Home Blog Page 1514

উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱত গীত মাতেৰে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ লগতে উত্তৰ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানৰ তৰফৰপৰা মঙলবাৰে অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যু তিথিত গীতে মাতে সোঁৱৰণ কৰা হয়।

আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি ৰবিন্দ্ৰ নাথ দাসে। বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শাখাৰ উপ সভাপতি দিলীপ দাসে।

ইয়াৰ পিছতে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ক্ৰমে শাখাৰ সহকাৰী সম্পাদক হৰিশ চন্দ্ৰ দাস,কোষাধ্যষ শংকৰ কুমাৰ দাস, শাখাৰ পত্ৰিকা সম্পাদিকা ড০চিত্ৰা শৰ্মা, প্ৰচাৰ সম্পাদিকা বেবী দাস, শাখাৰ প্ৰাক্তন উপ সভাপতি গিৰীশ শীল, শাখাৰ সদস্য নিতোপম মেধি, কৃষ্ণ শৰ্মা, ধ্ৰুৱ দাস,তৰণী দাস,নিলীমা দাস,পূৰবী দাস, ভাস্কৰ দাস আৰু সাংবাদিক ৰূপক ডেকাই।

ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ শাখা সভাপতি ৰবিন্দ্ৰ নাথ দাসে সঞ্চালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদক তপন দাসে। শিশু শিল্প সাগৰিকা গাৰ্গীৰ বিষ্ণু ৰাভা সংগীত পৰিবেশনৰে আৰম্ভ হোৱা সভাত ভাষণ দিয়ে শৰাইঘাট নাট্য গোষ্ঠীৰ সভাপতি তথা শাখাৰ প্ৰাক্তন সভাপতি শৰৎ চন্দ্ৰ শৰ্মাই।

শৰ্মাই তেওঁৰ ভাষণত কয় “বিষ্ণু ৰাভা এনে এগৰাকী শিল্পী আছিল যাৰ গাত ভাৰতীয় সংগীতৰ ৬৪ কলাৰ আটাইকেইটা গুণেই নিহিত আছিল। এনে এগৰাকী শিল্পীৰ অসমত জন্মগ্ৰহণ কৰা বাবে আমি গৌৰাম্বিত। কিন্তু একে সময়তে এই গৰাকী মহান শিল্পীক হেৰুৱাই আমি মহাশূণ্যতা পদে পদে আমি অনুভৱ কৰিছো। এইগৰাকী মহান শিল্পীৰ দৰে শিল্পী আমাৰ মূলূকত অনাগত দিনত জন্ম হ’ব তাক আমি ক’ব নোৱাৰো। এই গৰাকী মহান শিল্পীয়ে দেখুৱাই যোৱা মহান আদৰ্শৰে আমাৰ ভবিষ্যত প্ৰজন্মক আগুৱাই নিব পাৰিলেহে মহান শিল্পী গৰাকীৰ প্ৰতি প্ৰকৃত শ্ৰদ্বাঞ্জলি জনোৱা হ’ব”।

সভাত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উপদেষ্টা মুনিন ডেকাৰ লগতে কেইবাজনো বক্তাই বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। সভাত শাখাৰ সদস্য পল্লৱ ডেকাই বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত লিখা এটি স্বৰচিত কবিতা আবৃত্তি কৰি মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।


আনহাতে সৈনিক শিল্পী গৰাকীৰ স্মৃতিত উত্তৰ গুৱাহাটীতো বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে বিষ্ণু ৰাভা দিৱস ।ৰূপালী জয়ন্তী বৰ্ষ গৰকা উত্তৰ গুৱাহাটীৰ আগশাৰীৰ সংগীত শিক্ষানুষ্ঠান ” ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ ” শিক্ষাৰ্থী সকলেও গীতে মাতে স্মৰণ কৰিছে অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীক ।


আনহাতে আমিনগাঁও শৰাইঘাট নাট্য গোষ্ঠীৰ তৰফৰপৰা পৰাও সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আমিনগাঁও চাৰিআলি স্থিত ৰাজহুৱা মঞ্চ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে শৰাইঘাট নাট্য গোষ্ঠীৰ সভাপতি শৰৎ চন্দ্ৰ শৰ্মাই।

বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰবিন্দ্ৰ নাথ দাসে। নাট্য গোষ্ঠীৰ সম্পাদক শংকৰ কুমাৰ দাসে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলোৱে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত কেইবাজনো বক্তাই সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ ওপৰত আলোকপাত কৰে।


