Home Blog Page 2215

কাপোৰ নহয় ,চুলিৰে শৰীৰৰ সন্মুখভাগ ঢাকিলে উৰ্ফি জাভেদে……

উৰ্ফি জাভেদ বিগ বছ অ’টিটিৰ প্ৰথম চিজনৰ প্ৰতিযোগী। তেওঁক বিগ বছৰ মঞ্চৰ পৰা দৰ্শকৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। কিন্তু সেই সময়ত, অভিনেত্ৰীগৰাকীয়ে বিগ বছৰ মঞ্চৰ পৰা প্ৰভাৱ পেলাব নোৱাৰিলে। আজি, উৰ্ফি আৰু বিতৰ্ক ইজনে সিজনৰ সমাৰ্থক হৈ পৰিছে। তেওঁ যত থাকিব, বিতৰ্ক হ’ব। উৰ্ফি প্ৰায়ে তাইৰ অদ্ভুত পোছাকৰ বাবে নেটিজেনৰ চিকাৰ হয়। তেওঁ কোনো কাৰণত বা আন কাৰণত সংবাদ মাধ্যমত আছে। তেওঁ সংবাদ মাধ্যমত থাকিবলৈ যিমান পাৰে সকলো কৰিব পাৰে, এতিয়ালৈকে সকলোৰে বাবে এয়া স্পষ্ট।

শেহতীয়াকৈ, উৰ্ফিয়ে তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত নিজৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। এই ছবিবোৰ এই মুহূৰ্তত নেটত ভাইৰেল হৈ পৰিছে, নেটিজেনসকলৰ লগতে তেওঁৰ অগণন অনুৰাগীসকলৰ মাজত। ছবিখনত তাইৰ এই শেহতীয়া চেহেৰাটোৱে জালৰ মাজেৰে উত্তাপ বিয়পাই দিছে। ছবিখনত উৰ্ফিক নীলা-ডেনিমত দেখা গৈছে। তেওঁ শৰীৰৰ সন্মুখভাগ চুলিৰে ঢাকি ৰাখিছিল। অৱশ্যে, এইটো তাইৰ নিজৰ চুলি নাছিল, সেয়া স্পষ্ট। কিন্তু অভিনেত্ৰীগৰাকীৰ এই সাজ-সজ্জাত থকা চেহেৰাটোৱে তেওঁৰ অগণন অনুৰাগীসকলকো প্ৰভাৱিত কৰিছে। তেওঁ প্ৰয়োজনতকৈ এটা অতিৰিক্ত চেহেৰা ধৰিছে। ছবিখনত, তেওঁক মূৰত হাত দি আৰু কেতিয়াবা চুলিত হাত দি থিয় হৈ থকা দেখা গৈছে। এতিয়াৰ বাবে, তেওঁ তেওঁৰ চেহেৰাৰ বাবে অনুশীলন কৰি আছে।

উৰ্ফি জাভেদ আজি এগৰাকী অভিনেত্ৰী হিচাপে সামাজিক মাধ্যমৰ পৃষ্ঠাত অত্যন্ত সক্ৰিয়। কোৱাৰ প্ৰয়োজন নাই যে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে মানুহৰ মাজত এই বৃহৎ স্বীকৃতি লাভ কৰিছে। তেওঁ এই জালৰ জৰিয়তে তেওঁৰ অনুৰাগীসকলৰ সৈতে সংযোগ স্থাপন কৰি আহিছে। এইটো মন কৰিবলগীয়া যে অভিনেত্ৰীগৰাকীয়ে ভালদৰে জানে কেনেকৈ সংবাদ মাধ্যমৰ চকু নিজৰ ওপৰত ৰাখিব লাগে!

