Home Blog Page 1534

সুস্থ হৈ থাকিবলৈ চাহ ত্যাগ কৰাটো প্ৰয়োজনীয় নহয়…

সুস্থ হৈ থাকিবলৈ চাহ ত্যাগ কৰাটো প্ৰয়োজনীয় নহয়, কিন্তু চাহ বনোৱা পদ্ধতি সলনি কৰিব লাগিব। বৰ্তমান মছলা চাহ খোৱাৰ লোকৰ সংখ্যা বাঢ়িছে। মানুহে গাখীৰ, আদা, ইলাচি, চাহ মছলা, চাহপাত, জালুক আদি উপাদান যোগ কৰি চাহৰ সোৱাদ বৃদ্ধি কৰে। চাহ খোৱাৰ প্ৰথা আৰম্ভ হৈছিল বহু যুগৰ আগতে। কিন্তু আজিকালি মছলা চাহক ‘অস্বাস্থ্যকৰ গৰম পানীয়’ৰ শিতানত ৰখা হৈছে আৰু স্বাস্থ্যৰ বাবে বেয়া বুলি কোৱা হয়। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সুস্থ হৈ থাকিবলৈ গাখীৰৰ চাহ ত্যাগ কৰাটো প্ৰয়োজনীয় নেকি?

যদি আপুনি চাহপ্ৰেমী তেন্তে মছলা চাহ আপোনাৰ বাবে সৰ্বোত্তম। মছলা চাহত ডালচেনি, জালুক, ইলাচি, আদাকে ধৰি বহুতো স্বাস্থ্য উপকাৰী উপাদান যোগ কৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সুস্থ হজম শক্তিত সহায় কৰে। কেৱল এয়াই নহয়, এনে চাহত এন্টিঅক্সিডেন্টোপ্ৰচুৰ পৰিমাণে থাকে।

কোনবোৰ বনৌষধি আৰু মছলাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে?
ইলাচি, দালচেনি, জালুক, আদা, লং, তেজ পাতৰ দৰে বনৌষধি আৰু মছলাবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। যদি আপুনি আপোনাৰ চাহত এই বনৌষধি আৰু মছলা সমূহ অন্তৰ্ভুক্ত কৰে, তেন্তে আপোনাৰ চাহ স্বাস্থ্যকৰ চাহ হ’ব পাৰে।

এদিনত কিমান কাপ চাহ খাব পাৰি?
মানুহে দিনটোত ৪-৫ কাপলৈকে চাহ খায়, যিটো স্বাস্থ্যৰ বাবে ভাল নহয়। যিহেতু চাহত চেনি যোগ কৰা হয়, সেয়েহে চাহক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা নহয়। কাৰণ অতিৰিক্ত চেনিৰ বাবে ডায়েবেটিছকে ধৰি বহু ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে। যদি চাহ খাই সুস্থ হৈ থাকিব বিচাৰে তেন্তে দিনটোত ১-২ কাপতকৈ বেছি চাহ নাখাব।

চাহ খোৱাৰ সময় কেতিয়া?
খাদ্য খোৱাৰ দুঘণ্টাৰ পিছত চাহ খোৱাৰ উপযুক্ত সময়। মনত ৰাখিব যে কেতিয়াও খালী পেটত চাহ নাখাব। কাৰণ কেফেইনে পেটত এচিড তৈয়াৰ কৰাৰ কাম কৰে, যাৰ ফলত এচিড ৰিফ্লাক্স, হাৰ্টবাৰ্ণ, এচিডিটি, বদহজমৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বাহিৰেও ব্ৰেকফাষ্ট বা আন কোনো খাদ্য সামগ্ৰীৰ লগত চাহ খোৱাৰ পৰা বিৰত থাকিব। কাৰণ চাহত টেনিন নামৰ ৰাসায়নিক যৌগ এটা থাকে, যাৰ ফলত পুষ্টিকৰ পদাৰ্থ শোষণ কৰাত অসুবিধা হয়।

প্ৰতিবাদৰ মাজতে আজি সন্ধিয়া গংগা নদীত অলিম্পিক পদক উটুৱাই দিব মল্লযুঁজাৰুসকলে…

প্ৰতিবাদৰ মাজতে আজি সন্ধিয়া ৬ বজাত গংগা নদীত পদক উটুৱাই দিব মল্লযুঁজাৰুসকলে। যৌন নিৰ্যাতনৰ অভিযুক্ত ডব্লিউ এফ আইৰ মুৰব্বী ব্রিজ ভূষণৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে বজৰং পুনিয়াই কয় যে মঙলবাৰে সন্ধিয়া ৬ বজাত হৰিদ্বাৰৰ গংগা নদীত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে পদক অলিম্পিক পদক উটুৱাই দিব।

