Home Blog Page 1540

মণিপুৰীসকলক ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ উঠাই ল’বলৈ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

যাতে অত্যাৱশ্যকীয় সামগ্ৰী ৰাজ্যত প্ৰৱেশ কৰিব পাৰে, সেই উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ জনসাধাৰণক ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ উঠাই ল’বলৈ আহ্বান জনাইছে। মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে।

“মণিপুৰৰ জনসাধাৰণক মোৰ ব্যক্তিগত অনুৰোধ হৈছে, অনুগ্ৰহ কৰি ২ নং ৰাষ্ট্ৰীয় ঘাইপথ ইম্ফল-ডিমাপুৰৰ পৰা অৱৰোধ উঠাই লওঁক। যাতে জৰুৰীকালীন সামগ্ৰী যেনে খাদ্য, ঔষধ, পেট্ৰ’ল, ডিজেল লোকসকলক প্ৰদান কৰিব পাৰি। শ্বাহে মণিপুৰৰ নাগৰিক সমাজক আহ্বান জনাই কয়, “কেৱল আমিহে এই অনন্য সুন্দৰ ৰাজ্যখনলৈ স্বাভাৱিকতা একেলগে আনিব পাৰোঁ।”

ইফালে, শনিবাৰে মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে কয় যে ৰাজ্যখনলৈ ক্ৰমান্বয়ে শান্তি ঘূৰি আহিছে। তেওঁ কৈছিল যে তেওঁ চৰকাৰৰ ওচৰত ৩৫ টা অস্ত্ৰ আৰু কাৰ্ট্ৰিজ জমা দিছিল। শুক্ৰবাৰে ১৪০ তকৈও অধিক অস্ত্ৰ জমা কৰা হৈছিল।

মণিপুৰলৈ চাৰিদিনীয়া ভ্ৰমণলৈ অহা শ্বাহে ৰাজধানী ইম্ফলত এখন সংবাদমেল অনুষ্ঠিত কৰে। শ্বাহে সকলো মণিপুৰীক শান্তি পুনৰুদ্ধাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ অস্ত্ৰ আত্মসমৰ্পণৰ বাবেও আহ্বান জনায়। চোৰাংচোৱা সূত্ৰই দাবী কৰিছিল যে অস্থিৰতাৰ সময়ত কেৱল মণিপুৰত বিভিন্ন বাহিনীৰ প্ৰায় ৪,০০০ অস্ত্ৰ লুটি লোৱা হৈছিল।

৩ মে’ত জনজাতীয় সংহতি মাৰ্চৰ পিছত মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ইয়াক বন্ধ কৰিবলৈ সৈন্যসকলক তললৈ নমাই আনিব লগা হৈছিল। কিন্তু অস্থিৰতা বন্ধ কৰিব পৰা নগ’ল। কিন্তু শনিবাৰে, মণিপুৰ চৰকাৰে দাবী কৰে যে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা হৈছে।

ডিব্ৰুগড় অভিমুখী বিমানৰ জৰুৰী অৱতৰণ,বিমানত আছিল কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বিজেপিৰ দুই বিধায়ক…

নতুন দিল্লী-ডিব্ৰুগড় অভিমুখী এখন বিমানে গুৱাহাটী বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। সেই বিমানখনত আছিল কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী। ব্যক্তিগত বিমান সংস্থা ইণ্ডিগ’ই জনাইছে যে বিমানখনে যান্ত্ৰিক বিজুতিৰ বাবে জৰুৰীকালীন অৱতৰণ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দেওবাৰে পুৱা গুৱাহাটীৰ জনপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ইণ্ডিগ’ৰ ১ নং বিমানত উঠি ডিব্ৰুগড়লৈ যায়। অসমৰ ২ জন বিধায়কও তেওঁৰ লগত আছিল।

নিৰ্ধাৰিত সময়ত গুৱাহাটী বিমানবন্দৰৰ পৰা উৰণ। কিন্তু ডিব্ৰুগড়ত অৱতৰণ কৰাৰ ১৫ মিনিট পূৰ্বে এটা সমস্যাৰ সৃষ্টি হয়। কিছু সময় ইফালে সিফালে উৰা মাৰি বিমানখন গুৱাহাটীলৈ উভতি আহিল। জানিব পৰা মতে বিমানখনৰ ইঞ্জিনত কিছু যান্ত্ৰিক সমস্যাৰ সৃষ্টি হৈছে। এই কাৰণেই গুৱাহাটী বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকন আৰু তেৰচ গোৱালাৰ সৈতে ডিব্ৰুগড়লৈ যোৱা বুলি মন্তব্য কৰে। তাতে ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু বিমানখন ডিব্ৰুগড়ত অৱতৰণ কৰাৰ পৰিৱৰ্তে গুৱাহাটীলৈ উভতি যায়।

