা…

বেছিভাগ মানুহেই বগা চাউলৰ ভাত খায়। বগা চাউলৰ ভাত খালে হৃদৰোগ নহয়। আজি আমি আপোনালোকক জনাম বগা চাউলৰ ভাত খালে কি কি উপকাৰ হয়? বগা চাউলত আঁহ, আইৰণ, ভিটামিন বি ১ আৰু ভিটামিন চি থাকে। বগা ভাত খালে শৰীৰে লাভ কৰে শক্তি। কাৰণ বগা চাউলত গ্লুটেন নাথাকে যাৰ ফলত শৰীৰ সক্ৰিয় হৈ থাকে। বগা চাউলৰ ভাত খালে শৰীৰে কি কি উপকাৰিতা লাভ কৰে জানক-

শৰীৰে শক্তি পায়-
বগা চাউল খালে শৰীৰে শক্তি লাভ কৰে আৰু ভাগৰ দূৰ হয়। কাৰণ ইয়াত ভাল পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে যিয়ে আপোনাৰ শৰীৰক শক্তি প্ৰদানৰ কাম কৰে। আনহাতে বগা চাউল সেৱন কৰিলে ভাগৰ দূৰ হয়।

ৰক্তচাপ নিয়ন্ত্ৰণত থাকে-
বগা ভাত খালে শৰীৰ সুস্থ হৈ থাকে আৰু আপোনাৰ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হয়। কাৰণ ইয়াত ছডিয়াম আৰু পটাছিয়াম থাকে যিয়ে উচ্চ বি পি নিয়ন্ত্ৰণৰ কাম কৰে। সেইবাবেই বগা চাউল খালে বি পিৰ লগত জড়িত সমস্যাৰ সৃষ্টি নহয়।


পাচনতন্ত্ৰ সুস্থ হৈ থাকে
বগা চাউল খালে পাচনতন্ত্ৰৰ লগত জড়িত সমস্যাৰ সৃষ্টি নহয়। কাৰণ ই সহজে হজম হয়। যাৰ বাবে আপোনাৰ বদহজম, এচিডিটিৰ সমস্যা নাথাকে। আহক আমি আপোনাক কওঁ যে বগা চাউলত প্ৰচুৰ পৰিমাণে আঁহ থাকে যাৰ ফলত আপোনাৰ পেট বহু দেৰিলৈকে ভৰি থাকে।


ওজন কম হয়
বগা ভাত খালে আপোনাৰ মেদবহুলতা কমে। যদি আপুনি আপোনাৰ ওজন কমোৱাৰ কথা ভাবিছে তেন্তে আপুনি দৈনিক দুপৰীয়াৰ আহাৰত বগা ভাত চাউলৰ খাব পাৰে।

দেৰগাঁৱৰ ড্ৰীমলেণ্ড ক্লাৱৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন…

দেৰগাঁৱৰ ড্ৰীমলেণ্ড ক্লাৱৰ উদ্যোগত আফুৱাগাঁও নামঘৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়া জাতীয় জীৱনৰ পুৰোধা ব্যক্তি ,অসমীয়া আইৰ সুযোগ্য সন্তান কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ মৃত্যু দিন ২০ জুন তাৰিখতো “বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিছাপে উদযাপন কৰা হয়। পুৱা পৰিৱেশ নিকাকৰণ স্মৃতি তৰ্পণ,চিত্ৰাংকন,কবিতা আবৃত্তি,সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হোৱাৰ পাছতেই নিশা ৰাভাৰ আভা শীৰ্ষক এক ৰাভাৰ গীতৰ অনুষ্ঠানেৰে সফল সামৰণি পৰে।

উক্ত অনুষ্ঠানতে বৃহত্তৰ দেৰগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক বিশেষ ভাবে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা স্থানীয় ছাত্ৰ-ছাত্ৰী সকলৰক সম্বৰ্ধনাও জনোৱা হয় । প্ৰতিকূল বতৰকো নেওচি কেইবা শতাধিক ৰাইজে উপভোগ কৰে এই দিনযোৰা অনুষ্ঠানটি।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

