Home Blog Page 1914

ওদালগুৰিত আইনী সেৱা প্ৰাধীকৰণৰ উদ্যোগত কাৰাগাৰত কাৰাবন্দী লোকসকলৰ মাজত কম্পিউটাৰৰ প্ৰাথমিক শিক্ষাৰ প্ৰশিক্ষণ

ওদালগুৰিত জিলা আইনী সেৱা প্ৰাধীকৰণে কাৰাবন্দী লোকসকলৰ মাজত কম্পিউটাৰ, হস্ত নিৰ্মিত সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ স্ৱাৱলম্বী মূলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে ওদালগুৰি জিলা আইনী সেৱা প্ৰাধীকৰণৰ উদ্যোগত আৰু এম আৰ এছ ডি এন জি ও ৰ সহযোগত ওদালগুৰি জিলা কাৰাগাৰত কাৰাবন্দী লোকসকলৰ মাজত কম্পিউটাৰৰ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান এটাৰ আয়োজন কৰা হয়।

জেইলৰ পৰা ওলাই আহি কয়দী সকলে যাতে আকৌ বিপথে পৰিচালিত নহয় আৰু স্বাবলম্বী হৈ সুস্থ জীৱন নিৰ্বাহ কৰিব পাৰে সেই উদ্দেশ্যে উক্ত অনুষ্ঠান আয়োজন কৰা হৈছে বুলি মিলন দাসে জানিবলৈ দিয়ে।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

২০০০ নাগাৰা, ২০০০শংখ,২০০০ উৰুলিৰ ধ্বনি,২০০০ মহিলাৰ দিহানামেৰে মুখৰিত উত্তৰ গুৱাহাটীৰ নামঘৰৰ আকাশ-বতাহ

আউনীআটী সত্ৰ, উত্তৰ গুৱাহাটীত অনুষ্ঠিত হৈ থকা ‘নামঘৰ সমাৰোহ’ৰ আজি দ্বিতীয় দিনা ২০০০ নাগাৰা, ২০০০ শংখ, ২০০০ উৰুলিৰ ধ্বনিৰে ২০০০ মহিলাৰ দিহানাম অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰি আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।উদ্বোধন কৰি পীতাম্বৰ দেৱ গোস্বামীয়ে আই সকলক উদ্দেশ্যি কয় আপোনালোকৰ মুখৰ পৰাই ভগৱানৰ ব্ৰহ্ম বাক্য উচ্চাৰণ কৰাবলৈ বিচাৰিছোঁ যাতে সমাজৰ পৰা কলুষতা আতৰি যাব আৰু মাতৃ স্বৰূপা আই সকলৰ মুখৰ পৰা এই ব্ৰহ্ম বাক্য যদি সচা অৰ্থত উচ্চাৰণ হয় তেনে ঘৰ খনৰ লগতে সমাজ খনো একপ্ৰকাৰে সংস্কাৰ হৈ উঠিব।

সেই বাবেই আমি ইয়াত মাতৃ সকলক সমবেত কৰি তেখেত সকলৰ মুখেৰেই হৰিনামৰ ধ্বনি শুনিব বিচাৰিছোঁ লগতে কয় যে আমাৰ কেইবাগৰাও মাতৃ আছে। তাৰ ভিতৰত জন্মদাত্ৰী মাতৃ, জন্মভূমি মাতৃ,বেদমাতা,গো মাতা আৰু গুৰুমাতা এই পঞ্চ মাতাক যদি কোনোবাই ত্যাগ কৰে সমাজখন কেতিয়াও শৃংখলিত হৈ নাথাকে। এই পঞ্চমাতাক সন্মান কৰিলেহে সমাজখন সুৰক্ষিত হৈ থাকিব।