ৰামেশ্বৰ তেলীয়ে কয়, ‘মোৰ ৩টা কাৰ্যসূচী আছিল। কিন্তু বিমানখন ডিব্ৰুগড় পোৱাৰ ১৫ মিনিট পূৰ্বে গুৱাহাটীলৈ উভতি যায়। শুনিলোঁ বিমানখনৰ ইঞ্জিনত সমস্যা হৈছে। আমাক কোৱা হ’ল বিমানখন আৰু উৰিব নোৱাৰিব“।

‘CAGৰ প্ৰতিবেদনৰ সতৰ্কবাণীক আওকাণ কৰাৰ বাবে দায়ী কোন, ৰে’ল মন্ত্ৰীয়ে কেতিয়া কৰিব পদত্যাগ?’ প্ৰিয়ংকা গান্ধী…

ওড়িশা ৰেল দুৰ্ঘটনাঃ ‘CAGৰ প্ৰতিবেদনৰ সতৰ্কবাণীক আওকাণ কৰাৰ বাবে কোন দায়ী?’ ওড়িশাৰ বালাছ’ৰত সংঘটিত ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত গঠন কৰা হৈছে এখন তদন্ত সমিতি। ৰে’ল মন্ত্ৰীয়ে কয় যে প্ৰকৃত কাৰণটো প্ৰতিবেদন ওলোৱাৰ পিছতহে গম পোৱা যাব। শুকুৰবাৰে (২ জুন) ওড়িশাৰ বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে ২৭৫ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত আহত হৈছে ১১০০ৰো অধিক লোক। এই দুৰ্ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দেওবাৰে টুইট কৰি কয় যে, “উৰিষ্যাত সংঘটিত ভয়ানক ৰে’ল দুৰ্ঘটনা বহু ঘন্টা হ’ল। প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন কৰে, “বিশেষজ্ঞৰ সতৰ্কবাণী আৰু পৰামৰ্শ, সংসদীয় সমিতি, কেগৰ প্ৰতিবেদনক আওকাণ কৰাৰ বাবে কোন দায়ী? ৰে’লৱেৰ খালী পদ আৰু জটিল অঞ্চলত পুঁজিৰ অভাৱৰ বাবে কোন দায়ী হ’ব? লাল বাহাদুৰ শাস্ত্ৰী , নীতিশ কুমাৰ, মাধৱ ৰাও সিন্ধিয়াৰ নৈতিক পথ অনুসৰণ কৰি ৰেল মন্ত্ৰীয়ে পদত্যাগ কৰিব নালাগেনে?”

ওড়িশাৰ বালাছ’ৰত সংঘটিত ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত এখন তদন্ত সমিতি গঠন কৰা হৈছে আৰু ৰে’ল মন্ত্ৰীয়ে দাবী কৰিছে যে এই প্ৰতিবেদন অতি সোনকালে আহিব। দুৰ্ঘটনাত আহত যাত্ৰীসকলৰ চিকিৎসা অব্যাহত আছে। ট্ৰেক মেৰামতিৰ কামো দ্ৰুত গতিত চলি আছে। ইফালে বিৰোধী দলসমূহে এতিয়া ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক পদত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে। ঘটনাৰ ৩৯ ঘণ্টাৰ পাছত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই ঘটনাৰ প্ৰকৃত কাৰণ হৈছে ইলেক্ট্ৰনিক ইন্টাৰলকৰ পৰিৱৰ্তন। তেওঁ কয়, “ৰে’ল সুৰক্ষা আয়ুক্তই বিষয়টোৰ তদন্ত কৰিছে আৰু মই এই সন্দৰ্ভত মন্তব্য কৰাটো ভুল হ’ব। তদন্তৰ প্ৰতিবেদন অহাৰ পিছতহে এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। ইয়াৰ বাবে দায়ীসকলক চিনাক্ত কৰা হ’ব।”