স্বামীৰ পিছত এইবাৰ পত্নীৰ ভাওনা জগতত পদাৰ্পণ…

স্বামীৰ পাছত এইবাৰ পত্নীৰ ভাওনা জগতত পদাৰ্পণ। মঙ্গলবাৰে মৰিয়নি নাগাজাংকাত অনুস্থিত ভাওনাত মৰিয়নিৰ বিধায়কৰ পত্নীৰ অভিনয়। ইতিমধ্যে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাওনা ,ৰাসত কেইবাবাৰো অভিনয় কৰাৰ পাছত এইবাৰ ভাওনা জগতত খোজ পেলালে বিধায়ক গৰাকীৰ পত্নী মাঞ্চুৰিয়া বৰদলৈ কুৰ্মীয়ে।

মৰিয়নিৰ নাগাজাংকাত মহিলা সকলৰ দ্বাৰা পৰিৱেশিত মহাপুৰুষীয়া নাট ‘দুৰ্যোধনৰ উৰুভংগ’ নামৰ নাটক খনিত কৰ্ণৰ পত্নী পদ্মাৰ চৰিত্ৰটো ৰূপদান কৰে বিধায়ক পত্নীয়ে।পদ্মাৰ অভিনয় উপভোগ কৰিবলৈ সহস্ৰাধিক দৰ্শকৰ সমাৱেশ ঘটে ভাওনাস্থলীত।

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

৩০ বছৰ বয়সৰ পিছত হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। হাড় শক্তিশালী হ’বলৈ গ্ৰহণ কৰক এই সমূহ খাদ্য…

৩০ বছৰ বয়সৰ পিছত সকলোৰে হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। সেইবাবে আমি আমাৰ খাদ্য-পানীয়ৰ বিশেষ যত্ন লোৱা উচিত। এনে পৰিস্থিতিত এনে কিছুমান বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, যিয়ে আপোনাৰ হাড় শক্তিশালী কৰাৰ কাম কৰে। ৩০ বছৰ বয়সৰ পিছত আপুনি খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, ইয়াৰ বাবে আপুনি কচু, ব্ৰকলি আদি শাক-পাচলি সেৱন কৰিব লাগে।

দুগ্ধজাত সামগ্ৰীত ভাল পৰিমাণৰ কেলচিয়াম থাকে, গতিকে খাদ্য তালিকাত পনীৰ আৰু গাখীৰ অন্তৰ্ভুক্ত কৰিব লাগে।

খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰিলে হাড় শক্তিশালী হ’ব পাৰে। সেইবাবেই দৈনিক ছাইট্ৰাছ ফল সেৱন কৰিব লাগে।

দৈ সেৱন কৰিলে হাড় মজবুত হয় কাৰণ দৈত ভাল পৰিমাণৰ কেলচিয়াম থাকে।

৩০ বছৰৰ পাছতো যদি আপুনি হাড় মজবুত কৰি ৰাখিব বিচাৰে, তেন্তে আপুনি খাদ্য তালিকাত সৰিয়হ অন্তৰ্ভুক্ত কৰিব লাগে।

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আড়ম্বৰভাবে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানতে বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰী সকলৰক সম্বৰ্ধনাও জনোৱা হয় ।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

উদয়ন সংঘৰ উদ্যোগত বিষ্ণুৰাভা দিৱসত আলোচনাচক্ৰ আৰু ৰাভা সংগীতৰ অনুষ্ঠান

মহানগৰীৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান উদয়ন সংঘৰ উদ্যোগত কৃষ্ণনগৰ সমূহীয়া ভৱনত বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয় ৷

কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা ক্ৰমে সংঘৰ উপদেষ্টা সত্যেন তালুকদাৰে বন্তি প্ৰজ্বলন, কাৰ্যকৰী সভাপতি বিনয় কুমাৰ তালুকদাৰে বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছতে আৰম্ভ হয় বিষ্ণুৰাভাৰ জীৱন, আদৰ্শ বিষয়ক আলোচনাচক্ৰ আৰু ৰাভা সঙ্গীতৰ অনুষ্ঠান ৷

