Home Blog Page 1694

কাছাৰ জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিল

সূত্ৰ অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনা ৯.১৫ বজাতে গণিতৰ প্ৰশ্নকাকত ভাইৰেল হয়৷

প্ৰশ্নকাকতখনৰ কেইখনমান ছবিও ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱাৰ লগতে কাছাৰৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা কাকতখন ফাদিল হোৱা বুলি কোৱা হৈছে।

অৱশ্যে কাছাৰ শিক্ষা বিভাগে এতিয়াও কাগজ ফাদিল হোৱা ঘটনা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

উল্লেখযোগ্য যে পৰীক্ষাৰ প্ৰথম দিনাই বৰপেটা জিলাৰ পৰা ইংৰাজী ভাষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি চৰ্চা চলিছিল।

এই সন্দৰ্ভত মন্তব্য কৰি ছেবাৰ সম্পাদক তথা পৰীক্ষা নিয়ন্ত্ৰক নৰনাৰায়ণ নাথে এই দাবী খণ্ডন কৰি সংবাদ মাধ্যমৰ বাতৰিক মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰিছিল৷

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া।সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাৰ প্ৰেছ বিজ্ঞপ্তি…

সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থা প্ৰেছ বিজ্ঞপ্তি
প্ৰেৰক:সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থা
স্থান:ডিব্ৰুগডৰ গৰাখহনী স্থলী
১)১৯৫৫-৫৬চনত ডিব্ৰুগড মাইজানৰ পৰা মোহনাঘাটলৈকে ৯.৬০ কি.মি. মথাউৰী নিমাণ কৰা হৈছিল ।আৰু সমান্তৰাল ভাবে নদীৰগতি বিধি নিৰিক্ষণ কৰি সেই সময়ত অভিযন্তা সকলে প্ৰযোজন সাপেক্ষে খৰালি মাহতেই নদীৰ মাজত বাহঁৰ পাৰকোপাইন ,পেলেচাইদিং আদি নোমান কৰি থলুৱা পদ্ধতিৰে মথাউৰী পাৰলৈ বালিৰ চৰ বোৱাই অনাৰ ব্যাৱস্থা কৰিছিল,যাৰ ফলত প্ৰায়২০০৫-০৬চন মানলৈকে ডিব্ৰুগডত বানপানী অথবা গৰাখহনীয়াই বিশেষ সমস্যাৰ সৃষ্টি কৰা নাছিল। উল্লেখনীয় যে এই সকলো বিলাক কাম বিভাগীয় বিষয়া আৰু থলুৱা ঠিকাদাৰ সকলেই কৰিছিল।

২)পৰবওী ২০১২চন মানৰ পৰা মাইজানৰ পৰা উজনি অংশত গৰাখহনীয়া সমস্যাই দেখা দি ২০১৫ চমত প্ৰথম বাৰৰ বাবে ডিব্ৰুগড চহৰ খন ব্ৰক্ষ্মপুতৰ পানীয়ে প্লাবিত কৰি ভয়ানক পৰিস্হিতি সৃষ্টি কৰে।এই পৰিপেক্ষিততে অ’কলেণ্ড বাগিচা আৰু নগাঘূলি অন্ লত প্ৰায়৯.১০ কি.মি. মথাউৰী আৰু৪/৫টা মান protection work আৰু শৈল আৰু কাঠৰ স্পাৰ বনোৱা হল যদিও নদীৰ গতি সলনি হোৱাৰ পৰিপেক্ষিত সময়পযোগী ব্যৱস্হা গ্ৰহনৰ অভাৱ,চৰকাৰৰ অনীহা মনোভাৱ আৰু একাংশ চৰকাৰী উদ্ধতম বিয়যা অদুৰদশী কায্য ব্যৱস্থাৰ বাবেই প্ৰতি বছৰেই চহৰখনৰ প্ৰতি ভাবুকি আহিবলৈ ধৰিলে।