ইজিপ্টত খেলাৰ সুযোগ হেৰুৱা মিনাক্ষীয়ে পুনৰ লাভ কৰিলে সফলতা। মথুৰাত অনুষ্ঠিত পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকৰে জিলিকিল বিশ্বনাথৰ মিনাক্ষী বৰুৱা…

মথুৰাত অনুষ্ঠিত পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকৰে জিলিকল বিশ্বনাথৰ মিনাক্ষী বৰুৱা। আগ শাৰীৰ পাঞ্জা খেলুৱৈ দেবীনা বৰাৰ উদ্যোগৰ বাবেই এই সফলতা। কেৱল আৰ্থিক দৈন্যতাৰ বাবে ইজিপ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতালৈ যাব নোৱাৰা বিশ্বনাথৰ এগৰাকী পাঞ্জা খেলুৱৈ মীনাক্ষী বৰুৱাই পুনৰ ট্ৰেকলৈ ঘুৰি আহিছে। একালৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীক পুনৰ পাঞ্জা খেলিবলৈ ওভটাই আনি এক নিদৰ্শন ডাঙি ধৰিলে বিশ্বনাথৰ এগৰাকী আগ শাৰীৰ পাঞ্জা খেলুৱৈ দেবীনা বৰাই উল্লেখযোগ্য বৰ্তমান বিশ্বনাথৰ নৰ্থ ইষ্ট ৰয়েল গ্লবেল ইংলিছ স্কুলত সহায়িকা হিচাবে কৰ্মৰত মিনাক্ষী বৰুৱাই দেবীনা বৰাৰ অনুপ্ৰেৰণাৰ বাবে আৰু বিদ্যালয় কৰ্তৃপক্ষৰ উৎসাহৰ বাবে বিশ্বনাথ জিলা শৰীৰ চৰ্চা কেন্দ্ৰত নিত্য শৰ্মাৰ তত্বাৱধানত কেই দিন মান অনুশীলন কৰে। ফল স্বৰূপে আজি তেওঁ মথূৰাত অনুস্থিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰ্তি্যোগিতাত (Master’s 50 kg category) ত ব্ৰ্ঞ্জ মেডেল পাই বিশ্বনাথলৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে । খেলুৱৈ গৰাকীৰ সাফল্যৰ বাবে নৰ্থ ইষ্ট ৰয়েল গ্লবেল ইংলিছ স্কুল কৰ্তৃপক্ষ, বিশ্বনাথ জিলা শৰীৰ চৰ্চা কেন্দ্ৰ আদি বিশ্বনাথৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰে।

মিনাক্ষী বৰুৱা বিশ্বনাথ জিলাৰ বৰঙা বাৰীৰ জীৱৰী খেলুৱৈ গৰাকী। স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা কনকলতা বৰুৱাৰ পৰিয়ালৰ এই গৰাকী খেলুৱৈ। এটা সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল খেলুৱৈ গৰাকীয়ে। পাঞ্জা যেন জীৱনৰ অংগ আছিল খেলুৱৈ গৰাকীৰ বাবে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছিল খেলুৱৈ গৰাকী।অবিভক্ত শোণিতপুৰ জিলাৰ বহু কেইখন উচ্চ স্তৰৰ প্ৰতিযোগিতাত কেইবাটাও খিতাপ আজুৰি আনিছিল তেওঁ।বিশ্বনাথ জিলাৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰিছিল তেওঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলটো কৃতিত্ব অৰ্জন কৰিছিল মিনাক্ষীয়ে। ১৯৯৮ চনত কেৰেলাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ গ্ৰহণ কৰিছিল এই গৰাকী খেলুৱৈয়ে।এই প্ৰতিযোগিতাত ৪৫ কি: গ্ৰা: শাখাত তেওঁ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অর্জন কৰে। যাৰ বাবে সুযোগ আহিল ইজিপ্ট যাত্ৰাৰ। এখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ গ্ৰহণৰ সুযোগ লাভ অহাটো নিঃসন্দেহে গৰ্বৰ বিষয় এগৰাকী পাঞ্জা খেলুৱৈৰ বাবে।কিন্তু ঘৰৰ অৱস্থা অতি দুখীয়া হোৱাৰ বাবেই হাততে পায়ো হেৰুৱালে এই সুযোগ।তদানীন্তন অসম বিধান সভাৰ অধ্যক্ষ গণেশ কুটুমক লগ ধৰিছিল যদিও ফল নিদিলে। ২০০২চনৰ কোনোবা এটা দিনত বিবাহ পাশত আবদ্ধ হল বিশ্বনাথ চাৰিআলিৰ সাধৰু পাৰ গাঁৱৰ উৎপল বৰাৰ লগত। মিনাক্ষী বৰুৱা গৈ হল গৈ মিনাক্ষী বৰা। কিন্তু তাৰ পিছতো দৰিদ্ৰতাই লগ এৰা নাই তেওঁক।জীয়াই থকাৰ বাবে কৰিব লগীয়া কঠোৰ সংগ্ৰাম।নিজৰ ঘৰৰ খেতি খলাৰ উপৰি কেতিয়াবা আনৰ ঘৰতো কাম কৰিব লগা হৈছে এই গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে।