ইফালে উত্তৰ গুৱাহাটী অভয়পুৰস্থিত কৃষ্ণা সংগীত বিদ্যালয়ৰ উদ্যোগত আৰু আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সহযোগত আয়োজিত বিষ্ণুপ্ৰসাদ ৰাভাক গীতে মাতে সোঁৱৰণ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অনাতাঁৰ শিল্পী ড° বন্তি বৰা দত্তই।

কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে কৃষ্ণা সংগীত বিদ্যালয়ৰ অধ্যক্ষা প্ৰাণজিতা কৃষ্ণা তামুলীয়ে। ইয়াৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া সাহিত্য আৰু কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ ওপৰত বিস্তৃত ভাবে ব্যাখ্যা আগবঢ়ায় অনাতাঁৰ শিল্পী ড° বন্তি বৰা দত্তই। অনুষ্ঠানত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ আৰু সহকাৰী সম্পাদক উৎপল তামুলী, উপদেষ্টা মুনিন ডেকা আৰু মুনীন বায়নে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে।

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উপদেষ্টা মুকুটেশ্বৰ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে কৃষ্ণা সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে সমবেত সংগীত পৰিবেশন কৰে। অনুষ্ঠানত সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ লগতে অনাতাঁৰ শিল্পী ড° বন্তি বৰা দত্তৰ উপৰিও কেইবাজনো স্থানীয় শিল্পীয়ে গীত পৰিৱেশন কৰি মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

অনুষ্ঠানত বিশিষ্ট শিল্পী গিৰীণ চৌধুৰী, ৰাজেন্দ্ৰ কুমাৰ ডেকা, গৌতম ডেকা আৰু হেমন্ত বড়া উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ দ্বাৰা প্ৰকাশিত কলম আলোচনীৰ সম্পাদক ড° তাৰিণী কান্ত হালৈৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গুৱাহাটী বায়’টেক পাৰ্কৰ ইনকুৱেশ্যন চেন্টাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ অংশ গ্ৰহণ

গুৱাহাটী বায়’টেক পাৰ্কৰ ইনকুৱেশ্যন চেন্টাৰৰ এবছৰ পূৰ্তি উদযাপনৰ এক অনুষ্ঠান মঙলবাৰে গুৱহাটী বায়’টেক পাৰ্কৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই এবছৰীয়া পূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি উদ্ভাৱক আৰু উদ্যোগি সকলৰ সহায়ক হোৱাকৈ বায়’টেক পাৰ্কৰ নিধি প্ৰয়াস কেন্দ্ৰ, এৰিয়াচ চছাইটি (ARIAS Society) পুজি সাহায্যৰে স্থাপন কৰা পেকেজিং ইউনিট আনুষ্ঠানিক ভাৱে মুকলি কৰে বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

তদুপৰি উক্ত অনুষ্ঠানতে বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অসম বায়’টেকন’লজি কাউন্সিলৰ ৱেবচাইট আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানতে গুৱাহাটী বায়’টেক পাৰ্কৰ এবছৰৰ সফলতাৰ বিৱৰণৰে প্ৰকাশ কৰি উলিওৱা এক পুষ্টিকাও আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

অনুষ্ঠানত সপ্তম গুৱাহাটী বায়’টেক পাৰ্কৰ টেলেণ্ট চাৰ্চ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰাৰ উপৰি নতুন ইনকুবেট সকলকো সম্বৰ্ধনা জনোৱা হয়। তদুপৰি উক্ত অনুষ্ঠানতে নলবাৰী আৰু বীৰঝৰা মহাবিদ্যালয়ৰ সৈতে বায়’টেক পাৰ্কৰ ষ্টুডেন্টচ এক্সচেঞ্জ বুজাবুজিৰ চুক্তিও কৰা হয়।


অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই উদ্ভাৱন আৰু উদ্যামিতা বিকাশৰ দিশত গুৱাহাটী বায়’টেক পাৰ্কে লৈ অহা ভূমিকাৰ আলোকপাতেৰে বক্তব্য প্ৰদান কৰে। তেওঁ লগতে গুৱাহাটী বায়’টেক পাৰ্কক এক চেন্টাৰ অফ্ এক্সিলেন্সলৈ ৰূপান্তৰ কৰাৰ দিশত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে বুলিও কয়।


