Home Blog Page 2013

GMCৰ বোকা নিষ্কাশন কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক আদালতত হাজিৰ

এই কেলেংকাৰীত নাম সাঙোৰ খোৱাত গ্ৰেপ্তাৰ হৈছিল বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দীনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্ত। বুধবাৰে আটাইকে আদালতত হাজিৰ কৰোৱা হয়৷

গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক চি এম ভিজিলেঞ্চৰ জিম্মাৰ অন্ত পৰাত আজি হাজিৰ কৰোৱা হয় আদালতত। আজি অন্ত পৰে ৫ দিনৰ চিএম ভিজিলেঞ্চৰ জিম্মাৰ। এই কেলেংকাৰীত নাম সাঙোৰ খোৱাত গ্ৰেপ্তাৰ হৈছিল বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দীনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্ত। বুধবাৰে আটাইকে আদালতত হাজিৰ কৰোৱা হয়৷

এই গোচৰতে গ্ৰেপ্তাৰ হৈ বৰ্তমান জে’লত থকা চাৰ্টাৰ্ড একাউণ্টেণ্ট অভিমন্যু মেধিকো হাজিৰ কৰোৱা হয় আদালতত। এই ৮ বিষয়াক চিএম ভিজিলেন্সে পুনৰ বিচৰা নাই জিম্মাত।

অসম লোকসেৱা আয়োগত গোগামুখৰ যুৱকৰ সাফল্যঃ বিভন্ন দল-সংগঠনৰ সম্বৰ্ধনা…

ধেমাজি জিলাৰ গোগামুখৰ এক অন্যতম বৃহত্তম গাঁও হৈছে গোগামুখ কাৰপুনপুলি গাঁও খন ৷ চঞ্চলা-লাস্যময়ী বাণিজ্যিক নগৰ গোগামুখ নগৰৰ  পৰা এক কিলোমিটাৰ নিলগত অৱস্থিত এই কাৰপুনপুলি গাঁওখন ৷ বহুকেইজন স্বনামধন্য ব্যক্তিৰ প্ৰচেষ্টাত গাঁওখনৰ প্ৰতিষ্ঠা হৈছিল ১৯৮৩ চনত মূলতঃ নিজ নিজ সন্তানক মানৱ সম্পদৰূপে গঢ়ি তোলা আৰু শৃংখলাবদ্ধ এখন সমাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৷ প্ৰতিষ্ঠা লগ্নৰ পৰা উভতি চালে বৰ্তমানলৈ   কাৰপুনপুলি গাঁওখনৰ অতি বেছি পুৰণি নহয় ৷ কিন্তু আৱাসীকভাৱে অতি উপযোগী হোৱাৰ বাবে গোগামুখৰ ভিতৰতে এখন বৃহৎ  গাঁও হিচাপে পৰিচিত হৈছে ৷