একেদৰে স্বামীয়েও বেপাৰ বাণিজ্য ৰ উপৰি বেলেগৰ কাম কৰিব লগীয়া হৈছে। এনেদৰেই নিজৰ দুটা পুত্ৰ সন্তানক শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দিছে তেওঁলোকে। শেহতীয়াকৈ বিজেপি চৰকাৰ খনে খেলুৱৈৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। খেলুৱৈ সকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। তাক লৈ আশাবাদী তেওঁলোক।এইবাৰ কিবা এটা হব। স্থানীয় বিধায়ক ৰঞ্জিত দত্তকো কিবা এটা সহযোগ কৰাৰ বাবে অনুৰোধ জনাইছে।-কিন্তু এই দুৰ্ভগীয়া খেলুৱৈ গৰাকীয়ে আজি পৰ্যন্ত নাপালে চৰকাৰী সহযোগিতা। কেৱল আৰ্থিক দৈন্যতাৰ বাবে ইজিপ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতালৈ যাব নোৱাৰা বিশ্বনাথৰ এগৰাকী পাঞ্জা খেলুৱৈ মীনাক্ষী বৰুৱাই পুনৰ ট্ৰেকলৈ ঘুৰি আহিয়েই লাভ কৰা সফলতা বিশ্বনাথৰ গৌৰৱ।

জীৱন সংগ্ৰামৰ অন্য এটি নাম মেধাৱী ছাত্ৰী পূৰ্ণিমা খনিকৰ। মেধাৱী ছাত্ৰী গৰাকীৰ দুবছৰ পঢ়াৰ দায়িত্ব ললে সোৱণশিৰি আঞ্চলিক ছাত্র সন্থাই…

দৰিদ্ৰতাই জীৱনত কোনো হেঙাৰ হ’ব নোৱাৰে তাৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ঢকুৱাখনা মহকুমাৰ মৰনৈ পঞ্চায়তৰ অন্তৰ্গত মাজগাঁৱৰ পূৰ্ণিমা খনিকৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে সোৱণশিৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছে মেধাৱী ছাত্ৰী গৰাকীয়ে। মেধাৱী ছাত্ৰী পূৰ্ণিমা খনিকৰৰ মাতৃ তিনি বছৰ আগতে মৃত্যু হৈছিল আৰু পিতৃ মানসিকভাবে বিষাৰগ্ৰস্ত হোৱা বাবে কণমানি ভণ্টি আৰু এগৰাকী ভায়েকক লগত লৈ ঘৰখনৰ সৰ্বোচ্চ দায়িত্ব কান্ধত লৈ পঢ়া-শুনা কৰে।

ঘৰখনত পঢ়িবলৈ নাই উপযুক্ত চকী-টেবুল। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ঘৰৰ কাম কৰি পঢ়া শুনা কৰা মেধাৱী ছাত্ৰী গৰাকীৰ জীৱন সংগ্ৰামৰ বিষয়ে সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰৰ পিছতে ঢকুৱাখনাৰ বিজয় এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী জালভাৰী গাঁৱৰ সু-সন্তান বিজয় দত্ত ডাঙৰীয়াই এখন চকী-মেজ প্ৰদান কৰে। আনহাতে ঢকুৱাখনাৰে আন এগৰাকী সু – সন্তান তথা এখন বিশ্ববিদ্যালয়ৰ প্ৰৱক্তাই যাতায়তৰ সুবিধাৰ্থে এখন বাইচাইকেল প্ৰদান কৰিছে।

