Home Blog Page 1588

এজন পুৰুষে কিদৰে মুখমণ্ডলৰ লগতে ছালৰ যত্ন ল’ব লাগে…

বেছিভাগেই পুৰুষ নিজৰ ছালৰ প্ৰতি দায়িত্বহীন। যাৰ বাবেই মুখখন বয়সীয়াল যেন দেখাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ইয়াত আমি আপোনালোকক ক’ম যে পুৰুষে নিজৰ ছালৰ যত্ন কেনেকৈ ল’ব লাগে?

পুৰুষে অনুভৱ কৰে যে তেওঁলোকৰ ছাল মহিলাতকৈ বেছি তেলীয়া, যাৰ বাবে তেওঁলোকে লোচন বা ক্ৰীম লগোৱাৰ প্ৰয়োজন নাই। কিন্তু এইটো ভুল কাৰণ পুৰুষৰ ছালতো আৰ্দ্ৰতাৰ প্ৰয়োজন। সেইবাবেই পুৰুষে দৈনিক মুখত ক্ৰীম লগাব লাগে। কাৰণ ক্ৰীম প্ৰয়োগ নকৰিলে মুখখন শুকান হৈ পৰিব আৰু বয়সৰ আগতেই শুকান শুকান দেখা যাব।
বেছিভাগ পুৰুষে শ্বেভিঙৰ পিছত আফটাৰশ্বেভ প্ৰয়োগ কৰে, কিন্তু আপুনি জানেনে যে তেনে কৰিলে আপোনাৰ ক্ষতি হ’ব পাৰে কাৰণ আফটাৰশ্বেভত এলক’হল থাকে যিয়ে ছাল শুকুৱাই লোৱাৰ কাম কৰে। সেইবাবেই শ্বেভ কৰাৰ পিছত লাইট মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক।


শ্বেভিং কৰাৰ পিছত বহুতৰে এটা সমস্যা হয় যে তেওঁলোকৰ বাম্পবোৰ ওলাই আহে, যদিও ইয়াৰ বহু কাৰণ আছে, কিন্তু কিছুমানে ভাবিছে যে ৰেজাৰৰ বাবেই হৈছে, কিন্তু ভুল, কাৰণ দাড়ি কোমল নহয়, এনে ক্ষেত্ৰত দাড়ি কটাৰ আগতে গৰম পানীৰে ধুব লাগে। এইদৰে কৰিলে আপোনাৰ মুখত বাম্পৰ কোনো সমস্যা নহ’ব।

তেজপুৰক বৌদ্ধিক নেতৃত্ব প্ৰদান কৰা সৰবৰহী সমাজকৰ্মী সত্যেন্দ্ৰনাথ শৰ্মাৰ দেহাৱসান 

তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা সত্যেন্দ্ৰনাথ শৰ্মাৰ আজি সন্ধিয়া তেজপুৰৰ টাইমছ হাস্পতালত দেহাৱসান ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।

এগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু সৰবৰহী সমাজকৰ্মী হিচাপে তেজপুৰৰ বৌদ্ধিক ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় পুৰোধা হিচাপে পৰিচিত শৰ্মা বাৰ্ধক্যজনিত ৰোগত যোৱা ১৯ এপ্ৰিলৰ পৰা তেজপুৰৰ টাইমছ হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও আজি সন্ধিয়া ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

তেজপুৰৰ শিক্ষা আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দৰংমহাবিদ্যালয়ৰ এগৰাকী আদৰ্শ শিক্ষক আৰু সুদক্ষ প্ৰশাসক হিচাপে সকলো শ্ৰেণী ৰাইজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা শৰ্মা মহাবিদ্যালয়খনৰ পৰিসংখ্যা বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক আছিল। এইগৰাকী কৃতী কলেজ শিক্ষক হিচাপে সকলো শিক্ষাৰ্থীৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হোৱা শৰ্মা ১৯৯০ চনৰ ৯ নবেম্বৰৰ পৰা ১৯৯৩ চনৰ ৩১ মাৰ্চলৈকে এগৰাকী দক্ষ অধ্যক্ষ হিচাপেও সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

এগৰাকী দায়ৱদ্ধ শিক্ষক হিচাপে নিজৰ দায়িত্ব পালনৰ লগতে অসম কলেজ শিক্ষক সন্হাৰ এগৰাকী সাধাৰণ সম্পাদক আৰু উপসভাপতি হিচাপেও সংস্হাক সবল নেতৃত্ব প্ৰদান কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক’ৰ্টৰ এগৰাকী সন্মানীয় সদস্য হিচাপেও অসমৰ উচ্চ শিক্ষা ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই যোৱা শৰ্মা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে ১৯৯৩ চনৰ পৰা ১৯৯৭ চনলৈ জড়িত হৈ বিশ্ববিদ্যালয়খনক বিদ্যায়তনিক নেতৃত্ব প্ৰদান কৰিছিল।

তেজপুৰৰ চায়েন্স একাডেমীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু বৰ্তমানৰ শৈক্ষিক পৰিষদৰ উপদেষ্টা হিচাপে জড়িত হৈ থকাৰ লগতে তেজপুৰৰ তৰুণ অসম সংঘৰ কেবাটাও কাৰ্যকালৰ সভাপতি আৰু বৰ্তমানৰ উপদেষ্টাকে ধৰি বহু সামাজিক – শৈক্ষিক অনুষ্ঠানৰ সৈতে ঘনিষ্ঠ ভাবে জড়িত শৰ্মাই পৰিসংখ্যা বিজ্ঞানৰ কেবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰাৰ লগতে “দেশে – বিদেশে” শীৰ্ষক ভ্ৰমণ কাহিনীৰ গ্ৰন্থ, “ডেমিয়েন” শীৰ্ষক আন এখন অনুবাদমূলক গ্ৰন্থও ৰচনা কৰিছিল। ১৯৩০ চনত জন্ম গ্ৰহণ কৰা এইগৰাকী সৰবৰহী শিক্ষাবিদৰ নশ্বৰ দেহ নিশা হোৱাৰ বাবে পৰিয়ালৰ সদস্য সকলে টাইমছ হাস্পতালৰ মৰ্গতে ৰখাৰ ব্যৱস্থা কৰি কাইলৈ বহু অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলিৰ পিছত শেষকৃত্যৰ ব্যৱস্থা কৰিছে।

মৃত্যুৰ সময়ত দুজন পুত্ৰ, বোৱাৰী, নাতি নাতিনী আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যোৱা শৰ্মাৰ মৃত্যুত তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা, দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পলাশ মণি শইকীয়া, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, দৰংমহাবিদ্যালয়ৰ এলুমনি সন্থা, চায়েন্স একাডেমীৰ অধ্যক্ষা সুৰঞ্জনা শৰ্মা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, বিশিষ্ট শিক্ষাবিদ ডঃ ভুবনেশ্বৰ চহৰীয়া, ড০ স্বাধীনতা মহন্ত, পূৰ্ণেশ্বৰ নাথ, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

উত্তৰ গুৱাহাটী সাহিত্য চক্ৰ, কৃষ্টিৰ কাৰেং আৰু আবিলেকৰ সৌজন্যত গাম্ভীর্যপূর্ণ ভাবে শিল্পী সম্বৰ্ধনা আৰু সংগীতানুষ্ঠান

উত্তৰ গুৱাহাটীৰ সাংস্কৃতিক অনুষ্ঠান কৃষ্টি কাৰেং, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আৰু উত্তৰ গুৱাহাটী সাহিত্য চক্ৰৰ যৌথ উদ্যোগত আবিলেকৰ প্ৰেক্ষাগৃহত দিনৰ ২-৩০ বজাৰ পৰা এক গাম্ভিৰ্যপূৰ্ণ আনুষ্ঠানত বিশিষ্ট শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। একোখনকৈ ফুলাম গামোচা, আৰনাই একোটাকৈ পিতলৰ জাপিৰ স্মাৰক আৰু শিল্পী সকলৰ নিজৰ কলাত প্ৰভূত্বৰ কথা উল্লেখ কৰি একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

সম্বৰ্দ্ধনা জনোৱা বিশিষ্ট শিল্পী সকল হ’ল ক্ৰমে- ৰূপান্তৰিত বৰুৱা, অসীমজ্যোতি বৰুৱা,কৰঙনাধৰ শৰ্মা,প্ৰজ্ঞান বৰুৱা,প্ৰদিপ কলিতা,শীখা দত্ত আৰু ক’লীন আঠপৰীয়া। এই অনুষ্ঠানতেই আবিলাকৰ সঞ্চালক ড° দিলিপ কুমাৰ কলিতাই ভায়োলিনত স্বনামধন্য শিল্পী ড° ভূপেন হাজৰিকাৰ কন্ঠৰ গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক মোহিত কৰে। আকাশবাণী গুৱাহাটীৰ নিয়মীয়া শিল্পী ৰূপাঞ্জলী বৰুৱাই ভূপেন হাজৰিকাৰ এৰাবাতৰ সুৰ ছবিৰ লতা মংগেশকাৰৰ কন্ঠৰ গীত “জোনাকৰে ৰাতি” পৰিৱেশন কৰি সংগীতানুষ্ঠানৰ ৰাইজক আপ্লুত কৰে।

সুদূৰ কানাডাৰ পৰা পৰিয়াল সহ উপস্থিত হয় শিল্পী ক’লিন আঠপৰীয়া। তেখেত কী-বৰ্ডত পিয়ানুৰ সুৰত ড° ভূপেন হাজৰিকাৰ গীত আইতোক কিহেৰে পুজিমে আৰু দোলা হে দোলা আদি গীত পৰিৱেশন কৰি ৰাইজৰ পৰা সমাদৃত হয়। ক’লিন আঠপৰীয়াই ইউৰোপ আমেৰিকা আদিত পিয়ানুত শাস্ত্ৰীয় সংগীত পৰিবেশন কৰি যথেষ্ট সমাদৃত হৈছে। বন্তি প্ৰজ্বলনেৰে শুভ আৰম্ভ কৰা এই অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ বিশিষ্ট ব্যক্তি আৰু শিল্পী সকলো উপস্থিত আছিল।

কান্তাধৰে এটি গীত পৰিবেশন কৰি অনুষ্ঠানৰ শুভ আৰাম্ভণি কৰা হয়।আবিলেকৰ সঞ্চালক ড° দিলিপ কুমাৰ কলিতাই আজিৰ এই অনুষ্ঠানৰ সুন্দৰ বাখ্যা আগবঢ়াই। শিল্পী অসীম জ্যোতি বৰুৱা, প্ৰজ্ঞান বৰুৱা আৰু স্থানীয় শিল্পী ঈশান বৰুৱায়ো গীত পৰিৱেশন কৰে। আজিৰ এই অনুষ্ঠানত একালৰ ভূপেন হাজৰিকাৰ বাদ্যযন্ত্ৰৰ সতীৰ্থ শিল্পী কমল কটকীও উপস্থিত থাকে আৰু ভূপেন হাজৰিকাৰ গীতৰ এখনি অনুবাদমুলক গ্ৰন্থও উন্মোচন কৰে শিল্পী কমল কটকীয়ে।

তেখেতেও স্ব মহিমাৰে দোলা হে দোলা গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে।এই অনুষ্ঠানতেই কাকলী বৰুৱাৰ পৰিচালনাত ৰূদ্ৰ বৰুৱাৰ এটি সুন্দৰ সমবেত সংগীত স্থানীয় মহিলা সকলে পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়াই। কৃষ্টিৰ কাৰেংৰ সভাপতি উৎপল বেজবৰুৱাৰ সুন্দৰ পৰিচালনাত এই অনুষ্ঠানটো এক সুন্দৰ অনুষ্ঠানলৈ পৰ্য্যবেক্ষিত হয়। সকলোৱে উৎপল বেজবৰুৱাৰ ভুয়সী প্ৰশংসা কৰে। অনুষ্ঠানৰ শেষত ঊষা দেৱীয়ে শলাগৰ শৰাই আগবঢ়ায়৷

দিল্লীৰ মেয়ৰ নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থী নিদিলে! পুনৰ নিৰ্বাচিত হ’ল আপৰ নেত্ৰী শ্বেলী ওবেৰয়

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন। ইয়াৰ পিছত তিনিবাৰকৈ মেয়ৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল যদিও আপ-বিজেপিৰ বিবাদৰ বাবেই সেয়া হোৱা নাছিল।

অৱশেষত ফেব্ৰুৱাৰী মাহত আম আদমি পাৰ্টিৰ নেত্ৰী শ্বেলী ওবেৰয়ক চতুৰ্থ প্ৰয়াসত দিল্লীৰ নতুন মেয়ৰ হিচাপে নিৰ্বাচিত হয়। কিন্তু পৌৰ নিগমৰ স্থায়ী সমিতি গঠন নোহোৱাত পৌৰ আইন অনুসৰি বুধবাৰে দিল্লীত নতুন মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নিৰ্বাচন অনুষ্ঠিত হয়।

বিজেপিয়ে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত শ্বেলীক বিনা প্ৰতিদ্বন্দ্বিতাত পুনৰ মেয়ৰ নিৰ্বাচিত কৰা হয়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দলীয় কাউন্সিলাৰ আলে মহম্মদ ইকবালেও বিনা প্ৰতিদ্বন্দ্বিতাত উপ-মেয়ৰৰ পদত জয়লাভ কৰে।

তেওঁলোকক অভিনন্দন জনাই কেজৰিৱালে টুইটাৰত লিখিছে, এইবাৰ বিনা প্ৰতিদ্বন্দ্বিতাত মেয়ৰ আৰু ডেপুটি মেয়ৰ হোৱাৰ বাবে শ্বেলী আৰু আলেক অভিনন্দন। আপোনালোক দুয়োলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মানুহে আমাৰ পৰা বহুত আশা কৰে। সেই আশা পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক।”

ডিচেম্বৰৰ আৰম্ভণিতে ২৫০ আসনৰ দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱালৰ আম আদমি পাৰ্টীয়ে ১৩৪টা ৱাৰ্ডত জয়লাভ কৰে। শাসকীয় বিজেপি ১০৪ লৈ নামি আহিল।

৯টা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয়। অৱশ্যে দিল্লীৰ মেয়ৰ নিৰ্বাচনত ৰাজ্যসভাৰ ৩জন সদস্য আৰু লোকসভাৰ ৭জন সদস্য আৰু ১৪জন বিধায়কৰ ভোটাধিকাৰো আছে। অৰ্থাৎ, মুঠ ২৭৪টা ভোটৰ ভিতৰত ১৩৮টা ভোট লাভ কৰা দলটোৰ প্ৰাৰ্থীয়ে মেয়ৰৰ পদত জয়ী হয়।

বঙৰা মাজপাৰাত সুঁৱৰি উৎসৱ উদযাপন

পলাশবাৰীৰ বঙৰা মাজপাৰাত ৬৯ তম্ সুঁৱৰি উৎসৱ বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰে। পুৱা ঊষা কীৰ্তনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভৱেন চন্দ্ৰ দাসে। ইয়াৰ পিছতে ধৰ্মধ্বজ্বা উত্তোলন কৰে মাজপাৰা ৰাইজ গয়ৰহৰ সভাপতি সুভাষ চৌধুৰীয়ে।

স্মৃতি-তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নগেন নাথে। দিনৰ ৪ বজাত সুঁৱৰি উৎসৱৰ মূল মঞ্চত বন্তি‌ প্ৰজ্বলন কৰে ডাঙৰ কৈটাসিদ্ধি সত্ৰৰ পাঠক প্ৰাণেশ্বৰ নাথে। সুঁৱৰি উৎসৱৰ মঞ্চ ‌মুকলি‌ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পুলিন তালুকদাৰে।

সমাজকৰ্মী গণেশ চন্দ্ৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্ধোধনি সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক, লেখক দীপক শৰ্মা, বিশিষ্ট অতিথি হিচাপে কবি-লেখিকা পুতুলী ঠাকুৰীয়া মেধিয়ে অংশ লয় । সভাতে ৰাইজৰ সভা-সমিতিৰ “সাৰা” ( নিমন্ত্ৰণ কৰোঁতা) নবীন নাথক ফুলাম গামোচা, চেলেং চাদৰ, ধুতি, দীঘল চাটি আদিৰে সন্মান জ্ঞাপন কৰে।

সভাত লেখক ৰমেশ চন্দ্ৰ তালুকদাৰ, সমাজকৰ্মী চিত্ৰলেখা চৌধুৰী প্ৰভৃতিয়ে অংশ লয় । অনুষ্ঠানটি নিয়াৰিকৈ আঁত ধৰে সুঁৱৰি উৎসৱৰ সভাপতি নৱ কুমাৰ নাথ, উপ-সভাপতি ভবেন্দ্ৰ তালুকদাৰ, সাধাৰণ সম্পাদক অপূৰ্ব তালুকদাৰ, সহ: সম্পাদক তপন ঠাকুৰীয়া, নয়ন জ্যোতি নাথ, কোষাধ্যক্ষ ভবেন কলিতাই।

ইয়াৰ পিচতে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ শৈশৱ কালৰ জীৱনৰ আধাৰত উপস্থাপন কৰি এক মনোৰম শৈলীৰে সুঁৱৰি উৎসৱৰ নাট উপস্থাপন কৰে শ্ৰীকৃষ্ণৰ ল’ৰালী কালৰ বলোৰাম, দাম, সুদাম, নাৰদ, বাৰ গোপাল, বাৰ গোপিনী, মহাদেৱ-পাৰ্বতী আদি চৰিত্ৰ ৰূপায়ন কৰে ।

বিভিন্ন প্ৰান্তৰ শত- হেজাৰোধিক ধৰ্মপ্ৰাণ মানুহ সমবেত হয়। নিশালৈ “ত্ৰিকাল নাট্য দল” ৰ যাত্ৰাভিনয় প্ৰদৰ্শন কৰা হয় ।

নগাঁ‌ৱত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ বিৰুদ্ধে সৰৱ যুৱ-ছাত্ৰ পৰিষদ

শেহতীয়াভাৱে নগাঁ‌ও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰত ধৰা পৰা চালানী মাছত ফৰ্মেলিন,কেডমিয়াম,আৰ্চেনিকৰ উপস্থিতিয়ে নগাঁ‌ওবাসীৰ লগতে সমগ্ৰ অসমবাসীক উদ্বিগ্ন কৰি তুলিছে।

এই সৰ্ন্দভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁ‌ও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে এক বিবৃতিযোগে জনাইছে ফৰ্মেলিনযুক্ত মাছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

ইতিপূৰ্বে যুৱ-ছাত্ৰ পৰিষদে এই সৰ্ন্দভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল আৰু তাৰ ফলশ্ৰুতিত এই অবৈধ কাৰবাৰ স্তিমিত হৈছিল; কিন্তু প্ৰশ্ন উঠে যে অসাধু চক্ৰই নিজৰ মুনাফা আদায়ৰ বাবে কেনেকৈ ট্ৰাকে ট্ৰাকে ফৰ্মেলিনযুক্ত মাছ নগাঁ‌ৱলৈ সৰবৰাহ কৰিব পাৰিছে? সেয়ে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে ফৰ্মেলিনযুক্ত চালানী মাছৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ লগতে উক্ত ব্যৱসায়ৰ লগত জড়িত অসাধু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ নেতাদ্বয়ে দাবী জনায়।

লগতে এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে এই দৈনিক শ শ ট্ৰাকত আমদানি হোৱা মাছৰ গুণাগুণ নিৰূপণ সম্পৰ্কত নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ একেবাৰে কাণষাৰ নথকাতো অতিকৈ ৰহস্যৰ বিষয়৷

বিষয়টো যিহেতু জনস্বাস্থ্যৰ লগত জড়িত সেয়ে অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাওঁ জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি আজি দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷শীঘ্ৰে কাৰ্যকৰী ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ নকৰিলে এই অবৈধ ব্যৱসায় পৰিষদৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷

স্মাৰকপত্ৰ প্ৰদান কৰোতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁ‌ও জিলা সমিতিৰ উপ সভাপতি প্ৰবাল শৰ্মা,যুটীয়া সম্পাদক ক্ৰমে হেমন্ত দাস আৰু দিব্যজিৎ হাজৰিকা,প্ৰচাৰ সম্পাদক দৰ্শন কাকতি,বিত্ত সম্পাদক দিপাংকৰ শৰ্মা আৰু জাতীয় শ্ৰমিক পৰিষদৰ সাধাৰণ সম্পাদক মোহন হাজৰিকা উপস্থিত থাকে৷

মাৰ্ক জুকাৰবাৰ্গে জনালে : চাৰিটা ফোনত একেটা হোৱাটছএপ একাউণ্ট লগ ইন কৰিব পাৰিব এতিয়াৰ পৰা…

মাৰ্ক জুকাৰবাৰ্গে ফেচবুক আৰু ইনষ্টাগ্ৰামত এই বৈশিষ্ট্যৰ ৰোলআউটৰ কথা ঘোষণা কৰে।

‘আজিৰ পৰা চাৰিটা ফোনলৈকে একেটা হোৱাটছএপ একাউণ্টত লগ ইন কৰিব পাৰিব।’

হোৱাটছএপে জনোৱা মতে, অনাগত সপ্তাহৰ ভিতৰত এই বৈশিষ্ট্য সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ’ব।

এতিয়ালৈকে ব্যৱহাৰকাৰীয়ে এটা ফোন আৰু একাধিক সংগী ডেস্কটপ ডিভাইচত মাত্ৰ এটা হোৱাটছএপ একাউণ্টহে ব্যৱহাৰ কৰিব পাৰিছিল।

নতুন ৰোলআউটৰ সৈতে ব্যৱহাৰকাৰীৰ বাৰ্তাসমূহ অন্য ফোনকে ধৰি ডিভাইচসমূহৰ মাজেৰে ছিংক কৰা হ’ব। গতিকে এটা ডিভাইচ বন্ধ কৰিলেও তেওঁলোকে আন ডিভাইচত এপটো প্ৰৱেশ কৰিব পাৰিব।

ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে গোচৰৰ আন এক টুইষ্ট…

যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা বিজেপিৰ সাংসদ তথা ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আন্দোলনকাৰী মল্লযুঁজাৰুসকলে দাখিল কৰা আবেদনৰ আন এক টুইষ্টত দিল্লী আৰক্ষীয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ত কয় যে অধিক তদন্তৰ প্ৰয়োজন ডব্লিউ এফ আইৰ মুৰব্বীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ আগতে।

দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত বিচাৰপীঠত কয় যে যদি শীৰ্ষ আদালতে অনুভৱ কৰে যে পোনপটীয়াকৈ এফআইআৰ দাখিল কৰিব লাগিব, তেন্তে সেয়া হ’ব পাৰে। শীৰ্ষ আইন বিষয়াগৰাকীয়ে কয়, ‘আমি, প্ৰাইমা ফেচি অনুভৱ কৰোঁ যে এফআইআৰ পঞ্জীয়নৰ পূৰ্বে প্ৰাৰম্ভিক তদন্তৰ প্ৰয়োজন আছিল।

মেহতাই কয় যে আদালতে বিচৰাৰ পিছতো এফআইআৰ পঞ্জীয়ন হোৱা নাই বুলি ধাৰণা সৃষ্টি নকৰো আহক। বিচাৰপীঠে মেহতাৰ দাখিল কৰা তথ্যৰ প্ৰতি লক্ষ্য ৰাখি কয় যে দিল্লী আৰক্ষীয়ে ২৪ এপ্ৰিলত এফআইআৰ পঞ্জীয়নৰ ক্ষেত্ৰত নিজৰ মতামত দাঙি ধৰিব পাৰে যেতিয়া মল্লযুঁজাৰুৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।

গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক…

গৰমদিন সমাগত ৷ আমি ইতিমধ্যে গৰম অনুভৱ কৰিলোৱেই । বাহিৰত ওলালেই প্ৰখৰ ৰ’দে পুৰি যোৱা ছালৰ কাৰণে সততে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ ৷ প্ৰখৰ ৰ’দত অলপ সময় থাকিলেই আমি ভাগৰুৱা অনুভৱ কৰোঁ। ইয়াৰ কাৰণ হৈছে আমাৰ শৰীৰটোৱে হাইড্ৰেড হ’বলৈ নাপায়৷ কেৱল যে আমাৰ শৰীৰটোৱেই প্ৰখৰ ৰ’দত ক্ষতি হয় ৷ তেনে নহয় ,আমাৰ শৰীৰৰ ছাল খনো গ্ৰীষ্মৰ প্ৰখৰ ৰ’দে পুৰি নিয়ে। আমাৰ ছালখনত ছানবাৰ্ণ কৰি ক’লা কৰি দিয়ে ৷ আকৌ কিছু সংখ্যক যুৱক যুৱতীৰ ৰ’দত অলপ সময় থাকিলেও ছালখন ক’লা পৰি যায়।

গতিকে আহক জানো গ্ৰীষ্মৰ বতৰত আপোনাৰ ছালখনক কেনেদৰে সতেজ কৰি ৰাখিব পাৰে ৷ সাম্প্ৰতিক সময়ত সকলোৰে ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ নিজৰ কামত ওলাই যাব লগোৱা হয়। গতিকে প্ৰখৰ ৰ’দৰ পৰা নিজক ৰক্ষা কৰিবলৈ ছানস্কীণ লগাবলৈ নাপাহৰিব ৷ লগতে , কেতিয়াও আপোনাৰ ছাল খনক ময়শ্বৰাইজাৰ লগাবলৈও নাপাহৰিব ৷ কাৰণ ময়শ্বৰাইজাৰে আপোনাৰো ছাল খনক সতেজ কৰি ৰাখে। অন্যহাতে দিনৰ ভাগত ময়শ্বৰাইজাৰ ব্যৱহাৰ কৰোঁতে এচপিএফ সমৃদ্ধ ময়শ্বৰাইজাৰহে লগাব ৷ ট’নাৰ ছালৰ কাৰণে অত্যন্ত উপযোগী। গৰম দিনত আমাৰ মুখৰ টি জ’ন অংশত তৈলাক্ত হৈ থকা দেখিবলৈ পোৱা যায়। গতিকে ট’নাৰে আমাৰ ছালৰ পৰা অতিৰিক্ত তেল আঁতৰাই আমাৰ ছালখনক অতিৰিক্ত তেলৰ পৰা ৰক্ষা কৰে ৷ ইফালে মুখৰ বন্ধ হৈ থকা ৰন্ধ্ৰ সমূহ টনাৰে মুক্ত কৰি দিয়ে। গতিকে আপুনিও ট’নাৰ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰে ৷ পানীয়েই আমাৰ প্ৰাণ ৷ গৰম দিনত সকলোতকৈ আৱশ্যকীয় সামগ্ৰীবিধ হ’ল পানী। গতিকে যিমান পাৰি পানী খাওঁক ৷

পানী খোৱাত কৃপনালি নকৰিব ৷ যেতিয়া বাহিৰত উলাই যাব পানীৰ বটলটো লৈ যাবলৈ নাপাহৰিব ৷ গৰমৰ দিনত পানী সেৱন কৰাৰ পিছত ট’ক্সিনৰ ৰূপত আমাৰ শৰীৰৰ পৰা উলাই যাব৷ আপুনি সতেজ অনুভৱ কৰিব ৷ আৰু আপোনাৰ দৈনিক ৰুটিনত শৰীৰটো অথবা ছালৰ কাৰণে অলপ সময় ল’ব ৷ অন্যহাতে সাধাৰণ ছালতকৈ সংবেদনশীল ছালৰ লোকসকলে ছালৰ পৰিচৰ্যা অলপ বেছিকৈ ল’ব ৷ অন্যহাতে গৰম দিনত মুখত প্ৰসাধন অলপ কমকৈ লগাবলৈ চেষ্টা কৰিব ৷ কাৰণ বেছিকৈ কৰা প্ৰসাধনে ছালখনক ক্ষতি কৰিব পাৰে ৷ বাহিৰলৈ গ’লে এচপিএফ সমৃদ্ধ চানবাৰ্ণ লগাবলৈ নাপাহৰিব ৷ গ্ৰীষ্ম বৰ্ষত আপুনি ব্যৱহাৰ কৰা মইশ্বৰাইজাৰটোৱে যাতে আপোনাৰ ছালত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তাৰ প্ৰতি দৃষ্টি ৰাখিব ৷ কাৰণ শীত কালত আমি আমাৰ ছালখনক তৈলাক্ত হৈ থকাটো বিচাৰোঁ ৷ কিন্তু গ্ৰীষ্ম বৰ্ষত আমাৰ ছানখনত তৈলাক্ত হৈ থকা ক্ৰীম উপযোগী ন’হ’বও পাৰে ৷ যেনেকৈ শীতৰ কালত আমাৰ ছাল ওঁঠ সতেজ হৈ থাকিবলৈ আমি লিপবাম ব্যৱহাৰ কৰোঁ ৷ তেনেকৈ গ্ৰীস্ম কালতো লিপ বাম ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব ৷ আৰু লিপ বামটোও এচপিএফ সমৃদ্ধ লগালে ভাল ৷ গতিকে এই কেইটা বিধি আপোনাৰ সুবিধা অনুসৰি আপুনি আপোনাৰ ছালত ব্যৱহাৰ কৰিব । আৰু গৰমৰ দিনতো জিলিকি থাকক বহুতৰ মাজত ৷

অপাৰেচন কাবেৰী: সংকটগ্ৰস্ত চুদানৰ পৰা ৫৬১ জন আৱদ্ধ ভাৰতীয়ক স্থানান্তৰ

ছুদানত (Sudan Conflict)ত চলি থকা সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ সংঘৰ্ষ অব্যাহত আছে। এনে অৱস্থাত ভাৰতে ছুদানত আবদ্ধ নিজৰ নাগৰিকসকলক সুকলমে ওভতাই অনাৰ চেষ্টাত ব্ৰতী হৈছে

আৱদ্ধ হৈ থকা আন ১৩৫ জন ভাৰতীয়ৰ তৃতীয়টো গোটক উদ্ধাৰৰ বাবে আন এখন আই এ এফ চি-১৩০জে বিমানত বুধবাৰে অশান্তিগ্ৰস্ত চুডানলৈ ৰাওনা হয়। ইফালে, বুধবাৰে জেদ্দা বিমানবন্দৰত প্ৰথমখন আই এ এফ চি-১৩০জে বিমান উপস্থিত হোৱাৰ লগে লগে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে ১৪৮ জন খালী ভাৰতীয়ৰ দ্বিতীয়টো গোট গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে নৌসেনাৰ জাহাজ আই এন এছ সুমেধা ২৭৮ জন যাত্ৰীক লৈ জেদ্দা বন্দৰত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে টুইট কৰে।

ইয়াৰ পূৰ্বে বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে টুইটযোগে ১২১ জন যাত্ৰীক আই এ এফ চি-১৩০জে বিমানেৰে উৰুৱাই অনাৰ কথা প্ৰকাশ কৰে। অৱশ্যে পাছত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে টুইট কৰি দ্বিতীয় বেটচত ১৪৮ জন ভাৰতীয়ক খালী কৰা বুলি প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে টুইট কৰি কয়, “প’ৰ্ট চুডানৰ পৰা OperationKaveriৰ অধীনত ১৪৮ জন ভাৰতীয়ক কঢ়িয়াই অনা প্ৰথমখন IAF C-130J বিমানে জেদ্দাত উপস্থিত হৈছে।”

মঙলবাৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে জেদ্দাৰ আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় বিদ্যালয়ত ট্ৰেনজিট সা সুবিধা পৰিদৰ্শন কৰে, য’ত চুডানৰ পৰা খালী কৰা ভাৰতীয়সকলক ভাৰতলৈ অহাৰ পূৰ্বে গ্ৰহণ কৰি চমুকৈ ৰখা হ’ব। চুডানৰ পৰা গ্ৰহণ কৰা হ’ব আৰু ভাৰত ভ্ৰমণৰ পূৰ্বে চমুকৈ উপস্থাপন কৰা হ’ব। ইয়াত বিচনা, যোগান, সতেজ খাদ্য, শৌচাগাৰ, চিকিৎসাৰ সুবিধা, ৱাইফাই সম্পূৰ্ণৰূপে সজ্জিত। ইয়াত ২৪*৭ কন্ট্ৰল ৰুম আছে। OperationKaveri টুইটাৰত লিখিছে মন্ত্ৰালয়ে।

ৰাজধানী খাৰ্টুমত চুডানৰ সেনা আৰু অৰ্ধসামৰিক গোটৰ মাজত যুদ্ধ তীব্ৰতৰ হোৱাৰ লগে লগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সোমবাৰে জনাইছে যে যুদ্ধবিধ্বস্ত চুডানৰ পৰা নিজৰ নাগৰিকক উলিয়াই নিয়াৰ বাবে তেওঁলোকৰ ‘অপাৰেচন কাভেৰী’ চলি আছে আৰু প্ৰায় ৫০০ ভাৰতীয়ই প’ৰ্ট চুডানত উপস্থিত হৈছে। আৰে। যুদ্ধবিধ্বস্ত দেশখনৰ পৰা আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে ভাৰতে “অপাৰেচন কাবেৰী” আৰম্ভ কৰে।

ভাৰতীয় নৌসেনাৰ আই এন এছ টেগে মঙলবাৰে চুডানত আবদ্ধ ভাৰতীয়সকলক উলিয়াই অনাৰ বাবে চলি থকা ‘অপাৰেচন কাভেৰী’ত যোগদান কৰে। এম ই এৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, আৱদ্ধ ভাৰতীয়সকলৰ বাবে অতিৰিক্ত বিষয়া আৰু অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী লৈ মঙলবাৰে ফ্ৰিগেটখন প’ৰ্ট চুডানত উপস্থিত হয়।

“আইএনএছ টেগে অপাৰেচন কাবেৰীত যোগদান কৰে। অতিৰিক্ত বিষয়া আৰু আৱদ্ধ ভাৰতীয়সকলৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী লৈ প’ৰ্ট চুডানত উপস্থিত হয়।’-মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইট কৰে। বাগচিয়ে কয় যে প’ৰ্ট চুডানত থকা দূতাবাসে কেম্প অফিচৰ চলি থকা খালী কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰিব। ভাৰতীয় নৌসেনাৰ বাবে নিৰ্মিত চতুৰ্থখন তালৱাৰ শ্ৰেণীৰ ফ্ৰিগেট হৈছে আই এন এছ টেগ। শেহতীয়া পৰিস্থিতিত চুডানৰ যুদ্ধংদেহী দলসমূহে সোমবাৰে আমেৰিকা আৰু চৌদি আৰৱৰ দালালিত ৭২ ঘণ্টীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে, আনহাতে দেশসমূহে নিজৰ লোকসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে।