Home Blog Page 1543

কাহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিশ্ব দুগ্ধ দিৱস পালন…

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশ্চিম গুৱাহাটীৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপে বিভাগীয় নিৰ্দেশনা অনুসৰি কৃষক, গো পালক, গাহৰি পালককে ধৰি পশু পালক, মীন পালক সকলক আৰ্থিক ভাবে সবলীকৰণৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। সমান্তৰালভাবে ইয়াৰ লগত জড়িত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱস সমূহো পালন কৰি আহিছে। ইয়াৰ অংশ হিচাপে পহিলা জুনত কাহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কামৰূপ জিলাৰ কনিহাৰ উত্তৰণ কৃষি উৎপাদনকাৰী কোম্পানী লিমিটেডত বিশ্ব দুগ্ধ দিবস পালন কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি বৈজ্ঞানিক পদ্ধতিৰে দুগ্ধ উৎপাদন কৰি কিদৰে আৰ্থিক ভাবে চহকী হব পাৰি সেই বিষয়ে এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । উত্তৰণ কৃষি উৎপাদনকাৰী কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অমল ভৰালীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত পুৰুষ- মহিলা নিৰ্বিশেষে বৃহত্তৰ অঞ্চলটোৰ ৩৬ জন গো পালক উপস্থিত থাকে।

অনুষ্ঠানত সমল ব্যক্তি হিচাপে ভাগ লৈ কাহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু চিকিৎসা বিশেষজ্ঞ ডাঃ ইলাক্ষী ডেকাই বিশ্ব দুগ্ধ দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰি কিদৰে কম মূলধন , কম ঠাইত , বৈজ্ঞানিক পদ্ধতিৰে গো পালন কৰি কম দিনতে আৰ্থিক ভাবে চহকী হব পাৰি তাৰ বিশদকৈ ব্যাখ্যা কৰে । আনহাতে শিবিৰত গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা উন্নত মানৰ নেপীয়াৰ ঘাঁহৰ বীজ বিতৰণ কৰাৰ লগতে শুকান খেৰ, গুৰৰ সৈতে ইউৰিয়া সাৰ মিশ্ৰণৰে কিদৰে খাদ্য প্ৰস্তুত কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয়।

ষ্টুডেন্ট’ছ কৰ্ণাৰ টংলাৰ স্বত্বাধিকাৰী তৰুণ খাউণ্ডৰ পৰলোকপ্ৰাপ্তি…

ওদালগুৰি জিলাৰ টংলা নগৰৰ ষ্টুডেন্টছ কৰ্ণাৰৰ স্বত্বাধিকাৰী তথা চিত্ৰনগৰ নিবাসী তৰুণ খাউণ্ডৰ বৃক্কজনিত কাৰণত চিকিৎসাধীন অৱস্থাতে মঙলদৈস্থিত জেএছএনএম চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়। বাতৰি কাকত,,আলোচনী ,কিতাপ ,পাঠ্যপুথিৰ লগতে অন্যান্য সামগ্ৰীৰ নিৰ্ভৰযোগ্য প্ৰতিস্থান ষ্টুডেন্ট’ছ কৰ্ণাৰ এটি জনপ্ৰিয় জ্ঞানৰ ভাণ্ডাৰ। বাতৰি কাকত ,কিতাপৰ ব্যৱসায়ৰ স’তে মৃত্যুৰ সময়লৈকে জড়িত খাউণ্ডৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ।

পৰলোকলৈ গমন কৰা তৰুণ খাউণ্ডে পত্নী ,পুত্ৰ ,বোৱাৰী, আত্মীয়- স্বজনৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে দল -সংগঠন,বিভিন্ন কাকতৰ মেনেজাৰে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

‘চাকৰিত জীৱন নষ্ট নকৰিব’ – চাকৰি এৰি প্ৰতিমাহে কোটি টকা উপাৰ্জন কৰা যুৱকৰ ৰাইজলৈ উপদেশ…