বিশেষকৈ স্থানীয ভূক্তভুগী ৰাইজৰ স্বাথতকৈ একা্ংশ পুজিপতি ঠিকাদাৰ আৰু কোম্পনিৰ স্বাথক অধিক গুৰুত্ব গ্ৰহন কৰা প্ৰতিৰোধ ব্যৱস্হাৰ ফলশ্ৰুতিত ২০১২ চন মানৰ পৰাই ধাৰাবাহিক ভাবে ডিব্ৰুগড বাসীয়ে প্ৰতিটো বাৰিষাৰ সময়ত আতংকময় জীৱন অতিবাহিত কৰিব লগা হৈছে।‍
৩)চৰকাৰ আৰু জলসম্পদ বিভাগৰ এটা গতানুগতিক ধাৰনা হবলৈ ধৰিলে যে বাৰিষা মাহৰ লগে লগে মথাউৰী খহনীয়া হবই।সেয়েহে জল সম্পদ বিভাগে বৃহত পুঁজিপতি আৰু বহুজাতিক কোম্পানীৰ পৰা কোটি কোটি টকাৰ জিঅ বেগ আৰু পাকপাইন মজুত কৰি ৰাখিব আৰু বাৰিষা সুজুগ অহা লগে লগে কোটি কোটি টকীয়া জিঅ বেগ আৰু পাকুপাইন বিলাক নিজা মুনাফা আদায় কৰিব।
৪)যি কেইখন আচঁনি কেইজন মান মুষ্টিমেয় ঠিকাদাৰ আৰু বহুজাতিক কোম্পোনীক তথা কথিত ৩ মাহ কামৰ সময় সীমা বান্ধি দি কামৰ দ্বাযিত্ব দিয়া হৈছে যদিও ৩ বছৰেও কাম সম্পুন নহয়,অথচ অদৃশ্য শক্তিৰ প্ৰভাৱত সেই সকল ঠিকাদাৰ অথবা কোম্পানীৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে জল সম্পদ বিভাগে।সময় মতে কাম আদায় দিব নোৱাৰা অপৰাধত বৃহত পুঁজিপতি আৰু বহুজাতিক কোম্পানীক দিযা কামৰ এইয়াই নমুনা।
৫)বাৰিষাৰ প্ৰবল জল ধাৰা আৰম্ভ হোৱাৰ আগেয়ে হঠাত কৰ পৰা অহা পানীয়ে ২টা স্পাৰৰ মাজত ইমান প্ৰবল চাকনৈয়া সৃষ্টি কৰি ডিব্ৰুগডবাসীক আতংকময় পৰিস্থিতিলৈ ঠেলি দিছে সি আজিৰ তাৰিখত সাধাৰনৰ মাজত এটা প্ৰশ্ন হৈছে?সাধাৰনতে বাৰিষা শেষ হোৱাৰ সময়ত এনে গৰাখহনীয়া হোৱাটো অস্বাভাবিক নহয়।কিন্ত বাৰিষা আৰম্ভ হোৱাৰ আগেয়ে হোৱা এনে পৰিস্থিতি অস্বাভাবিক।
এই ক্ষেএত আমাৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰে এটা কথা স্পষ্ট কৰিব বিচাৰো যে কোনোবা নহয় কোনোবা ওখ ঠাইৰ মাজেৰে বৈ যোৱা জলধাৰাই হঠাত নিয়ন্ৰ হেৰুৱাই পাৰভাঙি অহা পানীয়ে স্বাভাবিকতে দ’ঠাইলৈ(low land) বৈ আহিলে এনে পৰিস্থিতি হোৱা সম্ভাৱনা থাকে।এই ক্ষেত্রত আমি জানিব পৰা মতে ln land water Authoriy of India(I.W.A.I)বিভাগে এম.ভি. বিলাস নামেৰে বৃহত আকাৰৰ জাহাজখন ডিব্ৰুগড বগীবিলৰ পৰা উজনীলৈকে লৈ যোৱাৰ বাবে ব্ৰক্ষ্মপুত্রৰ চৰৰ মাজেৰে বৈ যোৱা এটা নলাক অস্হায়ী প্ৰতিৰোধ ব্যৱস্থা কৰিছিল যদিও নলাটোৱে হঠাত প্ৰতিৰোধ ক্ষমতা হেৰুৱা ফলতে পাৰ ভাঙি অহা পানী স্বাভাবিকতে দ’ঠাইলৈ হঠাত মথাউৰী পাৰলৈ বৈ আহি ২টা স্পাৰৰ মাজত বৃহত চাকনৈয়াৰ সৃষ্টি কৰুব পাৰে যাৰ বাবে দ’ঠাইত অৱস্থিত মথাউৰিটোৰ প্ৰতি ভাবুকি অহাটো তেনেই স্বানবাবিক।এতিয়া আমাৰ প্ৰশ্ন— যিহেতুকে বানপানী অথবা গৰাখহনীয়াৰ বাবে জলসম্পদ বিভাগহে ৰাইজৰ ওচৰত জৱাবদেহী,তেনে স্হলত নীতি অনুযায়ী ব্ৰক্ষ্মপুত্র নদীৰ চৰৰ মাজেদি বৈ যোৱা নলাটো প্ৰতিৰোধ কৰি বৃহত জলধাৰা সৃষ্টি কৰাৰ আগেয়ে l.W.A.I বিভাগে জলসম্পদ বিভাগৰ পৰা আগতীয়াকৈ আপত্তি বিহিন প্ৰমান পত্র(NOC)লৈছিলনে?যদি লোৱা নাছিল তেন্তে ৰাজ্য জল সম্পদ বিভাগতোৱে কিয় প্ৰতিবাদ অথবা ব্যৱস্হা লোৱা নাছিল?আৰু যদি লৈছিল,তেন্তে কিহৰ ভিত্তিত জল সম্পদ বিভাগে ভুত ভবিষ্যতৰ কথা চিন্তা নকৰাটোয়ে চকু মুদি এনে প্ৰমান পত্র প্ৰদান কৰিছিল।


ইয়াৰ বাবে যি কোনো কাৰনতেই নহও কিয় জল সম্পদ বিভাগহে ৰাইজৰ ওচৰত জবাবদেহী হব লাগিব।
সদৌ শেষত আমাৰ অভিজ্ঞতাৰে জল সম্পদ বিভাগখব বিচাৰো যে কেবল বৃহত কোম্পানীৰ পৰামশ লোৱাতকৈ অসমৰ অৱসৰ প্ৰাপ্ত অভিজ্ঞ অভিযন্তা সকলৰ পৰা পৰামশ লৈ থলুৱা আৰ আধুনিক প্ৰযুক্তি প্ৰযোগ কৰি আঁচনি গ্ৰহন কৰক।এনে অভিজ্ঞ অৱসৰ প্ৰাপ্ত অভিযন্তা সমগ্ৰ অসমতে আনকি ডুব্ৰুগডটো আছে।আৱশ্যক হলে আমি দেখুৱাই দিম।

