বহুত সময়ত এটা প্ৰশ্ন আহে গোটেই ভাৰতবৰ্ষতে মা দূৰ্গাৰ নটা ৰূপত নৱৰাত্ৰিৰ পূজা হয় কিন্তু অসম, পশ্চিমবঙ্গ আদি ঠাই বিলাকত দেৱী দূৰ্গাৰ ষষ্ঠী তিথিৰ পৰাহে পূজা হয় কিয় । পশ্চিমবঙ্গ অসম আদি ঠাইত কাত্যায়নী কল্পৰ মতে দুৰ্গা পূজা পালন কৰা হয়। প্ৰকৃততে আমাৰ চাৰিদিনৰ দূৰ্গা পূজা ভাৰতৰ অন্য ৰাজ্যৰ ন দিনৰ দূৰ্গাৰ ভিন ভিন ৰূপৰ পূজাৰ এক লঘূ সংস্কৰণ। প্ৰাচীন পুথিত অসমৰ মন্দিৰত আগেয়ে ন দিনৰ দেৱী দূৰ্গাৰ পূজাৰ কথা পোৱা যায় । বঙ্গৰ লোকক আনি ৰাজহুৱা পূজা অৰ্থাৎ মূৰ্তি সাজি পূজা কৰিবলৈ লোৱাৰ পৰাহে চাৰিদিনায়া পূজা আৰম্ভ হ’ল বুলি কব পাৰি।
কাত্যায়নী কল্পত দুৰ্গা পূজা মুখ্যতঃ চাৰিদিনৰ বাবে সম্পন্ন কৰা হয় আৰু এই চাৰিদিন মহা সপ্তমী, দুৰ্গা অষ্টমী , দুৰ্গা নৱমী আৰু দশমীত বিসৰ্জন হিচাপে পালন কৰা হয়। ষষ্ঠীৰ সন্ধিয়া বিল্ৱ বোধন ৰীতি-নীতিৰে দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা আৰু সপ্তমীত ৰাতিপুৱা নৱপত্ৰিকা পূজাৰ সময়ত দেৱী দুৰ্গাক সাতটা পবিত্ৰ পাতৰ সৈতে স্থাপন কৰাৰ পৰম্পৰা কাত্যযানী কল্পৰ বিশেষ বিধান বা নিয়ম।
দূৰ্গা পূজাৰ পূজা-বিধিৰ ভিতৰত সন্ধি পূজাৰ গুৰুত্ব অতি বেছি। অষ্টমী তিথিৰ শেষৰ ২৪ মিনিট আৰু নৱমী তিথিৰ আৰম্ভণিৰ ২৪ মিনিটৰ ভিতৰৰ সময় চোৱাত সন্ধি পূজা হয়। দুটা তিথিৰ সন্ধিক্ষণত হয় বাবে এই সন্ধি পূজা বুলি কোৱা হয়।
এই সন্ধিক্ষণতে চন্দো আৰু মুণ্ড নামৰ দুই অসুৰক বধ কৰিবৰ বাবে মা দূৰ্গাৰ তৃতীয় চক্ষু মেল খাই তাৰ পৰা মা চামুণ্ডা দেৱী অৱতাৰ হৈছিল। দূৰ্গা পূজাৰ চাৰিদিনৰ কাৰ্য্যক্ৰমৰ ভিতৰত মা চামুণ্ডা দেৱীৰ অৱতাৰৰ সময়ৰ পূজা ভাগৰ মহত্ব অতি বেছি। মান্যতা অনুসৰি এই সন্ধিক্ষণত প্ৰতি বছৰে চামুণ্ডা দেৱী ভক্তৰ মাজলৈ আহে । সেয়ে চামুণ্ডা দেৱীক এশ আঠটা চাকি জ্বলাই এশ আঠ পাহ ৰঙা পদুম ফুল, ১০৮ টা বেলপাত, ৰঙা জবা ফুল , চাউল আৰু গোটা ফলেৰে সন্ধি পূজা কৰাৰ নিয়ম আছে ।
হস্তক্ষেপমূলক পদ্ধতি হ’ল অস্ত্ৰোপচাৰ ব্যতিৰেকে কৰা কেতবোৰ বিশেষ ধৰণৰ পদ্ধতি। স্পাইনেল ইঞ্জেকচন(spinal injection), অ’জ’ন ডিস্কেক্টোমী(ozyone discectomy) আদি হ’ল এই ধৰণৰ চিকিৎসাৰ উদাহৰণ। আন চিকিৎসা পদ্ধতিবোৰ প্ৰয়োগ কৰি সফল নহ’লে তথা ৰোগীয়ে সোনকালে আৰোগ্য লাভ কৰটো জৰুৰী হৈ পৰিলে, এই ধৰণৰ পদ্ধতিৰে চিকিৎসা কৰা হয়।
স্পাইনেল ইঞ্জেকচন:
চাৰ্ভিকেল(cervical), থোৰাচিক এণ্ড লাম্বাৰ ইন্টাৰলামিনাৰ এপিডিউৰেল ইঞ্জেকচন(Thoracic and lumbar interlaminar epidural injection) আৰু ট্ৰানছফোৰামিনেল ইঞ্জেজকচন(Transforaminal injection) এই পদ্ধতিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এই ইঞ্জেকচনবোৰ মেৰুৰজ্জুৰ স্নায়ুমূল(Spinal nerve roots) আৰু ইয়াক আগুৰি থকা কলাবোৰৰ প্ৰদাহ তথা উখহি উঠা সমস্যা হ্ৰাস কৰি পিঠিৰ বিষ, জিনজিননি আৰু জঠৰতাৰ উপশম ঘটায়।
ফেচেট ব্লকছ এণ্ড মেডিয়ান ব্ৰাঞ্চ ব্লক(Facet blocks and median branch block):
এই পদ্ধতিত ৰাজহাড়ৰ ক্ষুদ্ৰ জোৰা আৰু ইয়াৰপৰা প্ৰসাৰিত স্নায়ুত অত্যন্ত ফলপ্ৰসূ প্ৰদাহ নিৰাময়কাৰী ঔষধ প্ৰয়োগ কৰা হয়।