Home Blog Page 1699

সাৱধান ! প্লাষ্টিকৰ বটল মহিলাৰ বাবে অতি বিপদজনক হ’ব পাৰে…

প্লাষ্টিকৰ বটলৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। এক গৱেষণাই দাবী কৰিছে যে যদি মহিলাসকলে পানী খোৱাৰ বাবে প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰে তেন্তে তেওঁলোকৰ ডায়েবেটিছ ৰোগৰ আশংকা থাকে। ভুল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে আজিকালি বহু ৰোগৰ আশংকা বাঢ়িছে। আজিকালি মহিলাসকলে প্লাষ্টিকৰ বটলত পানী খোৱাটো বেছি পছন্দ কৰিছে, যিটো স্বাস্থ্যৰ বাবে বিপদজনক। এক গৱেষণাৰ মতে প্লাষ্টিকৰ বটলত (Plastic Bottle Side Effects) পানী খোৱাৰ ফলত মহিলাৰ ২টা ধৰণৰ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। এয়া এনেকুৱা এটা বেমাৰ, এই বেমাৰৰ কবলত বৰ্তমান ভাৰতৰ প্ৰায় ৮ কোটি মানুহ আছে। যাৰ সংখ্যা ২০৪৫ চনৰ ভিতৰত ১৩ কোটি হ’ব বুলি এক গৱেষণাত প্ৰকাশ পাইছে…


গৱেষণাই কি কয়
এই গৱেষণাৰ মতে ফ্থালেট হৈছে প্লাষ্টিকত পোৱা ৰাসায়নিক পদাৰ্থ, যাৰ সংস্পৰ্শলৈ আহিলে মহিলাৰ ক্ষেত্ৰত টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পায়। এটা গৱেষণাই দাবী কৰিছে যে যদি মহিলাসকলে পানী খোৱাৰ বাবে প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকৰ মধুমেহ ৰোগৰ আশংকা থাকে। ফ্থালেটৰ ৰাসায়নিক পদাৰ্থ অতি বিপজ্জনক, যিবোৰ প্লাষ্টিকত পোৱা যায়। ইয়াৰ গ্ৰিপৰ বাবেই মহিলাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে। সেইবাবেই মহিলাসকলে অন্ততঃ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰিব নালাগে। প্লাষ্টিকৰ ব্যৱহাৰো কম কৰিব লাগে।

ফ্থালেটছ ৰাসায়নিক কি
গ্ল’বেল ডায়েবেটিক কমিউনিটিৰ ৱেবছাইট অনুসৰি এই গৱেষণাত কোৱা হৈছে যে ফ্থালেটৰ ৰাসায়নিক পদাৰ্থই মহিলাক যথেষ্ট প্ৰভাৱিত কৰে। ফ্থালেট হৈছে অন্তঃস্ৰাৱী বিঘ্নিতকাৰী ৰাসায়নিক পদাৰ্থ যিয়ে অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা হৰম’নৰ বাধা হিচাপে কাম কৰে। এই গৱেষণাত বহু দেশৰ ১৩০০ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। ৬ বছৰ ধৰি কাৰ স্বাস্থ্যৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি গৱেষকসকলে দেখিলে যে ফ্থালেটছ ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহা ৩০ৰ পৰা ৬৩ শতাংশ মহিলাই ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।

আকৌ হিজাব! পৰীক্ষাৰ দিন কেইটাত হিজাব পৰিধানৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কণাৰ্টকৰ ইছলাম ধৰ্মী ছাত্ৰী

শিক্ষানুষ্ঠানত ছাত্ৰীয়ে হিজাব পিন্ধাৰ বিৰুদ্ধে আদালতে ৰায় দিয়াৰ পিছতো শেহতীয়াকৈ কেৱল পৰীক্ষাৰ দিন কেইটাত হিজাব পৰিধানৰ অনুমতি বিচাৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল কৰ্ণাটকৰ একাংশ ইছলামধৰ্মী ছাত্ৰী। উল্লেখ্য বিগত বৰ্ষত শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাকলৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷ কৰ্ণাটকৰ হিজাব বিতৰ্কক লৈ দেশৰ কেইবাখনো ৰাজ্যত ব্যাপক প্ৰতিবাদ হৈছিল। পুনৰ হিজাব প্ৰসংগই মূৰ দাঙি উঠিছে। ৯ মাৰ্চৰ পৰা কৰ্ণাটকত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষা আৰম্ভ হ’ব।

এনে পৰিস্থিতিত, মুছলমান শিক্ষাৰ্থীৰ এটা দলে পৰীক্ষাৰ সময়ত শিক্ষানুষ্ঠানত হিজাব পিন্ধাৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে তেওঁলোকক আশ্বাস দিছে যে বিষয়টোৰ সোনকালে শুনানি গ্ৰহণ কৰিবলৈ এখন বিচাৰপীঠ গঠন কৰা হ’ব।