কাৰপুনপুলি গাঁওখন এতিয়া শিক্ষা- সাহিত্য-সংস্কৃতি আৰু ৰাজনীতিৰ আদিৰ  ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু জনসংখ্যাৰ মাত্ৰাও বৃদ্ধি পাইছে  ৷  ১০০ শতাংশ  শিক্ষিত লোকৰ এই গাঁওখনৰ প্ৰায়বোৰ পৰিয়ালে চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আটাইবোৰ পৰিয়াল হৈছে আত্মনিৰ্ভৰশীল তথা স্বাৱলম্বী ৷  এই কাৰপুনপুলি গাঁৱৰে নিৱাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক দেৱৰাম টায়ুং আৰু জীৱলতা দলে টায়ুঙৰ সন্তান বিদ্যুৎ বিকাশ টায়ুঙে   সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ ফলাফলত উৰ্ত্তীণ হৈ লাভ কৰিছে অসম আৰক্ষী সেৱা পদ চমুকৈ এ পি এছ কেডাৰ ৷  বিদ্যুতৰ এই জয়যাত্ৰাত কাৰপুনপুলি গাঁওবাসী অতিকৈ উৎফুলিত হৈ পৰিছে ৷ প্ৰাথমিক স্কুল পৰ্য়ায়ৰ পৰাই মেধা, শান্ত-অমাযিক ল’ৰা তথা ছাত্ৰ হিচাপে কাৰপুনপুলি গাঁওবাসীৰ মাজত পৰিচিত বিদ্যুৎ সকলোৰে প্ৰিয়ভাজন ৷ এনে এগৰাকী অমায়িক, শান্ত আৰু মেধাসম্পন্ন চৰকাৰী বিষয়া পাই কাৰপুনপুলি গাঁওবাসী আনকি বাৰুকৈয়ে গৌৰৱত বুকু ফুলি উঠিছে ৷  আজি  কাৰপুনপুলি দঃলুং কৗবাঙৰ উদ্যোগত কাৰপুনপুলি মুৰং ঘৰত কাৰপুনপুলি দঃলুং কৗবাং বা গাঁও সমিতি, গোগামুখ আঞ্চলিক টি এম পি কে, এম এম কে আৰু কাৰপুনপুলি গাঁৱৰ বহুকেইজন ব্যক্তিয়ে বিদ্যুৎ বিকাশক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা গ্ৰহণ কৰি বিদ্যুতে কাৰপুনপুলি গাঁৱৰ শিক্ষাৰ পৰিৱেশক ভূয়সী প্ৰশংসা কৰে আৰু হূলস্থূলীয়া, হাইকাজিয়াৰ পৰিৱেশ নথকাৰ বাবে গাঁওখনৰ ল’ৰা-ছোৱালীৰ শিক্ষা, চাকৰি বা অন্যধৰণে সংস্থাপনৰ দিশটোত বহুদূৰ আগুৱাই যোৱা বুলি দোহাৰে ৷ বিদ্যুতে কয়- কাৰপুনপুলি গাঁৱৰ সামাজিক বাতাবৰণে মোক সদায় আপ্লুত কৰি অনুপ্ৰেৰণা যোগাই আহিছে আৰু ইয়াৰ শিক্ষাৰ নিৰৱ আন্দোলনে  ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই যোৱাত সহায় কৰিছে ৷ মই সৰুৰে পৰা এইখন গাঁৱত খেলা-ধূলা কৰি ডাঙৰ-দীঘল হৈছো ৷ এই গাঁওখন মোৰ অতি আপোন ৷  ইয়াৰ সকলোবোৰ মানুহক মই ভালদৰে চিনি পাওঁ আৰু তেওঁলোকে মোক বিভিন্ন ধৰণে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াই নি মোৰ সপোনবোৰ সাকাৰ ৰূপ দিয়াত সহযোগিতা কৰিছে  ৷

আপোনালোকৰ সকলোৰে আশীৰ্বাদ মই অতি আনন্দিত আৰু আপোনালোকৰ এনে আশীৰ্বাদ আৰু সন্মানে মোক কাম কৰাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিব  বুলি বিদ্যুৎ বিকাশে মন্তব্য দিয়ে ৷  মা-দেউতাৰ আশীৰ্বাদ-অনুপ্ৰেৰণা আৰু  গাঁৱৰ ডাঙৰ সকলৰ মৰম আৰু পৰামৰ্শই মোক এক সন্মাজনক স্থানলৈ এখোজ আগুৱাই নিছে আৰু ইয়াৰ বাবে মই সকলোকে নমস্কাৰ জনাইছো ৷ আগন্তুক দিনত মই এগৰাকী চৰকাৰী দায়বদ্ধশীল বিষয়া হিচাপে ৰাইজক সেৱা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম আৰু ইযাৰ বাবেও মোক লাগিব ৰাইজৰে মৰম আৰু আশীৰ্বাদ বুলি বিদ্যুৎ বিকাশে মতপ্ৰকাশ কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে কাৰপুনপুলি দঃলুুং কৗবাঙৰ সভাপতি ব্ৰজেন চিন্তেই ৷ আঁত ধৰে দঃলুং কৗবাঙৰ সম্পাদক খগেন মিলিয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে কাৰপুনপুলি দঃলুং কৗবাঙৰ গাম দেবিৰাম চুংক্ৰাং, মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব কালিনাথ পাংগিং, অৱসৰপ্ৰাপ্ত এ পি এছ বিষয়া পুন্যেশ্বৰ দলে, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি হৰিচন্দ্ৰ কমান, লেখক দুষ্যন্ত নৰহ, টি এম পি কেৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি সদানন্দ দলে, সম্পাদক মনেশ্বৰ কমান, এম এম কেৰ সম্পাদক তুুুলন পাংগিং আদিয়ে ৷