আজি চাইকেল আৰু টেবুল চকীখন ছাত্ৰীগৰাকীক চমজি দিয়ে চুতীয়া যুৱ সন্মিলনৰ বিষয় ববীয়াৰ লগতে ৰঙ্গভুমি বে-চৰকাৰী অনুষ্ঠানে। ৰঙ্গভুমিৰ অনুৰোধত ব্যক্তি দুগৰাকীয়ে মেধাৱী ছাত্ৰীগৰাকীক সহায় কৰি মহানুভৱতাৰ পৰিচয় দিয়াত সোৱণশিৰি বাসীৰাইজে শলাগ লৈছে। ইফালে সোৱণশিৰি আঞ্চলিক ছাত্র সন্থাৰ তৰফৰ পৰা আজি ছাত্ৰীগৰাকীৰ গৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰিবলৈ দুবছৰ সম্পূৰ্ণ খৰচ বহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

ৰাতুল শৰ্মাক সভাপতি, গৌৰাঙ্গ ৰয়ক সম্পাদক হিচাপে লৈ অসম মল্লযুঁজ সন্থাৰ নতুন কমিটী গঠন…

অসম মল্লযুঁজ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নতুন কমিটি গঠন আজি গুৱাহাটী খ্ৰীষ্টানবস্তিস্থিত হোটেল Gateway Grandeurত অনুষ্ঠিত হয়। আজিৰ সভাত অসমৰ ২৫খন জিলাৰ পৰা অহা দুগৰাকীকৈ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৰিৰ্টানিং বিষয়া অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়াই নৱ নিৰ্বাচিত সমিতিখন সকলোৰে উপস্থিতিত ঘোষণা কৰে। অসম মল্লযুঁজ সন্থাৰ প্ৰাক্তন সভাপতি মন্ত্ৰী পীযুষ হাজৰিকাক মুখ্য পৃষ্ঠপোষক আৰু উজ্জ্বল বৰুৱাক উপদেষ্টা, ৰাতুল শৰ্মাক সভাপতি, গৌৰাংগ ৰয়ক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক বৰ্ষৰ বাবে নতুন কমিটি গঠন কৰা হয়। আনহাতে কোষাধ্যক্ষ পদত অবিনাশ দাস, উপ-সভাপতি – অভিজিত কুমাৰ নাথ, বাবুল খান, আকাশ ফুকন, বিনোদ কুম্বাং, যুটীয়া সম্পাদক- সিধাংকু অংকুৰ বৰুৱা, নাৰায়ণ বসুমতাৰী, ধনেশ্বৰ বসুমতাৰী, কংকণ দত্ত, কাৰ্যবাহী সদস্য ক্ৰমে জনপ্ৰতিম বৰা, প্ৰিন্স মুণ্ডা, মোহন কছাৰী, নৱজ্যোতি বৰুৱা, সাগ্নিক গুপ্তা, আৰু দিপাংকৰ মজুমদাৰ।

আজিৰ সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ পৰ্যবেক্ষক ধ্ৰুৱজ্যোতি কলিতা, ক্ৰীড়া সহকাৰী সঞ্চালক বিধান দাস, ৰিটাৰ্নিং বিষয়া অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়া আদি উপস্থিত থাকে। আজি ঘোষণা হোৱা অসম মল্লযুঁজ সন্থাৰ নতুন কমিটীখনক অসম অলিম্পিক সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জনায়। নৱ নিযুক্ত সভাপতি ৰাতুল শৰ্মাই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি কয় আগন্তুক সময়ত অসমৰ পৰাও অলিম্পিকৰ বাবে মল্লযুঁজৰ খেলুৱৈ সৃষ্টি কৰিবই লাগিব। এই ক্ষেত্ৰত সকলোৰে সহযোগত ক্ৰীড়া প্ৰতিভা বিচাৰি আগুৱাই নিবই লাগিব বুলিও মন্তব্য কৰে নৱ নিৰ্বাচিত সভাপতি ৰাতুল শৰ্মাই।

বিলাসী বাহনৰ উপৰিও বিলাসী চাইকেলৰ প্ৰতিও আকৰ্ষিত চেলিব্ৰিটিসকল; কাৰ কিমান দামী মূল্য চাইকেল আছে জানেনে…