পঞ্চপদী গুৰুৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ গুৰু হৈছে মাতৃ। সেয়ে আপোনালোক শ্ৰেষ্ঠ গুৰুৰ স‌ংজ্ঞাৰে বিভূষিত বুলি উল্লেখ কৰে। সত্ৰাধিকাৰ গৰাকীয়ে কয় যে-হিৰণ্য কশিপুৰৰ পত্নী কয়াধুৰৰ আছিল অতি ভক্তি মতি। সেই কয়াধুৰৰ গৰ্ভৰ পৰাই ভক্ত প্ৰহ্লাদৰ জন্ম হৈছিল। কয়াধুৰৰ যত্নতে প্ৰহ্লাদ ভক্তি মন্ত্ৰ হৈছিল আৰু একৈশ পুৰুষ উদ্ধাৰ কৰিছিল। তেওঁ ভক্ত প্ৰহ্লাদৰ প্ৰসংগ উল্লেখ কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰি মাতৃ সকললৈ আহ্বান জনাই কয় যে- মাতৃ সকল আপোনাসবে সন্তান জন্ম দিয়া, প্ৰতিপালিত কৰাৰ ক্ষেত্ৰত সাত্বিক মনোভাৱ গ্ৰহণ কৰিব। সাত্বিক মনোভাৱে সন্তান জন্ম বা প্ৰতিপালিত কৰিলে প্ৰহ্লাদ নহলেও জ্ঞানৱন্ত,ভক্তিৱন্ত হব আৰু তেনে সন্তানেহে সমাজখন সুস্থিৰ কৰি ৰখাত সহায় কৰিব বুলি উল্লেখ কৰে। ইয়াৰ পিছতেই নাগাৰাৰ গুৰু ঘাটৰে আৰম্ভ হোৱা অনুষ্ঠানত উৰুলি, ডবা-শংখৰ ধ্বনিৰ মাজত ২০০০ নাগাৰা, ২০০০ শংখ, ২০০০ উৰুলিৰ ধ্বনিৰে ২০০০ মহিলাই ‘কৃষ্ণ গোসাই জন্ম লৈলে কংসৰ কাৰাগাৰে…’ শীৰ্ষক হৰিনামৰ ধ্বনিৰে বৰলুইতৰ পাৰৰ উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ সমগ্র অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

অনুষ্ঠানত চেলেং চাদৰ, গামোচা লৈ সাত্বিক ভাৱেৰে একেলগে বহি আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ আশীৰ উৰ্ধৰ মাতৃ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কীৰ্তি জল্লিয়েও দিহানাম পৰিৱেশন কৰে। উক্ত অনুষ্ঠানৰ শেষত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে- মাতৃ সকল পৰিচালিকা শক্তি হিচাপে থাকিব পাৰে কিন্তু আজি আমি সকলো নামেৰে এক হৈছোঁ। এনে অখণ্ড সমাজ কেৱল অসমতহে প্ৰৱত্ৰী আছে। এই বাৰ্তা বিশ্বলৈ সম্প্ৰসাৰিত হৈছে আৰু আপোনালোকে এই শক্তিশালী মনটো লৈ ঘৰলৈ যাব আৰু এই কথা দৃঢ় হৈ থাকিব লাগিব। অসমীয়া সমাজ এখন মালাৰ দৰে। মালাত যেনেকৈ বিভিন্ন ধৰণৰ ফুল থাকে তেনেদৰে অসমীয়া জাতি বিভিন্ন সম্প্ৰদায়, সংস্কৃতিৰ জাতি আৰু আই সকল এই বৰণীয়া মালাৰ সুগন্ধি পুষ্প। এই কথা আজি আপোনালোকে সুঁৱৰাই দিলে। আজি ইয়াত থকা সকলোৱে অসমীয়া জাতি হিচাপে পৰিচয় দিছে। আজি ইয়ালৈ অহা মিছিং, কোঁচ-কছাৰী, ৰাভা-বড়ো নেপালী, বেংগলী সকলো মিলিয়েই অসমীয়া জাতি বুলি তেওঁ তাৎপৰ্যভাৱে উল্লেখ কৰে। ইফালে আজি নামঘৰ সমাৰোহৰ দ্বিতীয় দিনা আৰু বহুকেইটা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

ক্ৰমে আউনীআটী সত্ৰ, মাজুলীৰ বৈৰাগী নাম, সত্ৰশাল নামঘৰ, ধুবুৰীৰ থিয় নাম, অৰূপ শইকীয়া দেওৰজা শিৱসাগৰৰ অভিনয়ধৰ্মী দিহানাম, ৰুনুমী নাথ, গাছবাৰী কামৰূপৰ ৰুনুমী নাথৰ নাগাৰা নাম, মৃদুস্মিতা ৰাজগুৰু, গীতালি শৰ্মা আৰু সংগীবৃন্দৰ ক্ৰমে আইনাম, ধাইনাম, অপেশ্বৰা সবাহৰ নাম, শিশু উমলা, সুচনী আৰু লখিমী সবাহৰ নাম, মাজুলী বোকাবিল মিছিং মহিলা দলৰ দিহানামকে আদি কৰি ঘৰফলীয়া নাম, হিয়ানাম,নাগাৰা নাম, দিহানাম, প্ৰকৃতি দিহানাম, বেংগলী আই দিহানাম, আখ্যানধৰ্মী দিহানাম, চহা দিহানাম, সমন্বয় হীৰানামৰ অনুষ্ঠান অনুষ্ঠিত হয়।

◼️উত্তৰ গুৱাহাটী স্থিত আউনীআটী সত্ৰত অনুষ্ঠিত নামঘৰ সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অংশগ্ৰহণ-

