Home Blog Page 1722

নিতৌ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে নিৰাপত্তাহীনতাত কলিয়াবৰীয়া ৰাইজ; উপায়হীন ৰাইজে শৰণাপন্ন হ’ল গণেশ দেৱতাৰ

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ নিৰাপত্তাহীনতাত ভোগা কলিয়াবৰীয়া গঞাই এইবাৰ গণেশ দেৱতাৰ শৰণাপন্ন হ’ল কলিয়াবৰত। নিশা হ’লেই বনৰীয়া হাতীৰ সন্ত্ৰাসত সন্ত্ৰাসিত হয় কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গাঁওবাসী।

বনৰীয়া হাতীৰ সন্ত্ৰাস ৰোধৰ বাবে চৰকাৰ আৰু বন বিভাগক আবেদন-নিবেদন কৰিও গাঁওবাসীয়ে সুফল নাপালে। সেয়ে, বন বিভাগৰ ওপৰত ভৰষা হেৰুৱাইছে কলিয়াবৰৰ দেৱৰ সত্ৰৰ গঞাই।

প্ৰায় প্ৰতি নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱ অঞ্চলটোৰ ৰাইজৰ বাবে যেন হৈ পৰিছে দৈনন্দিন জীৱনৰ অভিন্ন অংগ। গতিকে, ৰাইজে বন বিভাগৰ ওপৰত ভৰসা এৰি পূজা-অৰ্চনা কৰিলে নেদেখাজনৰ। গণেশ দেৱতাক পূজাৰে সন্তোষ্ট কৰি পৰিত্ৰাণ বিচাৰিলে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে কলিয়াবৰৰ বিভিন্ন অঞ্চলত চলাইছে উপদ্ৰৱ। বিয়াগোম বন বিভাগ এতিয়াও ঘোৰ নিদ্ৰাত। কলিয়াবৰত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগৰ নাই পৰ্যাপ্ত সুবিধা। যাৰ ফলত এইদৰে জীয়াতু ভুগিছে কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গঞাই।

কলিয়াবৰৰ প্ৰায় প্ৰতিটো অঞ্চলতে প্ৰতি নিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই হাতী খেদাৰ ব‍্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিছিল যদিও কোনো সুফল নাপালে ৰাইজে। কলিয়াবৰত ক্ৰমাৎ বাঢ়ি অহা হাতী-মানুহৰ সংঘাট নিয়ন্ত্ৰণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বন বিভাগক বিশেষ ব‍্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছিল।

সেই সন্দৰ্ভত বন বিভাগক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাতে বনৰীয়া হাতীৰ জনাঞ্চলত প্ৰৱেশ ৰোধ কৰিব পাৰে তাৰ বাবে বন বিভাগে কৰ্মৰত বনকৰ্মী বৃদ্ধি কৰিবলৈ জনাইছিল। বনৰীয়া হাতীয়ে যি পথেৰে জনাঞ্চলত প্ৰায়েই প্ৰৱেশ কৰে সেই পথসমূহৰ পৰাই গভীৰ বনাঞ্চললৈ ওভতাই পঠোৱা ব‍্যৱস্থা বন বিভাগে কৰিব বুলিও জনাইছিল মন্ত্ৰীগৰাকীয়ে।

কিন্তু মন্ত্ৰীৰ আশ্বাসকো গুৰুত্ব নিদিয়ে বন বিভাগে। ফলস্বৰূপে বনৰীয়া হাতীৰ উপদ্ৰৱত দিক-বিদিক হেৰুৱাই ভুক্তভোগীয়ে আত্মহত‍্যা কৰিবলৈ বাধ‍্য হ’ব লাগিব বুলিও গুৰুতৰ মন্তব‍্য লগাত পৰিছে। ইফালে হাতীয়ে ক্ষতি সাধন কৰা পৰিয়ালক চৰকাৰৰ ক্ষতিপুৰণৰ নামত শূন্য।

বহু বছৰৰ পৰা ক্ষতি পুৰণৰ নামত ফুটাকৰি এটাও লাভ কৰা নাই ভুক্তভোগী পৰিয়ালে। ৰাইজৰ দাবীৰ প্ৰতি বিভাগীয় হেমাহীৰ বাবে নিতৌ বনৰীয় হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ গাঁওবাসীয়ে লৈছে এই পদক্ষেপ।

