Home Blog Page 1535

লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান

মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ বৰছলা গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ সৰুছলা মছজিদ প্ৰাংগণত সোমবাৰে বৰছলা মণ্ডল কংগ্ৰেছৰ সভাপতি ইছমাইল শ্বেখৰ সভাপতিত্বত আৰু লাহৰিঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ উপস্থিতত এখন যোগদান সভা অনুষ্ঠিত হৈ যায়।

উক্ত যোগদান সভাত শতাধিক বিজেপি আৰু এ আই ইউ ডি এফৰ কৰ্মীয়ে কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

দলটোত যোগদান কৰা বিজেপি আৰু এ আই ইউ ডি এফৰ কৰ্মী সকলক দলৰ হৈ কাম কৰি দলটোক শক্তিশালী কৰিবলৈ আহ্বান জনায় বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে।


ইপিনে বিধায়ক নাজাৰে সৰুছলা আঞ্চলিক জনাজা ঘৰৰ আধাৰশিলাও স্থাপন কৰে।


এই কাৰ্যসূচীত বিধায়কজনক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জুলু চেতিয়া আৰু খুলিলুৰ ৰহমানে। এই যোগদান সভাত তিনি শতাধিক কংগ্ৰেছ সমৰ্থক উপস্থিত আছিল।

গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান

গোসাঁইগাঁও ৰাজহ চক্ৰৰ অধীনস্ত শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমি হীন পৰিয়ালক সোমবাৰে ভূমি পট্টা প্ৰদান কৰা হয়। বিটিচি চৰকাৰৰ উদ্যোগত পৰিয়াল সমূহক প্ৰদান কৰে ভূমি পট্টা।

উক্ত অনুষ্ঠানত বিটিচিৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, বিধায়ক জিৰন বসুমতাৰী, কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জাহাৰী, অখিল বসুমতাৰী সহ অনেকে উপস্থিত আছিল।

সোমবাৰে আনুষ্ঠানিকভাৱে ৭৩ টা পৰিয়ালক ভূমি পট্টা দিয়া হয়।উক্ত পৰিয়াল সমূহে যিয়ে যেনে ধৰণৰ ভূমি অধিগ্ৰহণ কৰি আছে সেই মাটি দিয়া হয় বুলি জানিবলৈ দিয়ে বিটিচিৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে।

মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ

সোমবাৰে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক ঘৰৰ টিনপাত বিতৰণ কৰে ৰাজীৱ ভৱনত। ৰাজীৱ ভৱনত সভাপতি নবজ্যোতি তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত খাৰঘূলিৰ জয়পুৰ উন্নয়ন সমিতিৰ সভাপতি পবিত্ৰ কলিতাৰ নেতৃত্বত অহা এটি দলক গামোচাৰে আদৰণি জনাই।

সভাত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত থাকি কয় যে সংশ্লিষ্ট নিৰ্মাণ প্ৰতিষ্ঠানে খাৰঘূলিৰ জয়পুৰ অঞ্চলৰ ক্ষতিগ্ৰস্ত পৰিলাসমুহক কেইটামান টকাৰে সাহাৰ্য্য প্ৰদান কৰিলে নহ’ব সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব। আনহাতে চৰকাৰেও ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপন দিব লাগিব বুলি দাবী কৰে।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ উপ সভানেত্ৰী ববিতা শৰ্মাই সভাত বক্তব্য প্ৰদান কৰি কয় যে ক্ষতিগ্ৰস্ত পৰিয়ালসমুহক জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰৰ নেতৃত্বত টিনপাত বিতৰণ কৰা কাৰ্য অতি প্ৰসংশনীয় আৰু পৰোপকাৰী। নবজ্যোতি তালুকদাৰৰ দৰে কংগ্ৰেছ দলত শক্তিশালী নেতাৰ পদক্ষেপত পৰবৰ্তী সময়তো কংগ্ৰেছ দলে এনে পদক্ষেপ লৈ ৰাইজৰ কাষত সদায়ে ঠিয় দিব।

