Home Blog Page 2214

কম্পিউটাৰ নজনা কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি! মুখ্যমন্ত্ৰীৰ ঘোষণা…

প্ৰাক্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে আজিৰ দিনটো পালন কৰা হৈছে লোক কল্যাণ দিৱস হিচাপে। সেই উপলক্ষে দিছপুৰ খেলপথাৰত আয়োজন কৰা এক অনুষ্ঠানত ভাগ লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত চৰকাৰে আগবঢ়াইছে লোক সেৱা বঁটা। সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে ১০ জন কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে সন্মানিত কৰা হৈছে এই বঁটাৰে। এই বঁটা লাভ কৰা লোক সকলৰ চাকৰীৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰা হ’ব।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সচিবালয়ৰ সকলো কাম পেপাৰবিহীন কৰাৰ কথা উল্লেখ কৰি কয় যে, ২ অক্টোবৰৰ পৰা অসম সচিবলয়ৰ সকলো কাম ডিজিটেল হ’ব। ২ অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়াই মেনুৱেল ফাইল নলয়। কোনোবাই যদি কিবা কামত অসম সচিবালয়লৈ আহে তেলেহলে সচিবালয়ৰ বাহিৰত কম্পিউটাৰত টাইপ কৰিলেই সকলো নিষ্পত্তি হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।লগতে সচিবলয়ত কাম কৰা যি সকলক কৰ্মচাৰীয়ে কম্পিউটাৰ নাজানে তেওঁ লোকক কম্পিউটাৰ শিকি লবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ কয়- কম্পিউটাৰ শিকিব নোখোজা কৰ্মচাৰীক কোনেও কাম নিদিব। তেওঁলোকক আমাৰ মাজত নাই বুলি আমি ধৰি লম। সচিবালয়ত কাম কৰিলে ডিজিটেলৰ কাম কৰিব জানিবই লাগিব। ২ অক্টোবৰৰ পৰা সকলো কৰ্মচাৰীয়ে ভাবি লওক আমি নতুন জীৱন আৰম্ভ কৰিম। তেওঁ কয়- কম্পিউটাৰ শিকিব নোখোজাসকলে নিৰ্দিষ্ট সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰক। কম্পিউটাৰ নিশিকো বুলিলে ঘৰতে বহিলেও দৰমহা পাব। অফিচলৈ আহিলে কম্পিউটাৰ চলাব জানিবই লাগিব।

সশস্ত্ৰ সীমা বলৰ নৱনিযুক্ত সঞ্চালকপ্ৰধান সুজয় থাওচেনৰ সৈতে বাৰ্তালাপত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

জনতা ভৱনত সশস্ত্ৰ সীমা বলৰ নৱনিযুক্ত সঞ্চালকপ্ৰধান সুজয় থাওচেনৰ সৈতে বাৰ্তালাপত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেশৰ অন্যতম অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষতম স্থানত এগৰাকী অসমৰ ব্যক্তি অধিস্থিত হোৱা বাতৰিটোৱে মুখ্যমন্ত্ৰীগৰাকীক আহ্লাদিত কৰি তুলিছে।

‘থাওচেনৰ এই সাফল্যই ৰাজ্যৰ যুৱক-যুৱতীসকলক নিজ নিজ বৃত্তিত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰেৰণাৰ উৎস হিচাপে বিবেচিত হ’ব।’ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত ব্যক্ত কৰে এই কথা।

কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আবাসৰ শুভ উদ্বোধন…

কটন বিশ্ববিদ্যালয়ৰ নতুনকৈ পুনৰনিৰ্মাণ কৰা শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসটো শুকুৰবাৰে উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামীয়ে ৷ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক মহেশ্বৰ কলিতা, ডীন, অধ্যাপকবৃন্দ, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক।


