Home Blog Page 1830

গহপুৰত দমকল বহুৱাওতে পানীৰ সলনি ওলাল গেছ…


গহপুৰ আৰক্ষী থানাৰ অৰ্ন্তগত টিঙালী বড়ীত নতুন পোতা দমকলৰ পৰা পানী ওলোৱাৰ পৰিবৰ্তে পুনৰবাৰ গেছ ওলোৱাত আচৰিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।জানিব পৰা মতে যোৱা ১৯ নবেম্বৰত টিঙালীবড়ীৰ পুতুল নেওগ নামৰ ব্যক্তি জনৰ ঘৰৰ পিছ ফালৰ বাৰীত পানী খাবৰ বাবে কেইজন মান লোকে এটা দমকল স্থাপন কৰি আছিল।

পাইপডাল বহুৱাই থকা অৱস্থাত হঠাতে বুৰ -বুৰণি শব্দ শুনিবলৈ পায়।পাইপডাল তেনে দৰে থৈ দিয়াৰ পাছত পোতা পাইপ ডালেৰে উক্ত দিনটো আৰু ৰাতিটো অহৰহ ঘোলা পানী ওলাই থাকে।পিছদিনা পুৱা পুতুল নেওগে পাইপডালৰ মুখেৰে ধোৱা দৰে বস্তু নিৰ্গম হোৱা দেখা পাই কি ওলাইছে বুলি জুই লগাই দিয়াত জুই জ্বলি উঠে।জুই জ্বলি উঠাত পৰিয়ালৰ লোকৰ মাজত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়।সেইদিনাৰে পৰা আজি পৰ্যন্ত জ্বলিয়েই আছে।

স্থানীয় ৰাইজে অনুমান কৰা মতে হয়তো পেট্ৰ’লিয়াম গেছ হব।পুতুল নেওগে এনেদৰে গেছ নিৰ্গমন হোৱাত আতংকিত হৈ পৰাত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়। উলেখ্য যে প্ৰায় দহ বছৰৰ পুৰ্বে টিঙালীবড়ীৰে মিনেশ্বৰ খাউণ্ড নামৰ ঘৰৰ কাষতে পোতা এটি দমকলৰ পাইপ পোতাত পাইপৰ পৰা গেছ ওলাইছিল আৰু তাত জুই জ্বলাই দিয়াত আজি পৰ্যন্ত জুই জ্বলি আছে।

প্ৰয়াত মিনেশ্বৰ খাউণ্ড পৰিয়ালে পাইপৰ মুখৰ জুইত বিশেষ ব্যৱস্থাৰে ৰন্ধন কাৰ্য সমাপন কৰি আহিছে।মিনেশ্বৰ খাউণ্ড আৰু কেইজনমান সচেতন ব্যক্তিয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত বিষয়টোৰ সন্দৰ্ভত যোগাযোগ কৰিছিল যদিও কোনো সুফল নাপালে।স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষই অনুসন্ধান কৰিলে অঞ্চলটোত গেছৰ ভাণ্ডাৰ লাভ কৰিব বুলি আশা কৰিছে।নিতুল বৰা গহপুৰ ।

সমগ্ৰ ওৰাঙত মহাযোদ্ধা-মহাবীৰ লাচিত বৰফুনৰ ৪০০ সংখ্যক ওপজা দিৱস উদযাপন…

ৰাষ্ট্ৰৰ অনন্য গৌৰৱৰ ধ্বজাবাহী, শৌৰ্য-বীৰ্য-গৌৰৱৰ অম্লান প্ৰতীক মহাযোদ্ধা-মহাবীৰ লাচিত বৰফুনৰ ৪০০ সংখ্যক ওপজা দিৱস সমগ্ৰ অসমৰ লগতে দেশৰ ৰাজধানী নতুন দিল্লীত মনাকৰ্ষি সম্ভাৰ লৈ শ্ৰদ্ধাৰে পালন কৰা হৈছে ্।অসমৰ শিক্ষানুষ্ঠান সমূহৰ লগতে চৰকাৰী কাৰ্যালয় সমূহত ছয়দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে পালন কৰি অহা স্বদেশপ্ৰেমিক মহাবীৰ লাচিত-বন্দনাই অসমৰ আকাশ-বতাহ মূখৰিত কৰে। এই ক্ষেত্ৰত ওদালগুৰি জিলাৰ মাজবাট শিক্ষাখণ্ডৰ অধীনস্থ প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয়ত চৰকাৰ তথা শিক্ষা বিভাগৰ দ্বাৰা নিৰ্দেশিত সকলোবোৰ কাৰ্যসূচী-কৰ্মসূচী শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলে অতি শ্ৰদ্ধা-আগ্ৰহেৰে সু-সম্পাদন কৰে ।

ওৰাঙৰ গেলাবিল মাধ্যমিক বিদ্যালয় পৰিয়ালে ৰাজ্য-ৰাষ্ট্ৰৰ মাংগলিক দিৱস মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী ছয়দিনীয়া মনোজ্ঞ কাৰ্যক্ৰমণিকাৰ সামৰণি অনুষ্ঠানটি অতি উলহ-মালহেৰে তথা উৎসাহজনক সহাৰিৰে সম্পন্ন কৰে। ২৪ নৱেম্বৰ ৰাতিপুৱা ৯-১৫ বজাত দেশপ্ৰেম -জাতিপ্ৰেম – পৰাক্ৰম-বীৰত্বৰ সফল গৌৰৱ গাথাৰে সমুজ্জ্বল মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মংগল প্ৰদীপ প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উন্মোচন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেই। ইয়াৰ পিছতেই সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথ, অনুষ্ঠানৰ মুখ্য অতিথি তথা ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা কণিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা কুমুদ শৰ্মাই পুষ্পাৰ্ঘৰে মহান বীৰজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিদ্যালয়ৰ সহ: শিক্ষক অতুল চন্দ্ৰ নাথে পৰিচালনা কৰা এই অনুষ্ঠানত অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা ছিয়া দেৱীয়েও লাচিত বৰফুকনৰ স্মাৰক প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে সেৱা জনায়। এই অনুষ্ঠানৰ পূৰ্বে প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দে,সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথৰ নেতৃত্বত শিক্ষক -শিক্ষয়িত্ৰী সকলৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী সকলে লাচিত বৰফুকনৰ জয়গান-জয়ধ্বনি মিশ্ৰিত শ্লোগানেৰে প্ৰদৰ্শন কৰে সুদীৰ্ঘ শোভাযাত্ৰা।