ইতি
মুঁহি বৰগোঁহাই ,সভাপতি ।সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থা বিশ্বজিত বৰা, সম্পাদক ডিব্ৰুগড জল সম্পদ টিকাদাৰ সন্থা

কলিয়াবৰত নগাঁও আৰক্ষীয়ে জব্দ কৰিছে ২০ কোটি টকাৰ হেৰ’ইন,এজন আটক

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ আন এক বৃহৎ অগ্ৰগতি৷ ৫ মাৰ্চত কলিয়াবৰৰ জখলাবন্ধাত নিশা অভিযান চলাই ১৮ কেজি হেৰ’ইন জব্দ কৰা হয়।

খবৰ অনুসৰি নাগালেণ্ডৰ পৰা হোণ্ডা চিটি গাড়ীত অনা হৈছিল এই ড্ৰাগছ। নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু জখলাবন্ধাৰ ভাৰপ্ৰাপ্ত প্ৰভাৰী পৱন কলিতাৰ নেতৃত্বত চলা অভিযানত এই ড্ৰাগছখিনি জব্দ কৰে।

আৰক্ষীয়ে হোণ্ডা চিটিৰ বাহনখনৰ চালককো গ্ৰেপ্তাৰ কৰিছে। এই পৰ্যন্ত তেওঁৰ পৰিচয় প্ৰকাশ হোৱা নাই। পশ্চিম বংগত পঞ্জীয়নভুক্ত বাহনখনত যোগান ধৰা ড্ৰাগছৰ মূল্য চোৰাং বজাৰত ২০ কোটি টকাৰ ওপৰত হ’ব।

ইয়াৰ পূৰ্বেও ৪ মাৰ্চত বঙাইগাঁও ৰে’লৱে আৰক্ষীৰ এটা দলে দিল্লী অভিমুখী ব্ৰহ্মপুত্ৰ মেইলৰ পৰা বঙাইগাঁও ৰে’ল ষ্টেচনত ১.৭২ কোটি (প্ৰায়) মূল্যৰ ড্ৰাগছৰ জব্দ কৰিছিল।

‘মই তোমাক বিচাৰি ফুৰিছো তুলিকা, তুমি ক’ত আছা?’ শিৱসাগৰৰ নামতিৰ গাহৰিচোৱা বাৰীত নিৰুদ্দেশ এগৰাকী বোৱাৰী…

শিৱসাগৰৰ আমগুৰি নামতিৰ গাহৰিচোৱা বাৰীত নিৰুদ্দেশ এগৰাকী বোৱাৰী। ৬ বছৰীয়া কন্যা সন্তানক এৰি নিৰুদ্দেশ হোৱা পত্নী সন্দৰ্ভত স্বামীয়ে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।’মই তোমাক বিচাৰি ফুৰিছো তুলিকা, বিচাৰি ফুৰিছো অ’; তুলিকা অ’ তুমি ক’ত আছা । তুমি যতেই আছা সোনকালে ঘৰলৈ গুচি আহা।ঘৰত লৰাজনীয়েও বহুত বিচাৰি ফুৰিছে আৰু ময়ো বিচাৰি ফুৰিছো।’ শিৱসাগৰৰ আমগুৰি নামতিৰ গাহৰিচোৱা বাৰীত নিৰুদ্দেশ বোৱাৰী । পত্নী নিৰুদ্দেশ হোৱাত শোকত ভাগি পৰিছে স্বামী ।এনেদৰে স্বামীয়ে নিৰুদ্দেশ হোৱা নিজ পত্নীক বিচাৰি হাবাথুৰি খাইছে।


শিসাগৰৰ হালোৱাটিং আৰক্ষী থানা অন্তৰ্গত নামতি গাহৰিচোৱা বাৰীৰ পিংকু লাহন নামৰ যুৱক জনৰ পত্নী ভাৰতী লাহন ওৰফে তুলিকাই ৬ বছৰীয়া কন্যা সন্তানক এৰি যোৱা ৪ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে । স্বামী পিংকু লাহনে বিভিন্ন ঠাইত বিচাৰিছে যদিও পত্নীৰ কোনো সম্ভেদ বিচাৰি উলিয়াব পৰা নাই । উপায়হীন হৈ স্বামী পিংকু লাহনে ৬ বছৰীয়া কন্যা সন্তানক এৰি নিৰুদ্দেশ হোৱা পত্নীৰ সন্দৰ্ভত হালোৱাটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । এতিয়া পত্নী ভাৰতী লাহনক বিচাৰি স্বামী পিংকু লাহনে হুক হুকাই কান্দি উঠিছে । কোনো সদাশয় লোকে যদি এই বিবাহিতা মহিলা গৰাকীৰ সম্ভেদ পাই তেনেহলে 84149-79180 নম্বৰত স্বামীয়ে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

