Home Blog Page 1864

বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জল মহাৰজত জয়ন্তী

অসমৰ শিক্ষা ক্ষেত্ৰৰ সমস্যা  সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ আৰু ২০ বছৰ লাগিব৷ ২০ বছৰে আমি নিৰন্তৰ কাম কৰিব লাগিব৷ তাৰ মাজতে আমি যিখিনি অতি গুৰুত্বপূৰ্ণ বুলি ভাৱো এইখিনি বিদ্যালয় সমূহত ৰূপায়ণ কৰি যাব লাগিব৷ এই মন্তব্য লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ ৷

ধেমাজি জিলাৰ বৰদলনিৰ ঐতিহ্যমণ্ডিত বিদ্যালয় বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ তিনিদিনীয়া কাৰ্যসূচীৰ আজি আৰম্ভণি অনুষ্ঠানৰ দিনা পতাকা উত্তোলন কৰি তেওঁ এইদৰে মন্তব্য দিয়ে ৷ তেওঁ কয়- কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা নীতি ২০২০ অনুযায়ী অসমৰ সকলোবোৰ শিক্ষানুষ্ঠানক সামৰি লোৱা হ’ব আৰু বিদ্যালয় সমূহত ই লাইব্ৰেৰী আৰু ডিজিটেল পদ্ধতিৰ সুুবিধা সমূহ প্ৰদান কৰা হ’ব বুলিও তেওঁ দোহাৰে ৷ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা মহাৰজত জয়ন্তীৰ আজিৰ কাৰ্যসূচী অনুযায়ী পুৱা ৬ বজাত প্ৰাতঃ সমদল উদ্বোধন কৰে মহাৰজত জয়ন্তী অভ্যৰ্থনা সমিতিৰ ক্ৰীড়া বিভাগৰ সভাপতি ঠগেন্দ্ৰ বৰগোঁহায়ে ৷ ৭ বজাত সামূহিক চাফাই কৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

পৰিচালনা কৰে বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যোগেশ্বৰ শৰ্মাই ৷ ৭-৩o বজাত মূল তোৰণৰ দ্বাৰ উন্মোচন কৰে বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত  প্ৰধান শিক্ষক পবিত্ৰ কুমাৰ বুঢ়াগোঁহায়ে ৷ ৭-৪০ বজাত গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে মহাৰজত জয়ন্তী্ৰ মুখ্য উপদেষ্টা দুলাল দাসে ৷ ৮- বজাত শ্ৰদ্বা্ঞ্জজলী অনুষ্ঠানৰ শুভাৰম্ভ কৰে বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক তত্বাবধায়ক হেমন্ত চেতিয়াই ৷ 

৮-২০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰে মহাৰজত জয়ন্তীৰ কাৰ্যকৰী সভাপতি মোহন দাসে ৷ ৮-৩০ বজাত ৭৪ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷  ৯ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা কুচ-কাৱাজ প্ৰদৰ্শন, ১০ বজাত প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰা হয় ৷ উন্মোচন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ ১০-২০ বজাত ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰে স্বৰ্ণপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক শিৱপ্ৰসাদ দত্তই ৷

১০-৪৫ বজাত পতাকাৰ বেদী উন্মোচন কৰে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ দত্তই ৷ ১১-১৫ বজাত মণ্ডপ উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° সৰ্বেশ্বৰ চুতীয়াই ৷  ১১-৩০ বজাত হৰেণ চুতীয়া সোঁৱৰণি মঞ্চ উদ্বোধন কৰে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শিৰোমণি বৰুৱাই ৷  বিয়লিলৈ কৰ্মচাৰী সন্মিলন, গ্ৰন্থ উন্মোচন, অনু্ুুষ্ঠান অনুষ্ঠিত হয় ৷ নিশালৈ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

শাক-পাচলি কিমান প্ৰয়োজনীয় আমাৰ স্বাস্থ্য বাবে জানক…

ছালৰ ৰোগত –

বন্ধাকবিৰ পাত হেঁচি ছালত লগাই ৰোগ ভাল কৰা দৃষ্টান্ত আমাৰ সমাজত আছে। ছালত হোৱা ঘা, ফোঁহ বা ছাল উখহি উঠা আৰু ছালৰ খজুৱতিত কবিৰ পাত এইদৰে প্ৰয়োগ কৰা হয়। বাহিৰৰ ডাঠ আৰু  অধিক সেউজীয়া পাত অধিক কাৰ্যকৰী। প্ৰয়োগ কৰাৰ আগতে পাতবোৰ গৰম পানীৰে ধুই চাফা গামোচাৰে শুকান কৰি ল’ব লাগে। এনে পাত যিবোৰ ঠাইত লগোৱা হয় তাক দিনটোৰ বাবে লগাই থ’ব পাৰি। পাতৰ ৰং সলনি হ’লে নতুন পাত লগাব লাগে। আৰোগ্য নোহোৱালৈ এইদৰে পাত সলাই থাকিব লাগে।