আবেদনকাৰীসকলৰ হৈ উপস্থিত থকা অধিবক্তা শাদান ফাৰাষ্টে শীৰ্ষ আদালতখনক কয় যে যদি বিষয়টোৰ ৯ মাৰ্চৰ আগতে শুনানি গ্ৰহণ কৰা নহয় আৰু শিক্ষাৰ্থীসকলক পৰীক্ষাৰ সময়ত হিজাব পিন্ধিবলৈ অনুমতি দিয়া নহয়, তেন্তে বহু শিক্ষাৰ্থীয়ে মূল্যৱান এবছৰ হেৰুৱাব। অধিবক্তাৰ এনে মন্তব্যৰ পিছতে “কোনে তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা দিছে?” বুলি মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে৷ ইয়াৰ প্ৰত্যুত্তৰত শাদানে কয়, “শিক্ষাৰ্থীসকলক হিজাব পিন্ধি পৰীক্ষাত বহিবলৈ দিয়া হোৱা নাছিল। ইয়াৰ বিপৰীতে শিক্ষাৰ্থীসকলে হিজাব অবিহনে পৰীক্ষাত বহিব নিবিচাৰে। আমি তেওঁলোকৰ বাবে সাময়িক সকাহ বিচাৰিছো।”

যোৱা বছৰৰ ১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধাৰ অধিকাৰৰ বিষয়ত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। আদালতে স্পষ্ট কৰি দিছিল যে ইছলাম ধৰ্মত হিজাব অপৰিহাৰ্য নহয়। আদালতে শিক্ষানুষ্ঠানসমূহত হিজাবৰ বিষয়ত নিষেধাজ্ঞাৰ বিৰুদ্ধে দাখিল কৰা সকলো আবেদন খাৰিজ কৰিছিল। তেতিয়াৰে পৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে। ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠেও গোচৰটোত ‘ভিন্ন মন্তব্য ‘ দিছিল। সেয়ে বিষয়টোকলৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

তুৰ্কীৰ ভূমিকম্পত ১.৫ নিযুত লোক গৃহহীন, ৫,০০,০০০ ঘৰ কৰিব লাগিব পুনৰ নিৰ্মাণ: ৰাষ্ট্ৰসংঘ

প্ৰকৃতিৰ ৰুদ্ধ ৰূপে ধ্বংস স্তুপত পৰিণত কৰা তুৰস্কত আজিও মানুহৰ আৰাওৰ অন্ত পৰা নাই৷ এনে সময়তে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ (ইউএনডিপি) এজন বিষয়াই অনুমান কৰিছে যে শেহতীয়া ভূমিকম্পৰ ফলত তুৰস্কত ১.৫ নিযুত লোক গৃহহীন হৈ পৰিছে আৰু দেশখনৰ প্ৰায় ৫,০০,০০০ আৱাসগৃহ পুনৰ নিৰ্মাণ কৰিব লাগিব।

ইউএনডিপিৰ তুৰস্কৰ প্ৰতিনিধি লুইচা ভিণ্টনে এক অনলাইন প্ৰেছ ব্ৰিফিঙত কয় যে দেশখনৰ চৰকাৰে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত প্ৰায় ৭০ শতাংশ অট্টালিকা পৰিদৰ্শন কৰিছে। ইয়াৰ ভিতৰত, ১১৮,০০০ অট্টালিকা, ৪১২,০০০ টা সাধাৰণ ঘৰ খহি পৰিছে বা সেইবোৰৰ বহু ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ প্ৰয়োজন আছে । তেওঁ কয় যে ধ্বংসৰ মাত্ৰা যথেষ্ট বেছি আছিল৷ ভিনটনৰ মতে প্ৰথম ভূমিকম্পৰ দুসপ্তাহ পিছত পুনৰ ঊীমিকম্প আহিছে৷

এয়া তুৰ্কীৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰাকৃতিক দুৰ্যোগ বুলিও তেওঁ অভিহিত কৰে৷ তেওঁ লগতে কয় যে চৰকাৰে দেওবাৰে প্ৰথম ভূমিকম্পৰ পিছত অনুসন্ধান আৰু উদ্ধাৰৰ পৰ্যায় সমাপ্ত কৰিছে৷ ,তেওঁ লগতে জনায় যে ভূমিকম্পৰ প্ৰায় ৩০০ ঘণ্টাৰ পিছত ধ্বংসস্তুপৰ মাজৰ পৰা অন্তিম জীৱিত লোক জনক উদ্ধাৰ কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ জৰুৰীকালীন বিষয়া কেথেৰিন স্মলউডে প্ৰেছ ব্ৰিফিঙত কৈছে যে সংক্ৰামক ৰোগৰ আশংকা নিয়ন্ত্ৰণ কৰাটো এতিয়া গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে৷ তেওঁ কয় ” শ্বাস-প্ৰশ্বাসজনিত ৰোগ, কলেৰা, হেপাটাইটিছ এ আৰু সৰু আইৰ আশংকা বৃদ্ধি পাইছে”।

উল্লেখ্য ডাঙৰ ভূমিকম্পৰ পিছতো শেহতীয়াকৈ দক্ষিণ তুৰস্কৰ কাহৰমণমাৰাছ প্ৰদেশত ৬.৪ ৰ পৰা ৭.৭ প্ৰাবল্যৰ কেইবাটাও ভূমিকম্প হৈছে। ভূমিকম্পবোৰে চিৰিয়াৰ কিছু অংশকো কঁপাই গৈছে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুঠতে দুয়োখন দেশত আনুমানিক ৪৭,০০০ লোকে প্ৰাণ হেৰুৱাইছে।

সীমা বিবাদকলৈ ভাৰত-চীনৰ প্ৰতিনিধিৰ মাজত আলোচনা

লাডাখ বিবাদকলৈ ভাৰত আৰু চীনৰ মাজত এতিয়াও বৰফ গলা নাই। এতিয়ালৈকে দুয়োখন দেশৰ মাজত সীমা সমস্যাকলৈ ১৮ লানি আলোচনা অনুষ্ঠিত হৈছে যদিও বিষয়টোৱে আজিও গেঠেলা মাৰিয়েই আছে।

ভাৰত আৰু চীনে বুধবাৰে বেইজিঙত পুনৰ কূটনৈতিক আলোচনা কৰে আৰু পূৱ লাডাখৰ এলএচিৰ সৈতে বিবাদ নিষ্পত্তিৰ বিষয়ত গ্ৰহণ কৰা প্ৰস্তাৱসমূহৰ বিষয়ে আলোচনা কৰে, কিন্তু আজিও কোনো সফলতাৰ ইঙ্গিত পোৱা নগ’ল। ভাৰত-চীন সীমান্ত পৰিক্ৰমাৰ বিষয়ত পৰামৰ্শ আৰু সমন্বয়ৰ বাবে ডব্লিউএমচিচি ২০১২ চনত গঠন কৰা হৈছিল। সীমান্ত অঞ্চলত শান্তি বজাই ৰখাৰ বাবে পৰামৰ্শ আৰু সমন্বয়ৰ বাবে এক প্ৰতিষ্ঠানিক প্ৰণালী হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।


উক্ত সংস্থাৰ অধীনতে আজি আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ বৈদেশিক প্ৰক্ৰমা দপতৰে কয় “দুয়োপক্ষই ভাৰত-চীন সীমান্ত অঞ্চলৰ পশ্চিম খণ্ডৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) পৰিস্থিতি পৰ্যালোচনা কৰে আৰু বাকী অঞ্চলসমূহত মুকলি আৰু গঠনমূলক প্ৰস্তাৱসমূহৰ বিষয়ে আলোচনা কৰে, যি পশ্চিম খণ্ডৰ এলএচিত শান্তি বজাই ৰাখিব আৰু দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰি ৰাখিব।”

উল্লেখ্য ডব্লিউএমচিচিৰ ২৬ তম বৈঠক ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীত বেইজিঙত অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ জুলাইত অনুষ্ঠিত হোৱা চতুৰ্দশ বৈঠকৰ পিছত সেই খন প্ৰথম ডব্লিউএমচিচি বৈঠক আছিল।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিবে (পূব এছিয়া) ভাৰতীয় প্ৰতিনিধিদলৰ নেতৃত্ব দিছিল। চীনা প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমা আৰু মহাসাগৰীয় পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধানে।

১৭ তম পৰ্যায়ৰ সামৰিক আলোচনা ২০ ডিচেম্বৰত অনুষ্ঠিত হৈছিল কিন্তু বাকী সমস্যাসমূহৰ সমাধানত কোনো অগ্ৰগতিৰ কোনো ইঙ্গিত পোৱা যোৱা নাছিল।

২০২০ চনৰ জুন মাহত গালোৱান উপত্যকাত হোৱা ভয়ংকৰ সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যথেষ্ট পৰিমাণে অৱনমিত হৈছে। সেই সময়ত চীনৰ সেনাৰ আক্ৰমণত ২০ জন ভাৰতীয় জোৱান নিহত হৈছিল। চীনৰো বহু জোৱান হতাহত হৈছিল।

পুনৰ থমকিল বিজেপি, দিল্লীয়ে লাভ কৰিলে আপৰ প্ৰথম মহিলা মেয়ৰ

ধন-জন সকলো ব্যৱহাৰ কৰিও বিফল হ’ল বিজেপি। বিজেপিৰ কোটি কোটি টকীয়া প্ৰচাৰৰ ঢৌকো প্ৰতিহত কৰি দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত আম আদমি পাৰ্টিয়ে বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হ’ল। বুধবাৰে আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক পৰাস্ত কৰি দিল্লীৰ প্ৰথম মহিলা মেয়ৰ হিচাবে নিৰ্বাচিত হয়।