বিশ্বৰ বুকুত এখন শক্তিশালী সমাজ নিৰ্মাণৰ বাবে শিক্ষা, সংস্কৃতি, আধ্যাত্মিকতা অত্যন্ত প্ৰয়োজন :সোনোৱাল : যোৱা ২ ডিচেম্বৰৰ পৰা উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত অনুষ্ঠিত নামঘৰ সমাৰোহৰ আজি দ্বিতীয় দিনা সন্ধিয়া সমাৰোহত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক প্ৰথমেই নামঘৰ সমাৰোহ উদযাপন সমিতিৰ হৈ সভাপতি তথা আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে এখন ৰাঙলী শৰাই, বেতৰ বিচনী, এটি বিশেষ জাপিৰে আদৰণি জনায়। ইয়াৰ পিছতেই অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে ৰখা ভাষণ প্ৰসংগত কয় যে-আমাৰ অসমীয়া সমাজ খনৰ প্ৰতি গুৰুজনাই যি আদৰ্শ দেখুৱাই গৈছে আজি সেই আদৰ্শক কৰ্ম জীৱনত বাস্তৱায়িত কৰাৰ নিমিত্তে আউনীআটী সত্ৰৰ অধিকাৰে যি উদ্যোগ লৈছে আমি সকলোৱে এই উদ্যোগৰ অন্যতম অংশীদাৰ হিচাপে আমি আন্তৰিকতাৰে ভাগ লব লাগিব। মই ইয়াত আহি উমান পাইছোঁ ভক্তি ভাৱেৰে এই মহা স্থানত এটি শক্তিশালী আধ্যাত্মিক পৰিৱেশ গঢ় লৈ উঠিছে। মনৰ শান্তি, শৰীৰৰ শান্তি, আধ্যাত্মিক চেতনা শক্তি মানৱ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ।

তেওঁ আৰু কয় যে-ভক্তিত শক্তি আছে,শান্তি আছে। এই সমাৰোহৰ পিছত ইয়াত লাভ কৰা আধ্যাত্মিক, নৈতিক চেতনা শক্তিৰে প্ৰতিটো অঞ্চলত গভীৰ ভাৱে এক চেতনাৰ সম্প্ৰসাৰণ কৰিলে সমাজখনত শান্তিৰে উপচি পৰিব। তেওঁ আৰু কয় যে-আমাৰ সমাজ খনত একবিংশ শতিকাত যি সময়ত বিজ্ঞান আৰু প্ৰযুক্তিয়ে বিশ্ব মানৱ সমাজত প্ৰভাৱ বিস্তাৰ কৰিছে সেই সময়ত মানৱীয় মূল্যবোধ, মৰম-স্নেহ, আন্তৰিকতা , শ্ৰদ্ধা ভক্তি আৰু মানৱ প্ৰেম সকলো সময়তে আমাৰ মাজত যাতে জীয়াই থাকে, মানৱীয় অনুভূতিৰে যেন সমাজখন প্ৰানৱন্ত হয়,সাংস্কৃতিৱান হয়, আধ্যাত্মিক শক্তিৰে উদ্বুদ্ধ হয় তাৰ বাবে এনে অনুষ্ঠানৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে। বিশ্বৰ বুকুত এখন শক্তিশালী সমাজ নিৰ্মাণৰ বাবে শিক্ষা, সংস্কৃতি, আধ্যাত্মিকতা অত্যন্ত প্ৰয়োজন বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।সন্ধিয়ালৈ সপ্তৰ্ষী সমন্বয় শিল্পী সমাজ নাহৰকটীয়াৰ শিল্পী দলে “কাৰ্তিক-গণেশৰ জন্ম ৰহস্য” শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও আউনীআটী সত্ৰ, মাজুলীৰ প্ৰসন্ন ভূঞা বায়নৰ একৈশটা খোলৰ ঘোষা ধেমালি আৰু শিৱসাগৰৰ ৰংগ কিশোৰ মহন্তই শিশুৰ একক অভিনয় প্ৰদৰ্শন কৰে। ইফালে কাইলৈ সমাৰোহৰ অন্তিম দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

পৰাণজ্যোতি বৰা

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক নিহত…

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক নিহত হৈছে। আজি জিলাখনত টিএমচিৰ অন্যতম শীৰ্ষ নেতা অভিষেক বেনাৰ্জীৰ নিৰ্ধাৰিত সমাৱেশ অনুষ্ঠিত হোৱা পূৱ মিদনাপুৰৰ কণ্টাইৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই বিস্ফোৰণ।