২০২০ চনত ই-কমাৰ্চ উদ্যোগত প্ৰৱেশ কৰা এজন ২৩ বছৰীয়া যুৱকে প্ৰতিমাহে ২ কোটিৰো অধিক উপাৰ্জন কৰে। কোটি কোটি যুৱকে বছৰ বছৰ ধৰি চাকৰি এটা পাবলৈ সংগ্ৰাম কৰি থাকে। আনহাতে কিছুমান মানুহে জীৱনত টকা উপাৰ্জন কৰিবলৈ চাকৰিৰ পিছত লাগি নাথাকি উপাৰ্জনৰ বিকল্প পথ বিচাৰি উপাৰ্জন কৰি আছে বহু টকা।কেম ম’য়াৰ তেনে এজন ভাগ্যৱান যুৱক। মোৱাৰে চাকৰি এৰি ই-কমাৰ্চৰ ব্যৱসায় আৰম্ভ কৰে আৰু ২৩ বছৰ বয়সত সফলতাৰ শিখৰত উপনীত হয়।

২০২০ চনত ই-কমাৰ্চ উদ্যোগত প্ৰৱেশ কৰা মোৱাৰে আজি প্ৰতিমাহে ২ কোটিতকৈ অধিক উপাৰ্জন কৰে। তেওঁ স্বীকাৰ কৰে যে এই ব্যৱসায়ী ৰিস্ক আছিল, কিন্তু যেতিয়া টকা আহিবলৈ ধৰিলে তেতিয়া তেওঁ আচৰিত হৈছিল।মোৱাৰৰ মতে, যেতিয়া তেওঁ নিজৰ বাবে কাম কৰি উপাৰ্জন কৰিব পাৰে, তেতিয়া তেওঁ পিছলৈ আৰু ঘূৰি চাব লগীয়া হোৱা নাছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ ৬.৪৬ কোটি টকাৰ ঘৰত বাস কৰে। তেওঁ এখন BMW M5 গাড়ী কিনিছে।

মোৱাৰে কয় যে তেওঁ যিমান পাৰে ৰাইজক সহায় কৰিব। তেওঁ কয়, ‘মই মাত্ৰ বিচাৰো যে মানুহে চাওক আৰু মই তেওঁলোকক চাম।’

কামৰূপৰ জিলাৰ ৩৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক পেঞ্চনৰ সা-সুবিধা প্ৰদান…

কামৰূপ জিলাৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ যোৱা ৩০ মে’ত অৱসৰ লোৱা মূঠ ৩৫ গৰাকী শিক্ষক-কৰ্মচাৰীক আজি পেঞ্চনৰ সা-সুবিধা প্ৰদানৰ বিভাগীয় মঞ্জুৰী পত্ৰও প্ৰদান কৰা হয়। কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে অনুষ্ঠিত এই অনুষ্ঠানত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই

অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ কল্যাণৰ বাবে জিলাৰ শিক্ষা বিভাগে লোৱা বিভিন্ন পদক্ষেপৰ কথা ব্যাখ্যা কৰে। এয়া কামৰূপৰ শিক্ষা বিভাগৰ এক স্বচ্ছ পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক সকলক অৱসৰকালীন সময়ছোৱাতো শিক্ষাব্যৱস্থাৰ সৈতে জৰিত হৈ থকাৰ আহ্বান জনায়।সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পূৱ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক খগেন তালুকদাৰে অৱসৰপ্ৰাপ্ত শিক্ষক সকলক অধ্যয়নৰ সৈতে জৰিত থাকি জ্ঞানৰ আলোকেৰে সমাজজীৱন আলোকিত কৰাৰ কামত ব্ৰতী হৈ থকাৰ আহ্বান জনায়।

সভাত অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৰবীন পাঠকে ভাষণ প্ৰদান কৰি অৱসৰপ্ৰাপ্ত শিক্ষক সকলক ভেছপা আঁচনিত স্বেচ্ছাই যোগদানৰ বাবে আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই অৱসৰপ্ৰাপ্ত শিক্ষক সকলক কামৰূপৰ “ভেছপা” আঁচনিৰ অধীনত নিজৰ সুবিধাঅনুসৰি বিদ্যালয়ত সেৱা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয় যে একাংশ চৰকাৰী পেঞ্চনভোগী শিক্ষকে বেচৰকাৰী বিদ্যালয়ত সেৱা আগবঢ়াবলৈ বিচাৰে। তেওঁ ইয়াৰ সলনি অৱসৰপ্ৰাপ্ত শিক্ষক সকলক চৰকাৰী বিদ্যালয়ত সেৱা আগবঢ়াবলৈ অনুৰোধ জনায়।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক সকলেও চৰকাৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ বাবে লোৱা পদক্ষেপৰ শলাগ লৈ বক্তব্য প্ৰদান কৰে।সভাত কামৰূপ জিলাৰ অধিবিদ্যা পৰিষদৰ সম্পাদক ৰফিকুদ্দিন আহমেদৰ উপৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