কামৰূপ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী বায়’টেক পাৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদ্দুৰী, নাইপাৰ, গুৱাহাটী (NIPER, Guwahati)ৰ সঞ্চালক প্ৰফেচাৰ ইউ. এচ. এন. মুৰ্তি, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ তত্বাৱধায়ক সঞ্চালক প্ৰফেচাৰ পি. কে. আয়াৰেও বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত বহুসংখ্যক ষ্টাৰ্ট আপ, ছাত্ৰ-ছাত্ৰী, ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

নদী আৰু নাৰীৰ উদ্যোগত সুৰৰ দেউলৰে শীৰ্ষক কবি সন্মিলন, সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ স্বীকৃতিপ্ৰাপ্ত কাব্যিক, বৌদ্ধিক তথা মানৱ দৰদী অনুষ্ঠান ‘নদী আৰু নাৰী’ৰ উদ্যোগত অহা ২৫ জুন তাৰিখে গুৱাহাটীৰ প্ৰেছ ক্লাৱত বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ স্মৰণত ” বিষ্ণুৰাভা দিৱস” অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে।

উক্ত অনুষ্ঠানত ‘সুৰেৰে দেউলৰে’ শীৰ্ষক বহু ভাষিক কবি সন্মিলন আয়োজন কৰা হৈছে। বিষ্ণুপ্ৰসাদ দেৱৰ ৰচিত গীত- মাত- কবিতাৰে দিনজোৰা কাৰ্যসূচীৰ লগতে গ্ৰন্থ উন্মোচন কৰা হ’ব।


সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় যুৱ কবি ৰুনাল্ডো টাইদৰ কবি হোৱা ইমান সহজ কথা নহয়, প্ৰবাসী আমেৰিকান মনোৰমা দাসৰ সময়ৰ ঢৌৱে কোবাই যায়, চন্দন কলিতাৰ গ্ৰন্থ কাব্য সৌৰভ, সম্মুজল ডেকাৰ গ্ৰন্থ সুখৰ সন্ধানত গ্ৰন্থকে ধৰি কেইবা খনো সুন্দৰ গ্ৰন্থ শুভ উন্মোচন হ’ব।

অনুষ্ঠানত উপস্থিত থাকিব USTM ৰ সম- উপাচাৰ্য,বিশিষ্ট কবি তথা সাহিত্যিক ড° বলেন্দ্ৰ কুমাৰ দাস, চলচ্চিত্ৰ অভিনেতা ৰবি শৰ্মা, নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তথা জনপ্ৰিয় যুৱ কবি ৰুনাল্ড টাইদ , বিশিষ্ট কবি- সাহিত্যিক তথা শঙ্কৰী সমষ্টিৰ গবেষক ইছমাইল হোছেইন, বিশিষ্ট কবি বিপুল শৰ্মা, অতিৰিক্ত উপায়ুক্ত তথা বিশিষ্ট কবি-সাহিত্যিক, উৎপল দলে, বিশিষ্ট কবি- সাহিত্যিক মেৰাজ ৱাচিকুৰ ৰহমান, দন্ত চিকিৎসক তথা সমাজ কৰ্মী, বিশিষ্ট সাংবাদিক হেমন্ত কুমাৰ ভৰালী , দিগন্ত সমীৰণ, আইনজীৱী ৰূপম গগৈ, ড: শশাঙ্ক বৰঠাকুৰ, লেখক তথা সমাজ কৰ্মী , বিশিষ্ট সমাজকৰ্মী তথা লেখক ড° হেমন্ত কুমাৰ দাস, বিশিষ্ট কবি দেৱ প্ৰসাদ তালুকদাৰ, কিশোৰ জৈন, অধিৰ চন্দ্ৰ দাস, উৎপল সূত্ৰধাৰ, দিলীপ বৰুৱা।

তাৰ উপৰি বহুতো ন- পুৰণি কবি- সাহিত্যিকৰ উপস্থিতিত সুৰৰ দেওলৰে… শীৰ্ষক এখনি কবি সন্মিলন অনুষ্ঠিত হ’ব বুলি কবি ৰুনাল্ডো টাইদে জানিব দিছে।

বিশ্বমানৰ মাল্টি-মডেল পৰিবহন কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে নিউ জলপাইগুড়ী ষ্টেচনৰ আধুনিকীকৰণ কাৰ্য পূৰ্ণগতিত আগবাঢ়িছে