শুকুৰবাৰে নিশা প্ৰায় ১১.১৫ বজাত নাৰায়বিলা গাঁৱৰ তৃণমূল কংগ্ৰেছৰ বুথ সভাপতিৰ বাসগৃহত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ বাবে তৃণমূল নেতাগৰাকীৰ বাসগৃহ প্ৰায় ধ্বংসস্তূপত পৰিণত হয়।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় আৰক্ষী বিষয়াই মৃত লোক কেইগৰাকীৰ এতিয়াও চিনাক্তকৰণ হোৱা নাই বুলি উল্লেখ কৰিছে। অৱশ্যে নিহত আটাইকেইজন টিএমচিৰ কৰ্মী বুলি সন্দেহ কৰা হৈছে।

\

আৰক্ষী বিষয়াগৰাকীয়ে বিস্ফোৰণৰ প্ৰকৃতি এতিয়াও জানিব পৰা নাই বুলি লগতে কয়। অৱশ্যে ঘৰটোত বিস্ফোৰক দ্ৰব্যই আক্ৰমণ কৰাৰ সম্ভাৱনা নুই কৰা নাই নাই। ঘৰটোত মজুত থকা এক খাৰুৱা বোমা ভুলবশতঃ বিস্ফোৰণ ঘটা বুলিও সন্দেহ কৰা হৈছে।

লাহৰিঘাটত চাৰি মাহ ধৰি বেৰ বিহীন টিনৰ চালিৰ তলত তিৰপালত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে…

লাহৰিঘাটত চাৰি মাহ ধৰি বেৰ বিহীন টিনৰ চালিৰ তলত তিৰপালত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। মৰিগাঁও জিলাৰ লাহৰিঘাটত শিক্ষা খণ্ডৰ অন্তৰ্গত শ্বহীদ মোজাম্মিল হক বালক প্ৰাথমিক বিদ্যালয় প্ৰায় ছয় মাহ আগতে ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাত বিদ্যালয়খন হাতীলৰুৱা পথাৰত নিৰ্মান কৰি পাঠ দিবলৈ লাহৰিঘাট শিক্ষা বিষয়াই নিৰ্দেশ দিয়ে। কিন্তু চাৰি মাহেও বিদ্যালয়ৰ আচবাব যোগান ধৰিব নোৱাৰিলে লাহৰিঘাট শিক্ষা খণ্ডৰ খণ্ড বিষয়াই। যাৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীয়ে তিৰপালত বহী শিক্ষা গ্ৰহণ কৰিব লগা হৈছে।

চাওক এই দৃশ্য এই দৃশ্য হৈছে লাহৰিঘাট শিক্ষা খণ্ডৰ হলৌকান্ধাৰ শ্বহীদ মোজাম্মীল হক বালক প্ৰাথমিক বিদ্যালয়ৰ। উল্লেখযোগ্য যে বিদ্যালয়খন ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাত বিদ্যালয়খনৰ ডেক্স-বেঞ্চ অঞ্চলখনৰে আঃ মজিদৰ ঘৰত জমা থয়।পৰৱৰ্তী পৰ্যায়ত বিদ্যালয় পৰিচালনা সমিতিয়ে ডেক্স বেঞ্চ বিচাৰতে পুনৰ বিদ্যালয় খন মথাউৰিত নিৰ্মাণ হ’ব লাগে বুলি দুই তিনি জন অভিভাৱকে দাবী জনায়।

এতিয়া প্ৰশ্ন হয় লাহৰিঘাট শিক্ষা খণ্ডৰ খণ্ড বিষয়াই হাতীলৰুৱা পথাৰত দুই তিনি বাৰ পৰ্যবেক্ষণ কৰি নিৰ্দেশ দিয়াত চাৰি মাহ ধৰি বিদ্যালয়ত পাঠদান চলাই থকাৰ পিছতো কিয় মৰিগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকে নিজে পৰ্যাবেক্ষন নকৰি ভঙা মথাউৰিত বিদ্যালয়ৰ নিৰ্মানৰ অস্থায়ী নিৰ্দেশ প্ৰধান কৰে। ইয়াকে লৈ এতিয়া ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।শিক্ষা বিভাগৰ দুই বিষয়াৰ টনা আজৰাৰ ফল এতিয়া ভোক কৰিব লগা হৈছে অঞ্চলটোৰ এইসকল সকল ছাত্ৰ-ছাত্ৰীয়ে।

লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

ৰাজধানীত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড। আকৌ এজন লিভ-ইন সংগীৰ হাতত হত্যা…

ৰাজধানীত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড। আকৌ এজন লিভ-ইন সংগীৰ হাতত হত্যা। কেৱল হত্যাই নহয়, এই ঘটনাটোৰো লিভ-ইন সংগী আফতাব আমিন পুনেৱালাৰ হাতত শ্ৰদ্ধা ৱাকাৰৰ হত্যাৰ দৰেই মিল আছে! কাৰণ, এই ক্ষেত্ৰতো লিভ-ইন সংগী দিল্লীৰ যুৱকজনে হত্যাৰ পিছত মৃতদেহটো টুকুৰা টুকুৰ কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীৰ সূত্ৰই এই কথাই জানিবলৈ দিছে।