তেওঁ লগতে কয় যে ইণ্ডিয়া গেটত মৃত্যুৰ আগলৈকে ব্ৰত ৰাখিব। দেওবাৰে নতুন সংসদলৈ সমদল উলিয়াই দিল্লী আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ পিছত এই কথা প্ৰকাশ কৰিছে।

২৪০খন ছবিৰ ভিতৰত ১০০খন ছবিৰ খলনায়ক পৰেশ ৰাৱাল…

হিন্দী ছবিত বলিষ্ঠ অভিনয়েৰে চিনাকি পৰেশ ৰাৱালৰ আজি জন্মদিন। ৬৮ বছৰত ভৰি দিলে জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱালে। সকলোৰে পৰেশ ৰাৱালক এজন ধেমেলীয়া অভিনেতা হিচাপে চিনি পায়। সৰুৰে পৰা পৰেশ ৰাৱালৰ ছবিৰ প্ৰতি আকৰ্ষণ ইমানেই আছিল যে মাত্ৰ ৯ বছৰ বয়সতে তেওঁ ছবি চাবলৈ টিকট নোহোৱাকৈ থিয়েটাৰত প্ৰৱেশ কৰিছিল।

পৰেশ ৰাৱালৰ জন্ম হৈছিল ১৯৫৫ চনৰ ৩০ মে’ত মুম্বাইত। একে সময়তে তেওঁ গুজৰাটী মধ্যম বিদ্যালয়ৰ পৰাই প্ৰাৰম্ভিক পঢ়া-শুনা আৰম্ভ কৰিছিল। সৰুৰে পৰা পৰেশ বৰ দুষ্টামি আছিল। ২৪০ খন ছবিৰ ভিতৰত ১০০ খন ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল পৰেশ ৰাৱালে।


উৎকৃষ্ট অভিনয়ৰ বাবে পৰেশ পৰিচিত। যদি তেওঁ কমেডী কৰে তেন্তে তেওঁ আপোনাক হাঁহিবলৈ বাধ্য কৰাব আৰু যদি তেওঁক খলনায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়া হয় তেন্তে তেওঁ আপোনাক বহুত হহুোঁৱাব। পৰেশে এই পৰ্যন্ত ২৪০ খন ছবিত কাম কৰিছে। ইয়াৰে ১০০খন ছবিত তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে।

মৰিগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ শেষ নিশ্বাস ত্যাগ …

মৰিগাঁও সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ কংগ্ৰেছৰ দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই সমষ্টিটোত তিনিবাৰকৈ বিধায়কৰ পদ দখল কৰিছিল।

আজি পুৱা ৬ বজাত গুৱাহাটীৰ মেডিকেল কলেজ চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে জিলাখনৰ অন্যতম সমাজ কৰ্মী প্ৰয়াত ক্ষীৰোদ বৰুৱা পত্নী। তেওঁৰ মৃত্যুত জিলাখনত গভীৰ শোকৰ ছাঁ পৰে।

কাৰ্তিক আৰিয়ানৰ পৰা অভিষেক বচ্চনলৈকে চি এছ কেৰ জয়ত আনন্দ চেলিব্ৰিটিসকলৰ, ছ’চিয়েল মিডিয়াত অভিনন্দন…

চেন্নাই ছুপাৰ কিংছৰ জয়ত অনুৰাগীৰ মনত আনন্দ। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি বলীউডৰ চেলিব্ৰিটিলৈকে সকলোৱে ’চিয়েল মিডিয়াত প্ৰশংসা কৰিছে চি এছ কেক।ক্ৰিকেট অনুৰাগীসকলে উদযাপন কৰিছে চেন্নাই ছুপাৰ কিংছৰ এই বিজয়ৰ ক্ষণক। অনুৰাগীসকলে ধোনী আৰু জাদেজাক তেওঁলোকৰ উৎকৃষ্ট অভিনয়ৰ বাবে অভিনন্দন জনাইছে। কোনোবাই ধোনিৰ জয় বুলি কৈছে আৰু আন কোনোৱে জাদেজাক ক্ৰেডিট দিছে।সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি বলীউডৰ চেলিব্ৰিটিলৈকে সকলোৱে নিজৰ ছ’চিয়েল মিডিয়াত প্ৰশংসাৰে ওপচাই পেলাইছে। একে সময়তে ৰণবীৰ সিং, বিকি কৌশল আৰু চাৰা আলী খানকে ধৰি একাংশ চেলিব্ৰিটিয়ে মেচখন আৰম্ভণিৰ পৰা শেষলৈকে উপভোগ কৰে।