ৰে’ল ষ্টেচনৰ উন্নয়নৰ বাবে ৰে’ল মন্ত্ৰালয়ে বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত ভাৰতীয় ৰে’লৱে ষ্টেচনসমূহৰ উন্নীতকৰণ আৰু আধুনিকীকৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। চিনাক্তকৃত ২০৪ টা ষ্টেচনৰ ভিতৰত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ নিউ জলপাইগুড়ী ষ্টেচনটো উন্নততৰ, অতিৰিক্ত আৰু বৰ্ধিত যাত্ৰী সুবিধা প্ৰদান কৰাৰ বাবে বিশ্বমানৰ সুবিধাৰ সৈতে উন্নীতকৰণ কৰাৰ বাবে চিনাক্ত কৰা হৈছে।

এই ষ্টেচনটোৰ আধুনিকীকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। পৰিকল্পনা অনুসৰি চিভিল নিৰ্মাণ কাৰ্যৰ বাবে পুৰণি ভৱনসমূহ ভাঙি ষ্টেচনটোৰ সন্মুখভাগৰ ৰিটেইল এলেকা সহ কাৰ্যালয়সমূহ নতুন স্থানলৈ স্থানান্তৰ কৰি উক্ত এলেকাটো সাজু কৰিবলৈ আৰম্ভ কৰা হৈছে।

এৰাইভেল ১ টাৰ্মিনেল আৰু বিকল্প ষ্টেচন ভৱনৰ ভেটিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এৰাইভেল ২ আৰু প্ৰস্থান টাৰ্মিনেলৰ কাম সোনকালেই আৰম্ভ কৰা হ’ব। ৰেলৱে বৈদ্যুতিকৰণৰ বিশ্ৰাম গৃহৰ সমীপত ৰামনগৰ কলনি ৰোডৰ এটা নতুন স্থানলৈ ইউটিএছ তথা পিআৰএছ কাউণ্টাৰসমূহ স্থানান্তৰিত কৰা হৈছে। ক্ষেত্ৰ কাৰ্যালয় আৰু কনফাৰেন্স ৰুম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ওখকৈ নিৰ্মিত পথৰ বাবে টেষ্ট পাইলৰ কাষ্টিং ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। 

যাত্ৰীসকলক একে সময়তে বিমানবন্দৰৰ দৰে অনুভৱ আৰু আৰাম প্ৰদান কৰাৰ বাবে ষ্টেচনটোত অত্যাধুনিক সুবিধা যেনে বিস্তৃতভাৱে আবৃত পাৰ্কিং এলেকা, ২৪x৭ পাৱাৰ বেকআপ, খোৱা পানী, শীত তাপ নিয়ন্ত্ৰিত লবি, কাৰ্যালয়, দোকান, উচ্চ গতিৰ এস্কালেটৰ, লিফ্ট, এয়াৰ কনকৰ্চ, হোটেল আদি থাকিব।

আগমন আৰু প্ৰস্থান কৰা যাত্ৰীসকলৰ মাজত সম্পূৰ্ণ পৃথকীকৰণ থাকিব। উন্নীতকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত, ষ্টেচনটোৱে বৰ্তমান প্ৰতিদিনে ছয়ত্ৰিশ হাজাৰৰ পৰা প্ৰতিদিনে সত্তৰ হাজাৰতকৈ অধিক যাত্ৰীৰ সমাগম চম্ভালিবলৈ সাজু হ’ব। নিউ জলপাইগুড়ী ষ্টেচনটোৰ উন্নীতকৰণৰ কাৰ্যৰ আনুমানিক ব্যয় হ’ব ৩৩৪.৭২ কোটি টকা।

নিউ জলপাইগুড়ী ষ্টেচনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম বৃহৎ তথা ব্যস্ততম ৰেল ষ্টেচন, যি উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হিচাপে সেৱা আগবঢ়াই আহিছে।

নিউ জলপাইগুড়ী ষ্টেচনৰ উন্নীতকৰণ উত্তৰ বংগৰ লগতে ছিকিমত ভ্ৰমণ, পৰ্যটন আদিকে ধৰি স্থানীয় অৰ্থনীতিৰ বিভিন্ন খণ্ডক উন্নত কৰাত অধিক সহায় কৰিব। এই উন্নীতকৰণ প্ৰকল্পটো ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে।