মৃতৰ মহিলাগৰাকীৰ নাম ৰেখা ৰাণী। আৰক্ষীয়ে জনোৱা অনুসৰি, ৩৫ বছৰীয়া ৰেখা ৰাণীৰ শৰীৰত চুৰিৰে বাৰে বাৰে আঘাতৰ চিহ্ন আছে। হত্যাকাণ্ডটো পশ্চিম দিল্লীৰ তিলক নগৰত সংঘটিত হৈছিল। ৰেখা ৰাণীয়ে গণেশ নগৰৰ এটা ঘৰত ভাড়াত বাস কৰিছিল।

ৰেখা ৰাণীৰ মৃতদেহ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। ৰেখা ৰাণীৰ সৈতে তেওঁৰ ১৬ বছৰীয়া কন্যাও আছিল। আৰক্ষীয়ে গোচৰটোত অভিযুক্ত লিভ-ইন সংগীক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তৰ নাম মনপ্ৰীত।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে মনপ্ৰীত ইতিমধ্যে আৰক্ষীৰ ৰেকৰ্ডত ৱান্টেডৰ তালিকাত আছিল। তেওঁৰ বিৰুদ্ধে অপহৰণ আৰু হত্যাৰ একাধিক গোচৰ আছে। আনকি গ্ৰেপ্তাৰ কৰা মনপ্ৰীত ইতিমধ্যে বিবাহিত আছিল। তেওঁৰ দুটা সন্তানো আছে।

২০১৫ চনৰ পৰা ৰেখা ৰাণীৰ সৈতে মনপ্ৰীতৰ সম্পৰ্ক। ৰেখা ৰাণীৰ সৈতে সম্পৰ্ক হোৱাৰ পিছত মনপ্ৰীত গণেশ নগৰত থকা তেওঁৰ ভাড়াঘৰলৈ আহিছিল। কিন্তু শেহতীয়াকৈ দুয়োৰে মাজৰ সম্পৰ্কত ফাট মেলিছিল। মনপ্ৰীতে অনুভৱ কৰিছিল যে তেওঁক সম্পৰ্কৰ নামত ফান্দত পেলোৱা হৈছে।

পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান “আমি জিলিকিম” ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই বক্তব্য আবঢ়াই অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথে…

মানুহ সদায় ধনাত্মক চিন্তাৰে আগুৱাই যাব লাগে — হিৰণ্য কুমাৰ নাথ ৷

মানুহ সদায় ধনাত্মক চিন্তাৰে আগুৱাই যাব লাগে “। পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান “আমি জিলিকিম” ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই বক্তব্য আবঢ়াই অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথে। আজি পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই শিক্ষামূলক কাৰ্যসূচী হিচাপে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ স্বাৰ্থত বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান “আমি জিলিকিম” আৰম্ভ হয়।

ঐতিহাসিক পথৰুঘাটৰ পাথৰিঘাট জাতীয় বিদ্যালয়ৰ সভাগৃহত এই অনুষ্ঠানটি উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়াই। অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথৰ লগত কেন্দ্ৰীয় জাতীয় বিদ্যালয়, পশ্চিম মঙলদৈৰ সহকাৰী শিক্ষক আচাদুল্লাহ হকো এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰী সকলে এই অনুষ্ঠানত ভবিষ্যতে কেনেকৈ নিজকে সফল কৰি গঢ়ি তুলিব পাৰে এই বিষয়ত সমল ব্যক্তি দুগৰাকী‌য়ে বক্তব্য আগবঢ়ায়।

বিজ্ঞান শিক্ষা,মাতৃভাষা আৰু ইংৰাজী বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলমে। অনুষ্ঠানত উপস্থিত থাকি বক্তৃতা আগবঢ়ায় জাতীয় বিদ্যালয়, পাথৰিঘাটৰ অধ্যক্ষ ইমৰান হুছেইনে। লগতে অনুষ্ঠানত উপস্থিত থাকে উক্ত বিদ্যালয়ৰ উপাধ্যক্ষ গণেশ ডেকা, পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল হক, সাধাৰণ সম্পাদক নুৰ আলম।