ফিটনেছ সন্দৰ্ভত সদায় সতৰ্ক চেলিব্ৰিটিসকল। ফিটনেছৰ লগতে দামী দামী বাহন আৰু বাইকৰ প্ৰতিও আকৰ্ষিত বলীউডৰ বহু চেলিব্ৰিটিসকল। কিন্তু আজি আমি সেইসকল চেলিব্ৰিটিৰ কথা ক’ম যিসকলে দামী চাইকেল চলাই ভালপাই। ছুৰাজ পাঞ্চোলিৰ এখন চাইকেল আছে যাৰ মূল্য ৫.৫ লাখ।

অভিনেতা আয়ুষমান খুৰানা নিজৰ ফিটনেছৰ প্ৰতি অতি সচেতন, অভিনেতাজনে প্ৰায়ে চাইকেল চলাই। আয়ুষ্মানৰ হাতত প্ৰায় ৩ লাখ টকীয়া এখন চাইকেল আছে।

ৰণবীৰ কাপুৰঃ অভিনেতা ৰণবীৰ কাপুৰক প্ৰায়ে মুম্বাইৰ ৰাজপথত চাইকেল চলোৱা দেখা যায়। ৰণবীৰ কাপুৰৰ চাইকেলখনৰ মূল্য প্ৰায় ডেৰ লাখ টকা।

শ্বাহিদ কাপুৰঃ বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰো চাইকেল চলোৱাৰ প্ৰতি আকৰ্ষিত। অভিনেতাগৰাকীৰ চাইকেলৰ মূল্য ১ৰ পৰা ২ লাখৰ ভিতৰত।

ছলমান খানঃ ছলমান খানক প্ৰায়ে চাইকেল চলোৱা দেখা যায়। খবৰ অনুসৰি ছলমান খানৰ চাইকেলখনৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা।

ছাৰা আলী খানঃ বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান নিজৰ সৰলতাৰ বাবে বিখ্যাত। কেতিয়াবা সাধাৰণ ষ্টাইলত দেখা পোৱা ছাৰা চাইকেল চলোৱাৰ প্ৰতিও আকৰ্ষিত। অভিনেত্ৰীগৰাকীৰ হাতত আছে একন ১৫ হাজাৰ টকীয়া চাইকেল।

খোৱা পানীৰ সংকট আৰু বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ উদিগ্ন আম আদমি পাৰ্টী…

ৰাজ্যত বিগত এসপ্তাহত উৎকট গৰমে জনজীৱন বিপর্যস্ত কৰাৰ সমান্তৰাল ভাবে মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত খোৱা পানীৰ তীব্র সংকটে গা কৰি উঠিছে । ভূতৰ ওপৰত দানহ পৰা দি শক্তি বিভাগে লোড শ্বেডিংৰ নামত সঘনাই বিদ্যুত কৰ্তন কৰাৰ লগতে বৃদ্ধি কৰিছে বিদ্যুত বিলৰ ফিক্সড চার্জ। অসম বিদ্যুৎ নিয়ামক আয়োগে ৰাজহুৱা শুনানিৰ জৰিয়তে যোৱা ১এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ২০ টকা fix charge বৃদ্ধি কৰিছিল। কিন্তু আজি এমাহ অতিক্ৰম কৰাৰ পিছতেই এপিডি চিএলে পুনৰ FPPA ৰ নামত প্ৰতি ইউনিটত ৭০পইছাকৈ বৃদ্ধি কৰি জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে।খোদ ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ নিৰ্লজ স্বীকাৰোক্তি যে উন্নয়নৰ স্বাৰ্থত হেনো বৃদ্ধি কৰা হৈছে বিদ্যুত মাচুল। অথচ গেলা গৰমে দহা ৰাজ্যবাসীক নিয়মীয়া বিদ্যুত যোগানত পয়ালগা ধৰণে ব্যৰ্থ হৈছে শক্তিবিভাগ। এপিডিচিএলকে ধৰি চৰকাৰী বিদ্যুত কোম্পানীসমূহৰ দূৰ্বল ভূমিকা আৰু কৰ্মসংস্কৃতিৰ অভাবৰ বাবে জীয়াতু ভূগিছে সৰ্বসাধাৰণে । গোটেই পৰিস্থিতিৰ ওপৰত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক মুৰব্বী ড০ ভবেন চৌধুৰীয়ে কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত শক্তিমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে। এহাতে বিদ্যুত মাচুল একেকোবে ১০ টকা বৃদ্ধি কৰা মন্ত্ৰী গৰাকীয়ে গ্ৰীষ্ম প্রবাহৰ এই ভয়াবহ দিন কেইটাতো বিদ্যুত যোগান নিয়মীয়া কৰিব নোৱাৰিলে পদত খামুচি বহি থকাৰ নৈতিক অধিকাৰ নাই বুলি চৌধুৰীয়ে মন্তব্য কৰে| বিশেষকৈ উৎকট গৰমত শ্রমিক তথা স্কুল কলেজৰ বিদ্যাৰ্থীসকলৰ দুর্ভোগ দেখিও গা নলৰা চৰকাৰখন কেতিয়াও জনদৰদী চৰকাৰ হব নোৱাৰে বুলি তীব্ৰ বক্রোক্তি ড০ চৌধুৰীৰ।