শ্বুটিংৰ সময়ত দুৰ্ঘটনা পতিত এ আৰ ৰহমানৰ পুত্ৰ এ আৰ আমিন…

শেহতীয়াকৈ চেটত এটা গীতৰ শ্বুটিংৰ সময়ত দুৰ্ঘটনা পতিত হয় এ আৰ ৰহমানৰ পুত্ৰ এ আৰ আমিন। দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পোৱা এ আৰ ৰহমানৰ পুত্ৰ এ আৰ আমিন চেটত থকা নিৰাপত্তাৰ মানদণ্ডক লৈ ক্ষুব্ধ হৈ পৰিছে।এ আৰ ৰহমানে এক বিবৃতি জাৰি কৰি কয় যে, “কিছুদিন পূৰ্বে মোৰ পুত্ৰ এ আৰ আমিন আৰু তেওঁৰ ষ্টাইলিং টিম এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। ভগৱানৰ কৃপাত ফিল্ম চিটিৰ কোনো লোক আহত হোৱা নাছিল এই দুৰ্ঘটনাটোত।

ইয়াৰ পূৰ্বে ইনষ্টাগ্ৰামৰ এটা দীঘলীয়া কেপচনত তেওঁ প্ৰকাশ কৰিছিল যে গীতটোৰ শ্বুটিঙৰ সময়ত ক্ৰেনত লগোৱা চেটটোৰ চেণ্ডেলিয়াৰটো মাটিত পৰি প্ৰায় ছিন্নভিন্ন হৈ পৰিছিল। আমিনে আঘাত নাপালেও বহুত ভয় খাই!

এই সময়ছোৱাত কিছু ছবি শ্বেয়াৰ কৰি আমিনে লিখিছে, “আজি মই সুৰক্ষিত, মোৰ পিতৃ-মাতৃ, পৰিয়াল, শুভাকাংক্ষী আৰু মোৰ আধ্যাত্মিক গুৰুৰ ওচৰত ধন্যবাদ। মই এটা গীতৰ শ্বুটিং কৰি থকা সময়ত মঞ্চৰ ওপৰত ক্ৰেনৰ সহায়ত সজোৱা হৈছিল এটা লোৰ কাঠামো আৰু ঝুমৰ।তলত অভিনয় কৰি থকাৰ সময়তে হঠাৎ লোহাৰ কাঠামোসহ ঝুমৰসমূহ খহি পৰে। অলপতে বাছে তেওঁলোক! তেওঁ বহুতো ভয় খাই। কথমপি প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ।


‘অহা ২-৩ বছৰত পাকিস্তানে দখল কৰা কাশ্মীৰ ভাৰতৰ অংশ হ’ব’- বিজেপি নেতা কমল গুপ্তা

ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰাতক লৈ কমল গুপ্তাই কয় যে কেৱল বিজেপিয়েহে ভাৰতক ‘বিশ্ব গুৰু’ কৰি তুলিব পাৰে। হাৰিয়ানাৰ কেবিনেট মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা কমল গুপ্তাই দেওবাৰে কয় যে পাকিস্তাৰ দখলত থকা কাশ্মীৰ অহা ২-৩ বছৰৰ ভিতৰত যিকোনো সময়তে ভাৰতৰ অংশ হ’ব পাৰে। ৰোহটকৰ হাৰিয়ানাৰ নগৰীয়া স্থানীয় সংস্থা মন্ত্ৰী কমল গুপ্তাই ৰোহটকৰ ব্যৱসায়ীসকলে আয়োজন কৰা এক অনুষ্ঠানত এই মন্তব্য কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ কয়, “২০১৪ চনৰ আগতে আমি শক্তিশালী নাছিলো, কিন্তু এতিয়া আমি শক্তিশালী হৈ পৰিছো। পাকিস্তানে আমাৰ ভূখণ্ডক দখল কৰিছে।

তেওঁ লগতে কয় যে অহা দুই-তিনি বছৰৰ যিকোনো মুহূৰ্ততে প’কে ভাৰতৰ অংশ হৈ পৰিব আৰু এই কাম কেৱল পিএম মোদীৰ অধীনতহে কৰা হ’ব। ‘জয়চান্দ’ৰ ৰেফাৰেন্স দি আইট ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰাৰ বাবে বিৰোধীক আক্ৰমণ কৰে।

ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰাক ঠাট্ৰা কৰি কমল গুপ্তাই কয় যে কেৱল বিজেপিয়েহে ভাৰতক ‘বিশ্ব গুৰু’ কৰি তুলিব পাৰে। তেওঁ লগতে কয়, “ভাৰতক একত্ৰিত কৰাৰ কথা কোৱাসকল, দেশ ভংগ কৰা একেই মানুহ। ভাৰতক যদি কোনোবাই বিশ্ব গুৰু কৰি তুলিব পাৰে তেন্তে সেয়া হ’ল বিজেপি।”


পিম্পলে মুখৰ সৌন্দৰ্য্য নষ্ট কৰিছে নেকি? চিন্তাৰ কোনো কাৰণ নাই ! এই তিনিটা বস্তু খাওক…

কিশোৰকালত প্ৰায়ে মুখত পিম্পলছ দেখা দিয়ে, যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্ন ব্যৱস্থা লওঁ, কিন্তু তাৰ ফলাফল হে নাপাও, এনে পৰিস্থিতিত আপুনি কিছুমান বিশেষ পানীয় খাব পাৰে। যদি মুখত অধিক পিম্পলছ আহিবলৈ আৰম্ভ কৰে, তেন্তে পিছত ই ক’লা দাগলৈ পৰিণত হয়, যাৰ ফলত মুখৰ সৌন্দৰ্য্যত অতি বেয়া প্ৰভাৱ পৰে। কিন্তু আতংকিত হোৱাৰ প্ৰয়োজন নাই। এই সমস্যা অতি সোনকালে দূৰ কৰিব পৰা যাব-

