Home Blog Page 1522

সুস্থ আৰু উজ্জ্বল ছালৰ বাবে জিংক অতি গুৰুত্বপূৰ্ণ। শৰীৰত জিংকৰ অভাৱ কিদৰে পূৰণ কৰিব…

আমাৰ শৰীৰৰ বাবে যেনেকৈ আন আন পুষ্টিকৰ উপাদানৰ প্ৰয়োজন, একেদৰে জিংক শৰীৰৰ বাবেও অতি প্ৰয়োজনীয়। শৰীৰত জিংকৰ অভাৱ পূৰণ কৰিবলৈ কিছুমান লোকে ঔষধ আৰু পৰিপূৰক দ্ৰব্য গ্ৰহণ কৰে, যিটো ভুল। জিংক সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব পাৰে লাগে। খাদ্যত জিংক সমৃদ্ধ খাদ্য কেনেকৈ যোগ কৰিব – সকলো পুষ্টিকৰ উপাদানৰ ভিতৰত জিংকে আমাৰ ছালখনক উজ্জ্বল কৰি তোলাত সহায় কৰে। খাদ্যৰ যত্ন ল’লে শৰীৰত জিংকৰ অভাৱ সহজে পূৰণ কৰিব পাৰি। সুস্থ আৰু উজ্জ্বল ছালৰ বাবে জিংক অতি গুৰুত্বপূৰ্ণ। জিংক কেনেধৰণৰ খাদ্যত পোৱা যায় –

যদি আপুনি শৰীৰত পৰ্যাপ্ত পৰিমাণৰ জিংক বিচাৰে তেন্তে মাহজাতীয় শস্য খাব। জিংক ইয়াত প্ৰচুৰ পৰিমাণে থাকে। মচুৰ দাইল আৰু বীনে ক্ষতিগ্ৰস্ত ছাল উজ্জ্ব কৰাত সহায় কৰে। জিংকৰ অভাৱ পূৰণৰ বাবে এইটোৱেই আটাইতকৈ সহজ আৰু উপকাৰী উপায়।

সকলোৱে জানে যে মাছত ফেটি এচিড আৰু ওমেগা-৩ৰ অতি উত্তম উৎস। ইয়াৰ লগতে মাছত জিংকো প্ৰচুৰ পৰিমাণে থাকে। এইবোৰত থকা ভিটামিন এ ছালখনক ভিতৰৰ পৰা সুস্থ কৰে।

জিংকৰ বাবে চালাড। জিংকৰ এক বৃহৎ উৎস। ইয়াত চেলেনিয়াম, ভিটামিন এ আৰু চিৰ লগতে এন্টিঅক্সিডেন্ট থাকে। যাৰ বাবে ছালখন ভালে থাকে। কুমলীয়া গুটিত থকা ফেটি এচিডে শৰীৰক সবল কৰি তোলাত সহায় কৰে।

মৌমিতা সাহাই ৯০.০৮ শতাংশ নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়ালে বিলাসীপাৰা মহকুমালৈ…

আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত বিলাসীপাৰা মহকুমাৰ ভিতৰত স্কুল অৱ বেচিকছ ছায়েন্স বিদ্যালয়ৰ পৰীক্ষাৰ্থী মৌমিতা সাহাই টপাৰ স্থান দখল কৰি মহকুমাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শিক্ষাৰ্থী সাহাই ৯০.০৮ শতাংশ নম্বৰ লাভ কৰে। সাহাই ইংৰাজীত ৯১,অলটাৰনেটিভ ইংৰাজীত ৯৫,ফিজিক্সত ৯৭,কেমেষ্ট্ৰীত ৮৪ বায়লজিকেলত ৮৭ ,মুঠ নম্বৰ ৪৫৪ পাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ পৰা মুঠ ৭৭ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৩৮ গৰাকী প্ৰথম বিভাগত, ২৯ গৰাকী দ্বিতীয় আৰু ৮ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।লগতে ৪ গৰাকী ডিষ্টিংচন আৰু ১১ গৰাকীয়ে ষ্টাৰ নম্বৰলৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।