পশ্চিম যোৰহাটৰ হত্যাকাৰী সন্ধান বিচাৰি উলিয়ালে যোৰহাট আৰক্ষীয়ে…

পশ্চিম যোৰহাটৰ খঙীয়া মৌজাৰ পাখিমাৰী গাঁওত ২৮ নম্বেৰ নিশা এক জঘন্য বৰ্বৰ হত্যা কাণ্ড সংঘটিত হৈছিল ৰাজপথত পৰি আছিল পাখি মাৰি গাঁওৰ ৰাতুল বৰা নামৰ এজন ৪০বছেৰীয়া যুৱকৰ মৃতদেহ স্থানীয় ৰাইজে উক্ত মৃতদেহটো ৰাজ পথত পতক্ষ্য কৰি খবৰ দিছিল সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰৰৈয়া আৰক্ষী চকীত আৰক্ষী আহি ঘটনা স্থলীত উপস্থিত হয় ঘটনা স্থলীত নিশা মৃত দেহটো যোৰহাট চিকিৎসা মহাবিদ্যালযলৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ইতিমধ্যে স্থানীয় ৰাইজে দাবী কৰিছিল

হত্যা কাৰী চিনাক্ত কৰিবলৈ মৃত ৰাতুল বৰা ভাতৃয়ে উচিত তদন্ত বিচাৰি এটা গোচৰ ৰুজু কৰিলে ৰৰৈয়া আৰক্ষী চকীত গোচৰ নং৮৮৬/২২ ধাৰা ৩০২/ Ipc উক্ত গোচৰৰ ভিত্তিত যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৰহাট আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক সহ ৰৰৈয়া আৰক্ষী চকীৰ লগতে সদৰ আৰক্ষী থানা পুলিবৰ আৰক্ষী থানা সহযোগত চাৰিদিন কৈ চলা হত্যাকাৰী অভিযানত সফল হ’ল যোৰহাট আৰক্ষী জানিব পৰা মতে একে গাওৰে নিবাসী দাদুল হাজৰিকা পথেৰে আহি থকা অৱস্থাত ৰাতুল বৰাই পিছ ফালৰ পৰা ৰদৰে প্ৰহাৰ কৰে তাৰ পিছত দাদুলৰ লগত থকা সহযোগী হত্যাকাৰী অনন্ত মাধৱ হাজৰিকা সহ দাদুল হাজৰিকাই এখন চোকা কপিদাই ডিঙি কাটি হত্যা কৰো বুলি আৰক্ষী ওচৰত স্বিকাৰ কৰে।

বৰ্তমান তদন্ত প্ৰক্ৰিয়াত আৰক্ষীয়ে চোকা অস্ত্ৰ জব্দ কৰিছে বৰ্তমান সময়লৈকে তদন্ত অৱ্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে। পশ্চিম যোৰহাটৰ খঙীয়া মৌজাৰ পাখীমাৰি গাঁওত হোৱা এনে নাৰকীয় অমানুষিক হত্যাকাণ্ড ই পশ্চিম যোৰহাটত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে জানিব পৰা মতে পাখি মাৰি টেকেলা গাঁৱত খঙীয়াত কেইবাখনো মদৰ দোকান নিশা ভাগলৈ খুলি পৰিবেশ বিনষ্ট কৰা অভিযোগ উত্থাপিত হৈছে

প্ৰেছ বিবৃতি : বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যিক সংবাদ বিভাগ বিজেপি অসম প্রদেশৰ প্ৰেছ বিবৃতি…

প্ৰেছ বিবৃতি
বদৰুদ্দিন ঔৰংগজেৱৰ দ্বিতীয় সংস্কৰণ
মহাৰাজা পৃথুৱে খিলজীক পৰাজিত কৰাৰ দৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসীয়ে আজমল বাহিনীকো মষিমূৰ কৰিব । “খিলজী, দাস বংশ, চুলতান আৰু মোগল সকলৰ হামে সংস্কৃতিৰ আজমল হ’ল সমসাময়িক সংস্কৰণ। মধ্য যুগৰ ভাৰতৰ ওপৰত আক্রমণ চলোৱা মুছলমান আক্ৰমণকাৰী সকলে ভূ-খণ্ড দখল কৰাৰ পিছত হিন্দু পুৰুষক হত্যা কৰি মহিলা সকলক লৈ হামে তৈয়াৰ কৰিছিল। মুছলমান শাসকৰ হাতে নাৰীক শাৰীৰিকভাৱে নিৰ্যাৰ্তন চলোৱাৰ লগতে সামহিকভাৱে যৌন উৎপীড়ন চলোৱা হৈছিল।