আগতীয়া বৃদ্ধাৱস্থা –

বহু গৱেষণাত প্ৰমাণ পোৱা গৈছে যে বন্ধাকবিত বহু পদাৰ্থ আৰু খনিজ লৱণ থাকে, যাৰ ফলত ই আগতীয়া বৃদ্ধাৱস্থা ৰোধ কৰিব পাৰে। বয়স বাঢ়ি গৈ থকা মানুহে বন্ধাকবি খাই থাকিলে ৰক্তবাহী নলীৰ গাত জমা হ’ব ধৰা ডাঠ ব্লকবিলাক নোহোৱা কৰে। তদুপৰি গলব্লাডাৰত পাথৰ জমা হ’ব নিদিয়ে। বন্ধাকবিত থকা ভিটামিন-পি আৰু চিৰ সংযোগে ৰক্তনীল চাফা কৰি ৰাখে আৰু নলীক শক্তি দিয়ে।

ৰঙা বন্ধাকবি –

সচৰাচৰ আমি সেউজীয়া বন্ধাকবি খাওঁ। কিন্তু বিশ্ব খাদ্য সংস্থাই (WFO) ৰঙা কবিত থকা বহুকেইটা গুণৰ বাবে ৰঙা জাতটোও অনুমোদন কৰিছে। ইয়াৰ ৰঙা ৰঙে বুজায়- ইয়াত যথেষ্ট পৰিমাণে এন্থ’ছায়ানিন পলিফেনল আছে। গতিকে ইয়াত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট বা বিজাৰক আৰু প্ৰদাহৰোধী পদাৰ্থ থাকে।

মুঠৰ ওপৰত বন্ধাকবি এবিধ উৎকৃষ্ট পাচলি। ই ভিটামিন- চি আৰু মেংগানিজৰ উৎকৃষ্ট উৎস। ইয়াৰ কেন্সাৰৰোধী গুণ উৎস। কাৰণ ইয়াত থাকে প্ৰচুৰ বিজাৰক, প্ৰদাহৰোধী দ্ৰব্য আৰু গ্লুক’ছিন’লেটছ।

জম্মু-কাশ্মীৰত অব্যহাত আছে ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান…

জম্মু-কাশ্মীৰত অব্যহাত আছে ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। বিগত সময়চোৱাত উপত্যকাটোত নিৰাপত্তাৰক্ষীৰ অভিযানত ভালেসংখ্যক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে তথা আটক হৈছে। নিৰাপত্তাৰক্ষীৰ এনে এক অভিযানত আজি পুৱা জম্মুৰ উপকণ্ঠ অঞ্চলত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে পুনৰ চাৰিগৰাকী সন্ত্ৰাসবাদী।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এখন ট্ৰাকৰ সন্দেহজনক গতিবিধিৰ বাবে নিৰাপত্তাৰক্ষীয়ে ট্ৰাকখন পৰীক্ষা কৰাৰ বাবে ৰখায় আৰু সেই মুহূৰ্ততে ট্ৰাকৰ ভিতৰত থকা সন্ত্ৰাসবাদী সদস্য কেইগৰাকীয়ে গুলীচালনা কৰে। লগে লগে নিৰাপত্তাৰক্ষীয়ে প্ৰত্যাক্ৰমণ চলায় আৰু গুলীবৰ্ষণত চাৰি গৰাকী সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে গুলীবৰ্ষণৰ ফলত ট্ৰাকখনত জুই লাগ আৰু জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন লগে লগে ঘটনাস্থলীলৈ মাতি নিয়া হয়। ঘটনা সন্দৰ্ভত জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়, “এলেকাটোত এখন ট্ৰাকৰ অস্বাভাৱিক গতিবিধি লক্ষ্য কৰা হৈছিল। সন্দেহবশত: আৰক্ষীয়ে চেক প’ষ্টত ট্ৰাকখন পৰীক্ষাৰ বাবে ৰখায়।”

“সুৰক্ষা বাহিনীয়ে ট্ৰাকখনত তালাচী আৰম্ভ কৰাৰ লগে লগে ভিতৰত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে। প্ৰত্যাক্ৰমণ স্বৰূপে নিৰাপত্তাৰক্ষীয়ে কৰা গুলীবৰ্ষণত আটাইকেইগৰাকী সন্ত্ৰাসবাদী নিহত হয়।”- আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