১২৬ খন আসনযুক্ত এই হোষ্টেলত ডাবল আৰু ট্ৰিপল শ্বেয়াৰিং ভিত্তিত ৬০ টা কোঠা আছে। নৱনিৰ্মিত এই ভৱনটো ৬ মহলীয়া আৰু আবাসীসকলৰ বাবে আধুনিক সুবিধাৰে সজ্জিত। হোষ্টেলৰ শীৰ্ষ দুটা মহলা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু গৱেষক শিক্ষাৰ্থীৰ বাবে আৰু বাকী মহলাকেইটাত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যৱস্থা কৰা হৈছে। পূৰ্বৰ কটন কলেজৰ ২য় মেছ নামেৰে জনাজাত এই হোষ্টেলটো ১৯১৩ চনত ব্ৰিটিছ শাসনৰ সময়ত তেতিয়াৰ কলেজ কৰ্তৃপক্ষই নিৰ্মাণ কৰিছিল।


বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলটো পুনৰনিৰ্মাণ কৰা পদক্ষেপক আদৰণি জনাইছে কটন পৰিয়ালে। উল্লেখ্য যে বিশ্বব্যাপী Covid19 মহামাৰীৰ মাজতো মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতে হোষ্টেলটোৰ পুনৰনিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠে ৷

বংগত বিজেপিক লৈ দিদিৰ গধুৰ খেল! ইডিলৈ ভয় বিজেপি বিধায়কৰ…

“বংগৰ ৩৮ জন বিধায়কৰ সৈতে আমাৰ ভাল সম্পৰ্ক আছে… গতিকে আমি পোনপটীয়া সম্পৰ্কত আছোঁ… এতিয়া সংগীত আৰম্ভ কৰা হৈছে।। চলচ্চিত্ৰখনৰ মুক্তি এতিয়াও বাকী আছে। ‘ ২৭ জুলাইত কলকাতাত বিজেপি নেতা মিথুন চক্ৰৱৰ্তীয়ে এইকথা কৈছিল। তেতিয়াৰ পৰা, বিজেপিয়ে বংগতো মহাৰাষ্ট্ৰৰ দৰে খেলিবলৈ প্ৰস্তুতি চলাইছে নে নাই তাক লৈ জল্পনা-কল্পনা চলি আছে। মিথুনৰ বক্তব্যৰ পিছত, যদি আমি বংগত বিজেপিৰ মাটিৰ বাস্তৱতা জানিব পাৰিলো, সত্যটো আন কিবা হৈ পৰিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত, বংগৰ ২৯৪ খন বিধানসভা আসনৰ ভিতৰত, বিজেপিয়ে ৭৭ খন আসন লাভ কৰিছিল। ফলাফলৰ পিছত, ৭৭ জন বিধায়কৰ ভিতৰত দুজন নিশিথ প্ৰমানিক আৰু জগন্নাথ সৰকাৰে পদত্যাগ কৰিছিল। দুয়োজন বিজেপিৰ সাংসদ। দলটোৱে তেওঁক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। বিজয়ৰ পিছত, তেওঁ বিধান সভা ত্যাগ কৰি সংসদত থাকিবলৈ সিদ্ধান্ত লয়।

এইটোৱে বিজেপি বিধায়কৰ সংখ্যা ৭৫ লৈ লৈ গৈছিল। এতিয়া সেই সংখ্যা ৬৯ লৈ হ্ৰাস পাইছে। ছয়জন বিধায়কে বিজেপি এৰি টিএমচিত যোগদান কৰিছে। বিজেপিৰ ১৮ জন সাংসদৰ ভিতৰত দুজনেও টিএমচিত যোগদান কৰিছে। অৱশ্যে, ফলাফলৰ পিছত, এজনো বিধায়ক-সাংসদ বা জ্যেষ্ঠ টিএমচি নেতাই বিজেপিত যোগদান কৰা নাছিল। যিসকলে উপস্থিত আছিল তেওঁলোকে নিৰ্বাচনৰ আগতে যোগদান কৰিছিল। মই বিজেপিলৈ আহিব নিবিচাৰো… মিথুন চক্ৰৱৰ্তীৰ বক্তব্যত কিমান সত্যতা আছে সেয়া বিজেপিৰ নিজৰ বংগ নেতা শুভেন্দু অধিকাৰীৰ বক্তব্যৰ পৰা অনুমান কৰিব পাৰি। যেতিয়া শুভেন্দুক মিথুনৰ বক্তব্যৰ বিষয়ে সোধা হৈছিল, তেওঁ কৈছিল, “এই বিষয়ে মোৰ কোনো ধাৰণা নাই। কেৱল মিথুন ৰাশিৰ লোকসকলেহে এই বিষয়ে ক’ব পাৰিব। ‘

বিজেপি বংগৰ মুখ্য মুখপাত্ৰ শমীক ভট্টাচাৰ্যই কয়, “মিথুনে কোৱা নাছিল যে টিএমচিৰ বিধায়কসকলে বিজেপিত যোগদান কৰিব বিচাৰে। তেওঁ কৈছিল যে টিএমচি ৰ বিধায়কসকল যোগাযোগত আছে। ইয়াত কোনো ভুল নাই। মিথুন আগতে টিএমচিত আছিল, সেয়েহে তেওঁ বহুতো বিধায়কৰ সৈতে যোগাযোগত আছে। ‘

পাঁচ বছৰীয়া ৰাহুলৰ চকুৰে এতিয়া পৃথিৱী দেখিছে এহাল দৃষ্টিহীন পিতৃ মাতৃয়ে

বিগত দুদিন ধৰি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা এখন প্ৰতিচ্ছবি য’ত দেখা পোৱা গৈছে দৃষ্টিহীন পিতৃ মাতৃক বাট দেখাইছে তেওঁলোকৰ কনমানি সন্তানটিয়ে। পৰিয়ালটোৰ ঠিকনা ৰহাৰ দিঘলদৰিত। এই চৰ্চিত পৰিয়ালটোৰ মুঠ সদস্য পাঁচজন । স্বামী ভগেন হীৰা পত্নী কেতেকী বনিয়া আৰু তিনিগৰাকী কনমানি সন্তানৰ সৈতে সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে পৰিয়ালটোৱে । কিন্তু পৰিয়ালটোৰ একমাত্ৰ ভৰষা তেওঁলোকৰ পাঁচ বছৰীয়া পুত্ৰ সন্তান ৰাহুল হীৰা । ৰাহুলৰ হাতত ধৰিয়ে যাতায়ত কৰে পিতৃ মাতৃয়ে। ৰাহুলৰ চকুৰে এতিয়া পৃথিৱী দেখিছে দৃষ্টিহীন পিতৃ মাতৃয়ে। অকল নগাঁও জিলা তথা ৰহাতে নহয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিজ পিতৃ -মাতৃক লৈ যায় ৰাহুলে।কি দৰে পিতৃ মাতৃক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ যায় সেই কথা ব্যক্ত কৰিছে কনমানী ৰাহুলে । ৰেলৰ অন্য যাত্ৰীৰ সহায়ত ষ্টেচনবোৰ চিনাক্ত কৰে কনমানি ৰাহুলে ।

পৰিয়ালটোৰ চলিবৰ বাবে সহায় বিচাৰি ভগেন হীৰাৰ লগতে স্থানীয় লোকে চৰকাৰ লগতে ৰাইজলৈ জনাইছে আবেদন। যদি কোনো হৃদয়বান ব্যক্তিয়ে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচৰে তেওঁলোকৰ ঠিকনা নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত দীঘলদৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১নং ৱাৰ্ড, যোগাযোগ নম্বৰ ৭৫৭৮৯৬০১৩৬, বেংক একাউণ্ট নম্বৰ

BANK NAME – BANK OF INDIA
ACCOUNT HOLDER NAME – BHOGEN HIRA
ACCOUNT NUMBER – 505218210001988
IFSC- BKID0005052।

অন্তসত্বা কিশোৰীৰ মৃত্যুক লৈ ভেৰগাঁৱৰ ডিমাকুছিত তীব্ৰ চাঞ্চল্য …

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডিমাকুছি থানাৰ অন্তৰ্গত ধৰমজুলি চাহ বাগিছাত এগৰাকী অন্তঃসত্বা কিশোৰীৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ উল্লেখযোগ্য যে বিগত ৬ মাহ পূৰ্বে কিশোৰী গৰাকীক বামুনজুলিৰ দুই লম্পটে কাম দিয়াৰ প্ৰলোভনেৰে ঝাৰখণ্ডলৈ নি হাৰিয়ানাৰ এগৰাকী ব্যক্তিৰ হাতত বিক্ৰী কৰি দিছিল ৷