তদুপলক্ষে আয়োজিত এক অনুষ্ঠানত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক ফুলাম গামোছা, জাপি আদিৰে বিদ্যালয়খনৰ পৰা সম্বৰ্দ্ধিত কৰি ছাত্ৰ ছাত্ৰীসকলে হৰ্ষ উল্লাসেৰে বিলাসীপাৰা নগৰখন পৰিভ্ৰমণ কৰে। নগৰখনৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানে স্কুল অৱ বেছিক্চ ছায়েন্স বিদ্যালয়খনলৈ অভিনন্দন জনাই উত্তৰোত্তৰ কামনা কৰে।

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ। স্কুল পৰ্যায়ত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি…

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ অংশ স্বৰূপে যোৱা ৩ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হাজো সমষ্টিৰ অন্তৰ্গত বিদ্যালয় আৰু‌ মহাবিদ্যালয় পৰ্যায়ত অনুষ্ঠিত বেডমিন্টন প্ৰতিযোগিতাৰ সামৰণি পৰে। হাজো সুৰেন দাস মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনিত ৩২ দলে অংশগ্ৰহণ কৰে। অসম ৰেষ্টলিং সন্থাৰ নৱনিযুক্ত সভাপতি তথা উদযাপন সমিতিৰ সভাপতি ৰাতুল শৰ্মাই মুকলি কৰা প্ৰতিযোগিতাখনিৰ পৰা ২৬গৰাকী খেলুৱৈক বাচনি কৰা হৈছে।

নিৰ্বাচিত খেলুৱৈ কেইগৰাকীক হাজো ক্ৰীড়া সন্থাৰ তৰফৰ পৰা বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে। বেডমিন্টন প্ৰতিযোগিতা আৰু বাচনি শিৱিৰত হাজো আৰক্ষী থানাৰ পৰিদৰ্শক নৱজিৎ নাথ, ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী প্ৰভাত কলিতা, বিশিষ্ট ক্ৰীড়া সংগঠক ডাঃ সোণ চন্দ্ৰ মালাকৰ, শৰৎ নায়ক, মৃণাল কুমাৰ দাস, মনোজ মেধি, সাংবাদিক প্ৰাঞ্জল কলিতা আদি উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে। আনহাতে খেল পৰিচালকৰ দায়িত্বত আছিল হৃষিকেশ বিশ্বাসী আৰু চন্দন মালাকৰ।

গুৱাহাটীবাসীক খোৱাপানী যোগানৰ দাবীত প্ৰতিবাদ আম আদমি পাৰ্টী…

প্ৰত্যেকখন নিৰ্বাচনী প্ৰচাৰ সভাত বিকাশৰ কথা কৈ থকা বিজেপি চৰকাৰখনে প্ৰকৃততে কিমান বিকাশ সাধন কৰিছে সেয়া গুৱাহাটীবাসীয়ে ক’ব। গুৱাহাটীবাসীক নিৰ্বাচনৰ সময়ত চুইছ টিপিলেই খোৱাপানী পাব বুলি বিজেপি দলে কৰা ভুৱা প্ৰতিশ্ৰুতিৰ ফলাফল এতিয়া মহানগৰবাসীয়ে দেখিছে ৷

গুৱাহাটীবাসীক খোৱাপানী যোগানৰ দাবীত আজি আম আদমি পাৰ্টী অসমে গুৱাহাটী পৌৰনিগম ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ গুৱাহাটীবাসীৰ খোৱাপানী সমস্যা সমাধান নোহোৱাৰ পৰ্যন্ত আপে অবিৰত সংগ্ৰাম কৰি যাব

গৰ্ভৱতী স্বৰা ভাস্কৰ, বিবাহৰ তিনিমাহৰ পিছত বেবী বাম্প প্ৰদৰ্শন, অভিনন্দনেৰে ওপচাই পেলাইছে…