শিশু শিক্ষা সমিতিৰ অন্তৰ্গত ডিমাকুছি শংকৰদেৱ শিশু নিকেতনত ককা-আইতা দিৱস উদযাপন…

প্ৰায় দুই শতাধিক ককা-আইতাক চৰণ ধুৱাই আশীৰ্বাদ গ্ৰহণ কৰে নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে।

বৰ্তমান সময়ত সম্প্ৰতি বিশ্বায়নৰ যুগত ককা-আইতা সকলৰ প্ৰতি থকা দায়িত্ববোধ , ভক্তি , শ্ৰদ্ধা , সন্মান তথা স্নেহ কমি অহা পৰিলক্ষিত হৈ পৰিছে ৷ সাম্প্ৰতিক সময়ৰ এই মূল সমস্যাৰাজিক নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ , শিশু শিক্ষা সমিতি অসমে ১ জুন তাৰিখটো এক বিশেষ ব্যতিক্ৰমী দিৱস হিচাপে পালন কৰিছে ।

১ জুনৰ দিনটো সমগ্ৰ অসমতে শিশু শিক্ষা সমিতিৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন সমূহত ককা আইতা দিৱস হিচাপে উদযাপন কৰিবলৈ লৈছে । ৰাজ্যৰ প্ৰতিটো স্থানতে বৰ্তমান প্ৰতিযোগিতাৰ পিছত দৌৰা আজিৰ প্ৰজন্মৰ বাবে ককা-আইতাৰ গুৰুত্ব তেনেই সীমিত হোৱা দেখা যায় ৷ যাৰ বাবে এতিয়া চৌদিশে নিতৌ বৃদ্ধি পাবলৈ লৈছে বৃদ্ধাশ্ৰম ৷ সাম্প্ৰতিক সময়ত যেন ককা-আইতা সকলৰ সমাজ তথা ঘৰখনৰ বাবে এক বোজা স্বৰূপ হৈ পৰিছে ।এখন সমাজ বা ঘৰৰ বাবে ককা-আইতাৰ প্ৰয়োজনীয়তা কিমান ? সচেতন ব্যক্তি সকলে নিশ্চয় অনুভৱ কৰে । বয়সৰ লগে-লগে বাৰ্ধক্যই কোঙা কৰা ককা-আইতা সকলৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি আৰু নাতি- নাতিনী সকলৰ ককা-আইতাৰ প্ৰতি ভক্তিভাৱ আৰু শ্ৰদ্ধা বৃদ্ধিৰ লক্ষ্যৰে আজি ১ জুনৰ দিনটো ককা-আইতা দিৱস হিচাপে পালন কৰা হৈছে ৷ বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি , অসমৰ নিৰ্দ্দেশত বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰতিখন শংকৰদেৱ শিশু নিকেতনত ককা-আইতা দিৱস পালন কৰাৰ লগতে সমান্তৰালভাৱে ডিমাকুছি শঙ্কৰদেৱ শিশু নিকেতনতো দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰে ককা আইতা দিৱস ৷

ডিমাকুছি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য অনাথ কীৰ্তনীয়াই জনোৱা মতে বিশিষ্ট সমাজকৰ্মী তথা অভিভাৱক পৰেশ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কাৰ্য্যক্ৰমণিকা অনুসৰি ককা-আইতা দিৱসৰ আঁত ধৰে উপ-প্ৰধান আচাৰ্য্য গোবিন্দ শৰ্মাই , বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মকান্ত দাসে , আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ককা-আইতা সকলৰ প্ৰতি কেনে ধৰণৰ শ্ৰদ্ধা ভক্তি আচৰণ সকলো সাৰুৱা ভাষণেৰে বক্তৃতা প্ৰদান কৰে বিশিষ্ট যুৱ সাহিত্যিক , লেখক , ঔপন্যাসিক জয়ন্ত ৰাজবংশীয়ে । ইয়াৰ পিছতে নিকেতনৰ পদুলিৰ পৰা আদৰ সম্ভ্ৰাষণ জনাই ককা-আইতা সকলক আদৰি আনি তেওঁলোকৰ চৰণ ধুৱাই তিলক লগাই , একোখনকৈ ফুলাম গামোছাৰে সাদৰ সম্ভ্ৰাষণ জনাই ককা-আইতা সকলক সেৱা সুশ্ৰষা জনাই ছাত্ৰ ছাত্ৰী সকলে । ককা-আইতা সকলৰ প্ৰতি নাতি-নাতিনীৰ শ্ৰদ্ধা আৰু ভক্তিভাৱ বৃদ্ধিৰ লক্ষ্যৰে পালন কৰা হয় এই বিশেষ ব্যতিক্ৰমী দিৱসটি ৷