নতুন দিল্লীৰ ডাঃ এছ পি মুখাৰ্জী চিভিক চেণ্টাৰত অনুষ্ঠিত হোৱা মেয়ৰ নিৰ্বাচনত আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক ৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ হাঁহি মাৰে। আপৰ প্ৰাৰ্থীয়ে শ্বেলী অ’বেৰয়ে ১৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰেখা গুপ্তাই লাভ কৰে ১১৬ টা ভোট।

উল্লেখ্য, বিগত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত এম চি ডিৰ নিৰ্বাচনত ২৫০ খন আসনৰ ভিতৰত ১৩৪ খন আসনত জয়ী হৈ আপে ১৫ বছৰৰ পাছত বিজেপিৰ ভেটি উচন কৰিছিল। কিন্তু মেয়ৰ নিৰ্বাচন কেন্দ্ৰক কৰি বিজেপি আৰু আপৰ মাজত সংঘাতৰ সৃষ্টি হয়। অভিযোগ উঠিছিল যে বিজেপিয়ে উপ ৰাজ্যপালৰ দ্বাৰা মনোনীত প্ৰাৰ্থীসকলক মেয়ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি ভোট দান কৰোৱাই বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিজয় সুনিশ্চিত কৰিবলৈ চেষ্টা চলাইছিল।

এনে সংঘাতৰ বাবেই ২০১৩ চনৰ ৬, ২৪ জানুৱাৰী আৰু ৬ ফেব্ৰুৱাৰীত তিনিবাৰকৈ অনুষ্ঠিত কৰিবলৈ লৈয়ো দিল্লীৰ মেয়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।

বিজেপিৰ এই ষড়যন্ত্ৰ অভিযোগ লৈ আপ উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হৈছিল । যোৱা ১৭ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে উপ ৰাজ্যপালৰ দ্বাৰা মনোনীত প্ৰাৰ্থীয়ে ভোটদান কৰিব নোৱাৰে বুলি স্পষ্ট নিৰ্দেশ দিয়াৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত মেয়ৰৰ নিৰ্বাচন অনুষ্ঠিত কৈছিল।

ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আজি দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয় বিজয়ী হয়।

প্ৰয়াত সমীৰণ বৰদলৈৰ জন্মদিন উপলক্ষে সমাজৰ দিন উদযাপন

অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান, বিশিষ্ট ক্ৰীড়া তথা সমাজ সংগঠক প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ ৬৫ সংখ্যক জন্মদিন উপলক্ষে সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে “সমাজৰ দিন” উদযাপন কৰা হয়।

প্ৰয়াত বৰদলৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে সহধৰ্মিনী শিখা বৰদলৈয়ে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে বিশিষ্ট শিল্পী জয়ন্ত নাথে মংগলাচৰণ পৰিৱেশন কৰি প্ৰয়াত বৰদলৈদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ললিত বৰাই সভাপতিত্ব কৰা গাম্ভীৰ্যপূৰ্ণ সভাখন সঞ্চালনা কৰে স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে।

সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী ননী দত্ত দেৱে তেওঁৰ বক্তব্যত কয় , স্বাধীনোত্তৰ কালত যোৰহাটত জন্মগ্ৰহণ কৰা এগৰাকী শ্ৰেষ্ঠতম যোৰহটীয়া হিচাপে ভৱিষ্যতৰ দিনটো প্ৰয়াত সমীৰণ বৰদলৈৰ নাম চিৰিদন অক্ষয় অৱস্থাত স্বৰ্ণিল অক্ষৰেৰে লিপিবদ্ধ হৈ ৰ’ব।

ত্যাগ আৰু অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সাহিত্য, সমাজ আৰু ক্ৰীড়া ক্ষেত্ৰৰ লগতে বৌদ্ধিক সমাজক নেতৃত্ব প্ৰদান কৰা ব্যক্তিত্বৰ কথা মনলৈ আনিলেই সমীৰণ বৰদলৈ দেৱৰ কথা মনলৈ আহে বুলি ব্যক্ত কৰে। ভাল চিন্তা আৰু ভাল কৰ্মৰাজি বিয়পাই নিয়াৰ চিন্তাৰে সমৃদ্ধ সমীৰণ বৰদলৈৰ জীৱন এক মাইলৰ খুঁটি বুলি তেওঁ অভিহিত কৰে। লগতে ননী দত্তদেৱে প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাক ভূয়সী প্ৰশংসা কৰে।

ছাত্ৰ তথা নৱ প্ৰজন্মৰ মাজত প্ৰয়াত বৰদলৈদেৱৰ কৰ্মৰাজি প্ৰচাৰ আৰু বিস্তাৰৰ স্বাৰ্থত জোনাকী সংঘ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ প্ৰাংগনদ্বীপ বৰাই বৰদলৈদেৱৰ জীৱন বৃত্তান্ত সুন্দৰ বক্তৃতাৰে দাঙি ধৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিতু নেওগ , ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দীপ দত্ত উপস্থিত থকা অনুষ্ঠানটোত এইবর্ষৰ ‘সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী বঁটা ২০২৩’ আনুষ্ঠানিকভাৱে যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী আনন্দ আগৰৱালাদেৱক প্ৰদান কৰা হয়।