গৰ্ভৱতী স্বৰা ভাস্কৰ, বিবাহৰ তিনিমাহৰ পিছত বেবী বাম্প প্ৰদৰ্শন, অভিনন্দনেৰে ওপচাই পেলাইছে…। শীঘ্ৰে মাতৃ হ’বলৈ গৈ আছে বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি গৰ্ভধাৰণৰ কথা ঘোষণা কৰি তেওঁ নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰিছে। বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে তিনিমাহ পূৰ্বে সমাজবাদী পাৰ্টিৰ নেতা ফাহাদ আহমেদৰ সৈতে এক অন্তৰংগ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল। তেতিয়াৰ পৰা অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ ভাল খবৰৰ বাবে অপেক্ষা কৰি আছিল। অৱশেষত স্বৰাই ঘোষণা কৰিছে যে তেওঁ মাতৃ হ’বলৈ ওলাইছে। ছচিয়েল মিডিয়াত পোষ্ট কৰি গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে অভিনেত্ৰীগৰাকীয়ে। আনহাতে, স্বৰাই এই ভাল খবৰটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীয়ে অভিনন্দন জনাইছে।

স্বৰাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এখন ছবিৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে। ফটোখনত স্বামী ফাহাদৰ সৈতে দেখা গৈছে স্বৰাক। গোলাপী ৰঙৰ সাজ-পোছাক পিন্ধিছে য’ত তেওঁৰ বেবী বাম্প স্পষ্টকৈ দেখা গৈছে। স্বৰা ভাস্কৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰাৰ লগে লগে সকলো চেলিব্ৰিটি আৰু অনুৰাগীৰ পৰা বহু অভিনন্দন লাভ কৰিছে।

ওড়িশা ৰেল দুৰ্ঘটনাঃ ৪০ জন যাত্ৰীৰ মৃতদেহত নাই কোনো আঘাতৰ চিন। কেনেকৈ মৃত্যু হ’ল…

ওড়িশা ৰেল দুৰ্ঘটনাঃ ৪০ জন যাত্ৰীৰ মৃতদেহত কোনো আঘাতৰ চিন নাই, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে নেকি? ওড়িশা ৰেল দুৰ্ঘটনাত মৃত্যুৰ তথ্য দি এজন আৰক্ষী বিষয়াই কয় যে ৪০ টা মৃতদেহ আছে য’ত কোনো ধৰণৰ আঘাতৰ চিন নাই। আৰক্ষী বিষয়াজনে জনোৱা মতে, এই ৪০ জন লোক বিদ্যুৎস্পৃষ্ট হৈছিল। মৃতদেহবোৰৰ ওপৰত কোনো ধৰণৰ বাহ্যিক আঘাত পোৱা নাই, যাৰ বাবে বিদ্যুৎস্পৃষ্ট হ’ব পাৰে বুলি অনুমান কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, যোৱা ২ জুনত বেংগালুৰু-হাওৰা এক্সপ্ৰেছ গাড়ীখন ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ ডবাৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। যাৰ বাবে ছিঙি যায় তাঁৰ। তেওঁ কয় যে প্ৰায় ৪০ টা মৃতদেহ আছে য’ত কোনো আঘাতৰ চিন নাছিল, এনে পৰিস্থিতিত এইসকল লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল।

দুৰ্ঘটনাৰ প্ৰায় ছয় ঘণ্টাৰ পিছত দাখিল কৰা এজাহাৰৰ ভিত্তিত কটকৰ মহকুমা ৰে’ল আৰক্ষী বিষয়া ৰঞ্জিত নায়কক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয়। এফআইআৰত কোৱা হৈছিল যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰক জনাইছে যে মঙলবাৰৰ ভিতৰত যুটীয়া সঞ্চালক কেৰ নেতৃত্বত চিবিআইৰ এটা দলে আনুষ্ঠানিকভাৱে তদন্তৰ বাবে ওড়িশা ভ্ৰমণ কৰিব। পশ্চিম বংগৰ খড়গপুৰত ৰাজহুৱা শুনানি আৰম্ভ কৰাৰ পূৰ্বে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে ৰে’ল সুৰক্ষা আয়ুক্তই।

উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ষষ্ঠ স্থান লাভ যোৰহাটৰ নন্দিতা দাসৰ…