গোগামুখৰ মিংমাঙত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা হিতাধিকাৰীক সূতা বিতৰণ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোগামুখৰ মিংমাঙত পৰিষদৰ আবন্টিত পূঁজিৰ অধীনত হিতাধিকাৰীক সূতা বিতৰণ কৰা হয়৷

পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ পৰা বিতৰণ কৰা উক্ত কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ সূতা বিতৰণ কৰি তেওঁ কয়- মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা উন্নয়নমূখী কাম-কাজ অব্যাহত ৰাখিছে ৷

পৰিষদৰ অন্তৰ্গত ৰাইজক কাম বিচাৰি বহিঃ ৰাজ্য গমন প্ৰতিৰোধ কৰিবলৈ জীৱন-জীৱিকা আঁচনিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ৷ এইমতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰশিক্ষক, সমল ব্যক্তিৰ  দ্বাৰা নিৱনুৱা সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে ৷ তেওঁ কয়- আজি বিতৰণ কৰা  সূতাসমূহ অতি উন্নত মানৰ ৷ 

যিসকলে এই সূতা  লাভ কৰিছে এইসকলে ইয়াৰ পৰা উন্নত মানৰ বস্ত্ৰ উৎপাদন কৰিব পাৰিব বুলিও তেওঁ মন্তব্য দিয়ে ৷ সূতা বিতৰণ অনুষ্ঠানত সভাপতিত্ব কৰে ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ আহ্বায়ক ভূপেন পেগুৱে ৷ অনুষ্ঠানটো আঁত ধৰে টি এম পি কেৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে ৷

অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১৫ নং গোগামুুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগু, ধেমাজি আই টি ডি পিৰ সদস্য ৰুণু কুলি,  মিংমাং আঞ্চলিক টি এম পি কেৰ তদাৰকী অৰবিন্দ চাংমাই,  টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ উপসভাপতি জিতাৰাম টায়ুং, সদস্য মহানজিৎ মিলি, সাংগঠনিক সম্পাদক নুহিন্দ্ৰ গাম, সহকাৰী সম্পাদক জোন পাঠৰি, এম এম কেৰ ধেমাজি জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক তুল কুমাৰ টায়ুং, গণশক্তিৰ মিংমাং সমষ্টিৰ সম্পাদক ঘনশ্যাম দলে আদিয়ে৷

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ গোগামুখ তৰাজানত ৰাজহুৱা সভাঃ শান্তি-সম্প্ৰীতি অটুত ৰখাৰ আহ্বান 

অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী ধেমাজি জিলাৰ গোগামুখৰ জয়ৰামপুৰৰ তৰাজানত সোমবাৰে এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত ৰাজহুৱা সভাত অসম আৰু অৰুণাচল প্ৰদেশৰ একাংশ লোকৰ মাজত ভূমিক লৈ চলিত মাহৰ ৫ জুনত সংঘটিত হোৱা হিংসাত্মক কাৰ্যৰ ওপৰত আলোচনা কৰা হয়৷

স্থানীয় ৰাইজে দাবী কৰে যে তৰাজান অঞ্চলৰ মূল সীমান্তবৰ্তী গাল’ বা আদী আৰু অসমৰ মানুহৰ মাজত কোনো সংঘাত নাই ৷ সীমান্তৰ বাহিৰৰ লোকেহে  সীমান্তৰ সহজ-সৰল শান্তিপ্ৰিয় লোক সকলৰ মাজত অশান্তিৰ পৰিৱেশ  সৃষ্টি কৰিছে৷

সম্প্ৰতি চলিত মাহৰ ৫ জুনত সংঘটিত অনাকাংক্ষিত ঘটনাৰ বাবে সীমান্তবৰ্তী ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈ আছে  আৰু সকলোধৰণৰ ব্যৱসায়ীক লেন-দেন বন্ধ হৈ পৰিছে৷ তদুপৰি অসমত অধ্যয়ণ কৰি থকা অৰুণাচল প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীসকল অধ্যয়ণৰ বাবে গোগামুখৰ নলবাৰী আৰু জয়ৰামপুৰলৈ উভতি অহা নাই ৷ 

এনেক্ষেত্ৰত অসমৰে হওঁক বা অৰুণাচল প্ৰদেশৰ লোকেই হওঁক সকলো পক্ষকে  সীমান্তত হিংসাৰ বীজ ৰোপণ নকৰিবলৈ সীমান্তবাসী ৰাইজে আহ্বান জনায় ৷