জানিব পৰা মতে বিক্ৰী কৰাৰ পাছতে কিশোৰী গৰাকী মালিক পক্ষৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হ’য় ৷ যাৰ ফলত কিশোৰী গৰাকী ৬ মাহৰ অন্তঃসত্ত্বা হৈছিল ৷ মালিকৰ অত্যাচাৰত উপায়ন্তৰ হৈ কিশোৰী গৰাকীয়ে পলায়ন কৰি হাৰিয়ানাৰ এখন আৰক্ষী থানাত উপস্থিত হ’য় ৷

তাৰ পৰাই আৰক্ষীৰ সহযোগত কিছুদিন পূৰ্বে ভূক্তভোগী কিশোৰী গৰাকী উপস্থিত হ’য় ডিমাকুছি বৰঙাজুলিৰ নিজ মাতৃগৃহত ৷ মাতৃগৃহৰ পৰা ধৰমজুলি চাহ বাগিছাৰ আই্তাকৰ ঘৰত আশ্ৰয় ল’য় কিশোৰী গৰাকীয়ে ৷ আইতাকৰ ঘৰত কিছু দিন থকাৰ পাছত কিশোৰী গৰাকীয়ে তীব্ৰ পেটৰ বিষত ভোগাত পৰিয়ালে বৰঙাজুলি চাহ বাগিছা হস্পিতালত ভৰ্তি কৰাই যদিও ইয়াতে ৰহস্য জনক ভাবে মৃত্যু হ’য় কিশোৰী গৰাকীৰ ৷

পিছত পৰিয়ালৰ লোকে কি কাৰণত আৰক্ষীক খবৰ নিদিয়াকৈ নিশাই কিশোৰী গৰাকীৰ মৃতদেহ সমাধিস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনা সন্দৰ্ভত ডিমাকুছি আৰক্ষী অৱগত হৈ দণ্ডাধীশৰ উপস্থিতিত শুক্ৰবাৰে মৃতদেহ খান্দি উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে ৷

উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰী গৰাকী মাতৃ গৃহত যেতিয়া আহে তেতিয়াই ওদালগুৰি জিলা চাইল্ড লাইন টিমে কিশোৰী গৰাকীক ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিত হাজিৰ কৰে যদিও পৰিয়ালৰ লোকে চাইল্ড লাইন টিমক দূৰব্যৱহাৰ কৰাৰ অভিযোগ কৰে সংগঠন টিয়ে।

ইফালে কিশোৰী গৰাকীক ফুচুলাই নি বিক্ৰী কৰা লম্পট চুনু আৰু দেচী নামৰ মহিলা গৰাকীক কঠোৰ শাস্তী বিহাৰ দাৱী তুলিছে চাইল্ড লাইন,শিশু সুৰক্ষা সমিতি, জিলা আইন সেৱা প্ৰাধিকি আৰু আছাকে ধৰি বিভিন্ন দল সংগঠননে কিন্তু আৰক্ষীৰ ভূমিকা পুতৌ জনক অৱস্থাই প্ৰতিক্ৰিয়া সৃষ্টি কৰে।আনহাতে সাংবাদীকে কৰিব যোৱাত ডিমাকুছি আৰক্ষীয়ে বেয়া ব্যৱহাৰৰ কৰে।

টংলাৰ পৰা অৰূপ বড়ো

আপুনি জানেনে ৰঙা মাটিৰে কৰা হয় ৰোগৰ চিকিৎসা…

প্ৰাচীন কালৰে পৰা মানুহে মাটিক বিভিন্ন ধৰণৰ ছালৰ যতনত ব্যৱহাৰ কৰি আহিছে৷ কিয়নো মাটিত প্ৰাকৃতিকভাৱে বহুত মিনাৰেল আৰু অন্যান্য উপাদান পোৱা যায়, যিয়ে আমাৰ দেহৰ টক্সিন নিষ্কাশন কৰাত সহায় কৰে৷ ভূগৰ্ভত নানা প্ৰকাৰৰ মাটি পোৱা যায়, যি নানা গুণেৰে ভৰপূৰ৷ তেনে এবিধ মাটি হৈছে ৰঙা মাটি৷


ৰঙা মাটিৰ বিভিন্ন গুণাগুণ আছে৷ ৰঙা মাটিয়ে ছালৰ এনে এক সমস্যা নিৰাময় কৰে, যাৰ বিষয়ে জানিলে হয়তো আপুনি আচৰিত হ’ব৷ এই সমস্যাবিধ হৈছে Vitiligo৷ যাক অসমীয়াত বগা দাগৰ বেমাৰ বুলিও জনা যায়৷ এই সমস্যাই দেখা দিলে ছালত বগা দাগ পৰিবলৈ ধৰে৷ এই ৰোগত মেলানিন পিগমেণ্ট কোষবোৰ নষ্ট হৈ যায় আৰু ছালৰ স্বাভাৱিক ৰং হেৰাব ধৰে৷ এই সমস্যাত ৰঙা মাটি উত্তম৷


ৰঙা মাটিত প্ৰচুৰ পৰিমাণে কপাৰ থাকে, যিয়ে বগা দাগ নিৰাময় কৰিব পাৰে৷ ইয়াৰ বাবে দুচামুচ ৰঙা মাটিৰ লগত দুচামুচ আদাৰ ৰস মিশ্ৰণ কৰি বগা দাগত সদায় লগালে সুফল লাভ কৰিব পাৰিব৷ আদাৰ ৰসে এই বগা দাগবোৰৰ তেজৰ চলাচল সুচল কৰি দাগ নিৰাময় কৰাত সহায় কৰে৷

গৰমত অসহ্য হৈছে নেকি ? তেন্তে গ্ৰহণ কৰক বেলৰ ৰস…

প্ৰাচীন কালৰে পৰা স্বাস্থ্যৰক্ষাৰ বাবে বেলৰ ৰস সেৱন কৰি অহা হৈছে৷ গ্ৰীষ্মকালত অত্যধিক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ লগতে শৰীৰ সুস্থ আৰু ঠাণ্ডা কৰি ৰাখিবলৈ বেলৰ চৰবত খোৱটো অতি প্ৰয়োজনীয়৷ অত্যধিক গৰমত বেলৰ ৰস এগিলাচ সেৱন কৰিলে মন-শৰীৰ শান্ত পৰাৰ লগতে শৰীৰটো ঠাণ্ডা কৰি ৰাখে৷

বিভিন্ন কাৰকৰ পৰা শৰীৰটো সুৰক্ষা দিয়ে বেলৰ ৰসে৷ জানো আহক বেলৰ ৰস সেৱন কৰিলে আমাৰ কি কি উপকাৰ হয়৷ পকা বেলত একধৰণৰ ফাইবাৰ পোৱা যায়, যিয়ে আলচাৰৰ সমস্যাত মহৌষধ হিচাপে কাম কৰে৷ নিয়মিতভাৱে বেলৰ ৰস সেৱন কৰিলে আলচাৰজানিত সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰি৷


ডায়েবেটিছত আক্ৰান্তসক লোকসকলে বেলৰ ৰস নিয়মিতৰূপে খালে ৰোগ নিৰাময় হয়৷ বেলত থকা মেথানল নামৰ একধৰণৰ উপাদানে তেজত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক কৰি ৰাখে৷


আথ্ৰাইটিছৰ বিষ-বেদনাৰ পৰা হাত সাৰিবলৈ বেলৰ চৰবত বা ৰস খোৱাটো দৰকাৰী৷ আথ্ৰাইটিছৰ সমস্যা থাকিলে সপ্তাহত ৩-চ্ছ্ৰ দিন বেলৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়৷ অস্বাস্থ্যকৰ জীৱনশৈলী হৈছে কোষ্ঠকাঠিন্যৰ মুখ্য কাৰণ৷ কোষ্ঠকাঠিন্য, হজমৰ সমস্যা, গেছৰ সমস্যা, আদিত ভোগাসকলে নিয়মিতভাৱে বেলৰ ৰস সৱেন কৰিলে সুফল পোৱা যায়৷

তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ত ফল-মূল উৎসৱ আৰু ফল-মূলৰ প্ৰদৰ্শনী

তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ত আজি বিদ্যালয় খনৰ অধ্যক্ষ গুৰুপদ তালুকদাৰ ৰ বিশেষ উদ্যোগত আৰু বিদ্যালয় খনৰ প্ৰাথমিক শিক্ষক হনুমান প্ৰসাদ মীনা আৰু অৰুণ যাদৱৰ সহযোগত এক ফল-মূল উৎসৱৰ লগতে এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ৷ আনন্দ দায়ক শিক্ষাৰ অংশ হিচাপে আজি বিদ্যালয়খনৰ অভিভাৱকৰ জিৰণি কোঠাত অনুষ্ঠিত ফল-মূল উৎসৱ তথা প্ৰদৰ্শনী খন ফিটাকাটি মুকলি কৰে ।


তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ গুৰুপদ তালুকদাৰে ৷ আজিৰ ফলমূল উৎসৱ তথা প্ৰদৰ্শনীত থলুৱা মধুৰিয়াম, আম, অমিতা, আনাৰস, আপেল, আঙুৰ,নাচপতি,ডালিম,তৰমুজ, কল ,নাৰিকল আদি বিভিন্ন বতৰৰ ফলমূল আদিৰ প্ৰদৰ্শন কৰি সেইবোৰ ছাত্ৰ -ছাত্ৰীৰ মাজত চিনাকী কৰাই দিয়াৰ লগতে আমাৰ অঞ্চলত পোৱা পুষ্টিকৰ ফলমূল সমুহৰ উপকাৰিতা সম্পৰ্কে ছাত্ৰ- ছাত্ৰী সকলক বুজাই দিয়ে বিদ্যালয় খনৰ অধ্যক্ষ তথা সহ শিক্ষক সকলে ৷ বিদ্যালয় খনত অনুষ্ঠিত ফলমূল উৎসৱ তথা প্ৰদৰ্শনীয়ে ছাত্ৰ -ছাত্ৰী সকলক যথেষ্ঠ উৎসাহিত কৰা পৰিলক্ষিত হয় ৷

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপল চৌধুৰীৰ ব্ৰঞ্জৰ পদক অৰ্জন…

কলম্বিয়াৰ কেলিত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপল চৌধুৰীয়ে 51.85 ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠ সময়ৰ সৈতে মহিলাৰ 400 মিটাৰত ব্ৰঞ্জৰ পদক জিকিছে। চলিত ২০২২ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ ৰূপল চৌধুৰীয়ে তৃতীয় স্থান লাভ কৰিছে। তেওঁ মহিলাৰ ৪০০ মিটাৰ দৌৰৰ দৌৰত পদক লাভ কৰিছিল।

কলম্বিয়াত অনুষ্ঠিত বিশ্ব অনুৰ্ধ-20 এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপলে 51.85 ছেকেণ্ডত 400 মিটাৰত তৃতীয় স্থান লাভ কৰে। ৪০০ মিটাৰ দৌৰত ব্ৰিটেইনৰ মেৰী জনে স্বৰ্ণ আৰু কেনিয়াৰ ডামাৰিছ মুটুঙ্গাই ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে, ভাৰতে 4 এক্স 400 মিটাৰ মিশ্ৰিত ৰিলেত ৰূপৰ পদক জিকিছিল। ভাৰতীয় খেলুৱৈসকলে এছিয়ান অভিলেখ ভংগ কৰি এইটো অৰ্জন কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, কিৰণ ৰিজিজু, প্ৰহ্লাদ যোশী আৰু মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰূপল চৌধুৰীক তেওঁৰ কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। বৰ্তমান, আমেৰিকা যুক্তৰাজ্য 5 টা সোণ, 2 টা ৰূপৰ বিজ্ঞাপন 3 ব্ৰঞ্জৰ সৈতে 20 বছৰৰ তলৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ শীৰ্ষ স্থানত আছে। কেনিয়া দ্বিতীয় স্থানত আছে আৰু দক্ষিণ আফ্ৰিকা তালিকাৰ তৃতীয় স্থানত আছে।