Home Blog Page 1604

দেহৰ ঘাম, নখ, উফি, থু বিক্ৰী কৰি যুৱতী মডেল হ’ল কোটিপতি

ইন্টাৰনেটে সমগ্ৰ বিশ্বজুৰি আনিছে বৈপ্লৱিক পৰিৱৰ্তন৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি অসংখ্য লোকে কিছুমান আজৱ কাণ্ড তথা বৃত্তি গ্ৰহণ কৰে ধন উপাৰ্জন কৰিবলৈ।

চ’ছিয়েল মিডিয়াৰ বিভিন্ন ছাইটৰ প্ৰয়োভৰে তেনে লোকৰ বাবে যেন নতুন দিগন্তৰ সূচনা কৰে৷ সামাজিক মাধ্যমৰ ছাইটসমূহৰ সুযোগ গ্ৰহণ কৰি তেনে এক আজৱ বৃত্তিৰে কোটিপতিলৈ পৰিণত এগৰাকী যুৱতী মডেল হৈছে ৰেবেকা ব্লু।  

ৰেবেকাই মডেলিং জগতত ভৰি দি বৰ বিশেষ পাৰদৰ্শিতা দেখুওৱাব নোৱাৰিলে৷ নিজৰ সৌন্দৰ্যক মূলধন হিচাপে লৈ সামাজিক মাধ্যমৰ বিভিন্ন ছাইটত সক্ৰিয় হৈ বিভিন্ন ভিডিঅ’ শ্বেয়াৰ কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰে। সেই সূত্ৰে ৰেবেকাৰ সামাজিক মাধ্যমত অনুৰাগী বাঢ়িবলৈ ধৰে। সৌন্দৰ্যৱতী ৰেবেকাক এবাৰ কাষৰ পৰা পাবলৈ তেওঁ অনুৰাগীসকল অতি ব্যাকুল হৈ থাকে।

ৰেবেকাই অনুৰাগীসকলৰ সেই ব্যাকুলতাকে অতি চতুৰালিৰে ব্যৱসায়িক মূলধনলৈ পৰিৱৰ্তিত কৰে। আমেৰিকাৰ নৰ্থ কে’ৰলিনাৰ বাসিন্দা ২৮ বছৰীয়া ৰেবেকাই তেওঁক পাবলৈ ব্যাকুল অনুৰাগীসকলক নিজৰ দেহৰ ঘাম, উফি, নখ আনকি থু আদিও বিক্ৰী কৰিবলৈ ধৰে।

ৰেবেকাই প্ৰথমে ভৰিৰ নখ আৰু থু বিক্ৰী কৰি দেখিলে যে অনুৰাগীসকলৰ মাজত তেওঁৰ ভৰিৰ নখ আৰু থুইৰ চাহিদা বৃদ্ধি পাইছে।

ইয়াৰ পাছত তেওঁ কেৱল নখ, থু বিক্ৰীতে সীমাৱদ্ধ নাথাকি এইবাৰ চুলিৰ উফি, ঘাম, আনকি মূৰৰ বগা চুলিও বিক্ৰী কৰিবলৈ ধৰিলে। এইবোৰৰ চাহিদা ব্যাপকৰূপত বৃদ্ধি পোৱাৰ ফলতে ৰেবেকাই অতি কম দিনৰ ভিতৰতে কোটিপতি পৰিণত হয়। অৱশ্যে ৰেবেকাক এই কামত বহুত লোকে সহায় কৰে বুলি জানিব পৰা গৈছে।