৪৪তম বেলতলা বহাগী উৎসৱৰ প্ৰস্তুতি

বিগত বৰ্ষ সমূহৰ দৰে এই বেলিও বেলতলা বহাগী উৎসৱৰ সমিতিয়ে অহা ২০, ২১ আৰু ২২ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে বেলতলা বহাগী উৎসৱ উদ্‌যাপন সমিতিয়ে ব্যাপক প্রস্তুতি চলাইছে।

বেলতলা বহাগী উৎসৱ পালনৰ উদ্দেশ্যে বেলতলা পূবেৰুণ সংঘৰ ইনড’ৰ হলত কার্যকৰী সভাপতি বিজয় বড়োৰ সভাপতিত্বত এখন গাম্ভীর্য পূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়।

উক্ত সভাত নাৰায়ণ ডেকাক সভাপতি, বিশিষ্ট সাংস্কৃতিক সংগঠক সঞ্জয় গোস্বামীক সাধাৰণ সম্পাদক, বিজয় বড়োক কাৰ্য্যকৰী সভাপতি, জয়ন্ত গগৈক সাংস্কৃতিক সম্পাদক আৰু প্রদীপ দাসক কোষাধ্যক্ষৰূপে লৈ এখন পূর্ণাঙ্গ সমিতি গঠন কৰা হয়।

লগতে ২০২৩ বৰ্ষৰ ড° ভূপেন হাজৰিকা বঁটা প্ৰদান আৰু বিশিষ্ট গায়ক-গায়িকাৰ বিষয়েও উক্ত সভাত বিতংভাৱে আলোচনা কৰা হয়। বেলতলা বহাগী উৎসব উদযাপন সমিতিয়ে জানিবলৈ দিয়ামতে বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি এইবাৰো পাটমাদৈ, বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তিনিও দিনৰ কাৰ্যসূচীতে উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতাৰ শ্ৰদ্ধাৰে কামনা কৰিছে।

“কিহৰ আক্ষেপত মানুহে ওঁঠত লগাই লয় একুৰা জুই”

জীৱনৰ শেষ চিগাৰেটতো…
“কিহৰ আক্ষেপত মানুহে ওঠত লগাই লয় একুৰা জুই”
এটা ইংৰাজী গল্প পঢ়িছিলোঁ। মিষ্টাৰ হোৱাইটৰ এটা বেয়া অভ্যাস আছিল, তেওঁ বহুত বেছি পৰিমানে চিগাৰেট খাইছিল। মিষ্টাৰ হোৱাইটে জানিছিল যে তেওঁৰ নিচা অস্বাস্থ্যকৰ। যাৰ বাবে গোটেই দিনটো কাহ মাৰি থাকে। মিষ্টাৰ হোৱাইট ডাক্তৰৰ ওচৰলৈ গ’ল। তেওঁক ডাক্তৰে এক্স-ৰে কৰিবলৈ ক’লে। এক্স-ৰে কৰাত তেওঁৰ বাওঁ হাওঁফাওঁত টিউমাৰ এটা পাইছিল। মিষ্টাৰ হোৱাইট ভয় খাই ঘৰলৈ গ’ল। তেওঁ লগত থকা চিগাৰেটৰ পেকেটৰ পৰা চিগাৰেটবোৰ পেলাই দিলে, কিন্তু এটা চিগাৰেট নজ্বলোৱাকৈ পকেটত ৰাখিলে। তেওঁ নিজে নিজক প্ৰতিশ্ৰুতি দিলে যে এইটোৱেই হ’ব তেওঁৰ শেষ চিগাৰেট।