বিগত বৰ্ষৰ পৰা বিশেষ বঁটা নিৰ্বাচনী সমিতিৰ জৰিয়তে প্ৰদান কৰি অহা এই বঁটাটিৰ সন্দৰ্ভত স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় , বিগত সময়চোৱাত নিঃস্বাৰ্থভাৱে অত্যন্ত আন্তৰিকতাৰে আনন্দ আগৰৱালাদেৱে সমাজৰ স্বাৰ্থত সেৱা আগবঢ়াই আহিছে। সেউজীয়া যোৰহাট গঢ় দিয়াৰ লক্ষ্যৰে নগৰৰ বিভিন্ন স্থানত বৃষৰোপন আৰু প্ৰতিপালন,গড়মূৰৰ শ্মশান উন্নয়ন , যোৰহাটত তিনিখনকৈ এম্বুলেন্স বিতৰণ , তিনিটা ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণকে ধৰি ৪৫০গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ সমস্ত দায়িত্ব বহন কৰি ডাক্তৰ, অভিযন্তা , অধিবক্তা ইত্যাদি হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে সুনাগৰিক হিচাপে গঢ় দিয়াৰ বাবে অহৰহ প্ৰচেষ্টা কৰি আহিছে।

ইয়াৰোপৰি যোৰহাটৰ বিভিন্ন সমাজক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সমাজক্ষেত্ৰখনৰ সৈতে জড়িত এইগৰাকী ব্যক্তিক বঁটা প্ৰদান কৰিবলৈ পাই উদ্যোক্তা সকলেও ধন্য মানিছে। জাপি,গামোছা,পাতৰ চেলেং চাদৰ,সফুঁৰা,সম্বৰ্ধনা পত্ৰ সহিতে বঁটাটি লাভ কৰি বঁটাপ্ৰাপকগৰাকীয়ে কয় , প্ৰয়াত সমীৰণ বৰদলৈৰ পৱিত্ৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি নিজকে ধন্য মানিছে আৰু উৎসাহিত হোৱাৰ লগতে যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছে। লগতে কয় , ছাত্ৰ সন্থা আৰু স্মৃতি ৰক্ষা সমিতিৰ এই মহৎ পদক্ষেপক শলাগ লোৱাৰ লগতে যোৰহাটৰ সমাজজীৱনত সমীৰণ বৰদলৈ সদায় ধ্ৰুৱতৰা হৈ জিলিকি ৰ’ব বুলি ব্যক্ত কৰে। উল্লেখ্য যে উক্ত বঁটাটিত নগদ ধনৰ ব্যৱস্থা আছিল যদিও বঁটাপ্ৰাপকগৰাকীয়ে সেই নগদ ধন গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য প্ৰকাশ কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ সহধৰ্মিনী শিখা বৰদলৈয়ে ছাত্ৰ সন্থা আৰু স্মৃতিৰক্ষা সমিতিৰ এইয়া এক মহৎ প্ৰচেষ্টা বুলি ব্যক্ত কৰাৰ লগতে সমীৰণ বৰদলৈদেৱক সমাজজীৱনত জীয়াই ৰখাৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা হাতত লোৱা স্মৃতি ৰক্ষা সমিতি আৰু ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ পাছতে বঁটাপ্ৰাপক আনন্দ আগৰৱালাদেৱক যোৰহাট মহকুমা ছাত্ৰ সন্থা,যোৰহাট জিলা সাহিত্য সভা,যোৰহাট জিলা ক্ৰীড়া সন্থা,অসম বকুলবন সমাজ,সংগীত শিল্পী সন্থা যোৰহাট,জ্যোতি চিনে ক্লাৱ,তৰাজান সন্মিলন,কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতি যোৰহাট,যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থা, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ, মাৰোৱাৰী ঠাকুৰবাৰী সমিতি, এন জে প্ৰডাকশ্যন এণ্ড এন জে মিডিয়া, সাহস, আজু,যোৰহাট জিলা টেবুল টেনিছ সন্থা, লায়ন্স ক্লাৱ অব যোৰহাট, জাতীয় বিদ্যালয় শিক্ষা বিকাশ সমিতি, পোহৰ লাইভ-৮, ব্ৰিলিয়েন্স একাডেমী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি, যোৰহাট জিলা পেৰা খেল সন্থা,ছেমফৰ্ড ফিউচাৰিষ্টিক স্কুল, তৰাজান শ্মশান সমিতি, জেইল ৰোড ক্লাৱ, নৱোদয় ক্লাৱ, সময় ক্লাৱ,বন্ধু-৮৯, ধৰিত্ৰী মহিলা সংঘ,ভাৰ্গ একাডেমী, যোৰহাট জিলা টাইকোৱানডো সন্থা, গণ অধিকাৰ সংগ্ৰাম সমিতি, দিশ, ইন্দ্ৰপ্ৰস্থ উন্নয়ন সংস্থা, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, বালিগাওঁ আঞ্চলিক ছাত্ৰ সন্থা, কাকজান আঞ্চলিক ছাত্ৰ সন্থা, মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থা, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আদিয়ে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