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা- ২০২৬ চনৰ নৱেম্বৰ পৰ্যন্ত শুভ দশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা- ২০২৬ চনৰ নৱেম্বৰ পৰ্যন্ত শুভ দশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰয়োজনতকৈ অধিক শুভ কাৰক যোগ হৈ আছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাশিচক্ৰত ৷ ২০২৬ চনৰ ৭ নৱেম্বৰ পৰ্যন্ত শুভ দশা চলিব মুখ্যমন্ত্ৰীগৰাকীৰ ৷ আজি পহিলা ব’হাগ উপলক্ষে বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰি এই ভৱিষ্যদ্বাণী কৰে সত্ৰৰ দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মা দলৈয়ে ৷সম্প্ৰতি শুক্ৰৰ দশা চলি থকা মুখ্যমন্ত্ৰীগৰাকীৰ ২০২৬ চনৰ ৭ নৱেম্বৰ পৰ্যন্ত প্ৰয়োজনতকৈ অধিক শুভ দশা চলিব বুলি জ্যোতিষী গৰাকীয়ে জানিবলৈ দিয়ে ৷

বিগত বৰ্ষৰ তুলনাত এইবছৰ মুখ্যমন্ত্ৰী গৰাকীৰ উত্তম দশা চলিব বুলি বৰ্ষফল গণনাত কোৱা হয় ৷বৰ্ষফল গণনাত ৰাজ্যৰ শিক্ষা,সাহিত্য,সংস্কৃতি আদি ক্ষেত্ৰত উন্নতি দেখা যায় বুলি উল্লেখ কৰা হয় ৷নতুন বছৰটোত ব্যৱসায়-বাণিজ্য,কৃষি, আমদানি-ৰপ্তানি আদিত ৰাজ্য চৰকাৰৰ সফলতা দেখা যায় বুলি বৰ্ষফল গণনাত প্ৰকাশ কৰা হয়৷নতুন বছৰটোত কেন্দ্ৰীয় চৰকাৰ অধিক সময়ৰ বাবে প্ৰতিকূল অৱস্থাত থাকিবলগীয়া নহয় বুলি বৰ্ষফল গণনাৰ জৰিয়তে ভৱিষ্যদ্বাণী কৰা হয় ৷আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণৰ দশা আৰু জন্ম দশাৰ মাজত পাৰ্থক্য দেখা যায় বুলি উল্লেখ কৰি ২০২৭ চনৰ ৬ ডিচেম্বৰৰ পৰ্যন্ত তেখেতৰ শুভ দশা চলি থাকিব বুলি বৰ্ষফল গণনাত কোৱা হয় ৷মংগল দশা চলি থকা হেতুকে প্ৰধানমন্ত্ৰীগৰাকীক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী,শত্ৰু আদিয়ে কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰিব বুলি বৰ্ষফল গণনাত উল্লেখ কৰা হয় ৷ উল্লেখ্য যে অতীজৰে পৰা পহিলা ব’হাগৰ দিনা বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰাৰ পৰম্পৰা চলি আহিছে ৷

বৰপেটা সত্ৰৰ বৰ্ষফল গণনাক বিশেষ মান্যতা দি আহিছে ৰাজ্যবাসীয়ে ৷বিশেষকৈ দেশ আৰু ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰৰ ভৱিষ্যৎ সন্দৰ্ভত বৰ্ষফল গণনাত কি কোৱা হয়, সেয়া জানিবলৈ সংবাদ মাধ্যম আৰু ৰাজনৈতিক মহল উৎকণ্ঠাৰে বাট চাই ৰয় ৷পূৰ্বতে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত প্ৰকাশ পোৱা ৰাজনৈতিক ভৱিষ্যদ্বাণীয়ে ৰাজ্যৰ বিদ্বৎ মহল আৰু সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰাৰ অনেক উদাহৰণ আছে ৷

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন।

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ ‘নিজৰ দিন’ পালন। পাঁচগৰাকী বিশিষ্ট ব্যক্তিক জনাই ওলগ…

অসম সাহিত্য সভাৰ অন্যতম শাখা সাহিত্য সভা উত্তৰ শাখা সাহিত্য সভাই নিজৰ দিন উপলক্ষে পহিলা ব’হাগৰ দিনটোত বৃহত্তৰ অঞ্চলটোৰ পাঁচ গৰাকী বিশিষ্ট ব্যক্তিক নিজা নিজা বাসগৃহত উপস্থিত হৈ ওলগণি জনায়।