গ্ৰাম্যাঞ্চলত মোবাইলে ধ্বংস কৰিছে ক্ৰীড়া পৰিৱেশ, অভিভাৱক সচেতন নহলে বিষম ফল প্ৰসৱ কৰাৰ সম্ভৱনা…

গ্ৰাম্যাঞ্চলত মোবাইলে ধংস কৰিছে ক্ৰীড়া পৰিবেশঅভিভাৱক সচেতন নহলে বিষম ফল প্ৰসৱ কৰাৰ সম্ভৱনা*

আজি কিছুদিনৰ আগলৈ গ্ৰাম্যাঞ্চলত ক্ৰীড়াৰ এক পৰিবেশ আছিল। অইন নহলেও আবেলি সময়ত ল’ৰাবোৰৰ খেলপথাৰলৈ যোৱাৰ অভ্যাস গঢ় লৈ উঠিছিল। ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিকছ, কাবাডী, হেণ্ডবল, খো খো ইত্যাদি খেল খেলি জিৰণী সময়ৰ সৎ ব্যাৱহাৰ কৰিছিল। গ্ৰাম্যাঞ্চলত এনে এজন ল’ৰা নাই যিজনে এবাৰলৈ হলেও ফুটবলটো লথিয়াই পোৱা নাই বা ভলীবলটো এবাৰলৈ হলেও হাতেৰে চুই পোৱা নাই।

ক্ৰিকেটৰ সামগ্ৰীৰ অভাৱেও তেওঁলোকক চুব পৰা নাছিল। নিজে তৈয়াৰ কৰি লোৱা কাঠৰ বেট আৰু টেনিচ বলেৰে অখৰা-মখৰা খেলপথাৰত ক্ৰিকেট খেলি বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰীলৈ বল মাৰি পঠিওৱাটো গাওঁৰ খেলুৱৈৰ বাবে তেনেই সহজ কথা। প্ৰায় প্ৰতিখন গাওঁতে ভলীবল, ফুটবলৰ খেলপথাৰ আছিল। ইখন গাওঁৰ লগত সিখন গাওঁৰ বন্ধুত্বসূলভ প্ৰতিযোগিতা চলিছিল। ইয়াৰ দ্বাৰাই ওঁচৰ চুবুৰীয়া গাওঁ সমূহৰ মাজত গঢ়ি উঠিছিল আত্মিকসম্বন্ধ, ভাতৃত্ববোধ, ঐক্য, সংহতি, সম্প্ৰীতি ইত্যাদি। সকলোৱে খেলুৱৈ হ’ম বুলি খেলা নাছিল যদিও নিজৰ দেহটোৰ বাবেই খেলিছিল এই সকল ল’ৰাই। দৈনন্দিন এনে কাৰ্য্যৰ পৰা তেওঁলোকে নভৱাকৈয়ে নিজকে সুস্থ-সবল কৰি ৰাখিব পাৰিছিল। তাৰে মাজতে অৱশ্যে দুই এজনে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি খেলুৱৈ হোৱাৰ তাগিদাত অনুশীলন অব্যাহত ৰাখিছে। কিন্তু সেই সকলোৰো অৱস্থা তথৈবচ। অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ অভাৱ স্পষ্ট হৈ ৰৈছে।

আৰ্থিক দৈন্যতাৰ বাবে যোগাৰ কৰি ল’ব পৰা নাই সাজ-পোছাক, উপযুক্ত খেলৰ সামগ্ৰী। ইয়াৰ মাজতে যি সকল খেলুৱৈয়ে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি খেলুৱৈ হিচাপে নিজক প্ৰতিস্থা কৰিব পাৰিছে তেওঁলোক ধন্যবাদৰ পাত্ৰ। এইখিনিলৈকে ঠিকেই আছিল কিন্তু যেতিয়াৰ পৰাই ল’ৰা-ছোৱালীৰ হাতলৈ মোবাইল আহিল তেতিয়াৰ পৰাই যেন খেলুৱৈ সকলৰ ক্ৰীড়াৰ প্ৰতি ধাউটি কমি আহিল। খেলপথাৰলৈ আহিবলৈ এই সকলৰ সময় নোহোৱা হ’ল। বৰ্তমান ক্ৰীড়াৰ নিচাহতকৈ যেন মোবাইলৰ নিচাহে বহুত বেছি হৈ পৰিছে। মোবাইলত ফ্ৰি ফাইৰ, পাৱজি আদিৰ দৰে গেমখেলি তেওঁলোকে পাৰ কৰি আছে বহুত অমূল্য সময়। আনকি পাৱজিৰ নিচাহে ইতিমধ্যে বহুতৰে প্ৰাণ লোৱা খবৰো পোৱা গৈছে। তথাপিও কিন্তু বহুতৰ এতিয়াও গা লৰা নাই।