এন্টি পিম্পলছ ড্ৰিংকে সকাহ দিব

মুখত অহা ফোঁহাৰ বাবে আপুনি Anti Pimples Drinks খাব পাৰে, যদি দৈনিক সেৱন কৰে, তেন্তে পিম্পলছ, দাগ আৰু ব্ৰণৰ দৰে সমস্যাৰ পৰা সোনকালে উপশম পাব।

১/ সেউজীয়া চাহ আৰু নেমু

গ্ৰীণ টিক প্ৰায়ে ওজন কমাব পৰা ৰেচিপি বুলি গণ্য কৰা হয় যদিও নেমুৰ লগত খালে ছালৰ বাবেও উপকাৰী হ’ব পাৰে। গ্ৰীণ টি প্ৰস্তুত কৰাৰ পিছত তাত নেমুৰ ৰস চেপি ফিল্টাৰ কৰি খাওক। গ্ৰীণ টিত থকা অক্সিডেন্ট আৰু নেমুত থকা ভিটামিন চিয়ে ছাল পৰিষ্কাৰ কৰে, যাৰ বাবে পিম্পলছ সোনকালে নাইকিয়া হয়।

২/ আমলখি আৰু আদা

আমি চুলিৰ উন্নত স্বাস্থ্যৰ বাবে আমলখি ব্যৱহাৰ কৰো, কিন্তু ইয়াত উপস্থিত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে ব্ৰণ সৃষ্টিকাৰী বীজাণু আঁতৰোৱাত সহায় কৰে। আমলখিৰ ৰস আৰু আদা মিহলাই খালে দাগবোৰ আঁতৰোৱাই নহয়, ছালত এক আচৰিত জিলিকনিও দিয়ে।

৩/ নিম আৰু মৌ

আমি সকলোৱে নিমৰ ঔষধি গুণৰ বিষয়ে সচেতন, এই গছৰ প্ৰতিটো অংগ আমাৰ শৰীৰৰ বাবে উপকাৰী। নিম পাতৰ পৰা এণ্টি বেক্টেৰিয়েল ড্ৰিংক প্ৰস্তুত কৰিব পাৰে আৰু যদি খাই তেন্তে ব্ৰণ স্বাভাৱিকতে নাইকিয়া হ’বলৈ আৰম্ভ কৰে। যিহেতু নিম বৰ তিতা হয়, গতিকে পানীয়ত মৌ মিহলাই খাব লাগে।

ভাৰতীয় ৰে’লৱেই ২১ মাৰ্চ পৰা উত্তৰ-পূবলৈ ভাৰত গৌৰৱ ট্ৰেইনৰ শুভাৰম্ভ কৰিব

ভাৰতীয় ৰে’লৱেই ২১ মাৰ্চ ২০২৩ ত উত্তৰ-পূবলৈ ভাৰত গৌৰৱ ট্ৰেইনৰ শুভাৰম্ভ কৰিব।এই বিশেষ ভ্ৰমণে উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ভ্ৰমণৰ সুযোগ প্ৰদান কৰিব।এই ৰে’লখন হব ১৫৬ জন পৰ্যটকৰ সুবিধাৰ সৈতে অত্যাধুনিক ডিলাক্স এচি টুৰিষ্ট ট্ৰেইন।ভাৰতীয় ৰে’লৱেই ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনৰ জৰিয়তে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি বিশেষভাৱে প্ৰস্তুত কৰা ভ্ৰমণ “নৰ্থ ইষ্ট ডিস্কভাৰী: বিয়ণ্ড গুৱাহাটী” শুভাৰম্ভ কৰিবলৈ সিদ্ধান্ত কৰিছে। এই ট্ৰেইন টুৰ ২১ মাৰ্চ, ২০২৩ত দিল্লী ছফদৰজং ৰে’লৱে ষ্টেচনৰ পৰা আৰম্ভ হ’ব আৰু ১৫ দিনীয়া ভ্ৰমণত অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জি সামৰি ল’ব।১৪টা নিশা আৰু ১৫টা দিনজোৰা, এই ট্ৰেইন প্ৰথম ৰখোৱা হ’ব গুৱাহাটীত য’ত পৰ্যটকসকলে কামাখ্যা মন্দিৰ ভ্ৰমণ কৰিব আৰু তাৰ
পাছত উমানন্দ মন্দিৰ ভ্ৰমণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰত এক সূৰ্যাস্ত ক্ৰুইজ কৰিব। ইয়াৰ পাছত ট্ৰেইনখন গোটেই নিশাজুৰি নাহৰলগুন ৰে’লৱে ষ্টেচন অভিমুখে ৰাওনা হ’ব যি পৰৱৰ্তী গন্তব্য তথা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা ৩০ কিঃমিঃ নিলগত। ইয়াৰ পাছত যাবলগা নগৰখন হৈছে শিৱসাগৰ- অসমৰ উত্তৰাংশত থকা আহোম সাম্ৰাজ্যৰ প্ৰাচীন ৰাজধানী। অন্যান্য ঐতিহাসিক স্থানসমূহৰ উপৰিও শিৱসাগৰত থকা বিখ্যাত শিৱ
মন্দিৰ, শিৱদৌল আদি এই যাত্ৰাৰ অংশ হিচাপে থাকিব।