দুই কাৰ্যসূচী সু-সম্পাদনৰ পিছতে প্ৰাৰম্ভণ কৰা হয় সামৰণি অনুষ্ঠান তথা মুকলি সভা। সহ: শিক্ষয়িত্ৰী গীতিমা হালৈ বৰুৱাই আঁত ধৰা সহ: শিক্ষক অতুল চন্দ্ৰ নাথে উদ্দেশ্য ব্যাখ্যা আৰু চিনাকি পৰ্বৰ আত ধৰে ্। সভাত পৌৰহিত্য কৰে প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেই। চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষয়িত্ৰী উপস্থিত থকা সভাখন উদ্বোধন কৰে সহ : প্ৰধান শিক্ষক নৱ কুমাৰ নাথে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিপামণি শৰ্মা, গীতিমা হালৈ বৰুৱা, দীপিকা বৰা , ৰঞ্জিতা দেৱীয়ে লাচিত বন্দনাপূৰ্ণ ভূপেন্দ্ৰ সংগীত” মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰীয়া ডেকাদল ” পৰিবেশন কৰি সভা উন্মোচনত সৌষ্ঠৱ বৃদ্ধি কৰে । সভাত কলাগুৰু বিষ্ণু ৰাভা কণিষ্ঠ মহাবিদ্যালয়ু অৱসৰ প্ৰাপ্ত প্ৰৱক্তা কুমুদ শৰ্মা মুখ্য অতিথি মাজবাট মহাবিদ্যালয়ৰ সহকাৰী তথা শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক জয়ন্ত কলিতা, অৱসৰপ্ৰাপ্ত এ চি‌ এছ -অসম চৰকাৰৰ গৃহ বিভাগৰ উপ সচিব-ভাৰত চৰকাৰৰ পাৰ পত্ৰ বিষয়া শচীন্দ্ৰ মোহন মাহাতো বিশিষ্ট অতিথি ৰূপে সভাৰ আসনৰ শোভা বৰ্ধন কৰে। ভাষণত কেউজনা বিজ্ঞ ব্যক্তিয়ে চিৰ বৰেণ্য তথ‍ দুৰ্বাৰ মহাবীৰ লাচিত বৰফুকনৰ জন্ম বৃত্তান্ত, মোমাই তামূলী বৰবৰুৱা, লাচিতৰ সঠিক জন্ম তথ্য, বংশ পৰিক্ৰমা, বুৰঞ্জীত ইয়াৰ অৱলোকন, পাইক প্ৰথা,অসম বুৰঞ্জী, কামৰ গাফিলতিৰ হেতুকে হেংদাং লৈ মোমায়েকৰ শিৰচ্ছেদ, গড় নিৰ্মাণ ,শৰাইঘাটৰ যুদ্ধত জ্বৰৰ গাৰে লাচিতৰ সিংহ-নাদ অগ্ৰণী অংশগ্ৰহণ, দেশপ্ৰেম -লাচিতৰ সাহস আদৰ্শক আজিৰ ছাত্ৰ-ছাত্ৰীৰ অনুকৰণৰ প্ৰাসংগিকতা সন্দৰ্ভত মনোজ্ঞ আলোকপাত কৰে।

বৰ্ণিল জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰে পৰিপূৰ্ণ এই বিদ্যা মন্দিৰৰ মুকলি অনুষ্ঠানৰ কাৰ্যক্ৰমণিকাত ছাত্ৰ-ছাত্ৰীৰ বাৰেৰহণীয়া পৰিধানেৰে আধুনিক নৃত্য, কুশ্বান নৃত্য, বড়ো নৃত্য, চাহ জনজাতি নৃত্য, আদিবাসী নৃত্য, নেপালী নৃত্য, লাচিত বন্দনা নৃত্য, দেশপ্ৰেম -জাতিপ্ৰেম গীতৰ নৃত্য আৰু গীত, ঈশ্বৰ আৰাধনা নৃত্য-গীত, কবিতা আবৃত্তি , অতিথি-অভ্যাগতৰ ভাষণৰ গাম্ভীৰ্যপূৰ্ণ সাংগীতিক ঐক্যতানেৰে ওৰাঙৰ আকাশ-বতাহ নময়ী লাচিতময় হৈ পৰে । ছাত্ৰী কুঁহি বৰাই বৰেণ্য কবি দেৱকান্ত বৰুৱাৰ “লাচিত ফুকন” আৰু ছাত্ৰী স্নিগ্ধা বৈশ্য- কুঁহি বৰাই অতুল চন্দ্ৰ হাজৰিকাৰ ” শৰাইঘটীয়া ডেকাদল ” কবিতাৰ হৃদয়জিনা আবৃত্তি -ভংগিমাৰে সকলোকে মোহিত কৰে । ইয়াৰ মাজতে ইতিমধ্যে ১৯ ,২০ , ২১ ,২২ আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচীৰ লগতে লাচিত বৰফুকন বিষয়ক লেখা , চিত্ৰাংকন, আকস্মিক বক্তৃতা ,কুইজ প্ৰতিযোগিতাত বিজয়ী সকলক মূল্যবান কিতাপৰ টোপোলা, কলম ,ৰুলমাৰী আদিৰে পুৰস্কৃত কৰা হয় । ইয়াৰ পিছতেই সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথ, হিন্দী শিক্ষয়িত্ৰী ৰঞ্জিতা দেৱী আৰু এদল ছাত্ৰীয়ে একত্ৰে পৰিবেশন কৰা সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী ” আমি অসমীয়া নহও দুখীয়া” সংগীতে অনুষ্ঠানৰ মাত্ৰা সুবাসিত কৰে। শলাগৰ শৰাই আগবঢ়ায় সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথে। সভাৰ সভাপতি প্ৰদীপ কুমাৰ দেই মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শৰ সাম্প্ৰতিক প্ৰাসংগিকতা বিশ্লেষণ কৰি মহাযোদ্ধাগৰাকীৰ ওপজা দিনটোৰ সামৰণী অনুষ্ঠানৰ সমাপ্তি ঘোষণা কৰে । ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ১৯ নৱেম্বৰত অনুষ্ঠিত কৰা মহাবীৰ লাচিত বৰফুকন বিষয়ক জীৱনী লেখা প্ৰতিযোগিতা অনুষ্ঠিত,২০ নৱেম্ভৰত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৱ কুমাৰ নাথৰ নেতৃত্বত বিদ্যালয়ৰ সমূহ পৰিয়ালে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন,২১ নৱেম্বৰত নিৰলা শৰ্মা , দীপক বৈশ্য,ৰিপামণি শৰ্মাৰ পৰিচালনা -মূল্যায়নেৰে মহান নায়ক লাচিত বৰফুকনৰ প্ৰতিচ্ছবি বা আহোম যুগৰ যুদ্ধৰ সজুলিৰে চিত্ৰাংকণ প্ৰতিযোগিতা, ২২ নৱেম্বৰত আকৰ্ষণীয় আলোচনা চক্ৰ আৰু “লাচিত বৰফুকনৰ মাতুল শিৰচ্ছেদ মহাপাপ আছিল” শীৰ্ষক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেৰ সঞ্চালনাত আয়োজিত আলোচনা চক্ৰৰ নিৰ্ধাৰিত বিষয় আছিল “ৰাষ্ট্ৰ মহাবীৰ লাচিত বৰফুকন” ।