তেওঁ সংবাদ মাধ্যমত থাকিবলৈ প্ৰতিমুহূৰ্তত কিবা কৰি আছে। কোনে সেইকথা ভাবিছিল! কোনে কি কৈছিল! এয়াই অভিনেত্ৰীগৰাকীৰ যত্ন। তেওঁ নিজৰ জীৱনৰ গৰাকী। তেওঁ আন কাৰোবাৰ নিৰ্দেশত নিজৰ জীৱন চলাবলৈ অনিচ্ছুক। তেওঁ বৰ্তমান যুগত থিয় হৈ থকা নেটৱৰ্ল্ডৰ অন্যতম সংবেদন, ইয়াক কোনো সন্দেহ নকৰাকৈ ক’ব পাৰি।

আজি ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২সংখ্যক পুণ্যতিথি ….

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২সংখ্যক পুণ্যতিথি উপলক্ষে আজি নৱগ্ৰহস্থিত তেখেতৰ সমাধিস্থলত বৰেণ্য সত্তাগৰাকীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ ওচৰত অসম চিৰ ঋণী। তেখেতৰ নিৰ্ণায়ক ভূমিকাৰ বাবেই অসম ভাৰতৰ এক অপৰিহাৰ্য অংগ হিচাপে পৰিচিত হৈছিল। গ্ৰুপিং নীতিৰ বিৰুদ্ধে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰিলে অসম পূৰ্বৰ পূব পাকিস্তান আৰু এতিয়া বাংলাদেশৰ সৈতে সংযুক্ত হ’লহেঁতেন।

স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰা আমাৰ দেশৰ স্বাধীনতাতো তেখেতে এক মহৎ ভূমিকা পালন কৰিছিল। অসমৰ স্বকীয় পৰিচয় প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰীমৃগেন শৰণীয়া, উপ-পৌৰপতি শ্ৰীস্মিতা ৰায়, গোপীনাথ বৰদলৈদেৱৰ পুত্ৰ শ্ৰীবলিন বৰদলৈদেৱৰ লগতে আন ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

নৃত্য শিল্পী গৰিমা হাজৰিকাৰ মৃত্যুত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক প্রকাশ…

সংগীত নাটক একাডেমী বটাঁ বিজয়ী বিশিষ্ট নৃত্য শিল্পী গৰিমা হাজৰিকাৰ পৰলোক প্ৰাপ্তিত ৰাজ্যৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্রী বিমল বড়াই গভীৰ শোক প্রকাশ কৰিছে। এক শোক বার্তা যোগে মন্ত্রী বড়াই কয় যে সত্ৰীয়া আৰু ওড়িশি নৃত্যশিল্পী গৰাকীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

সত্ৰীয়াৰ লগতে অন্যান্য শাস্ত্ৰীয় নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত তেখেতে আগবঢ়াই যোৱা অৱদানৰ কথা সাংস্কৃতিক জগতখনে চিৰদিন মনত ৰাখিব। মন্ত্রী বড়াই শিল্পী গৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা প্রকাশ কৰিছে।

লাহৰীঘাটৰ কছাৰীবড়ীত ১৪ টা চুৰি বাইক সহ ৫ জনক আটক…

মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ অভিযানত যোৱা ৩ আৰু ৪ আগষ্টত লাহৰীঘাট থানাৰ অন্তৰ্গত বিভিন্ন ঠাইৰপৰা ১৪ টা চুৰি বাইক সহ ৫ জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ধৃত চুৰি বাইক সৰবৰাহ কাৰী ৫ জন ক্ৰমে ছাতিয়ানতলিৰ গেৰেজ মেকানিক ছাদ্দাম হুছেইন (২৪),দেৱাগুৰিৰ হৰজত আলী (২৬) , বোৱালগুৰিৰ হায়াৎ উল্লাহ (২০), দেৱাগুৰিৰ বাহাৰুল ইছলাম (২৮) আৰু ভেলুগুৰিৰ চৰিফ ইছলাম (১৮ )। আৰক্ষীয়ে জব্দ কৰা ১৪ টা বাইকৰ ভিতৰত অধিকাংশ বাইক নম্বৰপ্লেট বিহীন আছিল বুলি আৰক্ষীয়ে জনাইছে।

জব্দ কৰা ১৪ টা বাইকৰ আনুমানিক মূল্য প্ৰায় ৫ লাখ টকা হব অনুমান কৰা হৈছে। ধৃত ৫ টা বাইক চোৰৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে 304/22, U/S 379/411/34 IPC ধাৰাত গোচৰ ৰুজু কৰিছে।
লাহৰীঘাটৰ পৰা খাইৰুল ইছলাম

কমলপুৰত ৰ’য়েল কাৰাটে একাডেমীয়ে বৰ্ষপূৰ্তি পালন …

কমলপুৰত বৃহস্পতিবাৰে ৰ’য়েল কাৰাটে একাডেমীয়ে বৰ্ষপূৰ্তি পালন কৰে। একাডেমীৰ প্ৰশিক্ষক ইমদাদ আহমেদে প্ৰশিক্ষাৰ্থী আৰু অভিভাৱক সকলৰ উপস্থিতিত কেক কাটি পালন কৰে এবছৰীয়া বৰ্ণিল যাত্ৰা।

কমলপুৰৰ সভাকক্ষত অনুস্থিত হোৱা একাডেমীখনৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে নৃত্য, গীত ,কবিতাৰ লগতে আত্ম ৰক্ষাৰ কাৰিকৰি কৌশল প্ৰদৰ্শন কৰে। যোৱাবাৰ অনুস্থিত অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত ৰয়েল একাডেমীৰ ব্ৰঞ্জ পদক লাভ কৰা আলিয়া শ‌ইকীয়াক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

সভাপতি নজৰুল ইছলামে তেওঁৰ আদৰণি ভাষণত বহুতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আৰু ৰয়েল কাৰাটে একাডেমীৰ দীৰ্ঘায়ু কামনা কৰে।অনুষ্ঠানত উপসভাপতি পৰেশ চৌধুৰী আৰু কাৰ্য্যকৰী সভাপতি নুৰুল ইছলাম উপস্থিত থাকে।

মানিকপুৰত ভাৰতীয় ষ্টেট বেংকৰ শাখা মুকলি

বঙাইগাঁও জিলাৰ মানিকপুৰ মহকুমাত দীৰ্ঘদিন ধৰি SBI ৰ শাখা স্হাপন কৰাৰ দাবীৰ প্ৰতি সহাৰি জনাই বিভাগীয় কতৃপক্ষই শাখা মুকলি কৰাত স্হানীয় ৰাইজে সন্তষ্টি প্ৰকাশ কৰিছে ।বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে SBI ৰ শাখাৰ দ্বাৰ মুকলি কৰে আৰু বন্তি প্ৰজলন কৰে গুৱাহাটী ৰিজোনাল মেনেজাৰ সুবাকান্দা খানাংকাই ।

আনহাতে উদ্বোধনী ভাষণত বঙাইগাঁও ৰিজোনাল মেনেজাৰ গুৰুপদ হালদাৰে চাইবাৰ ক্ৰাইম চক্ৰটোৰ পৰা আতৰি থকাৰ আহ্বান জনায়। মাণিকপুৰ ৰাজহ চক্ৰৰ ৮৩ খন গাৱৰ লগতে বৰপেটা আৰু চিৰাং জিলাৰ বহুলোকে SBI ৰ সুবিধা লাভ কৰিব। অত্যাধুনিক সেৱাৰ সকলো সা -সুবিধা মানিকপুৰ বেংকত পাব। বেংকত প্ৰথম একাউন্ট খোলা, ফিক্স ডেপজিট কৰা লোকক সম্ভধনা জনায়।জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে ৮৩ খন গাৱৰ ৮৭ হাজাৰ লোকৰ মাজত SBI ৰ শাখা স্হাপন কৰাত ধন্যবাদ জনায় ।

