Home Blog Page 1607

চেনিৰ সৈতে নে নিমখৰ সৈতে? কিহৰ সৈতে দৈ খাব লাগে জানেনে…

চেনিৰ সৈতে নে নিমখৰ সৈতে? কিহৰ সৈতে দৈ খাব লাগে জানেনে…। চেনি বা নিমখ কোনটো বেছি উপকাৰী? গ্ৰীষ্ম অহাৰ লগে লগে মানুহে খাদ্যাভ্যাসত বিভিন্ন সাল-সলনি কৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে, গৰমৰ দিনত দৈ, ঠাণ্ডা বস্তু খাব লাগে, লগতে পানীও যিমান পাৰি খোৱা উচিত। আপুনি লক্ষ্য কৰিছে নে বাৰু কিছুমান মানুহে চেনি দি দৈ খায় আনহাতে কিছুমানে নিমখ দি খায়। কিন্তু দুয়োটাৰ ভিতৰত কোনটো বেছি উপকাৰী জানেনে? কেতিয়া দৈ খোৱা উচিত? জানক ইয়াৰ বিষয়ে…

স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি আপুনি দৈনিক নিমখৰ সৈতে মিহলি কৰি দৈ খায়, তেন্তে কফ সম্পৰ্কীয় সমস্যা হ’ব পাৰে। আনহাতে নিমখ মিহলাই দৈ খালে ডায়েবেটিছ ৰোগ দূৰ হয়। কিন্তু, উচ্চ ৰক্তচাপ ৰোগীয়ে দৈৰ লগত নিমখ মিহলাই একেবাৰে খাব নালাগে।


বহুতে দৈত চেনি মিহলী কৰি খাই ভাল পাই। স্বাস্থ্য বিশেষজ্ঞৰ মতে দৈত চেনি মিহলাই খালে শৰীৰৰ ওজন দ্ৰুতগতিত বৃদ্ধি পায়। ডায়েবেটিছ ৰোগীয়ে কেতিয়াও চেনি দি দৈ খাব নালাগে। দৈ খালে পেটৰ জ্বলা-পোৰা আৰু এচিডিটি আঁতৰাই ৰাখে।

দৈ খোৱাৰ উপযুক্ত সময় দুপৰীয়া। খাদ্য বিশেষজ্ঞ আৰু স্বাস্থ্য বিশেষজ্ঞৰ মতে, দুপৰীয়া দৈ খালে পেট ভালে থাকে। যদি আপুনি ৰাতি দৈ খায় তেন্তে আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

১৪ এপ্ৰিলত মুক্তি পাব সামান্থা ৰুথ প্ৰভুৰ ছবি ‘শকুন্তলাম’। প্ৰকাশ পালে ছবি খনৰ প্ৰথম ৰিভিউ…

১৪ এপ্ৰিলত মুক্তি পাব সামান্থা ৰুথ প্ৰভুৰ ছবি ‘শকুন্তলাম’। ১৪ এপ্ৰিলত মুক্তি পাব সামান্থা ৰুথ প্ৰভুৰ বহু প্ৰত্যাশিত ছবি ‘শকুন্তলাম’। অনুৰাগীসকলে আগ্ৰহেৰে বাট চাই আছে সামন্থা ৰুথ প্ৰভুৰ ‘শাকুন্তলাম’ ছবিখনৰ বাবে। কালিদাসৰ কবিতা ‘অভিজ্ঞান শকুন্তলাম’ৰ আধাৰত নিৰ্মিত পৌৰাণিক নাটকখন। ১৪ এপ্ৰিল অৰ্থাৎ কাইলৈ ​​ছবিগৃহত মুক্তি পাব সামান্থাৰ এই বহু প্ৰত্যাশিত ছবিখনে। শেহতীয়াকৈ ছবি নিৰ্মাতাসকলে সমালোচক আৰু কিছুমান নিৰ্বাচিত দৰ্শকৰ বাবে বিশেষ প্ৰিমিয়াৰৰ ব্যৱস্থা কৰিছে।

বহু অনুৰাগীয়ে ‘শকুন্তলাম’ ছবিখনক প্ৰশংসা কৰি ভাল পাৰিবাৰিক মনোৰঞ্জনমূলক ছবি বুলি অভিহিত কৰাৰ বিপৰীতে বহু টুইটত ছবিখন দুৰ্বল আৰু ভিএফএক্স ছবিখনৰ এক ডাঙৰ অসুবিধা বুলিও দাবী কৰিছে।একে সময়তে বহু লোকে ছবিখনত সামান্থাৰ অভিনয়ক প্ৰশংসা কৰি কেৰিয়াৰৰ শ্ৰেষ্ঠ ছবি বুলি অভিহিত কৰে।