মুখ্য আলোচক সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথে অসম তথা ভাৰতৰ প্ৰাত: স্মৰণীয় মহাবীৰ লাচিতৰ জীৱন পৰিক্ৰমাৰ আদ্যোপান্ত বিৱৰি সুন্দৰ-সাৱলীল ভাৱে আলোকপাত কৰে । আলোচক সহ: শিক্ষক দেৱী প্ৰসাদ উপাধ্যায়েও চমুকৈ শৰাইঘাট মহাৰণৰ অপ্ৰতিৰোধ্য সেনাপতি লাচিত বৰফুকনৰ স্মৃতি অৱলোকন কৰে। দিনটোৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ ” লাচিত বৰফুকনৰ মাছুল শিৰচ্ছেদ মহাপাপ আছিল” তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষতা কৰে সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথে । সংস্কৃত শিক্ষয়িত্ৰী ৰিপামণি শৰ্মাই সপক্ষ দল আৰু বিজ্ঞান শিক্ষক স্বপ্নন সেনে বিপক্ষ দলৰ পৰিচালনাত ন্যস্ত থাকে । ২৪ নৱেম্বৰত গীতিমা হালৈ বৰুৱাৰ সঞ্চালনত অনুষ্ঠিত হয় আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা । শিক্ষক কুল প্ৰসাদ উপাধ্যায়,স্বপ্ন সেন,ৰাণু কলিতা বৰুৱা, দেৱী প্ৰসাদ উপাধ্যায়, দীপক বৈশ্য, স্বপ্নালী বৰা , নিৰ্মলা শৰ্মা আৰু ছাত্ৰ পাৰ্থ ডেকাই পৰিচালনা কৰে দুই কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা। ধনশ্ৰীঘাটৰ ২ নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়,পাউৰীপোটা মাধ্যমিক বিদ্যালয় পৰিয়ালেও অনুৰূপ কাৰ্যক্ৰমণিকা সম্পাদন কৰে।

লামাবাৰী মধ্য ইংৰাজী/উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰঞ্জন বৰাক উষ্ম আদৰণি আৰু সম্বৰ্দ্ধনা অনুষ্ঠান…

ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত লামাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক, সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম গ্ৰুপৰ সাধাৰণ সম্পাদক, বিভিন্ন সামাজিক সাংস্কৃতিক জাতীয় অনুষ্ঠানৰ নেতৃত্ব বহনকাৰী,কবি, লেখক নিৰঞ্জন বৰাক ২৪ নৱেম্বৰ,২০২২ তাৰিখে গুৱাহাটী দিছপুৰ লাষ্টগেটত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ সভাকক্ষত ভাৰত চৰকাৰৰ পঞ্জীয়ন ভূক্ত সংস্থা বৰলুইত ফাউণ্ডেশ্যনে আড়ম্বৰপূৰ্ণ জাকজমকতাৰে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত- প্ৰেৰণা বঁটা-২০২২ লাভ কৰে।

মহাবীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সংস্থাটোৱে অসমৰ বিভিন্ন জিলাৰ -অসমৰ সমাজ জীৱনলৈ অতুলনীয় অৱদান আগবঢ়োৱা সমাজ সেৱক, সাংস্কৃতিক কৰ্মী,কৃতি শিক্ষক,কবি,সাহিত্যিক, লেখক- লেখিকা, শিল্পী,কলা-কৌশলী, অভিনেতা- অভিনেত্ৰী, প্ৰশাসনিক বিষয়া সকলৰ বহুতকে প্ৰেৰণা বঁটা-২০২২ প্ৰদান কৰে। যাতে অনাগত দিনবোৰত তেওঁলোকে আগতকৈ দুগুণ উৎসাহে কাম কৰাৰ প্ৰেৰণা পায়। তাৰেই পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নিৰঞ্জন বৰাক ২৫ নৱেম্বৰ,২০২২ তাৰিখ শুক্ৰবাৰে তেখেতৰ কৰ্মৰত বিদ্যালয় প্ৰাঙ্গণত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীয়ে আনুষ্ঠানিক ভাৱে উষ্ম আদৰণি আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰে। বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত এই সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।


