Home Blog Page 1702

ছানিয়া মিৰ্জাৰ অৱসৰ! ডুবাইত প্ৰথম ৰাউণ্ডতে পৰাজয়ৰ সন্মুখীন ছানিয়া মিৰ্জা…

ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই কেৰিয়াৰৰ অন্তিমখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।ডব্লিউ টি এ ডুবাই ডিউটি ​​ফ্ৰী চেম্পিয়নশ্বিপৰ প্ৰথম ৰাউণ্ডত ছানিয়া আৰু তেওঁৰ সংগী মেডিচন কিছে ষ্ট্ৰেইট ছেটত পৰাজয়ৰ সন্মুখীন হয়। ভাৰ্ন’কিয়া কুডাৰমেটোভা আৰু লিউডমিলা ছামছ’নোভাক ৪-৬, ০-৬ গ’লত পৰাস্ত কৰে। ছানিয়া মিৰ্জাই শেহতীয়াকৈ টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল আৰু এইখন আছিল তেওঁৰ পেছাদাৰী কেৰিয়াৰৰ শেষৰ খন খেল।


ষ্টাৰ ইণ্ডিয়ান টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচত ডুবাই ডিউটি ​​ফ্ৰী চেম্পিয়নশ্বিপত প্ৰৱেশ কৰে আমেৰিকান সংগী মেডিচন কিছৰ সৈতে। ৰাছিয়াৰ শক্তিশালী যুটি ভাৰ্নোকিয়া কুডাৰমেট’ভা আৰু লিউডমিলা ছামছ’নোভাৰ সৈতে মুখামুখি হয়। এই খেলখনত সকলোৱে আশা কৰিছিল যে ছানিয়াই নিজৰ খেলৰ যাদু দেখুৱাব আৰু এই খেলখনত নিজৰ নাম জিলিকাই তুলিব। কিন্তু এনে নহ’ল আৰু প্ৰথম ৰাউণ্ডতে তেওঁ ৪-৬, ০-৬ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল।

ছানিয়া আছিল ভাৰতৰ সফল মহিলা টেনিছ খেলুৱৈ-
২০০৯ চনত ছানিয়াই কেৰিয়াৰৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে। ২০০৯ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত মহেশ ভূপথীৰ সৈতে মিক্সড ডাবলছ চেম্পিয়ন হৈছিল। ইয়াৰ পিছত ২০১২ চনৰ ফ্ৰেন্স অ’পেন আৰু ২০১৪ চনৰ ইউ এছ অ’পেনত মিক্সড ডাবলছতো খিতাপ দখল কৰে। ইয়াৰ পিছত ২০১৫ চনত ছানিয়াই উইম্বলডন আৰু ইউ এছ অ’পেনত মহিলা ডাবলছৰ খিতাপ দখল কৰিছিল। ২০১৬ চনত অষ্ট্ৰেলিয়ান অ’পেনত মহিলা ডাবলছৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। এইদৰে তেওঁ কেৰিয়াৰত মুঠ ৬ টা ডাবলছ গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে। ইয়াৰ উপৰিও ২০০৫ চনৰ ১৩ এপ্ৰিলত প্ৰথমবাৰৰ বাবে ছানিয়াই মহিলা ডাবলছত ১ নং ৰেংকিং লাভ কৰিবলৈ সক্ষম হয়।


দৈনিক কিমান সময় খোজ কাঢ়িব লাগে ডায়েবেটিছ ৰোগীয়ে? দৈনিক খোজ কাঢ়ি নিয়ন্ত্ৰণ কৰিব পাৰিব ডায়েবেটিছ ৰোগ….

সঠিক খাদ্য খোৱাৰ উপৰিও ডায়েবেটিছ ৰোগীয়ে খোজ কঢ়াৰ দ্বাৰাও চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে।চুগাৰৰ মাত্ৰা হ্ৰাস কৰিবলৈ দৈনিক কিমান খোজ কাঢ়িব লাগে জানেনে? বিশ্বতে ডায়েবেটিছৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু কেইবছৰমানৰ পিছত ইয়াৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা দুগুণ হ’ব। ই এক জীৱনশৈলী সম্পৰ্কীয় ৰোগ, য’ত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। সঠিক খাদ্য খোৱাৰ উপৰিও ডায়েবেটিছ ৰোগীয়ে খোজকাঢ়ি চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে অধিক আৰু অধিক খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। দৈনিক কিমান খোজ কাঢ়িব লাগে….