ৰাজহুৱা সভাত সকলো জাতি-জনজাতিৰ লোকক সামৰি এখন স্থায়ী শান্তি সমিতি গঠন কৰা হয় ৷ উক্ত সভাতে সীমান্তবৰ্তী অঞ্চলত শান্তি অটুট ৰখাৰ স্বাৰ্থত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

অসমৰ হিমাংশু তালুকদাৰক দিল্লী পাঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি


প্ৰিমিয়াৰ হেণ্ডবল লীগ (পি এইচ এল) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিল্লী পেঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ হিমাংশু তালুকদাৰক।

উল্লেখ কৰিব পাৰি যে প্ৰিমিয়াৰ হেণ্ডবল লীগ হৈছে ভাৰতৰ প্ৰথম পেছাদাৰী পুৰুষৰ হেণ্ডবল লীগ। সমগ্ৰ ভাৰতৰ বিভিন্ন চহৰক প্ৰতিনিধিত্ব কৰা ছটা দলৰ ফ্ৰেঞ্চাইজি ভিত্তিক আয়োজন কৰা এই লীগে দেশত হেণ্ডবলত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য লৈছে।

ইতিমধ্যে ৮ জুনৰ পৰা আৰম্ভ হোৱা লীগখন ২৫ জুনত শেষ হ’ব। লীগৰ প্ৰথম ছিজনৰ বাবে নিযুক্তি দিয়া হিমাংশুৱে তেওঁৰ নতুন ভূমিকাত অৰ্হতা আৰু অভিজ্ঞতাৰ এক অনন্য মিশ্ৰণ ঘটাইছে। অভিযান্ত্ৰিক ডিগ্ৰীৰ অধিকাৰী হিমাংশুৰ প্ৰকৃত আবেগ ক্ৰীড়াত নিহিত হৈ আছে।

অসমৰ ক্ৰীৰা ক্ষেত্ৰত প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ হিচাপে জনাজাত হিমাংশুৱে ইতিমধ্যেই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসংখ্য প্ৰশংসা লাভ কৰিছে। হিমাংশুৱে ইয়াৰ পূৰ্বে ইণ্ডিয়ান কলেজিয়েট এথলেটিক প্ৰগ্ৰেম (আইচিএপি) প্ৰতিষ্ঠা কৰে, যি যুৱ প্ৰতিভাক লালন-পালন কৰাৰ লগতে কলেজীয়া পৰ্যায়ত ক্ৰীড়াৰ বৃদ্ধিত অৰিহণা যোগাই আহিছে।


ক্ৰীড়া বিকাশৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ উদাহৰণ ইউনাইটেড বাস্কেটবল এলায়েন্স (ইউবিএ) আৰু হুইলচেয়াৰ ক্ৰিকেট ইণ্ডিয়া এছ’চিয়েশ্যন (ডব্লিউচিআইএ) কে ধৰি উল্লেখযোগ্য প্ৰতিযোগিতাসমূহৰ আয়োজনৰ ক্ষেত্ৰত তেওঁ ওতঃপ্ৰোত ভাবে জড়িত হৈ আহিছে।

২০১৯ চনত এনবিএ ইণ্ডিয়া গেমছৰ সময়ত ভাৰত চৰকাৰৰ সৈতে জৰিত হৈ প্ৰট’কলৰ মুৰব্বী হিচাপেও কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে।

হিমাংশুৱে ৰূপে প্ৰাইম ভলীবল লীগৰ ছিজন ১ বিজয়ী কলকাতা থাণ্ডাৰবল্টছ ২০২২ ৰ মুখ্য দল পৰিচালক হিচাপেও কাম কৰিছিল।


প্ৰসঙ্গত হিমাংশুৱে কয়, “ক্ৰীড়াৰ প্ৰতি থকা মোৰ অনুৰাগ আৰু ক্ৰীড়া ইভেণ্ট পৰিচালনাৰ অভিজ্ঞতাক প্ৰিমিয়াৰ হেণ্ডবল লীগলৈ আনিবলৈ পাই উৎফুল্লিত হৈছো। দিল্লী পেঞ্জাৰছ দলৰ জৰিয়তে আমি অনুৰাগীসকলক অনুপ্ৰাণিত কৰাৰ ওপৰি মনোৰঞ্জন দিয়াৰ লক্ষ্য ৰাখিছো। আমাৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ হেণ্ডবলৰ প্ৰভূত প্ৰসাৰ কৰা।”

