Home Blog Page 1723

ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছৰ বেডমিণ্টনত অসম দলৰ ১৭ টাকৈ সোণৰ পদক লাভ


উত্তৰ প্ৰদেশৰ বাৰণসীত মাষ্টাৰ গেম ফেডাৰেচনৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছৰ বেডমিণ্টন শাখাৰ প্ৰতিযোগিতাত অসমৰ ১১জনীয়া পুৰুষ-মহিলাৰ দলটোৱে উভয় শাখাতে উল্লেখনীয় প্ৰদৰ্শনৰে ১৭ টাকৈ সোণৰ পদক লাভ কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

তেনেদৰে দলটোৱে ৯ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। দলটোৰ খেলুৱৈ সকলৰ সদস্য সকল আছিল ক্ৰমে – মাইন্টু কুমাৰ ভাগৱতী, কাচে তেৰাংপী, ডাঃ জেকুইলিন তেৰাংপী, মেলডি কাঠাৰপি , জুবিনা বেইপি , এপ্ৰিল বেইপি , চামপ্ৰি তেৰাংপী , থং টেৰণ , জ্ঞান ৰঞ্জন বৰা , সঞ্জয় মজুমদাৰ আৰু সন্দ্বীপ চক্ৰৱৰ্তী।

দলটোৱে প্ৰতিযোগিতাত ৩৫ কেজিৰ পৰা আৰম্ভ কৰি ৬০ কেজি ওজনলৈকে ভাগ লৈছিল।

উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত আয়োজিত ‘উদ্যম-২০২৩’ শীৰ্ষক এম.এছ.এম.ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘উদ্যম-২০২৩’ শীৰ্ষক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম.এছ.এম.ই) ব্যৱসায় আৰু বাণিজ্য সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ বাবে আজিৰে পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈ কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী আৰু গোৱালপাৰা জিলাৰ লগতে ভাৰত চৰকাৰৰ এম.এছ.এম.ই, বেংকিং খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে ‘উদ্যম-২০২৩’ শীৰ্ষক এই সন্মিলন অনুষ্ঠিত হৈছে।

নিজৰ উদ্বোধনী ভাষণত মন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ দহটা স্থানত আয়োজিত “উদ্যম-২০২৩” শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে ব্যৱসায় তথা উদ্যোগীকৰণৰ প্ৰতি এক জনজাগৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অসমক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে এক প্ৰচেষ্টা হাতত লোৱা হৈছে।

উদ্যমীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে সময়ে সময়ে হাতত লোৱা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে “ভোকেল ফৰ লোকেল” মূলমন্ত্ৰৰে দেশৰ দূৰদৰ্শী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায়েই আমাৰ থলুৱা উদ্যোগ আৰু উদ্যোগীসকলৰ স্বাৰ্থৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

এসময়ত উদ্যোগ আৰু ব্যৱসায়ৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰা লোকসকলেও আজি লাহে লাহে এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱাটো ৰাজ্যখনৰ উদ্যোগ ক্ষেত্ৰখনৰ বাবে এক আশাৰ বতৰা বুলি তেওঁ মন্তব্য কৰে।

এই গতি অব্যাহত থাকিলে অনাগত দিনত অসমত ব্যৱসায়ত আত্মনিয়োগ কৰা উদ্যমীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। বৰ্তমানে প্ৰতিষ্ঠিত প্ৰতিটো ডাঙৰ উদ্যোগেই এসময়ত ক্ষুদ্ৰ ৰূপত আত্মপ্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেয়ে নতুন উদ্যোগীসকলে এই কথাক লৈ সংশয় কৰাটো অমূলক।

“উদ্যম”ৰ অংশস্বৰূপে হাতত লোৱা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী, আলোচনা চক্ৰ আৰু প্ৰশিক্ষণ শিবিৰ আদি অভিনৱ কাৰ্য্যসূচীয়ে ৰাজ্যৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ ব্যৱসায়ক এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত “উদ্যম”ৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।

উল্লেখযোগ্য যে ১০০টাৰো অধিক এম.এছ.এম.ই বিপণী তথা ১২টা খাদ্য বিপণীয়ে অংশগ্ৰহণ কৰা এই সন্মিলনত কামৰূপ জিলাৰ কৃষি, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ, জিলা গ্ৰামীণ অভিকৰণৰ বিপণীয়েও অংশগ্ৰহণ কৰিছে।