প্ৰয়াত সমীৰণ বৰদলৈ অধিকাংশ সৃষ্টিৰ অধিকাংশই নিজৰ কম্পিউটাৰত সংৰক্ষণ কৰি ৰখা বিশিষ্ট কাৰুকাৰ্য্য শিল্পী সন্জীৱ দত্তই বক্তব্য ৰখা সভাখনত প্ৰায় দুই শতাধিক লোক আৰু দুকুৰি অনুষ্ঠান-সংগঠনৰ প্ৰতিনিধি,যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী,আছুৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ড, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য ড০ বিমল চন্দ্ৰ বৰা, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী আদি উপস্থিত থাকে।

সভাৰ অন্তত এক আছুতীয়া সাক্ষাৎকাৰত স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয়, প্ৰয়াত বৰদলৈদেৱৰ চিন্তাৰ বাটেদি সমাজ উপকৃত হ’ব পৰাকৈ সমাজখনৰ সৈতে নিবিড়ভাৱে সংপৃক্ত হৈ থকা যি সমল তেওঁ এৰি গৈছে তাৰ দ্বাৰা যাতে নতুন প্ৰজন্মই এক গতি লাভ কৰিব পাৰে সেই চিন্তাৰ লগতে সমীৰণ বৰদলৈ দেৱক চিৰসজীৱ কৰি সমাজত জীয়াই ৰখাৰ উদ্দেশ্য আগত ৰাখিয়েই ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিয়ে তেওঁৰ ৬৫ তম জন্মবাৰ্ষিকী আজি ৰাজহুৱা পৰিৱেশত উদযাপন কৰিছে। আগন্তুক দিনটো অধিক নতুনত্ব আৰু গতিশীলতাৰে এই অনুষ্ঠান আগুৱাই নিয়া হ’ব বুলিও বৰদলৈয়ে ব্যক্ত কৰে।

ধেমাজিত দুকুৰি বিদ্যালয়ৰ মাজত ‘ৰাইজৰ উৎসৱ’; শিক্ষক-ছাত্ৰ-ছাত্ৰী-অভিভাৱকৰ সমন্বয়ৰ চেষ্টা

ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ কাঞ্চনকোনা জনজাতি প্ৰাথমিক বিদ্যালয়ত দুকুৰি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় ‘ৰাইজৰ উৎসৱ’।

সমগ্ৰ শিক্ষাৰ ধেমাজি জিলাৰ উদ্যোগত আৰু বৰদলনি শিক্ষা খণ্ডৰ সহযোগত বৰবাম পূৱ, বৰবাম পশ্চিম, জয়ৰামপুৰ উত্তৰ আৰু দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ সহযোগত কাঞ্চনকোনা জনজাতি প্ৰাথমিক বিদ্যালয়ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই ‘ৰাইজৰ উৎসৱ’৷ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ, বৃক্ষৰোপণৰ পাছতে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। শোভাযাত্ৰা খনি উদ্ধোধন কৰে বি আৰ পি মুকুল সোঁত আৰু প্ৰণতি দেৱীয়ে।

অঞ্চলটোৰ বড়ো, হাজং, মিচিং,তিৱা, গোৰ্খা, কোঁচ, ৰাজবংশী, বানাই আদি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ সাজ-পাৰ পৰিধান কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। তাৰোপৰি বিহুদল আৰু প্ৰত্যেকখন বিদ্যালয়ৰ শিক্ষক গোট, ছাত্ৰ-ছাত্ৰী,বিদ্যালয় পৰিচালনা সমিতিয়ে এই শোভাযাত্ৰাত অংশ লয়। ইয়াৰ পিছতে অনুষ্ঠিতব্য খেল পথাৰত বিভিন্ন জাতি-জনগোষ্ঠীয় কৃষ্টিৰ প্ৰদৰ্শন হয়।

সমান্তৰালকৈ অভিভাৱক তথা মাতৃগোটৰ মাজত বিশাল ৰচীতনা আৰু চকীখেল খেলৰ লগতে বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰে।একেদৰে মণ্ডল  সমল কেন্দ্ৰৰ ব্যক্তি অপূৰ্ব চুতীয়াই আঁত ধৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ক্ৰীড়া, সাংস্কৃতিক আৰু সুকুমাৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। মঞ্চ উদ্ধোধন কৰে জয়ৰামপুৰ পঞ্চায়তৰ সভানেত্ৰী ৰীণা ব্ৰহ্ম মুছাহাৰীয়ে। মঞ্চত অনুষ্ঠিত মুকলি সভাখনি পৌৰহিত্য কৰে সমাজ কৰ্মী প্ৰভাত বৰ্মনে।

মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বৰদলনি শিক্ষা খণ্ডৰ খণ্ড মিছন সমন্বয়ক নিৰণ দত্ত‌ই। নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে আইজিএছ‌এছ এক স্বেচ্ছাসেৱী সংগঠনৰ প্ৰকল্প বিষয়া শ‌ইকীয়াই। শইকীয়াই চৰকাৰী বিদ্যালয়ৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সম্পৰ্কে উল্লেখ কৰে। একেদৰে বিদ্যালয়‌ পৰিচালনা সমিতিৰ ভূমিকা তথা আন্তঃগাথঁনিৰ কথা সদৰি কৰি বিদ্যালয় এখনৰ পাঠ্যপুথিৰ শিক্ষাৰ লগতে বৌদ্ধিক জাগৰণৰ প্ৰতি মনোনিবেশ কৰিবলৈ সকলো শ্ৰেণীকে আহ্বান জনায়।অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে বৰদলনি শিক্ষা খণ্ডৰ সহ: পৰিদৰ্শক বনমালী পেগু, বৰবাম গাঁও পঞ্চায়তৰ সভাপতি তপন সোণোৱাল, স্থানীয় নিতেন শ‌ইকীয়াই।

উক্ত অনুষ্ঠানত ভাগ লয় ক্ৰমে বৰবাম কছাৰী প্ৰাথমিক বিদ্যালয়, গৰুবন্ধা, বালিদিহিঙীয়া, ৬২১ নং বৰবিলা, বালিজান অভয়াপুৰ, মিলপুৰ, ২ নং শালমাৰী আদৰ্শ, শালমাৰী বালি, ৬৮৪ নং শালমাৰী, ২ নং শালমাৰী মিচিং, লাংভাং পাৰা জেনেৰেল, শালমাৰী চাৰিঘৰীয়া মিচিং, ১ নং বৈজেন্তীপুৰ,২ নং বৈজেন্তীপুৰ মধ্য ইংৰাজী, জয়ৰামপুৰ, ২ নং জয়ৰামপুৰ, শংকৰপুৰ, ধনশিৰি নলাতল, বাৰভূঞা, ২ নং বাৰভূঞা, পানবাৰী, পানবাৰী বড়ো, কাঞ্চনকোনা জনজাতি, শন্তপুৰ, কেঁচা কাঠনি, কেঁচা কাঠনি বড়ো, তৰাজান ধূণাগুৰি, তৰাজান ধূণাগুৰি মধ্য ইংৰাজী, ধূণাগুৰি ময়েঙ্গীয়া,লালুকীজান মাজগাও, কমলপুৰ, লালুকীজান ধৰ্মপুৰ, জয়ৰামপুৰ উচ্চ মাধ্যমিক, উত্তৰ বৰদলনি উচ্চ মাধ্যমিক, বৰবাম উচ্চ মাধ্যমিক বিদ্যালয় আদিয়ে অংশগ্ৰহণ কৰে।

ধিঙত শোকাবহ পথ দুৰ্ঘটনা! এজন ছাত্ৰ থিতাতে নিহত; আন এজনৰ অৱস্থা সংকটজনক!

ধিং মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মহাবিদ্যালয় খনৰ এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আন এজন ছাত্ৰ গুৰুতৰ ভাৱে আহত হয়৷

নিহত ছাত্ৰজন ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দ্বিতীয় সান্মাষিকৰ ছাত্ৰ আশ্ৰাফুল আলম; আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন আনচাৰুল নামৰ ছাত্ৰজন৷

AS02 E 8039 নম্বৰৰ মালবাহী ট্ৰাক খনে বাইকৰে গৈ থকা অৱস্থাতে দুয়োকে মহতিয়াই নিয়াৰ ফলত দুৰ্ঘটনাটো সংগটি হয়৷ নিহত ছাত্ৰজনৰ ঘৰ ধিঙৰ ৰৌমাৰী৷ এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চালকজনক উদ্ধাৰ কৰি থানালৈ নিয়ে৷ উল্লেখ্য যে ধিঙত ট্ৰেফিকৰ ব্যৱস্থা নথকাৰ বাবেই সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগত ক্ষোভিত স্থানীয় ৰাইজ৷

ৰে’ল বিভাগত এশ শতাংশ থলুৱা নিবনুৱা যুৱক-যুৱতীক নিযুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ…