প্ৰেৰণাৰ উৎস ।আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ষষ্ঠ স্থান লাভ কৰিছে যোৰহাটৰ নন্দিতাই । পিতৃয়ে ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰে আৰু মাতৃয়েও লোকৰ ঘৰত কাম কৰে।

পৰিশ্ৰমী পিতৃ মাতৃ হালক আজি জীয়ৰীয়ে জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰটো দিলে। বৰভেটা নাও শলীয়া গাঁৱত এটা সৰু কোঠা ভাড়াত লৈ দেউতাকৰ ব্যৱসায়ৰ লগতে চলিছিল জীয়ৰীৰ শিক্ষা জীৱনৰ যাত্ৰা ।

নন্দিতাৰ ভৱিষ্যতৰ জীৱন অধিক উজ্জল হওঁক

মুখত ‘open pores’ পৰিছে নেকি? open poresএ মুখৰ সৌন্দৰ্যত বাধাৰ সৃষ্টি কৰে…

আমাৰ ছালখন অতি সংবেদনশীল আৰু আমাৰ খাদ্য, পানী, টোপনি আৰু প্ৰতিটো কামে আমাৰ ছালত প্ৰভাৱ পেলায়। ছালৰ যত্নৰ ৰুটিনও মানি চলিব লাগে যাতে ছালখন ভালে থাকে। আনহাতে মাজে সময়ে ছালত ছিদ্ৰৰ সমস্যাও দেখা দিয়ে। যাৰ বাবে আপোনাৰ মুখত পিম্পলছৰ সমস্যা হ’ব পাৰে। ছালৰ এই ছিদ্ৰবোৰ নাইকিয়া কৰিবলৈ কি কৰিব-

১- সদায় ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ চেষ্টা কৰিব যাতে তেল উৎপাদন কমি যায়। হাইড্ৰেটিং ফেচ ৱাছ আৰু মেকআপ ৰিমুভাৰ বাছি ল’ব যাতে ছালখন ভিতৰৰ পৰা পৰিষ্কাৰ কৰিব পৰা যায়।আনহাতে ছালখন সুস্থ কৰি তুলিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে।
২- ৰ’দত ওলাই যোৱাৰ আগতে সদায় ছালখন ঢাকি ৰাখিব লাগে, কাৰণ ৰ’দত ওলাই গ’লে ছালৰ বহু ক্ষতি হয়, যাৰ ফলত ছালত কলাজেনৰ অভাৱ হ’ব পাৰে।
৩- মুখত বেছিকৈ মেকআপ লগাব নালাগে। ইয়াৰ দ্বাৰাও আপোনাৰ মুখৰ ছিদ্ৰবোৰ ডাঙৰ হ’ব পাৰে। যেতিয়াই মেক-আপ কৰে তাৰপিছতে ভালদৰে মেকআপ সমূহ আঁতৰাই পেলাব লাগে।
৪- দিনটোত কমেও দুবাৰকৈ মুখখন ভালদৰে ধুব লাগে। ইয়াৰ দ্বাৰা ছালত জমা হোৱা মলি আঁতৰিব।

৫- ছালখন সুস্থ কৰি ৰাখিবলৈ খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগে।

অসমীয়া সাহিত্য জগতত নতুনকৈ সংযোজন হ’ল সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী ”চর্চা”

যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আৰু গোলাঘাটৰ বনগাঁৱৰ বিশিষ্ট লেখিকা, সাহিত্যিক ৰাজশ্ৰী শৰ্মাৰ সম্পাদিত “চৰ্চা” নামৰ এখন দুমহীয়া আলোচনী সোমবাৰে গোলাঘাটৰ খুমটাই চাহ বাগিচাস্থিত জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত শুভ উন্মোচন কৰা হয়।

আনহাতে ‘বিশ্ব পৰিৱেশ দিৱস’ৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণৰ লগতে এখনি চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন কৰা হয়।

পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত এই প্রতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত সভাত দুমহীয়া আলোচনী ‘চৰ্চা’ উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক মৃণালিনী গোস্বামীয়ে।

দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ তথা মাহেকীয়া আলোচনী “দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত ধৰা সভাত বিশিষ্ট সাহিত্যিক মাখনলাল বাঢ়ৈ, বিশ্বেশ্বৰ বৰাইক, অনিল শৰ্মা, দিলীপ তাঁতী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰিতুন শৰ্মা,বিশিষ্ট সমাজকৰ্মী নৰেন গঞ্জু আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে।

সভাত চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত দুয়োটা শাখাৰ প্ৰতিযোগীক বঁটা আৰু মানপত্র প্ৰদান কৰাৰ লগতে দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয়স্থান প্রাপ্ত বাদুলিপাৰ বুঢ়া লিকচনৰ অনিন্দিতা বড়াক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷

মঙলদৈত ১০৯১.০২ কোটি টকাৰে ১১ টা প্ৰকল্প শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ; দৰঙত হ’ব মেডিকেল কলেজ, নাৰেংগী- কুৰুৱা সংযোগী দলং…

”দৰং হৈছে লোক কলা, কৃষ্টি সংস্কৃতিৰে চহকী এখন পুৰণি জিলা। দৰঙী কোচ ৰজা ধৰ্মনাৰায়নে প্ৰতিষ্ঠা কৰা এই জিলাখন এতিয়া সংকুচিত হৈছে। এই জিলাৰ উন্নয়নত আমাৰ চৰকাৰে সদায় দায়বদ্ধ হৈ কাম কৰি গৈছে। স্কিল ইউনিভাৰচিটিৰ আধাৰ শিলা স্থাপন কৰাৰ পিছতেই ইয়াৰ কাম দিনে নিশাই দ্ৰুতগতিত চলি আছে। দৰঙত মেডিকেল কলেজ এখনো স্থাপন কৰা হ’ব। কিন্তু ইয়াৰ বাবে দৰঙৰ চাৰিজন বিধায়ক ক্ৰমে বসন্ত দাস, দূৰ্গাদাস বড়ো, মজিবৰ ৰহমান, ড° পৰমানন্দ ৰাজবংশীয়ে সাংসদ দিলীপ শইকীয়াৰ লগত আলোচনা কৰি এটা ঠাই বাচনি কৰি দিলেই মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম।”- এই ভাষ্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

সোমবাৰে মঙলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত দৰং জিলাৰ ‘বিকাশৰ এদিন’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি দৰং জিলাত ১০৯১.০২ কোটি টকাৰ প্ৰকল্পৰ কাম উদ্বোধন আৰু শুভাৰম্ভ কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, সাংসদ দিলীপ শইকীয়াক ভূয়সী প্ৰশংসা কৰি কয় যে, এওঁলোকৰ বাবেই ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অধীনত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈ বাইপাছ অংশ (১৫ কিল’মিটাৰ)ৰ চাৰি লেনযুক্ত পথৰ নিৰ্মাণ সম্ভৱপৰ হ’বলৈ গৈ আছে।

৫৩৫ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এই বাইপাছৰ লগতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক বাইহাটা চাৰিআলি-তেজপুৰ সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেন কৰা, নাৰেংগী-কুৰুৱা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি দিবলৈ আহ্বান জনায়।

১০ কোটি টকাৰে নৱনিৰ্মিত ছিপাঝাৰ ক্ৰীড়া প্ৰকল্প, ৭.৮৮ কোটি টকাৰে নিৰ্মিত মেনাপাৰা- ভকতপাৰা লোক নিৰ্মাণ পথৰ বিকাশ- উন্নীতকৰণ, ৫.২০ কোটি টকাৰে মঙলদৈ ক্ৰীড়াঙ্গণত স্থাপিত ফ্লাড লাইট আৰু পেভিলিয়ন, ২ কোটি টকাৰে নৱনিৰ্মিত ধলপুৰ শিৱধাম মন্দিৰ তথা সংলগ্ন নির্মাণ কাৰ্য, ৫০ লাখ টকাৰে মঙলদৈ ধূলা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন আৰু অসম মালা আঁচনি প্ৰকল্পৰ অধীনত ২৮২.৮৫ কোটি টকাৰে ছিপাঝাৰ – টংলা পথৰ বিকাশ আৰু উন্নীতকৰণ, ২০৪.৬১ কোটি টকাৰে দলগাঁও – ধূপগুৰি পথৰ বিকাশ আৰু উন্নীতকৰণ, ৫.৪১ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ প্ৰকল্প (পথৰ সংখ্যা এটা), ২৫.৩৩ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ প্ৰকল্প (পথৰ সংখ্যা ১৫ টা), ৫.২৭ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ প্ৰকল্প (পথৰ সংখ্যা ৬ টা), ৬.৩০ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনিৰ প্ৰকল্প (মথাউৰিৰ সংখ্যা ২ টা) শুভাৰম্ভ কৰি তেওঁ কয়, কথা দিয়া মতেই ৫৭ হাজাৰক যোগ্যতাৰ ভিত্তিত চাকৰি দিলো আৰু অচিৰেই ২২ হাজাৰক চাকৰি দিম।