তেওঁ লগতে জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদী কেইগৰাকী নিহত হ’লেও সংঘৰ্ষৰ সময়ত ট্ৰাকখনৰ চালকগৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ সন্ধানত বৰ্তমান অনুসন্ধান অভিযান অব্যাহত ৰখা হৈছে।

এৰাবাৰীত টংলা আঞ্চলিক বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিবেশন

বাথৌ হৈছে বড়ো জনগোষ্ঠীৰ মূল ধৰ্ম,এই ধৰ্মৰ জৰিয়তে জাতিটোৰ পৰিচয় অটুট আছে।’ধৰ্মই মানুহক আত্মশুদ্ধী কৰে।বাথৌ ধৰ্মৰ মূলত পাঁচটা থাল আছে,অতীতৰ পৰা বড়ো সকলে প্রকৃতিক পূজা অৰ্চনা কৰি আহিছে ক্ৰমে মাটি, পানী, বতাহ, জুই আৰু আকাশ,যিয়ে বস্তু মানৱ জীৱনত জীয়াই থকাৰ মূল কেন্দ্ৰ বিন্দু’ এই কথা আজি টংলা আঞ্চলিক বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ব্যক্ত কৰে ওদালগুৰি জিলা বাথৌ মহাসভাৰ মুখ্য আচাৰী গহীন চন্দ্ৰ বড়োই।ওদালগুৰি জিলাৰঅন্তৰ্গত টংলা আঞ্চলিক বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিবেশন খনি আজি জলাহ এৰাবাৰী গাঁৱত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

এৰাবাৰী গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা অধিবেশন খনিৰ কাৰ্যসূচী মতে পুৱাৰ ভাগত মন্দিৰৰ পূজা আৰম্ভৰ পাছতে ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰে টংলা আঞ্চলিক বাথৌ মহাসভাৰ সভাপতি গৌৰী চন্দ্ৰ বড়োয়ে।

উন্নয়নশীল দেশৰ উদ্ভাৱকক দিয়া ‘ভিনফিউচাৰ বঁটা’ লাভ কৰে আই আই টি মাদ্ৰাজৰ অধ্যাপক টি প্ৰদীপে

বিশ্বজুৰি এতিয়ালৈকে পোৱা আটাইতকৈ ডাঙৰ বাৰ্ষিক পুৰস্কাৰসমূহৰ ভিতৰত অন্যতম এই বঁটা অধ্যাপক প্ৰদীপে ভূগৰ্ভস্থ পানীৰ পৰা আৰ্ছেনিক আঁতৰাবলৈ কম খৰচী পৰিশোধন ব্যৱস্থাৰ বিকাশৰ বাবে প্ৰদান কৰা হৈছে, যাৰ ফলত বিশ্বৰ লাখ লাখ লোকে বিশুদ্ধ পানীৰ সুবিধা লাভ কৰিব পাৰে।ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজ (আই আই টি মাদ্ৰাজ) অধ্যাপক থালাপ্পিল প্ৰদীপে বছৰি চাৰিটা শাখাত প্ৰদান কৰা ‘ভিনফিউচাৰ প্ৰাইজ’ৰ ভিতৰত এটা লাভ কৰিছে। ৭১খন দেশৰ প্ৰায় ১০০০টা মনোনয়নৰ পৰা প্ৰাপকসকলক নিৰ্বাচিত কৰা হৈছিল।ভূগৰ্ভস্থ পানীৰ পৰা আৰ্ছেনিক আৰু অন্যান্য গধুৰ ধাতু আঁতৰাবলৈ কম খৰচী পৰিশোধন ব্যৱস্থা প্ৰস্তুত কৰাৰ বাবে ‘উন্নয়নশীল দেশৰ উদ্ভাৱক’ৰ বাবে উৎসৰ্গিত বিশেষ বঁটা প্ৰদান কৰা হয়।

ইয়াৰ দ্বাৰা দূষিত পানীৰে বাস কৰা বিশ্বৰ লাখ লাখ লোকে বিশুদ্ধ পানীৰ সুবিধা লাভ কৰাত সহায় কৰিব পাৰে। ২০২২ চনৰ ২০ ডিচেম্বৰত ভিয়েটনামৰ হানয়ত অনুষ্ঠিত হোৱা বঁটা অনুষ্ঠানত আই আই টি মাদ্ৰাজৰ অধ্যাপক টি প্ৰদীপে ভিনফিউচাৰ বঁটা লাভ কৰে আন বহুতোৰ লগতে পানী আৰু তেওঁৰ প্ৰযুক্তিয়ে ১২ কোটিৰো অধিক লোকলৈ বিশুদ্ধ পানী যোগান ধৰিছে।