আজি ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মৃন্ময় কুমাৰ ডেকা,আৰু সাঃ সম্পাদক নৱ জ্যোতি কুমাৰৰ নেতৃত্বত ৰঙিয়াত ৰাজধানী এক্সপ্রেস ৰেল গাড়ী খন ৰখোৱাৰ দাৱীত লগতে ৰেল বিভাগত এশ শতাংশ থলুৱা নিবনুৱা যুৱক-যুৱতী নিযুক্তিৰ দাৱীত মাণ্ডলিক ৰেল প্ৰবন্ধকৰ কাৰ্য্যালয়ৰ সন্মুখত ৰেল বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাসে কয় যে ৰেল বিভাগৰ হেমাহীৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক -যুৱতী সকল বঞ্চিত হবলগীয়া হৈছে। তৃতীয় আৰু চতুর্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলক বঞ্চিত কৰিছে। তেওঁ ৰেল বিভাগক উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত সুকীয়া ৰেল নিয়োগ মণ্ডল গঠন কৰি নিবনুৱা যুৱক-যুৱতী সকলক ৰেল বিভাগৰ চাকৰিত নিযুক্তি দিয়াৰ বাবে দাৱী জনায়।


উক্ত প্ৰতিবাদী কাৰ্য্যসূচী উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্র সন্থা সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমানে কয় ৰেল বিভাগে বাৰে বাৰে উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতী যুৱতী সকলক প্ৰবঞ্চনা কৰি আহিছে। প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে ৰেল বিভাগক এশ শতাংশ থলুৱাক নিযুক্তি দিয়াৰ লগতে ৰঙিয়াত ৰাজধানী ৰেলখন ৰখোৱাৰ বাবে ৰেল বিভাগক আহ্বান জনায়।


প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে ৰঙিয়া মহকুমা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিতু ডেকা। সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ কাৰ্য্যনিৰ্বাহ বুবুল আলী, মহকুমা ছাত্র সন্থাৰ উপ সভাপতি জয়ন্ত শৰ্মা, কাৰ্য্যনিৰ্বাহ সদস্য মোস্তাক আহমেদ।

সৌৰভ গাংগুলীৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব ছবি, মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে…

ভাৰতীয় প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত এখন ছবি নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁৰ বায়’পিকত মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে। যোৱা কেইমাহমানৰ পৰা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ ওপৰত এখন ছবি নিৰ্মাণৰ খবৰে ধাৰাবাহিকভাৱে শিৰোনাম দখল কৰি আছিল। এতিয়া কিছুমান সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গাংগুলীৰ বায়’পিক বনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। কোৱা হৈছে যে সৌৰভ গাংগুলীয়ে তেওঁৰ বায়’পিকৰ চিত্ৰনাট্য অনুমোদন জনাইছে আৰু এতিয়া এই ছবিখনৰ শ্বুটিং অতি সোনকালে আৰম্ভ হ’ব !

ছবিখনত সৌৰভ গাংগুলীৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে ৰণবীৰ কাপুৰে। তেওঁৰ বাহিৰে আন ক্ৰিকেটাৰৰ চৰিত্ৰ কোনে অভিনয় কৰিব সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই। কোৱা হৈছে যে ছবিখনত এম এছ ধোনিৰ চৰিত্ৰটোও দেখা যাব।ভাৰতীয় দলৰ অন্যতম সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে সৌৰভ গাংগুলী। ভাৰতীয় দলটোক আগ্ৰাসী শৈলী দিয়াৰ কৃতিত্ব তেওঁৰ। দলৰ যুৱক-যুৱতীসকলক তেওঁ সদায় এটা সুযোগ দিছিল। তেওঁক বিচাৰিছে বীৰেন্দ্ৰ ছেহৱাগ, যুৱৰাজ সিং,মহম্মদ কাইফ, হৰভজন সিং আৰু ইৰফান পাঠানৰ দৰে খেলুৱৈয়ে। সেই সময়ছোৱাত গাংগুলী আগ্ৰাসীতাৰ বাবে পৰিচিত আছিল।

সৌৰভ গাংগুলীয়ে অধিনায়ক হিচাপে অতি সফল হৈছিল, লগতে বেটছমেন হিচাপেও তেওঁ অতি সফল হৈছিল। সৌৰভ গাংগুলীয়ে নিজৰ কেৰিয়াৰত ১৮ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰে। তেওঁৰ নামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৮টা শতক আৰু ১০৭টা অৰ্ধশতক অন্তৰ্ভুক্ত কৰা হৈছে। টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে তেওঁৰ বেটিং গড় ৪১+। লগতে কেৰিয়াৰত ১৩২টা উইকেট দখল কৰিছে।সৌৰভ গাংগুলীয়ে বাৰে বাৰে কামবেক কৰাৰ বাবেও পৰিচিত। আচলতে কেৰিয়াৰৰ শেষ পৰ্যায়ত ফৰ্মৰ বাহিৰত থকাৰ বাবে তেওঁক কেইবাবাৰো দলৰ পৰা বাদ দিয়া হৈছিল যদিও প্ৰতিবাৰেই তেওঁ শক্তিশালী কামবেক কৰিছিল। আই পি এলতো তেওঁ কিছুমান অনুষ্ঠানত একেধৰণৰ কামবেক কৰিছিল। সেই সময়ছোৱাত তেওঁক কামবেক কিং নামো দিয়া হৈছিল।