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধনৰ আহ্বায়ক তথা জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ কুঁহি সমিতিৰ আহ্বায়ক তথা জিলা সাহিত্য সভাৰ ৰামধেনু সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্তই উপস্থিতিত নতুন কমলাবাৰী সত্ৰৰ বিশিষ্ট বৈষ্ণৱ শিল্পী পদ্ম হাজৰিকা বৰবায়ন, মৰিটুনী গাঁওৰ সমাজকৰ্মী মামা ৰেগন, দৰিয়া গাওঁৰ বয়োজ্যেষ্ঠ মহিলা নীৰদা হাজৰিকা, সমাজসেৱীকা সোণমাই বৰা আৰু শশীপ্ৰভা বৰুৱাক অসম সাহিত্য সভাৰ ওলগণি পত্ৰ, গামোচা-বিহুৱান-গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়।

শাখা সাহিত্য সভাৰ সভাপতি প্ৰণৱজিত মিশ্ৰ, প্ৰাক্তন সভাপতি কনকচন্দ্ৰ বৰুৱা, উপ-সভাপতি অনুপ্ৰভা দেৱী, সম্পাদক কৃষাৰাণী শইকীয়া বৰুৱাৰ নেতৃত্বত ওলগ গ্ৰহণ কৰি প্ৰতিগৰাকী সম্বৰ্ধিত ব্যক্তিয়ে অসম সাহিত্য সভাৰ বিশেষ কাৰ্যসূচীটি সুকলমে সমাপন কৰাৰ বাবে শাখা সাহিত্য সভাক শলাগ জ্ঞাপন কৰে ।

১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ(CAPF) নিয়োগ পৰীক্ষা; অসমীয়া ভাষাতো থাকিব প্ৰশ্নকাকত

কেন্দ্ৰীয় চৰকাৰৰ এক সিদ্ধান্তই সু-বাৰ্তা কঢ়িয়াই আনিছে অসম লৈ। হিন্দী আৰু ইংৰাজীৰ উপৰিও এইবাৰ ১৩ টা আঞ্চলিক ভাষাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) বাবে কনিষ্টবল (সাধাৰণ কৰ্তব্য) পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন প্ৰদান কৰিছে।

এই ১৩ টা আঞ্চলিক ভাষাৰ ভিতৰত অসমীয়া ভাষাইও স্থান লাভ কৰিছে। উল্লেখ্য যে, এই ১৩ টা ভাষাত আছে অসমীয়া, বাংলা, গুজৰাটি, মাৰাঠী, মালয়ালম, কানাড়া, তামিল, তেলেগু, ওড়িয়া, উৰ্দু, পাঞ্জাৱী, মণিপুৰী আৰু কোঙ্কণী ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই সিদ্ধান্ত গ্ৰহণ কৰি গৃহ মন্ত্ৰালয়ে অনুমোদন জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত চিএপিএফত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণক গতি প্ৰদান কৰা আৰু আঞ্চলিক ভাষাসমূহক উৎসাহিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইছৰোৰ যুৱ বিজ্ঞানী কাৰ্যসূচী YUVIKAৰ বাবে নিৰ্বাচিত তিনিচুকীয়া ছাত্ৰ

অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত৷ তিনিচুকীয়া কেন্দ্ৰীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ অংগৰাগ বৰকাকটি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ দ্বাৰা আয়োজিত সন্মানীয় “যুৱ বিজ্ঞানী কাৰ্যসূচী” YUVIKA ৰ বাবে নিৰ্বাচিত হৈছে।

এই কাৰ্যসূচীৰ লক্ষ্য হৈছে মহাকাশ প্ৰযুক্তি, মহাকাশ বিজ্ঞান, আৰু মহাকাশ প্ৰয়োগৰ মৌলিক জ্ঞান প্ৰদান কৰি নৱ প্ৰজন্মক মহাকাশ কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ জগাই তোলা। সমগ্ৰ দেশৰ পৰা মুঠ ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক এই কাৰ্যসূচীৰ বাবে নিৰ্বাচিত কৰা হৈছে; আৰু ইয়াৰে অন্যতম অংগৰাগ বৰকাকটি।