চি এছ কেক বিজয়ৰ বাবে অভিনন্দন জনাই ৰণবীৰ সিঙে লিখিছে- ‘ৰবীন্দ্ৰ সিং জাদেজা, অ’ মাই গড। ফাইনেল!!!’

আনহাতে নিজৰ ছবিখনৰ প্ৰচাৰৰ বাবে আহমেদাবাদত উপস্থিত হোৱা ছাৰা আলী খান আৰু বিকি কৌশলে ষ্টেডিয়ামত লাইভ মেচ উপভোগ কৰে। চি এছ কেৰ জয়ৰ পিছত বিকি আৰু ছাৰাক আনন্দত জপিয়াই পৰা দেখা গৈছিল।

চেন্নাই ছুপাৰ কিংছৰ জয়ক লৈ কাৰ্তিক আৰিয়ানেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অভিষেক বচ্চনে চি এছ কে আৰু গুজৰাট টাইটানছ দুয়োটা দলৰ প্ৰশংসা কৰে।

অভিনেত্ৰী আথিয়া শ্বেট্টীয়েও আই পি এলৰ চূড়ান্ত ফলাফলক লৈ সুখী।

হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান…

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি) ৰ পৰা হাৰ্দিক শৰ্মালৈ পুতলা নাচৰ বাবে ২০২২-২০২৩ বৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰত শিশু শিল্পী বৃত্তিৰ (সাংস্কৃতিক প্ৰতিভা বৃত্তি আঁচনি) বাবে মনোনীত হৈছে । হাৰ্দিক শৰ্মাই এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ অধীনত প্ৰশিক্ষণ লৈ আছে । হাৰ্দিক শৰ্মা গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু সুৰজিৎ একাডেমীত দুবছৰীয়া অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণো লৈ আছে।

শিশু শিল্পী হাৰ্দিক শৰ্মাই ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষন পৰিষদ ( এন চি আৰ টি) আৰু অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষন পৰিষদ (এছ চি ই আৰ টি) ৰ শিক্ষাৰ লগত জৰিত ছুটি ছবিত অভিনয় আৰু পুতলা নাটৰ ছুটি ছবি সমূহত পুতলা সঞ্চালন কৰি আহিছে। লগতে বিনীতা দেৱীৰ অধীনত অসম তথা ভাৰতৰ চৰকাৰৰ অধীনৰ বহু কেইখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক কাৰ্যক্ৰমত পুতলা নাটত সঞ্চালন আৰু অভিনয় পৰিৱেশন কৰিছে আৰু সুৰজিৎ একাডেমীৰ অধীনত বহু কেইখন চুটি ছবিত অভিনয় কৰিছে।

হাৰ্দিক শৰ্মাই ৰাষ্ট্ৰীয় চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ অধীনটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাটত অভিনয় কৰি আহিছে। হাৰ্দিক শৰ্মাই অভিনয় আৰু পুতলা নাচৰ লগতে বিভিন্ন সাংস্কৃতিক মঞ্চত সংগীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে। হাৰ্দিক শৰ্মা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ সীমান্ত শৰ্মা আৰু বিনীতা দেৱীৰ এক মাত্ৰ পুত্ৰ।

চি এছ কে হাতত পৰাস্ত হৈ হাৰ্দিক পাণ্ডিয়াই ক’লে ‘ধোনীৰ হাতত পৰাস্ত হৈ সুখী মই’

গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই আই পি এল ২০২৩ৰ ফাইনেল মেচত চি এছ কে আৰু মহেন্দ্ৰ সিং ধোনিৰ হাতত পৰাস্ত হৈ ডাঙৰ বক্তব্য আগবঢ়াইছে।গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ এই বক্তব্যই বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে। সোমবাৰে ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত (ডি এল এছ মেথড) পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে আই পি এলৰ ট্ৰফী দখল কৰিবলৈ সক্ষম হৈছে চেন্নাই ছুপাৰ কিংছ। ৰবীন্দ্ৰ জাদেজাৰ ছয় আৰু চতুৰৰ শেষৰ দুটা বলত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে আই পি এলৰ ফাইনেলত গুজৰাট টাইটানছক পৰাস্ত কৰি অভিলেখ সমান কৰি পঞ্চমবাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰি জয়ী হয়।