ৰুদ্ৰমাদেৱী ফেম গুণহছেকাৰৰ পৰিচালনাত নিৰ্মিত ‘শকুন্তলাম’ত দূষ্যন্তৰ চৰিত্ৰত দেৱ মোহন, ধূৰ্বাসা মুনিৰ চৰিত্ৰত মোহন বাবু, প্ৰিয়মবাদৰ চৰিত্ৰত অদিতি বালান আৰু কনভা মহৰ্ষীৰ চৰিত্ৰত শচীন খেদেকাৰে অভিনয় কৰিছে। আনহাতে সামন্তাই শকুন্তলাৰ চৰিত্ৰত অভিনয় কৰিছে। দূৰ্বাসা মুনিৰ অভিশাপৰ বাবে কষ্টৰ সন্মুখীন হোৱা ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ মাজত এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী বৰ্ণনা কৰা হৈছে ছবিখনত। গুনা টিমৱৰ্কছ আৰু শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েচনে প্ৰযোজনা কৰা ছবিখনৰ সংগীত ৰচনা কৰে মণি শৰ্মাই।

লণ্ডনৰ ৰাজপথত স্বামী নিকৰ সৈতে ৰোমান্টিক হৈ পৰিল প্ৰিয়ংকা চোপ্ৰা, অনুৰাগীয়ে ক’লে…

লণ্ডনৰ ৰাজপথত স্বামী নিকৰ সৈতে ৰোমান্টিক হৈ পৰিল প্ৰিয়ংকা চোপ্ৰা, ওঁঠত চুম্বন কৰা ফটো ভাইৰেল !
প্ৰিয়ংকা চোপ্ৰাই স্বামী নিক জ’নাছৰ সৈতে লণ্ডনলৈ গৈছিল। এই সময়ত দম্পতীহালক ৰাজপথতে ৰোমান্টিক হোৱা দেখা গৈছিল। দুয়োৰে চুম্বনৰ এক ফটো ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ দম্পতীহালে তেওঁলোকৰ মৰমলগা কন্যা মালতী মেৰীৰ সৈতে ভাৰতলৈ আহিছিল। এই সময়ছোৱাত দুয়োজনে মুম্বাই এনএমএচিচিৰ অনুষ্ঠানত অংশ লৈছিল। বুধবাৰে লণ্ডনৰ ৰাজপথত প্ৰিয়ংকা আৰু নিকক দেখা গ’ল অন্য এক ৰুপত।

স্বামী নিকৰ সৈতে প্ৰিয়ংকাৰ লণ্ডন আউটিঙৰ ছবি শ্বেয়াৰ কৰিছে এটা ফেন ক্লাবে। দম্পতীহালৰ এই ছবিখনে বৰ্তমান ইণ্টাৰনেট যথেষ্ট চৰ্চা লাভ কৰিছে। বৰ্তমান প্ৰিয়ংকাৰ আগন্তুক ধাৰাবাহিক ‘চিটাডেল’ৰ প্ৰচাৰত ব্যস্ত। ভাৰত ভ্ৰমণৰ সময়ত মুম্বাইতো এই ধাৰাবাহিকখনৰ প্ৰচাৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। বি-টাউনৰ বন্ধু-বান্ধৱী আৰু সংবাদ মাধ্যমৰ বাবেও তেওঁ বিশেষ প্ৰিমিয়াৰ নাইট আয়োজন কৰিছিল। এই ধাৰাবাহিকখন ২৮ এপ্ৰিলত মুক্তি পাব। ইয়াৰ উপৰিও অতি সোনকালে আলিয়া ভাট আৰু কেটৰিনা কাইফৰ সৈতে বলীউডৰ ছবি ‘জী লে জাৰা’ৰ শ্বুটিং আৰম্ভ কৰিব।