সন্মিলনৰ আটাইকেইটা দিনতে ব্যৱসায়ৰ সম্ভাৱনীয়তা, উপযুক্ত প্ৰকল্প নিৰ্বাচন, ব্যৱসায়ৰ উন্নয়ন, পঞ্জীয়ন, ঋণৰ উপলব্ধতা, বাঁহ-বেতৰ পৰা আটকধুনীয়া সামগ্ৰী নিৰ্মাণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ আধুনিকীকৰণৰ গুৰুত্ব, ক্ৰেতা-বিক্ৰেতা সন্মিলন, কাঠফুলাৰ মূল্য সংযোজন, সামগ্ৰীৰ ব্ৰেণ্ডিং, পেকেজিং, বজাৰ সংযোগ, ৰপ্তানিৰ সজাগতা ইত্যাদিৰ প্ৰশিক্ষণ তথা আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন প্ৰতিযোগিতাৰো ব্যৱস্থা ৰখা হৈছে।

আজিৰ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ডঃ লক্ষ্মণন এছ, ভাৰত চৰকাৰৰ এম এছ এম ইৰ সঞ্চালক আৰ কে গিৰি, লঘু উদ্যোগ ভাৰতীৰ সভাপতি মনোজ লুংডিয়া, কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বে, অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, এ আই ডি চিৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে।

“বিষ্ণুৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা”- বিধায়ক ৰূপজ্যোতি কুৰ্মী

ভগৱান বিষ্ণুৰ আৱিৰ্ভাৱৰ কাৰণেই হ’ল দুষ্টক দমন শিষ্যক পালন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও অসমত এক বিষ্ণুৰ অৱতাৰস্বৰূপ।

তেওঁ অসমত দুষ্টক দমন আৰু শিষ্যক পালন কৰি অসমখনক জাকত-জিলিকা কৰি তুলিছে। এই বক্তব্য মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। মঙ্গলবাৰৰ পৰা দুদিনীয়াকৈ পাটসাঁকো হাইস্কুল খেলপথাৰত নেটবল সন্থা অসম আৰু নেটবল সন্থা চৰাইদেউ জিলাৰ উদ্যোগত অনুষ্ঠিত আন্ত:জিলা নেটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সন্থাৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে উপস্থিত থাকি কুৰ্মীয়ে সাংবাদিকৰ প্ৰশ্নত এই মন্তব্য আগবঢ়ায়।

তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় পদক্ষেপৰ বাবেই অসম আজি ড্ৰাগছ মুক্ত, অপৰাধমুক্ত, গড়হত্যা ৰোধ হ’ব পাৰিছে বুলি কয়। অসমত ইমানদিনে বহুজনে বিভিন্ন দল-সংগঠনে খুলি সংস্থাপিত হৈ আছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ সু-শাসনৰ বাবেই আন্দোলন, ধৰ্ণা, টায়াৰ জ্বলোৱা আদি সকলো অপকৰ্মৰ উৎস নোহোৱা কৰি তেওঁলোকক সুযোগহীন কৰি তুলিছে বুলিও মন্তব্য কৰে।

আনহাতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী প্ৰসংগতো কুৰ্মীয়ে মন্তব্য আগবঢ়াই কয় যে ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা কথাটো দূৰৰে কথা, তেওঁক ভাৰতৰ জনতাই অস্বীকাৰ কৰিছে আৰু বৰ্তমান তেওঁ সাংসদ, বিধায়ক বাদেই পঞ্চায়তৰ সভাপতি এজনো হ’ব নোৱাৰে।

বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শন আৰু সজাগতা সভা

বিটিআৰৰ আই চি ডি পি কোকৰাঝাৰৰ উদ্যোগত তামুলপুৰ মহকুমা পশুপালন আৰু পশুচিকিৎসা কাৰ্যালয়ৰ অন্তৰ্গত তামুলপুৰ খণ্ড পশুপালন আৰু পশু চিকিৎসালয়ৰ সহযোগত বালাবাৰীত আজি বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শন-সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ দিনৰ এঘাৰ বজাত বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে স্থানীয় ভিচিডিচিৰ অধ্যক্ষ ডালিম বড়োৱে৷ পাছত মহকুমা পশুপালন আৰু পশুচিকিৎসা বিষয়া ৰূপম বড়োৰ সঞ্চালনাত এখন সজাগতা সভা অনুষ্ঠিত হয়৷