আমেৰিকান ডায়েবেটিছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ডায়েবেটিছ ৰোগীয়ে শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো অতি প্ৰয়োজনীয়। যিসকল লোক অধিক সক্ৰিয়, তেওঁলোকৰ ডায়েবেটিছৰ সম্ভাৱনা কম। আচলতে যিমানেই লৰচৰ কৰিব সিমানেই চুগাৰৰ মাত্ৰা দ্ৰুতগতিত কমি যায়।

যেতিয়া কোনো ব্যক্তিয়ে দ্ৰুত গতিত খোজ কাঢ়ে তেতিয়া তেওঁৰ অগ্নাশয়ৰ কোষবোৰে দ্ৰুত গতিত কাম কৰে।
খৰখেদাকৈ খোজ কাঢ়িলে চুগাৰৰ বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ হয় আৰু খাদ্য খোৱাৰ পৰা চেনি হজম কৰিলে তেজত ইয়াৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা দিয়ে।

আমেৰিকান ডায়েবেটিছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ডায়েবেটিছ ৰোগীয়ে দৈনিক ১০ হাজাৰ খোজ বা কমেও ৩০ মিনিট খোজ কাঢ়িব লাগে। ইয়াৰ ফলত তেওঁলোকৰ তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব। যদি আপুনি একেলগে আধা ঘণ্টা খোজ কাঢ়িব নোৱাৰে তেন্তে দিনটোৰ ভিতৰত ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি ১০-১০ মিনিট খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ উপৰিও খাদ্য নিয়ন্ত্ৰণো কৰিব লাগিব, বিশেষকৈ কাৰ্বযুক্ত খাদ্য পৰিহাৰ কৰিব লাগিব, কাৰণ সেইবোৰ হজম কৰিবলৈ আপুনি অধিক খোজ কাঢ়িব লাগিব।

হাৰ্ডিকে তেওঁলোকৰ সংগীতৰ পৰা নাটাছাৰ সৈতে ফটো শ্বেয়াৰ কৰিছে, কয় ‘মোৰ আজীৱন নৃত্যৰ সংগী’

ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই ইনষ্টাগ্ৰামত উদয়পুৰত তেওঁলোকৰ সংগীতৰ পৰা পত্নী নাটাছা ষ্টেনকোভিচ পাণ্ডিয়াৰ সৈতে নিজৰ ছবি শ্বেয়াৰ কৰে।

ছবিসমূহৰ কাষত তেওঁ লিখিছে, ‘আজীৱন মোৰ নৃত্যৰ সংগী।

ছবিবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন অনুৰাগীয়ে লিখিছে, “লাভলী ছবি।” আন এজনে লিখিছে, “আচৰিত দম্পতী।”

ছানিয়া মিৰ্জাই তেওঁৰ 20 বছৰীয়া টেনিছ কেৰিয়াৰক বিদায় জনালে, ডুবাইত তেওঁৰ অন্তিম খন মেচত পৰাজিত…

ভাৰতীয় টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই মঙলবাৰে তেওঁৰ ২০ বছৰীয়া পেছাদাৰী টেনিছ কেৰিয়াৰক বিদায় জনায়।

মঙলবাৰে তেওঁ ডুবাই টেনিছ চেম্পিয়নশ্বিপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেডিচন কীজৰ সৈতে প্ৰথম ৰাউণ্ডৰ মহিলা ডাবলছ মেচত পৰাজিত হয়।

ছানিয়া আৰু মেডিছনে ৰাছিয়াৰ ভিক্টৰিয়া কুডাৰমেটোভা আৰু লিউডমিলা চেমচোভাৰ যুটিৰ বিৰুদ্ধে খেলখন ৪-৬, ০-৬ ব্যৱৱধাৰাত পৰাজিত হয়৷

ছোৱালীৰ বিয়াৰ বয়স ২১ বছৰ বিচৰা আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

অধিবক্তা অশ্বিনী উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত পুৰুষ আৰু মহিলা দুয়োৰে বিবাহৰ বয়স ২১ বছৰ হ’ব লাগে বুলি বিচাৰি এখন আবেদন দাখিল কৰিছিল। ন্যায়াধীশসকলে গোচৰটো শুনিবলৈ অস্বীকাৰ কৰি খাৰিজ কৰিছে। আদালতৰ মতে সংসদে এই বিষয়টো বিবেচনা কৰিব। উচ্চতম ন্যায়ালয়ে ইয়াত মূৰ নঘমায়৷