যিটো সময়ত নিজক গঢ়াৰ সময়, সেই সময়ত পাৱজিৰ ব্যাধিয়ে আমাক তিলে তিলে নিশেষ কৰি পেলাইছে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় উদ্ভাৱন কৰি কেনেকৈনো এই সকলক ক্ৰীড়াৰ পিনে ধাৱবান কৰিব পাৰি তেনে আঁচনি প্ৰস্তুত কৰাটো নিত্যান্তই প্ৰয়োজনীয় হৈ পৰিছে। অৱশ্যে সকলো ল’ৰাই যে খেল খেলিব, তেনে কথাও নহয়। কিন্তু তাৰে মাজতে লুকাই আছে প্ৰচুৰ সম্ভাৱনা। যি ধৰণে তেওঁলোকে পাৱজি বা ফ্ৰি ফাইৰ আদি নিখুত ভাৱে খেলাৰ আগ্ৰহ প্ৰকাশ কৰে ঠিক তেনে আগ্ৰহ ক্ৰীড়াত মনোনিবেশ কৰিলে সফলতা আহিব বুলি আমাৰ মনে ধৰে। এই সকলক ক্ৰীড়ালৈ আনিবলৈ হ’লে ক্ৰীড়াৰ দ্বাৰা খেলুৱৈৰ ভবিয্যত সূনিশ্চিত কৰিব লাগিব। মোবাইল খেলতকৈ, ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি গঢ়ি তুলিব লাগিব, এই সকলৰ মাজত। মোবাইল খেলত কোনোধৰণৰ শাৰীৰিক চৰ্চা নাথাকে কিন্তু যিকোনো খেলতে শাৰীৰিক চৰ্চা লাভ কৰিব পাৰি। আজিকালি প্ৰতিজন ৰোগীকে ডাক্টৰৰ পৰামৰ্শই হৈছে ক্ৰীড়া। গতিকে ক্ৰীড়াৰ মহত্ব এতিয়া সৰ্বজন বিদিত। সকলো ফালৰ পৰা ক্ৰীড়া মহৌষধত পৰিণত হৈছে। অভিভাৱক সকল সচেতন নহলে মোবাইলৰ পৰা ল’ৰা-ছোৱালী সকলক আতৰাই অনাটো সম্ভৱ ন’হব। মোবাইলৰ প্ৰয়োজনীয়তা নিশ্চিত ভাৱে আছে কিন্তু ইয়াৰ ব্যাৱহাৰৰ ক্ষেত্ৰত সজাগ হোৱাটো নিত্যান্তই দৰকাৰী। ক’ৰোনা মহামাৰীৰ উপদ্ৰপৰ পৰা ৰক্ষা পোৱাৰ হেতু বিদ্যালয় সমূহ বন্ধ কৰি দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীৰ যাতে পঢ়াত ক্ষতি নহয় তাৰবাবে অন-লাইন ক্লাছৰ ব্যাৱস্থা কৰা হৈছে। এই পঢ়া কিমানদূৰ সফল হৈছে সেয়া বিচাৰ্যৰ বিষয়। কিন্তু এই ক্লাছৰ বাবে মোবাইল নথকা ছাত্ৰ-ছাত্ৰীও মোবাইল লবলৈ বাধ্য হৈছে। অৱশ্যে অন-লাইন ক্লাছৰ বাহিৰে অন্য উপায়ো নোহোৱা হৈছে। গতিকে মোবাইল গেম সক্ৰিয় হৈ উঠাটো একো অস্বাভাৱিক কথা নহয়। কিন্তু ইয়াৰ সদ ব্যাৱহাৰৰ বাবে সচেতন নহলে অনাগত দিনত যথেষ্ট ক্ষতি হোৱাৰ কথা নুই কৰিব নোৱাৰি।

Group of poor rural children using Smart Phone in Haryana/India.