আজি ‘মোদী উপাধি’ গোচৰত চুৰাট আদালতত পুনৰ উপস্থিত হ’ব ৰাহুল গান্ধী…

আজি ‘মোডী উপাধি’ গোচৰত ৰাহুল গান্ধীৰ আবেদন সন্দৰ্ভত চুৰাট আদালতত শুনানি আছে। অযোগ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৯ চনৰ মানহানিৰ গোচৰত বৃহস্পতিবাৰে চুৰাটৰ আদালতত হাজিৰ হোৱাৰ কথা। যোৱা মাহত ২০১৯ চনত কোলাৰত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া বক্তব্যৰ বাবে গুজৰাটৰ আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছিল।চুৰাটৰ আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। বিজেপিৰ বিধায়ক পূৰ্ণেশ মোদীয়ে দাখিল কৰা গোচৰৰ ভিত্তিত এই শাস্তি প্ৰদান কৰা হয়, য’ত ৰাহুল গান্ধীয়ে কোলাৰত কৰা মন্তব্যৰে সমগ্ৰ মোদী সমাজক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে। এজাহাৰত পূৰ্ণেশ মোদীয়ে অভিযোগ কৰে যে গান্ধীয়ে ‘কেনেকৈ সকলো চোৰৰ উপাধি মোদী’ বুলি এক বিবৃতি দিছিল।’ এই গোচৰৰ পিছতে ৰাহুল গান্ধীয়ে লোকসভাৰ সদস্যপদও হেৰুৱালে।

যেতিয়ালৈকে কোনো উচ্চ ন্যায়ালয়ে তেওঁৰ দোষী সাব্যস্ত হোৱা ৰায় বাতিল নকৰে তেতিয়ালৈকে কংগ্ৰেছ নেতাগৰাকীয়ে আগন্তুক আঠ বছৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ১৩ এপ্ৰিলত গুজৰাট জিলা আৰু অধিবেশন আদালতত হাজিৰ হ’ব ৰাহুল গান্ধীয়ে এই গোচৰৰ দোষী সাব্যস্ত হোৱা স্থগিত ৰখাৰ বাবে। ৩ মে’ত আদালতে সিদ্ধান্ত ল’ব যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অক্ষুণ্ণ ৰাখিব নে নাৰাখে। ৩ মে’ত হ’বলগীয়া শুনানিত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ অভিযোগ উত্থাপন কৰিব পৰাকৈ পৰ্যাপ্ত প্ৰমাণ আছে নে নাই সেই বিষয়ে আদালতে সিদ্ধান্ত ল’ব।

আজি আই পি এলত মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছ…

আজি আই পি এলত মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছ। এই খেলখন মোহালীত অনুষ্ঠিত হ’ব। ইংলেণ্ডৰ বেটছমেন লিয়াম লিভিংষ্টনে পঞ্জাৱ দলত যোগদান কৰিছে। এনে পৰিস্থিতিত পঞ্জাৱৰ দলটোৱে যথেষ্ট শক্তি লাভ কৰিব।

পঞ্জাৱ কিংছ (প্ৰথম বেটিং): প্ৰভসিমৰন সিং, শিখৰ ধৱন (গ), ভানুকা ৰাজাপাকছা, জিতেশ শৰ্মা (wk), লিয়াম লিভিংষ্টন, ছেম কাৰাণ, এম শ্বাহৰুখ খান, হৰপ্ৰীত ব্ৰাৰ, নাথান এলিছ, ৰাহুল চহৰ, আৰ্ষদীপ সিং।

পঞ্জাব কিংছ (বলিং প্ৰথম): শিখৰ ধাৱান (গ), ভানুকা ৰাজাপাকছা, জিতেশ শৰ্মা (wk), লিয়াম লিভিংষ্টন, ছেম কাৰাণ, এম শ্বাহৰুখ খান, হৰপ্ৰীত ব্ৰাৰ, নাথান এলিছ, ৰাহুল চহৰ, আৰ্ছদীপ সিং, ঋষি ধাৱান।

গুজৰাট টাইটানছ (প্ৰথম বেটিং): বৃদ্ধিমান সাহা (wk), শুবমান গিল, ছাই সুদৰ্শন, হাৰ্দিক পাণ্ডিয়া (গ), বিজয় শংকৰ, ডেভিদ মিলাৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, আলজাৰী জোচেফ, মহম্মদ শ্বামী, আৰ চাই কিশোৰ।

গুজৰাট টাইটানছ (বলিং প্ৰথম): বৃদ্ধিমান সাহা (wk), শুবমান গিল, হাৰ্দিক পাণ্ডিয়া (c), বিজয় শংকৰ, ডেভিদ মিলাৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, আলজাৰী জোচেফ, মহম্মদ ছামি, আৰ চাই কিশোৰ, জোচে লিটল।

আই পি এলৰ এই ছিজনত পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছে তিনিখনকৈ মেচ খেলিছে। দুয়োটা দলে প্ৰথম দুখন মেচত জয়লাভ কৰিছিল যদিও পূৰ্বৰ মেচত পৰাজয়ৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত দুয়োটা দলে এই মেচৰ জৰিয়তে বিজয়ী ট্ৰেকলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব।