মুম্বাই ইণ্ডিয়ানছৰ পিছত এতিয়া চেন্নাই পাঁচটা খিতাপ (২০১০, ২০১১, ২০১৮, ২০২১, ২০২৩) জয় কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হৈছে। গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই আই পি এল ২০২৩ৰ ফাইনেল মেচত চেন্নাই ছুপাৰ কিংছ আৰু মহেন্দ্ৰ সিং ধোনিৰ হাতত পৰাস্ত হৈ কয়, ‘যদি মই পৰাস্ত হ’বলগীয়া হয়, তেন্তে ধোনিৰ বিৰুদ্ধে হাতত পৰাস্ত হম। ভাল মানুহৰ লগত ভাল কাম হয় আৰু তেওঁ অন্যতম শ্ৰেষ্ঠ। ভগৱানে যথেষ্ট দয়া কৰিছে, ভগৱানে মোৰ ওপৰতো দয়া কৰিছে, কিন্তু আজি ৰাতিটো তেওঁৰ আছিল। মই তেওঁলোকৰ বাবে বহুত সুখী। ধোনিৰ বাবে এই কথা লিখিছিল নিয়মে।’

হাৰ্দিক পাণ্ডিয়াই কয়, ‘মই ভাবো আমি বহুত হৃদয়েৰে খেলিলোঁ, সঁচাকৈয়ে গৌৰৱান্বিত যে আমি যিদৰে যুঁজ দিলোঁ। আমি একেলগে পৰাস্ত। মই অজুহাত দেখুৱাবলৈ যোৱা নাই, চি এছ কেয়ে ভাল ক্ৰিকেট খেলিছিল। আমি সঁচাকৈয়ে ভাল বেটিং কৰিলোঁ।’

গুজৰাট টাইটানছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ অৰ্জন চেন্নাই ছুপাৰ কিংছৰ। এক আৱেগিক মুহূৰ্ত…

গুজৰাট টাইটানছক পৰাস্ত কৰি চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে। চি এছ কেৰ জয়ৰ পাছত জাদেজাৰ সৈতে উদযাপন ধোনীৰ। কোলাত জাদেজাক তুলি ল’লে ধোনীয়ে, চেন্নাই চেম্পিয়ন হোৱাৰ পিছৰ আৱেগিক মুহূৰ্তৰ ভিডিঅ’ত চাওক।


চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে। চি এছ কেৰ বিজয়ৰ পিছত ধোনিয়ে জাডেজাক সাৱটি ধৰে। চেন্নাই ছুপাৰ কিংছ পঞ্চমবাৰৰ বাবে আই পি এল ২০২৩ৰ ফাইনেলত জয়লাভ কৰি চেম্পিয়ন হয়। চেন্নাইৰ জয়ৰ পাছত কোলাত তুলি ললে ৰবীন্দ্ৰ জাদেজাক। এই ভিডিঅ’টো IPL য়ে টুইট কৰিছে। এই ভিডিঅ’টো চাই অনুৰাগীসকল আৱেগিক হৈ পৰিল। টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আই পি এল ২০২৩ৰ চূড়ান্ত খেলখন আহমেদাবাদত অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি গুজৰাট টাইটানছে ২১৪ ৰান সংগ্ৰহ কৰে। চেন্নাইয়ে ৫টা উইকেট ৰাখি মেচখনত জয়লাভ কৰে। ১৫ নং অভাৰৰ অন্তিম বলত চাৰিটা মাৰি দলটোক জয় প্ৰদান কৰে জাডেজাই। মোহিত শৰ্মাৰ অভাৰত চাৰিৰ লগতে ছয়ো কৰে। চেন্নাইৰ জয়ৰ পিছত ধোনী-জাদেজাৰ লগতে বাকী খেলুৱৈসকল আনন্দত জপিয়াই পৰিল। আইপিএলে টুইট কৰিছে জাদেজা আৰু ধোনিৰ ভিডিঅ’।