ডিমাকুছি শঙ্কৰদেৱ শিশু নিকেতনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা ককা-আইতা দিৱসত ককা-আইতা সকলক নিকেতনলৈ আমন্ত্ৰণ কৰি আনি নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে চৰণ ধূৱাই , শ্ৰদ্ধা সন্মান জনাই আশীৰ্বাদ লৈ ককা-আইতা আৰু নাতি-নাতিনী সকলৰ মাজত মত-বিনিময় , বিভিন্ন গীত-মাত , নৃত্য প্ৰদৰ্শন কৰি এক সৰ্বাঙ্গ সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰে । নিকেতনত বৃহস্পতিবাৰৰ দিনটোত উপস্থিত থকা ককা-আইতা আৰু নাতি-নাতিনী সকলে এক আৱেগিক মুহূৰ্ত্ত অতিবাহিত কৰে ৷ শিশু শিক্ষা সমিতিৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰধান আচাৰ্য্যৰ লগতে নিকেতনৰ সমূহ আচাৰ্য্য-আচাৰ্য্যা, ছাত্ৰ-ছাত্ৰী , ককা-আইতা, অভিভাৱক- অভিভাৱকাসকলে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও প্ৰসংশাৰে উপচাই পেলায় । ককা-আইতা দিৱস উদযাপন অনুষ্ঠানত নিকেতনৰ সমূহ আচাৰ্য্য-আচাৰ্য্যা ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰায় দুই শতাধিক অভিভাৱক আৰু ককা আইতা উপস্থিত থাকে ।

৩ মাহৰ পিছত হঠাতে টিম ইণ্ডিয়াত প্ৰৱেশ ৰবিচন্দ্ৰন অশ্বিনৰ, ভয়ত কম্পিত অষ্ট্ৰেলিয়া…

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (আই চি চি ডব্লিউ টি চি ফাইনেল ২০২৩)ৰ চূড়ান্ত খেলখন অহা ৭ জুনৰ পৰা ১১ জুনলৈ লণ্ডনৰ অ’ভাল খেলপথাৰত ভাৰতীয় সময় অনুসৰি বিয়লি ৩:০০ বজাৰ পৰা অনুষ্ঠিত হ’ব। অধিনায়ক ৰোহিত শৰ্মাই হঠাতে টিম ইণ্ডিয়াত এজন বিপজ্জনক খেলুৱৈৰ প্ৰৱেশ কৰোৱাইছে, যাৰ বাবে অষ্ট্ৰেলিয়াৰ দলত ভয়ৰ পৰিৱেশে বিৰাজ কৰিছে।টিম ইণ্ডিয়াত এই খেলুৱৈগৰাকীৰ আগমনৰ বাবে অষ্ট্ৰেলিয়াৰ দলটো আতংকিত হৈ পৰিছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ বাবে শত্ৰু হিচাপে প্ৰমাণিত হ’ব টিম ইণ্ডিয়াৰ এইগৰাকী খেলুৱৈ।

এইগৰাকী খেলুৱৈয়ে আন কোনো নহয় তেওঁ হৈছে স্পিন মেষ্ট্ৰ’ ৰবিচন্দ্ৰন অশ্বিন। টেষ্ট ক্ৰিকেটত ৰবিচন্দ্ৰন অশ্বিনৰ ৫ শতক আৰু সৰ্বোত্তম স্ক’ৰ ১২৪। টেষ্ট মেচত অশ্বিনৰ অভিলেখ আছে ৪৭৪টা উইকেট। টেষ্ট মেচত অশ্বিনে ৩২ বাৰ ৫টা উইকেট দখল কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ ফাইনেলত এতিয়া । টেষ্ট ক্ৰিকেটত নিজাববীয়াকৈ টিম ইণ্ডিয়াৰ বহু মেচত জয়লাভ কৰিছে ৰবিচন্দ্ৰন অশ্বিনে। ৰবিচন্দ্ৰন অশ্বিনৰ সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ মহান প্ৰয়াত স্পিনাৰ শ্বেন ৱাৰ্নে ভৱিষ্যদ্বাণী কৰিছিল যে অশ্বিনে টেষ্ট ক্ৰিকেটত ৮০০ উইকেট দখল কৰা শ্ৰীলংকাৰ প্ৰবীণ স্পিনাৰ মুট্টিয়া মুৰলীথাৰণৰ বিশ্ব অভিলেখ ভংগ কৰিব পাৰে। ক্লাছ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন, এনে পৰিস্থিতিত তেওঁ টেষ্ট ক্ৰিকেটত ১০০০ উইকেট ল’ব পাৰে।

মৰাণৰ এখন বিশেষ গাঁৱত লক্ষ লক্ষ বিছাৰ আতংক। আতংকিত গাঁ‌ৱবাসী…

মৰাণৰ তিনঠেঙীয়াত এতিয়া বিছাৰ আতংক। লক্ষ লক্ষ বিছাৰে ভৰি পৰিছে তিনঠেঙীয়া অঞ্চল। গছ-গছনি, ঘৰ-বাৰী আৰু বিদ্যালয় সকলোতে বিছা। মুঠৰ ওপৰত ক’লা ৰঙৰ বিছাৰ আৱৰণে ঢাকিছে মৰাণৰ তিনঠেঙীয়া এই বিশেষ গাঁৱখন | গাঁৱবাসীয়ে জানিবলৈ দিয়া মতে জেঠ মাহত এই বিছাৰ প্ৰাৰ্দুভাৱ দেখিবলৈ পোৱা যায় গাঁৱখনত । ইয়াৰ পিছতে বিছাবোৰ পকি পখিলা সৃষ্টি হয় । বিছা বিলাকে ৰাইজক বিশেষ অনিষ্ট কৰা নাই যদিও ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে । তিনঠেঙীয়া বনাঞ্চলত এই বিছাৰ প্ৰাৰ্দুভাৱ অধিক ।

বনাঞ্চলৰ লগতে মানুহৰ ঘৰ-বাৰী আৰু বিদ্যালয় সমূহতো বিছাৰে ভৰি পৰিছে । অঞ্চলটোত এনে এজোপা গছ নাই, য’ত বিছা নাই । সকলোতে বিছা, গাঁ‌ওবাসীৰ বাবে বিছা সমূহ এতিয়া পৰিচিত । যদিও এদিনীয়া মানুহে এই বিছা দেখি ভয়ত কম্পমান হৈ থাকে । প্ৰকৃতিৰ সৃষ্ট এই বিছা সমূহ কেতিয়া নোহোৱা হ’ব । তাৰ বাবেই বাট চাইছে মৰাণৰ তিনঠেঙীয়াবাসী ৰাইজে ।

জাঁজীৰ হাঁহচৰাত ভয়ংকৰ পথ দূৰ্ঘটনা। চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকে মহতিয়ালে চাইকেল আৰোহীক, মৃত্যু চাইকেল আৰোহীজনৰ…

জাঁজী হাঁহচৰা চাৰিআলিত বৃহস্পতিবাৰে সন্ধ্যা সংঘটিত এক পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য আনুসৰি যোৰহাট অভিমুখী ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই অনা এএছ ২৩ চিচি ১৮৮৩ নম্বৰৰ ট্ৰাক খনে বিপৰীত দিশৰ পৰা অহা চাইকেল আৰোহী প্ৰফুল্ল চাংমাই নামৰ ৫২ বছৰীয়া লোকজনক মহতিয়াই নিয়ে।

আহত লোকজনক ততাতৈয়াকৈ টীয়ক এফ আৰ ইউলৈ নিয়া হয় যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও নিশালৈ উক্ত ব্যক্তিজনৰ চিকিৎসালয়তে মৃত্যু হয়।

মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত ধঁপাত বিৰোধি সজাগতা সভা অনুষ্ঠান…

মৰিগাঁৱত মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগ এক ধপাত মুক্ত সজাগতা অনুষ্ঠান আয়োজন কৰে।মৰিগাঁও জিলাত ধপাত মুক্ত কৰা উদেশ্যৰে পুৱা মৰিগাঁৱত এক বাইক ৰেলি আয়োজন কৰে।মৰিগাঁও সদৰ পৰা আৰম্ভ কৰি মৰিগাঁও পবিতৰাত সমাপ্ত কৰা এই বাইক ৰেলিত অংশ গ্ৰহণ কৰে মৰিগাঁও জিলা উপায়ুক্ত দেবাশিষ শৰ্মাৰ লগতে জিলা আৰক্ষী অধিক্ষক হেমন্ত কুমাৰ দাস,জিলা ধপাত নিমন্ত্ৰণ কোষৰ মুখ্য বিষয়া ডাঃ জয়া বড়োৰ লগতে প্ৰায় শতাধীক লোক।এই বাইক ৰেলিটি উদ্বোধন কৰে মৰিগাঁও জিলা সত্ৰ ন্যায়ধিশ এন.এছ. বৰুৱাই।পুৱা মৰিগাঁৱৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলি দুপৰিয়া মৰিগাঁও পবিতৰাত সমাপ্ত কৰি এক সজগতা সভাৰে এই বাইক ৰেলি সমাপ্ত কৰে।

পৰবৰ্ত্তী সময়ত মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা ধপাত নিমন্ত্ৰণ কোষৰ দ্বাৰা জিলা খনৰ লাহৰিঘাট,মৈৰাবাৰি,ভূৰবন্ধা আদি বিভিন্ন অঞ্চলত এই সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা লগতে মৰিগাঁও জিলা মৈৰাবাৰিস্থিত দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন বিশেষ সজগতা সভা আয়োজন কৰে।এই সভাত জিলা উপায়ুক্ত দেৱাশিৰ্ষ শৰ্মা,মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত দুৰ্তিভা বৰা,জিলা উপ আৰক্ষী অধিক্ষক মৌচুমি দাস,জিলা ধপাত নিমন্ত্ৰণ কোষৰ মুখ্য বিষয়া ডাঃ জয়া বড়ো,মৈৰাবাৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ লগতে মৈৰাবাৰি দলৈ গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুহ শিক্ষক কৰ্মচাৰী লগতে ছাত্ৰ-ছাত্ৰী সকল।
আনফালে আজি এই অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি মৰিগাঁও জিলাত ধপাত বিষৰ্জন উদশ্যৰে এক ধপাত বিসৰ্জন যাত্ৰা আৰম্ভ কৰা লগতে জিলা খনৰ বিভিন্ন স্থানত ধপাত মুক্ত কৰা উদেশ্যৰে এলানি বাটৰ নাটো প্ৰদৰ্শন কৰে।

তেলেংগানাত নিৰ্মাণ কৰা হৈছে বিশ্বৰ প্ৰথমটো থ্ৰীডি প্ৰিণ্টেড হিন্দু মন্দিৰ…

তেলেংগানাত নিৰ্মাণ কৰা হৈছে বিশ্বৰ প্ৰথমটো থ্ৰীডি প্ৰিণ্টেড হিন্দু মন্দিৰ। ৩,৮০০ বৰ্গফুট এলেকাত তিনিটা ভাগত নিৰ্মাণ হ’ব থ্ৰীডি প্ৰিণ্টেড মন্দিৰ। 3D প্ৰিন্টেড মন্দিৰটো হৈছে চহৰ ভিত্তিক Apsuja Infratech দ্বাৰা ৩,৮০০ বৰ্গফুটৰ এলেকাত নিৰ্মাণ কৰা তিনিটা অংশৰ গঠন। এই প্ৰকল্পৰ বাবে আপছুজা ইনফ্ৰাটেকে থ্ৰীডি প্ৰিণ্টেড নিৰ্মাণ কোম্পানী চিম্পলিফৰ্জ ক্ৰিয়েচনছৰ সৈতে যোগাযোগ স্থাপন কৰিছে।

গাঁথনিৰ ভিতৰত থকা তিনিটা ভাগে ভগৱান গণেশক, ভগৱান শিৱৰ শিৱলয় আৰু দেৱী পাৰ্বতীৰ বাবে পদুম আকৃতিৰ ঘৰক প্ৰতিনিধিত্ব কৰিব।মাৰ্চ মাহত ছিম্পলিফৰ্জ ক্ৰিয়েচনে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, হায়দৰাবাদৰ সৈতে মিলি দুঘণ্টাৰ ভিতৰতে ভাৰতৰ প্ৰথমখন প্ৰ’ট’টাইপ দলং নিৰ্মাণ কৰিছিল।