ইয়াৰ বাবে অভিভাৱক সকলৰো দায়িত্ব আছে। ল’ৰা-ছোৱালীক দৰকাৰত মোবাইল কিনি দিয়ক লগতে ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিকছ বা অন্যন্য ক্ৰীড়াটো মনোনিবেশ কৰাওঁক। খেলুৱৈ গঢ়িব নোৱাৰিলেওঁ অন্তত সুস্থ সবল সমাজ গঢ়াত সহায়ক হ’ব। অসম কন্যা লাভলিনাই দেশলৈ মান সন্মান কঢ়িয়াই আনিছে, বিশ্বত দেশ তথা ৰাজ্যৰ নাম জিলিকাই তুলি আহিছে। বহুতৰ দৰে তেওঁৱো গ্ৰাম্যাঞ্চলৰ ক্ৰীড়াক অধিক গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাইছে। গ্ৰাম্যাঞ্চলত লুকাই থকা সুপ্ত প্ৰতিভা বিলাক বিচাৰি আনি ক্ৰীড়াত মনোনিবেশ কৰিবলৈ অনুৰোধ জনাইছে। ক্ৰীড়াৰে কেৰিয়াৰ গঢ়াৰ বাবে অভিভাৱক সকলক তেওঁলোকৰ ল’ৰা-ছোৱালীক আগবঢ়াই দিবলৈ কৈছে। তেওঁ প্ৰতিঘৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে খেলা-ধুলা কৰাটো বিচাৰিছে। ক্ৰীড়া এক সাধনা, ক্ৰীড়া এক তপস্যা। সমাজ জীৱনত ক্ৰীড়াৰ ভূমিকা নিসন্দেহে গুৰুত্বপূৰ্ণ। এখন দেশ তথা ৰাজ্যই ক্ৰীড়াৰ জড়িয়তেই চহকী হৈ উঠিব পাৰে। হিমা দাস, লাভলিনা বৰগোঁহাই ইয়াৰ উৎকৃষ্ট উদাহৰণ। সেয়েহে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছৰা চৰকাৰ খনে আজি এতিয়াৰ পৰাই ক্ৰীড়াৰ দীৰ্ঘম্যাদি পৰিকল্পনা হাতত লৈ কাম কৰা উচিত। আমি প্ৰৱল আত্মবিশ্বাসী সূপৰিকল্পিত ভাৱে কৰা আচঁনিৰ জড়িয়তে অসমৰ বুকুৰ পৰা আৰু বহুতো লাভলিনা, হিমা ওলাই আহিব। অৱশ্যে ইয়াৰ বাবে চৰকাৰৰ লগতে আটায়েৰে সহযোগ একান্তই বাঞ্চনীয়।

লেখক – দীপক কুমাৰ দাস ( নলবাৰী )

বোকাখাটৰ নাহৰজান বাগিচাত স্বামীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক

বোকাখাতৰ নাহৰজান চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা৷ বাগিচাৰ কামলৈ লগৰ মহিলাৰ সৈতে গৈ থকা অৱস্থাত স্বামীয়ে পথৰ ওপৰতে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক৷ পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ৷

বাগিচাখনৰ ৩নং লাইনৰ স্বামী মেঘাৰাম নায়কে পত্নী মধু নায়ক কৰ্মকাৰক পেট্ৰ’ল ঢালি জ্বলাই দিয়ে৷ শৰীৰৰ আধা অংশ জ্বলি যোৱা মধু কৰ্মকাৰক স্থানীয় লোকৰ সহযোগত বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে মধু কৰ্মকাৰক JMCHলৈ প্ৰেৰণ কৰে৷

ইফালে, একাংশ ক্ষুব্ধ স্থানীয় লোকে এই ঘটনাৰ পিছতে উত্তম–মধ্যম শোধায় স্বামী মেঘাৰাম নায়কক৷ বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মেঘাৰাম নায়কক বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰে৷

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানমৰ্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গৰ সৈতে ডিব্ৰুগড়ত তেওঁৰ বৈঠক অনুষ্ঠিত

  • কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ সৈতে সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ
  • আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি সম্প্ৰচাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তাৎক্ষণিকভাৱে ইতিবাচক ব্যৱস্থা ল’বলৈ সচিবক আহ্বান জনায় সোণোৱালে