তদুপৰি যোৰহাটৰ চাহ বাগিছাবিলাক আৰু কাজিৰঙাত এৰাতি থাকি পুৱা সোনকালেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জাংগল ছাফাৰিৰ অভিজ্ঞতা ল’ব পৰ্যটকসকলে।ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনখন তাৰপাছত ফৰকাটিং ৰে’লৱে ষ্টেচনৰ পৰা ত্ৰিপুৰা অভিমুখে ৰাওনা হ’ব য’ত বিখ্যাত ঐতিহ্য ক্ষেত্ৰ উনাকোটি আৰু আগৰতলা চোৱাৰ লগতে প্ৰসিদ্ধ উজ্জয়ন্ত প্ৰাসাদ চাব। পাছদিনা, এই যাত্ৰাত উদয়পুৰৰ নীৰমহল প্ৰাসাদ আৰু ত্ৰিপুৰা সুন্দৰী মন্দিৰ সামৰি লোৱা
হ’ব। ত্ৰিপুৰাৰ পাছত, ট্ৰেইনখন নাগালেণ্ড ৰাজ্য ভ্ৰমণৰ উদ্দেশ্যে ডিমাপুৰলৈ ৰাওনা হ’ব। বদৰপুৰ ষ্টেচনৰ পৰা লামডিং জংচনলৈ নৈসৰ্গিক ৰে’ল যাত্ৰাৰ সুখানুভূতি যাত্ৰীসকলে নিচেই পুৱাতে তেওঁলোকৰ আসনৰ পৰাই উপভোগ কৰিব পাৰিব। ডিমাপুৰ ষ্টেচনৰ পৰা পৰ্যটকসকলক বাছেৰে কহিমালৈ নিয়া হ’ব য’ত খনমা গাঁৱত নাগা জীৱনশৈলীৰ বুজ লোৱাৰ লগতে তাৰ বিভিন্ন স্থান ভ্ৰমণৰ আনন্দ লাভ কৰিব।

তাৰ পাছত ট্ৰেইনখন গুৱাহাটীলৈ আহিব আৰু পৰ্যটকসকলক মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ স্থলপথেৰে নিয়াৰ পথত প্ৰখ্যাত উমিয়াম হ্ৰদত ৰোৱা হ’ব। পাছদিনা ইষ্ট খাচী হিলছত থকা চেৰাপুঞ্জিলৈ যাত্ৰা কৰা হ’ব। সেইদিনাৰ স্থান দৰ্শনৰ ভিতৰত থাকিব শ্বিলং পীক, এলিফেণ্ট ফলছ, নওখালিকাই ফলছ আৰু মওছমাই গুহা আদি। চেৰাপুঞ্জিৰ পৰা পৰ্যটকসকল গুৱাহাটী ষ্টেচনলৈ উভতি আহিব আৰু দিল্লীলৈ ওভতনি যাত্ৰা আৰম্ভ কৰিব। এই সমগ্ৰ যাত্ৰাত অতিথিসকলে ট্ৰেইনেৰে প্ৰায় ৫৮০০ কিঃমিঃ ভ্ৰমণ কৰিব। আধুনিক ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনখনত দুখন সুন্দৰ ডাইনিং ৰেষ্টুৰেণ্টকে ধৰি এটা আধুনিক ৰন্ধনশালা, ডবাবোৰত শ্বাৱাৰ কিউবিকলছ,ছেন্সৰযুক্ত ধোৱা-পখলাৰ ব্যৱস্থা, ফুট মেছেজাৰ আৰু এটা সৰু লাইব্ৰেৰীৰ সুবিধা আছে। সম্পূৰ্ণৰূপে বাতানুকূল ৰে’লগাড়ীখনত দুইপ্ৰকাৰৰ আৱাসী সুবিধা এচি l আৰু এচি ll প্ৰদান কৰা হৈছে। ৰে’লখনত চিচিটিভি কেমেৰা, ইলেক্ট্ৰনিক ছেফ আৰু প্ৰতিটো ডবাৰ বাবে নিযুক্ত বিশেষ সুৰক্ষা কৰ্মীৰ দৰে নিৰাপত্তাৰ সুবিধা বঢ়োৱা হৈছে। ভাৰত গৌৰৱ পৰ্যটক ৰে’লগাড়ীৰ শুভাৰম্ভ ঘৰুৱা পৰ্যটনক উদগণি যোগাবলৈ ভাৰত চৰকাৰৰ পদক্ষেপ “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” আৰু
“দেখো অপনা দেশ”ৰ অনুৰূপ। এই ভ্ৰমণ এচি 2 টিয়েৰত প্ৰতিজন লোকৰ ১,০৬,৯৯০/- টকা, এচি 1 (কেবিন)ৰ বাবে ১,৩১,৯৯০/- টকা আৰু প্ৰতিজন লোক এচি (কুপ)ৰ বাবে ১,৪৯,২৯০/- টকাৰ পৰা আৰম্ভ হোৱা মূল্য সীমাত আইআৰচিটিচি টুৰিষ্ট ট্ৰেইন ১৫ দিনৰ সম্পূৰ্ণ সমাৱেশী টুৰ পেকেজ হ’ব। ৰে’লগাড়ীখনৰ ভাৰাত সংশ্লিষ্ট শ্ৰেণীত ট্ৰেইন যাত্ৰা, এচি হোটেলত ৰাত্ৰিযাপন, সকলো ধৰণৰ ভোজন (কেৱল শাকাহাৰী), বাছত সকলো যাত্ৰা স্থানান্তৰণ আৰু দৰ্শনীয় স্থল, যাত্ৰা বীমা আৰু গাইডৰ সেৱা অন্তৰ্ভুক্ত হ’ব। যাত্ৰাৰ সময়ত সকলো আৱশ্যকীয় স্বাস্থ্য সম্পৰ্কীয় উপায়ৰ ধ্যান ৰখা হ’ব আৰু আইআৰচিটিচিয়ে অতিথিসকলক এক সুৰক্ষিত তথা স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰয়াস কৰিব।