ৰঙালাও গুটি পেলাই দিয়ে নেকি? নিদিব, ৰঙালাও গুটিৰ আছে বহু উপকাৰীতা…

বহুতে ৰঙালাও গুটি পেলাই দিয়ে। কিন্তু ৰঙালাও গুটিৰ আছে বহু উপকাৰীতা। কুমলীয়া ৰঙালাও গুটিৰ পকা ৰঙালাও গুটিতকৈ বেছি। জানক কুমলীয়া ৰঙালাও গুটিৰ উপকাৰীতাৰ বিষয়ে…

কুমলীয়া গুটি খোৱাৰ উপকাৰিতা-
আজিকালি মানুহৰ কাম-কাজ, পৰিয়াল আৰু আৰ্থিক চাপ বহু পৰিমাণে বাঢ়িছে যাৰ বাবে তেওঁলোকে প্ৰায়ে উত্তেজনা আৰু হতাশাৰ মাজেৰে দিনবোৰ পাৰ কৰিবলগীয়া হৈছে। কুমলীয়া গুটি ব্যৱহাৰ কৰি মানসিক স্বাস্থ্য উন্নত কৰিব পাৰি, কিয়নো ইয়াত মেগনেছিয়াম থাকে যিয়ে মনক শান্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও কুমলীয়া গুটিত থকা জিংক আৰু ভিটামিন বিৰ জৰিয়তেও মানসিক চাপ আঁতৰাব পাৰে।

আজিকালি বহুতৰে টোপনি কম হোৱাৰ সমস্যা হৈছে, বহু চেষ্টাৰ পিছতো তেওঁলোকে আৰামত শুব নোৱাৰে। এনে পৰিস্থিতিত কুমলীয়া ৰঙালাও গুটিয়ে টোপনি সমস্যা নাইকিয়া কৰিব পাৰে।

কোৰোনা ভাইৰাছ মহামাৰীৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত বহু গুৰুত্ব দিয়া হৈছে যাতে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়। কুমলীয়া ৰঙালাও গুটিত ভিটামিন ই পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ডায়েবেটিছ ৰোগীয়ে কুমলীয়া ৰঙালাও গুটি খাব লাগে । এই বীজত ভিটামিন চি পোৱা যায় যিটোৱে ডায়েবেটিছ ৰোগৰ ঔষধৰ দৰে কাম কৰে। ইয়াৰ ফলত তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত সহায়ক হয়।

মৰিগাঁৱৰ লাহৰীঘাটত মষ্ট ৱাণ্টেট চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটত মষ্ট ৱান্টেট চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। ধৃত চাইবাৰ অপৰাধীটোৰ নাম আজাহাৰুল ইছলাম।

চাইবাৰ সংক্ৰান্তীয় কেইবাটাও গোচৰত অভিযুক্ত আজাহাৰুলে আদালতৰ পৰা জামিন লাভ কৰি লাহৰীঘাট থানাত হাজিৰ হোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰা হয়।

অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তৎপৰতাত আন গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয়।
আনৰ পান কাৰ্ড, আধাৰকাৰ্ড লিংক কৰি ভূৱা পৰিচয়ৰে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাখে লাখে ধন সৰকাই আহিছিল ধৃত আজাহাৰুলে।

শেহতীয়াভাৱে দিল্লীৰ আনৰ নামত জালিয়াতিৰে ঋণলৈ অগাধ সম্পত্তিৰ ঘটা আজাহাৰুলে শেহতীয়াভাৱে দিল্লীৰ সুৰেশ চন্দ্ৰ নামৰ এজন ব্যক্তিৰ নামত ১৩ লাখ টকাৰ ঋণ লৈছিল।

এনেদৰে জালিয়তিৰে অগাধ ধন সম্পত্তিৰ মালিক হোৱা চাইবাৰ আজাৰুলৰ বিৰুদ্ধে লাহৰীঘাট থানাৰ ৮৬/২৩ নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
-খাইৰুল ইছলাম, লাহৰীঘাট

সলনি কৰা হ’ল তাৰিখ, ১৪ এপ্ৰিলৰ পৰিবৰ্তে ১৩ এপ্রিলতহে হ’ব বিহুৰ বিশ্ব অভিলেখ

১৪ এপ্ৰিল নহয়, ১৩ এপ্ৰিলত হ’ব বিহুৰ বিশ্ব অভিলেখ। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “গীনিজ বকু অব ৰেকৰ্ডৰ অনুষ্ঠান ১৪ এপ্রিলত নহয়, ১৩ এপ্রিলতহে হ’ব। কাইলৈ সন্ধিয়া ৫.৩০ৰ পৰা ৬.৩০ বজাৰ ভিতৰত গিনিজ ৱাৰ্ল্ড ৰেকৰ্ডৰ বাবে নাচিব বিহুৱা-বিহুৱতীয়ে”।