ভাৰতীয় ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই হামেত চলা এনে ববৰতাৰ কথা আমি সকলোৱে পঢ়িছো। খিলজী-মোগলৰ হামে সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে” এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত শ্ৰী শৰ্মাই আজমলৰ অসংসদীয় বক্তব্যৰ তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি এনেদৰে মত পোষণ কৰে। আজি সংবাদমেলত বিধায়ক দিগন্ত কলিতা আৰু দলৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত আছিল। শ্রী শমাই লগতে কয়, আজমল আৰু তেওঁৰ বাহিনীয়ে নাৰীক এতিয়াও পণ্য সামগ্ৰী হিচাপে গণ্য কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমার্ক উদ্দেশ্যি আজমলে কৰা অশোভণীয় মন্তব্য সভ্য সমাজৰ বাবে এক প্রত্যাহ্বান বুলি শ্রী শমাই বর্ণনা কৰে। লগতে আজমলক ইছলামীয় সমাজে প্ৰদান কৰা মৌলবী উপাধি কাঢ়ি লবৰ বাবেও বিজেপিৰ মুখপাত্ৰজনে সংশ্লিষ্ট লোক সকলৰ প্রতি আহ্বান জনায় ৷ আনহাতে এ আই ইউ ডি এফৰ সভাপতি জনক ঔৰংগজেৱৰ লগত তুলনা কৰি অসমৰ সমাজে আৰৱীয় সংস্কৃতি কেতিয়াও মানি নলয় বুলি বিধায়ক দিগন্ত কলিতাই হুংকাৰ দিয়ে। শ্রী কলিতাৰ মতে আজমলৰ দৰে নিকৃষ্ট মানসিকতাৰ লোকক সামাজিক আৰু ৰাজনৈতিকভাৱে এঘৰীয়া কৰাৰ প্ৰয়োজন আছে। সমাজ জীৱনক কলুষিত কৰি বক্তব্য দিয়া আজমল সম্পর্কত মুছলমান চিভিল ছ’চাইটিয়েও কঠোৰ আৰু স্পষ্ট সিদ্ধান্ত লোৱাৰ সময় সমাগত বুলি বিজেপিৰ বিধায়কজনে কয়।
উল্লেখযোগ্য যে বাশ শতিকাত নালান্দা বিশ্ববিদ্যালয় ধ্বংস কৰি বতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল। সেই সময়ত অসমৰ ৰজা আছিল পৃথু। মহাৰাজা পৃথুৰ নেতৃত্বত অসমৰ সকলো জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোক একত্ৰিত হৈ বখতিয়াৰ খিলজীৰ দহ হাজাৰ অশ্বাৰোহী সৈন্যৰ বিশাল বাহিনীক পৰাজিত কৰা লগতে ৰণভূমিত কচুকটা দিছিল। একেটা আৰ্হিত আজমলে অসমৰ সনাতন সভ্যতা-সংস্কৃতিলৈ আক্রমন নমাই আনিছে। আজমল বাহিনীৰ এই আগ্রাসনক অসমবাসীয়ে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এবাৰ পৰাজিত কৰিব বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মত পোষণ কৰে। মহাৰাজা পৃথুৱে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পদাতিক সেনাৰ এক বিশাল ফৌজ গঠন কৰি বতিয়াৰক পৰাজিত কৰাৰ দৰে মাননীয় মুখ্যমন্ত্ৰীয়েও অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আজমলৰ নেতৃত্বত ন-ৰূপত আৰম্ভ হোৱা খিলজী-মোগলৰ সাংস্কৃতিক, ৰাজনৈতক আগ্রাসন অসমবাসীয়ে প্রতিহত কৰিব বুলি শ্রী শমইি মত পোষণ কৰে।


বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনৰ মতে, পমুৱা মুছলমানৰ ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বদৰুদ্দিন আজমলে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ্ক লক্ষ্য কৰি কৰা অশোভনীয় বক্তব্য এক পৰিকল্পিত কুচকাৱাজ । উল্লেখযোগ্য যে অসম চৰকাৰে সত্ৰৰ ভূমি বেদখল সম্পৰ্কত চৰজমিন তদন্তৰ বাবে বিধায়ক প্রদীপ হাজৰিকাৰ অধ্যক্ষতাত গঠন কৰি দিয়া আয়োগে ২ ডিচেম্বৰৰ দিনা তেওঁলোকৰ প্রথম প্রতিবেদন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ্ক প্ৰদান কৰে। এই প্রতিবেদন দাখিল কৰাৰ কেইঘণ্টামানৰ পিছতেই বদৰুদ্দিন আজমলে অসংসদীয় শব্দ প্রয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়। আমি সকলোৱে জানো যে সত্ৰৰ ভূমি পমুৱা মুছলমানে বেদখল কৰি আছে। এই পমুৱা সকলেই আজমলৰ ভোটবেংক। নিজৰ ভোটবেংক সুৰক্ষিত কৰি ৰখাৰ
বাবেই আজমলে অশ্লীল শব্দ প্ৰয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা বুলি শ্ৰী শৰ্মাই কয়।