বৰ্তমান কোভিড ১৯ পৰিদৃশ্যত ৰোগৰ পৰা সুৰক্ষাৰ উপায় সুনিশ্চিত কৰাৰ উদ্দেশ্যে ১৮ বছৰ বা তাৰ ওপৰৰ বয়সৰ অতিথিসকলৰ বাবে পূৰ্ণ টীকাকৰণ (দুপালি লোৱা) হোৱা অনিবাৰ্য। ইয়াৰ উপৰিও, আইআৰচিটিচিয়ে সকলো পৰ্যটকক এটা সুৰক্ষা কিটো প্ৰদান কৰিব, য’ত ফেচ মাস্ক, হাতমোজা আৰু ছেনিটাইজাৰ অন্তৰ্ভুক্ত আছে। সকলো পৰ্যটক আৰু কৰ্মচাৰীৰ তাপমাত্ৰাৰ নিয়মিত পৰীক্ষা, হল্ট ষ্টেচনত বাৰেবাৰে ট্ৰেইন চাফা কৰা, আৰু অন্য সাৱধানতা অৱলম্বন কৰা হ’ব। কৰ্মচাৰীৰ সম্পূৰ্ণ ৰূপে পৰীক্ষা কৰা হ’ব আৰু প্ৰতিবাৰ ভোজন সেৱাৰ পাছত ৰন্ধনশাল আৰু ৰেষ্টুৰেণ্ট চাফা কৰা হ’ব। আইআৰচিটিচিয়ে বৃহৎ সংখ্যাৰ বাবে এই পেকেজ অধিক আকৰ্ষণীয় তথা লাভজনক কৰি তোলাৰ উদ্দেশ্যে পেটিএম আৰু ৰেজৰপে’ পেমেণ্ট গেটৱেৰ সৈতে চুক্তি কৰিছে যাতে মুঠ পৰিশোধ ক্ষুদ্ৰ ধনৰাশিৰ ইএমআইলৈ সলনি কৰিবলৈ ইএমআই পৰিশোধৰ বিকল্প উপলব্ধ কৰাব পৰা যায়। অধিক জানিবৰ বাবে আপুনি আইআৰচিটিচিৰ ৱেবছাইট: https://www.irctctourism.comত লগ অন কৰিব পাৰে।

শুবলৈ মানুহে ছুটী লৈছে! ইয়াৰ কাৰণ জানিলে আচৰিত হ’ব…

টোপনিৰ পৰ্যটনৰ বিষয়ে আজিকালি প্ৰায়ে চৰ্চা চলিছে। সুস্থতা পৰ্যটনৰ নতুন শাখা হিচাপে ইয়াৰ চাহিদা আৰু জনপ্ৰিয়তা দুয়োটা বিশ্বতে বৃদ্ধি পাইছে। ইয়াৰ আঁৰৰ কাৰণে আপোনাক আচৰিত কৰি তুলিব। আমেৰিকাত চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনে (চিডিচি) অপৰ্যাপ্ত টোপনি ‘জনস্বাস্থ্যৰ সমস্যা’ বুলি ঘোষণা কৰিছে। ইউৰোপৰ বৃহৎ দেশসমূহৰ লগতে টোপনি নধৰা এই সমস্যাই জাপান, কানাডা আদি বহু দেশৰ জনসাধাৰণকো অশান্তি দিছে। সেয়ে সুস্থ টোপনিৰ বাবে পৰ্যটন উদ্যোগটো উত্থান ঘটিছে।

টোপনিৰ পৰ্যটনৰ কাৰণ-

ব্যৱসায়ীসকলে টোপনিৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো নতুন ধাৰা নহয়। বছৰৰ পিছত বছৰ ধৰি টোপনিৰ প্ৰযুক্তিৰ বিনিয়োগ বৃদ্ধি পোৱাৰ লগে লগে টোপনিৰ পৰ্যটনও বৃদ্ধি পাইছে। আজি বিমানবন্দৰত টোপনিৰ পড, হোটেলত বিলাসী শোৱা ছুইট, আৰু মানুহে ভাল টোপনিৰ সন্ধানত পৃথিৱী ভ্ৰমণ কৰি আছে। একে সময়তে জাৰ্নেল অৱ ক্লিনিকেল স্লিপ মেডিচিনত প্ৰকাশিত এক অধ্যয়নত ৭৫ শতাংশ লোকৰ অনিদ্ৰাৰ অভিযোগ পোৱা গৈছে। এনে পৰিস্থিতিত যেতিয়া সঠিক টোপনিৰ চাহিদা বাঢ়িছে, তেতিয়া এই উদ্যোগটোও উত্থান ঘটিছে।

টোপনিৰ কৰি তোলাত সহায়ক হোৱাকৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। এক সমীক্ষা অনুসৰি ২০২৩ চনত বহু লোকে কেৱল সঠিক টোপনিৰ বাবেহে যাত্ৰা কৰি আছে।

টোপনি পৰ্যটন কি?

