Home Blog Page 1550

শোণিতপুৰত নকলসোণ চক্ৰৰে জড়িত ১১জনক গ্ৰেপ্তাৰ

শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা আৰু তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনিটা অঞ্চলত শুকুৰবাৰে নিশা স্থানীয় আৰক্ষীয়ে চলোৱা পৃথক অভিযানত নকল সোণৰ বেহাৰে জড়িত মুঠ ১১জনক গ্ৰেপ্তাৰ কৰা হৈছে৷

ইয়াৰে ভিতৰত চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত গুদামঘাটৰ পৰা সাতজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেজপুৰৰ শালনিবাৰী আৰক্ষীৰ অভিযানত ভালুকঝাৰণিৰ হানিফ আলি(২৭)আৰু আব্দুল মতলেব নামৰ আন দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে৷

তদুপৰি বৰঘাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় নুৰ আৰু ৰফিকুল নামৰ নকল সোণ চক্ৰৰে জড়িত আন দুই অভিযুক্ত৷

ইয়াকে লৈ শোণিতপুৰত চলা তিনিটা পৃথক অভিযানত নকল সোণৰ চক্ৰৰে জড়িত মুঠ ১১জনক গ্ৰেপ্তাৰ কৰা হয়৷

লখিমপুৰত আনন্দৰ বন্যা! আই পি এছ বিষয়া আনন্দ মিশ্ৰক লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি…

আই জি পি (স্প’ৰ্টছ) হিচাপে দায়িত্বত থকা বহু চৰ্চিত আই পি এছ বিষয়া আনন্দ মিশ্ৰক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা বেদান্ত মাধৱ ৰাজখোৱাক আই জি পি (স্প’ৰ্টছ) হিচাপে বদলিৰ পিছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হয় আনন্দ মিশ্ৰক। বেদান্ত মাধৱ ৰাজখোৱাক সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া)ৰ দায়িত্ব।

নগাঁৱৰ কাৰ্যকালতে বহু চৰ্চিত আৰু জনপ্ৰীয় হৈ পৰিছিল আই পি এছ বিষয়া গৰাকী৷ এনে এগৰাকী দক্ষ বিষয়া লাভ কৰি সমগ্ৰ লখিমপুৰত আনন্দৰ জোৱাৰ উঠিছে৷

বলীউড তাৰকাৰ এখন বাজেট অনুকূল বিয়াই আচৰিত কৰি তুলিব আপোনাক

২০১৪ চনত অমৃতা ৰাও আৰু আৰ জে আনমোলৰ গোপন বিয়া হৈছিল। তেওঁলোকৰ বিয়াৰ স্থানত খৰচ হৈছিল মাত্ৰ ১১ হাজাৰ।
অভিনেতা অমৃতা ৰাওৱে তেওঁৰ স্বামী ৰেডিঅ’ জকী আনমোলৰ সৈতে ইউটিউবত শেহতীয়াকৈ তেওঁলোকৰ ভিল’গত তেওঁলোকৰ বিয়াৰ বিষয়ে সবিশেষ শ্বেয়াৰ কৰিছে।

তেওঁলোকৰ চেনেল কাপল অৱ থিংছৰ বাৰ্ষিকী বিশেষ ভিডিঅ’ত দুয়োজনে যাত্ৰাত অনুৰাগীক লৈ গৈছিল মুম্বাইৰ পৰা ৯ বছৰ পূৰ্বে ইস্ককন মন্দিৰত গোপনে বিবাহপাশত আবদ্ধ হোৱা পুনেলৈ। এই vlog ত অমৃতা আৰু আনমোলে প্ৰকাশ কৰিছে যে তেওঁলোকে বিয়াৰ বাবে মাত্ৰ ১.৫ লাখ টকা খৰচ কৰিছিল, য’ত তেওঁলোকৰ সাজ-পোছাক, ভেন্যু আৰু অন্যান্য খৰচো আছিল।

মেইন হুন না, ইছক বিষ্ক, জলী এল এল বি আৰু ঠাকেৰেৰ দৰে ছবিত অভিনয় কৰা অমৃতা ৰাৱে কয় যে তেওঁ বিয়াৰ বাবে ডিজাইনাৰ কাপোৰ পিন্ধিব নিবিচাৰে আৰু পৰম্পৰাগত ৰূপৰ বাবে গৈছিল – ৩০০০ টকাৰ শাৰী। আনমোলে কয় যে তেওঁৰ বিয়াৰ সাজ-পোছাকৰ দাম প্ৰায় একেধৰণৰ। দম্পতীহালে কয় যে বিয়াৰ স্থানৰ ব্যৱস্থা কৰাত খৰচ ১১ হাজাৰ৷

“মই এটা পৰম্পৰাগত পোছাক পিন্ধিব বিচাৰিছিলো। মোৰ শাৰীখনৰ মূল্য আছিল ৩০০০৷ মই ডিজাইনাৰ কাপোৰ পিন্ধিব নিবিচাৰিছিলো… মই কৃত্ৰিম গহনা পিন্ধিছিলো। মোৰ মঙ্গলসূত্ৰ মাত্ৰ ১৮,০০০ আছিল” অমৃতাই কয়। তেওঁ লগতে কয়, “আমি সদায় বিশ্বাস কৰি আহিছো যে বিবাহ হৈছে প্ৰেম। টকাই সকলো নহয়। আমি কেৱল আমাৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গক আমাৰ বিয়াত থকাটো বিচাৰিছিলো… আমি বিয়াখনত বেছি খৰচ কৰা নাছিলোঁ আৰু আমি ইয়াক উপভোগ কৰিছিলো।”

আৰজে আনমোলে লগতে কয়, “আমাৰ বিবাহ আমাৰ ব্যক্তিত্বৰ প্ৰতিফলন, আৰু আমি ইয়াক স্বচ্ছ ভাৱে কৰিব বিচাৰিছিলো। যদি আমাৰ বিয়াখনে দম্পতীসকলক তেওঁলোকৰ সামৰ্থ্যৰ ভিতৰত বিবাহ কৰিবলৈ উৎসাহিত কৰে তেন্তে আমি সন্তুষ্ট হম।”

অমৃতা ৰাও আৰু আৰজে আনমোলৰ নিম্ন খৰচৰ বিবাহে নেটিজেনসকলক আচৰিত কৰি তুলিছে। ইউটিউবৰ বহুতে তেওঁলোকক বাজেট-অনুকূল, তথাপিও স্মৰণীয় বিবাহৰ বাবে বাছনি কৰাৰ বাবে প্ৰশংসা কৰিছে।

দেৰগাঁৱৰ শংকৰদেৱ হাইস্কুলৰ ২০০৬ বৰ্ষৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা “গুৰু সেৱা আৰু সতীৰ্থ মিলন” অনুষ্ঠান

শনিবাৰে দেৰগাঁৱৰ অন্যতম এক গ্ৰাম্য অঞ্চলৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় দাধৰা শংকৰ দেৱ হাইস্কুলত বিদ্যালয়ৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ২০০৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত “গুৰু সেৱা আৰু সতীৰ্থ মিলন” শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

বিদ্যালয় খনৰ প্ৰাক্তন আৰু বৰ্তমান কৰ্মৰত মুঠ ৩১ জন শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।

২০০৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ মৌচুম দাসে আঁতধৰা অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক অতুল বৰবৰাৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত ভালে সংখ্যক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।

তেঁওলোকে ২০০৬ বৰ্ষৰ ছাত্ৰ- ছাত্ৰী সকলৰ সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰা দেখা গ’ল।

নাজিৰাৰ শিমলুগুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিমলুগুৰি আৰক্ষীৰো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে৷

নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য্য কুমাৰ বৰাৰ নেতৃত্বত বিহুবৰ আৰু নাজিৰা আৰক্ষী থানাৰ যৌথ অভিযানত লাকুৱা পঠালিগড় ১ নং কোঁৱৰ গাঁৱৰ দুলু ফুকনৰ বাসগৃহত আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই৷ অভিযান কালত বৃহৎ পৰিমাণৰ সন্দেহ জনক মাৰাত্মক ড্ৰাগছ, এখন মাৰুতি (800) AS 04 H 9543, এখন হিৰো হ’ণ্ডা AS 04 Q 2283 নম্বৰৰ মটৰ চাইকেল সহ এগৰাকী যুৱতী আৰু আন তিনি জন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক কেইজনৰ নাম মাধুৰ্য্য দত্ত, ৰোহিত বড়ো আৰু আন জন অমল বুলি জানিব পৰা গৈছে৷ আনহাতে নিশা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে শিৱসাগৰ জিলা বিভিন্ন প্ৰান্তত পৃথকে পৃথকে অভিযান চলাই৷

য’ত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তয়ো সহযোগ কৰে৷ ইতিমধ্যে এই নিষিদ্ধ ড্ৰাগছ সেৱন তথা সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন। সেইদিনা হিন্দুত্ববাদী আদৰ্শৰ নেতা বিনায়ক দামোদৰ সাভাৰকাৰ চমুকৈ বীৰ সাভাৰকাৰৰ ১৪০ সংখ্যক জয়ন্তী।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁ নতুন সংসদ ভৱন উদ্বোধনৰ আহ্বান জনায় বুলি লোকসভা সচিবালয়ে প্ৰকাশ কৰিছে।

নতুন সংসদ ভৱনত ৮৮৮ জন আৰু ৰাজ্যসভাত ৩০০ জন সদস্য একেলগে বহিব পাৰিব। দুয়োটা সদনৰ যৌথ অধিৱেশনৰ সময়ত লোকসভাৰ ১২৮০জন সদস্যক একেলগে বহিবলৈ দিয়া হ’ব

মিজোৰামৰ চাকমা স্বায়ত্তশাসিত জিলা পৰিষদৰ কাউণ্টাৰমেণ্ডেড ৰেংকাশ্যা আসনত কংগ্ৰেছৰ জয়লাভ…

শুকুৰবাৰে মিজোৰামৰ বিৰোধী দল কংগ্ৰেছে চাকমা স্বায়ত্ত শাসিত জিলা পৰিষদৰ কাউণ্টাৰমেণ্ড কৰা ৰেংকাশ্যা সমষ্টিত জয়লাভ কৰে বুলি এগৰাকী বিষয়াই জনায়।

যোৱা ৪ মে’ত বিজেপি আৰু মিজো নেশ্যনেল ফ্ৰণ্টৰ কৰ্মীৰ মাজত হোৱা সংঘৰ্ষত নিহত হোৱা বিজেপি প্ৰাৰ্থীৰ মৃত্যুৰ বাবে ৰেংকাশ্যা আসনৰ নিৰ্বাচন পিছুৱাই দি ১৭ মে’ত অনুষ্ঠিত হৈছিল।

শুকুৰবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা সমীক্ষাৰ ফলাফল অনুসৰি কংগ্ৰেছৰ প্ৰাৰ্থী দোয়াময় দৱেং চাকমাক ৫৭২ ৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বী এম এন এফৰ প্ৰেমা ৰঞ্জন চাকমাক পৰাস্ত কৰি ৰেংকাশ্যা আসনৰ বাবে নিৰ্বাচিত ঘোষণা কৰা হৈছে।

১৭ মে’ত অনুষ্ঠিত হোৱা নিৰ্বাচনত মুঠ ৯৩.১৩ জন ভোটাৰে ভোটদান কৰিছিল।

নগাঁৱৰ SP লীনা দলেক বদলিৰ সিদ্ধান্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ…

জোনমণি দলেৰ মৃত্যু সন্দৰ্ভত চি আই ডিৰ সংবাদমেলৰ প্ৰায় আধাঘন্টা পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে দিলে এক নতুন নিৰ্দেশ ।

এই নিৰ্দেশ অনুসৰি নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ক্ৰমে লীনা দলে আৰু বেদান্ত মাধৱ ৰাজখোৱাক বলদিৰ সিদ্ধান্ত লৈছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

ইয়াৰ ওপৰিও সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতলৈ যোৱাৰ সম্ভাৱনা দেখা দিছে ।

ৰঙালাউ আৰু ইয়াৰ গুটি বনৌষধ হিচাপে ব্যৱহৃত কৰা হয়…

অসমীয়া সমাজত ৰঙালাউ বেছ জনপ্ৰিয় সামূহিক ভোজত ই সৰ্বাধিক ব্যৱহৃত পাচলি। পকা ৰঙালাউৰ সোৱাদ মিঠা। অনুমান কৰা মতেই মধ্য আমেৰিকাৰ থলুৱা পাচলি আৰু ইউৰোপৰ মাজেদি আহি আমাৰ দেশ পাইছে। আমেৰিকাত ইয়াক দৰৱ হিচাপেও ব্যৱহাৰ কৰে। মধুমেহ ৰোগীৰ বাবেই অপকাৰী নহয় যদিও ইয়াৰ সোৱাদ মিঠা। চীন দেশৰ বিজ্ঞানীয়ে পৰীক্ষাৰ জৰিয়তে ইয়াৰ প্ৰমাণ পাইছে। চাংহাইত থকা পূব চীন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে ৰঙালাউত এবিধ যৌগ চিনাক্ত কৰিছে যিয়ে ইনছুলিনৰ উৎপাদন বৃদ্ধি কৰি মধুমেহ ৰোগীক সকাহ দিয়ে।

ফলৰ ভিতৰত ৰঙালাউকে বৃহত্তম বুলি জনা যায় কাৰণ ডাঙৰ জাতৰ লাউ এটাৰ ওজন ৬৬৬ কিলোগ্ৰাম। এই ফল পাচলি হিচাপে উপাদয় খাদ্য যাক সিজাই, ভাজি, তৰকাৰি প্ৰস্তুত কৰি নাইবা মাছেৰে জোল ৰান্ধি খাই তৃপ্তি পোৱা যায়। কিছুমান লোকে লাউ গছৰ কুমলীয়া আগবোৰ ছিঙি আনি সৰিয়হ বটা দি ৰন্ধা চৰচৰীয়া খাই জুতি পায়। ৰঙালাউৰ গুটিবোৰো মুঠেই পেলনীয়া নহয়। আৰু চোকোৰা পেলাই ভাজি খালে সুফল পোৱা যায়।

ৰঙালাউ কমলা বৰণৰ হোৱাৰ মূলতে ইয়াত প্ৰচুৰ পৰিমাণে লুটেইন, বিটা কেৰ’টিন আদি থাকে যিবোৰ সুস্বাস্থ্য বৰ্তাই ৰখাই ৰখাত অপৰিহাৰ্য্য। ইয়াত থকা কেৰটিনৰ পৰা দেহত ‘ক’ খাদ্যপ্ৰাণ উৎপাদন হয় যিয়ে কেতবোৰ কৰ্কট ৰোগ, কলিজাৰ বিকাৰ, মূত্ৰধাৰৰ সমস্যা, বিষ আদি দূৰতে বিদূৰ কৰাৰ উপৰি বৃদ্ধাৱস্থা প্ৰতিহত কৰে।

হালধীয়া-বগা চোকোৰাটো গুচাই বীজৰ ভিতৰৰ শাহখিনি খাদ্য হিচাপে গ্ৰহণ কৰিলে শৰীৰৰ বৃদ্ধি তথা সুৰক্ষাৰ বাবে প্ৰয়োজনীয় মেগনেছিয়াম, লো, মেংগানিজ, দস্তা আদি উপযুক্ত পৰিমাণে লাভ কৰে। তদুপৰি ইয়াৰ পৰা প্ৰচুৰ প্ৰ’টিন, আঁহ, চৰ্বি তথা কেলৰি পোৱা যায়। দেহে খাদ্যৰ পৰা আহৰণ কৰা শক্তি কেলৰি এককত প্ৰকাশ কৰা হয়। পশ্চিমীয়া দেশত লাউৰ বীজৰ পৰা তেল উলিওৱা হয় যাৰ উচ্চ পুষ্টি মূল্য, অনন্য সোৱাদ তথা সেউজীয়া বৰণৰ বাবে ই সেউজ সোণ। মাখনৰ বিকল্প হিচাপে এই তেল এবিধ সুস্বাদ্য উপাদেয় খাদ্য আৰু চাটনিৰ লগত সানি খাই পৰম তৃপ্তি পোৱা যায়।

দুহাজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ; আপোনাৰ ওচৰত থকা ২ হাজাৰ টকাৰ নোটখন আপুনি কেনেদৰে সলনি কৰিব ? হাতত কিমান দিন আছে ?

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) ২,০০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছে৷

এতিয়া প্ৰশ্নটো হ’ল, লগত থকা ২,০০০ টকাৰ নোটবোৰৰ কি হ’ব? আৰবিআইয়ে ২,০০০ টকাৰ নোট বিনিময়ৰ নিয়মো ঘোষণা কৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে কৈছে যে ২,০০০ টকাৰ নোট ৩০ ছেপ্টেম্বৰলৈকে বৈধ থাকিব। 

৩০ ছেপ্টেম্বৰৰ আগতে বেংকত ২ হাজাৰ টকীয়া নোট সলনি কৰিব পাৰিব।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) কৈছে যে মে মাহৰ ২৩ তাৰিখৰ পৰা যিকোনো বেংকত ২,০০০ টকাৰ নোট সলনি কৰিব পাৰিব।

অৱশ্যে, একেবাৰতে ২ হাজাৰ টকাৰ নোটত ২০ হাজাৰ টকাৰ অধিক সলনি কৰিব নোৱাৰি।

আপোনাৰ সুবিধাৰ বাবে ৩০ ছেপ্টেম্বৰলৈ এই সুবিধা উপলব্ধ হ’ব।