তামুলপুৰ খণ্ড পশুচিকিৎসা বিষয়া ডা: বলেন চৌধুৰীয়ে আঁত ধৰা সজাগতা সভাত ডা: মহেশ দাসে গাই গৰুৰ কৃত্ৰিম আৰু প্ৰাকৃতিক প্ৰজননৰ ওপৰত বক্তব্য ৰাখি তেওঁ কয় যে ঘৰত বহিয়ে গীৰ গাই, চাহিয়াল, জাৰ্চি, ৰ প্ৰজনন কৰি উন্নত প্ৰজাতিৰ গাইগৰুৰ পোৱালী প্ৰজনন কৰিবলৈ সক্ষম হ’ব পাৰে গো-পালক সকল৷ গুৰমৌ পশুপালন আৰু পশু চিকিৎসালয়ৰ বিষয়া ডা° ৰিংকু ডেকা ই গৰু পালনৰৰ সমন্তৰালভাৱে উন্নত মানদণ্ড ঘাঁহৰ খেতি কৰিবলৈ গোপালক সকলক পৰামৰ্শ দি তেওঁ কয় যে ঘাঁহ খাদ্য হিচাবে গৰুক যোগান ধৰিলে ঔষধৰ ব্যৱহাৰ কমি যোৱাৰ উপৰিও নানা ধৰনৰ বেমাৰ আজাৰৰ পৰিমান হ্ৰাস পায়।

আনহাতে গাইগৰুৰ গাখীৰ উৎপাদনো যথেষ্ট বৃদ্ধি হয়৷ ধানখেৰ আৰু দানাতকৈ লাভজনক হ’ল সেউজীয়া ঘাঁহ৷ গাইগাৰু এজনীয়ে জীৱনত যিমান উৎপাদনশীল হ’ব পাৰে সেই খিনি উৎপাদন দিবলৈ সক্ষম হোৱা দেখা যায়৷ উন্নত প্ৰজাতিৰ নেপিয়াৰ ঘাঁহ আৰু মাকৈ অধিক শক্তিদায়ক প্ৰটিনযুক্ত খাদ্য৷ তাৰোপৰি গৰুৰ খাদ্য হিচাবে শক্তি দায়িনী কলগছ, মেটেকা আদিও খুৱাব পাৰে বুলিও তেওঁ মন্তব্য প্ৰদান কৰে।

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চৰিত্ৰ কলিতা আৰু অৰবিন্দ কলিতাইয়ো কৃত্ৰিম প্ৰজননৰ দ্বাৰা গো-পালন কৰি দুগ্ধ উৎপাদন কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় ৷ আনহাতে গৰুৰ খাদ্যৰ মূল্য বৃদ্ধি হোৱাত আক্ষেপ প্ৰকাশ কৰি কৰে তেওঁলোকে‌। সভাৰ শেষত সঞ্চালকৰ আসনৰ পৰা মহকুমা পশু পালন আৰু পশু চিকিৎসা বিষয়া ডা° ৰূপম বড়োৱে গো পালক সকলক উদ্দেশ্যি কয় যে –
সকলোৱে গৰু পালন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হওঁক , উন্নত প্ৰজাতিৰ গাইগৰু পালন কৰিবলৈ আহ্বান জনাই কয় যে গো-পালক সকলে গাইগৰু পালনৰ সমান্তৰালভাৱে উন্নত মানৰ সেউজীয়া ঘাঁহৰ উৎপাদনত গুৰুত্ব দিব লাগিব ৷ গো পালক সকলে ঘাঁহৰ খেতি কৰি সফল হব পাৰিব ৷

কম খৰছত অধিক উৎপাদনৰ দিহা কৰিবলৈ হ’লে আমি গো পালক সকলে বৰ্ণ সংকৰ গৰু পোৱালি প্ৰজনন কৰি ঘৰতে পালন কৰি অধিক গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হম। সেয়ে গো-পালক সকলক ব্যৱসায়িক ভিত্তিত গো-পালন কৰিবলৈ তেওঁ আহ্বান জনায়৷


আজিৰ গো-পোৱালী প্ৰদৰ্শনীত গাঁৱ খনৰ ২৪ টা পোৱালী পৰিবেশন কৰা হয়৷ প্ৰদৰ্শনীত নিৰ্বাচিত হোৱা গো-পোৱালী পালক সকলক একোখনকৈ মানপত্ৰ আৰু ধন বিতৰন কৰে৷ লগতে গো পোৱালী বোৰৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধৰ যোগান ধৰা হয়৷

আজিৰ এই গো-পোৱালী প্ৰদৰ্শনী আৰু সজাগতা সভাত মহকুমাটোৰ গোৰেশ্বৰৰ পশুচিকিৎসা বিষয়া
ডা° প্ৰতীম হাজৰিকা, নাগ্ৰীজুলিৰ পশুচিকিৎসা বিষয়া পৃথীসিং চেত্ৰী , ক্ষেত্ৰ সহায়ক কংকন বড়ো, ৰঘু মজুমদাৰ প্ৰমুখ্যে বালাবাৰী গাঁৱৰ গো – পালক, কেবাগৰাকী ক্ষেত্ৰ সহায়ক উপস্থিত আছিল৷

অসম-অৰুণাচল সীমা সমস্যাক লৈ চিলি অসমীয়া গাঁৱত কেইবাটাও জাতীয় সংগঠনৰ উদ্যোগত ৰাজহুৱা সভা

অসম-অৰুণাচল সীমা সমস্যা এক দীৰ্ঘদিনীয়া সমস্যা। দুয়ো ৰাজ্যৰ সীমাক লৈ সময়ে সময়ে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী ৰাইজৰ মাজত সংঘাতৰ প্ৰায়েই সৃষ্টি হৈ আহিছে। সীমা সমস্যা সন্দৰ্ভত দুয়ো ৰাজ্যৰ মাজত হোৱা নামচাই আলোচনাৰ পিছত শঙ্কাত দিন অতিবাহিত কৰিবলগীয়া হৈছে এতিয়া সীমান্তত বসবাস কৰি থকা অসমীয়া ৰাইজে। সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰি সীমান্তবাসী অসমীয়া ৰাইজৰ নিৰাপত্তাৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ উদ্দেশ্যে আজি সীমান্তৱৰ্তী চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলি অসমীয়া গাঁৱৰ আদৰ্শ বৰনামঘৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

বিশিষ্ট সমাজকৰ্মী সুৰেন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় যুৱক ৰিতুপৰ্ণ চুতীয়াই। সদৌ চুতীয়া ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, গোর্খা ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা আদি বহু কেইটা ছাত্ৰ সংগঠনৰ উদ্যোগত আৰু চিলি অসমীয়া গাওঁবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত সভাখনত আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, জিলা উপ সভাপতি পবিত্ৰ মহকুমা প্ৰতিনিধি কিৰন বৰুৱা, ধীৰেন গগৈ, দিপক বৰুৱা, ধেমাজি জিলা আটাছুৰ সভাপতি বাবুল বুঢ়াগোহাঁই, ধেমাজি জিলা আছুৰ সভাপতি সঞ্জীৱ দাস, উপ সভাপতি দেৱ কলিতা, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সম্পাদক চন্দন কছাৰী, আগছুৰ ধেমাজি জিলাৰ সভাপতি চমৰাজ পুৰি, আটাছুৰ দীপক ফুকন, স্থানীয় যুৱক ধৰ্মেন্দ্ৰ বৰগোহাঁই আদি বহু লোক উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

অসমৰ এই ইঞ্চি মাটি অৰুণাচল প্ৰদেশক এৰি দিয়া নহব বুলি মন্তব্য কৰি বাতানুকুল কোঠাত এলেকা এৰি দিয়া নিদিয়াৰ ওপৰত আলোচনা কৰাৰ পৰিৱৰ্তে সীমান্তলৰ ৰাইজৰ জ্ঞাতাৰ্থে আলোচনা কৰি সীমা সমস্যা সমাধানৰ দাবী জনায়। সভাত পাচ শতাধিক ৰাইজ উপস্থিত থাকে।

উত্তৰ গুৱাহাটীত এয়াৰটেল ৱাই ফাই অপটিকেল ফাইবাৰ ব্ৰড বেণ্ড সেৱা মুকলি

বৰ্তমান প্ৰযুক্তিৰ যুগ। লাহে সমগ্ৰ দেশতে ফাইভ জি সেৱা আৰম্ভ হৈছে। এই ডিজিটেল যুগত ইন্টাৰনেট অবিহনে কোনো কামে সম্ভৱ নহয়। উত্তৰ গুৱাহাটীত এতিয়া লৈ গ্ৰাহকৰ বাবে মাত্ৰ বি এছ এন এল ব্ৰড বেণ্ড সেৱাহে উপলব্ধ আছিল। গতিকে যথেষ্ট সংখ্যক গ্ৰাহক থকাৰ পিছতো সেৱা সকলো অঞ্চলতে উপলদ্ধ নোহোৱাৰ বাবে গ্ৰাহকসকল ব্ৰড বেণ্ড সেৱাৰ পৰা বঞ্চিত হৈ আছিল।

এইসকলোবোৰ অসুবিধা দূৰ কৰিবলৈ উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰত আজি স্হানীয় উদ্যোগী যুৱক তুলিকা (ৰিংকু) বৈশ্য উদ্যোগত এয়াৰটেল ব্ৰড বেণ্ড সেৱা মুকলি কৰা হৈছে। এই সেৱাৰ জৰিয়তে সমগ্ৰ উত্তৰ গুৱাহাটীবাসী ৰাইজ উপকৃত হ’ব বুলি জানিব পৰা গৈছে।

আজি উদ্ধোধনী অনুষ্ঠানত এয়াৰটেল ব্ৰড বেণ্ড ছাৰ্ভিছৰ বিডিএম জয়ন্ত কুমাৰ ভাগৱতী, এৰিয়া চেইলচ মেনেজাৰ সঞ্জীৱ ভট্টাচাৰ্য উপস্থিত থাকি গৌৰী কেবোলৰ জৰিয়তে ব্ৰড বেণ্ড সেৱা মুকলি কৰিছে। উদ্ধোধনী অনুষ্ঠানত উত্তৰ গুৱাহাটী চেইন্থ এন্থনী স্কুল ফাডাৰ ইগনেচেচ ফ্ৰাঞ্চিছ, সাংবাদিক মুকুটেশ্বৰ গোস্বামী, বিশিষ্ট ব্যৱসায়ী অৰবিন্দ বৰ্মণ প্ৰমুখ্যে উত্তৰ গুৱাহাটী অঞ্চলৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্হিত থাকে।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত এপিটিআইৰ বৈঠক…

অসম ৰাজ্যিক শাখা, এছ’চিয়েচন অৱ ফাৰ্মাচিউটিকেল টিচাৰছ অৱ ইণ্ডিয়া (APTI) য়ে শেহতীয়াকৈ ইংৰাজী সোমবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত এখন বৈঠকত পূৱ আঞ্চলিক (এপিটিআই, ৰাষ্ট্ৰীয় মঞ্চ) উপ-সভাপতি ডাঃ এমআইহিৰ কুমাৰ কৰক আদৰণি জনাই।

ড° কাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক সমিতিৰ সদস্য আৰু সহকাৰী অধ্যাপক পদৰ সদস্য, সহযোগী অধ্যাপক আৰু গুৱাহাটীৰ সমীপৰ ফাৰ্মাচিউটিকেল ছায়েন্সৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত অধ্যাপকসকল উপস্থিত আছিল। তেওঁ এ পি টি আইৰ ভূমিকা, গুৰুত্ব আৰু আন কিছুমান দিশৰ সন্দৰ্ভত চমুকৈ ব্যাখ্যা কৰে। লগতে ৰাজ্য, অসমৰ ঔষধ বিজ্ঞানৰ সকলো পাঠদানক এটা ছাতিৰ অধীনলৈ আনি ঔষধ শিক্ষক বৃত্তিৰ উত্থানৰ বাবে একেলগে কাম কৰাত গুৰুত্ব আৰোপ কৰে।

এন আই পি এছৰ অধ্যক্ষ তথা সভাপতি (এ পি টি আই, অসম ৰাজ্যিক শাখা) ডাঃ ভাৰ্গব জ্যোতি চহৰীয়াইও ভাষণ প্ৰদান কৰি অৱগত কৰে যে এইবাৰ অসম ফাৰ্মাচী পৰিষদৰ (এ পি চি)ৰ আগন্তুক নিৰ্বাচনত, এ পি টি আইৰ পৰাও দুজন বা তিনিজন প্ৰাৰ্থী মনোনীত হ’ব। তেওঁ অসমৰ সকলো ফাৰ্মাচী শিক্ষককে উচ্চতম ডিগ্ৰী এপিচিত পঞ্জীয়ন কৰিবলৈ জোৰ দিয়ে যাতে এই তথ্যসমূহ অসম চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা যায়।

তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমান অসম চৰকাৰে অসমৰ উচ্চ যোগ্যতাসম্পন্ন ফাৰ্মাচিষ্ট আৰু ফাৰ্মাচী শিক্ষকৰ সংখ্যাৰ বিষয়ে অজ্ঞাত, সেইবাবেই চৰকাৰে এতিয়াও ফাৰ্মাচী পেছাৰ গুৰুত্ব বিবেচনা কৰা নাই আৰু ৰাজ্যিক ডিপ্লমা ফাৰ্মাচী মহাবিদ্যালয়সমূহৰ স্তৰৰ ডিগ্ৰী, স্নাতকোত্তৰ ডিগ্ৰী বা গৱেষণাৰ উৎকৃষ্টতা উন্নীতকৰণৰ কথাও ভবা নাই। সভাত শলাগৰ শৰাই আগবঢ়ায় অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সম্পাদক (APTI, Assam state Branch) ড° ছইকত সেনে।

নিৰামিষ একেবাৰে ভাল নাপাই বন্দনাই ! আৰক্ষী থানাৰ ভিতৰত বন্দনাক লাগে কেৱল চিকেন…

আৰক্ষী থানাৰ ভিতৰত বন্দনাক লাগে কেৱল চিকেন ।

নিৰামিষ ভাতেৰে হজম নহয় ভাত ।

এতিয়া আৰক্ষীচকীত চিকেন বিচাৰি হাবাথুৰি ।

উগ্ৰপন্থী সংগঠন ENNGৰ দুই সদস্যক আটক

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাৰ ১২ নং অসম ৰাইফলছৰ দ্বাৰা “ইষ্টাৰ্ণ নাগা নেচনেল গভৰ্মেণ্ট” চমুকৈ ENNG নামৰ উগ্ৰপন্থী সংগঠনৰ দুই সদস্যক আটক।

আটক কৰা দুই সদস্য ক্ৰমে লেফটেনেন্ট টাঞ্চিং লাংচিং আৰু মেজৰ নানো তামাং।

সদস্য দুজনক আটক কৰাৰ সময়ত দুটা পিষ্টল আৰু পিষ্টলৰ এটা খালি মেগজিন উদ্ধাৰ কৰা হৈছে। আজি সেনাবাহিনীয়ে সদস্য দুজনক বৰডুমচা আৰক্ষীক অৰ্পণ কৰে।

দুয়োজন সদস্যই অৰুণাচলৰ লুংপাং নামে ঠাইত প্ৰশিক্ষণ লৈছিল। ইয়াৰে টাঞ্চিং লাংচিংৰ ঘৰ খাৰচাঙৰ নালাং নামে ঠাইত আৰু নানু তামাঙৰ ঘৰ খাৰচাঙৰ ইঞ্জান গাঁৱত বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ প্ৰদূষণ পানী ছটিয়াই নিয়ন্ত্ৰণ কৰা হ’ব…

বায়ু প্ৰদূষণেৰে দেশৰ ভিতৰতে অন্যতম প্ৰদূষিত ৰাজ্য হিচাপে স্থান লাভ কৰিছে অসমে। একেলগে ৮ খনকৈ ফ্লাই অভাৰ নিৰ্মাণ, নলা নৰ্দমা পৰিস্কাৰ, জলজীৱন আঁচনিৰ বাবে গাঁত খন্দা, বৰ বৰ অট্টালিকা নিৰ্মাণ আদিয়ে গুৱাহাটীৰ বায়ু জলজীৱনৰ বাবে অনুপযোগী কৰি তুলিছে।

বিগত চাৰি পাঁচ মাহ ধৰি বৰষুণৰ এটা টোপালো পৰা নাই গুৱাহাটীত। ধূলিৰ প্ৰতাপত গুৱাহাটীত বৰ্তমান ঘৰৰ বাহিৰত ওলাই উশাহ ল’ব নোৱাৰা অৱস্থা। জনস্বাস্থ্যৰ প্ৰতি নামি আহিছে সাংঘাতিক ভাবুকি। বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে গুৱাহাটীৰ সাধাৰণ নাগৰিক।

ফায়াৰ বিগ্ৰেডেৰেও পানী ছটিওৱা হ’ব গুৱাহাটীৰ ৰাজপথত। আনকি নতুনকৈ পানীৰ স্পেয়াৰ গাড়ী কিনিবৰ বাবে চৰকাৰে ধাৰ্য কৰিছে ১৮ কোটি টকা। মেয়ৰ মৃগেন শৰণীয়াই লগতে গুৱাহাটী আৰু গুৱাহাটীৰ আশে পাশে থকা অঞ্চল সমূহৰ পাহাৰ খননত তীক্ষ্ণ নজৰ ৰখা হ’ব বুলিও মন্তব্য কৰিছে।