দেশত প্ৰচলিত বিবাহ আইন অনুসৰি, ছোৱালীৰ বিয়াৰ নিম্নতম আইনী বয়স হৈছে ১৮ বছৰ। ল’ৰাৰ ক্ষেত্ৰত এয়া ২১বছৰ। অৱশ্যে, ২০২১ চনত কেন্দ্ৰই সংসদত এখন বিধেয়ক আনিছিল। বিবাহযোগ্য হ’বলৈ ছোৱালীৰ বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। বিধেয়কখন সংসদীয় স্থায়ী সমিতিলৈও প্ৰেৰণ কৰা হৈছিল। বিষয়টো বৰ্তমান তাতেই ওলমি আছে।

ইয়াৰ মাজতে অধিবক্তা অশ্বিনী উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত ছোৱালীৰ বিবাহযোগ্য বয়স ২১বছৰলৈ বৃদ্ধি কৰিবলৈ আবেদন দাখিল কৰে। তেনে ক্ষেত্ৰত, ল’ৰা আৰু ছোৱালী দুয়োৰে বিবাহযোগ্য বয়স সমান হ’ব। শীৰ্ষ ন্যায়ালয়ে অৱশ্যে কয় যে আইন সলনি কৰাৰ বিষয়টো সংসদৰ ওপৰত এৰি দিয়া উচিত। তেওঁলোকৰ আইন অনাৰ ক্ষমতা আছে। এইদৰে কৈ আদালতে গোচৰটো খাৰিজ কৰে।

উল্লেখ্য যে শেষবাৰৰ বাবে ১৯৭৮ চনত বিবাহৰ বয়সৰ আইন সংশোধন কৰা হৈছিল। সেই সময়ত ছোৱালীৰ বিবাহৰ নিম্নতম আইনী বয়স আছিল ১৮ বছৰ। আনহাতে, এজন পুৰুষৰ বাবে বিবাহৰ নিম্নতম বয়স ২১ বছৰ নিৰ্ধাৰণ কৰা হৈছে। বহুতে অনুভৱ কৰে যে বৰ্তমানৰ আৰ্থ-সামাজিক গাঁথনিত সেই নিয়ম সলনি কৰাটো প্ৰয়োজনীয়।

গোসাঁইগাঁৱত বিপিএফৰ কৰ্মীসভাঃ উপস্থিত বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকটো ৰাজনৈতিক দলে সষ্টম হোৱাৰ সময়তে বিটিচি অঞ্চলত বিৰোধী দল বিপিএফ দলেও দলীয় স্থিতি শক্তিশালী কৰাৰ বাবে মাৰ বান্ধি থিয় দিছে।

সেই উপলক্ষে আজি গোসাঁইগাঁৱত বিপিএফ দলে কৰ্মীসভা অনুষ্ঠিত কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিত এতিয়া কোনো পৰিবৰ্তন হোৱা নাই, বিটিচি ধ্বংস হে হৈ আছে।

তেওঁ আৰু কয় যে বিপিএফ দলে অহা লোকসভা নিৰ্বাচনত নতুনকৈ হব লগা কোকৰাঝাৰ আৰু ওদালগুৰী সমষ্টিত নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।

সভাত দলটোৰ কেন্দ্ৰীয় পৰ্যায়ৰ অৰ্ধশতাধিক নেতা সহ পাঁচ সহস্ৰাধিক কৰ্মী উপস্থিত আছিল।

ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছৰ বেডমিণ্টনত অসম দলৰ ১৭ টাকৈ সোণৰ পদক লাভ


উত্তৰ প্ৰদেশৰ বাৰণসীত মাষ্টাৰ গেম ফেডাৰেচনৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছৰ বেডমিণ্টন শাখাৰ প্ৰতিযোগিতাত অসমৰ ১১জনীয়া পুৰুষ-মহিলাৰ দলটোৱে উভয় শাখাতে উল্লেখনীয় প্ৰদৰ্শনৰে ১৭ টাকৈ সোণৰ পদক লাভ কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