বাৰ্মিংহামত কমনৱেলথ গেমচত দৌৰাৰ আগমুহূৰ্তত হিমা দাসৰ ঘৰৰ দৃশ্য এয়া…

বাৰ্মিংহামত কমনৱেলথ গেমচৰ ২০০ মি ইভেন্টত আজি হিমা দাসে ২৩•৪২ চেকেণ্ড সময়ত প্ৰথম স্থান অধিকাৰ কৰি কোৱালিফাই হয়। হিমা দাসে দৌৰাৰ আগমুহূৰ্তত হিমা দাসৰ এয়া ঘৰৰ দৃশ্য। হিমাৰ পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই উৎকণ্ঠাৰে দৃষ্টি নিক্ষেপ কৰিছে টিভিৰ পৰ্দাত।

হিমা প্ৰথম স্থানেৰে পৰৱৰ্তী ৰাউণ্ডত কোৱালিফাই হোৱাৰ লগে লগে হৰ্ষ উল্লাসেৰে এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। অসম তথা ভাৰতবাসীৰ আশীৰ্বাদৰ ফলতেই হিমাই আজি জয়ী হবলৈ সক্ষম হয় বুলি পিতৃ মাতৃয়ে সাংবাদিকৰ আগত মন্তব্য কৰে।

তামুলপুৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ত হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতামূলক সভা…

তামুলপুৰ জিলাৰ সদৰস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ত অধীক্ষক দুৰ্গা কিঙ্কৰ ভট্টাচাৰ্যৰ উদ্যোগত এখন হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়।

আজিৰ এই সভাখনত উদ্যোগ আৰু বাণিজ্য বিভাগৰ বিভিন্ন হিতাধিকাৰীসকলৰ উপস্থিতিত তেওঁলোকক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিঘৰ মানুহৰ ঘৰত জাতীয় পতাকাখন উৰুৱাবলৈ কোৱাৰ লগতে দৰিদ্ৰ লোকসকলক সামৰ্থ্য অনুযায়ী একোখনকৈ জাতীয় পতাকা উপহাৰ দিবলৈ অধীক্ষক গৰাকীয়ে আহ্বান জনাই কয় যে- যিহেতু আমি সকলো এইখন দেশৰ একো একোজন সু নাগৰিক গতিকে সেই দৰিদ্ৰ নিচলা লোকসকলেও নিজৰ গৌৰৱৰ জাতীয় পতাকাখন নিজৰ ঘৰত উৰুৱাই গৌৰৱান্বিত হব পৰাকৈ তেওঁলোকক সহায় কৰিব লাগে।

দুখনকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক শপত গ্ৰহণ কৰালে ৰাজ্যপাল জগদীশ মুখিয়ে…

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক প্ৰহ্লাদ আৰ যোশী আৰু অধ্যাপক জিতেন নাৰায়ণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে।শপত গ্ৰহণ কৰাই অসমৰ ৰাজ্যপাল জগদীশ মুখিয়ে।

দুয়োখন শৈক্ষিক প্ৰতিষ্ঠানক দেশৰ আকাংক্ষাৰ সৈতে সংগতি ৰাখি অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ নতুন প্ৰচেষ্টাৰ বাবে তেওঁলোক দুয়োকে শুভেচ্ছা জনাই অসমৰ ৰাজ্যপাল জগদীশ মুখিয়ে।

CWG ত মহিলাৰ শাখাৰ ২੦੦ মিটাৰ দৌৰ সাফল্যৰে ছেমিফাইনেলত প্ৰৱেশ অসম কন্যা হিমা দাস…

বাৰ্মিংহামত ২੦੦ মিটাৰৰ সাফল্যৰে ছেমিফাইনেলত প্ৰৱেশ অসম কন্যা হিমা দাস।

২੦੦ মিটাৰৰ দৌৰ ২৩.৪২ ছেকেণ্ডত সম্পূৰ্ণ কৰিলে হিমাই।