অন্যহাতে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি দিল্লী পেঞ্জাৰছৰ মালিক বিনীত ভাণ্ডাৰী আৰু ৰজত আগৰৱালে কয় যে “স্পৰ্টছ লীগৰ পৰিচালনাৰ ক্ষেত্ৰত হিমাংশুৰ এক বিশাল অভিজ্ঞতা আছে। আমি তেওঁক আমাৰ দলৰ জিএম হিচাপে নিযুক্তি দি উল্লাসিত হৈছো”।

Public meeting at Gogamukh Tarajan on Assam-Arunachal Pradesh border: Call for maintaining peace and harmony

A massive public meeting was held at Tarajan in Jairampur, Gogamukh in Dhemaji district on the Assam-Arunachal Pradesh border, on Monday.

The public meeting discussed the violence that took place on June 5 this month between a section of people of Assam and Arunachal Pradesh over land.

Local people claimed that there was no conflict between galo or adi, the main border of Tarajan area, and the people of Assam. 

And all kinds of business transactions have come to a standstill. Moreover, the students of Arunachal Pradesh studying in Assam have not returned to Nalbari and Jairampur in Gogamukh for studies.

In such a case whether it is from Assam or the people of Arunachal Pradesh, all the border people have appealed to all parties not to sow the seeds of violence on the border. 

মণিপুৰৰ হিংসাঃ মোডী চৰকাৰে গুৰুত্ব দিব পৰাকৈ”মূলসুঁতি”ৰ বিষয় নহয় নেকি?

তীব্ৰ জাতিগত উত্তেজনাত জ্বলি আছে মণিপুৰ৷ তথাপিও পুনৰ বিষয়টো একাষৰীয়া কৰি ৰাখিছে আজি আমেৰিকা ভ্ৰমণলৈ ৰাওনা হোৱা প্ৰধানমন্ত্ৰীয়ে। আনহাতে, নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী।

ৰাজ্য চৰকাৰৰ ওপৰত মণিপুৰত নাগৰিকৰ আস্থা ক্ৰমান্বয়ে কমি অহাত জনসাধাৰণে নিজৰ জীৱনৰ বাবে চিন্তিত হৈ পৰিছে।

বিড়ম্বনাৰ কথাটো হ’ল ঠিক যেতিয়া দেশৰ এটা প্ৰান্তৰ নাগৰিকে সহায়ৰ বাবে চিঞৰিছে আৰু নিজৰ চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে, তেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম তথাকথিত “ঐতিহাসিক” ৰাজ্যিক ভ্ৰমণলৈ ৰাওনা হৈছে আমেৰিকালৈ; ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা আলোচনাৰ বাবে!

অহা বছৰৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ সাজু হৈছে গৃহমন্ত্ৰী অমিত শ্বাহে। ২৩ জুনত তেওঁ মেগা ৰেলী অনুষ্ঠিত কৰিব।এই সকলোবোৰৰ বিপৰীতে মণিপুৰত কেন্দ্ৰৰ তৎকালীন মনোযোগ আৰু গুৰুতৰ হস্তক্ষেপৰ প্ৰয়োজন।

মণিপুৰৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ তীব্ৰতাই যিকোনো সময়তে সাধাৰণ নাগৰিকৰ গণধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে, ইতিমধ্যে প্ৰতিটো সংঘৰ্ষৰ লগে লগে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি পোৱা যায়। চৰকাৰে নিজৰ নাগৰিকৰ কথা শুনাৰ সময় আহি পৰিছে। কিন্তু তেওঁলোকে গুৰুত্ব দিব কেতিয়া ?

ধিঙত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন…

ধিঙত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন। অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ধিং বাসী ৰাইজৰ সহযোগত ধিং স্হিত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি মূৰ্ত্তিৰ সন্মুখত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন, ৰাভাৰ প্ৰতিমূৰ্তত বন্তি প্ৰজ্বলন কৰা হয় । ইয়াৰ পিছতে নগাঁও জিলা সভাপতি প্ৰাগজ্যোতী বণিয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

ধিঙৰ পৰা বাশ্বাৰ উল্লাহ মুজাদ্দাদীৰ প্ৰতিবেদন