আনহাতে ১৩ এপ্রিলত সৰুসজাইত প্রৱেশৰ বাবে নালাগে কোনো পাছ।

মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে ৰাজ্য চৰকাৰে দুটাকৈ ৰেকৰ্ডৰ বাবে লক্ষ্য স্থিৰ কৰিছে। এটা হ’ব বিহু নাছ আৰু আনটো ঢোলৰ।

প্রধানমন্ত্রীৰ উপস্থিতিত বিহুৱা-বিহুৱতী সকলে প্রমাণ পত্র লাভ কৰিব ১৪ এপ্রিলত। উক্ত দিনটোতহে কলাক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা পাছ ব্যৱহাৰ কৰি প্ৰৱেশ কৰিব পাৰিব জনতাই।

আনহাতে বিহুৱা-বিহুৱতীসকলক ২৫ হাজাৰকৈ টকা দিব চৰকাৰে। ৰিজাৰ্ভত থকা নাচনী-ঢুলীয়াকো দিয়া হ’ব ২৫ হাজাৰকৈ টকা।

তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকক টেবলেট বিতৰণ

ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি জৰিয়তে সমগ্ৰ ৰাজ্যতে উন্নয়ন আৰু দ্ৰুতগামী তথা গুণগত শিক্ষাৰ মানদণ্ডৰে আধুনিক বৈদ্যুতিক মাধ্যমৰ যোগে শিক্ষা খণ্ডক আগুৱাই লৈ যাবলৈ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক টেবলেট প্ৰদান কৰা হৈছে।

আজি তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলক তামুলপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাঙ্গণত এক সভা অনুষ্ঠিত কৰি টেবলেট বিতৰণ কৰা হয়।

আজি অনুষ্ঠিত টেবলেট বিতৰণ সভাখনত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰুঞ্জয় খুংগুৰ ব্ৰহ্মৰ লগতে তামুলপুৰ শিক্ষা খণ্ডৰ ছিআৰচিচি তথা শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে৷

-প্ৰসাদ দাস, তামুলপুৰ

ওদালগুৰিৰ প্ৰগতিশীল কৃষক চতেন্দ্ৰ বসুমতাৰীৰ কৃষি উদ্যান পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াৰ

ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই আজি ওদালগুৰি জিলাত উপস্থিত হৈ জিলা খনৰ অন্তৰ্গত বৈগ্ৰীগুৰি গাঁৱৰ প্ৰগতিশীল কৃষক চতেন্দ্ৰ বসুমতাৰীৰ সমন্বিত কৃষি উদ্যানখন পৰিদৰ্শন কৰে।

প্ৰায় ৩.৫০ বিঘা মাটিত খেতি কৰা ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন কৰি ৰাজ্যপাল কটাৰিয়াই কৃষক চতেন্দ্ৰ বসুমতাৰীক ভূয়সী প্ৰশংসা কৰে।

ৰাজ্যপাল গৰাকীয়ে কৃষক জনৰ সৈতে মত বিনিময় কৰি দিহা পৰামৰ্শও আগবঢ়ায়।

উল্লেখযোগ্য যে কৃষকগৰাকীয়ে ড্ৰেগন ফলৰ লগতে প্ৰায় ৮ বিঘা মাটিত তামোলৰ বাগিচা, ষ্ট্ৰ’বেৰী ৫ বিঘা মাটিত আৰু প্ৰায় ২২ বিঘা মাটিত ধান খেতি কৰি বছৰি ৭ লাখৰ পৰা ৮ লাখ টকা উপাৰ্জন কৰে।

তেখেতে National Bee keeping and Honey Missionৰ অধীনত মৌপালন কৰিবলৈও আৰম্ভ কৰিছে।


সমান্তৰালভাৱে খেতিৰ লগতে তেওঁ তামোলৰ পুলি আৰু ড্ৰেগন ফলৰ পুলি নিজে প্ৰস্তুত কৰি ৰাইজিং নাৰ্চাৰী এখনো নতুনকৈ সংলগ্ন কৰিছে।

ৰাজ্যপাল কটাৰিয়াৰ লগতে তেখেতৰ সহধৰ্মিনী অনিতা কটাৰিয়াই ড্ৰেগন ফলৰ বাগিচা পৰিদৰ্শন কৰি আপ্লুত হয়।

-অৰূপ বড়ো, টংলা