ভিনফিউচাৰ গ্ৰেণ্ড প্ৰাইজৰ মূল্য ৩০ লাখ মাৰ্কিন ডলাৰ – যিটো বিশ্বজুৰি এতিয়ালৈকে পোৱা আটাইতকৈ ডাঙৰ বাৰ্ষিক পুৰস্কাৰসমূহৰ ভিতৰত অন্যতম। ইয়াৰ উপৰিও তিনিটা বিশেষ পুৰস্কাৰ অন্তৰ্ভুক্ত কৰা হৈছে, প্ৰত্যেকৰে মূল্য ৫ লাখ মাৰ্কিন ডলাৰ, যিবোৰ মহিলা উদ্ভাৱক, উন্নয়নশীল দেশৰ উদ্ভাৱক, আৰু উদীয়মান ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব থকা উদ্ভাৱকক দিয়া হয়।

এই গৱেষণাক স্বীকৃতি দিয়াৰ বাবে বঁটা জুৰীক ধন্যবাদ জনাই আই আই টি মাদ্ৰাজৰ ৰসায়ন বিজ্ঞান বিভাগৰ ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপক টি প্ৰদীপে কয়, “এইটোৱে মোৰ সৈতে কাম কৰা সকলোকে, কামৰ পৰা উপকৃত হোৱা সকলোকে আৰু অনুবাদ সক্ষম কৰা সকলোকে স্বীকৃতি দিয়া হৈছে আমাৰ কামৰ। একে সময়তে সকলোকে বিশুদ্ধ পানী যোগান ধৰিবলৈ এতিয়াও যি বৃহৎ ব্যৱধান দূৰ কৰিবলগীয়া আছে, সেই বিষয়েও মই সচেতন। আশা কৰোঁ এই স্বীকৃতিয়ে সেই সপোন বাস্তৱায়িত কৰাত সহায় কৰিব। মোক সকলোখিনি দিয়া মোৰ প্ৰতিষ্ঠানটোক ধন্যবাদ জনাইছো। মই মোৰ দেশক ধন্যবাদ জনাইছো, যাৰ বাবে মই থিয় হ’লোঁ।”

অধ্যাপক প্ৰদীপে বিশুদ্ধ পানী উৎপাদনৰ বাবে সুলভ আৰু বহনক্ষম নেন’পদাৰ্থ আৱিষ্কাৰ কৰিছিল। এই পদাৰ্থবোৰে আঁতৰোৱা আৰ্ছেনিক আৰু অন্যান্য পদাৰ্থই চাৰিওফালৰ পৰিৱেশত কোনো প্ৰভাৱ পেলোৱা নাই। সৰল ডিজাইন ব্যৱহাৰ কৰি এই পদ্ধতিয়ে কম খৰচত ভূগৰ্ভস্থ পানী বিশুদ্ধ কৰি লাখ লাখ ক্ষতিগ্ৰস্ত পৰিয়ালত উপনীত হোৱাৰ উপায় প্ৰদান কৰে। দুৰ্গম অঞ্চলত এই প্ৰযুক্তি অধিক সুবিধাজনক কাৰণ ইয়াৰ বাবে বিদ্যুতৰ প্ৰয়োজন নহয়।

২০২২ চনৰ ভিনফিউচাৰ বঁটাৰ ফলাফলৰ সন্দৰ্ভত মন্তব্য কৰি ভিনফিউচাৰ বঁটা পৰিষদৰ অধ্যক্ষ অধ্যাপক ছাৰ ৰিচাৰ্ড ফ্ৰেণ্ডে কয় যে, “ভিনফিউচাৰ বঁটা ২০২২য়ে সমগ্ৰ বিশ্বৰ দেশৰ পৰা বহুতো ক্ষেত্ৰত উচ্চমানৰ মনোনয়ন লাভ কৰে। বঁটা প্ৰদান কৰা বৈজ্ঞানিক কামসমূহ সকলো গৱেষণা প্ৰকল্প যিবোৰে পৰিৱৰ্তন হৈছে, আৰু কোটি কোটি মানুহৰ জীৱন সলনি কৰি আছে, আৰু ভৱিষ্যতে বহনক্ষম উন্নয়নৰ বাবে এক শক্তিশালী ভেটি হিচাপে কাম কৰিব।”