চেন্নাইৰ হৈ ফাইনেলত ডেভন কনৱেই ২৫টা বলত ৪৭ ৰান সংগ্ৰহ কৰে। শিৱম ডুবেই ২১টা বলত অপৰাজিত ৩২ ৰান সংগ্ৰহ কৰে। জাডেজাই ৬ বলত অপৰাজিত ১৫ ৰান সংগ্ৰহ কৰে। অম্বতি ৰায়ুডুৱে ১৯ ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে অজিংক্য ৰাহানে ২৭ ৰানৰ ইনিংছ খেলিছিল।

কিছুমান বেয়া অভ্যাসে আমাৰ ভৰি দুখন দুৰ্বল কৰি তুলে, সজাগ হওক…

ভৰি দুখন অতি গুৰুত্বপূৰ্ণ। কিন্তু কিছুমান ভুল অভ্যাসৰ বাবে আমাৰ ভৰিৰ ক্ষতিও হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ কিছুমান অভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব। ভৰি শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। সেইবাবেই সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়। বেছিভাগ মানুহেই গোটেই শৰীৰৰ যত্ন লয় যদিও ভৰিৰ প্ৰতি কম গুৰুত্ব দিয়ে। এনে পৰিস্থিতিত আমি আপোনালোকক ক’ম যে কোনবোৰ অভ্যাসে ভৰিৰ ক্ষতি কৰে-

আজিকালি মানুহে একে ঠাইতে বহি কাম কৰি থাকে। কিন্তু আপুনি জানেনে যে ই আপোনাৰ ভৰিৰ ক্ষতিও কৰে। কাৰণ বহু সময় বহি থাকিলে আপোনাৰ তেজৰ সঞ্চালন বহুত লেহেমীয়া হয়। যাৰ বাবে আপোনাৰ ভেৰিকোজ ভেইনৰ সমস্যা হব পাৰে।সেয়েহে ভৰি দুখন সুস্থ কৰি ৰাখিব বিচাৰিলে কামৰ মাজত প্ৰতি এঘণ্টাৰ মূৰে মূৰে অলপ বিৰতি লওক বা অলপ খোজ কাঢ়ব।

বেছিভাগ মানুহৰে দেখা যায় যে যেতিয়াই বহি থাকে তেতিয়াই ভৰি দুখন ক্ৰছ কৰে। কিন্তু বহু সময় ভৰি দুখন ক্ৰছ কৰি বহি থাকিলে আঁঠুৰ ওপৰত অধিক চাপ পৰে। যাৰ বাবে আপোনাৰ ভৰিৰ সমস্যা হ’ব পাৰে। গতিকে ভৰি দুখন ক্ৰছ কৰি বহি থকাৰ পৰা বিৰত থাকক।

ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে বহুত ভাল, কিন্তু অত্যধিক ব্যায়াম কৰিলে ভৰিৰ ক্ষতি হ’ব পাৰে। কাৰণ অতিমাত্ৰা ব্যায়ামৰ বাবে পেশীৰ ওপৰত অধিক চাপ পৰে। যাৰ বাবে ভৰিৰ বিষৰ সমস্যা হ’ব পাৰে।

১৫ মে’ৰ পৰা এতিয়ালৈকে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ ক’ত, কিমান গ্ৰেপ্তাৰ হ’ল জানেনে?

অসম আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান অব্যাহত ৰাখিছে আৰু যোৱা ১৫ মে’ৰ পৰা এই পৰ্য্যন্ত মুঠ ১৬০ জনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰত ৩, কামৰূপত ৬, বৰপেটাত ৪, নগাঁৱত ৮, শোণিতপুৰত ৪৫, দৰঙত ১, লক্ষীমপুৰত ৬৩, গোলাঘাটত ২, মৰিগাঁৱত ১১, বঙাইগাঁৱত ২, চিৰাঙত ১, বিশ্বনাথ চাৰিআলিত ১০, হোজাইত ৩ আৰু তামুলপুৰত ১ জন নকল সোণৰ ব্যৱসায়ী তথা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

নকল সোণৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰা হৈছে আৰু অভিযানকালত আৰক্ষীয়ে জালনোট, নকল সোণ, লেপটপ, কম্পিউটাৰ আদিকে ধৰি বিভিন্ন সামগ্রীও জব্দ কৰিছে।

নকল সোণৰ এই ব্যৱসায়ী চক্ৰটো ৰাজ্যখনৰ পৰা সম্পূৰ্ণভাৱে উৎখাত নোহোৱা পৰ্যন্ত আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব।