Home Blog Page 1596

বিবাহৰ পিছত প্ৰথমটো ঈদ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ। ‘ঈদি’ত শাহুৱেকৰ পৰা লাভ কৰে এই উপহাৰ…

দেৱলীনা ভট্টাচাৰ্যৰ বিবাহৰ পিছত প্ৰথম ঈদত অভিনেত্ৰীগৰাকীয়ে ‘ঈদি’ত শাহুৱেকৰ পৰা এই উপহাৰ লাভ কৰে।
‘সাথ নিভানা সাথিয়া’ৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্জীয়ে আজি স্বামীৰ সৈতে বিবাহৰ পিছত প্ৰথম ঈদ উদযাপন কৰিছে। আজি সমগ্ৰ দেশতে ঈদৰ উৎসৱ পালন কৰা হৈছে। টেলিভিছনৰ তাৰকাসকলেও এই দিৱস অতি আড়ম্বৰেৰে উদযাপন কৰিছে।

যোৱা বছৰ শনৱাজ শ্বেখৰ সৈতে আইনী প্ৰক্ৰিয়াৰে বিবাহ হৈছিল দেৱলীনা ভট্টাচাৰ্যই। ঈদৰ দিনা কি কৰাৰ পৰিকল্পনা কৰিছে সেই কথা ক’লে দেৱলীনাই। ঈদ উপলক্ষে পৰিয়ালৰ বাবে সুস্বাদু খাদ্য ৰান্ধিব অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে কয় যে শ্বানৱাজৰ ৰোজা শেষ হোৱাৰ পিছত তেওঁৰ বাবে তেওঁৰ প্ৰিয় খাদ্য বনাব, লগতে তেওঁৰ স্বাস্থ্যৰ যত্ন ল’ব, কিয়নো তেওঁ ফিটনেছ উদ্যোগত অন্তৰ্গত, গতিকে তেওঁ নিজৰ খাদ্যৰ যথেষ্ট যত্ন ল’ব লাগে।

এমাহ পূৰ্বে দেৱলীনা ভট্টাচাৰ্যক স্বামী শনৱাজে ইডি দিছিল। অভিনেত্ৰীগৰাকীয়ে জনোৱা মতে, শাহুৱেকে ইডিৰ উপহাৰ হিচাপে এখন শাৰী উপহাৰ দিছে।”

‘আমি দেশত বিভাজন নিবিচাৰো, প্ৰতিশ্ৰুতি দিছোঁ’ পৱিত্ৰ ঈদৰ দিনা বংগত শান্তি বিচাৰি দোৱা কৰিছে কলকাতাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে…

পৱিত্ৰ ঈদৰ দিনা বংগত শান্তি বিচাৰি দোৱা কৰিছে কলকাতাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে…।’আমি দেশত বিভাজন নিবিচাৰো, ঈদৰ দিনা প্ৰতিশ্ৰুতি দিছো, প্ৰাণ দিম কিন্তু…’মমতা বেনাৰ্জী। ঈদ উপলক্ষে কলকাতাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে তেওঁ বংগত শান্তি বিচাৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঈদ উপলক্ষে কয় যে আমি দেশত বিভাজন নিবিচাৰো। ঈদৰ দিনা তেওঁ প্ৰাণ দিম বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও দেশখন বিভাজিত হ’বলৈ নিদিয়ে বুলিও কয়। কলকাতাৰ ৰেড ৰোডত ঈদৰ নামাজৰ অন্তত এক সমাৱেশত ভাষণ দি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইদৰে মন্তব্য কৰে। এই সময়ছোৱাত তেওঁ ৰাইজক একত্ৰিত হৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈও আহ্বান জনায়।

মমতা বেনাৰ্জীয়ে কয়, ‘আমি বংগত শান্তি বিচাৰো। দেশত বিভাজন নিবিচাৰো, শান্তি বিচাৰো। একাংশ লোকে দেশক বিভাজিত কৰিবলৈ চেষ্টা কৰি ঘৃণাৰ ৰাজনীতি কৰিছে। প্ৰাণ দিবলৈ সাজু কিন্তু দেশ বিভাজিত হ’বলৈ নিদিওঁ।

পবিএ ঈদৰ দিনাই মুকলি হল এখন ঈদগাহ ফিল্ড। মুকলি হোৱাৰ দিনাই নামাজ পঢ়িলে ৫ হাজাৰ লোকে…

আজি পৱিত্ৰ ঈদ-উল-ফিটৰ। ইছলামধৰ্মী লোক সকলে ৰমজান মাহৰ ৩০ ৰোজাৰ অন্তত পালন কৰে ঈদ।শান্তি সম্প্ৰীতিৰ এই পবিত্ৰ উৎসৱে সকলোৰে মাজত কঢ়িয়াই আনে ভাতৃত্ববোধৰ বতৰা।আজিৰ এই পৱিত্ৰ দিনটোতেই মুকলি কৰা হল ডিব্ৰুগড় চাউলখোৱাত এখন ঈদগাহ। মুকলি হোৱাৰ দিনাই ঈদৰ নামাজৰ বাবে সমবেত হল প্ৰায় ৫ হাজাৰতকৈও অধিক ইছলামধৰ্মীয় লোক।প্ৰায় ১০ বছৰ ধৰি চেষ্টা চলোৱা এই ঈদগাহ খন আনুষ্ঠানিক ভাবে মুকলি কৰে ডিব্ৰুগড় চাউলখোৱা মছিজদৰ পেছ ইমাম জিয়াউৰ ৰহমানে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ এই ঈদগাহখনতো সমূহীয়াভাৱে নামাজ পঢ়ি বিশ্ব শান্তিৰ কামনা কৰে। সমাজত দেখা দিয়া বিভেদকামী মনোভাৱ পৰিহাৰ কৰি সমন্বয় আৰু শান্তিৰ পৰিৱেশ সৃষ্টি তাৰ বাবে আজি পৱিত্ৰ ঈদৰ দিনাই সমূহীয়াকৈ সংকল্প গ্ৰহণ কৰে।

ইফতাৰৰ বাবে ফলমূল কঢ়িয়াই নিয়া সেনাবাহিনীৰ ট্ৰাকক সন্ত্ৰাসবাদীৰ আক্ৰমণ, আক্ৰমণত নিহত ৫ জন, আহত এজন জোৱান। গাঁৱবাসীয়ে পালন নকৰে ঈদ…

ইফতাৰৰ বাবে সেনাবাহিনীৰ ট্ৰাকে কঢ়িয়াই নিছিল ফলমূল, সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৫ জন জোৱান। গাঁৱবাসীয়ে পালন নকৰে ঈদ…! জম্মু কাশ্মীৰৰ পুঞ্চৰ এখন গাঁৱত অনুষ্ঠিত হ’বলগীয়া ইফতাৰ পাৰ্টিৰ বাবে ফলমূল আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই অনা সেনাবাহিনীৰ এখন ট্ৰাকক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত ৫ জন জোৱান শ্বহীদ হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ সংগীত গাঁৱৰ বাসিন্দাসকলে আজি ঈদ উদযাপন নকৰে। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা এই গাঁৱখনৰ ফালে আহি আছিল সেই সেনাবাহিনীৰ ট্ৰাকখন। দৰাচলতে সেই ট্ৰাকখনত সংগীওত অনুষ্ঠিত হ’বলগীয়া ইফতাৰ পাৰ্টিৰ বাবে ফলমূল আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই নিয়া হৈছিল। সন্ত্ৰাসবাদী আক্ৰমণত ৫ জন জোৱান শ্বহীদ হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।

ট্ৰাকখনে বালাকোটৰ বছুনিস্থিত আৰ আৰ মুখ্য কাৰ্যালয়ৰ পৰা সামগ্ৰী কঢ়িয়াই আনিছিল। আক্ৰমণৰ কিছু সময়ৰ পিছতে ওচৰৰ ভট্টা ডুৰিয়ানৰ পৰা সেনা জোৱান আৰু গাঁৱৰ ৰাইজে সেই স্থানত উপস্থিত হোৱাত পাঁচজন জোৱানৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন এজন জোৱানৰ অৱস্থা সংকটজনক অৱস্থাত উদ্ধাৰ কৰে। এতিয়া সেই গাঁৱবাসীয়ে কৈছে যে ‘আমি ঈদ উদযাপন নকৰো, কেৱল নামাজহে কৰিম’।

শুকুৰবাৰে পুঞ্চ জিলাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত পাঁচজন জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সেনা আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে। সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ ভিতৰত চাৰিজন পঞ্জাৱৰ, আনহাতে এজন ওড়িশাৰ। এই আক্ৰমণত নিহত হয় লুধিয়ানাৰ হাবিলদাৰ মনদ্বীপ সিং। গুৰদাসপুৰৰ চিপাহী হৰকিষণ সিং, মোগাৰ লেন্স নাইক কুলৱন্ত সিং, বাথিন্দাৰ চিপাহী সেৱক সিং আৰু ওড়িশাৰ পুৰী জিলাৰ লেন্স নাইক দেবাশীষ শ্বহীদ হয়।

আজি পৱিত্ৰ ঈদ উল ফিতৰ।ঈদ মানেই আনন্দৰ দিন…

ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ধুবুৰীতো উলহ মালহেৰে ঈদৰ নামাজ আদায় কৰা হয় । পুৱা ৮ বজাত প্ৰায় ২০ হাজাৰতকৈও অধিক ইছলাম ধৰ্মালম্বী লোকৰ সমাবেশেৰে অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ ।

ঈদৰ বিশেষ নামাজ আৰু খুৎবা পাঠ কৰাৰ অন্তত ইমামে ঈদ-উদুল ফেতৰৰ তাৎপৰ্য বৰ্ণনা কৰাৰ উপৰি শেষত বিশ্বশান্তিৰ লগতে সমাজত ঐক্য সম্প্ৰীতি তথা ভাতৃত্ববোধ অক্ষুণ্ণ থকাৰ আশাৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে ।

খালী পেটত কুঁহিয়াৰ ৰস খালে বাঢ়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা, স্বাস্থ্যই লাভ কৰে বহু উপকাৰীতা…

গ্ৰীষ্মকালত খালী পেটত কুঁহিয়াৰ ৰস সেৱন কৰিলে দিনটোলৈ শৰীৰটো ভালে থাকে। কাৰণ কুঁহিয়াৰ ৰসে দেহত পানীৰ অভাৱৰ সমস্যা দূৰ কৰে। লগতে দৈনিক কুঁহিয়াৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰে।
কুঁহিয়াৰ ৰসত ভিটামিন চি, আইৰণ আৰু কেলচিয়াম আদি উপাদান থাকে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।


কুঁহিয়াৰ ৰসত ভাল পৰিমাণৰ গ্লুক’জ থাকে। যিয়ে আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰে। গতিকে খালী পেটত সেৱন কৰিলে শৰীৰে লাভ কৰে শক্তি। আজিৰ সময়ত মানুহৰ জীৱনশৈলী বেয়া যাৰ বাবে মানুহৰ পেটৰ লগত জড়িত সমস্যা সৃষ্টি হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰাতিপুৱা খালী পেটত কুঁহিয়াৰ ৰস খাব পাৰে। কাৰণ কুঁহিয়াৰ ৰসত আঁহ থাকে যিয়ে আপোনাৰ পেট সুস্থ কৰি ৰাখে।

বিশিষ্ট কণ্ঠশিল্পী জুৱলি বৰুৱাক কণ্ঠশিল্পী ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান

২০২১ চনৰ ২১ এপ্ৰিল অসমৰ সংগীত জগতৰ বাবে এক বিষাদৰ দিন। কʼভিডত আক্ৰান্ত হৈ অকালতে চিৰদিনৰ বাবে আঁতৰি গৈছিল কণ্ঠশিল্পী ভিতালী দাস।অজস্ৰ গীতেৰে অসমৰ সাংস্কৃতিক পথাৰ জীপাল কৰা ভিতালী দাসৰ মৃত্যুৱে অসমৰ সংগীত জগত উকা কৰি থৈ গ’ল। এই গৰাকী মহান শিল্পীৰ আজি দ্বিতীয় মৃত্যু তিথি।

শিল্পী গৰাকীৰ দ্বিতীয় মৃত্যু তিথি উপলক্ষে আজি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১বজাত এখন বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে প্ৰয়াত ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হ’য় ।অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ভিতালি দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক তথা কণ্ঠশিল্পী ডাঃঅঞ্জন জ্যোতি চৌধুৰী আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকু মণি চৌধুৰীয়ে। পুষ্পমাল্য অৰ্পণ কৰে দৈনিক অসম কাকতৰ সহকাৰী সম্পাদক বেদব্ৰত দেৱ মিশ্ৰ, বিশিষ্ট সাহিত্যিক ড০নন্দ সিং বৰকলা আৰু ‘কলম ‘ আলোচনীৰ মুখ্য সম্পাদক ড০ তাৰিণী কান্ত হালৈয়ে। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ কাৰ্য্যকৰী সদস্য উৎপল ৰঞ্জন মেধিয়ে আঁতধৰা আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাৰ আৰম্ভণিতে ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকু মণি চৌধুৰী আৰু সংগীবৃন্দই সমবেত সংগীত পৰিবেশন কৰে।

সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে বিশিষ্ট কণ্ঠশিল্পী তথা চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। ডাঃ চৌধুৰীয়ে প্ৰয়াত ভিতালি দাসৰ সংগীত জীৱনৰ ওপৰত আলোকপাত কৰে। ডাঃ চৌধুৰীয়ে ভিতালিৰ যাদুকৰী কণ্ঠই যিদৰে শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তাৰ লাভ কৰিছিল তেওঁৰ উত্তৰসুৰী কন্যা কমলিকা কাশ্যপে সেই শূণ্য ঠাই পূৰণ কৰিব পাৰিব বুলি কয়। ডাঃ চৌধুৰীয়ে তেওঁৰ স্বভাৱ সুলভ ৰসাল কথা আৰু গীতেৰে উপস্থিত সকলোকে মোহিত কৰে।সভাত দৈনিক অসমৰ সহকাৰী সম্পাদক বেদব্ৰত দেৱ মিশ্ৰই কয় ভিতালি দাসৰ দৰে এগৰাকী মহান শিল্পী আমি অকালতে হেৰুৱাৱলগীয়া হোৱাতো আমাৰ বাবে দুৰ্ভাগ্য।

ভিতালি দৰে এগৰাকী মহান শিল্পীক আমাৰ মাজত জীয়াই ৰখাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই যি মহান প্ৰচেষ্টা হাতত লৈছে সেয়া অতি প্ৰশংসনীয় । সভাত আমাৰ অসম কাকতৰ উপ সম্পাদক মণ্টু শইকীয়াই প্ৰয়াত ভিতালি দাসৰ নাতিদীৰ্ঘ সংগীত জীৱন পৰিক্ৰমাৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। সভাত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তৰফৰপৰা পৰা প্ৰয়াত ভিতালি দাস সোঁৱৰণী দ্বিতীয় বাৰ্ষিক ২০২৩ বৰ্ষৰ বাবে বঁটা প্ৰদান কৰা হয় বিশিষ্ট কণ্ঠশিল্পী জুৱলি বৰুৱাক।

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ লগতে সন্থাৰ সকলো বিষয়ববীয়া তথা সদস্যই শিল্পী গৰাকীক বঁটা প্ৰদান কৰে।এই বঁটাত আছে এখন ফুলাম গামোছা, এখন শৰাই,এটা জাপি,এখন ৰিহা। বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰে শিল্পী জুৱলি বৰুৱা।

অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ দ্বাৰা প্ৰকাশিত”কলম” আলোচনীৰ পঞ্চম বৰ্ষৰ ৰঙালী বিহুৰ সংখ্যা উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক তথা অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱাৰ উপ সঞ্চালক ড০ নন্দ সিং বৰকলাই।

আলোচনী খন উন্মোচন কৰি দিয়া ভাষণত ড০বৰকলাই কয় নিজৰ সংবাদ সংগ্ৰহ আৰু পৰিবেশন মাজতো পাঁচ বছৰ ধৰি অসমৰ সাহিত্য,সংস্কৃতিৰ লগতে বিভিন্ন দিশ সামৰি পাঠক সমাজক এখন উপভোগ্য আলোচনী উপহাৰ দিয়া বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাক ধন্যবাদ জনায়। প্ৰয়াত ভিতালি দাসৰ ওপৰত মন্তব্য আগবঢ়ায় ড০ বৰকলাই কয় যিগৰাকী শিল্পীয়ে নিজৰ যাদুকৰী কণ্ঠৰে সমগ্ৰ অসমৰ শ্ৰোতা ৰাইজক মোহিত কৰি ৰাখিছিল সেই গৰাকী শিল্পীক অসমৰ সাংস্কৃতিক জগত খনে কোনো গুৰুত্ব প্ৰদান নকৰাত তেওঁ গভীৰ আক্ষেপ প্ৰকাশ কৰে।‌

ভিতালি দাসৰ কন্যা কমলিকা কাশ্যপৰ গীত শুনি আপ্লুত হোৱা ড০ বৰকলাই কমলিকাৰ গাত ভিতালি সকলো গুণ আছে বুলিও কয়। তেওঁ আশা প্ৰকাশ কৰে আগন্তুক দিনত ভিতালৰ‌ কণ্যাই ভিতালিৰ শূণ্য ঠাইৰ পূৰণ কৰিব।

সভাত প্ৰয়াত শিল্পী ভিতালি দাস স্বামী ভূপেন দাস,কণ্যা কমলিকা কাশ্যপ ,ভিতালিৰ কনিষ্ঠ ভাতৃ, জ্যেষ্ঠ ভগ্নী ৰীতা ওজাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ লগতে উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিল্পী দিলীপ বৈশ্য,মনোজ দাসৰ লগতে কেইবাজনো শিল্পীক উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তৰফৰপৰা পৰা সম্বৰ্ধনা জনোৱা হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সম্পাদক ৰূপক ডেকাই।

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি শনিবাৰে আয়োজন কৰা হৈছে তৰ্ক প্ৰতিযোগিতা…

নাজিৰাত প্ৰয়াত নেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুতিথিৰ লগত সংগতি শনিবাৰে দ্বিতীয় বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতাৰ আয়োজন।প্ৰয়াত নেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুতিথিৰ লগত সংগতি অসম ৰাজ্যিক NSUIৰ উদ্যোগত আৰু নাজিৰা সমষ্টি NSUIৰ সহযোগত অহা ২২এপ্ৰিল শনিবাৰে প্ৰতিবছৰৰ দৰে এইবাৰো নাজিৰাত অনুস্থিত কৰিবলৈ লোৱা হৈছে দ্বিতীয়বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতা।এই দ্বিতীয়বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতাৰ সদনৰ মতে বিষয় হ’ল “ভাৰতীয় প্ৰেক্ষাপটত এক সুস্থ গণতন্ত্ৰ ব্যৱস্থা বিৰোধী দলৰ অবিহনে সম্ভৱ নহয়”।

এই দ্বিতীয়বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতা সদৌ অসম ভিত্তি অনুস্থিত হ’ব।অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।নাজিৰাৰ এম.চি.ক্লাৱত অনুস্থিত হ’ব এই দ্বিতীয় বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতা।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

‘বিজেপিয়ে আমাক ধ্বংস কৰিব’ কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে খৰ্গে কয় – ‘কংগ্ৰেছে ১৫০ খন আসন লাভ কৰিব লাগিব’!

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে এক সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। তেওঁ কৈছে যে যিকোনো পৰিস্থিতিত কংগ্ৰেছে ১৫০ খন আসন লাভ কৰিব লাগিব, নহলে বিজেপিয়ে আমাক ধ্বংস কৰিব।
মল্লিকাৰ্জুন খৰ্গে কয় যে একাংশ লোকে খৰ্গে বনাম মোডী বুলি উপস্থাপন কৰিব বিচাৰে। কিন্তু, এইটো ভুল। মই মোডীৰ বিৰুদ্ধে নহয়, মই মতাদৰ্শৰ বিৰুদ্ধে যুঁজিছো । কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন তুংগত। ৰাজনৈতিক দলসমূহত অব্যাহত আছে আভ্যন্তৰীণ যুঁজ। ৰাজ্যত প্ৰচাৰ অভিযানো দ্ৰুতগতিত আগবাঢ়িছে।

ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে এক সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে। তেওঁ কৈছে যে যিকোনো পৰিস্থিতিতে কংগ্ৰেছে ১৫০ খন আসন লাভ কৰিব লাগিব, নহলে বিজেপিয়ে আমাক ধ্বংস কৰি পেলাব।

কংগ্ৰেছ দলৰ পৰা নিলম্বন অংকিতা দত্তক

 কংগ্ৰেছ দলৰ পৰা অংকিতা দত্তক নিলম্বন কৰা খবৰ ভুৱা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতৃত্বই ব্য়ক্ত কৰিছে এই কথা। কিছু সময় পূৰ্বে একাংশ সংবাদ মাধ্যমত অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰাৰ খবৰ বিয়পি পৰিছিল।