“ভিনফিউচাৰ প্ৰাইজ কাউন্সিলে তেওঁলোকৰ অসাধাৰণ উদ্ভাৱনৰ বাবে মেধাৱী বৈজ্ঞানিক মনক পুৰস্কৃত কৰি সন্মানিত হৈছে। মোৰ আশা যে এই পুৰস্কাৰে বৈজ্ঞানিক গৱেষণাক প্ৰসাৰিত কৰাত অৰিহণা যোগাব, সমাজত ইতিবাচক প্ৰভাৱ পেলাব পৰা অধিক অগ্ৰগতিৰ সৃষ্টি কৰিব, আৰু সকলোৰে বাবে এক উন্নত জীৱন গঢ়ি তোলাত সহায় কৰিব। এইটো এটা মিছন আৰু দায়িত্ব যিটো আমি অতি গুৰুত্বসহকাৰে লওঁ।’-অধ্যাপক ছাৰ ৰিচাৰ্ড ফ্ৰেণ্ডে লগতে কয়।

ভিনফ্যুচাৰ বঁটাটো ভিনফিউচাৰ ফাউণ্ডেশ্যনৰ মূলতে আছে, যিটো এটা স্বতন্ত্ৰ, অলাভজনক সংস্থা, প্ৰথম ভিয়েটনামী কোটিপতি আৰু ভিয়েটনামী বৃহত্তম সংঘবদ্ধ সংস্থা ভিংগ্ৰুপৰ প্ৰতিষ্ঠাপক মিষ্টাৰ ফাম ন্হট ভংগে তেওঁৰ পত্নী মিচেছ .Pạm থু Hương. ২০২০ চনৰ আন্তঃৰাষ্ট্ৰীয় সংহতি দিৱসত বিশ্বৰ শৈক্ষিক প্ৰতিষ্ঠান, গৱেষণা লেব, আৰু উদ্যোগৰ ব্যতিক্ৰমী উদ্ভাৱক আৰু গৱেষকসকলক স্বীকৃতি দি লাখ লাখ লোকৰ দৈনন্দিন জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন সৃষ্টি কৰা অগ্ৰগতিশীল বৈজ্ঞানিক গৱেষণা আৰু প্ৰযুক্তিগত উদ্ভাৱনক সন্মান জনোৱাৰ উদ্দেশ্যে এই বঁটা মুকলি কৰা হয়।ভাৰত চৰকাৰে ১৯৫৯ চনত ‘ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান’ হিচাপে প্ৰতিষ্ঠা কৰা ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি মাদ্ৰাজ’ (আই আই টি এম) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন ক্ষেত্ৰত ১৬টা শৈক্ষিক বিভাগ আৰু কেইবাটাও উন্নত আন্তঃশাখা গৱেষণাত চলি থাকে শৈক্ষিক কেন্দ্ৰসমূহ। প্ৰতিষ্ঠানটোৱে স্নাতক আৰু স্নাতকোত্তৰ কাৰ্যসূচী আগবঢ়ায় যাৰ ফলত বি.টেক, এম.এছ.চি., এম.বি.এ., এম.টেক, এম.এছ., আৰু পি.এইচ.ডি., বিভিন্ন বিশেষজ্ঞতাৰ ডিগ্ৰী লাভ কৰা হয়। আই আই টি এম হৈছে ৬০০ৰো অধিক অধ্যাপক আৰু ৯৫০০ ছাত্ৰ-ছাত্ৰী থকা আৱাসিক প্ৰতিষ্ঠান। ইয়াত ১৮খন দেশৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। আই আই টি এম-এ শক্তিশালী পাঠ্যক্ৰমৰ সমৰ্থনৰ সৈতে আৰু আই আই টি এম ইনকিউবেচন চেলৰ জৰিয়তে এক সক্ৰিয় উদ্যোগীকৰণ সংস্কৃতিক লালন-পালন কৰে। ২০১৯ চনত ইনষ্টিটিউচন অৱ ইমিনেন্স (আই অ’ ই) হিচাপে স্বীকৃতি লাভ কৰা আই আই টি এম-এ নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰাণে প্ৰকাশ কৰা ইণ্ডিয়া ৰেংকিং ২০২২ত একেৰাহে চতুৰ্থ বছৰৰ বাবে ‘সামগ্ৰিক’ শ্ৰেণীত ১ নং স্থান লাভ কৰিছে

কাছাৰত জব্দ ১.৭৫ কোটি টকাৰ য়াবা টেবলেট…

শিলচৰঃ অসমৰ কাছাৰ জিলাৰ সীমান্ত সুৰক্ষা বাহিনীয়ে নিষিদ্ধ ইয়াবা টেবলেটৰ বৃহৎ চালান জব্দ কৰিছে।

বুধবাৰে অসমৰ কাছাৰ জিলাত বি এছ এফে ১.৭৫ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰে।

অসমৰ কাছাৰ জিলাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা এখন বাহনৰ পৰা নিষিদ্ধ টেবলেট জব্দ কৰে।

ড্ৰাগছ কঢ়িয়াই অনা গাড়ীখন মেঘালয়ৰ পৰা অসমৰ কাছাৰ জিলাত প্ৰৱেশ কৰে।

গাড়ীখনৰ বাওঁ দুৱাৰত লুকুৱাই ৰাখিছিল ড্ৰাগছখিনিও জব্দ কৰা হৈছে।

বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ পৰা নাৱেৰে পলায়ন কৰা ১৮০ জন যাত্ৰীৰ নাও ডুব গৈছে মহাসাগৰৰ বুকুত…

বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ পৰা নাৱেৰে পলায়ন কৰা ১৮০ জন যাত্ৰীৰ নাও ডুব গৈছে মহাসাগৰৰ বুকুত। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই আশংকা কৰা মতে সাগৰ তলি ইতিমধ্যে পোত খাই গৈছে ডুবন্ত নাওখন। সাগৰৰ বুকুত নাওখনৰ ১৮০ গৰাকী যাত্ৰীয়েই সলিল সমাধি ঘটিছে বুলি আশংকা কৰা হৈছে।

উল্লেখ্য যে ম্যানমাৰৰ পৰা পলায়ন কৰি বাংলাদেশৰ শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈছে কমেও ১০ লাখ ৰোহিংগীয়াই। ম্যানমাৰত বৌদ্ধ ধৰ্ম সংখ্যাগৰিষ্ঠ। সেইবাবেই সেই দেশৰ সেনাই সংখ্যালঘু ৰহিংগীয়াক আক্ৰমণ কৰিছিল। সেয়ে ২০১৭ চনৰ পৰা ম্যানমাৰ এৰি আশ্ৰয়ৰ বাবে বাংলাদেশলৈ আহিছিল ৰহিংগীয়াসকল।

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ তথ্য অনুসৰি নৱেম্বৰৰ শেষৰ ফালে ৰোহিংগীয়া শৰণাৰ্থী কঢ়িয়াই আনিবৰ বাবে বাংলাদেশৰ ফালে এখন নাও আহিছিল। ডিচেম্বৰৰ আৰম্ভণিতে সেই নাওখনত ফাট মেলা দেখা গৈছিল। ইয়াৰ পিছত নাওখনৰ লগত যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাছিল।

তেতিয়াৰ পৰাই নাওখনৰ কোনো সন্ধান পোৱা নগ’ল। গতিকে নাওখনত থকা ১৮০ জন লোকৰ আটাইকেইজনৰেই মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ মুখপাত্ৰ বাবৰ বালোচে আশা কৰিছে যে কোনোবা যাত্ৰী হয়তো এতিয়াও ক’ৰবাত জীয়াই আছে।

এইবাৰ পোছাকৰ বাবে নহয়; এজন বিশেষ ব্যক্তিক জন্মদিনৰ শুভেচ্ছা জনাই চৰ্চাত উৰ্ফি

সাধাৰণতে উৰ্ফি জাভেদৰ সাহসী ফেশ্বন আৰু ৰঙীন সাজ-পোছাকৰ বাবে লাইমলাইটত থাকে। এইবাৰ এই সৌন্দৰ্য্যই শিৰোনাম দখল কৰিছে । এইবাৰ কাপোৰৰ বাবে নহয়, বৰঞ্চ এজন বিশেষ ব্যক্তিক বিশেষ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে। উৰ্ফি জাভেদৰ কাপোৰক লৈ সদায় চৰ্চা। অভিনেত্ৰীগৰাকীয়ে সদায় বল্ড কাপোৰ পিন্ধি ইনষ্টাগ্ৰামত ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰে আৰু বাতৰিৰ শিৰোনামৰ অংশ। আপোনালোকক কওঁ যে আকৌ এবাৰ উৰ্ফি হেডলাইনত আছে কিন্তু এইবাৰ কাৰণ সম্পূৰ্ণ বেলেগ, ব্যক্তিগত। কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত জন্মদিনৰ বিশেষ শুভেচ্ছা লিখিছে উৰ্ফীয়ে। এই বিশেষ জন্মদিনৰ শুভেচ্ছা এজন বিশেষ ব্যক্তিৰ বাবে যি বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উৰ্ফিৰ নতুন প্ৰেমিক। এই বিশেষ ব্যক্তিজন কোন আৰু উৰ্ফীয়ে তেওঁৰ বাবে কি জন্মদিনৰ শুভেচ্ছা লিখিছে চাওঁ আহক…

এই বিশেষ ব্যক্তি গৰাকীক শুভেচ্ছা জনাই উৰ্ফীয়ে আলোচনাত মিলিত হৈছে

কওঁ যে কিছুদিনৰ আগতে উৰ্ফি জাভেদে ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে, ষ্ট’ৰী অপচনৰ জৰিয়তে এজন বিশেষ ব্যক্তিক জন্মদিনৰ শুভেচ্ছা জনাইছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইজন ব্যক্তি অভিনেত্ৰীগৰাকীৰ নতুন প্ৰেমিক। উৰ্ফি জাভেদ স্প্লিটছভিলাত উৰ্ফিৰ ‘ৰোমান্টিক পাৰ্টনাৰ’ হৈ আহিছে, তেওঁ আন কোনো নহয় কাশীষ ঠাকুৰ।

উৰ্ফি জাভেদে নিজৰ আৰু কাশীষৰ ভিডিঅ’ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে যদিও ইয়াক নিস্তব্ধ কৰি ৰাখিছে। ভিডিঅ’টোত কাশীষৰ সৈতে কাজিয়া কৰা দেখা গৈছে। ইয়াতো উৰ্ফিৰ কাপোৰবোৰ অতি সাহসী আৰু তাইৰ ক্লিভেজ দেখা যায়। উৰ্ফীয়ে ভিডিঅ’টোৰে কাশিশক টেগ কৰি লিখিছে- ‘হেপি বাৰ্থডে মিষ্টাৰ ছুইট ফেচ!’অনুগ্ৰহ কৰি কওক যে কাশীষ বা উৰ্ফীয়ে দুয়োৰে ডেটিং হোৱাটো নিশ্চিত কৰা নাই। উৰ্ফীয়ে নিশ্চিতভাৱে কৈছে যে কাশিশ তাইৰ হৃদয়ৰ বহুত ওচৰত।

কেবিচি ১৪ত ব্ৰেকআপৰ বেদনা কথা ক’লে আয়োজক অমিতাভ বচ্চনে। ক’লে- যৌৱনৰ দিনত মই…

আয়োজক অমিতাভ বচ্চনৰ মনত পৰিছে কেবিচি ১৪ত ব্ৰেকআপৰ বেদনা! ক’লে- যৌৱনৰ দিনত মই…
কৌন বানেগা কোৰপতি অতি জনপ্ৰিয় গেম শ্ব’ যিটো অনুৰাগীয়ে ভাল পায়। শ্ব’টো আকৰ্ষণীয় যদিও একে সময়তে শ্ব’টোৰ আয়োজক অমিতাভ বচ্চনৰ ষ্টাইলো মানুহে ভাল পায়। কিছুদিনৰ আগতে এটা খণ্ডত অমিতাভ বচ্চনৰ মনত পৰিল তেওঁৰ ব্ৰেকআপৰ যন্ত্ৰণাৰ কথা। তেওঁ কৈছিল- যৌৱনৰ দিনত মই… কৌন বনেগা কোটিপতি (কাউন বনেগা কোটিপতি ১৪)ৰ চতুৰ্দশ ছিজন প্ৰচাৰিত হৈছে যিটো মানুহে বহুত ভাল পাইছে আৰু অতি মনোযোগেৰে চাইছে। অমিতাভ বচ্চনে এই অনুষ্ঠানটো আয়োজন কৰাৰ ধৰণ অনুৰাগীসকলে উপভোগ কৰে। প্ৰতিটো খণ্ডতে বিগ বিয়ে প্ৰতিযোগীসকলৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰে আৰু লগতে নিজৰ জীৱনৰ সৈতে জড়িত কাহিনীও কয়। কিছুদিন আগতে এটা খণ্ডত অমিতাভ বচ্চনে নিজৰ যৌৱনৰ কথা মনত পেলাইছিল। অমিত জীয়ে প্ৰতিযোগীৰ সন্মুখত নিজৰ ব্ৰেকআপৰ বেদনাৰ কথা ক’লে। যৌৱনত তেখেতে কৈছিল যে তেখেতে…

অমিতাভ বচ্চনৰ মনত পৰিল ব্ৰেকআপৰ বেদনা!
অমিতাভ বচ্চনৰ সন্মুখত এজন প্ৰতিযোগী আহি গৰম চিটত বহিল যিজন খুব সৰু আছিল। কথা-বতৰাত কেবিচি (কেবিচি)ৰ আয়োজকগৰাকীয়ে প্ৰেমিকাক আঙুলিয়াই সুধিলে যে তেওঁৰ কোনো ‘বিশেষ মহিলা বন্ধু’ আছে নে নাই। এই বিষয়ে যুৱকজনে ক’লে যে তেওঁৰ এগৰাকী প্ৰেমিকা আছিল, কিন্তু তেওঁলোকৰ মাজত ব্ৰেকআপ হৈছিল। এই সন্দৰ্ভত অমিতাভ বচ্চনে কয় যে তেওঁ এই ব্ৰেকআপৰ যন্ত্ৰণাৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে।

বিগ বি ক’লে – মোৰ যৌৱনৰ দিনত মই…

যুৱকজনে যেতিয়া কৌন বনেগা কোৰোৰেপতিৰ আয়োজকক তেওঁৰ ব্ৰেকআপৰ কথা ক’লে, তেতিয়া তেওঁ কয় যে যুৱকজনে আৰু একো কোৱাৰ প্ৰয়োজন নাই কাৰণ তেওঁ বুজি পায় যে ব্ৰেকআপৰ বেদনা কিমান বেয়া আৰু ভয়ংকৰ। অমিতজীয়ে আৰু কয়- ‘এতিয়া আমি বিয়া হৈছো কিন্তু মইও যৌৱনত ব্ৰেকআপৰ সন্মুখীন হৈছো আৰু বুজি পাইছো কেনে কষ্ট হয়..’ এই বিষয়ত সকলোৱে হাত চাপৰি বজাবলৈ ধৰিলে। কওঁ যে বহুতে বিগ বিৰ এই প্ৰকাশক ৰেখাৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ লগত জড়িত কৰিছিল।

সদৌ অসম প্ৰাইজমানী ক্ৰিকেট। চেম্পিয়নৰ খিতাপ অৰ্জন ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰৰ

মৰিয়নিৰ হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱৰ উদ্যোগত বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাইজমানী টুৱেন্টি – টুৱেন্টি ক্ৰিকেট টুৰ্ণামেন্টত আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত ডিগবৈয়ে হোজাই ক্ৰিকেট ক্লাৱক ১১২ ৰানৰ ব্যৱধানত পৰাজিত কৰি খিতাপ অৰ্জন কৰে । ডিগবৈয়ে প্ৰথমে বেটিঙ কৰি নিৰ্দ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ১৮৩ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি হোজাইয়ে ১৩•২ অভাৰত মাত্ৰ ৭৯ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে । খেলখন পৰিচালনা কৰে শংকু ঘোষ আৰু সান্তু বসাকে । ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰৰ পংকজ কোঁ‌ৱৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটছমেন, মৰিয়নিৰ ৰয়েল চেলেঞ্জাৰৰ অজয় কৰ্মকাৰ শ্ৰেষ্ঠ বলাৰ, যোৰহাট চিটী বয়জৰ প্ৰৱাল বৰকটকী শ্ৰেষ্ঠ ফিল্ডাৰ নিৰ্বাচিত হয় ।ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰৰ ৰঞ্জিত হাজৰিকাই ফাইনেলৰ ‘মেন অৱ দি মেচ’ আৰু ৰয়েল চেলেঞ্জাৰ মৰিয়নিৰ নীৰজ দত্তই ‘মেন অৱ দি টুৰ্ণামেন্টৰ সন্মান অৰ্জন কৰে ।

ফাইনেল খেলখনৰ পিছত পিযুষ কান্তি শৰ্মাই আঁ‌ত ধৰা বঁটা বিতৰণি অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম ৰাজ্যিক মহিলা ক্ৰিকেট দলৰ অধিনায়িকা বেদশ্ৰী বৰপাত্ৰগোঁ‌হাই, ফেন্স ক্লাৱৰ সভাপতি দীপেন চেতিয়া ব্যক্তি সকল উপস্থিত থাকে। চুড়ান্ত খেলখনৰ বিজয়ী দলক নগদ পঞ্চাশ হাজাৰ টকা, ট্ৰফী, প্ৰশস্তি পত্ৰ আৰু ৰাণার্চ আপ দলক নগদ ত্ৰিশ হাজাৰ টকা, , ট্ৰফী, প্ৰশস্তিপত্র প্ৰদান কৰা হয় ।