সংঘৰ সম্পাদক অৰূপ কুমাৰ বৰ্মনে আঁতধৰা, সভাপতি প্ৰমোদ চন্দ্ৰ কাকতিয়ে সঞ্চালনা কৰা আলোচনাচক্ৰ উদ্বোধন কৰে সংঘৰ কোষাধ্যক্ষ দীনেশ চন্দ্ৰ শৰ্মাই।

অসম লোকসেৱা আয়োগৰ সদস্য ড° নিৰঞ্জন কলিতা মুখ্য আলোচক হিচাপে উপস্থিত থকা আলোচনাচক্ৰত দমদমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চন্দনজ্যোতি চুতীয়া আৰু কটন বিশ্ববিদ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া সত্যেন তালুকদাৰ আলোচক হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই।

আলোচনাচক্ৰৰ মাজতে অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত অঞ্চল টোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰ্শন ভৰদ্বাজ আৰু নেহা কুমাৰীৰ লগতে মালয়েছিয়াত অনুষ্ঠিত ভাৰত সংস্কৃতি যাত্ৰাত ভাৰত নাট্যমত প্ৰথম স্থান লাভ কৰা বিদীশা বুজৰবৰুৱাক সম্বৰ্ধনা জনোৱা হয় ।

আলোচনাচক্ৰৰ পিছতে স্থানীয় শিল্পী তৃষা কাশ্যপ, শেৱাশ্ৰী বৈশ্য, অৰ্চনা বৰুৱা, অঞ্জলী বৰ্মন, জিতাশ্ৰী তালুকদাৰ, বিশ্বনাথ মেধি, সুদৰ্শনা ঠাকুৰীয়া আদিয়ে বিষ্ণুৰাভা সঙ্গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

উদ্বোধন হ’ল ডিব্ৰুগড়ৰ থানা চাৰিআলিত নৱনিৰ্মিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়

ডিব্ৰুগড় থানা চাৰিআলিত নৱনিৰ্মিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

City Infra Development Fund চমুকৈ CIDF আঁচনিৰ অধীনত প্ৰায় ৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা জিলা আৰক্ষী অধীক্ষকৰ নতুন কাৰ্যালয়টো উদ্বোধন কৰে বিধায়ক প্ৰশান্ত ফুকনে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলা আয়ুক্ত বিশ্বজিত পেগু,ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰৰ লগতে অন্যান্য বিষয় ববীয়া সকল।

কামপুৰ যুৱ সমাজৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো উদযাপন কলাগুৰুৰ মৃত্যু দিন। কামপুৰ যুৱ সমাজৰ উদ্যোগত স্বৰাজ ভৱনত বিষ্ণুৰাভাৰ বিপ্লৱী সত্তাৰ প্ৰতি ৰক্তিম অভিবাদন জ্ঞাপন কৰে৷

অনুষ্ঠানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ লগতে সংঘৰ প্ৰতিজন ন-পুৰণি সদস্যৰ উপস্থিতিত কামপুৰ স্বৰাজ ভৱন প্ৰাংগনত থকা বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত পুস্পমাল্য অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে ৷

মুখ্য বন্তি প্ৰজ্বলন কৰে ৰাজু বৰাই৷
-খাইৰুল ইছলাম, কচুৱা

কামপুৰৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক

পথ নহয় যেন পুখুৰীহে। কামপুৰৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক। কামপুৰ-কাৰ্বিআংলং সংযোগী একমাত্ৰ মূল পথত পুখুৰী সদৃশ গাঁত।

পুৰণি বাছ স্থানৰ সমীপৰ গুৰুকুল ইংলিছ স্কুলৰ সন্মুখৰ এই পথটোৱে এতিয়া নিদ্ৰা হৰিছে জনতাৰ।

অভাৰ লোড বালি গাড়ীৰ লগতে গধুৰ যান-বাহন চলাচল হোৱাৰ বাবেই ভাঙি গৈছে পথছোৱা।

বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে এজাক বৰষুণ দিলেই যাতায়ত ব্যাহত হৈ পৰে পথচোৱাত। বৰ্তমানে চকু মুদা কুলিৰ ৰূপত গড়কাপ্তানি বিভাগ। শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ আহ্বান স্থানীয় লোকৰ।
-খাইৰুল ইছলাম, কচুৱা