সহকাৰী শিক্ষক ক্ষীৰোদ কুমাৰ শৰ্মাই নিৰঞ্জন বৰাই বৰ্তমানলৈকে লাভ কৰা সকলো বোৰ বঁটা সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰে। তেওঁ কয় যে – লামাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰঞ্জন বৰাই -NEBCUS ৰ পৰা PRIDE OF NORTH EAST AWARD-2019, ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা- ড° আম্বেদকাৰ বঁটা- ২০১৯, সাহিত্য সমাজ সংস্কৃতি সেৱা মঞ্চ অসম ৰ পৰা অসম গৌৰৱ সন্মান বঁটা -২০২০আৰু ২০২২, নৱজাগৰণ মঞ্চ গুৱাহাটীৰ পৰা – গুৰুৰত্ন বঁটা -২০২২, Hypedge Media and promotions private Limited ৰ তৰফৰ পৰা TOP 100 TEACHERS INDIA – INDIAN EDUCATION AWARDS -2022, India Human Rights Foundation ৰ তৰফৰ পৰা- GANDHI NATIONAL PEACE AWARD -2022, World Charity Welfare Foundation ৰ পৰা- INTERNATIONAL SOCIAL HONOURABLE AWARD -2022, Mission India Welfare MIW Foundation ৰ পৰা– BHARAT BHUSHAN AWARD-2022 আৰু শেহতীয়াকৈ ২৪ নৱেম্বৰ,২০২২ তাৰিখে ভাৰত চৰকাৰৰ পঞ্জীয়ন ভূক্ত সংস্থা বৰলুইত ফাউণ্ডেশ্যনৰ পৰা গুৱাহাটী দিছপুৰ লাষ্টগেটত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত– প্ৰেৰণা বঁটা -২০২২ লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ সফলতা প্ৰকৃতাৰ্থত আমাৰ বিদ্যালয়ৰ সফলতা। সেয়েহে আজি আনুষ্ঠানিক ভাৱে সমূহ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা অসমীয়াৰ স্বাভিমান একোখনিকৈ ফুলাম গামোচাৰে তেখেতক উষ্ম আদৰণি আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰিলোঁ।


লামাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিৰিটী শৰ্মা বৰুৱাই বক্তব্য প্ৰদান কৰি কয় যে – নিৰঞ্জন বৰা এজন কৃতি শিক্ষকেই নহয়, তেওঁ এগৰাকী বিশিষ্ট সমাজকৰ্মী, সাহিত্য আৰু সাংস্কৃতিক কৰ্মী,সমাজ সংগঠক, সমাজ সেৱক, বহুতো জাতীয় সংগঠনৰ নেতৃত্ব বহনকাৰী সুদক্ষ ব্যক্তি,সু কবি, লেখক। ইতিমধ্যে তেখেতৰ চাৰিখন কৈ কাব্যগ্ৰন্থ প্ৰকাশ পায় পাঠক সমাজত সমাদৰ লাভ কৰিছে। বিভিন্ন আলোচনী কাকতত তেওঁ লিখা প্ৰৱন্ধ আদি প্ৰকাশ হৈ আহিছে। আনহাতে আন ভালেকেইখন গল্প, প্ৰৱন্ধ আৰু কাব্য গ্ৰন্থ তেওঁৰ প্ৰকাশৰ দিশত। আজি নিৰঞ্জন বৰাই দক্ষতাৰ ভিত্তিত যিসমূহ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এইয়া আচলতে তেখেতৰ অক্লান্ত সাধনাৰ ফচল। বিদ্যালয় খনলৈ তেওঁৰ জৰিয়তে যি গৌৰৱ আহিছে সেইয়া আমাৰ গৌৰৱ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ আৰু ৰাইজৰ গৌৰৱ। তেখেতলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি নিৰঞ্জন বৰাৰ সুন্দৰ সুদীৰ্ঘ স্বাস্থ্যৱন্ত কৰ্মময় সামাজিক সাংস্কৃতিক সাহিত্যিক জীৱনৰ সুউজ্বল কামনা কৰিলোঁ। তেখেতৰ লগতে উপস্থিত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে তেখেতৰ সুন্দৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰি অনুষ্ঠানৰ সামৰণি কৰে।

বৰুণ ধাৱন কৃতি ছাননৰ চিনেমা ‘ভেদিয়া’ৰ বক্স অফিচ সংগ্ৰহৰ প্ৰথম দিন,কিমান অৰ্জন কৰিলে?

বৰুণ ধাৱন আৰু কৃতি ছাননৰ ছবি ভেদিয়া ছবিগৃহত প্ৰৱেশ কৰিছে। দীৰ্ঘদিন ধৰি এই ছবিখনক লৈ অনুৰাগীৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। ছবিখনৰ ট্ৰেইলাৰ ওলোৱাৰ পিছৰে পৰা দৰ্শকৰ মাজত ছবিখন চাবলৈ যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে। এতিয়া এই ছবিখন মুক্তি পাইছে ,ইতিবাচক সঁহাৰি পাইছে। একে সময়তে ছবিখন মুক্তি পোৱাৰ পিছতো সকলোৰে দৃষ্টি ইয়াৰ বক্স অফিচৰ মুকলি সংগ্ৰহৰ ওপৰত থাকে।


‘ভেদিয়া’ ছবিখনৰ টিজাৰ আৰু ট্ৰেইলাৰ দৰ্শকে সমাদৰ লাভ কৰাৰ লগতে ছবিখনৰ গীতসমূহো ছুপাৰ হিট হৈ পৰিছিল। ইয়াৰ পৰিচালক অমৰ কৌশিক, যিয়ে ‘ষ্ট্ৰী’ৰ দৰে কমেডী হৰৰ ছবি নিৰ্মাণ কৰিছিল, যিখন ছবি দৰ্শকে অতিশয় ভাল পাইছিল। একে সময়তে প্ৰায় ৬০-৭০ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনৰ প্ৰথম দিনৰ সংকলনটোও চৰ্চালৈ আহিছে। বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ প্ৰতিবেদন অনুসৰি ছবিখনে প্ৰথম দিনাই প্ৰায় ৭.৪৮ কোটি টকা উপাৰ্জন কৰিছে। যদি দেখা যায় বাজেট অনুসৰি ছবিখনৰ মুকলি সংকলন ঠিকেই আছে। অৱশ্যে ছবিখনক লৈ চলি থকা হুলস্থুলৰ মতে প্ৰথম দিনটোত উপাৰ্জন বেছি নাছিল।