তেওঁৰ বাছনিৰ খবৰে তেওঁৰ পৰিয়াল, বিদ্যালয়, আৰু সমগ্ৰ তিনিচুকীয়া জিলালৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে। কেন্দ্ৰীয় বিদ্যালয় তিনিচুকীয়াৰ অধ্যক্ষ সুৰজিৎ সিঙে ছাত্ৰগৰাকীৰ এই সাফল্যত গৌৰৱ প্ৰকাশ কৰি কয় যে ইছৰোৰ উদ্যোগত আয়োজিত যুৱ বিজ্ঞানী কাৰ্যসূচীৰ বাবে আমাৰ ছাত্ৰজনক নিৰ্বাচিত কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়।

তিনিচুকীয়াৰ অতিৰিক্ত জিলা উপাযুক্ত মঞ্জীত বৰকাকটি আৰু স্বপ্নালী বৰকাকটিৰ পুত্ৰ অংগৰাগ বৰকাকটি। ১৪ মে’ৰ পৰা ২৭ মে’লৈ বেংগালুৰুৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

মহাকাশ প্ৰযুক্তিবিদ্যাৰ শেহতীয়া উন্নয়ন আৰু উন্নতিৰ বিষয়ে জানিবলৈ আৰু এই ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়াৰ বাবে অনুপ্ৰাণিত কৰিবলৈ দেশৰ নৱ-মন-মগজুক এক সুযোগ প্ৰদান কৰে। সৰু চহৰ-নগৰৰ ছাত্ৰ-ছাত্ৰীৰ অপৰিসীম সম্ভাৱনা আৰু প্ৰতিভাৰ স্বীকৃতিও YUVIKA প্ৰদান কৰে।

তৃতীয় বাৰৰ মাতৃ হ’ব নেহা ধুপীয়া ! অভিনেত্ৰীগৰাকীয়ে জনালে এই কথা…

পুনৰ মাতৃ হ’ব নেহা ধুপীয়া ! অভিনেত্ৰীগৰাকীয়ে জনালে এই কথা…।শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী নেহা ধুপিয়াক তেওঁৰ স্বামী অভিনেতা অংগদ বেদীৰ সৈতে অতি সুন্দৰ ৰুপত দেখা গৈছিল। নেহাৰ এই ভিডিঅ’টো দেখি বহু অনুৰাগীয়ে কৈছে যে অভিনেত্ৰীগৰাকী তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। ভিডিঅ’টো চাওক-

বলীউডৰ অভিনেত্ৰী আৰু অভিনেতাসকলৰ ছবি, তেওঁলোকৰ কাম আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ সকলো কথা জানিব বিচাৰে অনুৰাগীয়ে। ছ’চিয়েল মিডিয়াই অনুৰাগীসকলক তেওঁলোকৰ প্ৰিয় চেলিব্ৰিটিসকলৰ জীৱন বিষয়েৰে জানিবলৈ সুবিধা দিছে, কেৱল সেয়াই নহয়, তেওঁলোকে ইয়াৰ ওপৰত মন্তব্য কৰি নিজৰ মতামত আগবঢ়াব পাৰে। শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী নেহা ধুপিয়াক তেওঁৰ স্বামী আৰু অভিনেতা অংগদ বেদীৰ সৈতে এক অনুষ্ঠানত দেখা গৈছিল। সেইদিনা নেহা আৰু অংগদৰ ভিডিঅ’ ভাইৰেল হৈ আছে য’ত এই তাৰকা দম্পতীক বহুত ধুনীয়া দেখা গৈছিল আৰু নেহাক দেখি একাংশ অনুৰাগীৰ পৰ্যবেক্ষণ কৰিছিল। এই ভিডিঅ’টো চাই অনুৰাগীসকলৰ মনত এনে লাগিল যে নেহা তৃতীয়বাৰৰ বাবে গৰ্ভৱতী হৈছে…! এই অনুষ্ঠানটো জিঅ’ ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল য’ত জিঅ’ই নতুন নতুন চিনেমা আৰু শ্ব’ৰ কথা ঘোষণা কৰিছিল। এই অনুষ্ঠানৰ ৰেড কাৰ্পেটত অংগদ আৰু নেহাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অভিনেত্ৰীগৰাকীক চালে এনে লাগে যেন কন্যা মেহৰ আৰু পুত্ৰ গুৰিকৰ পিছত তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে।