আনহাতে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰে কয় যে ক’ভিড কালত যিসকল গুৱাহাটীৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে চৰকাৰক সহায় কৰিছিল তেওঁলোকে এই দুৰ্ভগীয়া থলুৱা অসমীয়া পৰিয়ালসমুহকো এই সময়ত সহায় আগবঢ়াবলৈ আহ্বান জনাই। লগতে যিসকল লোকে সহায় আগবঢ়াব বিচাৰে তেওঁলোকে জয়পুৰ উন্নয়ন সমিতিৰ সভাপতি পবিত্ৰ কলিতাক (8811079660) যোগাযোগ কৰি সহায় আগবঢ়াব পাৰে।

কাৰণ তাত পৰিয়াল সমুহ অভাবনীয় পৰিবেশত পৰি আছে আনকি শিক্ষাৰ্থীৰ পঢ়া কিতাপ পৰ্যন্ত নাই। সভাৰ অন্তত জয়পুৰ উন্নয়ন সমিতিৰ সভাপতি পবিত্ৰ কলিতাৰ নেতৃত্বত অহা দলটিক প্ৰয়োজনীয় ২৫০ খন টিনপাত প্ৰদান কৰে। এই অনুষ্ঠানত ৰাজীৱ ভৱনত বহুতো কংগ্ৰেছী নেতা কৰ্মী উপস্থিত থাকে।

ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…

ছাৰা আলী খান আৰু শুভমান গিলে ইজনে সিজনক আনফ’ল’ কৰিলে, গোপনে গোপন প্ৰেমৰ পিছত ব্ৰেকআপ নেকি? যোৱা কেইমাহমানৰ পৰা ক্ৰিকেটাৰ শুভ্মান গিলৰ সৈতে ছাৰা আলী খানৰ নাম জড়িত হৈ আছে যদিও দুয়োজনে ছ’চিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰাৰ লগে লগে তেওঁলোকৰ ব্ৰেকআপৰ খবৰ ওলাইছে।ছ’চিয়েল মিডিয়াত ছাৰা আলী খান আৰু শুভ্মান গিলে ইজনে সিজনক আনফ’ল’ কৰাৰ খবৰৰ লগে লগে মানুহে এতিয়া তেওঁলোকৰ বিচ্ছেদক ​​লৈ জল্পনা-কল্পনা কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এই খবৰত দুয়োজন নিমাত। ছাৰা আৰু শুভমানক কিছুদিনৰ আগতে একেলগে দেখা গৈছিল, এখন ৰেষ্টুৰেণ্টত। তেতিয়াৰ পৰাই তেওঁলোকৰ প্ৰেমৰ খবৰ পূৰ্ণগতিত চলি আছিল। ইয়াৰ পিছতো গোপনে লগ পোৱা দেখা গৈছিল আৰু সংবাদ মাধ্যমতো বহু খবৰ প্ৰকাশ পাইছিল যদিও এই সন্দৰ্ভত ছাৰাই কোনো মন্তব্য কৰা নাছিল আৰু শুভমানেও এই বিষয়ে কোনো স্পষ্টীকৰণ দিয়া নাছিল।

দুয়ো নিজৰ কামত ব্যস্ত-
ছাৰা নিজৰ ছবিৰ প্ৰচাৰত ব্যস্ত থকাৰ সময়তে শুভমানেও নিজৰ খেলত মনোনিৱেশ কৰিছে। আই পি এলত স্মেক খেলা শুভমানে নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ক্ৰিকেটত তেওঁ নতুন নাম অৰ্জন কৰিছে, চাৰাৰ বৰ্তমান তেওঁ নিজৰ ছবি জাৰা হাট কে জাৰা বাচ কেৰ প্ৰচাৰত ব্যস্ত। ২ জুনত মুক্তি পাব ছবিখন। বিকি কৌশলৰ সৈতে ছবিখনত দেখা যাব ছাৰা আলী খানক।


হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…

মাস্ক পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত ওলাই আহিছে দংগল ছোৱালী জাইৰা ৱাছিম। চিনেমাৰ পৰা অৱসৰ লৈ দংগল আৰু দ্য স্কাই ইজ পিংকৰ দৰে শ্ৰেষ্ঠ ছবিত কাম কৰা জাইৰা ৱাছিম ​​এতিয়া হিজাব পৰিধান যুৱতীৰ সমৰ্থনত ওলাই আহিছে। আচলতে এগৰাকী যুৱতীয়ে হিজাব পিন্ধি খাদ্য খোৱা দেখা যায়। ছবি শ্বেয়াৰ কৰি জাইৰাই কয় যে মইও এনেকৈ খাও। আচলতে শেহতীয়াকৈ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে হিজাব পিন্ধা এগৰাকী ছোৱালীৰ ছবি শ্বেয়াৰ কৰিছিল। য’ত এগৰাকী মুছলমান যুৱতীয়ে হিজাব পিন্ধি খাদ্য খোৱাৰ দেখা গৈছিল। এই ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে সুধিছিল যে এয়া মানুহৰ পছন্দ নেকি? এতিয়া অভিনয়ৰ পৰা অৱসৰ লোৱা জাইৰা ৱাছিমে সেই টুইটাৰ ব্যৱহাৰকাৰীৰ প্ৰশ্নৰ উত্তৰ দিছে। এই ছবিখন ৰিটুইট কৰি জাইৰাই লিখিছে, ‘মই শেহতীয়াকৈ এখন বিয়াত অংশ লৈছিলো। মইও এনেদৰে খাইছিলো।

বহুতে জাইৰাক ফ’ল’ কৰে। টুইটাৰত তেওঁৰ 306k followers আছে। জাইৰাৰ এই পোষ্টটোৰ ওপৰত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ডিল উইথ ইট, একেবাৰে সঠিক, আপোনাৰ উত্তৰটো বহুত ভাল লাগিল।’ একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আপুনি শ্ৰেষ্ঠ, আল্লাহে আপোনাৰ দৰে আন ভগ্নীসকলকো পথ প্ৰদৰ্শন কৰক।’

ইয়াৰ পূৰ্বেও কৰ্ণাটকৰ বিদ্যালয়ত হিজাব নিষেধাজ্ঞা সন্দৰ্ভত জাইৰা ৱাছিমে এক বিবৃতি দিছিল।

ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

অসম ডন ব’স্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত ২৯ মে’ ২০২৩ তাৰিখে এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে গ্লোবেল প্ৰেচিডেণ্ট এণ্ড চিইঅ’, ইকোডাছ ইনক., আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু ভাৰত তথা নৰ্থ ইষ্ট ইণ্ডিয়া বিজনেছ কাউঞ্চিলৰ প্ৰেছিডেণ্ট মাৰ্ক বৰদলৈ। সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে।

মাৰ্ক বৰদলৈক গামোছাৰে আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁইয়ে। ড° বুঢ়াগোহাঁয়ে কৰ্মশালাখনৰ আদৰণি ভাষণ প্ৰদান কৰে। কৰ্মশালাখনত শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰে।

মাৰ্ক বৰদলৈয়ে শৃংখলাবদ্ধ জীৱনে ইঞ্জিনিয়াৰিঙৰ সকলো শাখাৰ শিক্ষাৰ্থীয়ে কেনেদৰে এক সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰে তাৰ বিশদ ব্যাখ্যা আগবঢ়ায়। বৰদলৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত উচ্চ অধ্যয়নৰ লগতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ সময়ত কেনেদৰে ধন উপাৰ্জন কৰিব পাৰে তাৰ তথ্যও ভাগ বতৰা কৰে।

এজন উদ্যোগী আৰু কমিউনিটি নেতা হিচাপে মাৰ্ক বৰদলৈয়ে ভাৰতৰ তিনিখন চহৰ আৰু কানাডাত নিজৰ কোম্পানী সম্প্ৰসাৰণ কৰিছে। ভাৰতৰ মুখ্য কাৰ্যালয় চফটৱেৰ ডেভেলপমেণ্ট চেণ্টাৰ হিচাপে গুৱাহাটীত আৰু আন কাৰ্যালয় নয়ডা আৰু হায়দৰাবাদত আছে। বৰ্তমান তেওঁ কোম্পানীটোত ৭৫ জন কাৰ্যবাহী কৰ্মৰত। কৰ্মশালাখনত ড° বুলজিৎ বুঢ়াগোহাঁইয়ে শলাগৰ শৰাই আগবঢ়ায়।

আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক

‘বিহাৰলৈ উভতি যাওঁ ভাই…’, আমেৰিকাত ৫০০ টকাত ২ টা ছিঙৰা! ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক। যেতিয়া এজন আমেৰিকান ইউটিউবাৰ ভাৰতলৈ আহিছিল, ভাৰতত তেওঁৰ আটাইতকৈ প্ৰিয় খাদ্য আছিল ছিঙৰা। তেওঁ আমেৰিকাতো ছিঙৰা বিচাৰিছিল, কিন্তু পালে বহু দামী ছিঙৰা। উত্তৰ ভাৰতীয় মানুহে ছিঙৰাৰ বহুত ভাল পায়। আপুনি জানি আচৰিত হ’ব যে ছিঙৰাৰ অনুৰাগী আমেৰিকাতো আছে। এই ইউটিউবাৰ জন আমেৰিকান, নাম – ড্ৰু হিক। ভাৰতত দুটা ছিঙৰাৰ দাম ২০ টকা, কিন্তু আমেৰিকাত দুটা ছিঙৰাৰ দাম ৫০০ টকা।


ড্ৰু হিকে এটা ভিডিঅ’ পোষ্ট কৰি হিন্দীত কয়, ‘ভাৰতত দুটা ছিঙৰাৰ দাম ২০ টকা। কিন্তু ইয়াত দুটা ছিঙৰাৰ বাবে দাম ৫০০ টকা।” দামটো অযুক্তিকৰ বুলি বিবেচনা কৰি বিৰক্ত হৈ কয়, “বিহাৰলৈ উভতি যাওঁ ভাই।” এজন বিদেশীয়ে হিন্দীত এনেকুৱা কিবা এটা কোৱাটো ছ’চিয়েল মিডিয়াত ভাৰতীয়ৰ বাবে হাস্যকৰ। সেয়েহে ড্ৰু হিকৰ এই চুটি ভিডিঅ’ ক্লিপটো ভাইৰেল হৈ পৰিছে। ভিডিঅ’ ভাইৰেল হৈ পৰিল ছ’চিয়েল মিডিয়াত


ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…

লিচু খাবলৈ মিঠা আৰু ৰসাল। ই কেৱল সোৱাদযুক্তই নহয়, পুষ্টিকৰ উপাদানৰে ভৰপূৰ, যি স্বাস্থ্যৰ বহু উপকাৰী। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে? বিশেষজ্ঞসকলে কয় যে লিচুত পটাছিয়াম থাকে। ইয়াৰ লগতে লিচুত ভাল পৰিমাণৰ ভিটামিন চি আৰু ফাইবাৰ থাকে যি ডায়েবেটিছৰ বাবে উপকাৰী। ইয়াৰ গ্লাইচেমিক সূচকাংক মধ্যমীয়া, যাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবে নিৰাপদ। লিচুত এনে বহুতো জৈৱ সক্ৰিয় উপাদান থাকে যিয়ে ডায়েবেটিছৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, গতিকে ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্য তালিকাত লিচু অন্তৰ্ভুক্ত কৰিব পাৰে। কিন্তু সীমিত পৰিমাণত।

লিচুৰ অন্যান্য উপকাৰিতাৰ-
১) লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন চি, এন্টিঅক্সিডেন্ট, আঁহ আৰু খনিজ পদাৰ্থ থাকে। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা হজম শক্তি সুস্থ হৈ থাকে। কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়।

২) লিচুত পটাছিয়ামৰ পৰিমাণো বেছি, যাৰ বাবে ই বি পি ৰোগীৰ বাবে উৎকৃষ্ট।ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

৩) ভিটামিন চি সমৃদ্ধ লিচু সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হয়।

৪) লিচু শক্তিৰ এক বৃহৎ উৎস যিয়ে হতাশাৰ দূৰ কৰাত সহায় কৰে।

অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…

অনুষ্কা শৰ্মাই এতিয়া এবছৰত মাত্ৰ এখন ছবিহে কৰিব বুলি সিদ্ধান্ত লৈছে। বৰ্তমান অনুষ্কা শৰ্মাই নিজৰ পৰিয়ালত, বিশেষকৈ কন্যা ভামিকাৰ দায়িত্ব ল’ব বিচাৰিছে। শেষবাৰৰ বাবে ২০১৮ চনত শ্বাহৰুখ খানৰ সৈতে ‘জিৰ’ ছবিত অভিনয় কৰাৰ পিছত ২০২২ চনত ‘কালা’ ছবিত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল। এতিয়া চাৰি বছৰৰ মূৰত অনুষ্কাই ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱনীমূলক ছবি ‘চাদাক এক্সপ্ৰেছ’ৰ জৰিয়তে পৰ্দালৈ ঘূৰি আহিবলৈ ওলাইছে। চলিত বৰ্ষৰ শেষৰ ফালে নেটফ্লিক্সত মুক্তি পাব এই ছবিখন। ইফালে অনুষ্কা শৰ্মাই ঘোষণা কৰিছে এটা কথা, যিটো শুনি অনুৰাগীসকল অলপ হতাশ হৈছে।

আচলতে অনুষ্কা শৰ্মাই কৈছে যে এতিয়া এবছৰত মাত্ৰ এখন ছবিহে কৰিব। স্বামী আৰু সন্তানক সময় দিব বিচাৰে অনুষ্কাই। বাংগালুৰুত এক অনুষ্ঠানত ভাষণ দি অনুষ্কাই কয়, ‘মই জানো যে মোৰ ছোৱালীজনীক এই বয়সত মোৰ বহু প্ৰয়োজন আছে। বিৰাট এজন মহান পিতৃ” সেয়ে এই পদক্ষেপ লৈছো।অনুষ্কাই কয়, অভিনয় ভাল পাওঁ কিন্তু আগতে যিমান ছবি কৰিছিলো সিমান ছবি কৰিবলৈ মন নাই আৰু এতিয়া। এতিয়া মই বছৰি এখন ছবি কৰি অভিনয়ৰ উপভোগ কৰিব বিচাৰো আৰু মোৰ জীৱনটোক যিদৰে আছো তেনেদৰেই ৰাখি পৰিয়ালক সময় দিব বিচাৰো।’

তেওঁ আৰু কয়, ‘মই মোৰ জীৱন যাপন কৰা ধৰণেৰে মোক সুখী কৰি তোলে আৰু মই কাকো একো প্ৰমাণ কৰিব নিবিচাৰো, সেয়া অভিনেত্ৰী হিচাপে হওক, ৰাজহুৱা ব্যক্তি হিচাপে হওক বা মাতৃ হিচাপে হওক বা পত্নী হিচাপে হওক।’ অনুষ্কাই আৰু কয় যে তেওঁ কেৱল এনেকুৱা কাম কৰিব বিচাৰে যিবোৰে তেওঁক সুখী কৰি ৰাখিব।

বৰষুণৰ বাবে স্থগিত হ’ল IPLৰ ফাইনেল।অনুৰাগীয়ে ৰে’লৱে ষ্টেচনতে শুই বহি সময় কটালে…

বৰষুণৰ বাবে আই পি এল ২০২৩ৰ ফাইনেল ‘ৰিজাৰ্ভ ডে’লৈ স্থানান্তৰিত কৰাৰ পিছতে ৰে’লৱে ষ্টেচনত শুই থকা দেখা গ’ল অনুৰাগীসকলক। দেওবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেল খন বৰষুণৰ বাবে খেলখনক ৰিজাৰ্ভ ডে’লৈ স্থানান্তৰিত কৰা হয়। হাজাৰ হাজাৰ অনুৰাগীয়ে ৰে’লৱে ষ্টেচনত শুই বহি সময় কটালে। আজি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কিছুমান ভিডিঅ’ আৰু ছবি ওলাইছে য’ত ৰে’ল ষ্টেচনত মজিয়াত শুই থকা কেইবাজনো চি এছ কে অনুৰাগীক দেখা গৈছিল।যদিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অনুৰাগীসকলক সংৰক্ষিত দিৱসত একে টিকট ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে, তথাপিও পিছদিনা ফাইনেলৰ বাবে ঘৰলৈ উভতি নাযায় এইদৰে সময় কটাই।

ৰে’লৱে ষ্টেচনত চি এছ কেৰ জাৰ্চি পিন্ধা একাধিক অনুৰাগী দেখা পোৱা গ’ল।বৰষুণৰ বাবে আই পি এলৰ ফাইনেল সোমবাৰলৈ পিছুৱাই দিয়াৰ বাবে ৰেলৱে ষ্টেচনত শুই থাকিল বহু CSK ৰ অনুৰাগী।আই পি এলৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে চূড়ান্ত খেলখনক ৰিজাৰ্ভ ডে’লৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল। খেলখন পিছুৱাই দিয়াটোৱে ষ্টেডিয়ামত থকা বহু অনুৰাগীৰ লগতে ঘৰতে টি ভি সন্মুখতে অপেক্ষা কৰি থকা অনুৰাগীকো স্তম্ভিত কৰি তুলিছিল।