আপোনালোকক কওঁ যে অজয় দেৱগানৰ “দৃশ্যাম ২” ছবিয়ে ইতিমধ্যে বক্স অফিচত শাসন কৰি থকা সময়ত এই ছবিখন মুক্তি পাইছে। এনে পৰিস্থিতিত শনিবাৰ আৰু দেওবাৰৰ সংগ্ৰহৰ পিছতহে ভেদিয়াৰ ভৱিষ্যত নিৰ্ণয় হ’ব। ভ্ৰাম্যমাণ থিয়েটাৰত দৰ্শকে কোন দিশ লয় সেয়া লক্ষণীয় হ’ব।


এই ছবিখন চোৱাৰ আন এটা কাৰণ হ’ল বৰুণ ধাৱন আৰু কৃতি ছাননক ভেদিয়াৰ জৰিয়তে বহুদিনৰ মূৰত পুনৰ একেলগে কাম কৰা দেখা গৈছে। ইয়াৰ পূৰ্বে ২০১৫ চনত শ্বাহৰুখ খান আৰু কাজলৰ ছবি দিলৱালেত দুয়োকে একেলগে দেখা গৈছিল।এই দুজনৰ বাহিৰেও অভিষেক বেনাৰ্জী আৰু দীপক ডব্ৰিয়ালে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘ভেদিয়া’ৰ আগতীয়া বুকিংৰ প্ৰথম দিনাই ৩০ হাজাৰ টিকট বিক্ৰী হৈছে। ছবিখন ডাঙৰ চহৰত ভালকৈ চলি আছে।

নগাঁৱৰ এগৰাকী অধ্যক্ষৰ প্ৰংশসনীয় কৰ্ম । নিলম্বনৰ সময়ছোৱাত কুটীৰ শিল্প চৰ্চা, মুখ্যমন্ত্ৰীলৈ সাজি উলিয়ালে বাঁহৰ নাও, মানসিক দৃঢ়তাৰ নিদৰ্শন এগৰাকী অধ্যক্ষৰ…

মানসিক শক্তি আৰু নিজৰ ওপৰত থকা অগাধ বিশ্বাসে অসম্ভৱো কামো সম্ভৱ কৰি তোলে।নিজৰ ওপৰত থকা অপৰিসীম বিশ্বাস আৰু মানসিক দৃঢ়তাৰ বাবে নগাঁৱৰ এখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানৰ এগৰাকী অধ্যক্ষৰ জীৱনলৈ অজানিতে নামি অহা কিছু বেয়া মূৰ্হুতত তেওঁ মানসিক ভাবে ভাগি নপৰি কৰি গৈছিল বিভিন্ন যোগাত্মক কৰ্ম।যি যোগাত্মক কৰ্মৰ বাবে এতিয়া সকলোৰে শলাগৰ পাত্ৰ হৈছে অধ্যক্ষ গৰাকী।এই গৰাকী হৈছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতী।


জীৱনৰ বেয়া মূৰ্হুত সমূহ সোঁৱৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে কয় যে
মোক মিছা অভিযোগত চৰকাৰে ৬মাহৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰিছিল। কিন্তু সেই সময়ত মই মানসিক ভাৱে ভাগি পৰা নাছিলো। মোৰ পৰিয়াল আৰু শুভাকাংক্ষীৰ আশীৰ্বাদে মোক সাহস দিছিল সকলো ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজি যোৱাৰ। সেয়ে এই সময়ছোৱাত আন চিন্তা বাদ দি মই ব্যস্ত হৈছিলো বাঁহৰ দ্বাৰা বিভিন্ন সামগ্ৰী নিৰ্মান কৰাত। এতিয়া মই নিৰ্মান কৰা সামগ্ৰীৰে মহাবিদ্যালয়ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ উপৰিও আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলকো কুটীৰ শিল্পৰ প্ৰশিক্ষণ দিয়াৰ বাবে চেষ্টা কৰিম।

– উল্লেখযোগ্য যে মহাবিদ্যালয় খনৰে এগৰাকী ঠিকাভিত্তিক শিক্ষয়ত্ৰীৰ অভিযোগৰ ভিত্তিত ১ এপ্ৰিলত নিলম্বন কৰা হৈছিল ড° ভাগৱতীক। পিছে শিক্ষয়ত্ৰী গৰাকীয়ে উপযুক্ত সাক্ষ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে যোৱা ৩১ অক্টোবৰত পুনৰ চৰকাৰে নিলম্বন প্ৰত্যাহাৰ কৰে। এই সময়ছোৱাত ভাগৱতীয়ে মানসিক ভাৱে ভাগি পৰাৰ সলনি কুটীৰ শিল্প চৰ্চাত নিজকে আত্মনিয়োগ কৰে। পুৰণিগুদামৰ ভেৰভেৰীৰ নিজা বাসগৃহত ড° ভাগৱতীয়ে বাঁহৰ নাও, চিংফৌ আৰ্হিৰ ঘৰ, নগা ঘৰ, চাং ঘৰ, ভাৰতীয় নৌ সেনাৰ আৰ্হিৰ নাও আদিৰ লগতে বিভিন্ন সামগ্ৰী নিৰ্মান কৰে। আনকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিয়াৰ বাবেও সাজি উলিয়াইছে এখন সুন্দৰ নাও। অধ্যক্ষ গৰাকীয়ে বৰ্তমান কুটীৰ শিল্পৰ জৰিয়তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে উপদেশ দিয়াৰ লগতে শীঘ্ৰেই মহাবিদ্যালয় খনত কুটীৰ শিল্পৰ কৰ্মশালা অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰিছে।

 সুস্বাস্থ্যৰ বাবে ব্যায়াম কিমান প্ৰয়োজন জানো আহক…

স্বাস্থ্য-সচেতন হ’লে জীৱনশৈলীজনিত ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰি।ঘৰুৱাভাৱে ব্যায়াম,যোগাসন,খোজ কঢ়া,চাইকেল চলোৱা বা সাঁতোৰাৰ জৰিয়তে স্বাস্থ্যৰ যতন ল’ব পাৰি।এনেধৰণেৰে স্বাস্থ্যৰ যত্ন ল’লে কোনো যন্ত্ৰৰ প্ৰয়োজন নহয়।আনহাতে স্বাস্থ্যৰ যত্ন লোৱাৰ কোনো নিৰ্দিষ্ট বয়সনাই।যদিহে আপোনাৰ বয়স ৭০ বছৰ আৰু আপুনি এতিয়া অনুভৱ কৰিছে যে স্বাস্থ্যৰ যত্ন লোৱা উচিত,তেনেহ’লে তাৰ বাবে আপুনি আগবাঢ়িব পাৰে।কেৱল এজন চিকিৎসকৰ দ্বাৰা আপুনি কি ধৰণৰ ব্যায়াম বা স্বাস্থ্যৰ যত্ন ল’ব বিচাৰিছে সেই বিষয়ে জনাই পৰামৰ্শ গ্ৰহণ কৰি ল’ব।সকলো বয়সতে সকলো ব্যায়াম উপযোগী নহ’বও পাৰে।সাধাৰণতে সকলো বয়সৰ মানুহে খোজ কাঢ়িব পাৰে।আৰম্ভণিতে কম সময়ত খোজ কঢ়াৰ অভ্যাস কৰি পিছলৈ সময়ৰ পৰিমাণ বঢ়াই যাব।এই কথাও জনা উচিত যে স্বাস্থ্যৰ যতন ল’লেই স্বাস্থ্যৰ অস্বাভাৱিক পৰিৱৰ্তন নহয়।চকুত পৰাকৈ স্বাস্থ্যৰ পৰিৱৰ্তন হ’বলৈ কমেও ছমাহ সময় লাগে।স্বাস্থ্যৰ যতন ল’লে মনটো ভালে থাকে আৰু মানসিক চাপ হ্ৰাস পায়।

যদিহে আপোনাৰ বয়সে ৪০ ৰ ডেওনা পাৰ কৰিছে,তেন্তে আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাৰ উপযুক্ত সময় আহি পৰিছে।স্বাস্থ্যৰ যতন লওঁতে খাদ্যাভ্যাসৰো কিছু পৰিৱৰ্তন কৰা উচিত।ঘৰৰ চোতালত কিছুমান ব্যায়াম সহজতে কৰিব পাৰি।তেনে কিছু ব্যায়াম ছবিত দেখুওৱা হৈছে।প্ৰথমে লাহে লাহেকৈ কৰি পিছলৈ ইয়াৰ পৰিমাণ বঢ়াই যাব।এনেধৰণৰ ব্যায়াম এফালে দহবাৰ কৰিব।এবাৰ কৰি দুই ছেকেণ্ডৰ কাৰণে জিৰণি ল’ব।এইধৰণৰ ব্যায়াম নিয়মীয়াকৈ কৰিলে পেশী সবল হোৱাৰ লগতে দেহাটো আটিল হ’ব।শৰীৰৰ অতিৰিক্ত চৰ্বি কিছু পৰিমাণে হ্ৰাস পাব।বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ শৰীৰলৈ জঠৰতা আহে।সেয়ে কাৰ্ডিঅ’ ব্যায়াম কৰাটো জৰুৰী।কাৰ্ডিঅ’ ব্যায়াম কৰোতে আঁঠুৰ বিষ নাথাকিলে জঁপিয়াবও পাৰে।জঁপিয়াওঁতে টান মজিয়াত জাঁপ নামাৰিব।এযোৰ ভাল ধৰণৰ জোতা পিন্ধি ঘাঁহনি বা মজিয়াত এখন কাৰ্পেট পাৰি জঁপিয়াব পাৰিলে ভাল।

বহুতে ব্যায়াম আৰম্ভ কৰোতে শৰীৰৰ ওজনৰ মাপ লয়।আৰু সেই মাপ সপ্তাহৰ মুৰে মুৰে পৰীক্ষা কৰে।এনে কৰা অনুচিত।শৰীৰৰ ওজনৰ মাপ লোৱাতকৈ এডাল ফিতাৰে শৰীৰৰ জোখ লওক।এই জোখ পুনৰ এমাহৰ পিছতহে মাপ কৰিব।আপুনি যদি শৰীৰৰ সক্ৰিয়তা বৃদ্ধি কৰিছে আৰু আহাৰৰ ক্ষেত্ৰতো চৰ্বিযুক্ত আহাৰ পৰিত্যাগ কৰিছে তেনেহ’লে নিশ্চিতভাৱে এমাহত তাৰ প্ৰমাণ পাব।ম্নত ৰাখিব কেৱল চৰ্বি আহাৰহে কমাব লাগিব,আহাৰৰ প্ৰ’টিনৰ পৰিমাণ নকমাব।অতি বেছিও শৰীৰৰ বাবে ক্ষতিকাৰক।ইয়াৰ লগতে ফল-মুল আৰু শাক-পাচলি যথেষ্ট পৰিমাণে গ্ৰহণ কৰিব।

প্ৰতিদিনে যথেষ্ট পৰিমাণৰ পানী গ্ৰহণ কৰক।ছবিত দেখুওৱাৰ দৰে ভৰি দুখনৰ কাৰণে এই ব্যায়াম কৰিব পাৰে।সকলোৰে ঘৰত ডাম্বেল নাথাকিব পাৰে।তেওঁলোকে এক লিটাৰ পানীৰ বটলত বালি ভৰাই তাত সামান্য পানী মিহলাই ওজন বৃদ্ধি কৰি এই বটল দুটা ডাম্বেলৰ দৰে ব্যৱহাৰ কৰিব পাৰে।

পেটৰ চৰ্বি কমাবৰ বাবে ছবিত দেখুওৱাৰ দৰে ছিট-আপৰ ব্যায়াম কৰিব।ভৰি দুখন চকী বা বিছনাৰ তলত সুমুৱাই লৈ মজিয়াত শুই লৈ এই ছিট-আপৰ অভ্যাস কৰিব।সদায় একেধৰণৰ অভ্যাস নকৰিব।কেতিয়াবা বেঁকাকৈ আৰু কেতিয়াবা পোনকৈ এই অভ্যাস কৰিব।আমাৰ শৰীৰত পেশী গঠনৰ বাবে সাধাৰণতে ৩৬ ঘণ্টাৰ প্ৰয়োজন হয়।সেয়ে যিকোনো এটা অভ্যাস কৰোতে সেই পেশীখিনি ৩৬ ঘণ্টাৰ বিৰতিৰ প্ৰয়োজন হয়।আপুনি নিজৰ পচন্দ মতে কোনদিনা কেনেধৰণৰ ছিট-আপৰ অভ্যাস কৰিব তাৰ এখন ৰুটিন বনাই ল’ব।সেই ৰুটিন মতে ছিট-আপৰ অভ্যাস কৰিলে পেটৰ চৰ্বি বহুখিনি হ্ৰাস পাব।

ৰাখী সাৱন্তৰ জন্মদিনটো বিশেষ কৰি তুলিলে প্ৰেমিক আদিলে…

শেহতীয়াকৈ ৰাখী সাৱন্তৰ ৪৪ সংখ্যক জন্মদিন উদযাপন কৰা হৈছে। এই দিনটোক বিশেষ কৰি তুলিবলৈ তাইৰ প্ৰেমিকজনে কোনো শিল নোহোৱাকৈ এৰি থৈ যোৱা নাছিল আৰু বিমানবন্দৰতে তাইৰ বাবে এটা চমক দিয়াৰ পৰিকল্পনা কৰিছিল।

জন্মদিনত আদিলে ৰাখী সাৱন্তক আচৰিত কৰিলে: নাট ৰাণী অৰ্থাৎ ৰাখী সাৱন্তক লাইমলাইটত থাকিবলৈ কোনো কাৰণৰ প্ৰয়োজন নাই। বাইদেউ, আজিকালি তাইৰ প্ৰেম জীৱনৰ বিষয়ে বহুত শিৰোনাম পাই আছে। ডুবাইৰ ব্যৱসায়ী আদিল দুৰানীৰ সৈতে ডেটিং কৰিছে ৰাখী সাৱন্তই। দুয়োটাকে প্ৰায়ে একেলগে দেখা যায়। এতিয়া এইবাৰ নাট্য ৰাণীৰ জন্মদিনত ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে দম্পতীহালৰ পিডিএ মুহূৰ্ত।


শেহতীয়াকৈ ৰাখী সাৱন্তৰ ৪৪ সংখ্যক জন্মদিন উদযাপন কৰা হৈছে। অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত তেওঁক বহুত অভিনন্দন জনায়, লগতে তেওঁৰ প্ৰেমিকজনে এই দিনটোক বিশেষ কৰি তুলিবলৈ কোনো শিল উলটি যোৱা নাছিল। বিমানবন্দৰত ৰাখীৰ বাবে তেওঁৰ এটা চমকপ্ৰদ পৰিকল্পনা আছিল। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত বহু আভাস পোহৰলৈ আহিছে, য’ত ৰাখীয়ে এটা নহয় চাৰিটা কেক কাটি থকা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে কেক কটাৰ আগতে সকলোৱে ৰাখীত গোলাপ ফুলৰ বৰষুণ কৰে।

আভাসত দেখা যায় যে ৰাখীয়ে কঢ়িয়াই লৈ ফুৰিছে ৰঙা পালাজ’ আৰু টপৰ সৈতে ডেনিম জেকেট। একে সময়তে মূৰত হিমাচালি টুপী আৰু গধুৰ মাং টিকা দেখা যায়। আনহাতে বগা চাৰ্ট আৰু নীলা জিন্স পিন্ধি দেখা গৈছে আদিলক। কেক কাটি আদিলে ৰাখীক কপালত চুমা খায়, তেতিয়াহে ৰাখীক অলপ আৱেগিক যেন লাগে। প্ৰেমিকৰ সৈতে এই বিশেষ দিনটোত ৰাখীক খুব সুখী যেন লাগিছে। অনুৰাগীসকলেও ইণ্টাৰনেটত তেওঁলোকৰ ৰসায়ন বিজ্ঞান দেখি ভাল পাইছে।

ৰাখী সাৱন্ত আৰু আদিল দুৰানীয়ে বিগত কেইবামাহো ধৰি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে। যোৱা বছৰ বিগবছ ১৫ৰ সময়ত ৰাখীয়ে ৰাষ্ট্ৰীয় টিভিত ৰিতেশ নামৰ এজন ব্যক্তিক স্বামী বুলি আখ্যা দি চিনাকি কৰাই দিছিল। একে সময়তে দুয়োজনে শ্ব’টোৰ পৰা ওলাই অহাৰ লগে লগে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে, তাৰ পিছত ৰাখীয়ে নিজৰ নতুন প্ৰেমিকক লৈ বহুত সুখী।

সুখবৰ, অসমৰ ১৬ গৰাকীলৈ সংগীত–নাটক অকাডেমীৰ বঁটা…

ঘোষণা হ’ল বিগত ৩ বছৰৰ সংগীত–নাটক অকাডেমীৰ বঁটা৷ অসমৰ ৫ গৰাকীলৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে এইবাৰ ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ বঁটাসমূহ একেলগে ঘোষণা কৰিছে সংগীত–নাটক একাডেমীয়ে।

সত্ৰীয়া নৃত্যৰ প্ৰসিদ্ধ শিল্পী ৰঞ্জুমণি শইকীয়া, সুদক্ষ নাট্যকাৰ–পৰিচালক অবিনাশ শৰ্মা, অভিনেতা প্ৰাঞ্জল শইকীয়া, অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ সৈতে জড়িত বিশিষ্ট শিল্পী গুণীন্দ্ৰনাথ ওজা, প্ৰসিদ্ধ বিহুৱা প্ৰসন্ন গগৈ, সত্ৰীয়া নৃত্যৰ প্ৰসিদ্ধ শিল্পী হৰি বৰা বৰবায়ন, ব্যাস ওজাপালিৰ বিশিষ্ট শিল্পী ধৰ্মেশ্বৰ নাথ ওজা, সত্ৰীয়া ওজাপালিৰ (ব্যাস কীৰ্তন) প্ৰসিদ্ধ শিল্পী গুৰুপ্ৰসাদ ওজা, বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ড আৰু অসমৰ লোকসংগীত আৰু নৃত্যৰ বিশিষ্ট শিল্পী মাখন চন্দ্ৰ বৰাই লাভ কৰিছে সন্মানীয় সংগীত–নাটক অকাডেমী বঁটা।

২০১৯ চনৰ বাবে ওস্তাদ বিছমিল্লাহ খাঁ বঁটা লাভ কৰিছে প্ৰভাত কাকতিয়ে। ২০২০ চনৰ বাবে এই বঁটা লাভ কৰিছে জলীমণি শইকীয়া (সত্ৰীয়া), মানস কুমাৰ চমুৱা (বেহেলা) আৰু হিমাংশু শৰ্মাই (নাট পৰিচালনা)। ২০২১ চনৰ বাবে বিছমিল্লাহ খাঁ বঁটা লাভ কৰিছে সত্ৰীয়া নৃত্যৰ দুই শিল্পী দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাই।

উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ স্বীকৃতিপ্ৰাপ্ত কামৰূপ মহানগৰ সমিতিৰ অন্তৰ্গত এখনি কবি সন্মিলন অনুষ্ঠিত…

শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ, লাষ্টগেটত উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ স্বীকৃতিপ্ৰাপ্ত কামৰূপ মহানগৰ সমিতিৰ অন্তৰ্গত, হাতীগাওঁ শাখা সমিতিৰ উদ্যোগত ১৮ নৱেম্বৰ শুক্ৰবাৰে এখনি কবি সন্মিলন অনুষ্ঠিত হৈ হয়। কবি সন্মিলনৰ লগতে ভালেকেইজন গায়ক গায়িকাই গীত পৰিৱেশন কৰে।

সন্মিলনৰ আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে শাখাৰ সদস্য সকলে।তাৰপিছত অতিথি সকলক মঞ্চলৈ আদৰনি জনায় শাখাৰ সদস্যা সকলে ।সন্মিলনখনত সভাপতিত্ব কৰে শাখাৰ সভাপতি দিব্যজ্যোতি লহকৰে।উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা জ্যোতি কলিতা ডেকাই।

সন্মিলনত উপস্থিত থাকে উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ কেন্দ্রীয় কমিটিৰ সম্পাদক প্ৰধান হেমচন্দ্র বৰ্মন, কাৰ্যকৰী সভাপতি-ডঃবৈজয়ন্তী গোস্বামী, উপ সভাপতি ডাঃনজৰুল কাজী। অতিথি হিচাপে উপস্থিত থাকে বৈজ্ঞানিক ডঃ বীৰেন শৰ্মা, কবি-গীতিকাৰ, অভিনেতা পৰাগ দেৱ চৌধুৰী আৰু কবি, গীতিকাৰ ,গায়ক সুভাষ নাথ। সভাৰ আৰম্ভণিতে সম্পাদক প্ৰধান হেমচন্দ্র বৰ্মনে সন্মিলনৰ সাংগঠনিক দিশৰ ওপৰত বক্তৃতা দিয়ে।

ডঃ বা জয়ন্তী গোস্বামীয়ে কবিতাৰ ওপৰত সুন্দৰভাৱে কয় আৰু এটি কবিতা পাঠ কৰে। ডাঃ নজৰুল কাজীয়ে কবি সন্মিলনখন সঞ্চালন কৰে, লগতে দুটি কবিতা পাঠ কৰে। বৈজ্ঞানিক বীৰেন শৰ্মাই কবিতাৰ ওপৰত সুন্দৰ বক্তৃতা প্ৰদানৰ সকলোকে আপ্লুত কৰে।

গীতিকাৰ অভিনেতা পৰাগ দেৱ চৌধুৰীয়ে কবিতা বোৰ পৰ্যালোচনা কৰে। কবি গায়ক সুভাষ নাথে স্ব ৰচিত, গীত গায়।সদস্যা স্নেহা দেৱীয়ে জুবিনৰ জন্মদিন উপলক্ষে দুআষাৰ কয়।শিশু শিল্পী চৈয়দ নৱাফ কাজী আৰু নিহাৰিকা কলিতাই গীত গোৱাৰ লগতে ভালে কেইগৰাকী সদস্য/ সদস্যাই গীত গায়। সভাপতিৰ বক্তব্যৰ পিছত কামনা কলিতাই শলাগৰ শৰাই আগবঢ়ায়। জাতীয় সংগীত পৰিবেশনেৰে সভা ভংগ কৰা হয়।

নগাঁৱত মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ…

ওচৰ চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে একপক্ষীয় প্ৰেমত পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সেয়ে অসমৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী গৰাকী।- নগাঁৱত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

নগাঁৱৰ লক্ষীনগৰৰ পৰা আৰম্ভ কৰা এই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়,  বৰ্তমানৰ চৰকাৰখন ঋণৰ বোজাত পৰিছে। সেয়ে সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি কৰি ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে। এইখন ধনী মানুহৰ চৰকাৰহে। মুখ্যমন্ত্ৰীয়ে সাপ হৈ খুটে আকৌ বেজ হৈয়ো জাৰে। সৰ্বদিশতে ৰাইজক প্ৰতাৰণা কৰা হৈছে আৰু এই প্ৰতাৰণাৰ সমূচিত প্ৰত্যুত্তৰ দিব।  

 উল্লেখযোগ্য যে, আজি সমগ্ৰ ভাৰততে কংগ্ৰেছৰ এই যাত্ৰাই ২১দিনত ভৰি দিছে। নগাঁৱত কংগ্ৰেছে দ্বিতীয় দিনৰ এই কাৰ্যসূচী আৰম্ভ কৰাৰ আগমুহুৰ্তত নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ আৱক্ষ মূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জনায়। কংগ্ৰেছ নেতৃবৰ্গই নগাঁৱৰ বীণাপাণি মন্দিৰতো পূজা আগবঢ়াই। ইয়াৰ পিছতে বিয়লি ৩বজাত লক্ষীনগৰৰ পৰা সমগ্ৰ চহৰখনতে তেঁওলোকে এই কাৰ্যসূচী ৰূপায়িত কৰে। আজিৰ এই কাৰ্যসূচীত সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদা, ভাস্কৰ বৰুৱাৰ লগতে কংগ্ৰেছৰ তত্বাৱধাৱক পৃথিৰাজ সাথীয়েও অংশগ্ৰহণ কৰে।