টোপনিৰ পৰ্যটনৰ অৰ্থ হ’ল এনে এটা ছুটীৰ য’ত আপোনাৰ ভ্ৰমণ, খাদ্য বা ফূৰ্তি কৰাতকৈ বৰঞ্চ সঠিক টোপনি যোৱাতোহে ইয়াৰ প্ৰধান উদ্দেশ্য। ইয়াত আপোনাৰ থকাৰ ঠাইৰ পৰা আৰম্ভ কৰি সকলো কাম-কাজলৈকে সকলো কাম এটা ভাল ৰাতিৰ বিশ্ৰাম অনুসৰি পৰিকল্পনা কৰা হয়। এই পৰ্যটনৰ বিষয়বস্তুৰ কথা কওতে গ্ৰাহকৰ টোপনিৰ মান উন্নত কৰাৰ কাম কৰা হয়। নিউয়ৰ্কৰ পৰা লণ্ডনলৈকে হোটেলত আপোনাৰ বাবে এনে কোঠা নিৰ্মাণ কৰা হৈছে যিবোৰত বাহিৰৰ শব্দ আপোনাৰ ওচৰলৈ যাবলৈ নিদিয়ে। ইয়াত আপোনাৰ মনোযোগ যিকোনো প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰ অৰ্থাৎ প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰৰ দৰে লোৱা হয়।

ভাৰতত এই বিষয়ে সজাগতাও বাঢ়িছে। যদি আপুনিও এনে সেৱা ল’ব বিচাৰে, তেন্তে আপোনাক এখন ঐতিহাসিক চহৰৰ বিলাসী হোটেললৈ লৈ যাব পাৰি, যিখনে আপোনাক অসাধাৰণ টোপনিৰ অভিজ্ঞতা প্ৰদান কৰা বুলি জনা যায়। বিশেষজ্ঞসকলৰ মতে, এইটো সুস্থতা পৰ্যটনৰ এটা শাখা, কিয়নো মানুহে নিজৰ ব্যস্ততা আৰু অস্বাভাৱিক ৰুটিনৰ বাবে টোপনিৰ অভ্যাস উন্নত কৰাৰ নতুন উপায় বিচাৰিছে আৰু এই চাহিদা পূৰণ কৰিবলৈ কেইবাটাও টোপনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ব্যৱস্থা আহি আছে।

‘বছৰটোত কাৰ্তিকৰ সৈতে বিচ্ছেদ হৈছিল’ সেয়ে দুৰ্ভাগ্যজনক বছৰ বুলি অভিহিত কৰে ছাৰা আলী খানে…

বি-টাউনৰ বিখ্যাত অভিনেত্ৰী ছাৰা আলী খানে ২০২০ চনক দুৰ্ভাগ্যজনক বছৰ বুলি অভিহিত কৰিছে। ইয়াৰ সমান্তৰালকৈ ছাৰা আলী খানে নিজৰ ব্ৰেকআপ সন্দৰ্ভত কিছু কথা কয়। শেহতীয়াকৈ ছাৰা আলী খানে ২০২০ বৰ্ষৰ বিষয়ে মুকলিকৈ কৈছে। অভিনেত্ৰীগৰাকীয়ে কয় যে বিগত বছৰ ২০২০ চনটো তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ বাবে অতিশয় অশুভ আছিল। ছাৰাই কয় যে ২০২০ চনৰ আৰম্ভণিতেও তেওঁৰ ব্ৰেকআপ হৈছিল।

২০২০ চনটো ছাৰাৰ বাবে বৰ বেয়া আছিল

শেহতীয়াকৈ ছাৰা আলী খানে ৰণবীৰ আল্লাহবাদিয়াৰ প’ডকাষ্টত ২০২০ বৰ্ষৰ বিষয়ে মুকলিকৈ কয়। প’ডকাষ্ট শ্ব’ৰ সময়ত ছাৰা আলী খানে কয় যে – ২০২০ বৰ্ষটো তেওঁৰ বাবে অন্যতম বেয়া বছৰ। সেই বছৰটো মোৰ ব্ৰেকআপৰ পৰাই আৰম্ভ হৈছিল, তাৰ পিছত ছবিৰ নন-ৰাণটোও হতাশাজনক আছিল। এই বছৰৰ বেছিভাগ সময় ইণ্টাৰনেটত কটালোঁ, ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়াও হ’ল।

জানিব পৰা মতে ছাৰা আলী খান ছুপাৰষ্টাৰ কাৰ্তিক আৰিয়ানৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। এনে পৰিস্থিতিত ছাৰাৰ শেহতীয়া বক্তব্যৰ পিছত অনুমান কৰা হৈছে যে ২০২০ চনত ছাৰাৰ ব্ৰেকআপ হৈছে কাৰ্তিকৰ সৈতে। কেৱল এয়াই নহয়, ২০২০ চনত ছাৰা আলী খানৰ দুখন ছবি ‘লাভ আজ কল’ আৰু ‘কুলি নং ১’ও ফ্লপ হৈছিল।