একাংশ অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ বেবী বাম্প দেখিছে, তাৰ পিছত নেহাৰ তৃতীয় গৰ্ভধাৰণৰ খবৰ বিয়পি পৰিছে।

পিম্পলছ, ক’লা দাগ গৰমৰ দিনত মহিলাৰ প্ৰধান সমস্যা ! এই সমস্যা কেনেকৈ সমাধান কৰিব…

এতিয়া গ্ৰীষ্মকাল, গৰমৰ প্ৰকোপ দিনে দিনে বাঢ়িছে। এনে সময়ত মহিলাৰ এক প্ৰধান সমস্য হৈছে পিম্পলছ আৰু ক’লা দাগ ।কোনে নিবিচাৰে মুখখন ধুনীয়া আৰু নিৰ্মল কৰি ৰাখিব, কিন্তু বৰ্তমান সময়ৰ খাদ্যাভ্যাস, জীৱনশৈলী আৰু পৰিৱেশৰ বাবে মুখৰ বহু ক্ষতি হয়। মুখত পিম্পল হোৱাটো সাধাৰণ কথা । কিন্তু, যেতিয়া এই পিম্পলছ শেষ হয় তেতিয়া মুখত ক’লা দাগ বহি যায়, যাৰ ফলত মুখৰ সৌন্দৰ্য্যত অতি বেয়া প্ৰভাৱ পৰে।গতিকে এই সমস্যাৰ পৰা কিদৰে মুক্ত হ’ব…

মুখৰ সৌন্দৰ্য্য বজাই ৰাখিবলৈ নিয়মিতভাৱে পৰিষ্কাৰ কৰাটো প্ৰয়োজনীয়, নহ’লে মলিৰ বাবে পিম্পল আৰু ক’লা দাগ বহিবলৈ আৰম্ভ কৰে। সাধাৰণতে মানুহে মুখ চাফা কৰাৰ বাবে চাবোন বা ফেচ ৱাছ ব্যৱহাৰ কৰে, কিন্তু যদি আপুনি ঘৰতে বনোৱা বিশেষ ধৰণৰ স্ক্ৰাব ব্যৱহাৰ কৰে, তেতিয়া ব্ৰণৰ দাগ নাইকিয়া হৈ যাব।

যিসকল লোকৰ ছাল তেলীয়া, তেওঁলোকে এটা বাটিত ২ চামুচ দৈ ল’ব কিন্তু যদি আপোনাৰ ছাল শুকান হয় তেন্তে গাখীৰ ব্যৱহাৰ কৰাটো ভাল। ইয়াৰ লগত ওটছ মিহলাই খালে ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় আৰু এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে।

নেমু ৰস ব্যৱহাৰ কৰিও আপুনি এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব।

মৌ, কণ বিলাহী মিহলাই মুখত লগালেও এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব।

যদি আপুনি এই স্ক্ৰাব নিয়মিতভাৱে ব্যৱহাৰ কৰে তেন্তে এসপ্তাহৰ পিছত ইয়াৰ ফলাফল পাব।

পৰাপক্ষত তেল, মচলা কম থকা খাদ্য সেনৱন কৰিব।

ফেমিনা মিছ ইণ্ডিয়া-২০২৩ৰ খিতাপ অৰ্জন ৰাজস্থানৰ নন্দিনী গুপ্তাৰ। বয়স মাত্ৰ ১৯ বছৰ…