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বাবে বিভিন্ন মহলত চৰ্চা হৈ থকাৰ সময়তে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানমৰ্মে তেখেতৰ ডিব্ৰুগড়স্থিত বাসগৃহত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক আলোচনা অনুষ্ঠিত হয়। আলোচনাকালত প্ৰতিনিধিসকলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বিষয়টোৰ লগতে অন্যান্য সমস্যাসমূহৰ বিষয়ে সৰ্বানন্দ সোণোৱালক বিতংকৈ অৱগত কৰে। সোণোৱালে তেওঁলোকৰ মতামত আৰু সমস্যাসমূহ ভালদৰে শুনে আৰু এই সন্দৰ্ভত ডিব্ৰুগড়ৰপৰাই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ সৈতে তেওঁ টেলিফোনযোগে বাৰ্তালাপ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা অসমীয়া বাতৰি সম্প্ৰচাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তাৎক্ষণিকভাৱে ইতিবাচক ব্যৱস্থা ল’বলৈ সচিবগৰাকীক সোণোৱালে আহ্বান জনায়। অতি শীঘ্ৰেই নতুন দিল্লীলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উক্ত বিষয়ত মন্ত্ৰালয়টোৰ সচিবৰ সৈতে খৰচি মাৰি আলোচনা কৰিব বুলি উল্লেখ কৰে।

অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত টংলাৰ স্বামী-স্ত্ৰী

মঙলবাৰে নিশা টংলাত সংঘটিত গুলীচালনাৰ ঘটনাই চৌদিশে চাঞ্চল্যকৰ বিৰাজ কৰিছে। জানিব পৰা মতে, মুখত কাপোৰ বান্ধি অহা চাৰি অচিনাক্ত যুৱকে কালি নিশা প্ৰায় এঘাৰ বজাত ব্যৱসায়ী গৌতম বৰুৱাৰ ঘৰৰ দৰ্জা ভাঙি প্ৰৱেশ কৰি তেওঁৰ লগতে পত্নী ববিতা বৰুৱাৰ ওপৰত গুলীচালনা কৰে। এই ঘটনাত টংলা জালুকবাৰীৰ নিবাসী ব্যৱসায়ী গৌতম বৰুৱা আৰু পত্নী গুৰুত্বৰভাৱে আহত হয়। চাৰি যুৱকে লৈ অহা মাৰনাস্ত্ৰৰে কৰা গুলীচালনাত দুয়োৰে হাটত গুলী লাগি আহত হয়।

উল্লেখ্য যে, এই ঘটনাৰ সময়ত পতি-পত্নীহালক বচাবলৈ চেষ্টা কৰা মানৱ ডেকা নামৰ এজন যুৱকো গুৰুতৰভাৱে আহত হয়। নিশাই আটাইকে ততাতৈয়াকৈ টংলা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি আটাইকেইজন সংকটমুক্ত বুলি জানিব পৰা গৈছে। ইফালে, ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকেই আৰক্ষীয়ে নিশাই প্ৰথমে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। লগতে অচিনাক্ত বন্দুকধাৰীৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

বেবেজীয়াত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ এজনক, চিকিৎসালয়ত মৃত্যু

আৰক্ষীয়ে ব্যক্তিজনৰ আচল পৰিচয়, ঘৰৰ ঠিকনা আৰু পৰিয়ালৰ লোকক বিচাৰি নোপোৱাত মৃতদেহটো চমজাই দিব পৰা নাই।

বেবেজীয়াৰ বাথাংই গাঁওত সোমবাৰে দীপাৱালীৰ সন্ধিয়া বেবেজীয়া আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত  উদ্ধাৰ কৰিলে এজন ব্যক্তিক। আৰক্ষী সূত্ৰে জানিব পৰা মতে, সোমবাৰে সন্ধিয়া বাংথাই গাঁৱৰ পথৰ কাষত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ব্যক্তিজনক পৰি থকা দেখা পাই স্থানীয় ৰাইজে বেবেজীয়া আৰক্ষীক খবৰ দিয়ে।

বেবেজীয়া আৰক্ষী লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত ব্যক্তিজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও চিকিৎসালয়তে ব্যক্তিজনৰ মৃত্যু হয়।

স্থানীয় লোকে ব্যক্তিজনৰ নাম বাবুল বুলি আৰক্ষীক জানিবলৈ দিছে। আৰক্ষীয়ে ব্যক্তিজনৰ আচল পৰিচয়, ঘৰৰ ঠিকনা আৰু পৰিয়ালৰ লোকক বিচাৰি নোপোৱাত মৃতদেহটো চমজাই দিব পৰা নাই। বৰ্তমান নগাঁও চিকিৎসালয়ৰ মৰ্গত আছে ব্যক্তিজনৰ মৃতদেহ।ইপিনে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ভালুকপুঙৰ পৰা বমডিলালৈ যোৱা পথত ভূমিস্খলন; ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ !

ভূমিস্খলনৰ ফলত ভালুকপুঙৰ পৰা বমদিলালৈ যোৱা ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাগ মন্দিৰ আৰু টেঙাৰ মাজৰ পথচোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ।

প্ৰৱল‌ বৃষ্টিপাতৰ ফলত অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাত ভয়ংকৰ ভুমিস্খলন ঘটিছে । ভূমিস্খলনৰ ফলত ভালুকপুঙৰ পৰা বমদিলালৈ যোৱা ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাগ মন্দিৰ আৰু টেঙাৰ মাজৰ পথচোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথটোৰ একাংশ ভূমিস্খলনৰ ফলত খহি গৈছে । জানিব পৰামতে অৰুণাচলত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত  মঙ্গলবাৰে পুৱাৰে পৰা শ শ যান-বাহন ৰাজপথত আৱদ্ধ হৈ পৰিছে ।

জেহাদীৰে যোগসূত্ৰ আছে মিঞা পৰিষদৰ দুই নেতাৰ লগতে তানু ধাদুমিয়াৰ-নলবাৰী আৰক্ষী অধীক্ষকে

সম্প্ৰতি তিনিওজনকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে।

মিঞা মিউজিয়াম স্থাপনক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন লোকক। ইতিমধ্যে গোৱালপাৰাৰ লক্ষীপুৰত মিঞা মিউজিয়াম স্থাপন কৰা অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলী আৰু উপ–সভাপতি আব্দুল বাতেনক গোৱালপাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত নিশাই দুয়োকে নলবাৰী সদৰ আৰক্ষী থানালৈ লৈ অহা হয়।

আনহাতে, এই মিঞা মিউজিয়ামৰ উদ্বোধক তানু ধাদুমিয়াকো গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে নলবাৰীলৈ। সম্প্ৰতি তিনিওজনকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে। ইফালে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকে তিনিওজনৰে কিছুদিন পূৰ্বে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আল্লিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন জেহাদীৰে যোগসূত্ৰ পোৱা বুলি জনাইছে সংবাদ মাধ্যমক।

মিঞা পৰিষদৰ উপ-সভাপতি আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিয়ালৰ লোকৰ।

মিঞা পৰিষদৰ উপ–সভাপতি আব্দুল বাতেন শ্বেখৰ গ্ৰেপ্তাৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পালে মিঞা পৰিষদে, কি ক’লে পৰিয়ালে?

মিঞা পৰিষদৰ নেতাৰ স্পষ্ট মন্তব্য, ‘অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট শিক্ষিত মানুহ, আৰু আমাৰ তেওঁৰ ওপৰত আস্থা আছে, আমি ন্যায় বিচাৰো।’

মিঞা পৰিষদৰ উপ-সভাপতি আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিয়ালৰ লোকৰ। ধুবুৰী লোকসভা সমষ্টিৰ পৰা ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰা আব্দুল বাতেন শ্বেখ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ সন্দেহ কৰিছে বাতেনৰ জ্যেষ্ঠ ভাতৃ আব্দুল কাদেৰ আনচাৰীয়ে।

ইফালে, আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত মিঞা পৰিষদৰ আব্দুল মতলেব চৌধুৰীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। আব্দুল বাতেনক গ্ৰেপ্তাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য। তেওঁ কয়, ‘‘মিঞা মিউজিয়াম স্থাপন কৰিছিল গোৱালপাৰাৰ লক্ষীপুৰত, যদি তেওঁলোকে কিবা অন্যায় কৰিছে গোচৰ হ’ব লাগিছিল গোৱালপাৰা জিলাত। কিন্তু আব্দুল বাতেনক গ্ৰেপ্তাৰৰ পিছত লৈ যোৱা হ’ল নলবাৰীলৈ। আৰু গোচৰ লোৱা হ’ল ১৬২/২২ নম্বৰত ঘগ্ৰাপাৰ আৰক্ষী থানাত।’’

মিঞা পৰিষদৰ নেতাৰ স্পষ্ট মন্তব্য, ‘অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট শিক্ষিত মানুহ, আৰু আমাৰ তেওঁৰ ওপৰত আস্থা আছে, আমি ন্যায় বিচাৰো।’