একে সময়তে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খোৱা পানীৰ সংকটে জনসাধাৰণক জীয়াতু ভোগাইছে।চৰকাৰৰ অভিলাষী জল জীবন মিচনৰ আচনিসমূহ বিকল হৈ পৰি আছে। ২০২৪ত ঘৰে ঘৰে নলেৰে জল বুলি কোৱা চৰকাৰখনৰ ঘোষণা কার্যকৰী হোৱাটো সূদূৰ পৰাহত বুলি প্ৰেছ বিবৃতিটোত প্ৰকাশ কৰে আম আদমি পাৰ্টীয়ে। সমান্তৰালভাবে মহানগৰীৰ পানীযোগান আচনি সমূহ অদ্যপি কাৰ্যকৰী কৰিব পৰা নাই জিএমডিএ অথবা জিএমচিয়ে। ১২হাজাৰ টকা জমা দিও পানীৰ বাবে হাহাকাৰ কৰিছে ৰাজধানীবাসীয়ে। এইবোৰ দেখিশুনিও চৰকাৰ মৌন হৈ বহি আছে যদিও আম আদমি পাৰ্টী মৌন হৈ বহি নাথাকে। অচিৰেই পানী আৰু বিদ্যুতৰ সমস্যাক লৈ গণ আন্দোলন তীব্ৰতৰ কৰা হব বুলি হুংকাৰ দিয়ে আম আদমি পাৰ্টীয়ে।

গুৱাহাটী প্ৰেছ ক্লাৱ নিৰ্বাচন ২০২৩-২৫ৰ ফলাফল…

গুৱাহাটী প্ৰেছ ক্লাৱ নিৰ্বাচন ২০২৩-২৫ৰ ফলাফল

৩য় ৰাউণ্ডৰ গণনাৰ পিছত

President

১/ সুনীল বৰা = ৮৭
২) জয়ন্ত কুমাৰ ডেকা = ৩৬
৩/ সুস্মিতা গোস্বামী = ১৩৫

Vice President

১/ প্ৰদীপ বৰ্মন = ১১৪
২) যতীন ভাগৱতী = ১৩৬

Vice President (WR)

১/ আলোক বৰুৱা = ১২৫
২) নবনীতা কলিতা = ১১৮

General Secretary

১/ সঞ্জয় ৰে = ১১৯
২) মাধব দাস = ১৩৮

Asstt. General Secretary

১/ সোনাধৰ ডেকা = ১০
২) হিৰোক জ্যোতি মালাকাৰ = ৫২
৩/ উৎপল বৰুৱা = ৭৮
৪) দিলৱাৰ হুছেইন মোজুমদাৰ = ১১৪

Asstt. General Secretary (WR)

১/ মিতালি নোৱাৰ = ১৩০
২) অনুপমা ডেকা = ১২৭

Treasurer

১.মনিন্দ্ৰ ডেকা = ১৪০
২) ৰন্টু নেওগ = ১১৪

Cultural Secretary

১/ কনক শইকীয়া = ৫৩
২) হেমন্ত শৰ্মা = ৩৬
৩) দেবাশীছ কাঠকোটিয়া = ৮১
৪) পল্লবী বৰা = ৮৫

Sports Secretary

১/ পিটাম্বাৰ নেৱাৰ = ৫৯
২) আজাদ গগৈ = ১২৫
৩) নয়ন জ্যোতি ভূঞা = ৭২

কাহ আৰু জ্বৰৰ ঔষধ উপলব্ধ নহ’ব মেডিকেল ষ্ট’ৰত, চৰকাৰে আৰোপ কৰিছে নিষেধাজ্ঞা…

কাহ আৰু জ্বৰৰ ঔষধ মেডিকেল ষ্ট’ৰত উপলব্ধ নহ’ব, চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। চৰকাৰে ১৪ টা এফ ডি চি ঔষধ নিষিদ্ধ কৰিছে। চৰকাৰৰ মতে এই ঔষধবোৰৰ কোনো চিকিৎসা ন্যায্যতা নাই আৰু জনসাধাৰণৰ বাবে ‘বিপদ’ হ’ব পাৰে। নিমছুলাইড আৰু দ্ৰৱণীয় পেৰাচিটামল টেবলেট আৰু ক্ল’ফেনিৰামাইন মেলেট আৰু ক’ডেইন চিৰাপকে ধৰি ১৪টা এফ ডি চি ঔষধ নিষিদ্ধ কৰিছে। চৰকাৰৰ মতে এই ঔষধৰ কোনো চিকিৎসা ন্যায্যতা নাই আৰু ৰাইজৰ বাবে ‘ৰিস্কি’ হ’ব পাৰে। এফ ডি চি ঔষধ হ’ল সেইবোৰ যিবোৰত দুটা বা তাতকৈ অধিক সক্ৰিয় ঔষধি উপাদানৰ মিশ্ৰণ নিৰ্দিষ্ট অনুপাতত থাকে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে ‘ফিক্সড ড’জ কম্বিনেচন’ (FDC) যুক্ত এই ঔষধ নিষিদ্ধকৰণৰ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে। বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰণ কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বিশেষজ্ঞ সমিতিখনে কয় যে এই এফ ডি চি (ফিক্সড ড’জ কম্বিনেচন)ৰ কোনো চিকিৎসা ন্যায্যতা নাই আৰু এফ ডি চিৰ লগত মানুহৰ বাবে বিপদ জড়িত হ’ব পাৰে। বৃহত্তৰ জনস্বাৰ্থৰ বাবে এই এফ ডি চিৰ উৎপাদন, বিক্ৰী বা বিতৰণত ড্ৰাগছ আৰু প্ৰসাধন সামগ্ৰী আইন, ১৯৪০ৰ ২৬এ ধাৰা অনুসৰি নিষেধাজ্ঞা আৰোপ কৰা হৈছে।নিষিদ্ধ ঔষধসমূহৰ ভিতৰত সাধাৰণ সংক্ৰমণ, কাহ আৰু জ্বৰৰ চিকিৎসাত ব্যৱহাৰ কৰা যৌগিক ঔষধসমূহো আছে। ইয়াৰ ভিতৰত নিমছুলাইড আৰু পেৰাচিটামল দ্ৰৱণীয় টেবলেট, ক্ল’ৰফেনিৰামাইন মেলেট + ক’ডেইন চিৰাপ, ফ’লক’ডিন + প্ৰমিথাজিন, এমোক্সিচিলিন + ব্ৰমহেক্সিন আৰু ব্ৰমহেক্সিন + ডেক্ষ্ট্ৰ’মেথ’ৰফেন + এমোনিয়াম ক্লৰাইড + মেন্থল, পেৰাচিটামল + ব্ৰমহেক্সিন+ ফেনাইলফ্ৰিন + ক্ল’ৰফেনিৰামিন + গুৱাইফেন আৰু ছালবুটামল + ব্ৰমহেক্সিন আদি ৰ নাম।

২০১৬ চনত চৰকাৰে ৩৪৪টা ঔষধৰ সংমিশ্ৰণ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠন কৰা বিশেষজ্ঞ সমিতিয়ে বৈজ্ঞানিক তথ্য অবিহনে সংশ্লিষ্ট ঔষধ ৰোগীক বিক্ৰী কৰা বুলি প্ৰকাশ কৰাৰ পিছতে এই ঘোষণা কৰে। এই আদেশক আদালতত প্ৰত্যাহ্বান জনাইছিল নিৰ্মাতাসকলে। বৰ্তমান নিষিদ্ধ কৰা ১৪টা এফডিচি ৩৪৪টা সম্পৰ্কীয় ঔষধৰ সংমিশ্ৰণৰ অংশ।