কেতিয়াবা কিছুমান বস্তু বা নিজক জীয়াই ৰাখিবলৈ কিছুমান অভ্যাস সলনি কৰিব লগা হয়। এনে এক অভ্যাস ত্যাগ কৰি প্ৰেমক জীয়াই ৰখা কাহিনীও আমাৰ মাজত আছে। যি কাহিনী আমাৰ আদৰ্শ হোৱা উচিত। যেতিয়া প্ৰেয়সী আজীৱন মৌন হৈয়ে প্ৰেমিকক সমৰ্থন কৰি প্ৰেমিকৰ জীৱন সলনি কৰি দিয়ে তেনে প্ৰেমিক-প্ৰেমিকা দুয়োগৰাকীয়ে ভাগ্যৱান। প্ৰেম সৃষ্টিৰ এক অপৰিহাৰ্য অংগ। পৃথিৱীৰ সমস্ত ধৰ্মগ্ৰন্থ আৰু ধৰ্মশাস্ত্ৰই প্ৰেমক আগস্থান দিছে। সকলোৰে জীৱনত প্ৰেম আছে, প্ৰেম হ’ব লাগে এজনে আনজনক জীয়াই ৰখাৰ সাহস। প্ৰেম হ’ব লাগে বেয়া অভ্যাসবোৰ সলনি কৰি জীৱনটো ৰঙীন কৰি তোলাৰ অমোঘ অস্ত্ৰ। “The last cigarette” – ওপৰত উল্লেখ কৰা আটাইবোৰ কথাকে গুৰুত্ব দি নিৰ্মাণ কৰা এখন চুটিছৱি। প্ৰেমিকাৰ কথা শুনি প্ৰেমিকাই বেয়া পোৱা চিগাৰেটটো সদায়ে কামিজত সাঁ‌চি ৰাখি আজীৱন মৌন প্ৰেমিকাৰ সৈতে জীৱন পাৰ কৰা দুহাল প্ৰেমিকৰ কাহিনী The last cigarette.

তাই কোনোদিনে কথা ক’ব নোৱাৰে, প্ৰেমিকাক ভালপাব খোজা প্ৰেমিকৰ কথাবোৰ মৌন হৈ শুনি প্ৰেয়সীৰ মুখত বিৰিঙি উঠিছিল প্ৰেমৰ হাঁ‌হি। প্ৰেয়সীৰ মৌনতা বুজিয়েই, প্ৰেয়সীৰ মৌনতাৰ বাবেই গোটেই জীৱন তেওঁৰেই হৈ ৰ’ল প্ৰেমিক দুয়োগৰাকী। তেওঁৰ এনে কি আছিলে, যাৰ বাবে আপুনি বলিয়া হৈ ৰ’ল…? – মৌনতা… তেওঁৰ মৌনতাৰ বাবেই আজিও মই তেওঁৰেই হৈ আছো…!” মৌনতাৰ প্ৰেমত পৰি প্ৰেম নামৰ অভ্যাসটো জীয়াই ৰাখিবলৈ বাদ দিছিল অন্য কিছু অভ্যাস, ওঠত লগাই লোৱা জুইকুৰা। মৌনতা নুবুজিও বাৰে বাৰে কাষ চাপি, প্ৰেয়সীৰ মৌনতাৰে ভৰা মুখত মিঠা হাঁ‌হি আনিবলৈ চিৰদিনৰ বাবে ধৰিছিল প্ৰেয়সীৰ হাতত। এয়াই এটা চিগাৰেটৰ কাহিনী, যি কামিজৰ জেপত হৈ থাকিল “জীৱনৰ শেষ চিগাৰেট”। তোমাৰ ভালপোৱাৰ হেপাহত, তোমাৰ অভিমানৰ ভয়ত, মই মোৰ কামিজৰ জেপত সংগোপনে কঢ়িয়াই ফুৰিছো, জীৱনৰ এটা হেপাহ, জীৱনৰ এটা উশাহ… The Last Cigarette of My Life”

অসীম কৃষ্ণ বৰুৱা, কমললোচন, স্বাগতা ভৰালী, অৰ্পণা দত্ত চৌধুৰী যুৱ প্ৰজন্মৰ চাৰিগৰাকী প্ৰিয় অভিনেতাই চুটিছৱিখনত কৰা অভিনয় অভিনয় যেন নালাগিল। এনে লাগিল যে আমাৰ চকুৰ সন্মুখত এনে এটা ঘটনা ঘটি আছে আৰু আমি তাক লক্ষ্য কৰি আছোঁ। যাক কোৱা হয় স্বাভাৱিক অভিনয়। যি অভিনয় সকলো অভিনেতাই কৰিব নোৱাৰে। অন্যহাতে সামান্য বস্তু এটাৰ আঁত ধৰি আতীত শইকীয়াই ৰচনা কৰা কাহিনী সঁ‌চাকৈয়ে উৰ্দ্ধত। কাহিনীৰ সংলাপবোৰ যেন এগৰাকী সঁ‌চা প্ৰেমিকৰ হৃদয়ৰ পৰা ওলাই অহা একোটা নিৰ্ভেজাল শব্দ তথা বাক্য। বাকী পৰিচালনাও সুন্দৰ হৈছে বুলি ক’ব পাৰি।