তেনেদৰে দলটোৱে ৯ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। দলটোৰ খেলুৱৈ সকলৰ সদস্য সকল আছিল ক্ৰমে – মাইন্টু কুমাৰ ভাগৱতী, কাচে তেৰাংপী, ডাঃ জেকুইলিন তেৰাংপী, মেলডি কাঠাৰপি , জুবিনা বেইপি , এপ্ৰিল বেইপি , চামপ্ৰি তেৰাংপী , থং টেৰণ , জ্ঞান ৰঞ্জন বৰা , সঞ্জয় মজুমদাৰ আৰু সন্দ্বীপ চক্ৰৱৰ্তী।

দলটোৱে প্ৰতিযোগিতাত ৩৫ কেজিৰ পৰা আৰম্ভ কৰি ৬০ কেজি ওজনলৈকে ভাগ লৈছিল।

উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত আয়োজিত ‘উদ্যম-২০২৩’ শীৰ্ষক এম.এছ.এম.ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘উদ্যম-২০২৩’ শীৰ্ষক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম.এছ.এম.ই) ব্যৱসায় আৰু বাণিজ্য সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ বাবে আজিৰে পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈ কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী আৰু গোৱালপাৰা জিলাৰ লগতে ভাৰত চৰকাৰৰ এম.এছ.এম.ই, বেংকিং খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে ‘উদ্যম-২০২৩’ শীৰ্ষক এই সন্মিলন অনুষ্ঠিত হৈছে।

নিজৰ উদ্বোধনী ভাষণত মন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ দহটা স্থানত আয়োজিত “উদ্যম-২০২৩” শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে ব্যৱসায় তথা উদ্যোগীকৰণৰ প্ৰতি এক জনজাগৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অসমক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে এক প্ৰচেষ্টা হাতত লোৱা হৈছে।

উদ্যমীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে সময়ে সময়ে হাতত লোৱা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে “ভোকেল ফৰ লোকেল” মূলমন্ত্ৰৰে দেশৰ দূৰদৰ্শী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায়েই আমাৰ থলুৱা উদ্যোগ আৰু উদ্যোগীসকলৰ স্বাৰ্থৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

এসময়ত উদ্যোগ আৰু ব্যৱসায়ৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰা লোকসকলেও আজি লাহে লাহে এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱাটো ৰাজ্যখনৰ উদ্যোগ ক্ষেত্ৰখনৰ বাবে এক আশাৰ বতৰা বুলি তেওঁ মন্তব্য কৰে।

এই গতি অব্যাহত থাকিলে অনাগত দিনত অসমত ব্যৱসায়ত আত্মনিয়োগ কৰা উদ্যমীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। বৰ্তমানে প্ৰতিষ্ঠিত প্ৰতিটো ডাঙৰ উদ্যোগেই এসময়ত ক্ষুদ্ৰ ৰূপত আত্মপ্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেয়ে নতুন উদ্যোগীসকলে এই কথাক লৈ সংশয় কৰাটো অমূলক।

“উদ্যম”ৰ অংশস্বৰূপে হাতত লোৱা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী, আলোচনা চক্ৰ আৰু প্ৰশিক্ষণ শিবিৰ আদি অভিনৱ কাৰ্য্যসূচীয়ে ৰাজ্যৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ ব্যৱসায়ক এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত “উদ্যম”ৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।

উল্লেখযোগ্য যে ১০০টাৰো অধিক এম.এছ.এম.ই বিপণী তথা ১২টা খাদ্য বিপণীয়ে অংশগ্ৰহণ কৰা এই সন্মিলনত কামৰূপ জিলাৰ কৃষি, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ, জিলা গ্ৰামীণ অভিকৰণৰ বিপণীয়েও অংশগ্ৰহণ কৰিছে।

সন্মিলনৰ আটাইকেইটা দিনতে ব্যৱসায়ৰ সম্ভাৱনীয়তা, উপযুক্ত প্ৰকল্প নিৰ্বাচন, ব্যৱসায়ৰ উন্নয়ন, পঞ্জীয়ন, ঋণৰ উপলব্ধতা, বাঁহ-বেতৰ পৰা আটকধুনীয়া সামগ্ৰী নিৰ্মাণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ আধুনিকীকৰণৰ গুৰুত্ব, ক্ৰেতা-বিক্ৰেতা সন্মিলন, কাঠফুলাৰ মূল্য সংযোজন, সামগ্ৰীৰ ব্ৰেণ্ডিং, পেকেজিং, বজাৰ সংযোগ, ৰপ্তানিৰ সজাগতা ইত্যাদিৰ প্ৰশিক্ষণ তথা আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন প্ৰতিযোগিতাৰো ব্যৱস্থা ৰখা হৈছে।