সকলো নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াটো সম্ভৱপৰ নহয় বুলি উল্লেখ কৰি ৰাজ্য খনৰ ২ লাখ যুৱক যুৱতীক ব্যবসায় বাণিজ্যত আত্মনিয়োগ কৰিব পৰাকৈ দুই লাখ টকাকৈ বেংকৰ ঋণ দিব বুলি ঘোষণা কৰে।

এই ঋণ লাভৰ বাবে বেংকত কোনো বন্ধক দিব নালাগে বুলি কয় মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই। তদুপৰি ৰাজ্যখনত ৩ লাখ আত্ম সহায়ক গোটত জড়িত হৈ থকা ৩০ লাখ মহিলাক গাহৰি পালন, হাঁহ কুকুৰা পালন, মৎস পালন আদিৰ বাবে প্ৰতিজনী মহিলাক ১০ হাজাৰকৈ টকা এককালীন সাহাৰ্য আগবঢ়াব বুলি তেওঁ ঘোষণা কৰে। তিনি সহস্ৰাধিক লোকৰ উপস্থিতিত হোৱা এই সভাত মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ ভাৱে সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছ বিধায়ক বসন্ত দাস, এ আই ইউ ডি এফৰ বিধায়ক মজিবৰ ৰহমান, বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়ো, বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশী আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসক মৰম চেনেহ দি থাকিবলৈ উদ্দাত্ত কন্ঠে আহ্বান জনায়। ইয়াৰ আগতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আভাষীয়ভাৱে (Virtually) ৫৩৫ কোটি টকাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈৰ বাইপাছ অংশ (১৫ কিলোমিটাৰ)ৰ ৪ লেনযুক্ত পথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি বাইহাটা – তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰলেনযুক্ত কৰাৰ বাবে বৰ্তমান ডিপিআৰৰ কাম আৰম্ভ হোৱাৰ লগতে নাৰেংগী – কুৰুৱা সংযোগী প্ৰস্তাৱিত দলঙৰ কামো হব বুলি কয়।

এই অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে আদৰণি ভাষণ, সাংসদ দিলীপ শইকীয়াই চমু ভাষণ প্ৰদান কৰে। কাৰ্বি আংলঙৰ সাংসদ হৰেণ সিং বে’, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাপতি তুলিৰাম ৰাংহাং, বি টি এ ডিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, বিধায়ক ক্ৰমে বসন্ত দাস, ড° পৰমানন্দ ৰাজবংশী, মজিবৰ ৰহমান, দুৰ্গাদাস বড়ো, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নিলীমা দেৱী, পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, বিজেপিৰ দৰং জিলাৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, অগপৰ জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱা, সমাজসেৱক সুনীল বসুমতাৰী, জুৰী শৰ্মা বৰদলৈ, প্ৰণৱ বৰুৱা, মিজান নুৰ ৰহমান, উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল আদি উপস্থিত থকা এই অনুষ্ঠানত সাগৰিকা খাটনিয়াৰে বৰগীত, বিপিন ডেকাই ঢেপা ঢোল, কিংকৰ নাথে ওজাপালি, মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিহু নৃত্য পৰিবেশন কৰে।