স্বাক্ষৰিত, দেৱান ধ্ৰুৱজ্যোতি মৰল
আহ্বায়ক, ৰাজ্যিক সংবাদ বিভাগ
বিজেপি অসম প্রদেশ

জাপানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়া , ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি নকআউট পৰ্যায়ত উপনীত হ’ল এছিয়াৰ দেশখন…

বিশ্বকাপত এছিয়াৰ যুঁজ অব্যাহত আছে। জাপানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়া। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি নকআউট পৰ্যায়ত উপনীত হ’ল এছিয়াৰ দেশখন।

যদিও উৰুগুৱেৰ সৈতে পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান, গ্ৰুপ পৰ্যায়ত অধিক গ’ল কৰাৰ বাবে এছিয়ান দলটোৱে গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে। ফলস্বৰূপে দক্ষিণ কোৰিয়া অন্তিম ষোল্লত উপনীত হোৱা তৃতীয় এছিয়ান দল হিচাপে পৰিগণিত হয়।

নকআউটত উপনীত হ’বলৈ পৰ্তুগালৰ বিৰুদ্ধে জিকাটো জৰুৰী আছিল। কেৱল সেয়াই নহয়, দিনটোৰ আনখন খেলত উৰুগুৱেই অধিক গ’লত জিকিলেও অংক নিমিলে। এই দুটা সমীকৰণৰ কথা মনত ৰাখি ছন হিউং মিনৰ দল খেলপথাৰত নামিছিল। সৌভাগ্যক্ৰমে দিনটোৰ দুখন খেলৰ ফলাফল দক্ষিণ কোৰিয়াৰ পক্ষত গ’ল।

দক্ষিণ কোৰিয়াই তেওঁলোকৰ খেলখনত পৰ্তুগালক ২-১ গ’লত পৰাস্ত কৰে। আনখন খেলত ঘানা ২-০ গ’লত পৰাজিত হয় যদিও উৰুগুৱেই গ’ল পাৰ্থক্যত দক্ষিণ কোৰিয়াক অতিক্ৰম কৰিব নোৱাৰিলে। ফলত পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান হ’লেও অধিক গ’ল কৰাৰ বাবে এছিয়াৰ দলটো পৰৱৰ্তী ৰাউণ্ডলৈ গৈছে।

অপূৰ্ব অগ্নিহোত্ৰী আৰু শিল্পা সাক্লানীয়ে বিবাহৰ ১৮ বছৰ পিছত পিতৃ-মাতৃ হৈ কন্যাৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত…

অপূৰ্ব অগ্নিহোত্ৰী আৰু শিল্পা সাক্লানীয়ে বিবাহৰ ১৮ বছৰ পিছত পিতৃ-মাতৃ হৈ কন্যাৰ ভিডিঅ’ শ্বেয়াৰ কৰি কন্যাক কিউট বুলি নাম দিছিল

অভিনেতা অপূৰ্ব অগ্নিহোত্ৰী আৰু অভিনেত্ৰী শিল্পা সাক্লানী গ্লেমাৰ জগতৰ আটাইতকৈ জনপ্ৰিয় দম্পতী। দুয়োজনেই উদ্যোগটোৰ সুপৰিচিত মুখ আৰু তেওঁলোকৰ ৰসায়ন বিজ্ঞানও আচৰিত। এই সময় তেওঁলোকৰ বাবে সুখৰ, কাৰণ বিবাহৰ ১৮ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োজনেই পিতৃ-মাতৃ হৈ পৰিছে। ছচিয়েল মিডিয়াত এটা মৰমলগা ভিডিঅ’ৰ জৰিয়তে এই কথা ঘোষণা কৰিছে অভিনেতাগৰাকীয়ে।

https://www.instagram.com/reel/ClsVVNZqRmf/?utm_source=ig_web_copy_link

অপূৰ্ব অগ্নিহোত্ৰীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত দম্পতীহালে নিজৰ কণমানি কেঁচুৱাটোক কোলাত ধৰি মৰমেৰে চাই আছে। বগা আৰু গোলাপী ৰঙৰ ড্ৰেছত তাইৰ সৰু এঞ্জেলটোক বৰ মৰমলগা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে কঢ়িয়াই লৈ ফুৰিছে হালধীয়া ৰঙৰ ড্ৰেছ। আনহাতে, অপূৰ্বক কেজুৱেল লুকত দেখা যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দম্পতীহালৰ ফেমিলি পেক ভিডিঅ’ আৰু অনুৰাগীয়ে তেওঁলোকৰ ওপৰত প্ৰেমৰ বৰষুণ দিয়াৰ পৰা নিজকে বাধা দিব পৰা নাই।