আজিৰ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ডঃ লক্ষ্মণন এছ, ভাৰত চৰকাৰৰ এম এছ এম ইৰ সঞ্চালক আৰ কে গিৰি, লঘু উদ্যোগ ভাৰতীৰ সভাপতি মনোজ লুংডিয়া, কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বে, অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, এ আই ডি চিৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে।

“বিষ্ণুৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা”- বিধায়ক ৰূপজ্যোতি কুৰ্মী

ভগৱান বিষ্ণুৰ আৱিৰ্ভাৱৰ কাৰণেই হ’ল দুষ্টক দমন শিষ্যক পালন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও অসমত এক বিষ্ণুৰ অৱতাৰস্বৰূপ।

তেওঁ অসমত দুষ্টক দমন আৰু শিষ্যক পালন কৰি অসমখনক জাকত-জিলিকা কৰি তুলিছে। এই বক্তব্য মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। মঙ্গলবাৰৰ পৰা দুদিনীয়াকৈ পাটসাঁকো হাইস্কুল খেলপথাৰত নেটবল সন্থা অসম আৰু নেটবল সন্থা চৰাইদেউ জিলাৰ উদ্যোগত অনুষ্ঠিত আন্ত:জিলা নেটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সন্থাৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে উপস্থিত থাকি কুৰ্মীয়ে সাংবাদিকৰ প্ৰশ্নত এই মন্তব্য আগবঢ়ায়।

তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় পদক্ষেপৰ বাবেই অসম আজি ড্ৰাগছ মুক্ত, অপৰাধমুক্ত, গড়হত্যা ৰোধ হ’ব পাৰিছে বুলি কয়। অসমত ইমানদিনে বহুজনে বিভিন্ন দল-সংগঠনে খুলি সংস্থাপিত হৈ আছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ সু-শাসনৰ বাবেই আন্দোলন, ধৰ্ণা, টায়াৰ জ্বলোৱা আদি সকলো অপকৰ্মৰ উৎস নোহোৱা কৰি তেওঁলোকক সুযোগহীন কৰি তুলিছে বুলিও মন্তব্য কৰে।

আনহাতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী প্ৰসংগতো কুৰ্মীয়ে মন্তব্য আগবঢ়াই কয় যে ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা কথাটো দূৰৰে কথা, তেওঁক ভাৰতৰ জনতাই অস্বীকাৰ কৰিছে আৰু বৰ্তমান তেওঁ সাংসদ, বিধায়ক বাদেই পঞ্চায়তৰ সভাপতি এজনো হ’ব নোৱাৰে।

বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শন আৰু সজাগতা সভা

বিটিআৰৰ আই চি ডি পি কোকৰাঝাৰৰ উদ্যোগত তামুলপুৰ মহকুমা পশুপালন আৰু পশুচিকিৎসা কাৰ্যালয়ৰ অন্তৰ্গত তামুলপুৰ খণ্ড পশুপালন আৰু পশু চিকিৎসালয়ৰ সহযোগত বালাবাৰীত আজি বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শন-সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ দিনৰ এঘাৰ বজাত বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে স্থানীয় ভিচিডিচিৰ অধ্যক্ষ ডালিম বড়োৱে৷ পাছত মহকুমা পশুপালন আৰু পশুচিকিৎসা বিষয়া ৰূপম বড়োৰ সঞ্চালনাত এখন সজাগতা সভা অনুষ্ঠিত হয়৷

তামুলপুৰ খণ্ড পশুচিকিৎসা বিষয়া ডা: বলেন চৌধুৰীয়ে আঁত ধৰা সজাগতা সভাত ডা: মহেশ দাসে গাই গৰুৰ কৃত্ৰিম আৰু প্ৰাকৃতিক প্ৰজননৰ ওপৰত বক্তব্য ৰাখি তেওঁ কয় যে ঘৰত বহিয়ে গীৰ গাই, চাহিয়াল, জাৰ্চি, ৰ প্ৰজনন কৰি উন্নত প্ৰজাতিৰ গাইগৰুৰ পোৱালী প্ৰজনন কৰিবলৈ সক্ষম হ’ব পাৰে গো-পালক সকল৷ গুৰমৌ পশুপালন আৰু পশু চিকিৎসালয়ৰ বিষয়া ডা° ৰিংকু ডেকা ই গৰু পালনৰৰ সমন্তৰালভাৱে উন্নত মানদণ্ড ঘাঁহৰ খেতি কৰিবলৈ গোপালক সকলক পৰামৰ্শ দি তেওঁ কয় যে ঘাঁহ খাদ্য হিচাবে গৰুক যোগান ধৰিলে ঔষধৰ ব্যৱহাৰ কমি যোৱাৰ উপৰিও নানা ধৰনৰ বেমাৰ আজাৰৰ পৰিমান হ্ৰাস পায়।

আনহাতে গাইগৰুৰ গাখীৰ উৎপাদনো যথেষ্ট বৃদ্ধি হয়৷ ধানখেৰ আৰু দানাতকৈ লাভজনক হ’ল সেউজীয়া ঘাঁহ৷ গাইগাৰু এজনীয়ে জীৱনত যিমান উৎপাদনশীল হ’ব পাৰে সেই খিনি উৎপাদন দিবলৈ সক্ষম হোৱা দেখা যায়৷ উন্নত প্ৰজাতিৰ নেপিয়াৰ ঘাঁহ আৰু মাকৈ অধিক শক্তিদায়ক প্ৰটিনযুক্ত খাদ্য৷ তাৰোপৰি গৰুৰ খাদ্য হিচাবে শক্তি দায়িনী কলগছ, মেটেকা আদিও খুৱাব পাৰে বুলিও তেওঁ মন্তব্য প্ৰদান কৰে।

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চৰিত্ৰ কলিতা আৰু অৰবিন্দ কলিতাইয়ো কৃত্ৰিম প্ৰজননৰ দ্বাৰা গো-পালন কৰি দুগ্ধ উৎপাদন কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় ৷ আনহাতে গৰুৰ খাদ্যৰ মূল্য বৃদ্ধি হোৱাত আক্ষেপ প্ৰকাশ কৰি কৰে তেওঁলোকে‌। সভাৰ শেষত সঞ্চালকৰ আসনৰ পৰা মহকুমা পশু পালন আৰু পশু চিকিৎসা বিষয়া ডা° ৰূপম বড়োৱে গো পালক সকলক উদ্দেশ্যি কয় যে –
সকলোৱে গৰু পালন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হওঁক , উন্নত প্ৰজাতিৰ গাইগৰু পালন কৰিবলৈ আহ্বান জনাই কয় যে গো-পালক সকলে গাইগৰু পালনৰ সমান্তৰালভাৱে উন্নত মানৰ সেউজীয়া ঘাঁহৰ উৎপাদনত গুৰুত্ব দিব লাগিব ৷ গো পালক সকলে ঘাঁহৰ খেতি কৰি সফল হব পাৰিব ৷

কম খৰছত অধিক উৎপাদনৰ দিহা কৰিবলৈ হ’লে আমি গো পালক সকলে বৰ্ণ সংকৰ গৰু পোৱালি প্ৰজনন কৰি ঘৰতে পালন কৰি অধিক গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হম। সেয়ে গো-পালক সকলক ব্যৱসায়িক ভিত্তিত গো-পালন কৰিবলৈ তেওঁ আহ্বান জনায়৷


আজিৰ গো-পোৱালী প্ৰদৰ্শনীত গাঁৱ খনৰ ২৪ টা পোৱালী পৰিবেশন কৰা হয়৷ প্ৰদৰ্শনীত নিৰ্বাচিত হোৱা গো-পোৱালী পালক সকলক একোখনকৈ মানপত্ৰ আৰু ধন বিতৰন কৰে৷ লগতে গো পোৱালী বোৰৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধৰ যোগান ধৰা হয়৷

আজিৰ এই গো-পোৱালী প্ৰদৰ্শনী আৰু সজাগতা সভাত মহকুমাটোৰ গোৰেশ্বৰৰ পশুচিকিৎসা বিষয়া
ডা° প্ৰতীম হাজৰিকা, নাগ্ৰীজুলিৰ পশুচিকিৎসা বিষয়া পৃথীসিং চেত্ৰী , ক্ষেত্ৰ সহায়ক কংকন বড়ো, ৰঘু মজুমদাৰ প্ৰমুখ্যে বালাবাৰী গাঁৱৰ গো – পালক, কেবাগৰাকী ক্ষেত্ৰ সহায়ক উপস্থিত আছিল৷