লেখক- জনাৰ্দন তালুকদাৰ

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ অভিনেতা য়ছ, ঋষবশ্বেট্টী, প্ৰাক্তন ক্ৰিকেটাৰ ভেংকটেশ প্ৰসাদ আৰু অনিল কুম্বলৰ…

বেংগালুৰুত ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত অভিনেতা, প্ৰাক্তন ক্ৰিকেটাৰ আৰু বিশিষ্ট ব্যক্তিত্বক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

কানাড়া অভিনেতা য়শ আৰু ঋষব শ্বেট্টী, প্ৰাক্তন ক্ৰিকেটাৰ অনিল কুম্বলে, জাভাগল শ্ৰীনাথ আৰু ভেংকটেশ প্ৰসাদৰ লগতে আন কিছুমান বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সোমবাৰে এৰো ইণ্ডিয়াৰ চতুৰ্দশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মোডীয়ে সন্ধিয়া উপস্থিত হোৱাৰ পিছত দেওবাৰে ইয়াৰ ৰাজভৱনত আয়োজিত এখন ভোজৰ সভাত এই বৈঠক অনুষ্ঠিত হয়।

কৰ্ণাটক বিজেপিয়ে য়শ, শ্বেট্টী, প্ৰয়াত অভিনেতা পুনীথ ৰাজকুমাৰৰ পত্নী অশ্বিনী পুনীথ ৰাজকুমাৰ, জনপ্ৰিয়ভাৱে “আইয়ো শ্ৰদ্ধা” নামেৰে পৰিচিত কমেডিয়ান শ্ৰদ্ধাৰ সৈতে মোডীৰ ছবি টুইট কৰিছে।

উতনুৱা ফাগুনৰ বতৰা…

ফাগুন আৰু প্ৰেম দুটাই এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। হয় ,ফাগুন মানেই নিলাজ, ফাগুন হ’ল উতনুৱা চঞ্চলা পখিলী ।শীতৰ সেমেকা নিশা বিদায় বেলাতে ফাগুনৰ আগমন ।ৰঙা মদাৰো যেন চঞ্চল উতনুৱা ফাগুনৰ পছোৱাত।সেই ফাগুনৰ এটা বিশেষ দিন চেইন্ট ভেলেন্টাইনৰ নামত ১৪ফ্ৰেব্ৰুৱাৰী দিনটো ।ফাগুন আহে সংগোপনে নৈপৰীয়া গাভৰুৰ বুকুৰ আচল খহাই । চঞ্চলা পখিলী হৈ ক’ত দিনৰ আবেগৰ বৰষুণ নমাই।প্ৰেম ভালপোৱা এইবোৰ জীয়াই থকাৰ চালিকা শক্তি।জীৱনত প্ৰেম হ’ব লাগিব নহ’লে জীয়াই থকাৰ সাৰ্থকতা ক’ত।প্ৰেম মানে অকল ডেকা গাভৰু ৰ কথা কোৱা নাই । জীৱনৰ প্ৰথম প্ৰেম মা তাৰ পিছত দেউতা এনেকৈ ভাইটি ভন্টিৰ লগত প্ৰেম হয়।

প্ৰেমৰ কোনো সংজ্ঞা নাই। ই এনেকুৱা এটা শব্দ ই কাৰোবাক শূন্যৰ পৰা এক বনাই দিব পাৰে আৰু কাৰোবাক একৰ পৰা শূন্য বনাই দিব পাৰে।প্ৰেমে পূৰ্ণতা আনে জীৱনলৈ।

১৪ফ্ৰেৱ্ৰুৱাৰী দিনটো প্ৰেমৰ এটা বিশেষ দিন প্ৰেমিক প্ৰেমিকাৰ বাবে । কিন্তু সেই মাত্ৰ এটা দিনেই কিয় প্ৰেমৰ নামত । প্ৰতিটো দিনেই প্ৰেমৰ দিন হওক । প্ৰতি খোজতে সাহসেৰে আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি দিয়ক , দুহাতেৰে দুয়োজনে পৃথিৱীৰ সকলো সুখ দুখৰ সমভাগী হওঁক। জীৱনৰ কাঁইটীয়া বাটত ইজনে সিজনক সহায়ক হওক । এই বিশেষ দিনটোত প্ৰেম কৰি হাজাৰ হাজাৰ টকা খৰচ কৰি পাছত অকনমান অজুহাততে আতৰি যোৱা চতুৰ প্ৰেমিক প্ৰেমিকাৰ অভাৱ নাই । কবলৈ বাধ্য আজিৰ প্ৰজন্মৰ মাজত কিছু আছে ।প্ৰেমৰ নামত প্ৰেমিকাক ৩৫ টা টুকুৰা কৰা প্ৰেমিকো আছে । এইখন দেশতে প্ৰেয়সীৰ মৃত্যুত শিৰত সেন্দুৰ দি পত্নীৰ মৰ্যদা দিয়া প্ৰেমিকো আছে । প্ৰেমে সৃষ্টি কৰে ধ্বংস নকৰে।মোৰ এটি অনুভৱ প্ৰেমৰ নামত

কবিতাৰ শিৰোনামা: বদনামী ফাগুন

নিলাজ ফাগুনৰ পছোৱাত
ক’ত যৌৱন চঞ্চল হয়
ৰঙা মদাৰৰ আগমনেই
ফাগুন অহাৰ কথাকে কয় ।

সেই উতনুৱা ফাগুনৰ লগত
মিতিৰালি কৰি মোক
তোমাৰ মৰমত
মাতাল হ’বলৈ
নিদিবা ।

প্ৰেমৰ নামত
ভুৱা প্ৰতিশ্ৰুতি নিদিবা,
যদিহে নোৱাৰা পালন কৰিব ।

মইতো থাকিব লাগিব জীয়াই
তোমাৰ স্মৃতি সাৱটি ,
তুমি অতীত পাহৰি
বৰ্তমানক আদৰিলা চতুৰতাৰে।

আৰু মই হৃদয়ৰ দুৱাৰ বন্ধ কৰি
কৃত্ৰিম হাহিৰে জীয়াই আছো
দুচকুৰ পানী
এতিয়া একোটা শিল হ’ল।
জীয়া শিলে কথা কোৱা শুনিছা জানো
কেতিয়াবা…….…।

লেখক,অনিমা বৰা
অসয়বাৰী গাওঁ
পো:আ:চৌতাং

৩ মাহ সম্পূৰ্ণ কৰিলে দেৱীয়ে। তাকে লৈ বিপাশা-কৰণে আয়োজন কৰিলে বিশেষ অনুষ্ঠান। কণমানি দেৱীৰ ফটো চাওক…

বিপাশা বসুৰ কন্যা দেৱীয়ে ভৰি দিলে ৩ মাহত। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীয়ে স্বামী কৰণ সিং গ্ৰ’ভাৰৰ সৈতে উদযাপন কৰি আছে বিশেষ দিনবোৰ। বিপাশা বসু আৰু কৰণ সিং গ্ৰভাৰে ২০২২ চনৰ নৱেম্বৰ মাহত কন্যা দেৱীক আদৰণি জনাইছিল। বিপাশা আৰু কৰণে দেৱীয়ে ৩ মাহত ভৰি দিয়াৰ বাবে আয়োজন কৰিলে এক অনুষ্ঠান।

বিপাশা বসুৱে কন্যাৰ ৩ মাহ সম্পূৰ্ণ হোৱাৰ উপলক্ষে উদযাপনৰ কিছু ছবি তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে। প্ৰথম ছবিখনত ‘৩ মাহ’ লিখা এটা ধুনীয়া কেক দেখা গৈছে। উদযাপনৰ আন এখন ছবিত বিপাশা আৰু কৰণে কেঁচুৱা দেৱীক কোলাত লৈ সন্মুখৰ টেবুলত তিনিটা কেক ৰখা দেখা গৈছে। ছবিখনত সেউজীয়া ৰঙৰ পোছাক পিন্ধি অভিনেত্ৰীগৰাকীক আচৰিত ধৰণে দেখা গৈছে, আনহাতে কৰণক পাতল নীলা ৰঙৰ চাৰ্ট পিন্ধি থকা দেখা গৈছে।

বিপাশাইও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ কেঁচুৱা দেৱীক ধৰি থকা এখন মৰমলগা ছবি পোষ্ট কৰিছে। দেৱীক মৰমলগা হেডবেণ্ড পিন্ধা দেখা গৈছে আৰু বিপাশাক বগা সাজ-পোছাকত দেখা গৈছে। ছবিখন শ্বেয়াৰ কৰি বিপাশাই লিখিছে, “দেৱীৰ লগত ইমান সোনকালে ৩ মাহ সম্পূৰ্ণ হ’ল… আমাৰ বাবে শ্ৰেষ্ঠ স্মৃতি”

বিপাশা বসুৱে ২০১৬ চনত অভিনেতা কৰণ সিং গ্ৰ’ভাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। একে সময়তে বিবাহৰ ছবছৰৰ অন্তত ২০২২ চনৰ ১২ নৱেম্বৰত বিপাশাই দেৱীক জন্ম দিয়ে। এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলোৰে সৈতে শ্বেয়াৰ কৰিছে দম্পতীহালে নিজেই। কৰ্মক্ষেত্ৰত বিপাশাক শেষবাৰৰ বাবে ২০১৫ চনৰ ‘এল’ন’ ছবিত দেখা গৈছিল। তাৰ পিছত ২০১৬ চনত বিয়া হৈ ছবিৰ পৰা আঁতৰি আহিছিল। ছবিৰ পৰা আঁতৰি থাকিব পাৰে অভিনেত্ৰীগৰাকী কিন্তু ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থাকে। য’ত তেওঁৰ নিজৰ জীৱনৰ প্ৰতিটো খবৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে।

ফাগুনৰ কবিতা “তুমি আহিবা বাবেই”

তুমি আহিবা বাবেই মোৰ চোতালৰ
বনৰ নিয়ঁৰ আজি শুকুৱা নাই।
চোতালত খেলি ফুৰা শালিকাহালৰ
প্ৰেমে তোমাৰ আৰু মোৰ চেনেহৰ
দিনলিপিৰ কবিতা লিখে।

তুমি ফুল মই ভোমোৰা
তুমি বতাহত হালি জালি অস্থিৰ হৈ পৰা
মই ভোমোৰা হই তোমাক স্থিৰে ৰাখিবলৈ
চাৰিওফালে ভাগৰি নপৰাকৈ খেদি ফুৰো।

তুমি হালি যোৱা আৰু
মই চুই যাওঁ
নিয়ঁৰত ভিজা তোমাৰ শৰীৰৰ
কোমলতাখিনি।
তুমি আহিবা বাবেই মোৰ চোতালৰ
বনৰ নিয়ঁৰ আজি শুকুৱা নাই।
চুই চাম নিয়ঁৰত ভিজা তোমাৰ শৰীৰৰ
কোমলতা খিনি।

কবি- হিমাংশু পাঠক

প্ৰেমৰ দিন আৰু স্মৰণীয় ঘটনা…

আমাৰ বাবে ১৪ ফেব্ৰুৱাৰী সদায় স্মৰণীয়। কাৰণ এই দিন প্ৰেমৰ আৰু ভাৰতীয় সৈনিকৰ বাবে ছহিদ দিৱস। কিয়নো বিগত ১৪ ফেব্ৰুৱাৰী ২০১৯ চনত কাশ্মীৰৰ পুলৱামা লেথপুৰাত সংঘটিত বোমা বিস্ফোৰণত ৪০ জনকৈ দেশৰ বীৰ জোৱানৰ ছহিদ হৈছিল। এইফালে প্ৰেমৰ দিন হিচাপে ইজনে সিজনক প্ৰেম ভাল পোৱাৰ প্ৰকাশ কৰিছে। আনফালে দেশৰ বাবে ৪০ জন বীৰ জোৱানে নিজৰ প্ৰাণ পৰ্যন্ত ত্যাগ কৰিব লগা হৈছিল। সঁচাকৈ সেই দিন দেশৰ বাবে বিশেষ স্মৰণীয় দিন। যিহেতু আমি প্ৰাপ্তিৰ লগতে ত্যাগ কৰিব লগীয়া হ’লো। কিন্তু এই ঘটনাক ভাৰতৰ ৰাজনীতি প্ৰেক্ষাপটত বিভিন্ন ধৰণে আলোচনা পৰ্যালোচনা কৰা দেখিবলৈ পাইছিলোঁ।

এনেদৰে সৈনিকক লৈ ৰাজনীতিৰ লগত সাঙুৰি লোৱাটো কিমান গ্ৰহণ যোগ্য , তথাপিও বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে এনেকুৱা ধৰণ আলোচনা হোৱাটো বিশেষ নতুন বুলি ক’ব নোৱাৰি। সেইকাৰণে এইদিনটো অৰ্থাৎ ১৪ ফেব্ৰুৱাৰী দিনটোক আমাৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। তদুপৰি দেশৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰা বীৰ ছহিদলৈ আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।

গোসাইগাঁৱৰ হাস্ৰাওবাৰীৰ এজন ছাত্ৰ নিৰুদ্দেশ…

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং হাস্ৰাওবাৰী গাঁৱৰ খাজা মাইনুদ্দিনৰ পুত্ৰ তথা সাপকাটা আনন্দ মঠ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আশীক ইকবাল (১৪) নামৰ ছাত্ৰ গৰাকী দেওবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছে ৷

পৰিয়ালৰ লোকে জানিব দিয়া মতে যোৱা দেওবাৰে ৰাতিপুৱা ৮ বজাত ঘৰৰ তিনিটা গৰু লৈ পথাৰত গৈ নিশা লৈকে ঘৰলৈ উভতি নাআহে ৷ পৰিয়ালৰ লোকে কিশোৰ গৰাকীক ওচৰ পাজৰে বিচাৰি চলাথ কৰে যদিও এতিয়ালৈকে তেঁওৰ কোনো সন্ধান লাভ নকৰাত পিতৃ- মাতৃৰ লগতে পৰিয়াল তথা আত্মীয় স্বজনৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত সাপকাটা আৰক্ষী চকীত এখন এজাহাৰ দিয়া হৈছে যদিও আৰক্ষীয়েও নিৰুদ্দিষ্ট ছাত্ৰ জনৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷গাঁৱৰ সচেতন যুৱক জাকিৰ হোসেনে নিৰুদ্দিষ্ট ছাত্ৰ গৰাকীৰ সন্ধান উলিয়াবলৈ আৰক্ষী তথা অসমবাসী ৰাইজলৈ বিন্ম্ৰভাৱে অনুৰোধ জনায়৷

কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দিষ্ট ছাত্ৰ গৰাকীৰ সন্ধান পালে ৭০৯৯৭০৪৬৭৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লগতে সমাজসেৱক জাকিৰ হোসেনে অনুৰোধ জনায় ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

ভেলেন্টাইন ডে : যুৱচামৰ বাবে ৰোগ নে ৰুচি?

প্ৰেমৰ অতুলনীয় শক্তিৰ অনুধাৱন কৰিয়েই কবিয়ে লিখিছিল – “প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘুৰিছে ভূমণ্ডল “। গতিকে প্ৰমৰ শক্তিৰ কথা নতুনকৈ বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। কেৱল মানৱীয় দৃষ্টিকোণেৰেই নহয়, বৈজ্ঞানিক দিশৰ পৰাও প্ৰেম অতুল শক্তিৰ নামান্তৰ মাত্ৰ। কৃষ্ণ-ৰুক্মীণীৰ প্ৰেম কিম্বা ঊষা- অনিৰুদ্ধৰ প্ৰেম। সকলো প্ৰমতেই একধৰণৰ সাহস আৰু শক্তিয়ে চালিকা শক্তি হিচাপে কাম কৰে। সেই শক্তিৰ বাবেই যুদ্ধত পতন হয় অহংকাৰী ৰূক্ম বীৰৰ , পৰস্পৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লয় হৰি আৰু হৰে। এয়া হ’ল জাগতিক জগতত প্ৰচলিত প্ৰেমৰ শক্তিৰ দুটা নমুনাহে। বিশ্ব ইতিহাসত এনে শক্তিৰ নমুনা হাজাৰ হাজাৰ পোৱা যায়।
আমি বছৰটোত বিভিন্ন দিৱস পালন কৰোঁ,তাৰে ভিতৰত আজিকালি নতুন প্ৰজন্মৰ বাবে ১৪ ফেব্ৰুৱাৰীত “ভেলেন্টাইন ডে” উল্লেখনীয়। অৱশ্যে বহুতো ল’ৰা ছোৱালীয়ে ইয়াৰ মূল কাৰণটো নাজানে। কোনোবাই পালন কৰিছে এটা আমোদৰ দিন বুলি,আন কোনোবাই পালন কৰিছে প্ৰেমৰ দিন বুলি। কিছুমানে ৰঙা গোলাপ বিলাইছে, কাৰ্ড বিলাইছে, ইজনে সিজনলৈ, প্ৰেমিক প্ৰেমিকালৈ…বচ ইমানেই।

১৪ ফেব্ৰুৱাৰী ভেলেন্টাইন ডে বা প্ৰেমৰ দিন। কিন্তু প্ৰেমৰ জানো কোনো নিৰ্দিষ্ট দিন থাকিব পাৰে ? ডেৰ হাজাৰ বছৰ আগতে ইউৰোপৰ কোনোবা এজন দুৰ্দান্ত প্ৰেমিক ভেলেন্টাইনক ৪৯৮ চনৰ ১৪ ফেব্ৰুৱাৰীত তেতিয়াৰ এজন নিৰ্দয় ৰজাই ৰাজহুৱা ভাৱে ফাঁচী দিছিল আৰু তেতিয়াৰ পৰাই উক্ত তাৰিখটোক ভেলেন্টাইন দিৱস,এটি শোকৰ দিৱস হিচাপে পালন কৰিবলৈ লয়।আমাৰ ৰামায়ণ মহাভাৰতৰ যুগৰ হাজাৰ হাজাৰ বছৰৰ পৰা স্থায়ী সুখী বংশ পৰিয়াল পাতি বাস কৰা ভাৰতীয় সকলক এই দিৱসটো বাৰু কিয় লাগে ? ডেৰ হাজাৰ বছৰ আগৰ বৰ্বৰ,উশৃংখল ইংৰাজৰ দিৱস বোৰৰ সোঁৱৰণ আমাক কিয় লাগে বাৰু ? যদি ১৪ ফেব্ৰুৱাৰী ডেকা- ডেকেৰী হঁতৰ বাবে প্ৰেমৰ দিৱস বুলি ভবা হয় , ভাৰতীয় ইতিহাসত অনেক অমৰ প্ৰেম কাহিনী আছে তাৰেই এটা পালন কৰক। আমাৰ ১৫/২০ বছৰীয়া স্কুল- কলেজীয়া ডেকা- ডেকেৰী বোৰক কিয়বা লাগে এই দিৱসটো ? ভেলেন্টাইন নামৰ মানুহজনৰ লগত কি সম্পৰ্ক আছে আমাৰ ভাৰতীয় লোকৰ। ভাৰতক লুতি- পুতি খোৱা ইংৰাজ সকলক নকল কৰাটোৱেই আমাৰ স্বভাৱ হ’ল নেকি ? নে এতিয়াও আমি ইংৰাজৰ গোলাম হৈয়ে আছোঁ।


হয় মানিছো গোটেই বিশ্বই পালন কৰে এই দিৱসটো। কিন্তু এই প্ৰেমৰ দিনটোত শাৰীৰিক সম্পৰ্ক, ৰাজহুৱা স্থানত প্ৰেমিক-প্ৰেমিকাৰ অশ্লীল কাৰ্য্যকলাপ , সামাজিক মাধ্যমত অশ্লীল পষ্ট , ষ্টেটাচ আদি বিভিন্ন ধৰণৰ অসামাজিক আচৰণ আদিয়েই কি ভেলেন্টাইন ডে’ ৰ দিনা পালন কৰিব লগীয়া কাম নেকি ? নে এনেবোৰ কাৰ্যকলাপেই সেইদিনাৰ প্ৰম?এনেধৰণৰ অসামাজিক বা অশ্লীল কাৰ্যকলাপৰ পৰা ল’ৰা ছোৱালীয়ে পৰিত্ৰাণ পাবলৈ সচেতন আৰু দায়িত্বশীল পিতৃ- মাতৃ কঠোৰ হ’ব লাগিব। কোনেও কাৰো প্ৰেমৰ বিৰুধী নহয় কিন্তু যি প্ৰেমে সমাজক বেয়া বাৰ্তা দিয়ে বা যি প্ৰেমে নিজৰ লগতে আনৰ জীৱনতো বেয়া প্ৰভাৱ পেলায় তেনে প্ৰেমক দমন কৰিবলৈ কঠোৰ হওঁক পিতৃ মাতৃ আৰু সচেতন ৰাইজ ।


লেখক- উম্মীদ হাচান (লাহৰিঘাট, মৰিগাঁও)
কৰ্ণাটক কলেজ অৱ ফাৰ্মাছি, বাংগালোৰ