ফেমিনা মিছ ইণ্ডিয়া-২০২৩ৰ খিতাপ ৰাজস্থানৰ নন্দিনী গুপ্তাৰ শিৰত…।ৰাজস্থানৰ নন্দিনী গুপ্তা ২০২৩ চনৰ মিছ ইণ্ডিয়া।নন্দিনী গুপ্তাৰ বয়স মাত্ৰ ১৯ বছৰ। যোৱা নিশা অনুষ্ঠানত নন্দিনীক ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৩ৰ মুকুট পিন্ধোৱা হয়। দিল্লীৰ শ্ৰেয়া পুঞ্জা প্ৰথম ৰানাৰ্ছ আপ, আৰু মণিপুৰৰ থৌনাওজাম ষ্ট্ৰেলা লুৱাঙে লাভ কৰে ২য় ৰানাৰ্ছ আপৰ মুকুট। সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হয় ৭১ সংখ্যক সংস্কৰণ।

মিছ ইণ্ডিয়াৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত নন্দিনীৰ বিজয়ী মুহূৰ্তৰ এখন ছবি পোষ্ট কৰা হৈছে, য’ত লিখা আছে, “WORLD – here she comes! কঠোৰ পৰিশ্ৰমৰ অন্তত বিজয়ৰ মুকুমট পিন্ধে নন্দিনী গুপ্তাই। নন্দিনী গুপ্তা প্ৰিয়ংকা চোপ্ৰাৰ অনুৰাগী।

ডিব্ৰুগড়ৰ জ’জ ইনষ্টিটিউচনৰ খেল পথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন…

উজনিৰ প্ৰথমখন ইতিহাস প্ৰসিদ্ধ মঞ্চ বিহু ডিব্ৰুগড়ৰ জ’জ ইনষ্টিটিউচনৰ খেল পথাৰত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰঙালী বিহু। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মঞ্চ উদ্ধোধন আদি অনুষ্ঠান অনুষ্ঠিত হয়। ডিব্ৰুগড় ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি অনিল দুৱৰাই পতাকা উত্তোলন কৰাৰ পাছতে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধক্ষ্য শশীকান্ত শইকীয়াই স্মৃতি তৰ্পণ কৰে আৰু সমাজ কৰ্মী পৰাগ মহাবীৰ সিংহানীয়াই মঞ্চ উদ্ধোধন কৰে।


উল্লেখ্য যে ১৯৫৪ চনতে আৰম্ভ হোৱা এই বিহু সন্মিলন খনি ৬৯ বছৰ গৰকিল ইনষ্টিটিউচনৰ খেল পথাৰত এক উখল মাখলৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, ব্যক্তিগত শিক্ষাঅনুষ্ঠানত বিনামূলীয়া হ’ব দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা

ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ২৫ শতাংশ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে গুৱ‍াহাটী উচ্চ ন্যায়ালয়ে৷

আবেদনকাৰী বিপিএলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ব্যক্তিগত শিক্ষানুষ্ঠানত বিনামূলীয়া শিক্ষা লাভ কৰে, তাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে আদালতে।

‘উই ফৰ গুৱাহাটী’ নামৰ সংস্থাটোৱে দাখিল কৰা ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন (পিআইএল)ৰ পিছতে উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে।

সংস্থাটোৱে সদৰী কৰে যে শিক্ষাৰ অধিকাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে বিভাগে বিপিএলৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদানৰ বাবে ব্যক্তিগত শিক্ষানুষ্ঠানলৈ কোনো নিৰ্দেশনা প্ৰেৰণ কৰা নাই।

পূৰ্বে এই নিৰ্দেশনাক লৈ ৰাজ্য চৰকাৰে আদালতত শপতনামা দিছিল যদিও আইনখনৰ বিধান মানি চলা নাছিল বিভাগটোৱে।

ব্যক্তিগত শিক্ষানুষ্ঠানত বিপিএলৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা দিয়াটো ব্যক্তিগতভাৱে নিশ্চিত কৰিবলৈ শিক্ষা বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে আদালতে।